জেনেৰেল জেনকিঞ্চ: মিষ্টাৰ ৰবাৰ্টচনৰ পাচত, ১৮৩৪ খ্রীষ্টাব্দত

hazarikanikita465@gmail.com
8 Min Read

স্বৰ্গদেৱ পুৰন্দৰসিংহ : ১৮৩৩ খ্রীষ্টাব্দত শদিয়া আৰু মটক ৰাজ্যত বাজে, (১) চেৰাপুঞ্জিত মিঃ ডেভিড্ স্কট্ চাহাবৰ মৈদামৰ ওপৰত প্রোথিত স্মৃতিফলকত এইখিনি কথা লিখিত আছে:

“In memory of David Scott, Agent to the Governor General of the North-East Frontier of Bengal, and Commissioner of Revenue and cireuit in the Districts of Assam North-Eastern part of Rangpur, Sherpur and sylhet Died 20th August, 1831. aged 45 years 3 months. This Monument is erected by order of the Supreme Government as a public and lasting record of its consideration for the personal character of the deceased and at its estimation of the eminent services rendered by him in the administration of the extensive territory committed to his charge By his demise the Government has been deprived of a most zealous, able and intelligent servant whose loss it deeply laments, while his name will long be held in grateful remembrance and veneration by the native population. to whom he was justly endeared by his impartial disensation of justice, his kind and conciliatory manners and his constant and unwearied endeavours to promote their happiness and welfare”

উজনি অসম। অর্থাৎ এতিযাৰ শিৱসাগৰ আৰু লক্ষীমপুৰ এই দুখন জিলা, স্বর্গদের পুবন্দৰসিংহব দখল ও বখা হয়। সেই সময়ত এই ৰাজাখণ্ডৰ ৰাজহ অনুমান ১,২০,০০০ টকা ধৰা হৈছিল। সেই মর্ম্মে স্বর্গদেবে “ইষ্ট ইন্ডিয়া কোম্পানী”ৰ নিয়ম-প্রণালীমতে শাসন কবিবলে মাণ্ডি হৈ বৃটিচ গবর্ণমেণ্টৰ লগত সন্ধি কৰে। কিন্তু, বছৰচাৰেকৰ পাচত, স্বৰ্গদেৱে নিৰ্দ্ধাৰিত কৰ বছৰি ৫০,০০০ হাজাৰ টকা শোধাব নোৱাৰি ৰাজা এৰি দিয়াত, ১৮৩৮ খ্রীষ্টাব্দত সেই দুখন জিলাও নামনি অসমৰ লগত চামিল কৰি বৃটিচৰ খাচ দখললৈ পাৰ কৰা হয়। সিমানতে আহোম ৰাজত্ব সমুলঞ্চে অন্ত হয়।

জেনকিঞ্চ অসমৰ কমিচনাৰ আৰু গৱৰ্ণৰজেনেবেল এজেন্ট হৈ আহে। তেওঁ আহিয়েই বৃটিচ্ শাসনাধীনব অসম খণ্ড দবং, নগাওঁ, কামৰূপ আৰু গুৱালপাৰা এই চাৰিখন জিলাত বিভক্ত কৰে। জেনেৰেল জেল্কিঞ্চৰ আমোলতে, ১৮৩৬ খ্রীষ্টাব্দত, কাছাৰ জিলা বৃটিচ্ শাসনাধীনলৈ নিয়া হয়। চিলচৰত তাৰ সদৰ পাতি, সেই চনতে ঢাকাৰ কমিচনাৰৰ তলতীয়াকৈ তাত এজন ডেপুটী কমিচনাৰ ৰখাৰ নিয়ম কৰা হয়। সেই চনতে জয়ন্তাৰ শেহতীয়া ৰজা ৰামচিঙ্গব পুত্র বাজচিঙ্গক বজা ভাঙ্গি জয়ন্তা ৰাজ। সম্পূর্ণে বৃটিচ শাসনব তললৈ নিয়া হয়। তাৰপৰা বছৰদিয়েকৰ পাচত, ১৮৩৮ খ্রীষ্টাব্দত, পুৰন্দৰসিংহ স্বৰ্গদেৱে পূৰ্বব বন্দবস্তুমতে কৰ শোধাবলৈ অপাৰগ হৈ এৰি দিয়াত, আহোম স্বৰ্গদেৱৰ ৰাজত্বৰ অন্ত পেলাই, উজনি অসমকো বৃটিচ গৱৰ্ণমেণ্টৰ খাচ দখলত ভুক্ত কৰা হয় আৰু আহোম বাজ পৰিয়ালক ‘পেনচন’ দিয়াৰ নিয়ম বন্ধা হয়। চাৰ এডোবার্ড গেইটে তেওঁৰ অসম বুৰঞ্জীৰ টীকাত লিখিছে যে ১৮৫৩ খ্রীষ্টাব্দত

In his report to Government Mr Robertson wrote as follows regarding Purandar Singh’s qualifications. “I have had several interviews with Purandar at Gauhati and see no reason. from his outward appearance and manners. to doubt his fitness for the dignity, for which all units in preferring him to his only rival Chandrakants Purandar Singhs is a young man. apparently about 25 years of age His countenance is pleasing and his manners extremely good His natural abilities seem respectable and his disposition mild and pacific ***Major White and Lieutenants Matie and Rutherford are all decidedly in opinion that Purandar Singha is the person best fitted to be at th chead of the State which it has been decided to create” Political proceedings of the Government of Bengal, dated 4th February 1888. Nos 123 1 quoted by Sir I dward Gait in his “History of Assam” Page 296-197

অনুসন্ধান লওঁতে, আহোম ৰাজবংশী মানুহক মাহে ১২০০০ টকা পেন্‌চন্ দিয়াৰ হিচাপ পোৱা গৈছিল। এইদৰেই, ১৮৪২-৪৩ খ্রীষ্টাব্দত, শদিয়াখোৱাগোহাঞি আৰু বৰসেনাপতিৰ বংশধৰসকলৰ ৰাজ্যও বৃটিচ গৱৰ্ণমেণ্টৰ খাচ দখলৰ ভিতৰ কৰা হয়। তাৰ পাচত, গবর্ণমেন্টে বৰসেনাপতিৰ পৰিয়ালক বছৰি ৭০০০ সাত হাজাৰ টকা পেন্‌চন্ দিবলৈ নিয়ম ধাৰ্য্য কৰে, আৰু উত্তৰ লক্ষীমপুৰৰপৰা সদৰ তুলি নি মটকৰ ৰাজধানী ডিব্ৰুগড়ত পাতে। খাস্তিবিলাকে পলিটিকেল এজেন্ট কর্ণেল হোৱাইটক বধ কৰাৰ অপৰাধত, সিবিলাকক ঠানঠান্ কৰি, এভাগ নাৰায়ণপুৰত আৰু এভাগ শদিয়াৰ ওপৰে মিচিপি পৰ্বতৰ নামনিত থিতাপিত কৰা হয়। ১৮৪৪ খ্রীষ্টাব্দত, নকুলৰাম বৰ্ম্মণ আৰু ব্রজনাথ বৰ্ম্মণ নামেৰে দুই পুতেকক কছাৰী ৰাজ্য ভগাই দিয়াৰ পাচত, তুলাৰাম সেনাপতিৰ পৰলোক হয়। পিচে, সেনাপতিৰ লোকান্তৰৰ পাচত, তেওঁৰ দুই পুতেকৰ ভিতৰত কন্দল লাগি ৰাজ্যত অশান্তি বাঢ়িবলৈ ধৰাৰ ছেগতে কর্ণেল জেনকিঞ্চে, ১৮৫৪ খ্রীষ্টাব্দত কছাৰী ৰাজ্যৰ তুলাৰাম সেনাপতিৰ অংশও বৃটিচৰ খাচ্ দখলৰ ভিতৰ কৰি উত্তৰ কাছাৰৰ লগত চামিল কৰে, আৰু সেনাপতিৰ উত্তৰাধিকাৰীক তাৰ জমিদাৰ পতা হয়। এইদৰেই, কর্ণেল জেল্কিঞ্চৰ আমোলত গোটেই অসম প্রদেশ বৃটিচ গৱৰ্ণমেণ্টৰ খাচ দখলত ভুক্ত হয়।

মণিৰাম দেৱানৰ ফাঁচি

অসমত বৃটিচ গৱৰ্ণমেণ্টৰ আদিছোৱাত মণিৰাম দত্ত বৰুৱা চাৰিং ৰজাৰ দেৱান আছিল। চাৰিং ৰজা নাবালক গতিকে, মণিৰাম দেৱানেই তেওঁৰ ৰাজ্যখণ্ড বা জমিদাৰীৰ অধ্যক্ষৰ কাম চলাইছিল। পিচে, ১৮৫৭খ্রীষ্টাব্দৰ শেহছোৱাত, ডিব্ৰুগড়ত থকা বৃটিচ্ ৰেজিমেণ্টৰ চিপাহীবিলাকে চাহাবাদৰপৰা কিবা বাতৰি এটা পাই হঠাৎ জঁকি উঠিল, আৰু তলে তলে সিহঁতে চাৰিং ৰজাৰ লগত যোগ হৈ বিদ্রোহ ঘটাবলৈ ষড়যন্ত্ৰ কৰিলে। সেই সময়ত মণিৰাম দেৱান কলিকতাত আছিল। সেইছেগতে, চিপাহীৰ ষড়যন্ত্ৰৰ জনাজাত হোৱাত, ইফালে চাৰিং ৰজাক বন্দী কবি, সিফালে মণিৰাম দেৱানক বন্দী কৰোৱা হয়। ‘খানাতালাচ’ত, চাৰিং ৰজাৰ ঘৰত, সেই ষড়যন্ত্রত যোগ দিয়া বিষয়ক, মণিৰামৰ কিছুমান গুপ্তপত্র (২) পোৱা যায়। সেই অপৰাধত কলিকতাৰ পৰা ধৰাই আনি, যোৰহাটত মণিৰাম

(১) উজনি অসমত আজিকোপতি মণিৰাম দেৱানৰ নাম বিহুনাম আৰু যোজনাদিত ব্যবহৃত আছে। যেনে, “রূপৰ ধোৱাঁখোৱাত খালি ঐ মণিৰাম, সোণৰ ধোৱাঁখোৱাত খালি, কোম্পানীৰ যন্দ্ন্দত ফাঁচিলে উঠি কাললৈ খিয়াতি থলি।”

(২) মণিৰাম দেৱানৰ হাতত খনচাৰেক অদৃশ্য আখৰেৰে লিখা পত্রও সেই গুপ্তপত্ৰৰ নূৰাত পোৱা গৈছিল। সেই পত্ৰবোৰ কেঁচুব বসেবে লিখা, দিনৰ পোহৰত অদৃশ্য, বাতিৰ আন্ধাৰত আখৰবোৰ সোণালী আখৰৰ দৰে জিলিকে। শুনা যায়, সদৌশেহত, বিচাৰত মণিৰাম দেৱানক, খ্রীঃ ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফাঁচি দিয়া হয়। মণিৰাম দেৱানেই বঙ্গদেশৰ ‘দত্ত’ উপাধি পোন-প্রথমে অসমত উলিয়ায়হি, আজিকালি অসমৰ কায়স্থ-কলিতা ভদ্রলোকে সেই উপাধি গৌৰৱেৰে ব্যৱহাৰ কৰে।

কর্ণেল হস্কিনচন

জেনেৰেল জেনিকঞ্চ চাহাবৰ পাচত, খ্রীঃ ১৮৬১ চনত, কর্ণেল হস্কিনচন চাহাব অসমৰ কমিচনাৰ নিযুক্ত হৈ আহে। তেওঁৰ শাসনৰ কালত, খ্রীঃ ১৮৬৪-৬৫ চনত, ভোটান ৰজাই ইংৰাজৰ কটকী মেজৰ এডেন চাহাবক অপমান কৰাৰ বাবে, ভোটান ৰাজ্য আক্ৰমণ কৰা হয়। যুদ্ধত ভুটীয়াবিলাক ঘাটিলত, দেৱানগিৰি নামেৰে ভোটান ৰাজ্যৰ নামনি খণ্ড বৃটিচ ৰাজ্যৰ লগত চামিল কৰা হয়। এইখন যুদ্ধৰপৰাই অসমত, ১৮৬৬ খ্ৰীষ্টাব্দৰপৰা টেলিগ্রাফ বা বিজুলী ডাকৰ সৃষ্টি হয়, আৰু সেই সময়ত গৱৰ্ণমেণ্টৰ প্রায় ৮০, ৫০, ০০০ টকা ভগন হয়। সেইবোৰ ভগনৰ যোগান দিবৰ অৰ্থে, দেশত ৰাজহৰ নিৰিখ বঢ়াবলগীয়া হোৱাত, কর্ণেল হস্কিনচন চাহাবৰ দিনৰপৰা অসমত ৰাজহৰ নিৰিখ চৰিবলৈ আৰম্ভ হয়। তেওঁৰ শাসনৰ কালতে, খ্রীঃ ১৮৭১ চনৰপৰা, অসম আৰু বঙ্গদেশৰ গৰাকী, দুৱলীয়া লাট চাৰ জৰ্জ্জ কেম্বেল চাহাব বাহাদুৰে অসমৰ পঢ়াশালি আৰু আদালতৰপৰা বঙ্গভাষা গুচাই, তাৰ ঠাইত আকৌ অসমীয়া ভাষা চলাবলৈ নিয়ম কৰে। সেই বাবে অসমীয়া শিক্ষিত সমাজত তেওঁৰ নামৰ বিশেষ খ্যাতি আছে।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *