যুৱৰাজ চিলাৰায়ে দিগ্বিজয় কৰি ফুৰোঁতে ইফালে বঙ্গদেশৰ সেনাপতি কালাপাহাৰে (১) খ্রীঃ ১৫৫৩ চনত, অসম দেশ আক্রমণ কৰেহি। মহাবজা নবনাৰায়ণে ভালেমান দিনৰেপৰা কালাপাহাৰৰ বিক্ৰমৰ কথা শুনি আছিল। তাতে, সেই সময়ত, ৰাজ্যৰ প্রধান বল যুবৰাজ চিলাৰায় ৰাজ্যৰপৰা আঁতৰি থকাত, নৰনাৰায়ণ ৰজাই ভয় কৰি কালাপাহাৰৰ গতিত কোনো প্ৰকাৰৰ হকা-বধা নকৰিলে। কিন্তু, কালাপাহাৰৰ দেশ জয় কৰা উদ্দেশ্য নাছিল, তেওঁৰ প্ৰধান উদ্দেশ্য হিন্দুধৰ্ম্মৰ গৌৰৱ হানি কৰা আৰু হিন্দু দেৱ-দেৱীৰ মূৰ্ত্তিবিলাক ভাঙ্গি চূর্ণাকৃত কৰাহে। সেই কাৰণে, তেওঁ দেশত কোনো উৎপাত নকৰি পোনেই কামাখ্যালৈ আহিল। যি যি দেৱ-দেৱী বেছি প্রখ্যাতী, কালাপাহাৰৰ সেই সেই দেৱ-দেৱীৰ ওপৰত বেছি আক্রোশ। কামাখ্যাকো তদ্রূপ প্রখ্যাতী বুলি জানি কালাপাহাৰ একান্তলক্ষ্যেৰে কামাখ্যালৈ আহিল। কামাখ্যাত দেব-দেবীৰ মূৰ্ত্তি কালাপাহাৰে আগত পালেমানে আটাইবোৰ কোৰাই ভাঙ্গিলে। কামাখ্যাৰ মন্দিৰৰ গাত প্রোথিত যিবিলাক শিলৰ সুন্দৰ মূর্ত্তি আজিলৈকে কাৰো নাক-খৰা, কাৰো কাণ ছিগা, কাৰো হাত ভগা এনে অৱস্থাত আছে, সেই আটাইবোৰ বিজতৰীয়া কালাপাহাৰৰ কু-কৰ্ম্মৰ চিন। কালাপাহাৰে ভগৱতীৰ মহাপীঠস্থান লণ্ডভণ্ড কৰি মন্দিৰ ভাঙ্গি চূর্ণাকৃত কৰিলে। এইদৰে কামাখ্যা মন্দিৰ ধ্বংস কৰি, কালাপাহাৰ আৰু উজাই নাহিল, নিজৰ উদ্দেশ্য সফল হোৱাত, তাৰেপৰা তেওঁ বঙ্গদেশলৈ উলটি গ’লগৈ। গৌৰদেশত বন্দী হোৱাৰপৰা মুকলি হৈ অহাৰ পাচত, যুৱৰাজ চিলাৰায় আৰু মহাৰজা নৰনাৰায়ণ দুয়ো লগ লাগি কামাখ্যাৰ ভগ্ন মন্দিৰৰ জীৰ্ণ-সংস্কাৰৰ অর্থে যত্নৰান হয়। সিবিলাকৰ অহোপুৰুষাৰ্থত ছমাহৰ ভিতৰতে সেই সংস্কাৰ-কাৰ্য্য সমাধা হয়। মহাৰাজ নৰনাৰায়ণ আৰু যুৱৰাজ চিলাৰায়ে কামাখ্যা-মন্দিৰ পুনঃ উদ্ধাৰ কৰি তাত ভালেমান নতুন নতুন মূর্ত্তি সজাই দিয়ে। কামাখ্যাৰ বৰ্ত্তমান চলন্তা মূর্ত্তিজনাও তেওঁবিলাকৰ দ্বাৰায়ে প্রতিষ্ঠিত। পাচত, মন্দিৰৰ ভিতৰত নৰনাৰায়ণ আৰু চিলাৰায় দুইৰো দুটা শিলৰ প্ৰতিমূৰ্ত্তি প্রতিষ্ঠা কৰা হয়।
যুৱৰাজ চিলাৰায়ৰ লোকান্তৰৰ পাচতো মহাৰজা নৰনাৰায়ণে ভালেমান বছৰ সুকলমে ৰাজত্ব কবে। শেহলৈ তেওঁ চুবুৰীয়া ৰজাৰ ৰাজ্যবোৰত কোনো আক্রমণ-উপদ্ৰৱ কৰা নাছিল। মহাৰজা নৰনাৰায়ণ বহুকাললৈকে অপুত্রক হৈ থকাত, তেওঁ ৰাজ্যভাৰ চিলাৰায়ৰ পুতেক ৰঘুদেৱ ৰা ৰঘুনাৰায়ণক দিবলৈ সংকল্প কৰিছিল। তেওঁ স্বর্গীয় ডায়েক চিলাৰায়ৰ গুণলৈ মনত কৰি, ভতিজাক বৰষুদেৱ নাৰায়ণক বৰ মৰম কৰিছিল, আৰু তেওঁৰ মন ভবিষ্যতে ৰজাৰ উপযোগীকৈ স্থিৰ ৰাখিবৰ অভিপ্রায়েৰে, ১৬ বছৰীয়া বয়সতে, তেওঁক দুগৰাকী সুন্দৰী কন্যা বিয়া কৰাই দিয়া হয়। এনে সময়তে, বুঢ়া বয়সত, নৰনাৰায়ণ বজাৰো এটি পুত্র লাভ হয়। বজাৰ পুত্ৰ হোৱা দেখি, বঘুৰায়ে ৰাজ্যৰ আশা এৰি আঁতৰি গৈ বছৰচাৰেক কামৰূপৰ আজাৰাগ্ৰামত ঘিলানদীৰ তীৰত বিজয়পুৰ নামেৰে এখন নগৰ পাতি থাকেগৈ (১)। পিচে, মহাৰজা নৰনাৰায়ণে তেওঁৰ মৰণৰ সময়ত ৰঘুদেৱ নাৰায়ণক মতাই আনি, পুতেক লক্ষ্মীনাৰায়ণ আৰু ভতিজাক ৰঘুনাৰায়ণৰ মাজত সমানে তেওঁৰ ৰাজ্য ভগাই দিয়ে। তেওঁৰ সেই ভাগ-বঁটৰা মতেই শাণকোষৰ পূব-ভাগত ৰঘুনাৰায়ণ আৰু পশ্চিম ভাগত লক্ষ্মীনাৰায়ণ বজা হয়। ৰঘুদেৱনাৰায়ণৰ ভাগত এতিযাৰ মঙ্গলদৈ মহকুমা, কামৰূপ আৰু গোৱালপাৰা জিলাৰ কিয়দংশ পৰিছিল।মহাৰজা নৰনাৰায়ণে ৰাজকাৰ্য্য সু-চন্তালনৰ ৰাবে যেনে সুখ্যাতি লাভ কৰিছিল, সাহিত্য-চর্চ্চাৰ ৰাবেও তেওঁ তেনেকৈ এজন সু-পণ্ডিত বজা হৈছিল। তেওঁৰ দিনত শাস্ত্রাদি অধ্যয়নৰ বহুল উন্নতি হয়, ‘ৰত্নমালা ব্যাকৰণ’ পুথি ৰচনা কৰা হয়, আৰু নীচ কুলৰ মানুহেও ধৰ্ম্মপুথি শাস্ত্রাদি পঢ়ি ধৰ্ম্ম-চর্চ্চা কৰিবলৈ উৎসাহ পায়। তেওঁ যদিও নিজে শাক্ত বজা আছিল আৰু শক্তিপূজা ৰাজ-ধৰ্ম্ম কৰিছিল, তথাপি বৈষ্ণৱ ধৰ্ম্মৰ উন্নতিতো তেওঁ বৰ আনন্দ পাইছিল। মহাবজা নৰনাৰায়ণৰ ৰাজত্বৰ কালত মহাপুৰুষ শঙ্কৰদেৱ, মাধৱদেব, দামোদৰদেৱ প্রভৃতি বৈষ্ণব-ধৰ্ম্ম প্ৰচাৰকসকলে অসম দেশ উজ্জ্বল কৰি অসমীয়া মানুহক ধৰ্ম্মৰ পোহৰ দিছিল। ইয়াত ৰাজেও, ৰাজ্যত শান্তি-বিস্তাৰ, ধৰ্ম্ম-কৰ্ম্ম, সাহিত্য-চর্চ্চা, ৰাণিজ্য-ব্যৱসায়াদিৰ অশেষ উন্নতি সাধি, খ্রীঃ ১৫৮৪ চনত মহাৰজা নৰনাৰায়ণ স্বর্গী হয়।
ৰঘুদেৱনাৰায়ণ ৰাজ্য
ৰাজ্যভাগ পোৱাৰ পাচতো ৰঘুদেৱনাৰায়ণ ভালেমান দিনলৈকে নিজৰ বিজয়পুৰ ৰাজধানীতে আছিল। তেওঁ গণেশ, কেদাৰ, গোকর্ণ, কামেশ্বৰ প্ৰভৃতি তীর্থস্থান দর্শন কৰি আহি, হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ জীর্ণসংস্কাৰ সাধি, তাত দেবোত্তৰ মাটি দান কৰে। কালাপাহাৰে কামাখ্যা মন্দিৰ লণ্ডভণ্ড কৰাৰ লগতে হয়গ্রীর দেৱালয়ো ভাঙ্গি চূর্ণাকৃত কৰিছিল। ৰঘুনাৰায়ণৰ বহুপুত্ৰ আছিল। তাৰ ভিতৰত পৰীক্ষিতনাৰায়ণ, ইন্দ্ৰনাৰায়ণ, যদুৰায়, বলিতনাৰায়ণ, গজনাৰায়ণ আৰু মানসিংহ এই কেইজন প্রধান। ৰঘুদেৱনাৰায়ণ বৰ সুশ্ৰী পুৰুষ আৰু ধাৰ্ম্মিক ৰজা আছিল। বুঢ়া বয়সলৈকে তেওঁ বহু দান-ধৰ্ম্ম কৰি সৎকর্ম সাধন করি, খ্রীঃ ১৬০৩ চনত স্বর্গী হয়।
লক্ষ্মীনাৰায়ণ
মহাৰজা নৰনাৰায়ণে ভগাই দিয়া অনুসৰি, তেওঁৰ লোকান্তৰৰ পাচত, পুতেক লক্ষ্মীনাৰায়ণ কোঁচ ৰাজপাটত উঠি, শাণকোষৰপৰা পছিম-ভাগ ৰাজ্যত ৰজা হয়। সেই ৰাজ্যত এতিয়াৰ কোঁচবিহাৰ, দিনাজপুৰ, জলপাইগুৰি, ৰংপুৰ এইবোৰ ঠাই পৰিছিল (২)। ৰঘুনাৰায়ণেও পূব-ভাগত স্বাধীনভাবে ৰাজত্ব আৰম্ভকৰে। কিন্তু, পূৰ্বৰ ভাগ-বটৰাৰ ব্যৱস্থাদি তেওঁ ক্ৰমাৎ অন্যথা কৰিবলৈ ধৰিলে। সেইৰাবে কূপিত হৈ লক্ষ্মীনাৰায়ণে তেওঁৰ অনিষ্ট কৰিবলৈ নানা চক্রান্ত কৰি, ৰঘুনাৰায়ণৰ নিজৰ পুতেক পৰীক্ষিতনাৰায়ণক বিদ্রোহী কৰি তোলে। কিন্তু, ৰঘুনাৰায়ণে সেই বিদ্রোহ থমাই পুতেক পৰীক্ষিতক বন্দী কৰি ৰাখে। তাৰ পাচত, ৰঘুনাৰায়ণৰ লোকান্তৰ হোৱাত, লক্ষ্মীনাৰায়ণৰ সাহায্যত পৰীক্ষিতনাৰায়ণে পিতৃ সিংহাসন লাভকৰে। কিন্তু, ৰাজপাট লাভ কৰি উঠি পৰীক্ষিতে, পূৰ্বৰ উপকাৰ পাহৰি, লক্ষ্মীনাৰায়ণৰ বিৰুদ্ধাচৰণ কৰিবলৈ ধৰিলে। তাৰ ফলত, দদায়েক-ভতিজাকৰ মাজত যুদ্ধ উপস্থিত হয়, আৰু দদায়েক লক্ষ্মীনাৰায়ণ যুদ্ধত ঘাটি পলাব লগাত পৰে। ইতিপূৰ্বতে স্বর্গদের চুখামফালৈ নিজৰ সঙ্কলা নামে জীয়েকক বিয়া দি, লক্ষ্মীনাৰায়ণে আহোম ৰজাৰে সৈতে মিতিৰ পাতিছিল। এতিয়া বিপদত সহায় বিচাৰি তেওঁ আহোম ৰজাৰ ওচৰ চাপিলগৈ। কিন্তু, আহোমৰাজে আগধৰি পৰীক্ষিতৰ পক্ষ লোৱাত, লক্ষ্মীনাৰায়ণ নিরুপায় হৈ, জাহাঙ্গিৰ পাছাৰ সহায় বিচাৰি দিল্লীলৈ ভটিয়াই যাব লগাত পৰিল। (৩) পাৎছাই আদ্যোপান্ত শুনি লৈ মকৰমখাঁ নৰাবক সসৈন্যে কোঁচৰাজ্য আক্রমণ কৰিবলৈ পঠিয়াই, পৰীক্ষিতনাৰায়ণক ধৰি নিবলৈ আজ্ঞা দিলে ।
কোঁচ-ৰজা মুছলমানৰ শৰণীয়া
খ্রীঃ ১৫৯৬ চনত কোঁচ-বজা লক্ষ্মীনাৰায়ণে নিজক মোগলৰ শৰণীয়া বুলি ঘোষণা কৰি, আৰু খ্রীঃ ১৫৯৭ চনত নিজৰ জীয়েক এগৰাকীক সেই সময়ত মোগলৰ বঙ্গ-শাসনকর্তা বজা মানসিংহলৈ বিয়া দি মিত্রতা দৃঢ়তৰ কৰি, দদায়েকৰ পুতেক ভায়েক, অন্যতম কোঁচ-ৰজা, ৰঘুদেৱনাৰায়ণৰ বিৰুদ্ধে কা-বল আহ্বান কৰাত, ১৬১২ খ্রীষ্টাব্দত ঢাকাৰ নৰাব আলাউদ্দিন ইচলামখানে ৩০০ হাতী, ৬০০০ ঘোঁৰা, ১২০০০ পদাতি, ৫০০ ৰণ-তৰীৰে সৈতে কোঁচ-হাজো ৰাজা আক্ৰমণ কৰিবলৈ মুকাৰামখান সেনাপতিক বণ যাত্ৰা কৰায়। ইফালে, ৰঘুদেৱনাৰায়ণেও ৫০০ ঘোঁৰা, ১০০০০ পদাতি আৰু ৩০০ ৰণ-তৰীৰে সৈতে ধুবুৰীত কোঁঠ পাতি ৰণ দিবলৈ বুলি সাজু হৈ আছিল। পোনেই মুছলমানৰ হেঁচাত ধুবুৰীৰ কোঁঠ ৰক্ষা নপৰাত, ৰঘুদেৱ নাৰায়ণে হঁহকি গৈ গদাধৰ নৈৰ পাৰত কোঁঠ মাৰি ফেৰ পাতি ধৰি, জোঁৱায়েক ডুম্ৰীয়াক মূৰ কৰি ৰণ-তৰীৰে সৈতে পানী-খুঁজ এখন পাতিছিল। কিন্তু, সিমানতো বন্ধুনাৰায়ণদেৱে ঠাৱৰিব নোৱাৰি ক্ৰমাৎ পূবলৈ হুঁহকিব লগীয়াত পৰিলে। সদৌশেহত, মুছলমানক বলে পৰাৰ আগন্তুক নেদেখি কোঁচ-ৰজা ৰঘুনাৰায়ণদেৱে সম্রাট জাহাঙ্গিৰৰ সদনলৈ সন্ধিৰ প্ৰস্তাৱ পঠিয়ালে। সেই অনুসৰি সম্রাটে ৰঘুনাৰায়ণক দিল্লীলৈ মতাই নিয়ায়, আৰু সন্ধিৰ সূত্রমতে, ৰঘুনাৰায়ণৰ দখলৰ সমুদায় ৰাজ্য লক্ষ্মীনাৰায়ণৰ দখলৰ খণ্ডেৰে সৈতে লগলগাই সমুদায় কোঁচ-ৰাজ্য মোগলৰাজ্যৰ অধীন কৰি, দুয়ো ককাই-ভাই ৰজাক মোগল সম্ৰাটৰ শৰণীয়া ৰজা পাতি, ৰঘুনাৰায়ণক বিদায় দিয়া হয়। তাৰ পাচত, দিল্লীৰপৰা উলটি আহোতে ৰাটতে ৰঘুনাৰায়ণদেৱৰ অকাল মৰণ ঘটে।
পৰীক্ষিতনাৰায়ণ
ৰঘুনাৰায়ণৰ লোকান্তৰৰ পাচত, দদায়েক লক্ষ্মীনাৰায়ণৰ সাহায্যত, পৰীক্ষিতনাৰায়ণ বৰনগৰলৈ গৈ, খ্রীঃ ১৬০৩ চনত পিতৃ-ৰাজপাটত উঠি ৰজা হয়। তেওঁৰ ৰাজ্যভাৰ লোৱাৰ অলপ দিনৰ পাচতে ভায়েক ইন্দ্ৰনাৰায়ণক বধ কৰায়, আৰু দদায়েক লক্ষ্মীনাৰায়ণৰে সৈতে যুদ্ধ পাতি তেওঁক যুদ্ধত ঘটাই দেশান্তৰিত কৰে। তাৰ পাচত, উত্তৰপাৰে উত্তৰ গুৱাহাটীত তেওঁ এখন নতুন নগৰ পাতিছিল, তাৰ চিন্ আজিকোপতি দেখিবলৈ পোৱা যায়। ১৬০৮ খ্ৰীষ্টাব্দত, পৰীক্ষিতনাৰায়ণে তেওঁৰ জীয়েক মঙ্গলদৈ ৰাজকুমাৰীক আহোম ৰজা চুচেংফা স্বৰ্গদেৱলৈ বিয়া দি পূর্বব মিত্ৰতা দৃঢ়তৰ কৰে।
মুছলমানৰ ৮ম আক্ৰমণ আৰু কোঁচ ৰাজ্য দখল
ভতিজাক পৰীক্ষিতনাৰায়ণৰ হাতত অপমানিত হৈ, আৰু আহোম ৰজাৰপৰা সহায় নাপাই, খ্রীঃ ১৬১২ চনত, লক্ষ্মীনাৰায়ণ দিল্লীৰ পাৎছাহৰ ওচৰত সহায় খুজিবলৈ ভটিয়াই যায়। পৰীক্ষিতনাৰায়ণে সেই কথাত ভয় পাই তেরো দিল্লীলৈ গৈ সম্ৰাটৰ শৰণ মাগিলে। পিচে, জাহাঙ্গিব পাৎছাই, লক্ষ্মীনাৰায়ণ আৰু পৰীক্ষিতনাৰায়ণ দুইকো বুজাই-বৰাই স্ব-স্ব ৰাজ্যলৈ উলটি আহি মিলা-প্রীতিকৈ ৰাজত্ব করিবলৈ উপদেশ দি বিদায় দিলে, কিন্তু স্বৰাজ্যলৈ উলটি আহোঁতে ৰাটতে ত্রিবেণী তীৰ্থত পৰীক্ষিতে তনুত্যাগ কৰে। * পৰীক্ষিত নাৰায়ণৰ মৃত্যুৰ ৰাতৰি পাই ঢাকাৰ নৰাবে তেওঁৰ ৰাজ্য আক্ৰমণ কৰিবলৈ গা-চালি দি আগৰাঢ়িলে। পৰীক্ষিতৰ মন্ত্ৰীয়ে তাৰ সম্ভেদ পাই সম্রাটক সকলো বৃত্তান্ত জনাবলৈ বুলি নিজেই দিল্লীলৈ যাত্রা কৰিলে। কিন্তু, ইফালে নৰাবে পৰীক্ষিতনাৰায়ণৰ ৰাজা আক্ৰমণ কৰিবলৈ সৈন্য পঠিয়ালেই। দেশত ৰজা নাই, মন্ত্রী নাই, বজাৰ পুতেক বিজিতনাৰায়ণ নাৰালক, ৰজাৰ ভায়েক বলিতনাৰায়ণ ৰাজকাৰ্য্যত দৰঙ্গলৈ আহিছে, এনে ছেগতে মুছলমান সেনাই অতি সহজে, খ্রীঃ ১৬১৩ চনত, কোঁচৰাজ্য সম্পূর্ণে দখল কৰি ললে। মুছলমানৰ ৯ম আক্ৰমণ ৰা কলিয়াবৰৰ ২য় বণঃ মুছলমানে দেশ জয় কৰাৰ ৰার্তা পাই, ইফালে বলিতনাৰায়ণে ৰাজে-ৰাজে উজনিলৈ গৈ আহোম ৰজা চুচেংফা ৰা প্রতাপসিংহ স্বর্গদেরত সহায় ভিক্ষা কৰিলে (২)। স্বর্গদেবে তেওঁৰ প্রার্থনামতে এজাক বৰ তেজী সৈন্য পঠিয়াই কলিয়াবৰত মুছলমানক যুদ্ধত ঘটাই, বলিতনাৰায়ণক ধৰ্ম্মনাৰায়ণ নাম দি, খ্রীঃ ১৬১৪ চনত দৰঙ্গত আহোম ৰজাৰ কৰ-কাটলীয়া বজা পাতে। সেই সময়তে, উজনি অসমৰপৰা তিনিহাজাৰ চুটিয়া পাইক মঙ্গলদৈত থিতাপিত হ’বলৈ পঠিওৱা হয় (১), আৰু বলিতৰ ভায়েক গজনাৰায়ণকো বেলতলাৰ ৰজা পতা হয়। এই ৰাতৰি যেতিয়া সম্রাটৰ ওচৰ পালেগৈ, জাহাঙ্গিৰ পাছাই, এই কথাত অতিকৈ কূপিত হৈ, পুনঃ অসমদেশ আক্রমণ কৰিবলৈ সগর্বে আদেশ দিলে। সেই অনুসৰি, সত্রাজিত আৰু আৰাৰাকৰ নামেৰে দুজন মুছলমান সেনাপতি ভালেমান সৈন্যৰে সৈতে কোঁচ আৰু আহোমৰ ৰাজ্য আক্রমণ কৰিবলৈ আহে। সেই ৰাতৰি পাই বলিতনাৰায়ণে আহোম বজাৰ ওচৰলৈ কটকী পঠিযালে। আহোম সেনা আকৌ কলিয়াবৰলৈকে আগৰাঢ়ি খেদি আহিল। খ্রীঃ ১৬২৭চনত, কলিয়াবৰৰ ওচৰতে এখন ঘোৰতৰ যুদ্ধ হয়। আহোম সেনাই ইয়াৰ আগৰ ৰাৰত জয়লাভ কৰি উৎসাহ পাই আছিল। সেই উৎসাহৰ পাচতে এইৰাৰো সিবিলাকে মূৰপুতি ধৰি মুছলমান সেনাক কচু-কটা দিলে। মুছলমানবিলাক বিষমরূপে ঘাটিল। সত্রাজিত আৰু আৰাৰাকৰ ৰণত পৰিল। আহোম সেনই সিহঁতৰ ৰাকী সৈন্যবিলাকক গুৱাহাটী পাৰ কৰি খেদি থৈ, বৰনদীৰ পছিমৰ গোটেই ৰাজা আহোম ৰজাৰ দখললৈ আনিলে। তাৰ ফলত, গৌৰীপুৰ, মেছপাৰা প্রভৃতি জমিদাৰীবোৰ সম্পূৰ্ণৰূপে আহোম সম্ৰাটৰ খাচদখলত পৰে। তাৰ পাচত, নিলগৰ আক্ৰমণৰ পৰা অসম দেশ ৰক্ষা কৰি, শৰণীয়া ৰজাবিলাকৰ ওপৰত প্রভুত্ব ৰাহাল ৰখাৰ উদ্দেশ্যে, গুৱাহাটীত বৰফুকন খিতাপেৰে আহোম সম্রাটৰ প্রতিনিধি শাসনকর্তা বিষয়া এজন নিগাজীকৈ ৰখা হয়।
মুছলমানৰ ১০ম আক্রমণ ৰা শ্রীঘাটৰ ৰণ
সত্ৰাজিত আৰু আৰাৰাকৰৰ পৰাজয় আৰু মৃত্যুত বিষম অপমান পাই, দিল্লীৰ সম্রাটে ততালিকে আকৌ অসমদেশ আক্রমণ কৰিবলৈ আদেশ দিয়ে। এইৰাৰ আব্দুৰ চালাম নামেৰে এজন কাজুৱা সেনাপতি, খ্রীঃ ১৬৩৬ চনত, পোনেই আহোমৰ ৰাজ্যকে লক্ষ্য কৰি আহে। তেওঁ প্রথমে বলিতনাৰায়ণৰ ফলীয়া আহোম সেনাৰ হাতত কেইৰাৰাৰো ঘাটিছিল। সদৌশেহত, আব্দুৰ চালামক সসৈন্যে বন্দী কৰি গড়গাওঁ নগৰলৈ পঠিওৱা হয়। সেই সময়তে, পৰীক্ষিতনাৰায়ণৰ অন্যতম পুত্ৰ চন্দ্ৰনাৰায়ণে কৰাইৰাৰী নামে ঠাইত, ৭০০০ আহোম আৰু কোঁচ মানুহৰে সৈতে বসতি কৰি থাকোঁতে, বুধনগৰৰ জমিদাৰৰ পুতেক, উত্তমনাৰায়ণে ৰঙ্গামাটিৰ নৰাবৰ তলৰ এজাক মুছলমান সেনাৰ নায়ক হৈ, তেওঁক শ্রীঘাটৰ ওচৰতে আক্রমণ কৰেগৈ। সেই আক্রমণ সহিব নোৱাৰি, চন্দ্ৰনাৰায়ণ শলমাৰি পৰগণালৈ পলাই যায়। তাৰ পাচত, মুছলমান সেনাই আব্দুৰৰ তলৰ ভগনীয়া সেনাবিলাকৰে সৈতে লগ লাগি বলিতনাৰায়ণৰ ৰাজ্য আক্রমণ কৰেগৈ। বলিতনাৰায়ণেও আহোম ৰজাৰ বল পাই ফেৰ পাতি ধৰিলে। দুয়োপক্ষৰ মাজত তয়াময়াকৈ বণ লাগিল। ৰণত বলিতনাৰায়ণ ঘাটি পলাই যায়, আৰু এজন আহোম ৰাজকোঁৱৰ মুছলমানৰ হাতত বন্দী হয়। তাৰ পাচত, মুছলমানবিলাকে আহোমৰ পাণ্ডু আৰু শ্রীঘাটৰ দুৰ্গ হাত কৰি, বলিতক বিচাৰি উজাবলৈ ধৰে। সেই ৰাতৰি পাই বলিতনাৰায়ণ শিঙৰিলৈ পলাই যায়, আৰু তাতে খ্রীঃ ১৬৩৭চনত, তেওঁৰ আৰু তেওঁৰ দুজন পুতেকৰ মৃত্যু হয়। তাৰ পাচে, ১৬৩৮ খ্রীষ্টাব্দত আহোম-মুছলমানৰ মাজত সন্ধিৰ সিদ্ধান্ত গৃহীত হয়, সেই মতে মুছলমানে বৰনদীৰ পছিমব ৰাজা অধিকাৰ কৰে, পূবৰ ৰাজ্য সমুদায় আহোম ৰজাক এৰি দিয়া হয় (১)। তাৰ পাচত, আহোম ৰজাই মঙ্গলদৈত সদৰ পাতি বলিতৰ পুতেক সুন্দৰনাৰায়ণক তাতে শৰণীয়া ৰজা পাতি থলে (২)। বলিতনাৰায়ণৰ লগতে কোঁচবংশী স্বাধীন ৰজাৰ নাম লোপ পালে।
বেজিনী ফৈদ
পলৰীয়া অৱস্থাত বলিতনাৰায়ণৰ মৃত্যু হোৱাৰ পাচত, পৰীক্ষিতনাৰায়ণ ৰজাৰ পুতেক বিজিতনাৰায়ণক মুছলমান নৰাবে মানাহা আৰু সোণকোষ নদীৰ মাজৰ ৰাজ্যত জমিদাৰ পাতে। সেই ৰাজফৈদকে “বেজিনীৰাজ” বোলা হয়। পাচে, বিজিতনাৰায়ণে বেজিনীত তেওঁৰ ৰাজধানী পাতিলে। তেতিয়াৰেপৰা তেওঁৰ পৰিয়াল বেজিনী ফৈদ বুলি জনাজাত হ’ল। বিজিতনাৰায়ণৰ পাচত, এই ফৈদৰ যিবিলাক ‘ৰজা’ খিতাপ পোৱা জমিদাৰ হৈছিল, সিবিলাকৰ সংক্ষেপ বিৱৰণ কোঁচৰাজবংশাৱলীত পোৱা যায়। প্রথম বন্দবস্তী মতে, বেজিনী ৰাজে মোগল সম্রাটক বছৰি ৫৯৯৮ টকা কৰ শোধাব লাগিছিল। তাৰ পাচত, সেই নিয়ম সলাই বছৰি ৬৮টা হাতী শোধোৱাৰ নিয়ম বন্ধা হয়। খ্রীঃ ১৬৮৮ চনত, সেই নিয়মৰ সলনি মোগল সম্রাটক বছৰি ২০০০ টকা কৰ দিয়াৰ নিয়ম কৰা হয়, বৃটিচ গৱৰ্ণমেণ্টৰ দিনৰপৰা সেই কৰ গৱৰ্ণমেণ্টক বছৰি ২১৫০ টকাকৈ শোধাবলগীয়া হয়। বেজিনীৰ ৰাজহ তেতিয়া বছবি ৬,০০,০০০ ছয় লাখ টকাৰ ওপৰ উঠিছিল। ১৯১৮ খ্রীষ্টাব্দৰ শেহছোৱাত, ৰাণী অভয়েশ্বৰী স্বর্গী হোৱাত, তেওঁৰ স্বামীৰ বংশৰ কোঁৱৰ যোগেন্দ্ৰনাৰায়ণক জমিদাৰ পাতি, ‘বিজনী জমিদাৰী “কোর্ট-অর-ওৱার্ড” ৰা গৱৰ্ণমেণ্টৰ তত্ত্বাৱধানৰ তললৈ নিয়া হয়। খ্রীঃ ১৯১৩ চনত, অসম ব্যৱস্থাপক সভাত গৃহীত “বিজনী ষ্টেট্ উত্তৰাধিকাৰী আইন” অনুসাৰে, ১৯৩৭ খ্ৰীষ্টাব্দৰ ১৮ জুন তাৰিখে ভূপ ভৈৰবেন্দ্ৰনাৰায়ণ ৰাহাদুৰক অসম গরর্ণমেন্টে বিজনী ষ্টেটৰ উত্তৰাধিকাৰী সাব্যস্ত কৰিছে।
দৰঙ্গী ফৈদ
বলিতনাৰায়ণৰ মৃত্যুৰ পাচত, আহোমৰাজে তেওঁৰ পুতেক সুন্দৰনাৰায়ণক দৰঙ্গত ‘ৰজা’-জমিদাৰ পাতে। তেওঁ দৰঙ্গৰ ব্ৰাহ্মণবিলাকক বিস্তৰ ব্রহ্মোত্তৰ মাটি দান কৰে। খ্রীঃ ১৬৪৪ চনত সুন্দৰনাৰায়ণৰ মৃত্যু হোৱাত, তেওঁৰ পুতেক চন্দ্ৰনাৰায়ণ, আৰু খ্রীঃ ১৬৬২ চনত তেওঁৰো মৃত্যু হোৱাত, তেওঁৰ পুতেক সূৰ্য্যনাৰায়ণ ‘বজা-জমিদাৰ’ হয়। খ্রীঃ ১৬৮২ চনত, মুছলমান সেনাপতি মঞ্জুৰখাঁই সূৰ্য্যনাৰায়ণক যুদ্ধত ঘটাই দিল্লীলৈ বন্দী কৰি নিয়ে। বছৰচেৰেকৰ পাচত, সূৰ্য্যনাৰায়ণ দিল্লীৰপৰা পলাই আহিল, কিন্তু মুছলমানৰ হাতত বন্দী হোৱাৰ ববে অপমানিত বোধ কৰি তেওঁ পুনঃ ৰাজ্যভাব ল’বলৈ অস্বীকাৰ কৰিলে। সেই কাৰণে, তেওঁৰ ভায়েক ইন্দ্ৰনাৰায়ণ পাঁচ বছৰীয়া বয়সতে, খ্রীঃ ১৬৮৫ চনত বজা-জমিদাৰ হয়। ইন্দ্ৰনাৰায়ণ নাৰালক থাকোঁতেই আহোম সম্রাটে ছেগ বুজি, তেওঁক সর্বোতোভারে তলতীয়া কৰি লয়। তেওঁৰ দিনত, আহোম বজাৰ আদেশ অনুসৰি, গোটেই দৰং ৰাজ্য পিয়ল কৰোৱা হৈছিল। তাৰ পাচত, নিজৰ দোষত তেওঁৰ ৰাজ্য দিনক-দিনে এনেদৰে টুটি যাবলৈ ধৰিলে যে শেহান্তৰত, খ্রীঃ ১৭২৫ চনত, তেওঁৰ পুতেক আদিত্যনাৰায়ণৰ আমোলত গোটেই দৰং ৰাজ্য, গোহাঁই-কমলা আলিৰ দক্ষিণে, বর্তমান মঙ্গলদৈ মহকুমা খণ্ড মাথোন আদিকা ৰয়গৈ, আদিত্যনাৰায়ণৰ দিনতে গৃহকন্দল লগাই ভায়েক মধুনাৰায়ণে বলেৰে তেওঁৰপৰা ৰাজ্য কাঢ়ি লয়। তেতিয়াৰেপৰা এই ফৈদৰ অৱস্থা ক্ৰমাৎ হীন হৈ আহিবলৈ ধৰিলে, সদৌ শেহত দৰঙ্গী বজা-জমিদাৰ সমূলঞ্চে আহোমৰ বজাৰ ইচ্ছাধীন হয়। ওপৰত কোৱা অৱস্থাত কিছুকাল কৰ-কাটলীয়া হৈ ৰাজ্য ভোগ কৰাৰ পাচত, দৰঙ্গী ৰাজৰ অৱস্থা অতিকৈ শোক-লগা হৈ পৰিল। গৃহ-বিৰাদ আৰু বিলাসিতাই তাৰ মূল কাৰণ। সদৌ শেহত, আহোম স্বৰ্গদেরে সিবিলাকক একেৰাৰে অলায়ক বিবেচনা কৰি, ৰজা-জমিদাৰৰপৰাও নমাই, সেই ‘ৰজা’ খিতাপেৰেই এবিধ জমিদাৰ-বিষয়া মাথোন কৰি থাপিলে। তেতিয়াৰেপৰা সিবিলাকে প্ৰৱৰ্ত্তিব পৰাকৈ মাথোন নিষ্কৰ মাটি দিয়া নিয়ম বন্ধা হয়। বৃটিচ গৱৰ্ণমেন্টে অসম দেশ লোৱাৰ পাচৰপৰা সিবিলাকক নিজ ব্যৱহাৰৰ নিমিত্তে সেই মাটিকে নিষ্পিখেৰাজ কৰি দিয়া হয়।
পঞ্চদশ খ্রীষ্টিয়ান চনৰপৰা অষ্টাদশ চনলৈকে নামনি অসমত, কোঁচ ৰজাৰ ৰাজত্বৰ সময়ত, আৰ্য্যারর্ত আৰু দাক্ষিণাত্যত পাঠান আৰু মোগল সম্রাটৰ ৰাজত্ব চলিছিল। সেই কালৰ ভিতৰতে, অসমত শঙ্কবদের, মাধবদের প্রভৃতি বৈষ্ণব ধৰ্ম্মপ্রচাৰক আৰু সমাজ-সংস্কাৰকসকলৰ সমসাময়িককৈ, আৰ্য্যাবৰ্ত্তৰ মধ্য অঞ্চলত ৰামানন্দ আৰু কবিব, পছিমাঞ্চল পঞ্জাবত নানক, পূর্বাঞ্চল বঙ্গদেশত চৈতন্যদের এইসকল ধৰ্ম্ম প্রচাৰক আৰু সমাজ-সংস্কাৰক আবিৰ্ভাৱ হয়। মুঠৰ ওপৰত, সেই যুগত ভাৰতবৰ্ষৰ গোটেই আৰ্য্যাবর্ত্ত ব্যাপী বৈষ্ণৱধৰ্ম্মৰ প্রভুত্ব চলিছিল, আৰু দাক্ষিণাত্যলৈকো সেই ধৰ্ম্মৰ জ্যোতি বিয়পি পৰিছিল। সেই কাৰণে, ভৰতবৰ্ষত সেই কালটো বৈষ্ণবী সাহিত্যিক যুগ বুলি খ্যাত।