অসমত আহোম ৰজাৰ ৰাজধানীয়ে পৃথিৱীৰ সুসভ্য ৰাজক্ষমতাৰ চিনাকি দিছিল। ৰাজনগৰ আৰু ৰাজধানীৰ পকী ঘৰদুৱাৰৰ আৰ্হিয়ে আৰু কাৰু-কাৰ্য্যাদিৰ চিন্-মোকামে তাক ডাঠি সমর্থন কৰে। পৃথিৱীৰ দূৰৈৰ সভ্য ঠাইৰ কথা এৰিলেও, ভাৰতবৰ্ষৰ ভিতৰত আহোম ৰাজধানী আৰু আহোম ৰাজনগৰ অতুলনীয় বুলি জাতবৈৰীৰ কাপেও বর্ণনা কৰি গৈছে। এই বিষয়ে বহলাই বর্ণাবলৈ এই ক্ষুদ্র পুথিত ঠাইৰ নাটনি। গতিকে, মিৰজুল্লাৰ অসম আক্ৰমণৰ সময়ত তেওঁৰ লগত অহা এজন মুছলমান কাকতীয়ে পাৰস্য ভাষাত আহোম ৰাজনগৰৰ বিষয়ে যি স্বরূপ বর্ণনা কৰি গৈছে, তাৰ সাৰাংশৰ ভাঙ্গনি মাথোন দিয়া হ’ল, ইবন মহম্মদ ওৱালি নামেৰে সেই মুছলমান লেখকে, স্ব-চকুৰে দেখি গৈ, তেওঁৰ ‘ফঠীয়া-ই ইব্রীয়াহ’ (Fathi-I-Ibrish) নামেৰে পুথিত আহোম ৰজাৰ গড়গাওঁ নগৰখন এইদৰে বর্ণাইছেঃ – “গড়গাওঁ নগৰৰ চাৰিখন পকী দুৱাৰ। প্ৰত্যেখন দুৱাৰ ৰাজভৱনৰ (কাৰেং) পৰা তিনি ক্রোশকৈ অন্তৰত। নগৰৰ চৌপাশে মেৰাই এটা বৰ ওখ আৰু বহল আলি। সেয়ে ৰাজদুৰ্গৰ পৰিধি। আলিৰ বাহিৰে কাষে-কাষে বেপাৰাদিৰ দোকান-কাৰখানা, ভিতৰে আলিৰ কাষে-কাষে নগৰীয়া বাসিন্দাবিলাক আৰু বিষয়াসকলৰ ঘৰ-বাৰী। প্রতি ঘৰৰ সমুখত ৰাজ-আলিবাটত লগাই একোখনি ফল-ফুলৰ বাগিচা। এই দুর্গ আলিৰ ভিতৰত ৰজাৰ কাৰেঙ্গৰ চৌপাশে মেৰাই আৰু এটা ধুনীয়া পকী আলি। তাৰ বাহিৰ ফালে কাষে-কাষে এটা পানীৰে চপচপীয়া হৈ থকা দ গড়খারৈ। এই আলি বেৰৰ পৰিধি এক ক্রোশ চৈধ্য জৰিপ। এই ভিতৰ-গড়ৰ মাজত আলিমুখীয়াকৈ আৰু কাৰেংমুৱাকৈ দুখন-দুখন আগফালে আৰু পিচফালে ফল-ফুলৰ বাগিচাৰে সৈতে ফুকন-বিষয়াসকলৰ ঘৰ-বাৰী। ইবিলাক প্রায় সকলোটি বজাৰ জোঁৱায়েক বা বাজ-পৰিয়ালৰ লোক। ৰজাৰ চোলং (দেৱানখানা) দীঘে ১২০ হাত, পথালিয়ে ৩০ হাত, এই ঘৰৰ ৬৬ টা স্তম্ভ, প্রত্যেকটো বিতোপন স্তম্ভৰ বেৰ বা পৰিধি ৪ হাতকৈ। ঘৰটিৰ ছালবোৰ আচৰিত কৌশল খটাই কাঠৰ কাৰুকাৰ্য্যেৰে সুশোভিত কৰা হৈছে।
আহোমৰ ৰজাঘৰীয়া কথা
ভিতৰ বাৰত পিতলৰ বাও-লগোৱা ডাঙ্গৰ দাপোণ শাৰী শাৰী, তাত সূৰ্যাৰ ৰশ্মি পৰি তাৰ অপূর্ব জেউতি চৰায়। ৰজা বহা খোটালিত সমুখা-সমুখী চাৰিটা চকচকীয়া স্তম্ভ। প্রত্যেকটোত ৯ টাকৈ সোণৰ উজ্জ্বল আঙ্গঠি মেৰোৱা। এই খোটালিত বিতোপন চকচকীয়। পাথৰৰ সাত-খলপীয়া ভেটিৰ ওপৰত ৰাজসিংহাসন পতা হয। তাৰ ওপৰত হৰেক ৰকমৰ সোণ, ৰূপ আৰু মূল্যবান ধাতুৰ আঙ্গঠিৰে সৈতে তৰা ৯ খলপা চাঙ্গটি-চান্দোৱাৰ। নানাবিধ বহুমূলীয়া অলঙ্কাৰ আৰু অতুলন সাজ-সমলেৰে গোটেই ঘৰটি পৰিপূৰ্ণ। তাৰ সৌন্দৰ্য্য ভাষাৰে বৰ্ণোৱা অসাধ্য। চমুকৈ ক’বলৈ হলে, এই পৃথিৱীত তুমি এনেকুৱা ধুনীয়া অলঙ্কাৰপূৰ্ণ ঘৰ দ্বিতীয় বুলিবলৈ আন এটা বিচাৰি নাপাবা। বাৰ হাজাৰ বাঢৈয়ে এবছৰে এই অট্টালিকাটি বহু প্রবন্ধেৰে নিৰ্ম্মাণ কৰি উলিয়াইছিল। ইয়াকে চাই বজাৰ শয়ন-মন্দিৰ। ইয়াৰ সৌন্দর্যাত মানুহ আপোন-পাহৰা হয়। ইয়াত বাজেও, ভালেমান আহল-বহল সুশৃঙ্খলিত আৰু সুসজ্জিত মজবুট অট্টালিকাৰে সৈতে ৰজাৰ টোলটি জিলিকি আছে। হায়। এনেখন বিতোপন নগৰ আমাৰ সম্ৰাটৰ (মোগল সম্রাট) সাম্ৰাজ্যৰ ভিতৰ নহল।” কিন্তু, কালৰ কি বিচিত্র গতি, এতিয়া সেই বিতোপন নগৰৰ চিন-মোকম পর্যন্ত নোহোৱাত পৰিছেগৈ। কাৰেংঘৰৰ ভগ্নাৱশেষ মাথোন সেই ৰজাদিনীয়া সভ্যতাৰ চিনাকি দিব লাগিছে।
আহোম শাসনব্যৱস্থা
অসম বাজ্য সুশৃঙ্খলকৈ শাসন কৰিবৰ অৰ্থে আহোমৰ সুগঠিত শাসন-প্রণালী নিবন্ধিত আছিল। শাসনৰ ঘাই ক্ষমতা ৰজাৰ হাতত, কিন্তু বজাক বুঢ়াগোহাঞি, বৰগোহাঞি আৰু বৰপাত্ৰগোহাঞি এই তিনিজনা গোহাঞিডাঙ্গৰীয়া ঘাই ৰাজমন্ত্ৰীয়ে বৰফুকন আৰু বৰবৰুৱা এই দুজন পালি-মন্ত্ৰীৰে সৈতে ৰাজকাৰ্যা পর্যালোচনাত মন্ত্রণা দিয়াৰ নীতি-নিয়ম প্রচলিত আছিল। সকলো লাগতিয়াল কথাত ঘাই মন্ত্রী তিনিজনৰে সৈতে ৰজাই পৰামৰ্শ কৰিব লাগে, আৰু ইবিলাকৰ সন্মতি নোলোৱাকৈ ৰজাই কোনো যুদ্ধ-বিগ্রহাদিও চলাব নোৱাৰে। এই তিনিজনা ডাঙ্গৰীয়া একমত হ’লে, সিবিলাকে ৰজাকো ভাঙ্গিব আৰু পাতিব পাৰিছিল। চৰাৰ চাৰিজন মন্ত্রীত বাজেও, শদিয়াত শদিয়াখোৱা গোহাঞি, মৰঙ্গিত মৰঙ্গিখোৱা গোহাঞি, কলিয়াবৰত সলাল গোহাঞি, জাগীত জাগিয়াল গোহাঞি, গুৱাহাটীত বৰফুকন আৰু দাঁতি-কাষৰীয়া বাৰজনা ৰাজখোৱা উপাধিধাৰী আহোম ৰাজকৰ্ম্মচাৰীয়ে আহোম মহাৰজাৰ প্রতিনিধিস্বরূপে শাসনৰ ভাৰ পাইছিল। এইসকল বিষয়াত বাজেও, ৰাজকাৰ্য্যৰ ভাগ অনুসৰি, ভাগে ভাগে বৰুৱা, ফুকন, বৰা, শইকীয়া, হাজৰিকীয়া, কাকতী, কটকী আদি বিষয়া আৰু বাজকৰ্ম্মচাৰী আছিল। সিবিলাকৰ তালিকা চমুকৈ তলত দিয়া হৈছে। আহোম ৰজাৰ বিচাৰ-প্ৰণালী বৰ পকা আৰু কট্কটীয়া আছিল। বিচাৰকে বাদী, বিবাদী আৰু সাক্ষীৰ ‘জৱানবন্দী’ লিখি লোৱাৰ নিয়ম চলিছিল। প্রাণদণ্ড বিহিবৰ ক্ষমতা কেবল বজা আৰু ঘাইমন্ত্রীৰ হাতত ৰখা হৈছিল। আহোম ৰজাসকলৰ দিনত হোৱা বুলি যি উগ্রদণ্ডৰ কথা এতিযা অতিৰঞ্জিতকৈ বর্ণোৱা শুনা যায়, প্রকৃততে সি তেনেকুৱা নাছিল। আহোম ৰাজত্বৰ শেহছোৱাত, যেতিয়াৰপৰা দেশত বিদ্ৰোহাদিৰ উৎপাত হ’বলৈ ধৰিলে, তেতিয়াৰপৰাহে উগ্র শাস্তি দিয়াৰ নিয়ম চলিবলৈ ধৰে। মুঠতে, ক’বলৈ গ’লে, আহোম ৰজাসকলৰ ৰাজত্বৰ কালত এই দেশৰ কোনো দুখ-কষ্ট নাছিল, আৰু শেহছোৱাত যেনে অন্যায়, অধৰম, অত্যাচাৰ আদি হৈছিল, সেইবোৰ আগেয়ে একোৱেই নাছিল। প্রজাসকলে মাটি-বাৰীৰ ৰাজহব সলনি সততে ৰজাঘৰত খাটি দিয়াৰ নিয়ম চলিছিল, ৰজায়ো প্ৰজাৰ দুখ-অভার গুচাবৰ কাৰণে যি যি কৰিব লাগে সকলো কৰিছিল। বাজকৰ্ম্মচাৰী বা বিষয়াসকলেও বজা-ঘৰৰপৰা অৰ্থ-কড়িৰে সৈতে বন্ধা-বানচ নাপাইছিল, তাৰ সলনি সিবিলাকে পাইক, বা সিবিলাকক আর্জি খুৱাবলৈ এবিধ প্রজা পোৱাৰ নিয়ম চলিছিল। বজা আৰু বিষয়াৰ ঘৰত বৈ দিবলগীয়া প্রজা-শ্রেণীক কাঁড়ী বা পাইক বোলা হৈছিল। সেই পাইক চাৰি-চাৰিটাকৈ একগোট বুলি লেখ হৈছিল, আৰু এটাক গুটীয়াকৈ এপোৱাৰ লেখত ধৰা হৈছিল। প্ৰতি কুৰিগোটৰ ওপৰত এজন ‘বৰা’, পাঁচজন বৰাৰ ওপৰত এজন ‘শইকীয়া’, দহজন শইকীয়াৰ ওপৰত এজন ‘হাজৰিকীয়া’, দহজন টেকেলাৰ ওপৰত এজন ‘টেকেলা-বৰা’, এই নিয়মে পাইক চলোৱা কৰ্ম্মচাৰী আছিল। পাইক বা কাঁড়ী-শ্রেণীৰপৰা চমুৱালৈ উঠিব লাগে, তাৰপৰাহে কোনো উপযুক্ত লোক যোগ্যতাৰ ফেৰত বিষয়ালৈ উঠিব পাৰিছিল। ডাঙ্গৰীয়াসকলক ৰজাঘৰৰপৰা সুকীয়া আহিলা-পাতি দি, গতি-বিধিৰ নিয়ম-নিৰ্বন্ধ কৰি দিয়া হৈছিল। সেই সকলে ৰাজকীয় মর্য্যাদা অনুসৰি হে নিৰ্দ্ধাৰিত আহিলা-পাতি ব্যৱহাৰ কৰিবলৈ পাইছিল। চাল-চলনতো বাজকীয় নীতি-নিয়ম পালন কৰি চলিবলৈ সিবিলাক বাধ্য আছিল। বুঢ়াগোহাঞি, বৰগোহাঞি আৰু বৰপাত্ৰগোহাঞি এই তিনিজনা ডাঙ্গৰীয়াৰ সমান মৰ্য্যাদা। গতিকে, সিবিলাক তিনিও কেঁকোৰা-দোলা, সোণৰ চুলাৰে পানী-জাপি, পাখি-বিছনি, কেপ্ কৰা তলিচা ইত্যাদি আহিলা-পাতি সমানে ব্যৱহাৰ কৰিবলৈ পাইছিল। চাল-চলনতো তেনেকুৱা নিয়ম-নির্বন্ধ আছিল। ডাঙ্গৰীয়াসকল বাহিৰলৈ ওলালে, আগত বিলতীয়া গায়নে গাই যায়, কালীয়াই কালি মাৰি যাব লাগে, বঙ্গা চুলিৰে বৰছি আৰু চুলিলগা দাৰে লগত পালি যাবৰ নিয়ম আছিল। বাটত ৰজাৰে সৈতে ভেটা-ভেটী হ’বৰ সময়ত, স্বৰ্গদেৱ যি বাহনত আহে, তেনে বাহনত উঠি ডাঙ্গৰীয়াসকলে বাৱেঁদি দেখা দি যাব লাগে। বজাৰ চৰাত মেল সুধিবলৈ, বা ৰাজকীয়া কাৰ্য্যত ৰজাৰ বৰচৰালৈ যাবলগীয়া হলে, স্বর্গদেবে কটকীৰ মুখে নিমন্ত্রণ পঠিয়াব লাগে, ৰজাৰ বিনা অনুমতিৰে কোনো বৰুৱা, ফুকন, ৰাজখোৱা আদি বিষয়াই ডাঙ্গৰীয়াসকলৰ ঘৰলৈ যাব নোৱাৰে। দাঁতিকাষৰীয়া গোহাঞি তিনিজনাৰ ভিতৰতো সেইদৰে সমান মর্য্যাদা। ইবিলাকৰো সুকীয়া আহিলা-পাতি আৰু চাল-চলনৰ গতি-বিধি বন্ধা আছিল। পালি কেইজনাই ঘাই তিনিজনা গোহাঞি ডাঙ্গৰীযাবে সৈতে ভেটা-ভেটি হলে, পালিয়ে ঘাইকৈ বাট এৰি দিব লাগে। সেইদৰেই বৰবৰুৱা আব্দ বৰফুকন এই দুজনাৰ মৰ্য্যাদা সমান। ইবিলাকৰো সুকীয়া আহিলা-পাতি, চাল-চলনৰ গতি-বিধি বন্ধা আছিল। এওঁবিলাকে ঘাই ডাঙ্গৰীয়াসকলেবে সৈতে ভেটা-ভেটী হলে, চাঙ্গিৰপৰা নামি দেখা দিব লাগে। ইত্যাদি নিয়মেবেই অন্যান্য বেলেগ বেলেগ বিষয়াৰ বেলেগ বেলেগ মর্য্যাদা, সুকীয়া আহিলা-পাতি আৰু চাল-চলনৰ গতি-বিধি সুন্দৰকৈ নিৰ্দ্ধাৰিত আছিল।
আহোমৰ ৰণ-বল
যুদ্ধ-বিগ্রহাদিৰ বিষয়তো আহোম ৰজাৰ অতি উত্তম ব্যবস্থা আছিল। আদিছোৱাত পাইক শ্রেণী মানুহকে সময়মতে যুদ্ধ কার্যাতো লগোৱা হৈছিল। কিন্তু, কুঁবৈগঞা মহামন্ত্রী পূর্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ বিধানমতে, কলিয়াভোমোৰা বৰফুকনে, ১৭৯৬ খ্রীষ্টাব্দত, বৃটিচৰ আর্হিবে পল্টন গঠন কৰিবৰপৰা যুদ্ধ কাৰ্য্যৰ নিমিত্তে এশ্রেণী মানুহ সুকীয়াকৈ ৰখা হৈছিল। পাচলৈ ৰাজ্যৰ ভিতৰত নানা প্ৰকাৰ বিদ্রোহাদি হ’বৰপৰা দুৰ্বল হ’ল বুলিও, আগডোখৰত আহোম ৰজাৰ ৰণ-বল বৰ তেজী, পৈণত আৰু কাজুৱা আছিল। মাটি-যুদ্ধ আৰু পানী-যুদ্ধত অসমীয়া সেনা বৰ পাকৈত থকাৰ প্রমাণ মিৰজুল্লাৰ অসম আক্ৰমণৰ সময়ত আৰু শৰাইঘাটৰ ৰণত ভালকৈ পোৱা গৈছিল। অশ্বাবোহী বা ঘোঁৰা-ৰণুৱাদল বৰ কাজুৱা নাছিল, পাচলৈ এই বিধ সৈন্য একেবাৰে অকামিলা হোৱাত, ক্ৰমাৎ তাৰ অস্তিত্ব নথকাৰ দৰে হযগৈ। আহোমৰ ৰাজত্বত কোনো কোনো তিৰোতাও যুদ্ধ-বিদ্যাত পাকৈত আছিল আৰু ৰণক্ষেত্ৰত সেনানেত্ব হৈছিল। বৰগোহাঞিৰ ভাৰ্য্যা মূলা গাভৰু, আৰু বাঘ মৰাণৰ ঘৈণীয়েক বাধা আৰু ৰুকুণী তাৰ বিশিষ্ট প্রমাণ। ৰণৰ খাৰ-গুলী হিলৈ আহোমে নিজে প্রস্তুত কৰি লৈছিল ।
আহোম ৰাজত্বত বন্দী বা গোলাম ৰখাৰ প্ৰথা
গোলাম যুদ্ধত বন্দী হোৱা মানুহৰপৰা ৰখা হৈছিল, কিম্বা কোনো পৰ্বতীয়া বা দাঁতি-কাষৰীয়া মানুহৰপৰা কিনি লোৱা হৈছিল। সচৰাচৰ বন্দী-বান্দীৰ বেচ, ভাল কুলীয়া মতাত ২০ কৃষি টকাৰপৰা নীহ কুলীয়া তিৰোতাত ৩ তিনটকালৈকে প্রচলিত আছিল। সেই বন্দী-বান্দীবিলাক গৰাকীৰ সুকীয়া সম্পত্তিস্বরূপ আছিল, সিহঁতৰ ওপৰত ৰজাঘৰৰ এক্তিয়াৰ নাছিল। ডাঙ্গৰীয়া বিষয়াসকলৰ বন্দী-বান্দীবিলাক বণলৈকো যাব নালাগিছিল। সেই কাৰণে তেতিযাব নাহ শ্রেণীৰ প্রজাবিলাকে পাইক বা কাঁড়ীৰ শ্ৰেণীত ভুক্ত হোৱাতকৈ বন্দী-বান্দী সোমাবলৈ ভাল পাইছিল। গতিকে, বহুতে আপোন ইচ্ছাবেও বন্দী সোমাইছিল। আহোমৰ ৰাজত্বত বন্দী-বান্দীৰ সংখ্যা নিচেই তাকৰ নাছিল। এনে কি, বৃটিচ গবর্ণমেণ্টৰ আগমনৰ পাচত, ডেভিদ্ স্কট চাহাবে অকল গুৱাহাটীৰপৰাই ১২০০০ বাৰ হাজাৰ বন্দী-বান্দীক মুক্তি দিয়ে। আহোম ৰাজত্বৰ পাচতো ভালেমান দিনলৈকে ডাঙ্গৰীয়া, বিষয়া আৰু ভদ্র শ্ৰেণীৰ মানুহৰ ঘৰত, অন্ততঃ দুই-চাৰিকৈ বন্দী-বান্দী আছিল, কিন্তু আজিকালি কৰবাত কেনেবাকৈ হে তাৰ চিন মাথোন ৰৈছেগৈ। বাজবংশী আহোমৰ সামাজিক আচাৰ-ব্যৱহাৰ আদি বাজকীয় নিয়মে চলিছিল। আহোম পৰিয়ালৰ ডাঙ্গৰ ঠাল সকলো অবস্থাতে ডাঙ্গৰ। অর্থাৎ ককায়েকৰ সতি-সন্তান ভায়েকৰ সন্তানাদিতকৈ বয়সে সৰু হ’লেও, সিবিলাকে ডাঙ্গৰ সন্মান পায়, ভায়েকৰ পুতেক বয়সত ডাঙ্গৰ হ’লেও, নিচাও দেবাকৰ (বৰপিতাকৰ) পুতেকক ককাইদেউ বুলিব লাগে। আহোমৰ ভিতৰত এই নিয়ম এতিয়াও প্রচলিত। টাই জাতীয় আহোমৰ বিবাহ-কাৰ্য্য গান্ধৰ্ব প্ৰথাৰে সম্পাদিত হয়, আহোম ভাষাত তাক ‘চকলং’ বোলে। আজিকালি, লোকদর্শক সম্প্রানাদি কার্যা প্রকাশ্যে সমাধা হোৱাৰ পাচত, চকলঙ্গৰ কাৰ্য্য আবুৰত সম্পাদন কৰা হয়। দৰা-কন্যাৰ আপোন জাতিৰ দুজন বুৰঞ্জীবিদ বা পূৰ্বপুৰুষৰ কথা জনা মানুহত বাজে, আনে এই কাৰ্যাব ভাগ নাপায়। চকলঙ্গৰ আধ্যাত্মিক লক্ষ্য অতি ওখ। ইয়াত দৰা-কন্যাই বিয়াৰ নোৱনি কেইদিন হাতত লোৱা আঙ্গঠি, কটাৰী, তামোল ইত্যাদি আহোম-বিয়া বিধিমতে সালসলনি কৰাই, সৃষ্টি পাতনৰ উপদেশ মন্ত্ৰেৰে দুইবো দেহ-মন-প্রাণ একেটা ভাবত বখা হয়, আৰু সেই অনুযায়ীকৈ দুই অর্দ্ধাঙ্গক মিলাই এক পূর্ণাঙ্গ কৰাৰ ধৰ্ম্মোপদেশ দিয়া হয়। এই আধ্যাত্মিক উপদেশ আহোম পণ্ডিত দেওধাই, কিম্বা, তেওঁৰ অভাৱে, এজন বিজ্ঞ জ্ঞাতিৰ মুখে দিয়া হয়।
চকলং বিবাহ প্ৰথা
যি বেদীৰ প্ৰান্তত কন্যাক উপবিষ্ট কৰাই, পোন প্ৰথমে মূৰত তেল দিয়াৰেপৰা গাঁঠিয়ন খুন্দাৰ শেষলৈকে বিয়া-যজ্ঞৰ আগলী প্রক্রিয়াব সমাধান কৰা হয়, তালৈকে দৰাক নি, কন্যাৰ সোঁৱে কাষতে আসন পাৰি উপবিষ্ট কৰাব। বেদীৰ সমুখত ১০৮ টা ঠাকেৰে সোণৰ বা ৰূপৰ বা পিতলৰ বা কাঠৰ গছাত ১০৮ টা চাকি চোমদের প্রমুখো ১০৮ জন দেৱতা উদ্দেশ্যি জ্বলিব। গছৰ সমুখত অষ্টচক্রবাহু মৰল দিয়া ভূমিৰ ওপৰত, জোঁৱাই-বৰণেৰে সৈতে কাপোৰ-কানি, বৰণ-মালা, আৰু দুটা গাৰুচক্ ভৰাই এখন শৰাই কন্যাকৰ্ত্তা বা কন্যা-ধৰা জ্ঞাতি গুৰুজনাই সসম্ভ্রমে থব, সেই অনুক্রমেই দৰাৰ ফালৰপৰাও কন্যাৰ উদ্দেশ্যে অনা সঁজুি সতে এখন শৰাই পাতিব। তেনেতে, উভয়ৰে মধ্যস্থ হৈ দেওধাই পণ্ডিতে, তেওঁৰ অবিহনে, এজন বুৰঞ্জীবিজ্ঞ বৃদ্ধ জ্ঞাতিযে দৰা-কন্যাৰ সাতপুৰুষৰ চমু বিবৃতি শুনাব। তাৰ অন্তত, এটা সোণৰ বা ৰূপৰ বা কাঁহৰ বা পিতলৰ বাটিত ভৰাই দৈ, আৱাঁ-গাখীৰ, মৌ, চেনী, ঘিউ মিহলোবা পঞ্চামৃত দৰাৰ আগত দিব, দৰাই তাৰেপৰা আঙ্গুলি আগত লগাই আনি, মুখলৈ টোৱাই সুঙ্গি পেলাই, খৰিকা লৈ, মুখ কুলকুলিয়াই পেলাই, গুৱা মুহুদি কৰিব। সেই অনুক্রমে, ২১ একৈশবাৰ পঞ্চামৃত সুঙ্গি, ২১ ডাল খৰিকা, ২১ চলু পানী লৈ, ২১ খন থুৰিৱা তামোল চোবাই পেলাব। তাৰ পাচত, ৭ বা ৯ কড়া কড়ি পাটৰ কানি-এডুখৰিত টোপোলা বান্ধি, সেই মধ্যস্থ জনে পুনৰপি দৰা-কন্যাৰ পিতৃ-পুৰুষসকলৰ চমু কাহিনী শুনাই, সৃষ্টি পাতনিৰ ব্যাখ্যালৈ সোঁৱৰাই, দৰা-কন্যা উভয়কে আধ্যাত্মিক উপদেশ দিব, যেনে, কন্যাৰ ফালৰপৰা এই বুলি বুজনি দিব, ‘আজি আপুনি দৰাদেৱে এই অমুকী কন্যাক অর্দ্ধাঙ্গিনী ভাৰ্য্যাৰূপে গ্রহণ কৰিছে, সুখ-দুখৰ গৰাকী আপুনিয়েই হৈছে, এই কন্যাৰ মানত গুৰু-গোসাঁই সকলো আপুনিয়েই, আপুনি প্রতিপাল নকৰিলে পাপে চুব, সকলো পাপ-কষ্টৰপৰা ৰক্ষা কৰাৰ গৰাকীও আপুনিয়েই হৈছে।’ এইদৰে বুজনি দি, দৰাৰ কাণৰ কাষত কড়ি-টোপোলা বজাই শুনাব; তাৰ পাচত কন্যাৰ ফালে বুজাব, ‘আজিৰপৰা এই পুৰুষদেৱেই তোমাৰ সৰ্বদেবতা হ’ল, এওঁক পুজিলেই তোমাৰ সৰ্বদেৱতাক পূজা কৰা হ’ব, এওঁক চেৱাই তোমাৰ কোনো পূজা-সেৱাই সিদ্ধ নহ’ব, এতেকে এওঁক তুমি সদায় সভক্তিৰে মৰম-বেথা কৰিবা, এওঁ যি কয় তাকে মানিবা, অসূয়া-অপ্রীতি নকৰিবা, আপোনাৰ শৰীৰতকৈ এওঁক অধিক আদৰ কৰিবা।’ এই বুজনিৰ অন্তত কন্যাৰ কাষতো কড়ি-টোপোলা বজাই শুনাব। এই অনুক্রমে দৰাৰ প্ৰতি তিনিবেলি আৰু কন্যাৰ প্ৰতি তিনিবেলি বুজনি দি কড়ি-টোপোলা বজাই শুনাব। তাৰ পাচত, দৰাই গাৰু-চক্ এটা চুই কন্যাৰ ফালে দিব, আৰু কন্যাই এটা চক্ চুই দৰাৰ ফাললৈ দিব। এই ক্ৰিয়াৰ অন্তত, দুয়ো ফালৰপৰা শৰাই দুখনৰ ঢাকোন গুচাই চুৱাচুই কৰি, দৰাৰ ফালৰখন কন্যাৰ ফাললৈ আৰু কন্যাৰ ফালৰখন দৰাৰ ফাললৈ আঁতৰাই থৈ, সেই মৰলৰ ওপৰতে এখন বৰকাঁহী পাতি তাতে দৰা-কন্যাই টেমী-কটাৰী সলোৱা-সলিকৈ প্রীতি-খেল কৰিব। তাৰ পাচত, সেই কাঁহীতে এদোন আৰৈ চাউলৰ দ’ম বান্ধি তাৰ মাজত দৰা-কন্যাই পিন্ধি থকা আঙ্গঠি দুটা প্ৰথমতে দৰাই লৈ গুজি থব, কন্যাই খেপিয়াই বিচাৰি দৰাৰ আঙ্গঠিটো উলিয়াই লব, নোৱাৰিলে তামোল-পাণেৰে মাতি মাগি উলিয়াই লব, সেই অনুক্রমেই দৰায়ো কন্যাৰ আঙ্গঠি লাভ কৰিব লাগিব। সদৌশেহত, দেওধাই পণ্ডিত বা জ্ঞাতি গুৰৰ আশীৰ্বাদ লৈ, দৰা-কন্যা ভিতৰলৈ যাব। এয়ে চকলঙ্গৰ চমু প্রক্রম। ৰজাৰ বিয়াত চকলঙ্গৰ কাৰ্য্য দৰাৰ ঘৰত হে সম্পন্ন কৰাৰ নিয়ম।
জোৰণ
ৰজাঘৰীয়া জোৰণ হ’লে, “ৰজাঘৰৰপৰা তামোল-পাণ ২১ শৰাই আৰু ছোৱালীবে পিন্ধিবলৈ কাপোৰ-অলঙ্কাৰ ৭ সঁজুলি সহিতে কুকুৰাচোৱা চাওডা কুকুৰাচোৱা বৰা, বৰুৱা আৰু অন্য ফুকন বৰুৱা জনদিয়েক দোলা-দুলিয়ে সকলোকে পঠাই দিয়ে, বাপেকে সেই সকল বস্তু-বাহানি চাই-চিতি লৈ গৈ, গা-ভূএল জনদিয়েকক চপাই শৰাই মেলি তামোল-পাণ তাতে বাটি দি, বস্তু-বাহানি ভিতৰলৈ নিয়ে। ভিতৰতো কিছু তিৰোতা মানুহ মাতি আনি গোটাই লৈ ছোৱালীক সকলোবে আগত কানি-কাপোৰ অলঙ্কাৰ ৭ যোৰ ৭ বেলি পিন্ধায়। দুৱাৰ-ধৰি উলিয়াই আনি বাহিৰত বহা ভকতক সেৱা কৰাই দোলাত তুলি বাপেকো যৌতুকত দিব লাগ দ্রব্য লৈ যাব।
ৰজাৰ কন্যা গ্রহণ
ৰজাই সাতঘৰীয়া আহোমৰ ঘৰৰ যৌৱত ছোৱালী কুঁৱৰী কৰিবলৈ নিয়ে। যদি কোনো শূদ্রাদি ফুকন বৰুৱাৰ ঘৰত ভাল ছোৱালী থাকে, বাপেকেও দিয়ে, অকস্মাৎ তাকো কুঁৱৰী কৰিবলৈ নিয়ে। শূদ্রাদি ঘৰৰ ছোৱালী হলে, হিন্দুমতে বিয়া কৰি নিয়ে, আহোমৰ হলে চকলং কৰে। ৰজালৈ হলে, ৰজাঘৰলৈকে বাপেকে সহিতে ছোৱালী চকলং কৰে। ৰজাৰ জীয়ৰী বা অন্য আহোমৰ হলে, ছোৱালীৰ ঘৰত হে চকলং কৰিব পায়।
আহোমৰ বিয়া-প্ৰকৰণ
জোৰোণৰ দিনাৰপৰা কন্যাঘৰীয়া আৰু দৰাঘৰীয়াৰ ইচ্ছানুযায়ী ৩/৫/৭/৯/১১ দিনীয়াকৈ পানী-তোলা, নোওৱা-ধুওৱা কৰি বিয়া পতা হয়। আজিকালি আগৰ ডাঙ্গৰীয়া-বিষয়া আৰু ভাল ভদ্র আহোমৰ কন্যাক ৰভাস্থলত হিন্দুশাস্ত্র অনুসৰি সম্প্ৰদান দি লৈ, পাচত চকলং কৰা হয়, তাৰ পাচত, পুনৰপি ৰভা-তললৈ আনি, ৰাইজক সেৱা কৰাই, দৰা-কন্যাক পুৰোহিতৰ মুখে আশীর্বাদ বাণী শুনোৱা হয়।
আহোমসকলে, সিবিলাকৰ ব্ৰহ্মী পিতৃপুৰুষসকলৰ দৰে তিৰোতা সমাজক, বৰ সন্মান কৰিছিল। এতিয়াৰ দৰে আগৰ দিনত সিবিলাকৰ ‘পৰ্দ্দা’ বা ‘আৰ’ প্ৰথাৰ প্রচলন নাছিল। ৰাজমাওসকলে সততে ৰাজসভাৰ মন্ত্ৰীসকলৰে সৈতে ৰাজকীয় বিষয়ক আলোচনাৰ ভাগ লৈছিল। আনকি ৰাজকাৰ্যাত কুঁৱৰীসকলৰ ক্ষমতা চলাৰ উদাহৰণ আছে। তেনেকুৱা কেইবাগৰাকীও কুঁৱৰীয়ে ৰজাৰ বৰ্ত্তমানত আৰু অবর্ত্তমানত ৰাজ্যৰ শাসন-ভাৰ গ্ৰহণ কৰিছিল। আহোম ৰমণীসকল বৰ তেজীমনা, বুদ্ধিমতী আৰু চৰিত্ৰৱতী আছিল, পতিবৈৰী তুৰ্বক সেনাপতিক স্বহন্তে প্রতিশোধ দিবৰ হেঁপাহত ৰণলৈ যোৱা মূলা গাভৰু নামেৰে বৰগোহাঞি ডাঙ্গৰীয়াৰ বিধৱা ডাঙ্গৰীয়ানী, স্বামীৰ মঙ্গলার্থে প্রাণ উছৰ্গা কৰা মহাসতী জয়মতী কুঁৱৰী, পৰোপকাৰ ব্ৰতত প্ৰাণপণ কৰা জ্ঞানৱতী ল’ৰা-ৰজাৰ মাতৃ ৰাজমাও এই সকলেই তাৰ জ্বলন্ত পটন্তৰ।