আদিতে অসম দেশত বৃটিচ্ গৱর্ণমেন্ট “ইষ্ট-ইণ্ডিয়া কোম্পানী”ৰ তলে চলিছিল। সেই কাৰণে, তেতিয়া অসমত বৃটিচৰ শাসনকালটোক “কোম্পানীৰ দিন” বোলা হৈছিল। বৃটিচে পোনতে নামনি অসম খণ্ডহে নিজৰ খাচ্ দখললৈ নিছিল। উজনি অসমৰ নিচেই উজনিভাগ মটক আৰু খাস্তিক ভগাই দিয়া হৈছিল, তাৰ নামনি ভাগ আহোম স্বৰ্গদেৱক এৰি দিয়া হৈছিল। পিচে, জেনেৰেল জেল্কিঞ্চৰ আমোলত সেই আটাইবিলাক বাজ্য বৃটিচৰ খাচ দখললৈ নিয়া হ’ল। ১৮৫৭ খ্রীষ্টাব্দত ভাৰতবৰ্ষত যি ভয়ানক চিপাহী-বিদ্রোহ হয়, সেই আলমতে অসমতো এটা বিদ্রোহ ঘটিবলৈ ধৰিইছল। পিচে, মণিৰাম দেৱানক তাৰ মূল ভাবি, চোভাৰ ওপৰত, ফাঁচি দিয়াত, বিদ্রোহীবিলাকে ভয় পাই নিটাল মাৰিলে। অৱশ্যে তিনিবছৰৰ পাচত, ১৮৬০ খ্রীষ্টাব্দত, অসমত চলি থকা আফু-খেতি বহিত হয়। তেতিয়াৰপৰা প্ৰজাই এই খেতি কৰিব নোৱাৰা হ’ল। আৰু, তেতিয়াৰপৰা এই খেতি বৃটিচ গৱৰ্ণমেণ্টৰ এটা আৰ্জনৰ কাৰবাৰ হ’ল। ইয়াৰপৰা গৱৰ্ণমেণ্টৰ বিস্তৰ লাভ হয়। “মণিৰাম দেৱানৰ ফাঁচি” আৰু “আফু-খেতি ৰহিত” এই দুটা অসমত প্রধান ঘটনা। গঞা মানুহে এই দুটা ঘটনাব কাল, শক আৰু চনৰ আৰম্ভণৰ নিচিনাকৈ লেখত ধৰে। অসমত বৃটিচ্ শাসনৰ এই ছোৱাতে (খ্রীঃ ১৮২৫-৭২) লর্ড আমহার্স্ট, লর্ড বেন্টিঙ্ক, লর্ড অকলেণ্ড, লর্ড এলেনবৰা, লর্ড হাডিঞ্জ (১ম), লর্ড ডালহৌচি, লর্ড কেনিং, লর্ড এঙ্গিন, লর্ড লৰেন্স, লর্ড মেয়ো এই কেইজন ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল আছিল। লর্ড কেনিঙ্গৰ আমোলৰপৰা ‘গৱৰ্ণৰ জেনেৰেল’ পদবীৰ লগত ‘ভাইচৰয়’ খিতাপ লগোৱাৰ নিয়ম প্রচলিত হয়। লর্ড আমহার্স্টৰ দিনত ব্রহ্মা-যুদ্ধৰ ফলত বৃটিচৰ অসম, আৰাকান, টেনাচেৰিম আৰু টেভয় এই কেইখন দেশ লাভ, বেন্টিঙ্কৰ দিনত ঠগী দমন; অকলেণ্ডৰ দিনত আফগান-যুদ্ধ, এলেনবাৰৰ শাসনত গোৱালিয়ৰ-যুদ্ধ, হার্ডিঞ্জৰ আমোলত চীখ-যুদ্ধ, ডালহৌচিৰ আমোলত অযোধ্যা, বেৰাৰ, চেতাৰা, নাগপুৰ, ঝান্সি এইবোৰ অঞ্চল বৃটিচ্ সাম্রাজ্যত চামিল, আৰু ‘কহিনুৰ’ বা ‘শ্যমন্তকমণি’ ভাৰতৰপৰা ইংলণ্ডলৈ পাৰ কৰা, লর্ড কেনিঙ্গৰ আমোলত ভাৰতজুৰি চিপাহী-বিদ্রোহ, “ইষ্ট-ইণ্ডিয়া কোম্পানী”ৰ হাতৰপৰা ভাৰত-সাম্রাজ্য বৃটিচ ৰাজৰ হাতলৈ নিয়া, মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণা-পত্ৰ প্ৰচাৰ, লৰেন্সৰ দিনত ভোটান-যুদ্ধ, মেয়োৰ শাসনত ‘কলিয়াপানী’ বা আন্দামান পৰিদৰ্শন কৰিবলৈ যাওঁতে চেৰ আলি নামেৰে এটা কয়েদীয়ে তেওঁক বুকুত মিট-কটাৰীৰে খুচি বধ কৰা, এইবোৰেই এই যুগত ভাৰত বুৰঞ্জীৰ ঘাই ঘটনা। ভাৰতৰ চিপাহী-বিদ্রোহ এইবোৰ ঘাই ঘটনাৰ ভিতৰত আটাইতকৈ ঘাই, এই বিদ্রোহ পোন-প্রথমে আর্য্যাৱৰ্ত্তৰ উত্তৰ-পছিম অঞ্চলৰ কানপুৰ জিলাত উঠে, তাৰপৰা সি গোটেই ভাৰতবৰ্ষত বিয়পি পৰে, আৰ্য্যাৱৰ্ত্তত নানাচাহাব আৰু মাজ-ভাৰতত টাটিয়াটোপী নামেৰে দুজন এই বিদ্ৰোহৰ নায়ক আছিল,– টাটিয়াক ধৰি ফাঁচি দিয়া গ’ল, নানাচাহাব পলাই নিরুদ্দেশ হ’ল। এই যুগৰ সবাতোপৰি ঘাই কথা হৈছে “মহাৰাণীৰ ঘোষণা পত্র”, ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ পাচত, ১৮৫৮ খ্রীষ্টাব্দত, “ইষ্ট-ইন্ডিয়া কোম্পানী”ৰ হাতৰপৰা ভাৰত সাম্রাজ্য চমজি লৈ, ভাৰতীয় প্ৰজাৰ ধৰ্ম্ম-বিশ্বাসত আঘাত নলগাবলৈ আৰু ভাৰতৰ ৰাজকোঁৱৰসকলক ভাঙ্গি বৃটিচৰাজ্য নবঢ়াবলৈ বুলি, মহাৰাণী ভাৰতেশ্বৰী ভিক্টোৰিয়াই ইংলণ্ডৰপৰা এই ঘোষণাপত্ৰেৰে প্রতিশ্রুতি দিয়ে।
চীফ কমিচনাৰী গবর্ণমেন্ট
কর্ণেল কিটিং: এবেই অসমৰ পোনপ্ৰথম চীফ-কমিচনাব। কর্ণেল হস্কিনচন চাহাবে পেনচন লৈ কামৰপৰা মেলানি লোৱাত, খ্রীঃ ১৮৭৪ চনত, অসমদেশ বঙ্গদেশৰপৰা বেলেগ কবি, এজন সুকীয়া চীফ-কমিচনাৰৰ শাসনৰ তলত ৰখা হয়, আৰু সেই চনতে কর্ণেল কিটিং চাহাবৰ শাসনৰ কালতে বঙ্গদেশৰপৰা কাছাৰ আৰু ছিলট এই দুখন জিলা ছিঙ্গি আনি অসমত চামিল কৰি, এই প্ৰদেশৰ সীমা আগতকৈ ভালেমান গুণে বঢ়োৱা হয়। আৰু, ১৮৭৫ খ্রীষ্টাব্দত, লঠা নগাক বশ কৰি, উখা পর্বতত এজন বৃটিচ কৰ্ম্মচাৰী নিগাজীকৈ ৰখাৰ নিয়ম কৰা হয়। বছৰ দহেকমানৰ পাচত, মককচাং পর্বতত মহকুমা পতাত, উখা তাৰ লগত চামিল হয়। চাৰ এচ টি বেলীঃ কর্ণেল কিটিং চাহাবে অসমৰপৰা বিদায় লোবাত, খ্রীঃ ১৮৭৮ চনৰ ডিচেম্বৰ মাহত চাৰ এচ টি বেলী অসমৰ চীফ কমিচনাৰ হৈ আহে। তেওঁৰ আমোলত, ১৮৭৯ খ্রীষ্টাব্দত, নগাপৰ্বতত খনমা নগা-বণ লাগে, আৰু সেই ৰণত বৃটিচৰ জয় হয়। চাব বেলী এজন বহুদর্শী শাসনকর্তা আছিল, আৰু অসমৰ উন্নতিৰ অর্থে তেওঁ ভালেমান পুৰুষাৰ্থ কৰিছিল। মিষ্টাৰ চি ইলিয়ট: চাৰ এচ টি বেলী চাহাবৰ পাচত, মিষ্টাৰ (পাচত চাৰ চার্লচ) ইলিয়ট চাহাব বাহাদুৰ খ্রীঃ ১৮৮১ চনৰপৰা অসমৰ চীফ-কমিচনাৰ হয়হি। তেওঁ এজন অতি মৰমিয়াল আৰু বিদ্যোৎসাহী শাসনকর্তা আছিল। তেওঁৰ শাসনৰ কালত অসমত শিক্ষাৰ বিস্তৰ উন্নতি হয়। প্রবেশিকা বা ‘এন্টাঞ্চ’ মহলাত উত্তীর্ণ হৈ অসমীয়া ছাতৰে কলিকতাৰ কলেজত পঢ়িবলৈ মাহে ২০ টকাকৈ জলপানী বা বৃত্তি ভোগ কৰিবলৈ পাইছিল, সেইটি উদাৰচেতা ইলিয়ট বাহাদুৰৰে অনুগ্ৰহৰ ফল। মিষ্টাৰ ডবলিউ ই ওৱাৰ্ড: মিষ্টাৰ ইলিয়ট ছুটীত যাওঁতে ১৮৮৩ খ্ৰীষ্টাব্দৰ ৭ জুলাইৰ পৰা ৭ অক্টোবৰলৈকে তিনিমাহ, আৰু চাৰ চাৰ্লচ ইলিয়টে অসমৰ চীফ কমিচনাৰ পদৰপৰা বঙ্গদেশৰ দুৱলীয়া গৱৰ্ণৰৰ পদলৈ পদোন্নতি পোৱাত, ১৮৮৫ খ্রীষ্টাব্দৰ ২৩ ফেব্ৰুৱাৰীৰপৰা ১৮৮৭ চনৰ ৩১ অক্টোবৰলৈকে দুবছৰ আঠমাহ মিঃ ওৱার্ড চাহাব অসমৰ একটিং চীফ কমিচনাৰ হৈছিল। মিষ্টাৰ ডি ফিটজপেট্রিক: চাৰ চাৰ্লচ ইলিয়ট চাহাব বাহাদুৰৰ পাচত, মিষ্টাৰ ডি ফিটজপেটিক খ্রীঃ ১৮৮৭ চনত অসমৰ নিগাজী চীফ কমিচনাৰ হয়। তেওঁ এজন বব ওখমনৰ অতি মৰমিয়াল শাসনকর্ত্তা আছিল। কিন্তু, তেওঁৰ শাসনৰ কাল পূর্ণ হ’বলে নৌ পাওঁতেই, খ্রীঃ ১৮৮৯ চনৰ জুলাই মাহত, তেওঁ অসম এবি যায়। তেওঁৰ দিনতে উত্তৰ-পৃচাইৰ ৰাজধানী বৃটিচ পলিটিকে। এজেন্ট এজন নিগাজীকে বাখিবলৈ নিয়ম করা হয়। মিষ্টাৰ জে ওবেস্টেলেণ্ড: মিষ্টাৰ ফিটজপেট্রিক চাহাব হঠাৎ অসমৰপৰা যাবলগীয়া হোৱাত, তেওঁৰ ঠাইত মিষ্টাৰ জে ওরেস্টলেও চাহাব, ১৮৮৯ খ্রীষ্টাব্দত জুলাই মাহৰপৰা অক্টোবৰলৈকে চাৰিমাহ, অসমত একটিং বা অস্থাযী চীফ কমিচনাৰ হৈছিলহি। অনৰেবোল মিষ্টাৰ জে ডি কুইণ্টন: খ্রীঃ ১৮৮৯ চনৰ অক্টোবৰ মাহত অনৰেবোল মিষ্টাৰ জে ডি কুইণ্টন চাহাবে অসমৰ চীফ কমিচনাবী বিষয়-বাব গ্রহণ কৰেহি। তেওঁৰ শাসনৰ কালত আও নগাৰ ৰাজ্য বৃটিচ দখলৰ ভিতৰ কৰা হয়। তাৰ পাচত, মণিপুৰত, খ্রীঃ ১৮৯০ চনত, এটা ভয়ানক বিদ্রোহ উপস্থিত হয়। সেই বিদ্রোহ দমাবলৈ যাওঁতেই মণিপুৰত তেওঁক আৰু পলিটিকেল এজেন্ট মিঃ গ্রীষ্ট্রদ প্রমুখ্যে পাঁচজন ইউৰোপীয় বৃটিচ বিষয়াক মণিপুৰীয়াবিলাকে ছলেৰে বধ কৰে। সেই অপৰাধৰ বাবে মণিপুৰৰ বজাৰ মন্ত্রী ভায়েক কুলচন্দ্রক ‘কলিয়াপানীলৈ মেলা’ হয়, আৰু ঘাই সেনাপতি যুৱৰাজ টিকেন্দ্রজিত (১) আৰু প্রধান সেনাপতি টঙ্গাল জেনেৰেলৰ ফাঁচি হয়। সেই সময়ৰ বজা সুৰচন্দ্ৰচিঙ্গক দেশান্তৰিত কৰি, ৰাজবংশৰ চূড়াচন্দ্রচিং নামেৰে নাবালক এজনক ৰজা পতা হয়। তেতিয়াৰপৰা মণিপুৰ ৰাজ্য অসমৰ চীফ কমিচনাৰৰ পোনহতীয়া তত্ত্বাৱধানত শাসন কৰা হৈছে। জেনেৰেল চাৰ এইচ. কলেট: অনৰেবোল মিষ্টাৰ কুইণ্টন চাহাবৰ অপমৃত্যু হোৱাত, জেনেৰেল চাৰ এইচ কলেট্ চাহাব এমাহমানলৈ অসমৰ একটিং চীফ-কমিচনাৰ হৈছিলহি। কলেট্ চাহাব পায়হিমানে, মাজতে কেইদিনমানৰ নিমিত্তে, মিঃ এ টি কেম্বেল চাহাবে চীফ-কমিচনাৰৰ অফিচৰ চাৰ্জ লৈছিলগৈ। চাৰ উইলিয়াম ওৱাৰ্ডঃ মিঃ কুইণ্টন চাহাবৰ ঠাইত মিষ্টাৰ ডবলিউ ই ওৱার্ড (পাচত চাৰ উইলিয়াম ওৱাৰ্ড), খ্ৰীঃ ১৮৯১ চনৰ মে’ মাহত, নিগাজীকৈ অসমৰ চীফ-কমিচনাৰ হৈ আহে। তেওঁ ইয়াৰ বছৰচাবেকৰ আগেয়ে অসমৰ ব্ৰহ্মপুত্র উপত্যকা খণ্ডত জজ আৰু কমিচনাৰ আছিল। তেওঁৰ শাসনৰ কালত অসমৰ মাটিব শ্রেণী বিভাগ কৰি প্রায় দুগুণ পৰিমাণে বাজহৰ নিৰিখ বঢ়াবলৈ প্রস্তাৱ কৰা হৈছিল। সেই বাবে অসমৰ প্ৰত্যেক জিলা আৰু মহকুমাতে ৰায়তে ওজৰ আপত্তিৰ সভা পাতি হুলস্থুল লগাই দিছিল। দৰং জিলাৰ অন্তৰ্গত পাথৰিঘাট তহচীলৰ ৰায়তবিলাকে এটা সৰুসুৰা বিদ্ৰোহৰ দৰে ঘটনা ঘটাই, কিছুমানে বাজকীয় শান্তিৰক্ষকৰ বন্দুকৰ গুলী খাই দেহা এৰিবলগীয়া হৈছিল। পিচে, সেই প্রস্তাবিত নিৰিখ দুখীয়া অসমীয়া প্রজাব পক্ষে বৰ অসহনীয় যেন হোৱাত, ভাৰত গৱৰ্ণমেন্টে পুনৰ সুবিচাৰ কৰি তাতকৈ অলপ কমাই এটা নিয়মীয়া নিৰিখ ধাৰ্য্য কৰি দিয়ে। চাৰ চাৰ্লচ জেমচ লায়েল: চাৰ উইলিয়াম ওৱার্ড ছুটীত যাওতে, ১৮৯৮ খ্ৰীষ্টাব্দৰ ১৭ জুলাইৰপৰা ৪ অক্টোবৰলৈকে, চাৰ চাৰ্লচ জেমুচ্ লায়েল একটিং চীফ কমিচনাৰ হৈছিল। তেওঁ এজন বুৰঞ্জী পিপাসু শাসনকর্তা আছিল (১)। মিষ্টাৰ এইচ জে কটন: চাৰ উইলিয়াম ওবার্ড চাহাবে পেচন লৈ কামৰপৰা মেলানি লোৱাত, ১৮৯৬ খ্রীষ্টাব্দৰ নবেম্বৰ মাহত, অনৰেবোল মিষ্টাৰ এইচ জে কটন (পাচত চাৰ হেনৰি কটন) অসমৰ চীফ কমিচনাৰ হৈ আহে। তেওঁৰ আমোলত, খ্রীঃ ১৮৯৭ চনৰ ১২ জুনত, এটা অতি ভয়ঙ্কর ভূমিকম্প অসমৰ ৰাজধানী শ্বিলং আৰু আন আন নগৰ উছনপ্রায় কৰে। ১৮৯৮ খ্রীষ্টাব্দত লুচাই পাহাৰৰ উত্তৰ আৰু দক্ষিণ ভাগ একেলগে কৰি, অসমৰ চীফ-কমিচনাৰৰ অধীনত ৰখা হয়। তেওঁৰ দিনতে ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল বা ঘাই লাট লর্ড কার্জন চাহাব বাহাদুৰে ১৮৯৯ খ্রীষ্টাব্দত গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়ত পদার্পণ কৰেহি। লর্ড কার্জনে অসমৰ অতি উজনি ভাগ মাঘেৰীতা, লিডু প্রভৃতি ঠাইলৈকো পর্যাটন কৰে। তেওঁ ডিব্ৰুগড, তেজপুৰ আৰু গুৱাহাটীত অসমৰ প্ৰজাৰপৰা অভিনন্দন-পত্ৰ গ্ৰহণ কৰিছিল। গুৱাহাটীত অসমৰ সকলো জিলাৰ মুখিয়াল মানুহৰে সৈতে গঠিত এখন বিৰাট দৰবাৰ বহিছিল, তাত প্ৰজাসকলৰ ফালৰপৰা ঘাই লাট বাহাদুৰক সম্মান কৰি এখনি অভিনন্দন-পত্র দিয়া হৈছিল। চাৰ হেৰি কটন চীফ-কমিচনাৰৰ যত্নতে গুৱাহাটীত পুনঃ দ্বিতীয় শ্রেণীৰ কলেজ এটা আৰু ডিব্ৰুগড়ত ‘বেৰি-হোৱাইট-মেডিকেল স্কুল’ স্থাপিত হয়। কটন বাহাদুৰে উনৈশ আৰু কুৰি দুটা শতাব্দীৰ ভাৰত-সম্রাজ্ঞী মহাবাণী ভিক্টোবিয়া ১৯০০ খ্রীষ্টাব্দত স্বর্গী হোৱাত, তেওঁৰ বৰপুত্ৰ সপ্তম এডোৱাৰ্ড ইংলণ্ডৰ মহাৰজা আৰু ভাৰতবৰ্ষৰ সম্রাট হয়। চাৰ হেৰি কটন, পেন্চনত যোৱাৰ দুবছৰৰ পাচত, খ্ৰীঃ ১৯০৪ চনৰ ডিচেম্বৰ মাহত, ভাৰত-কংগ্ৰেছ মহাসভাৰ সভাপতি হৈ অহাৰ ছেগতে, তেওঁ আকৌ এবাৰ অসম চাবলৈ আহিছিল। তেওঁৰ প্ৰজাৰঞ্জকতাৰ চিন্ স্বরূপ অসমীয়া ৰাইজে গুৱাহাটীৰ ‘কার্জুন-হ’ল’ত মাবুল পাথৰৰ কটন প্রতিমূর্ত্তি এটা খ্রীঃ ১৯০৫ চনৰ এপ্রিল মাহত প্রতিষ্ঠা কৰে। তেওঁৰ সৰ্বোচ্চ কীর্ত্তিস্তম্ভ ‘কটন কলেজ’ অসমত অদ্যাপি জিলিকি আছে।
চাৰ বেফিল্ড ফুলাৰ: ১৯০২ খ্ৰীষ্টাব্দৰ এপ্রিল মাহত কটন চাহাবে ৰাজকীয় কামৰপৰা এদনীয়াকৈ মেলানি লোৱাৰ অভিপ্রায়ে ছুটী লৈ যোৱাত, অনবেবোল মিষ্টাৰ জে বি. (পাচত চাৰ বেফিল্ড) ফুলাৰ চাহাবে অসমৰ চীফ কমিচনাৰী শাসনভাৰ গ্ৰহণ কৰেহি। এইজনা চীফ কমিচনাৰৰ শাসনৰ কালতে খ্রীঃ ১৯০২ চনৰ ২৬ জুন তাৰিখে ইংলণ্ডত আৰু ভাৰতবৰ্ষৰ নানা প্রদেশত ভাৰত-সম্রাট মহাৰজা সপ্তম এডোৱাৰ্ডৰ ৰাজ্যাভিষেক উৎসৱ পতা হয়। গাওঁবুঢ়াক বঁটা দান, মৌজাদাৰী প্রথা পুনঃ প্রচলন, শিক্ষা-বিভাগৰ উন্নত নতুন নিয়ম, অসমীয়া সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ বি,এ, পৰীক্ষালৈকে প্রচলন, মাটিৰ কুৰিবছৰীয়া বন্দবস্তী, চৰ্কাৰী পদত অসমীয়াক আগ-বাছনি দান, দুখীয়া আহোম ছাত্রক বিনা-মাচুলে গৱর্ণমেন্ট স্কুল-পঢ়াশালি আৰু কলেজত পঢ়িবলৈ চৰ্ত্ত দান প্রভৃতি ভালেমান প্রজাহিতকৰ কাৰ্য্য তেওঁৰ আমোলত সম্পাদিত হয় (১)। তেওঁৰ শাসনতে খ্রীঃ ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে, বঙ্গদেশৰপৰা চট্টগ্রাম, ঢাকা, ময়মনচিং, ৰাজচাহী, দিনাজপুৰ, মালদহ, জলপাইগুৰি প্রভৃতি বিভাগ আৰু কেইখনমান জিলা অসমত লগ লগাই, “পূৰ্ববঙ্গ আৰু অসম” নামেৰে নতুন প্রদেশ সৃষ্টি কৰি, এজন দুৱলীয়া লাট বা লেফটেনেন্ট গৱৰ্ণৰৰ শাসনত ৰখা হয়। আৰু, চাৰ বেফিল্ডফুলাৰ চাহাবেই সেই নতুন প্ৰদেশৰ প্ৰথম দুৱলীয়া লাট। অসম, ভাৰত আৰু ইংলণ্ডৰ সমসাময়িক কথা: কর্ণেল কিটিং অসমৰ পোনপ্ৰথম চীফ কমিচনাৰ। চাৰ বেফিল্ড ফুলাৰ এই ছোৱা শাসনৰ সদৌশেহতীয়া চীফ কমিচনাৰ। ১৮৯৭ খ্রীষ্টাব্দৰ ১২ জুনত এটা বৰ ডাঙৰ ভূঁইকপৰ উৎপাত হৈছিল। খ্রীঃ ১৮৯০ চনত মণিপুৰত এটা ভয়ানক বিদ্রোহ হয়। সেই বিদ্রোহ দমাবলৈ যাওঁতে চীফ কমিচনাৰ মিঃ কুইণ্টন কটা যায়। ১৮৯৯ খ্রীষ্টাব্দত ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল লর্ড কার্জন অসম পর্যাটনলৈ আহিছিল। ১৯০০ খ্ৰীষ্টাব্দত ইংলণ্ডত, ভাৰতবৰ্ষৰ সম্ৰাজ্ঞী ইংলণ্ডৰ পটেশ্বৰী মহাবাণী ভিক্টোৰীয়া স্বৰ্গী হয়। মহাৰাণী ভিক্টোৰীয়াই তিনি কুৰি বছৰ ৰাজপাট খাইছিল। মহাৰাণী ভিক্টোৰীয়াৰ সমান প্রখ্যাতী আৰু পূজনীয়া পটেশ্বৰী পৃথিবীত আজিলৈকে আন কোনো হোৱা নাই। হোজা অশিক্ষিত গাঁৱলীয়া ভাৰতীয় প্ৰজাই আজিকোপতি “মহাৰাণী দোহাই” দি শান্তি আহ্বান কৰে। খ্রীঃ ১৯০০ চন আৰম্ভণতে মহাৰাণী ভাৰতেশ্বৰী ভিক্টোৰীয়া স্বর্গী হোৱাত, তেওঁৰ বৰপুতেক যুৱৰাজ “প্রিন্স অব ওবেলচে” সপ্তম এডোবার্ড নাম লৈ, বৃটিচ ৰাজসিংহাসনত বহি, ভাৰত-সম্রাট হয়। তেওঁ অতি শান্তিপ্রিয় ৰজা আছিল, সেই আপাহতে সম্রাট সপ্তম এডোৱার্ডে পৃথিবীত “শান্তি ৰক্ষক” আখ্যাৰে প্ৰখ্যাত আছিল। অসমত এইছোৱা চীফ কমিচনাৰী শাসনৰ কালত ভাৰতবৰ্ষত লর্ড নর্থব্রুক, লর্ড লিটন, লর্ড ৰিপন, লর্ড ডফৰিণ, লর্ড লেঞ্চডাউন, লর্ড এলগিন (২য়) আৰু লর্ড কার্জন এই কেইজন গৱৰ্ণৰ-জেনেৰেল-ভাইচৰয় হয়। সেই কালত, লর্ড লিটনৰ আমোলত, মহাৰাণী ভিক্টোৰীয়াই ভাৰত সম্রাজ্ঞী বা ভাৰতেশ্বৰী খিতাপ লোৱা, লর্ড ৰিপনৰ দ্বাৰাই ভাৰতবৰ্ষত স্বায়ত্তশাসনৰ আৰ্হি মিউনিচিপালিটী স্থাপন, ডফৰিণৰ দিনত মহাৰাণী ভিক্টোৰীয়াৰ ৫০ বছৰীয়া শাসন উপলক্ষীয় সোণালী জুবিলি, এলগিনৰ দিনত মহাৰাণী ভিক্টোৰীয়াৰ ৬০ বছৰীয়া ৰাজত্বৰ হীৰাৱতী জুবিলি, কাৰ্জনৰ আমোলত ইংলণ্ডত ভাৰতেশ্বৰী ভিক্টোৰীয়া স্বৰ্গী হোৱা, সম্রাট সপ্তম এডোৱাৰ্ড ৰাজপাটত উঠা, গৱৰ্ণৰ জেনেৰেলৰ অসম আগমন, বঙ্গচ্ছেদনৰ উৎপাত, ‘পূৰ্ববঙ্গ আৰু অসম’ প্রদেশ গঠন আৰু তাৰ শাসন কৰ্ত্তাৰূপে নতুনকৈ এজন লেফটেনেন্ট গৱৰ্ণৰ বা দুৱলীয়া লাট চাহাবৰ বিষয়বাব সৃষ্টি এইবোৰেই ঘাই ঘটনা।