ভাষা এটাৰ কেনেকৈ মৃত্যু হয়?

Nipusaikia
14 Min Read

অসমীয়া ভাষাৰ মৃত্যু

এই বিশাল বিশ্বব্রহ্মাণ্ডৰ, বিশাল সৌৰজগতৰ এই পৃথিৱী নামৰ গ্ৰহটোৰ অত্যন্ত ক্ষুদ্র এটুকুৰা ঠাই অসমত বাস কৰা মই এজন অসমীয়া মানুহ আৰু মোৰ মাতৃভাষা অসমীয়া।

এই ঠাই, আমাৰ বাৰেৰহণীয়া সংস্কৃতি আৰু মোৰ আইৰ মুখৰ মাতষাৰেৰেই মোৰ প্রথম পৰিচিতি। তাৰ পাছতহে মোৰ অন্য পৰিচিতিবোৰ বিবেচনালৈ আহিব।

কিন্তু এজন অসমীয়া হিচাপে আপোনাৰ, অথবা মোৰ এই মাতৃভূমি আৰু মাতৃভাষা কিমানদিনলৈ প্রথম পৰিচয় হৈ থাকিব?

আমাৰ দৰেই আমাৰ সন্তান-সন্ততিয়েও অহংকাৰেৰে সৈতেই নিজৰ পৰিচয় দিব পৰাকৈ অসমীয়া ভাষাটো আৰু ভাষা অবিহনেই বাচি থকা এটা জাতি সঁচাকৈ থাকিবগৈনে?

এই প্রশ্নটোৰ কোনো নিশ্চিত উত্তৰ দিয়া সম্ভৱ নহয়। বহুতৰ মতে অসমীয়া ভাষাটো খুব বেছি দিনলৈ বাচি নাথাকেগৈ। বহুতৰ মতে অসমীয়া ভাষাৰ মৃত্যু ইমান। সহজ নহয়।

আমাৰ প্রখ্যাত ভাষাবিদ ডঃ গোলোক চন্দ্ৰ গোস্বামীয়ে এবাৰ এক সাক্ষাৎ প্রসংগত ‘মানুহে মাৰোঁ বুলি নামাৰিলে অসমীয়া ভাষাৰ মৃত্যু হ’ব নোৱাৰে’ বুলি মতপ্রকাশ কৰিছিল।

এই প্রবন্ধত আমি বুজিবলৈ চেষ্টা কৰিম সঁচাকৈ অসমীয়া ভাষাটো বেছি দিন বাচি নাথাকিবগৈ নেকি? অথবা, ভাষা এটাৰ কেনেকৈ মৃত্যু হয়?

ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা, চমুকৈ ইউনেস্ক’যে চলোৱা এক অধ্যয়নৰ পাছত যুগুত কৰা এক প্রতিবেদনত সংস্থাটোৱে প্রকাশ কৰিছিল যে গোটেই পৃথিবীতে প্রচলিত প্রায় ৬০০০ কথিত ভাষাৰ ভিতৰত আধাখিনিয়ে এই শতিকাৰ শেষলৈ বিলুপ্ত হ’বগৈ।

ইয়াৰ লগে লগেই হেৰাই যাব এই ভাষাসমূহৰ মাজত সোমাই থকা অসাধাৰণ বৈশিষ্ট্যমূলক সাংস্কৃতিক সম্পদৰ লগতে অমূল্য প্রকৃতিপ্রদত্ত জ্ঞান।

ইউনেস্ক ‘ই বংশানুসৰি নতুন প্ৰজন্মৰ ভাষাৰ অনুসৰণৰ ভিত্তিত প্রচলন আৰু বিলুপ্তিৰ ছটা পৰ্যায়ৰ কথা উল্লেখ কৰিছে। (ক) সুৰক্ষিত, (খ) সম্ভাব্য বিপদাপন্ন, (গ) স্পষ্টভাবে বিপদাপন্ন, (ঘ) গুৰুতৰভাৱে বিপদাপন্ন, (ঙ) সংকটজনক আৰু (চ) বিলুপ্ত।

সম্ভাব্য বিপদাপন্ন ভাষাৰ তালিকাত আমাৰ বড়ো, ডিমাচা, কাৰবি, ৰাভা ভাষা; স্পষ্টভারে বিপদাপন্ন ভাষাৰ তালিকাত দেউৰী, মিচিং, কছাৰী, তিৱা ভাষা আৰু গুৰুতৰভাৱে বিপদাপন্ন ভাষাৰ তালিকাত টাইফাকে অন্তর্ভুক্ত হৈছে।

অসমীয়া ভাষা সেই হিচাপে এতিয়াও সুৰক্ষিত আৰু বিশ্বৰ অন্যান্য প্রভাবশালী ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষাৰ স্থান পঞ্চাছৰ ওচৰে-পাঁজৰেই থকা বুলি ভাষাবিদসকলে কোৱা দেখিছোঁ।

কিন্তু বর্তমানে অসমৰ ৰাজনৈতিক আৰু সামাজিক প্রেক্ষাপট খুব গভীৰভাৱে নিৰীক্ষণ কৰিলে ইয়াৰ বিপৰীত ছবি এখনহে দৃষ্টিগোচৰ হয়, যি অতি উদ্বেগজনক আৰু চিন্তনীয়।

সমাজ আৰু সামাজিক সংঘটনবোৰ খুব সঘনে সলনি হ’বলৈ ধৰিছে। যোরা দহ বছৰত সংঘটিত পৰিৱৰ্তনবোৰ অত্যন্ত মন কৰিবলগীয়া আৰু গভীৰভাবে চিন্তনীয়।

দহ বছৰ পূর্বে সমাজখন যি গতিত সলনি হৈছিল, সেই গতি এতিয়া নাই। মানুহৰ মংগলৰ বাবে সংঘটিত হ’বলগা পৰিৱৰ্তনবোৰ সংঘটিত হৈছে কুমজেলেকুৱা গতিৰে আৰু সর্বনাশী পৰিৱৰ্তনবোৰ সংঘটিত হৈছে অতি দ্রুতগতিৰে।

ভাষা এটা হেৰাই যোৱা বা মুত্যুমুখত পৰা প্ৰক্ৰিয়াটো সন্ধিয়া বজাৰত একেলগে মাছ কিনা মানুহজনৰ পিছদিনা পুৱা মৃত্যুৰ খবৰ পোৱাৰ দৰে নহয়।

কিন্তু যিবোৰ পৰিস্থিতিয়ে ভাষা এটাৰ মৃত্যুশয্যা নির্মাণ কৰে, সেই আটাইবোৰ অৱস্থা একে সময়তে আৰম্ভ হৈ গ’লেই অতি দ্রুতগতিত সর্বনাশী পৰিৱৰ্তনবোৰ সংঘটিত হয়।

লোকপিয়লৰ তথ্যই দেখুৱাইছে যে দিনক দিনে অসমীয়াভাষী লোকৰ শতকৰা হাৰ কমি আহিছে। শৈক্ষিক ক্ষেত্ৰখনৰ সামগ্রিক প্রতিচ্ছবিয়েও দেখুৱাইছে যে অসমীয়া মাধ্যমত পঢ়া-শুনা কৰা লোকৰ সংখ্যা দিনক দিনে কমি গৈছে।

একেদৰে ভাষা-সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্রখনলৈ চকু দিলেও একেখন প্রতিচ্ছবিয়েই আমাৰ চকুৰ আগত ভাঁহি আহে।

শিক্ষিত লোকৰ সংখ্যা বাঢ়ি যোৱাৰ সমানে সমানে অসমীয়া ভাষা-সাহিত্যৰ শ্রীবৃদ্ধি হোৱা ছবি এখন আমাৰ চকুত পৰা নাই। দিনে দিনে অসমীয়া কিতাপ-পত্ৰৰ বিক্ৰী কমি গৈছে।

কাকত-আলোচনীৰ বিক্ৰী কমি গৈছে। কিন্তু এইখিনিতে এক ডাঙৰ প্ৰশ্নৰ থল থাকি যায় যে সঁচাকৈয়ে এইবোৰ অসমীয়া ভাষা বিপদৰ মুখলৈ গৈ থকাৰ ইংগিত নে ইয়াৰ আঁৰত থাকি গৈছে অনেক বিশ্লেষণ কৰিবলগা প্রয়োজনীয় বিষয়।

মার্কিন ভাষাবিদ চাহাৰ গ্রে থমছন আৰু টেৰেন্স ক’ফমেনে অর্থনৈতিক আৰু সামাজিক কাৰণত তিনিধৰণে ভাষাৰ বিলুপ্তি বা ভাষা এটা সংকটৰ গৰাহত পৰিব পাৰে বুলি ব্যাখ্যা দিছে।

(ক) অর্থনৈতিক আৰু সাংস্কৃতিক কাৰণত এটা ভাষাৰ ব্যৱহাৰকাৰীৰ বুজনসংখ্যকে যদি হঠাতে আন সংযোগী ভাষা ব্যৱহাৰ কৰা আৰম্ভ কৰে, তেতিয়াই ভাষাটোৰ অকাল মৃত্যু হয়।

(খ) লাহে লাহে, প্রজন্মৰ পাছত প্রজন্মকৈ ভাষাৰ ব্যৱহাৰ কমি আহি এসময়ত ভাষাটো মৃত্যুমুখত পৰে।

(গ) ভাষাৰ আধুনিকীকৰণৰ প্রচেষ্টাত আন ভাষাৰ পৰা ধাৰ কৰা লিপি, ব্যাকৰণ, শব্দ আদিয়ে ভাষাটোৰ বৈশিষ্ট্যমূলক উপাদানসমূহ নাইকিয়া কৰি পেলায়। শেষত ভাষাৰ নামটো থাকিলেও তাৰ অস্তিত্ব নাইকিয়া হয়গৈ।

অসমীয়া ভাষাৰ ক্ষেত্রত আন ভালেকেইটা কাৰণ বিবেচনালৈ আহিব আৰু হয়তো গুৰুত্ব আৰু ভয়াৱহতাৰ দিশৰ পৰা উপৰিউক্ত কাৰণ তিনিটা শেষৰফালেহে সংযোজিত হ’ব।

বিষয়ৰ গুৰুত্ব আৰু ভয়াবহতালৈ চাই আমি অসমীয়া ভাষাৰ মৃত্যুশয্যা নির্মাণ কৰি থকা কাৰণ আৰু পৰিপ্ৰেক্ষাক এইধৰণে ভাগ কৰিব পাৰোঁ-

(১) ৰাজনৈতিক কাৰণ আৰু চৰকাৰী নীতি: লোকপিয়লৰ তথ্যই দেখুওৱা সত্য আৰু ১৯৬০ চনত অসম বিধানসভাত গৃহীত ভাষা-আইনৰ প্ৰয়োগ, চৰকাৰী নিযোগ নীতিৰ দুৰ্বলতা আদি।

(২) শিক্ষানীতি আৰু ভাষিক সাম্রাজ্যবাদ: চৰকাৰৰ শিক্ষানীতিৰ দুৰ্বলতা, ভাষিক সাম্রাজ্যবাদে আনি দিয়া মানসিকতা আদি।

(৩) সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰৰ জড়তা: প্রকাশন উদ্যোগলৈ অহা প্রত্যাহ্বান, লেখক-বুদ্ধিজীৱীৰ বৌদ্ধিক জড়তা আদি।

(৪) জাতীয়তাবোধ আৰু সাংস্কৃতিক চেতনাৰ অভাৱ: এগৰাকী অসমীয়া হিচাপে থাকিবলগা দায়িত্ববোধ, অসমীয়া ভাষা-সাহিত্য বিষয়ত দেখুওৱা মনোভাব আদি।

(৫) প্রান্তীয় ভাষাৰ স্বাভাবিক প্রত্যাহ্বান: ভাষা প্রয়োগৰ ক্ষেত্ৰত থাকিবলগা দায়িত্ববোধ, প্রত্যাহ্বান বুজি পোৱা আৰু প্রতিবোধ গঢ়ি তোলাৰ ক্ষেত্ৰত দেখা পোৱা চেতনাৰ অভাৱ আদি।

এইধৰণে ভাগ কৰিলেও ইটোৰ সৈতে সিটো সমস্যাৰ প্রেক্ষাপট, উৎস আৰু প্রত্যাহ্বানবোৰৰ এক আন্তঃসংযোগ আছে। এই গ্রন্থখনত মোৰ মূল মনোযোগৰ বিষয় হ’ব সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰখনত পৰিলক্ষিত হোৱা জড়তা,

ইয়াৰ অন্তৰাল আৰু সত্যানুসন্ধান, একেদৰে গ্রন্থ উদ্যোগলৈ অহা প্রত্যাহ্বানবোৰ চিনাক্তকৰণ আৰু প্ৰতিৰোধৰ পথ সন্ধান। এতেকে এই প্রবন্ধত আন চাৰিটা সমস্যাৰ কথা গ্ৰন্থখনৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি থুলমূলকৈহে আলোচনা কৰিম।

ৰাজনৈতিক কাৰণ আৰু চৰকাৰী নীতি

অসম এখন প্রাকৃতিক সম্পদেৰে চহকী আৰু শ্রম কৰিবলৈ আগ্রহী মানুহৰ জীৱিকাৰ প্ৰচুৰ সুযোগ-সম্ভাৱনা থকা ৰাজ্য।

ব্রিটিছৰ শাসনকালত চাহখেতি কৰিবলৈ, ঠিক তেনেকৈয়ে পৰৱৰ্তী সময়ত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত ইয়াৰ অংশ হৈ পৰা অসমৰ ৰাজ্য চৰকাৰখনেও বিভিন্ন কাৰণত বনুৱা হিচাপে বিভিন্ন ঠাইৰ পৰা মানুহ আনি সংস্থাপিত কৰিছিল।

ভাষা এটাৰ কেনেকৈ মৃত্যু হয়?

তাৰ সমান্তৰালভাবে ব্রিটিছ শাসিত ভাৰত আৰু তাৰ পৰৱৰ্তী চৰকাৰৰ দিনত পূব পাকিস্তানৰ পৰা ভাৰতৰ বিভিন্ন ঠাইলৈ অনুমতিবিহীনভাবেই কিছু লোকৰ প্ৰব্ৰজন হৈছিল।

১৯৭১ চনত পূব পাকিস্তান পাকিস্তান ৰাষ্ট্ৰৰ পৰা বিচ্ছিন্ন হৈ বাংলাদেশ নামৰ ৰাষ্ট্ৰখন গঠিত হয় আৰু পৰৱৰ্তী সময়ত ভাৰত আৰু বাংলাদেশৰ মাজত এই প্ৰব্ৰজনৰ বিষয়টোক লৈ দুয়োখন দেশৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়।

এই ‘ইন্দিৰা-মুজিব চুক্তি’ত বাংলাদেশে ১৯৭১ চনৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা পাকিস্তানী প্ৰব্ৰজনকাৰীসকলৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰে আৰু এই কথা ভাবতবর্ষয়ো মানি লয়।

কিন্তু ১৯৭১ চনৰ পাছতো বাংলাদেশৰ সীমামূৰীয়া আৰু সুবিধাজনক ঠাই হিচাপে অসমলৈ অবাধ গতিত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশ ঘটিয়ে থাকিল। মাত্র কেইবছৰমানৰ ভিতৰতে অসমৰ জনসংখ্যাই এক ভয়াৱহ ৰূপ পৰিগ্ৰহ কৰিলে।

বাংলাদেশী নাগৰিকৰ এই ভয়াৱহ অনুপ্ৰৱেশৰ বিষয়টোৱে অসমীয়া মানুহক গভীৰভাৱে উদ্বিগ্ন আৰু চিন্তিত কৰি তুলিলে। অসমীয়া মানুহৰ এই উদ্বিগ্নতা আৰু চিন্তা খুব কম সময়ৰ ভিতৰতে ক্ষোভলৈ পর্যবসিত হ’ল, আৰু তাৰেই সংগঠিত ৰূপ আছিল ছবছৰীয়া অসম আন্দোলন।

অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে ছবছৰ ধৰি চলা অসম আন্দোলনৰ পৰিণতি হিচাপে কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা ‘অসম চুক্তি’ আৰু তাৰে আধাৰত গঠন হোৱা অসম গণ পৰিষদ দলে চৰকাৰ গঠন কৰাৰ পাছৰ পৰা অনুপ্ৰৱেশৰ সমস্যাটো অধিক জটিলতাৰ ফালে গুচি যায়।

ক’ব পাৰি, অনুপ্ৰৱেশৰ সমস্যাটো প্রায় প্রতিটো ৰাজনৈতিক দলৰ ‘ৰাজনীতি’ কৰিবৰ আচল ইছু্যু হৈ পৰে। ফলত আন্দোলনকাৰীসকলৰ দ্বাৰা পৰৱৰ্তী সময়ত গঠিত অসম গণ পৰিষদ দলে

১৯৮৬-১৯৯০ আৰু ১৯৯৬-২০০১ চনত দুবাৰকৈ চৰকাৰ কৰাৰ পাছতো সমস্যাটো সমাধান কৰাৰ চেষ্টা নকৰিলে আৰু কংগ্ৰেছৰ দৰেই বাংলাদেশী অনুপ্রবেশকাৰীসকলক নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ মন্ত্র হিচাপে তথা ক্ষমতা দখলৰ স্বাৰ্থত ভোটবেংক হিচাপে বিবেচনা কৰি প্ৰকাৰন্তৰে সুৰক্ষা দিবলৈহে আৰম্ভ কৰিলে।

একেদৰে আই এম ডি টি আইন সন্দৰ্ভত গোচৰীয়া হিচাপে মহামান্য উচ্চতম ন্যায়ালয়ত জয়ী হৈ অসমীয়া মানুহৰ চকুত ‘জাতীয় নায়ক’ হৈ পৰা সর্বানন্দ সোণোৱাল মুখ্য মন্ত্রী হিচাপে অধিষ্ঠিত হোৱা বিজেপি দলৰ চৰকাৰখনেও ২০১৬ চনত শাসনলৈ আহি অনুপ্রবেশ তথা বিদেশী বিতাড়নৰ ক্ষেত্ৰত নিস্পৃহ ভূমিকা লোৱাহে দেখা গৈছে।

অথচ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে ২০১৬ বৰ্ষৰ নিৰ্বাচনটোক ‘শৰাইঘাটৰ শেষ ৰণ’ হিচাপে ঘোষণা কৰিয়েই অসমীয়া জাতীয়তাবাদী শিবিৰ তথা ভোটাৰৰ সমৰ্থন আদায় কৰিছিল। এনেকি এই সন্দর্ভত এক নির্বাচনী প্ৰচাৰ সভাত
প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ১৬ মে’ৰ পাছত সকলো বাংলাদেশী লোকেই তালি-টোপোলা বান্ধিব লাগিব বুলি ঘোষণা কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত আমি দেখিলোঁ, বাংলাদেশী নাগৰিকক বিতাড়ন কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ধৰ্মটোক বিবেচনালৈ অনা হ’ল আৰু ‘অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ’ হিন্দু বাংলাদেশী আনি সংস্থাপিত কৰাৰ এক ‘আৱিষ্কাৰী ফর্মুলা’তহে মনোযোগ দিবলৈ ধৰিলে।

ইয়াৰ ফলত অসমীয়া ভাষা-সংস্কৃতি কি পর্যায়ত বিপদাপন্ন হ’ব পাৰে সেয়া কেৱল স্বার্থহীন আৰু দূৰদৰ্শী অসমীয়াইহে বুজি পাব পাৰে। কথাখিনি পৰিষ্কাৰ হ’বলৈ আমি কেইটামান তথ্যৰ সহায় ল’ব পাৰোঁ।

আমেৰিকান গৱেষক মাইৰন বেইনাবে ১৯৭৮ চনত প্রকাশ পোৱা তেওঁৰ গৱেষণাগ্রন্থ ‘The Sons of the Soil’ত দেখুওৱা মতে ১৯৬৪ চনত অসমীয়াভাষীৰ সংখ্যা আছিল মুঠ জনসংখ্যাৰ ৭৩ ২ শতাংশ।

আৰু ২০০১ চনৰ লোকপিয়লৰ হিচাপত আমি দেখা পালোঁ যে এই সংখ্যা ৪৯:৪৩ শতাংশলৈ নামি আহিল।

২০১১ চনৰ ভোটাৰ তালিকাৰ তথ্য অনুসৰি নামনি অসমৰ কেইখনমান জিলা আৰু বৰাক উপত্যকাৰ মুঠ ৩৮টা সমষ্টিত ৫ বছৰৰ ভিতৰত ভোটাৰৰ সংখ্যা ৫ শতাংশৰ পৰা ১৪ শতাংশপর্যন্ত বৃদ্ধি পাইছে।

ইয়াৰ বিপৰীতে এই সময়ছোৱাত উজনি অসমৰ ৫খন জিলা ক্রমে গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড আৰু তিনিচুকীয়াৰ মুঠ ২৮টা বিধানসভা সমষ্টিৰ ১৬টাতে ভোটাৰৰ সংখ্যা হ্রাস পাইছে।

উল্লিখিত স্থানসমূহত কিয় ভোটাৰৰ সংখ্যা বৃদ্ধি পালে সেই কথা প্রতিগৰাকী সচেতন লোকেই জ্ঞাত। এইখিনিতে আৰু এটা কথা উল্লেখ কৰাৰ প্রয়োজন হ’ব যে উল্লিখিত সমষ্টিবোৰৰ অন্তৰ্গত বহু চৰ-চাপৰিৰ লোকেই লোকপিয়লৰ তথ্যত নিজৰ ভাষা অসমীয়া বুলি লিখিছিল যদিও পৰৱৰ্তী সময়ত বহু কুটিল ৰাজনীতি আৰু উচটনিৰ চিকাৰ হৈ তেওঁলোকে লোকপিয়লৰ তথ্যত নিজকে বাংলাভাষী হিচাপে উল্লেখ কৰিছে।

এই দুই তথ্যৰ পৰা এই কথা স্পষ্ট যে উপৰিউক্ত ঠাইবোৰত অসমীয়াভাষী লোকৰ সংখ্যা উদ্বেগজনকভাৱে কম বা কমি গৈছে। এতিয়া নতুনকৈ বাংলাদেশৰ পৰা হিন্দু ভোটাৰ ‘আমদানি কৰি আনি বিজেপি দলে নিজৰ ভোটবেংক গজগজিয়া কৰিব পাৰিব ঠিকেই, কিন্তু অসমীয়া ভাষা আৰু সংস্কৃতিৰ যে আয়ুবেলি মাৰ যাব সেয়া নিশ্চিত।

অনুপ্রবেশ ৰোধৰ বাবে সদিচ্ছা থকা হ’লে চৰকাৰে সীমান্ত ছিল কৰিব পাৰিলেহেঁতেন, কাঁটা তাঁৰৰ বেৰা দি সুৰক্ষা নিশ্চিত কৰিব পাৰিলেহেঁতেন, বিদেশী বিতাড়নৰ বাবে গঠন কৰা ট্রাইবুনেলৰ জৰিয়তে ১৯৭১ চনৰ পাছত অহা অনুপ্ৰৱেশকাৰীসকলক ক্ষিপ্ৰতাৰে চিনাক্ত কৰি আইনী ব্যৱস্থা ল’ব পাৰিলেহেঁতেন,

এখন বিজ্ঞানসম্মত আৰু কঠোৰ জন্ম নিয়ন্ত্রণ আইন কৰিব পৰা গ’লহেঁতেন- কিন্তু তাকে নকৰি সমস্যা জীয়াই
ৰাখি আটাইকেইটা ৰাজনৈতিক দলেই সস্তিয়া বাজনীতি কৰোঁতে কৰোঁতে অসমীয়া ভাষা-সংস্কৃতি আজি এক বিপৰ্যয়ৰ সন্মুখীন হৈছে।

তথাপি কোনো বাজনৈতিক দলনে এইক্ষেত্রত উদ্বিগ্নতা, সচেতনতা বা দূৰদৰ্শিতা পৰিলক্ষিত হোৱা নাই। নিজৰ ভাষাটোক নিজৰ জাতিটোক, নিজৰ পৰিচয়ক বিপদৰ মুখলৈ ঠেলি দি কেৱল ক্ষমতাৰ স্বাৰ্থত সেয়া কি ধৰণৰ ৰাজনীতি কৰিছে সেই কথা আমাৰ দৰে সাধাৰণ বুদ্ধি-মেধাৰ মানুহক বাবে বুজি পোৱাটো সম্ভৱ নহয় চাগৈ।

আনহাতে, ১৯৬০ চনত অসম বিধানসভাত গৃহীত ভাষা-আইনখনৰ বিলাই-বিপত্তি মন কৰিবলগীয়া।

১৯৬০ চনত অসম বিধানসভাই ৰাজ্যভাষা আইন প্রণয়ন কৰে। এই আইনৰ অধিসূচনা তৈয়াৰ কৰিবলৈ বিধানসভাক প্রয়োজন হয় সম্পূর্ণ দহ বছৰ কাল,

অর্থাৎ ১৯৭০ চনতহে ই চৰকাৰী আইনত পৰিণত হয়। কিন্তু এই আইনৰ অধীনত বিধানসভাই কি কৰিলে বা কৰিছে একো জনা নাযায়। ১৯৭০ চনৰ পাছত কেইবাটাও ৰাজনৈতিক দল ক্ষমতাৰ অংশীদাৰ হ’ল।

কংগ্ৰেছৰ উপৰি অগপৰ দৰে জাতীয়তাবাদী আঞ্চলিক দল ক্ষমতালৈ আহিল, বাঁওপন্থী দলৰ বিধায়ক আহিও ক্ষমতাৰ অংশীদাৰ হ’ল, কিন্তু কোনো এটা দলেই ৰাজ্যভাষা আইনখন কাৰ্যকৰী কৰিবলৈ কোনো উদ্যোগ লোৱাৰ খবৰ আমি পঢ়িবলৈ নাপালোঁ।

২০০৮-০৯ চনত অসম বিধানসভাই অসমীয়া ভাষাক গুৰুত্ব দিয়া বুলি কোনোবা কাকতত বাতৰি পঢ়িছিলোঁ। কি গুরুত্ব দিলে বা কি কাৰ্যকৰী হ’ল সেই বিষয়ে কোনো খবৰ নাই।

অতিসম্প্রতি ক্ষমতাধিষ্ঠিত হোৱা খিলঞ্জীয়াৰ চৰকাৰখনৰো কিছু কাম-কাজ আমি প্রত্যক্ষ কৰাৰ সুযোগ পাইছোঁ-তেওঁলোকৰ কাম-কাজতো একো নতুনত্ব পৰিলক্ষিত হোৱা নাই। এনে লাগে যেন ভাষা, সাহিত্য আৰু সংস্কৃতিৰ প্ৰসংগত কোনো ৰাজনৈতিক দলৰেই একো দৃষ্টিভংগীগত পার্থক্য নাই।

এটা ভাষাৰ প্রতিপত্তি তথা প্রভার বর্তি থাকিবলৈ সেই ভাষাটো চৰকাৰী কাৰ্যালয়, কাগজ-পত্র, আইন-আদালত আদিত ব্যৱহাৰ হ’ব লাগিব।

অসমীয়া ভাষাৰ বিকাশ আৰু সুৰক্ষাৰ বাবে চৰকাৰৰ স্পষ্ট নিয়োগ নীতি থাকিব লাগিব। তেহে চৰকাৰী বিষয়া-কর্মচাৰীয়েও অসমীয়া ভাষাটো ব্যৱহাৰ কৰিব।

অসমীয়া ভাষাত পঢ়া-শুনা কৰিব। কিন্তু অনা-অসমীয়া আমোলাৰ মন্ত্ৰণাত চলা চৰকাৰে অসমীয়া ভাষাৰ বিকাশ আৰু সুৰক্ষাৰ কাৰণে কঠোৰতা দেখুৱাব নোৱৰা বাবেই অসমীয়া ভাষাবিৰোধী স্থিতি এটাত অৱস্থান গ্রহণ কৰা যেন লাগে। বাজ্যভাষা আইনখন কাৰ্যকৰী কৰিবলৈ অসম সাহিত্য সভাই মাজে-সময়ে দাবী জনায়।

ফল একো দেখা নাপাওঁ, পিছদিনা কাকতত বাতৰি আৰু ফটো প্ৰকাশ পোৱা দেখোঁ। কিন্তু অসম সাহিত্য সভাই আন আন জাতীয়তাবাদী শক্তিসমূহক একত্ৰিত কৰি এক জোৰদাৰ আন্দোলন গঢ়ি তুলিব পাৰিলেহেঁতেন। এক তীব্র জনজাগৰণ গঢ়ি তুলিব পাৰিলেহেঁতেন।

অসম সাহিত্য সভাই তেনে উদ্যোগ ল’লে শদিয়াৰ পৰা ধুবুৰীলৈকে অসংখ্য জনতা ওলাই আহিব। তেনে একো পদক্ষেপ গ্রহণ নকৰি ক’লা চিঞাহীৰে ইংৰাজী ভাষাৰ বেনাৰ-পোষ্টাৰ তথা ছাইনব’ৰ্ডত ইংৰাজী ভাষা মোহাৰি ফুৰিলে কাৰো একো লাভো নহয়, কাৰো একো লোকচানো নহয়।

আৰু এই কথা ক’বই লাগিব যে অসমীয়া ভাষা-সাহিত্যৰ বিকাশ আৰু সুৰক্ষাৰ বাবে অসম সাহিত্য সভা গঠন হ’লেও সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি আন আন জাতীয়তাবাদী শক্তিসমূহৰো গভীৰ দায়িত্ব আছে।

লেখক-বুদ্ধিজীবী-সাংবাদিকসকলৰো গভীৰ তথা গুৰুত্বপূর্ণ দায়িত্ব আছে। সকলো একগোট হৈ অসমীয়া ভাষাৰ সুৰক্ষাৰ প্ৰশ্নত ৰাজ্যভাষা আইনখন কাৰ্যকৰী কৰিবলৈ চৰকাৰক বাধ্য কৰা হওক।

Share This Article
Follow:
Nipu Saikia is a writer and contributor to AXOMORKOTHA, writing on Assamese literature, culture, history, society, religion and various topics of knowledge and information. Explore articles and stories by Nipu Saikia published on AXOMORKOTHA.
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *