মানৰ দিন: আহোম সাম্ৰাজ্যৰ পতন আৰু অসমত মান আক্রমণৰ সম্পূর্ণ ইতিহাস

Ahim saikia
11 Min Read

বৃটিচ গৱৰ্ণমেণ্টৰ আগমনঃ মান সেনাপতি আলামিঙ্গিয়ে পাতি থৈ যোৱা মতেই চন্দ্রকান্তসিংহ স্বর্গদেরে, খ্রীঃ ১৮১৯ চনত, দ্বিতীয়বাৰ ৰাজপাটত উঠি পুনঃ বাজত্ব আৰম্ভ কৰে। তেওঁৰ এই ৰাজত্বত মটকৰ মাটিবৰ সেনাপতিৰ ভায়েক কলিবৰ বুঢ়াগোহাঞি, দিহিঙ্গীয়া ফৈদৰ গোবিন্দ, বৰগোহাঞিপৰীয়া মিৰি সন্দিকৈৰ ধনঞ্জয় বৰগোহাঞি, ধনী আৰু খৰাসন বৰপাত্ৰগোহাঞি, দুৱৰাৰ যুতকীয়া বৰুৱা, খেৰমিযাল কছাৰীৰ পতাল, সন্দিকৈৰ ধনী এই কেইজন ক্ৰমে বৰবৰুৱা, দুৱৰাৰ বদনচন্দ্ৰৰ পুতেক জন্মি, বকতিয়াল ভদ্রচন্দ্ৰ আৰু লানমাখৰৰ লম্বোদৰ এই কেইজন বৰফুকন হয়।

মানৰ ৩য় আক্রমণ

আগৰ দুবাৰত অহা মান সেনাবিলাকৰ মুখে অসমদেশৰ নিচেই দুৰ্ব্বল অৱস্থা আৰু অসমীয়া গাভৰুবিলাকৰ ৰূপ-লাবণ্যৰ কথা শুনি ব্রহ্মাদেশৰ বজাই অসম দেশ এইবাৰ উপযাচি আক্ৰমণ কৰিবলৈ মন মেলিলে। ইফালে চন্দ্রকান্তসিংহ স্বর্গদেবে, আলামিঙ্গিয়ে এবি যোৱা অলপীয়া মান সেনাবিলাকক বলে পৰা যাব বুলি ভাবি, আগলৈ আৰু মান আহিব নোৱাৰাকৈ উজনিৰ দীঘলীঘাটত জয়পুৰ নামেৰে ভালকৈ এটা গড় বা ‘কিল্লা’ মাৰিবৰ নিমিত্তে পতাল বৰবৰুৱাৰ গাত ভাৰ দিয়ে। সেই গড় মাৰোঁতে লগত কিছুমান মান সেনাও নিয়া হৈছিল। মান সেনাবিলাকে ৰজাৰ গড় মৰাৰ উদ্দেশ্য বুজিব পাৰি, তাতে ছলকৈ বৰবৰুৱাক বধ কৰি, গোপনে ব্রহ্মাদেশৰ আগত সংবাদ দিলেগৈ। সেই বাতৰি পাই ব্ৰহ্মাদেশৰ ৰজা খঙ্গত জ্বলি উঠিল। আৰু, যিমান সোনকালে পাবে, অসম দেশ আক্ৰমণ কৰিবলৈ বুলি ৰজাই মিঙ্গিমাহা তিলোৱা নামেৰে এজন সেনাপতিৰ অধীনত এদল সৈন্য পঠিয়ালে। মান সেনা অহা বাতৰি পাই, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে কলিবৰ বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ হাতত নগৰ গতাই দি, নিজে গুৱাহাটীলৈ গুচি যায়। মিঙ্গিমাহা তিলোৱাই নগৰ সোমাব খোজাত বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ সৈন্যৰে সৈতে তেওঁৰ এখন বণ লাগে। ৰণত মান জিকিল। মান সেনাপতিয়ে ইয়াৰ পাচত, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱক নগৰলৈ মাতি পঠিয়ালে। কিন্তু স্বৰ্গদেৱে বিপদৰ আশঙ্কা কৰি আহিবলৈ অমান্তি হোৱাত, মিঙ্গিমাহা তিলোৱাই নিজৰ বজাৰ জেঠেৰীয়েক, বগা কোঁৱৰৰ (১) পুতেক যোগেশ্বৰ কোঁৱৰক, খ্ৰীঃ ১৮২১ চনত, ব্ৰহ্মা ৰজাৰ তলতীয়া ৰজা পাতিলে (২)।

মহগড়ৰ ৰণ

মিঙ্গিমাহা তিলোৱাই যোগেশ্বৰসিংহক নাম মাত্রকৈ লোকদর্শক ৰজা পাতি, গোটেই দেশত এইবাৰ নিজৰ এক্তিয়াৰ চলাবলৈ ধৰিলে, আৰু চাৰিওফালে “মানৰ দিন” বুলি ৰাষ্ট্ৰ হৈ পৰিল। তাৰ পাচত, টেপৰতলীয়া ৰূপেশ্বৰ আৰু কলিমন বুঢ়াগোহাঞি, জাইৰৌ ফলীয়া ফৈদৰ কোটালৰ পুত্ৰ বৰগোহাঞি, পিঞ্জলি বৰপাত্ৰগোহাঞি, বদন বৰফুকনৰ দ্বিতীয় পুত্র পিয়ালি, সন্দিকৈব বালি আৰু ভদ্ৰচন্দ্ৰ বৰবৰুৱা, লুখুৰাখনৰ বগাদমৰা, দুৱৰাৰ পিয়ালি বৰফুকন, এই বিলাক মান-সেনাপতিৰ বাচনিমতে নতুনকৈ বিষয়া হয় (১)। সেই সময়ত দেশ অবাজকৰ দৰে হোৱাত, ৰাইজ ভাগিবলৈ ধৰিলে। মিঙ্গিমাহা তিলোৱাৰ অধীনত দহ হাজাৰ মান-সেনা আছিল। সেই বিলাকক পোহ-পাল যোগান দিয়াটো তেওঁৰ পক্ষে টান হলহি। সেই কাৰণে, তেওঁ সেনাবিলাকক তিনি ভাগ কৰি, এভাগ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাবে, এভাগ দক্ষিণ পাৰে আৰু এভাগ ব্ৰহ্মপুত্ৰৰ মাজেদি ভটিয়াই দেশত লুটপাট লগাবলৈ এৰি দিলে। সিহঁত যি ফালেদি গ’ল, সেই ফালে দেশত মহামাৰী হোৱাৰ দৰে হ’ল। লগে লগে প্ৰজাৰ ওপৰত অত্যাচাৰৰ সীমা নথকাত পৰিল। সেই উৎপাত লগাই, মান সেনা উত্তৰ পাৰে দৰঙ্গৰ সীমা আৰু দক্ষিণ পাৰে গুৱাহাটীৰ সীমা পালেগৈ। এনেতে চন্দ্রকান্তসিংহ স্বর্গদেবে মানহঁতক আকৌ ওচৰ চাপিবৰ দেখি, অলপীয়া সৈন্যেৰেই যথাৱতকৈ আগভেটা দিবৰ অর্থে আয়োজন কৰিছিল। কিন্তু, সেই সময়তে মানৰ তিনিওজাক সেনা গৈ আকৌ একে ঠাই হোৱাত, সিহঁতৰ গতি ভেটা দি ৰখা অসম্ভৱ হ’ল। গতিকে চন্দ্রকান্তসিংহ স্বর্গদের ভটিয়াই বৃটিচ ৰাজ্যত সোমালগৈ। মানহঁতে গুৱাহাটী নগৰ হাত কৰি লৈ, আকৌ উলটি উজাবলৈ ধৰিলে। ভটিয়াই যাওঁতে মানহঁতে ঢলিয়াই যোৱা অসমীয়া প্রজা পুনঃ ঠন্ ধৰিবলৈ নৌ পাওঁতেই, আকৌ সিহঁতে উজাই আহোঁতে কৰা অত্যাচাৰত সমূলি জঁয় পৰিল। এনে ওপৰা-উপৰি পীড়নত অসমীয়া প্ৰজাৰ একেবাৰে পিতৃ মৰিল। প্ৰজাৰ দুৰ্গতিৰ সীমা নোহোৱা হ’ল। চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ পক্ষে এই কথা অসহনীয় হোৱাত, তেওঁ ইফালে-সিফালে বিচাৰি ৪০০০ বাৰেবৰণীয়া সেনা গোটাই লৈ, মৰসাহ দি. মানসেনাক আক্ৰমণ কৰিবলৈ উজাই গ’ল। ইফালে পুৰন্দৰসিংহ স্বৰ্গদেৱে আৰু কচিনাথ বুঢ়াগোহাঞি ডাঙ্গৰীয়ায়ো বেজিনী আৰু ভোটানৰপৰা কিছুমান সৈন্য গোটাই লৈ চন্দ্রকান্তসিংহ স্বৰ্গদেৱক সহায়কৰিবলৈ গাত ললে। এনে বন্দবস্তুত অলপীয়া সেনাবেই স্বর্গদের চন্দ্রকান্ত সিংহই মৰোঁজীওঁকৈ বিষম বিক্ৰমেৰে, খ্রীঃ ১৮২১ চনত যোৰহাটৰ উত্তৰে ‘মহগড়’ নামে ঠাইত মান-সেনাৰে সৈতে ৰণ পাতিলেগৈ।চন্দ্রকান্তসিংহ স্বৰ্গদেৱে মনৰ বেজাৰত প্ৰাণটাকি যুঁজিলে। আৰু মান-সেনা পাচলৈ ঠাৱৰিব নোৱাৰা হৈছিলগৈ। এনেতে, ১৮২২ খ্ৰীষ্টাব্দৰ আৰম্ভণতে বহুত সৈন্য লৈ মান-সেনাপতি মিঙ্গিমাহা বন্দুলা বৰগোহাঞিয়ে যোগ দিলেহি। এই যুদ্ধত স্বর্গদেবের যদিও ঘাটিল, তথাপি মানেও এপালি ভালকৈ পালে। চন্দ্রকান্তসিংহ স্বর্গদেবে বণত ঘাটিলত, পুৰন্দৰসিংহ স্বৰ্গদেবে গোটোৱা সৈন্যৰে সৈতে আৰু তেওঁ একো কৰিব নোৱাৰিলে। ‘মহগড়ত’ চন্দ্রকান্তসিংহৰ হাতত সেকা পাই মানহঁতে নেগুৰত গছকা সাপৰ দৰে খঙ্গত যাকে যতে পালে তাকে ততে নানা অসহনীয় অত্যাচাৰ কৰি নিচ্ছু অসমীয়া প্ৰজাবোৰৰ ওপৰত খং সাবিবলৈ ধৰিলে। মহগড়ৰ ৰণত জয়লাভকবি মানহঁতে দুগুণ উৎসাহেৰে ব্ৰহ্মপুত্ৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰে গোটেইখন অসমদেশ সম্পূর্ণরূপে হাত কৰি ললে। চাৰিওফালে ‘মানবদিন’ বুলি অত্যাচাৰৰ ঢৌ বিয়পি পৰিল। এনেতে, মিঙ্গিমাহানান্দক্যাডেঙ্গ মগউন আহি বদলি দিয়াত, খ্রীঃ ১৮২৩ চনৰ আহিনত মিঙ্গিমাহাবন্দুলাই অপাইকান চমুৱাৰ ঘৰমূৰি আৰু পাইকানৰ পোৱামূৰি ৫ টকাকৈ বৰগণি ধন তোলাই লৈ স্বদেশলৈ গুচি গ’ল। তেওঁৰ পাচতে মিঙ্গিমাহা তিলোৱাই ঘৰমুৱা হ’ল। (১)

মানৰ দিনৰ উৎপাত

অসমীয়া প্ৰজাৰ ওপৰত মানৰ অমানুষিক অত্যাচাৰৰ বিষয়ে ক’বলৈ কথা নোলায়, লিখিবলৈ কাপ নচলে। মুনিহৰ ওপৰত অত্যাচাৰতকৈ নির্দোষী ল’ৰা-ছোৱালী আৰু তিবোতাবিলাকৰ প্ৰতি মানহঁতৰ পাশৱ ব্যৱহাৰৰ বিষয় অকথনীয়। মানহঁতে সৰু ল’ৰা-ছোৱালীক গছলৈ ফর্মুটিয়াই গুটি পাৰি খাইছিল। গৰ্ভাৱতীৰ গৰ্ভ ছিবি সন্তান উলিয়াই বং চাইছিল। ল’ৰা-তিবোতাক পিচলৈ হাত জঁপাই শলা মাৰি থৈ এবি গৈছিল। কুমলীয়া বাঁহ-গাজেৰে মৰিয়াই তাৰ সুং লগাই কিমানক লেলাত ভুঞ্জাই এৰিছিল। কিমান ল’ৰা-ছোৱালী-তিৰোতাক ঘৰৰ ভিতৰত সুমাই লৈ দুবাৰ বান্ধি জুই লগাই দি বং চাইছিল। কোনো কোনো ঠাইত বাঁহৰ চাং পাতি তাৰ ওপৰত ল’ৰা-ছোৱালী, কেঁচুৱা-পোৱাঁতীক তুলি তলত ধোঁৱা দি শাস্তি দি বধিছিল। ইত্যাদি। মানহঁতৰ এনে উৎপাতৰ উপৰিও, কিছুমান দাঁতি-কাষৰীয়া পৰ্বতীয়া জাতিয়েও লুটপাত আদি নানা অত্যাচাৰ কৰিবলৈ ধৰিলে। আনকি, পেটৰ দায়ত পৰি অসমীয়া মানুহেও মানৰ বেশ ধৰি গাওঁৱে-ভূঞে ডকাইতি কৰিবলৈ এৰা নাছিল। মুঠকৈ কবলৈ গ’লে, সেই দুদিনত ইতৰ জন্তুৱেও সহিব নলগা দুখ-কষ্ট-যন্ত্রণা-লেলাতৰ নিৰ্য্যাতন অসমীয়া প্রজাই ভুঞ্জিব লগাত পৰিছিল। আজিকালি “মানৰ দিন” বুলিলে অসমীয়া জনসাধাৰণৰ মানত অঘাইত অত্যাচাৰ বুলি বোধ হয়। “মানৰ শ্যাম ফুকনৰ এক্ৰাব”: আহোম ৰাজাত নানা অত্যাচাৰ কৰি গৈ গৈ মান-সেনা বৃটিচ সীমা হাদিবাচকী পালেগৈ। তাতে ১৮২৩ খ্রীষ্টাব্দত ডেভিদ স্কট চাহাবৰ লগত এখন বণ লাগিল। সেই ৰণত হাৰি মান হটিল। স্কট চাহাবে ক্রমাৎ উজাই আহি গুৱাহাটী, দৰং, নগাওঁ, কলিয়াবৰ এইকেইখন ঠাই দখল কৰি, ১৮২৫ খ্রীঃ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে মানৰ শ্যাম ফুকনৰ পৰা ‘এক্ৰাৰ’ লৈ ৰংপুৰ নগৰ সোমালগৈ। (১)

হাটবৰৰ ৰণ

দেশত মানৰ সম্পূৰ্ণ অধিকাৰ চলিব দেখি, পুনঃ ৰাজপাটলৈ আশা কৰি, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে অকলশৰীয়াকৈ ৰংপুৰ সোমাই মান-সেনাপতিৰ লগ লৈছিলগৈ। কিন্তু তেওঁৰ এই আশাত গুটি নধৰিল। মানহঁতে তেওঁক ৰংপুৰতে যোগান দি বন্দী কৰি ৰাখিলে। ইয়াৰ পাচত, মানহঁতৰ মন দোপত্-দোপে উঠিবলৈ ধৰিলে। সিহঁতে অসম দেশৰ লগত চামিল কৰি লবৰ মনেৰে, খ্ৰীঃ ১৮২৩ চনত, কাছাৰ ৰাজ্য আক্ৰমণ কৰিলেগৈ। কাছাৰৰ পৰা চৰজিতসিংহই সেই আক্রমণ সহিব নোৱাৰি বৃটিচৰ শৰণাগত হলগৈ। বৃটিচ গৱৰ্ণমেন্টে মান-বজাৰ সেনাপতিক কাছাৰ আক্রমিবলৈ হাক দিলে। কিন্তু, মানহঁতে তালৈ কটাহি নকৰি ক্ৰমাৎ আগুৱাবলৈহে ধৰিলে। সদৌশেহত, বৃটিচসিংহৰ গাতো মানহঁতে হাত দিলেগৈ, চট্টগ্রামৰ ওচৰত ইংৰাজৰ খাচ-দখলৰ চাহপুৰ নামে এডোখৰ ঠাই সিহঁতে বলেৰে দখল কৰিলেগৈ। বৃটিচ গৱৰ্ণমেন্টে ইয়াৰ আগৰেপৰা অসমত মানহঁতৰ অমানুষিক অত্যাচাৰৰ বিষয়ে বার্তা পাই আছিল। এইবাৰ নিজৰ গাতে হাত পৰাত বৃটিচসিংহ গৰজি উঠিল। গৱৰ্ণৰ জেনেৰেল লর্ড আম্হান্তে, খ্রীঃ ১৮২৪ চনত মানৰে সৈতে যুদ্ধ কৰিবলৈ আদেশ দিলে। সেই আদেশ অনুসৰি, স্কট আৰু মেকমৰিণ চাহাবে লগত কিছুমান সৈন্য লৈ, দুয়ো দুফালৰ পৰা মানক বেৰি ধৰিলেগৈ। মানহঁতে সেই আক্রমণ সহিব নোৱাৰি উজাই পলাবলৈ ধৰিলে, বৃটিচ সেনায়ো ছেগ বুজি সিহঁতক পিচে পিচে খেদি নিলে। সেই খেদাত মানৰ সেনা জাকভগা গৰুৰ দৰে হ’ল। মানৰ দুৰ্গতি দেখি, পলাই থকা অসমীয়া প্রজাবিলাকেও ওলাই আহি বৃটিচ সেনাক সহায় কৰিবলৈ ধৰিলে। পিচে, হাটবৰ নামে ঠাই এডোখৰত মানহঁতে উভতি ধৰাত, সিহঁতৰে সৈতে, ১৮২৫ খ্রীষ্টাব্দত, কাপ্তান ৰিচাৰ্ডৰ এখন যুদ্ধ লাগে, সেই যুদ্ধত মান-সেনা দুভাগ কটা গ’ল। এভাগ নৈ পাৰ হওঁতে মাজতে নাও বুৰি মৰিল। তাৰ পাচত, বৃটিচ সেনা ক্ৰমাৎ উজাই নগৰ সোমালগৈ। মান-সেনাপতিয়ে উপায় নাপাই সন্ধিৰ প্ৰস্তাৱ কৰিলে। ৰিচাৰ্ড চাহাবেও নিজৰ ফৌজৰ গুলী-বাৰুদ আৰু আহাৰ-পাতিও নাটনি পৰাৰ আশঙ্কাত সেই প্রস্তাৱত সম্মত হ’ল। সেই সন্ধিমতে এয়ে স্থিৰ হয় যে মানহঁতে আৰু অসম দেশত উপদ্রর নকৰিব। যিবিলাক মানে দেশলৈ উলটি যাব খোজে, সিবিলাকে যাব পাৰে, যিবিলাকে অসমত থাকিবলৈ মন কবে, সিবিলাকে শান্তভাবে বসতি কৰি থাকিব। সেই অনুসৰি, মানবিলাকৰ কিছুমান বেজাৰ মনেবে ঘবলৈ উলটিল, কিছুমান অসমৰ দাঁতিয়ে-কাষবে ৰৈ গ’ল। ইয়াৰ পাচত, স্কট্ চাহাবে দেশত শান্তি থাপিবলৈ মন কৰিলে। চন্দ্রকান্তসিংহ স্বৰ্গদেৱ তেতিয়ালৈকে ৰংপুৰতে আছিল। স্কট্ চাহাবৰ আদেশ অনুসৰি, তেওঁ গুৱাহাটীত বৃটিচ কোম্পানী চৰকাৰৰপৰা “মোছাহেবা” বা ‘পেন’ ভোগ কবি থকাটো স্থিৰ হ’ল (১), যোগেশ্বৰসিংহ স্বৰ্গদেবে যোগীঘোপাত গৈ স্বর্গী হয়। পুৰন্দৰসিংহ স্বৰ্গদেৱকো বৃটিচ চৰকাৰৰপৰা ‘পেনচন’ ধার্য্য কৰি দিয়া হয় (২)। এইদৰে, ৩ বছৰ ১০ মাহ ১৯ দি ব্যাপী “মানৰ দিনৰ” দোৰ্ঘোৰ দুখৰ কাহিনীয়ে অসমত ইন্দ্রবংশী আহোম ৰজাসকলৰ ৬০০ বছৰীয়া বাজত্বৰ অন্ত পেলালে। সেই ছেগতে অসমদেশ আহোমৰ হাতৰপৰা বৃটিচৰ হাতলৈ পাৰ হয়।

"ইয়াণ্ডাবু সন্ধি"

কর্ণেল ৰিচাৰ্ড আৰু কাপ্তান স্কট চাহাবৰ হাতত অসমৰ শাসন ভাব অর্পণ কৰি, লর্ড আম্হার্স্টে চাৰ আর্চিবল কেম্বেল চাহাবক কিছুমান সৈন্য দি, ব্রহ্মাদেশ আক্ৰমণ কৰিবলৈ পঠিয়ালে। খ্রীঃ ১০২৫ চনত, বৃটিচ সৈনাই পোন-প্রথমে ডনাবু নামেৰে এডোখৰ ঠাই অধিকাৰ কৰোঁতেই অসমলৈ অহা মান-সেনাপতি মিঙ্গিমাহা বন্দুলা ৰণত পৰিল। তাৰ পাচত, মান-সেনা ক্ৰমাৎ পলাই দেশৰ ভিতৰৰ ফালে পিচুৱাবলৈ ধৰিলে। বৃটিচ সেনাই ইয়াণ্ডাবু নামে ঠাইলৈকে মান-সেনাক খেদি নিলে। ব্রহ্মাদেশৰ ৰজাই সিমানতে বৰ ভয় পাই, খ্রীঃ ১৮২৬ চনত ২৪ ফেব্রুৱাৰীত, সেই ঠাইতে বৃটিচৰে সৈতে সন্ধি কবে। সেই সন্ধি অনুসৰি, বৃটিচ গৱৰ্ণমেন্টে মানৰ হাতৰপৰা আৰাকান, মার্টাবান, টেনাচেৰিম এই কেইখন ব্রহ্মাদেশৰ ৰাজ্য লাভ কৰিলে আৰু সেই আলমতে অসমদেশ আহোমৰ হাতৰপৰা বৃটিচৰ হাতলৈ খাটাংকৈ পাৰ হয়। ইয়াকে “ইয়াণ্ডাবু সন্ধি” বোলে।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *