কোঁচ বংশৰ সম্পূৰ্ণ ইতিহাস | বিশ্বসিংহৰ পৰা চিলাৰায়লৈ

Ahim saikia
14 Min Read

কোঁচ-জাতি কামৰূপৰ আদি অধিবাসী মানুহ। ইবিলাকৰ আঁতিগুৰি বদোবংশী মেছ বা কছাৰী জাতিৰপৰা ওলাইছে। এই বংশী মানুহ গোটেই অসমত ব্যাপৃত হোৱাৰ পাচৰপৰা, ‘কোঁচ’ শব্দটো উজনি আৰু নামনি অসমত দুই ভাবে ব্যৱহৃত হয়। উজনিৰ কোঁচবিলাকে ইয়াক হিন্দুৰ এটা জাত বা কুলৰ নাম বুলি ধৰে, আৰু নামনিৰ বিলাকে এইটো বংশৰ নাম বুলিহে ধৰে। স্বৰূপত, নামনিৰ বিলাকৰ মত হে শুদ্ধ। চাৰ এডোবার্ড গেইটৰ মতে, উজনি অসমৰ কোঁচবিলাক হিন্দু হোৱাৰ পাচত, কছাৰী, লালুং, মিকিৰ প্ৰভৃতি জাতিৰ মানুহে হিন্দু হৈ কোঁচৰ শ্ৰেণীত সোমাই তাৰ সংখ্যা বৃদ্ধি কৰিলে । কিন্তু, সেই একে বংশৰপৰা উদ্ভৱ হোৱা নামনিৰ কোঁচবিলাকে আকৌ কোঁচ বোলাবলৈ বেয়াহে পায়, সিবিলাকে ‘ৰাজবংশী’ বুলিহে চিনাকি দিয়ে। এতিয়া যদিও চিন্ মৰি আহিছে, তথাপি কোঁচবিলাকৰ নিজৰ ভাষা আছিল, আৰু আহোমৰ আৰ্হিৰে সিবিলাকেও বুৰঞ্জী লিখাৰ নিয়ম ৰাখিছিল। কিন্তু চাৰ গেইটৰ মতে কোঁচ-বুৰঞ্জী অতিৰঞ্জিত, আৰু তাৰপৰা আহোমৰ বুৰঞ্জীৰ নিচিনাকৈ প্রকৃত ঘটনাৰ স্বৰূপ তথ্য পাব নোৱাৰি।

বিশ্বসিংহ দিন

জীতাৰি-বংশী ৰজা ক্ৰমাৎ দুর্ব্বল হৈ পৰাত, বাৰভূঞাবিলাকে যেতিয়া ঠায়ে ঠায়ে ৰাজ্য শাসন কৰিছিল তেতিয়া ‘হাজো’ নামেৰে মেছ বা কোঁচবংশী এজন শাসনকর্ত্তায়ো কামৰূপৰ এক অংশত এখন সৰু ৰাজ্য চলাইছিল। হাজোৰ হীৰা আৰু জীৰা নামেৰে দুগৰাকী জীয়েক আছিল। তেওঁ দুয়ো জীয়েকলৈ দম্বাম্বু মেছৰ পুতেক হৰিয়ামণ্ডল নামেৰে এজন মেছবংশী মানুহ চপাই লয়। কালত হৰিয়া মেছৰপৰা হীৰা আৰু জীৰাৰ ক্ৰমে বিশু আৰু শিশু নামে দুটি পুত্র লাভ হয়। এনে প্রবাদো আছে যে এই পুত্ৰ দুটি সদাশিৱৰ বৰ অনুসৰি লাভ কৰাৰ কাৰণে, ইবিলাকত নিচেই সৰুৰেপৰা বৰ ভাগ্যৱন্তৰ লক্ষণ দেখা গৈছিল, সেই আপাহতে ইবিলাকৰ বংশক শিৱবংশী বুলি জনা যায়। বিশু সৰুতে এটা সামান্য গৰখীয়া ল’ৰা (১) আছিল। তেওঁ ডাঙ্গৰ হলত, খ্ৰীঃ ১৪৮৫ চনত, মাতামহ হাজোৰ ৰাজ্যত বজা হৈ নিজৰ পৰাক্ৰমেৰে ফুলগুৰি, বেজিনী, প্রভৃতি ঠাইৰ ভূঞাবিলাকক তলতীয়া কৰি তেওঁৰ ৰাজ্য ক্ৰমাৎ বহলাবলৈ ধৰিলে। চাৰু ভূঞাৰে সৈতে যুদ্ধত বিশু এবাৰ ঘাটিছিল, কিন্তু অলপ দিনৰ পাচতে তেওঁ পুনঃ আক্ৰমণ কৰি চাৰু ভূঞাক যুদ্ধত ঘটাই বধ কৰে, আৰু চাৰু ভূঞাৰ শাসনত থকা সমুদায় ৰাজ্য নিজৰ দখললৈ আনে। এইদৰে বিশুৰ ৰাজ্য পূবে বৰনদীৰপৰা পছিমে কৰতোয়ালৈকে বহল হ’ল। ইয়াৰ পাচতো তেওঁ নিজৰ ৰাজ্য ক্ৰমাৎ বহলাবলৈ ধৰিলে। সদৌশেহত, খ্রীঃ ১৪৯৭ চনত, তেওঁ হিন্দুধৰ্ম্ম আৰু হিন্দুৰ সকলো নিয়ম-কাৰণ গ্রহণ কৰি, বিশ্বসিংহ (২) নাম লৈ, নিজক প্রবল প্রতাপী ৰজাৰূপে

বিশুৰ ৰাজলক্ষণ- পাচে গৰু চাৰি ফুৰে। কতো দিন বনৰ কোখত শুই থাকে। তাতে গোম্ সাপে ফেট তুলি ছাঁয়া কৰি আছে। তাকে গৰখীয়াসকলে দেখি মাক-বাপেকৰ আগত ক’লে, ‘আজি বিশুক সাপে খাব খুজিলে’। পাচে মণ্ডলে বোলে, ‘তঞি বনৰ কোখত নুশুবি, কোনবা দিনা সাপে খাব’। তথাচো দিনে দিনে বনৰ কোখত শোএ, দিনৌ সাপে ফেঁট তুলি ছাঁয়া কৰি থাকে। পাচে বাপেকেও চাই দেখিলে, সেই হয়। পাচে বিস্ময় মানি সেইমতে বহিল। পাচে সকল গৰখীয়ায়ে বৰগৰখীয়া পাতিলেক, কাকো বৰুৱা, কাকো সেনাপতি পাতিলে। তাতে গোচৰীয়া পদকীয়া হ’ল। ঘাটি পালে দণ্ড কবে। এইমতে দিন গোট থাকে। গধূলি হলে গৰু লৈ ঘৰলৈ যায়। প্রভাতে আহি গৰখীয়া ঢাপত বহি থাকে। পাচে গঞাও গোচৰ কৰিব ধৰিলে। মানুহ যি পদকীয়াকো আনি সোধ-পোছ কৰে, ঘাটি পালে দণ্ড কৰে। পাচে বৰগৰখীয়া নাম গুচি গৰখীয়া বজা নাম ললে। চাৱাৰ খাণ্ডা, কাষ্ঠৰ বাৰু ললে, লোহা নাইকাকৈ কাণ্ড-ধনু ললে, ওচৰ-পাজৰৰ গৰখীয়াও লগ ললে।

বিশ্বসিংহৰ ৰাজ্যলাভ পাচে এইরূপে কতো দিন গলত গাওঁ মাৰিব ধৰিলে। দুই-একখান মাৰিলত, পাচে আনো গঞাও মিলিল। এই কথা সৰুভূঞাও শুনিলে। সৰুভূঞা একজন মানুহ পাচিলে, ‘মোৰ গাওঁ-ভূঞি কিয় মাৰে? মোৰ ঠাইক আহোঁক’। পাচে নগ’ল। সি মানুহকো কিলাই খেদি বোলে, ‘ভূঞাও আহোঁক, নাহে যদি ৰণ দিওঁক’। এই কথা সৰুভূঞা শুনি মানুহ লৈয়া যুদ্ধক সাজি গ’ল, ঢাল-তৰোৱাল, কাণ্ড-ধনু লৈই যুঁজে। গৰখীয়া ৰাজ্যও চাৱাৰ খাণ্ডা, কাঠৰ বাৰু লৈ খুঁজে। পাচে ভূঞাক মাৰিলে। ঠাট, কণ্টক, হাঠীয়াৰ, আহিলাপাতি সকলে পালে। সবাকে লৈই ঘৰলৈ গ’ল। পাচে সবে মিলি ‘বিশ্বসিংহ’ নাম দি ৰজা পাতি থলে। ইতি শক ১৪৪৯। লগৰ ১২ ঘৰ মেছৰ বাৰ গৰখীয়াক কাৰ্জি পাতিলেক। ভখুৰা কাৰ্জি ১. পাৰো কাৰ্জি ১. নিচিলা কাৰ্জি ১, চুৰছাল কাৰ্জি ১, সত্যনন্দ কার্জি ১, মেঘা কার্জি ১. পূন্ডা কার্জি ১. ভোলা কার্জি ১, বিৰু কার্জি ১, খড়ানন কার্জি ১, হবিচন্দ্ৰ কার্জি ১. বিপুঞ্জয় কার্জি “দেওধাই অসম বুৰঞ্জী”ৰ অন্তৰ্গত ১. এই বাৰ ঘৰ কার্জি হ’ল। এইমতে বাজা হ’ল। চিনাকি দিয়ে। তাৰ পাচত, কোচবিহাৰত তেওঁ নতুনকৈ এখন সুন্দৰ ৰাজধানী নির্মাণ কৰালে, আৰু ভায়েক শিশুক শিবসিংহ নাম দি যুবরাজ পাতিলে। বিশ্বসিংহ বজাৰ দিনতে, ২০ টা পাইকৰ ওপৰত ঠাকুৰীয়া, ১০০ টাৰ ওপৰত শইকীয়া, ১০০০ টার ওপৰত হাজাবি, ৩০০০ টাৰ ওপৰত উম্ৰা আৰু ৩৬০০ টাৰ ওপৰত নৰাৰ খিতাপ দি, ৰজাঘৰীয়া বিষয়া পতাৰ নিয়ম চলিত হয়। বিশ্বসিংহ বৰ শিবভক্ত বজা আছিল।

শিৱপূজা আৰু কামাখ্যাপূজাব শ্রীবৃদ্ধিব অর্থে তেওঁ বৰ পুৰুষাৰ্থ কৰিছিল। তেওঁ কনৌজ, কাশী প্রভৃতি ঠাইৰপৰা ভালেমান সজ ব্রাহ্মহ্মণ অনাই নিজৰ ৰাজ্যত থিতাপিত কৰাইছিল। বিশ্বসিংহই ১৮ গৰাকী মহিষী বিয়া কৰায়, আৰু প্রত্যেক মহিষীৰপৰা এজনকৈ ১৮ জন পুত্র লাভ কৰে। সেই ১৮ জনৰ ভিতৰত নৰসিংহ, মল্লদের, শুক্লধ্বজ আৰু গোহাঁই কমলা এই কেইজন প্রধান। বিশ্বসিংহই ৪৯ বছৰ সুখ-শান্তি-সুখ্যাতিৰে বাজত্ব কৰে, আৰু এই নিয়মে পুতেকসকলৰ মাজত যোগ্যতা অনুসৰি বাজকাৰ্য্য ভগাই দি তেওঁ স্বর্গী হয়, যেনে- নৰসিংহক বিদেশত দখল কৰা ৰাজ্যৰ ৰজা পতা হয়, মল্লদের আৰু শুক্লধ্বজক স্বদেশৰ বাজ্য শাসনৰ ভাৰ দিয়া হয়, গোহাঁই কমলাক আলি, পুখুৰী, মন্দিৰ আদি নিৰ্ম্মাণ কৰি পৱিত্ৰ গৌৰৱ লাভ কৰিবলৈ আদেশ-উপদেশ দিয়া হয়, আৰু বাকী কেইজনকো যোগ্যতা অনুসৰি আন আন কাৰ্য্যৰ ভাৰ দিয়া হয়। বিশ্বসিংহ ৰজাই আহোম স্বৰ্গদেৱ চুহানফাৰ ৰাজত্বৰ কালত, উজনিত এবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিলগৈ, কিন্তু আহোম ৰজাক যুদ্ধত ঘটাব নোৱাৰি, তেওঁ কথম্পি মনে-মনে সাৰি উলটি আহিল। ১৫৪০ খ্রীষ্টাব্দত বিশ্বসিংহ স্বর্গী হয়।

মুছলমানৰ ৫ম আৰু ৬ষ্ঠ আক্রমণ

নামনি কামৰূপত, বিশ্বসিংহ ৰজাৰ আমোলত, অসমদেশ মুছলমানে ১৫২৭ আৰু ১৫৩২ খ্রীষ্টাব্দত ৫ম আৰু ৬ষ্ঠ বাৰ আক্রমণ কৰেহি। সেই দুই আক্রমণে কোঁচ ৰজাসকলক পোৱা নাছিল, তাৰ কোব উজনিত আহোম ৰজাৰ ওপৰতহে পৰিছিল। সেই কাৰণে সেই দুই আক্ৰমণৰ কথা আহোম ৰাজত্বৰ লগতহে বহলাই কোৱা গৈছে।

নৰনাৰায়ণ দিন

বিশ্বসিংহৰ লোকান্তৰৰ সময়ত, মন্ত্রীসকলৰ উপদেশমতে, মল্লদের আৰু শুক্লধ্বজে কিছুকাল কাশীত ব্রহ্মানন্দ নামেৰে এজন সাধক তপস্বী পণ্ডিতৰ ওচৰত শাস্ত্রাদি অধ্যয়ন কৰিছিলগৈ। ইফালে সিবিলাকৰ অনুপস্থিতিত, ছেগ বুজি, ককায়েক নৰসিংহই পিতৃ-সিংহাসন অধিকাৰ কৰে। সেই বাতৰি পোৱা মাত্রকে মল্লদের আৰু শুক্লধ্বজে নিজৰ বাজধানীলৈ উলটি আহি নৰসিংহবে সৈতে যুদ্ধ পাতিলে। নৰসিংহ যুদ্ধত খাটি মবাংদেশলৈ পলাই যায়। মল্লদের আৰু শুক্লধ্বজে তালৈকে তেওঁক খেদি গৈ, সেই দেশৰ বজাৰে সৈতেও যুদ্ধ পাতিলে। মবাংদেশ বজা যুদ্ধত ঘাটিলত, নৰসিংহ নেপালৰ ৰজাৰ শৰণাগত হয়গৈ। নেপালৰ বজাও মল্লদের আৰু শুক্লধ্বজৰ হাতত পৰাজিত হোৱাত, নৰসিংহ তাৰপৰা কাশ্মীৰ দেশলৈ পলাই যায়। মল্লদের আৰু শুক্লধ্বজে সিমানতে নৰসিংহৰ পিচ এবি, নিজৰ বাজালৈ প্রত্যাগমন কৰে। নৰসিংহক খেদি থৈ আহি মল্লদের, নৰনাৰায়ণ নাম লৈ, খ্রীঃ ১৫৩৪ চনত কোঁচ-ৰাজপাটত উঠি বজা হ’ল, আৰু ভায়েক শুক্লধ্বজক চিলাৰায় নাম দি যুৱৰাজ পাতিলে। নৰনাৰায়ণে বাজকাৰ্য্য হাতত লৈয়েই পিতৃৰাজ্য বহলাবলৈ মন মেলিলে। তেওঁ পোন-প্রথমে পিতৃবৈৰী আহোম ৰজাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ আয়োজন কৰিলে। সেই অর্থে, তেওঁ ভায়েক গোহাঁইকমলাৰ হতুৱাই এবছৰৰ ভিতৰত নিজৰ বাজধানীৰপৰা পৰশুকুঠাৰলৈকে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে এটা বৰ বহল-দীঘল আলি বন্ধালে। সেই আলিৰ কোনো কোনো ছোৱা এতিয়াও উত্তৰ গুৱাহাটী, মঙ্গলদৈ আৰু উত্তৰ লক্ষীমপুৰত দেখিবলৈ পোৱা যায়। তাৰে উত্তৰ গুৱাহাটী আৰু মঙ্গলদৈৰ মাজৰ ছোৱা ছিগা-আলি আজিকোপতি “গোহাঁইকমলা আলি” বুলি জনাজাত। সেই সময়ত আহোম ৰাজপাটত স্বর্গদেবে চুক্লম্মু বা খোবা-বজা আছিল। খ্রীঃ ১৫৪৬ চনত আহোম ৰজা আৰু কোঁচ ৰজাৰ মাজত দিকৰাই নৈৰ পাৰত, এখন ঘোৰতৰ যুদ্ধ হয়। যুদ্ধত আহোম বজা ঘাটিলত, তেওঁ নিজৰ জীয়ৰী এগৰাকীক নৰনাৰায়ণ বজালৈ বিয়া দি, তেওঁৰে সৈতে বৈবাহিক সূত্ৰেৰে মিতিৰ বান্ধে। সেই সম্প্রীতি সন্ধিস্থাপন অনুসৰি, কোঁচ ৰজাৰ নিজৰ বাজালৈ উলটি আহিল।

যুৱৰাজ চিলাৰায়

যুৱৰাজ শুক্লধ্বজ বা চিলাৰায় এজন বৰ বাহুবলী আৰু যুদ্ধবিদ্যাত পৈণত পুৰুষ আছিল। তেওঁৰ বাহুবলেই নৰনাৰায়ণ ৰজাৰ বহল ৰাজ্যৰ মূলশক্তি আছিল। আহোম ৰজাৰে সৈতে মিত্ৰতা কৰাৰ পাচত, চিলাৰায়ক হিডিম্বেশ্বৰব বাজা আক্রমণ কৰিবলৈ পঠিওৱা হয়। চিলাৰায়ে নিজ পৰাক্ৰমেৰে হিডিম্বা বা ডিমাপুৰৰ কছাৰী ৰজাক যুদ্ধত ঘটাই, ককায়েক নৰনাৰায়ণ ৰজাৰ তলতীয়া কৰে। কছাৰী বজাই যুদ্ধত ঘাটি, বছৰি ৭০০০০ টকা ৰূপ, ১০০০ সোণৰ মোহৰ, আৰু ৬০ টা হাতী কৰ শোধাবলৈ মান্তি হৈ, নিজক কোঁচ ৰজাৰ শৰণীয়া বজা বুলি স্বীকাৰ কৰে। তাৰ পাচত কোঁচ ৰজাই যুদ্ধ আহ্বান কৰি, মণিপুৰী ৰজাৰ ওচৰলৈ কটকী পাঁচিলে। মণিপুৰৰ ৰজাই সেনাপতি চিলাৰাযৰ বাহুবলৰ সম্ভেদ পাই, যুদ্ধ নপতাকৈয়ে ২০০০০ টকা ৰূপ, ১০০০ সোণৰ মোহৰ, আৰু ১৪ টা ভাল ভাল হাতীৰে সৈতে পেচকচ পঠিয়াই নৰনাৰায়ণ বজাৰ লগত সন্ধি কৰিলে। সেই সন্ধি স্থাপন হোৱাৰ পাচত, চিলাৰায়ে জয়ন্তীয়া ৰাজা আক্ৰমণ কৰি, তাৰ ৰজাক নিজ হাতে কৰে। তাৰ পাচত কোঁচ-ৰজা নৰনাৰায়ণে সেই ৰজাৰ পুতেকক পিতৃ-সিংহাসনত তুলি তেওঁৰ কৰতলীয়া বজা পাতিলে। তাৰপৰা গৈ, চিলাৰায়ে ত্ৰিপুৰাৰ ৰজাৰে সৈতে যুদ্ধ পাতে, আৰু তাৰ ৰজাক ৰণত হৰুৱাই, জয়ন্তীয়া ৰজাৰ দৰে, নিজ হাতে বধ কৰে। পিচে, সেই ৰজাৰ ভায়েকক ১০০০০ টকা ৰূপ, ১০০ সোণৰ মোহৰ আৰু ৩০ টা ৰণুৱা ঘোঁৰা বছৰি কৰ শোধাবলৈ মাস্তি কৰাই, কোঁচ-ৰজাই তেওঁক নিজৰ তলতীয়া ৰজা পাতি থলে। সেই সময়তে, জয়ন্তাৰ অন্তৰ্গত খৈৰাম ৰাজ্যৰ ৰজা বীৰ্য্যৱন্তই সেনাপতি চিলাৰায়ৰ বাহুবলত নৰনাৰায়ণ ৰজাৰ প্ৰৱল প্ৰতাপৰ সম্ভেদ পাই, যুদ্ধ পাতিবলৈ নৌ পাওঁতেই, বছৰি ১৫০০০০ টকা ৰূপ, ৯০০ সোণৰ মোহৰ, ৫০ টা ঘোঁৰা, ৩০ টা হাতীৰে সৈতে পেঙ্কচ্ শোধাবলৈ গাত লৈ, নিজক কোঁচ ৰজাৰ কৰ-কাটলীয়া ৰজা বুলি স্বীকাৰ কৰিলে। সেই সন্ধি হৈ যোৱাৰ পাচত, চিলাৰায়ে ডিমূৰীয়া ৰাজ্য আক্ৰমণ কৰি তাৰ ৰজাক বন্দী কৰি আনে, নৰনাৰায়ণ ৰজাই তেওঁৰ পৰা ৭০০০০ টকা ৰূপ লৈ তেওঁক শৰণীয়া ৰজা পাতি এবি দিয়ে। সেই সময়ত শ্রীহট্টৰ ৰজা বৰ পৰাক্ৰমী বুলি প্রখ্যাত আছিল। নৰনাৰায়ণ ৰজাই তেওঁকো তলতীয়া ৰজা পাতিবৰ মনেৰে তেওঁৰ ওচৰলৈ কটকী পাঁচিলে। পিচে, শ্রীহট্টৰ ৰজাই কোঁচ-ৰজাৰ সন্ধি প্রস্তাৱ সদর্পে দলিয়াই পেলোৱাত, নৰনাৰায়ণে যুৱৰাজ চিলাৰায়ক এজাক তেজী সেনা যুগুত কৰি দি, শ্রীহট্ট ৰাজ্য আক্ৰমণ কৰিবলৈ পঠিয়ায়। শ্রীহট্টৰ ৰজায়ো সিফালে বিপুল আয়োজনেৰে সৈন্য-সামন্ত যুগুতকৈ লৈ সাজু হৈ আছিল। দুয়ো পক্ষৰ মাজত ঘোৰতৰ যুদ্ধ আৰম্ভ হ’ল। দহদিন একেৰাহে যুদ্ধ চলিবই লাগিছে, অসংখ্য সৈন্য নিপাত হৈছে, কিন্তু কোনো পক্ষৰ জয় হোৱা নাই। মহাতেজী বীৰবাহু চিলাৰায়ৰ পক্ষে ই অতিকৈ অসহনীয় হৈ উঠিল। তেওঁৰ বীৰতেজ ববলৈ ধৰিলে, বণমদত উন্মত্ত হৈ চিলাৰায় চিলাউৰাদি উৰি খোলা তৰোৱালেৰে শত্ৰুৰ মাজত সোমালগৈ। চিলাৰায়ৰ অসাধাৰণ বীৰতেজ দেখি শত্রুপক্ষ স্তম্ভিত হ’ল, চকুৰ পচাৰতে তেওঁ ভালেমান সেনা-সেনাপতিক বধ কৰি, সদৌশেহত শ্রীহট্টৰ ৰজাক নিজ হাতৰ অস্ত্ৰেৰে খণ্ড খণ্ড কৰি বধিলে। যুদ্ধৰ সামৰণত, শ্রীহট্টৰ ৰজাৰ ভায়েক অসিৰায়ে চিলাৰায়ৰ লগতে নৰনাৰায়ণৰ ৰাজসভালৈ আহি কোঁচ ৰজাৰ শৰণাগত হ’ল। কোঁচ-ৰজাক তেওঁ বছৰি ২০০ টা ঘোঁৰা, ১০০ টা হাতী, ৩০০০০০০ টকা ৰূপ, ১০০০ সোণৰ মোহৰেৰে পেচ্‌কচ্ শোধাবলৈ মান্তি হোৱাত, নৰনাৰায়ণে অসিৰায়ক ককায়েকৰ ৰাজ্যতে এজন শৰণীয়া ৰজা পাতিলে। খ্রীঃ ১৫৩৬ চনত, চিলাৰায়ে পুনৰপি আহোম ৰাজ্য আক্রমণ কৰেহি। আগৰ বাৰৰ সন্ধিত খোৰা ৰজাৰ প্ৰৱঞ্চনাই এই আক্ৰমণৰ মূল কাৰণ। আহোম ৰজা স্বর্গদের চুখাম্ফা যুদ্ধত ঘাটি পর্ব্বতলৈ পলাই যায়। ফলত, চিলাৰায়ৰ প্ৰস্তাৱমতে, সুগম কোঁৱৰ ৰু বৰগোহাঞিৰ ভতিজাক আপচু গোহাঞিদেৱক মুখ্য কৰি, সকলো পাত্র-মন্ত্রীৰ ঘৰৰ একোজন ডেকাক বন্ধুরা দি, চুখামফা স্বর্গদেরে সন্ধি কৰাত, চিলাৰাষ নিজৰ দেশলৈ উলটিল। এই বিষয়ে আহোম ৰাজত্বত বহলাই কোৱা হৈছে। ওপৰত কোৱাৰ দৰে, চাৰিওফালে দিগ্বিজয় কৰি মন বঢ়াত, নৰনাৰায়ণ ৰজাই সদৌশেহত গৌৰদেশ আক্রমণ কৰিবলৈ মন মেলিলে, আৰু সেই অর্থে চিলাৰায়ক এদল কোবাল সৈন্যৰ সেনাপতি পাতি ৰণ-যাত্ৰা কৰালে। এইবাৰ, সেই ৰণ-যাত্ৰাৰ আগতে কামাখ্যা মন্দিৰৰ দুৰৱস্থা দেখি আহি, চিলাৰায়ৰ মনৰ অৱস্থা বৰ অথিৰ হৈ আছিল। তদুপৰি, শ্রীহট্টৰ যুদ্ধত কাজুৱা সৈন্য ভালেমান নাশ হোৱাত, এই যাত্রাত লগত লোৱা সেনাদলত পৈণত সেনা সৰহ নাছিল। তথাপি, চিলাৰায়ে নিজব সাহসব ওপৰত ভিৰ দি যুদ্ধলৈ আগবাঢ়িল। গতিকে, কোঁচ বজাৰ সেনাদলে গৌৰ বজাৰ তেজী সৈন্যৰ আগত সৰহ পৰ ঠাৱৰিব নোৱাৰিলেগৈ। কিন্তু, চিলাৰায়ে সিমানতো বিচলিত নহৈ, অকলশৰে খোলা তৰোৱালেৰে অসংখ্য শত্রুৰ মাজত সোমাই সিংহ বিক্ৰমেৰে শত্রুপক্ষক অস্থিৰ কৰি তুলিলে। শেহান্তত, তেওঁৰ একমাত্র সম্বল হাতৰ অস্ত্রখনিও খণ্ড খণ্ড হৈ ভাগিল, মহাতেজী চিলাৰায়ৰ বীৰতেজ চতুৰ্ত্তগুণে বাচিবলৈহে ধৰিলে। কিন্তু, অসংখ্য শত্ৰুৰ মাজত অকলশৰীয়া নিৰস্ত্ৰ বীৰ কিমান পৰ ঠাৱৰিব। চিলাৰায় অগত্যা শত্ৰৰ হাতত বন্দী হ’ল। তাৰ পাচত, তেওঁৰ বন্দী অবস্থাত, এদিন গৌৰ ৰজাৰ মাতৃক সর্পে দংশে। চিলাৰায় সর্প দংশনৰ চিকিৎসাত বৰ পাকৈত আছিল। সেই আলমতে তেওঁ ৰাজমাওক মৃত্যুৰমুখৰপৰা ৰক্ষা কৰি ৰাজপৰিয়ালৰ শলাগব পাত্র হয়। সেই শলাগৰ বঁটাস্বৰূপে, গৌৰৰাজে চিলাৰায়ক বন্দীশালৰপৰা মুক্তি দি নিজৰ দেশলৈ আহিবলৈ অনুমতি দিয়ে। তাৰ দুবছৰৰ পাচত, আন কোনো ৰোগত গৌৰ ৰজাৰ মাতৃৰ মৃত্যু হয়। ৰজা শোকত বৰ বিহুল হৈ পৰে। সেই সুযোগতে দিল্লীৰ সম্রাট আকবৰৰ সেনাপতি মানসিংহই গৌৰদেশ আক্রমণ কৰেহি, আৰু ৰজাক যুদ্ধত ঘটাই তেওঁৰ ৰাজ্য হস্তগত কৰে। সেই ছেগতে ছেগ ধৰি, চিলাৰায়ে দুয়োপক্ষৰ মাজত সোমাই গৌৰৰাজ্য সম্রাটৰে সৈতে সমানে ভাগ কৰি লয়। এনে সময়তে, চিলাৰায়ে তেওঁৰ পুত্র এটি জন্ম হোৱাৰ বাতৰি পায়। কিন্তু, তেওঁ আৰু সেই পুত্ৰৰ মুখ দেখিবলৈ নাপালেহি, বাটতে বসন্ত ৰোগত পৰি গঙ্গাৰ পাৰত চিলাৰায় স্বর্গী হ’ল।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *