অসমৰ ভাস্কৰ্য পৰম্পৰা আৰু তেলীশালৰ শিলামূর্তিসমূহ

Nipusaikia
16 Min Read

অসমৰ ভাস্কৰ্য পৰম্পৰা

ভৌগোলিকভাবে কিছু আওহতীয়া স্থানত থকা সত্ত্বেও খ্ৰীষ্টপূৰ্বৰ পৰা অসম ভাৰতবৰ্ষৰ লগত সাংস্কৃতিক মহাস্রোতেৰে চিৰপ্ৰৱাহমান এক সংগমস্থলী। প্রাচীন অসমৰ বিষয়ে প্রথম তথ্য পোৱা যায় চতুর্থ শতিকাৰ গুপ্ত সম্রাট সমুদ্রগুপ্তৰ এলাহাবাদ স্তম্ভ লিখনত। কিন্তু অসমত আৰ্যৰ পদধ্বনি তাতোকৈ বহু পুৰণি।

মহাভাৰত আৰু ৰামায়ণত অসমৰ কথা, ইয়াৰ বীৰ-বীৰাংগনাৰ কথা সম্ভ্রমেৰে উল্লেখ কৰা আছে। ইবোৰৰ কোনো পুৰাতাত্ত্বিক সত্যতা নাই যদিও ভাৰতৰ মূল ৰাজনৈতিক-সামাজিক পৰিঘটনাৰ লগত যে অসম প্রাচীনকালবে পৰা জড়িত তাৰ ইংগিত বহন কৰে।

আৰ্যসকল অসমলৈ অহাৰ আগতেও এই ভূখণ্ডত অনার্যমূলীয় বিভিন্ন জনগোষ্ঠীযে প্রাগৈতিহাসিক কালৰে পৰা প্ৰব্ৰজন আৰু বসবাস কৰি আহিছে।

সেই জনপ্রৱাহ হৈছিল মূলতঃ দক্ষিণ-পূব এছীয় দেশৰ পৰা। উত্তৰ আৰু মধ্য ভাৰতত ঘটা বিভিন্ন বাজনৈতিক উত্থান-পতন, বিদেশী আক্রমণকাৰীসকলৰ অত্যাচাৰ আৰু অন্যান্য আর্থ-সামাজিক কাৰণত অসমলৈ আৰ্যমূলৰ মানুহৰ প্ৰব্ৰজন হৈছিল আৰু স্থায়ীভাবে বসবাস কৰিবলৈ লৈছিল।

দক্ষিণ-পূব দেশৰ পৰা অহা জনগোষ্ঠীবোৰৰ সাংস্কৃতিক আধাৰবোৰ মূলতঃ কাঠ আৰু বাঁহকেন্দ্রিক আছিল, সেয়ে সেই সংস্কৃতিৰ অৱশেষ পোৱাটো কঠিন।

আর্যমূলীয় মানুহে শিল আৰু পাছৰ পৰ্যায়ত ইটা আৰু আন ধাতুৰে স্থাপত্য-ভাস্কর্য নিৰ্মাণ কৰা আৰম্ভ কৰিলে, যিবোৰ পুৰাতাত্ত্বিক অৱশেষ হিচাপে আমি দেখা পাওঁ।

আর্যসকলে অসমলৈ প্ৰব্ৰজন কৰোঁতে লগতে লৈ আহিছিল বৈদিক ধর্মীয় ৰীতি-নীতি, আচাৰ-অনুষ্ঠান, বিভিন্ন দেৱ-দেৱীৰে সমৃদ্ধ হিন্দু ধর্মীয় পৰম্পৰা।

অন্ততঃ পঞ্চম শতিকামানৰ পৰা প্ৰাচীন অসমত হিন্দুধর্মই খোপনি পুতিছিল বুলি নিশ্চিত তথ্য পোৱা যায়। আর্যসকলৰ আগমনৰ লগে লগে অসমৰ সামাজিক, সাংস্কৃতিক আৰু ধর্মীয় বাতাৱৰণৰ আমূল পৰিৱৰ্তন হ’ল।

আৰ্যকৰণ প্রক্রিয়া দ্রুতগতিত বাঢ়ি গ’ল আৰু কেইটামান শতিকাৰ ভিতৰতে ই প্রাচীন কামৰূপত সবল ৰূপত প্রতিষ্ঠা লাভ কৰিলে।

চীনা পরিব্রাজক হিউৱেন চাং সপ্তম শতিকাৰ মধ্যভাগত প্রাচীন কামকলৈ আহি লিপিবদ্ধ কৰিছিল যে ইয়াৰ অধিবাসীসকল ব্রাহ্মণ্য ধর্মত বিশ্বাসী, শ শ মঠ-মন্দিৰ ৰাজ্যখনৰ চাৰিওফালে প্রতিষ্ঠা কৰা আছে।

গতিকে অসমৰ স্থাপত্য ভাস্কর্যক পৃথক কৰি চোৱাৰ খুব বেছি অৱকাশ নাই। ভাৰতবৰ্ষৰ প্রাচীন ধর্মীয় চৈতন্য, অনির্বচনীয় শৈল্পনৈপুণ্য আৰু চমৎকাৰী কাৰিকৰী কৌশলেৰে অসমৰ স্থাপত্য ভাস্কর্য প্রভারিত, প্রতিপালিত।

এজন খ্রীষ্টান বা এজন মুছলমানৰ কাৰণে যেনেকৈ গির্জা বা মছজিদ কেৱল গড বা আল্লাৰ উপাসনাস্থলী, তেনেকৈ এজন হিন্দুৰ বাবে কিন্তু মন্দিৰ এটা কেৱল প্রার্থনা কৰা ঠাই নহয়।

এজন হিন্দুৰ বাবে মন্দিৰ এটা ভগৱানৰে প্ৰতিৰূপ। গতিকে মন্দিৰ এটা নির্মাণ কৰোঁতে, সজ্জিত কৰোঁতে, অলংকৰণ কৰোঁতে, ভগৱানক এটা শৰীৰী ৰূপত প্রতিষ্ঠা কৰিবলৈ যত্ন কৰা হয়- যাক শিল্পশাস্ত্রত প্রাসাদ বা ‘বাস্তুপুৰুষমণ্ডল’ বুলি অভিহিত কৰা হৈছে।

শিৱৰ বাসস্থান কেলাস পর্বতক মন্দিৰ নিৰ্মাণৰ আৰ্হি হিচাপে লোৱা হয়। ভগৱান যিহেতু সমগ্র বিশ্বব্রহ্মাণ্ডৰ অধীশ্বৰ, গতিকে মন্দিৰ এটাৰ ভিতৰত সমগ্ৰ বিশ্ব চৰাচৰ প্ৰতিফলিত কৰিবলৈ প্ৰয়াস কৰা হয়।

জলত যি আছে, স্থলত যি আছে, আকাশত যি আছে, পাতালত যি আছে- সেই সকলোকে মন্দিৰ একোটাত চিত্রিত কৰিবলৈ, প্রতিবিম্বিত কৰিবলৈ নিৰন্তৰ প্ৰয়াস কৰা হয়।

শিল্পীসকলে, কাৰিকৰসকলে সেৱাৰ মনোভাবেৰে উদ্বেলিত হৈ নির্মাণ কৰে স্থাপত্য-ভাস্কর্যবে জলমল একো একোটা মন্দিৰ, একো একোখন ক্ষুদ্র মহাবিশ্ব।

গুপ্তসকলৰ সমসাময়িক প্রাচীন অসমৰ বৰ্মন বংশীয় নৃপতিসকলৰ ৰাজত্বকালত অসমত শিলত কটা মূর্তি নির্মাণ পৰম্পৰাৰ আৰম্ভণি হৈছিল।

সেই সময়ত নির্মিত ভাস্কৰ্যবোৰত গুপ্ত প্রভাব স্পষ্টভারে দেখা পোৱা যায়। সেই সময়ত নির্মিত ভাস্কর্যব সংখ্যা অতি তাকৰ। গুপ্ত নির্মাণশৈলীৰ উৎকৃষ্টতম সৃষ্টি হৈছে তেজপুৰৰ ওচৰৰ দ-পৰ্বতীয়াৰ মন্দিৰৰ শিলৰ চৌকাঠত কটা গংগা-যমুনাৰ মূর্তি।

নির্মাণ কলাৰ ফালৰ পৰা ইয়াক ষষ্ঠ শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে। গুপ্ত নির্মাণশৈলীৰে পৰিপুষ্ট ভাস্কর্য অসমৰ উমানন্দ, কামাখ্যা, দুধনৈ, বিলাসীপাৰা আৰু হোজাইৰ মিকিৰআটীত পোৱা গৈছে। বর্মনসকলে অসমত ৬৫০ খ্রীষ্টাব্দলৈকে ৰাজত্ব কৰে।

তেওঁলোকৰ সম্রাট মহেন্দ্র বর্মাই (৪৫০-৪৮৫) উমাচল শিলালিপি খোদিত কৰিছিল, য’ত তেওঁ ‘মহাৰাজাধিৰাজ’ উপাধি গ্রহণ কৰিছিল বুলি উল্লেখ আছে।

বর্মন বংশীয় নৃপতিসকলৰ বিষয়ে ডুবি তামৰ ফলিত যথেষ্ট তথ্য পোৱা যায়। বর্মনসকলৰ সৰ্বশ্রেষ্ঠ ৰজা আছিল কুমাৰ ভাস্কৰবৰ্মা (৫৯৪-৬৫০)। নিধানপুৰৰ তামৰ ফলিত তেওঁৰ যশস্যা বর্ণনা কৰা আছে।

বর্মনসকলৰ পাছত শালস্তম্ভ বংশই (৬৫০-৯৯০ খ্রীষ্টাব্দ) অসমত ৰাজত্ব

কৰে। তেওঁলোকৰ নৃপতি হৰ্জৰ বৰ্মাই বৰ্তমানৰ তেজপুৰত হড়পেশ্বৰ নামৰ এখন নগৰ স্থাপন কৰি তাত ৰাজধানী পাতিছিল।

তেজপুৰৰ বামুণী পাহাৰৰ ভগ্নস্তূপ, কলপাৰ্ক আৰু শিঙৰিৰ স্থাপত্য-ভাস্কৰ্যৰ নিৰ্মাতা আছিল শালস্তম্ভসকল। শালস্তম্ভসকলৰ পাছত আন এক প্রখ্যাত ৰাজবংশ পালসকলে (৯৯০-১১৩৮ খ্রীষ্টাব্দ) অসমত ৰাজত্ব কৰে।

তেওঁলোকৰ সময়তো অনেক মঠ-মন্দিৰ, স্থাপত্য-ভাস্কৰ্যৰ নিৰ্মাণ হৈছিল। মদন-কামদেব, মালিনীথান আদি পালসকলৰ ৰাজত্বকালত নির্মিত উৎকৃষ্ট প্রত্নকীর্তি।

পালসকলৰ পাছত মধ্যযুগত কামৰূপত ছখন বাজ্য প্রতিষ্ঠা হয়। যথাক্রমে- কমতা ৰাজ্য, কোচ ৰাজ্য, ভূঞাসকলৰ ৰাজ্য, কছাৰী ৰাজ্য, চুতীয়া ৰাজ্য আৰু আহোম বাজ্য।

এই ৰাজ্যবোৰতো স্থাপত্য-ভাস্কৰ্যৰ বিকাশ আৰু পয়োভৰ ঘটিছিল, কিন্তু ত্রযোদশ শতিকাৰ পাছৰ পৰা ভাৰতবৰ্ষত শৈল শিল্পকলা আৰু পৰম্পৰাৰ অৱনতি ঘটে, তাৰ প্ৰভাৱ অসমৰ এই ৰাজ্যবোৰতো পৰে।

ৰাজবংশই নির্মাণ কৰা স্থাপত্য আৰু ভাস্কৰ্যৰে অসমৰ পুৰাকীর্তিসমূহ সমৃদ্ধ, কিন্তু ইবোৰৰ মাজতো দৈয়াং-ধনশিৰি উপত্যকাত স্থানীয়ভাবে এটা ভাস্কর্য নির্মাণশৈলী গঢ় লৈ উঠিছিল, যাক দেওপানী ভাস্কর্য বুলি পণ্ডিতসকলে অভিহিত কৰিছে।

এই নির্মাণশৈলীৰ মূৰ্তিৰে অতিকৈ সমৃদ্ধ এটা অঞ্চল তেলীশাল আজিৰ এই ৰচনাখনৰ মূল বিষয়।

তেলীশালৰ যেনিয়ে যাওঁ তেনিয়ে শিলত কটা প্রাচীন মানুহজন দেখা পাওঁ, চুটি-চাপৰ আটিল শৰীৰ, ডিম্বাকৃতিৰ অনুজ্জ্বল অথচ চহা জীৱনৰ সাৰলাৰে পূৰঠ এখন মুখ, অর্ধনিমিলিত চকু, কিবা যেন তাড়নাত ক্রমশঃ গধুৰ হৈ অহা চকুৰ পতা দুটা।

অসমীয়া লোক-জীৱনৰ, গ্রাম্য জীৱনৰ আদিম মানুহজন তেলীশালত ঘূৰি ফুৰে। হয়, তেলীশালত পোৱা শিলামূৰ্তিবোৰৰ কথা কৈছোঁ। দৈয়াং-ধনশিৰিৰ মসৃণ শিলবোৰে তেলীশালত বিভিন্ন ৰূপ ধাৰণ কৰে শিৱ, বিষ্ণু, দেবী, কালী, হৰিহৰ আদি বিভিন্ন ৰূপ। ধনশিৰিপাৰৰ, নগাপাহাৰৰ পাদদেশত থকা নয়নাভিৰাম এটা অঞ্চল তেলীশাল।

দেওপানী ভাস্কর্যশৈলী অসমৰ অন্যতম প্রাচীন শিল্প-পৰম্পৰাৰ প্ৰতিভূ। সপ্তম শতিকাৰ পৰা দশম শতিকামানলৈ দেওপানী ভাস্কর্যশৈলী বিশেষকৈ উজনি অসমত প্ৰসাৰ লাভ কৰিছিল।

কাৰবি আংলঙৰ দেওপানী অঞ্চল এই ভাস্কৰ্যৰ অভিকেন্দ্র আছিল। তদুপৰি গোলাঘাট, যোৰহাট, আনকি তিনিচুকীয়া জিলাৰ ৰঙাগড়া চাহ বাগিচাত এই শিল্পধাৰাৰ মূৰ্তি পোৱা গৈছে।

আমি যদি বর্তমান কাৰবি আংলং জিলাৰ দেওপানী অঞ্চলক এই শিল্পধাৰাৰ হৃদপিণ্ড বুলি ক’ব পাৰোঁ, তেন্তে গোলাঘাট জিলাৰ তেলীশাল হৈছে ইয়াব হাঁওফাঁও।

তেলীশালত পোৱা অগণন শিলামূর্তিয়ে এই ভাস্কৰ্য ধাৰাটোক প্রয়োজনীয় অক্সিজেনৰ যোগান ধৰিছে, বৈচিত্র্য প্রদান কৰিছে। তেলীশালক বাদ দি দেওপানী শিল্পধাৰাৰ বিষয়ে আলোচনা প্রায় অসম্ভৱ।

প্রত্নতাত্ত্বিক দিশৰ পৰা অসম আজিও মেৰু প্ৰদেশৰ দৰে অনাবিষ্কৃত এক অধ্যায়।

আওহতীয়া ভৌগোলিক অবস্থান, সেমেকা জলবায়ু, দীঘলীয়া বর্ষাকাল আদিৰ বাবে বিজ্ঞানসম্মত প্রত্নতাত্ত্বিক চৰ্চাৰ পৰিৱেশ আজিকোপতি গঢ় লৈ উঠা নাই।

অথচ প্রত্নতত্ত্বৰ সকলো ঐশ্বর্য আৰু সম্ভাৱনাৰে ভৰপূৰ এই প্রদেশ। অসমৰ ভৌগোলিক অৱস্থান এনে যে ইয়াক বাদ দি সৰ্বভাৰতীয় পৰ্যায়ৰ প্রত্নতাত্ত্বিক চর্চা আৰু আলোচনা আধৰুৱা হৈ ৰ’ব।

ভাৰতীয় উপ-মহাদেশক তিনিওফালে সাগৰীয় বিশাল জলবাশিষে আৱৰি আছে, উত্তৰে অলংঘনীয় হিমালয়। ইয়াত প্ৰৱেশ কৰিবলৈ মাত্র দুটা পথ আছে। সেয়া হৈছে উত্তৰ-পশ্চিম দিশৰ গিৰিপথ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গিৰিপথবোৰ।

অসমৰ ভাস্কৰ্য পৰম্পৰা আৰু তেলীশালৰ শিলামূর্তিসমূহ

উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন গিৰিপথেৰে প্রাগৈতিহাসিক কালৰে পৰা দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশৰ পৰা নিৰৱচ্ছিন্নভাবে সাংস্কৃতিক যোগাযোগ হৈ আছে, বিভিন্ন নৃগোষ্ঠীয় প্রব্রজন ঘটিছে।

দুটা ভিন্ন ধাবা প্রাচ্য আৰু পাশ্চাত্য সংস্কৃতিব মিলনভূমি অসম। কিন্তু সৰ্বভাৰতীয় প্রেক্ষাপটত প্রত্নতাত্ত্বিকভাবে অসম আজিও অৱহেলিত। অথচ এই অসমতে সপ্তম শতিকাতে দেওপানী শিল্পধাৰা নামৰ স্বতন্ত্ৰ আৰু স্থানীয় ভাস্কর্যশৈলীৰ আৰম্ভআৰু বিস্তাৰ ঘটিছিল।

কাছাৰ পার্বত্য অঞ্চলৰ ডাওজেলী হেডিং নামৰ গাঁওখনত আজিৰ পৰা প্ৰায় ২৭০০ বছৰ আগতে মানুহে মৃৎপাত্ৰত আহাৰ ৰান্ধি খাবলৈ শিকিছিল।

ষষ্ঠ শতিকাত খোদিত কৰা তেজপুৰ দ পৰ্বতীয়াৰ গংগা-যমুনাৰ ৰূপৰ খ্যাতি সমগ্র ভাৰতবৰ্ষজুৰি। গতিকে প্রত্নতাত্ত্বিক সম্পদৰ ফালৰ পৰা অসমৰ আন্তঃৰাষ্ট্ৰীয় পৰিকাঠামো এটা আছে, মাত্ৰ দৰকাৰ ইবোৰৰ যথোপযুক্ত অধ্যয়ন, গবেষণা আৰু প্ৰচাৰ।

অসমত মূর্তি নিৰ্মাণৰ দুটা প্রধান কেন্দ্র হৈছে আমবাৰী আৰু দেওপানী। গুৱাহাটীৰ আমবাৰীত একেটা স্থানৰে পৰা শ শ শিলমূর্তি উদ্ধাৰ কৰা হৈছে, যি সমগ্ৰ ভাৰতবৰ্ষতে বিৰল।

আমবাৰীত পোৱা শিলামূৰ্তিবোৰত মধ্যযুগীয় পূব ভাৰতীয় শিল্পকলাৰ পূৰ্ণ প্ৰভাৱ দেখা যায়। ইয়াৰ বিপৰীতে দেওপানী শিল্পধাৰা আঞ্চলিক শিল্প নৈপুণ্য আৰু লোকশিল্পীৰ প্ৰাণৰ পৰশেৰে সমৃদ্ধ। সেইকাৰণে দেওপানীৰ শিলামূৰ্তিবোৰৰ যথোপযুক্ত আলোচনা হোৱা দৰকাৰ।

এইখিনিতে মই বিজ্ঞজনৰ দৃষ্টি আকর্ষণ কৰি ক’ব খোজোঁ যে অসমৰ এই স্থানীয় শিল্পধাৰাটোৰ বিষয়ে অধিক চৰ্চা আৰু আলোচনাৰ প্ৰযোজন আছে, ভাৰতবৰ্ষৰ আন ঠাইৰ মানুহে এই প্রাচীন শিল্পধাৰাৰ বিষয়ে জনাৰ দৰকাৰ আছে। তেলীশাল জিলা সদৰ গোলাঘাট চহৰৰ পৰা ৩০ কিলোমিটাৰ দক্ষিণ দিশলৈ অৱস্থিত।

মটৰগাড়ীৰে গ’লে মাত্র এঘণ্টাৰ পথ। তেলীশালত মানুহৰ ঘৰে ঘৰে, বাৰীয়ে বাৰীয়ে সৰুফুটীয়া শিলৰ মূৰ্তিবোৰ পোৱা যায়। মানুহৰ ঘৰৰ আগফালে একোটা মন্দিৰ, কাঠ-বাঁহেৰে সজা।

মন্দিৰৰ দুৱাৰ মেলিলে দুচকু জলক-তবক হৈ যায়। কি পুৰাতাত্ত্বিক সম্পদ লুকাই আছে সেই অকণি অকণি কাঠ-বাঁহৰ মন্দিৰবোৰত।

মানুহৰ বাৰীৰ ঢাপত অকণি অকণি টিলাবোৰত শিলামূর্তি সিঁচৰতি হৈ আছে। অসমৰ কোনো ঠাইতে শিলামূৰ্তিৰ এনে পয়োভৰ দেখা নাই।

দেওপানী শিল্পধাৰাৰ মূল বৈশিষ্ট্য হৈছে সমগ্ৰ শৰীৰত ফুটি উঠা চহামনৰ জ্যোতি, গ্রাম্য সবলতা, শক্তিশালী দেহাবয়ব, দৃঢ় ওঁঠ, জনজাতীয় আবেদন, পৰিমিত অলংকৰণ।

Classical Indian Art–ৰ সামান্য প্রভাৱ পৰিছে। কিন্তু আঞ্চলিক আৰু লোক-উপাদানে সেই প্রভাৱক প্রায় ঢাকি ৰাখিছে। দেওপানী শিল্পধাৰাৰ প্ৰায়বোৰ ভাস্কৰ চুটি-চাপৰ, প্ৰায় এফুট দৈৰ্ঘ্যৰ।

বৰপথাৰৰ দুৱৰাণী শিৱ মন্দিৰত থকা বিষ্ণুমূর্তি এটা মাত্র ২ ফুট দৈর্ঘ্যৰ পোৱা গৈছে। ইয়াৰ মূল কাৰণ হৈছে মূর্তি কাটিবলৈ ব্যৱহাৰ কৰা শিলবোৰ দৈয়াং-ধনশিৰিৰ বুকুৰ পৰা বুটলি অনা।

যিবোৰক River Pebble বুলি ক’ব পাৰি। তেনে দীঘলীয়া শিলবোৰতে লোকশিল্পীসকলে মূর্তিবোৰ কাটিছিল, অলংকৰণ কৰিছিল, ক্রমে ক্রমে পূৰঠ হৈ আহিছিল লোকশিল্পীৰ হাত।

তেলীশালৰ শিৱ-হৰিহৰ মূৰ্তিবোৰ যদিও আমি এই শিল্পধাৰাৰ আৰম্ভণিৰ বুলি ধৰোঁ, তেন্তে দুৱৰাণী শিৱ মন্দিৰত থকা ২ ফুট দৈর্ঘ্যৰ বিষ্ণুমূৰ্তিটো ইয়াৰ পূৰ্ণবিকশিত ৰূপ।

লোকশিল্পী আৰু স্থানীয় উপাদানৰ পৰা উদ্ভুত যদিও দুৱৰাণী শিৱ মন্দিৰত থকা ৫টা বিষ্ণুমূর্তি ভাৰতবৰ্ষৰ যিকোনো ভাস্কর্যধাৰাৰ লগত সমানে ফেব মাৰিব পৰা বুলি আমি ভাবোঁ। এই মন্দিৰতে ৫টা বিভিন্ন জোখৰ শিৱলিংগও বখা হৈছে।

স্থানীয় লোকে একেলগে এই বিষ্ণুমূর্তি আৰু শিৱলিংগৰ পূজা-সেৱা কৰে এই মন্দিৰত। প্ৰৱেশদ্বাৰত দুটা নন্দী, শিৱৰ বাহন, মূর্তি দুটা ক্ষয় গৈছে। দুৱৰাণী শিৱ মন্দিৰত থকা বিষ্ণুমূর্তিকেইটা অসমৰ ভাস্কৰ্যবোৰৰ ভিতৰত অন্যতম সুন্দৰ আৰু সুমিতিপূর্ণ নিদর্শন, কিন্তু ৰাইজৰ অহৰহ পূজা-সেৱা, সেন্দূৰ আৰু ধূপ-ধোঁৱাৰ প্ৰভাৱত ইয়াৰ প্ৰাচীন গৰিমা আৰু সৌন্দর্য ক্রমে ম্লান হৈ আহিছে।

ৰাইজক সবিনয়ে অনুৰোধ জনালোঁ শিলামূর্তিসমূহত লাগিলে সি য’তেই নাথাকক অনুগ্ৰহ কৰি সেন্দুৰ নাসানিব, গাখীৰ নাঢালিব, ওচৰত চাকি নজ্বলাব, মূৰ্তিবোৰত কাজল নাসানিব।

সেই প্রাচীন শিল্পকীর্তিক ক্ষত-বিক্ষত নকৰিব, সঁচাকৈ যদি অন্তৰত ভক্তি আছে শিলামূর্তিসমূহক শান্তিত থাকিবলৈ দিয়ক, ইবোৰ আমাৰ ঐতিহ্য আৰু সৌন্দর্যবোধৰ প্রতীক, মানুহৰ কলাত্মক ভাবনাৰ ইবোৰ একো একোটা দ্যোতক, অনুগ্ৰহ কৰি শিলামূৰ্তিবোৰৰ গাত দাগ নলগাব।

আগতে উল্লেখ কৰিছোঁ যে তেলীশালৰ ভাস্কৰ্য দেওপানী শিল্পধাৰাৰ অন্যতম কেন্দ্রীয় চৰিত্ৰ। দেওপানী, সৰুপথাৰ দুৱৰাণী, আলিছিগা-টেঙানী ইত্যাদি ঠাইত থকা এই শিল্পধাৰাৰ মূৰ্তিবোৰ চাই আমাৰ ধাৰণা হৈছে যে দেওপানী ভাস্কর্যশৈলীৰ আৰম্ভণি হয়তো তেলীশালতে হৈছিল।

থিৰাংকৈ ক’বলৈ আৰু কিছুদিন লাগিব, কেৱল অলংকৰণ আৰু দেহবল্লৰী চাই মূৰ্তিবোৰৰ কাল নিৰ্ধাৰণ কৰা পদ্ধতি আওপুৰণি আৰু ত্রুটিপূর্ণ বুলি আমি অনুভৱ কৰোঁ। শিলামূৰ্তিবোৰ প্ৰতিষ্ঠাপন কৰা ইটাৰ ভেটিবোৰ, ইবোৰত ব্যৱহৃত মৃৎপাত্র ইত্যাদিৰ পৰা OSL (Optically Stimulated Luminesence) dating পদ্ধতিৰে কাল নির্ণয় কৰিব পাৰি।

প্ৰত্নতত্ত্বৰ কাল নিৰ্ণয়ৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন বাজ্যত এনে পদ্ধতি বহুলভাৱে ব্যৱহৃত হৈছে। বিশেষকৈ Archaeological Survey of India, Pune-ব Deccan College আদিয়ে এই পদ্ধতিৰে কাল নির্ণয় কৰি প্রত্নতাত্ত্বিক Chronology নিৰ্মাণ কৰি উলিয়াইছে,

যি সম্পূর্ণ বিশ্বাসযোগ্য আৰু বিজ্ঞানসম্মত। অসম কন্যা ড° স্বপ্নমিতা চৌধুৰী বৈদেচাৰণে অসমতো এই পদ্ধতিৰে প্ৰত্নতাত্ত্বিক স্থানবোৰৰ কাল নির্ণয় কৰিবলৈ আগ্ৰহ কৰিছে। ড° চৌধুৰী ডেৰাডুনত থকা Wadia Institute of Himalayan Geology-বিশিষ্ট বৈজ্ঞানিক আৰু Geo-Archaeology-ৰ বিশেষজ্ঞ।

অসম প্রত্নতত্ত্ব সঞ্চালকালয়ৰ তৰফৰ পৰা সঞ্চালিকা ড° দীপিৰেখা কুলীৰ তৎপৰতাত উপৰিউক্ত প্রতিষ্ঠানটোৰ লগত যোগাযোগ কৰা হৈছে আৰু গোটেই অসমতে সিঁচৰতি হৈ থকা বিভিন্ন মঠ-মন্দিৰ, প্রত্নতাত্ত্বিক ক্ষেত্ৰসমূহৰ কাল নির্ণয় কৰিবলৈ বিস্তৃত পৰিকল্পনা কৰা হৈছে।

আমি ড° চৌধুৰীৰ লগত তেলীশাল ভ্রমণ কৰিছিলোঁ আৰু তেখেতে সমগ্র গোলাঘাট জিলাতে OSL Dating পদ্ধতি কাৰ্যকৰী কৰিব পাৰিব বুলি আশা প্রকাশ কৰিছে। সেয়ে হ’লে অসমৰ প্রত্নতাত্ত্বিক ক্ষেত্ৰৰ প্রথম বৈজ্ঞানিক কাল এটা লাভ কৰিবলৈ আমি সক্ষম হ’ম।

তেলীশালৰ শিলামূৰ্তিবোৰ দীঘল ঘূৰণীয়া শিলত কটা। পিছফালে নদীত ক্ষয় হোৱা মসৃণ অংশটো চুই অনুভৱ কৰিব পাৰি। প্ৰায়বোৰ মূৰ্তি ১০ৰ পৰা ১৮ ইঞ্চিৰ ভিতৰত।

কাৰবি পাহাৰৰ পৰা দৈয়াং আৰু ধনশিৰিয়ে কঢ়িয়াই অনা বালি-শিল (Sand Stone) আৰু আগ্নেয়শিলৰ পৰা এই চাপৰ মূৰ্তিবোৰ নিৰ্মাণ কৰা হৈছিল। তাৰ ওচৰে-পাঁজবে Raw material-ৰ আন উৎস আছিল।

Iconography-ৰ ফালৰ পৰা ইবোৰক মূর্তি বুলিব নোৱাৰি, কাৰণ অতি কম পৰিমাণৰ Caving কৰা হৈছে গোটা দীঘল শিলবোৰত।

প্রায় ২ চেন্টিমিটাৰমান দ, সেইফালৰ পৰা ই ৰেখাকৃতি বা Relief-ৰ শাখাত পৰে, কিন্তু লোকশিল্পীসকলে Low Carving-ৰ সহায়েৰে গোটেই শিলটোকে এনে রূপ প্রদান কৰিছে যে ই এক স্বয়ংসম্পূর্ণ মূর্তিলৈ কৰূপান্তৰ হৈছে।

তেলীশালত ১০ ইঞ্চি উচ্চতাৰ লকুলিশ শিৱই ৬ ফুট উচ্চতা পাইছে দেওপানী শির মন্দিৰত, মূর্তি দুটাৰ আৱেদন আৰু অভিব্যক্তি সাইলাখ একে। হৰিহৰ মূৰ্তি তেলীশালত যথেষ্ট পৰিমাণে পোৱা যায়।

একেটা মূর্তিতে ভগৱান শিৱ আৰু বিষ্ণুক খোদিত কৰা হয়। দুয়োজন ভগৱানৰ বাহন, অস্ত্র-শস্ত্র আৰু অন্যান্য উপাদান একেটা মূর্তিতে সমমিতিপূর্ণভাৱে প্ৰকাশ কৰাটো কঠিন কার্য, কিন্তু তেলীশালৰ প্রচীন শিল্পীসকলে

সেই কার্য পাৰদৰ্শিতাৰে সম্পন্ন কৰিছে। শিৱ-পাৰ্বতীৰ যুগল মূর্তি, কালী, চামুণ্ডা, লক্ষ্মী, পার্বতী, গণেশ আদি বিভিন্ন শিলামূর্তিৰে তেলীশালৰ মূৰ্তিশালা চহকী।

বিশেষকৈ তেলীশালৰ বিষ্ণুপুৰ গাঁৱৰ গাঁওবুঢ়াৰ বাৰীৰ ঢাপত সদ্য আবিষ্কৃত দুহতীয়া গণেশ মূর্তিটো অতি সুন্দব। সবল আৰু অলংকাৰবিহীন যদিও এই সৰুফুটীয়া গণেশ মূর্তিটো অসমৰ প্রাচীন শিলামূৰ্তিবোৰৰ ভিতৰত অন্যতম সুন্দৰ নিদর্শন বুলি ভাবোঁ।

১১ ইঞ্চি উচ্চতাৰ বহি থকা গণেশ মূৰ্তিটোৰ মুখত বালসুলভ দুষ্টামি অথচ গভীৰ দুটা চকু, সমগ্ৰ শৰীৰত এক আধ্যাত্মিক কান্তি, সোঁহাতত এটা লাড্ডু, বাঁওহাতত কি লৈ আছে স্পষ্ট নহয়, শুঁৰডালৰ আগটো তাত পাক খাই থকা যেন অনুমান হয়। কাণ দুখন স্পষ্ট, কাণৰ ৰেখাবোৰ বৈ পৰা।

কপালত এটা তিলক, মূৰত পাগুৰি, যেন কিশোৰ এটাই চুলিকোছাক কপালৰ ওপৰভাগত বান্ধি পিছলৈ পেলাই দিছে, নোদোকা পেট, পেটব ওপৰত স্পষ্টকৈ উত্তৰীয় জিলিকি আছে। ভৰি দুটা বলিষ্ঠ, আঙুলি আৰু নখবোৰ সুন্দৰকৈ খোদিত কৰা, ভৰিৰ গাঁঠিৰ ওচৰলৈকে বিয়পি থকা বস্ত্র।

মুঠতে এই কণমানি গণেশ মূৰ্তিটো তেলীশালৰ আটাইতকৈ আকর্ষণীয় শিলামূর্তি। ভাৰতবৰ্ষত দ্বিতীয় শতিকামানৰ পৰা গণেশ মূৰ্তিৰ নিৰ্মাণৰ তথ্য আছে যদিও ই সম্পূর্ণ রূপ পায় গুপ্তযুগত।

মূর্তি তত্ত্বৰ ফালৰ ই সপ্তম শতিকাৰ শেষভাগত নির্মিত বুলি অনুমান হয় যদিও অনতিপলমে OSL Dating-ব জৰিয়তে ইয়াৰ সঠিক কাল নির্ণয় কৰিব পৰা যাব, কাৰণ গণেশ মূৰ্তিটো ইটাৰ এটা সৰু মন্দিৰৰ ভেটিত প্রতিষ্ঠা কৰা আছিল।

খ্রীষ্টাব্দ নৱম-দশম শতিকাত পূবে দিখৌৰ পৰা পশ্চিম কলঙলৈকে নগাপাহাৰৰ নামনিৰ দৈয়াং-ধনশিৰি উপত্যকা কছাৰী ৰাজ্যৰ অন্তৰ্গত আছিল। কছাৰীসকলৰো আগতে বর্মন বংশী এটা ৰাজবংশই এই অঞ্চল শাসন কৰিছিল বুলি শিলালিপিবোৰে তথ্য দিয়ে।

সৰুপথাৰৰ নগাজৰী খনিকৰ গাঁৱত পোৱা শিলালিপি ৪০০-৫০০ শতিকাৰ বুলি কোৱা হৈছে। একেধৰণৰ প্ৰাচীন শিলালিপি আৰু এখন সৰুপথাৰত কিছুদিনৰ আগতে উদ্ধাৰ হৈছে।

এই শিলালিপিবোৰে প্ৰমাণ কৰে যে দেওপানী অঞ্চল অসমৰ এটা প্রাচীন শিল্প পৰম্পৰাৰ পীঠস্থান। ভাৰতীয় আন প্রাচীন সভ্যতা-সংস্কৃতিৰ সমান্তৰালকৈ এটা প্রাচীন সভ্যতা গঢ় লৈ উঠিছিল তেলীশাল, সৰুপথাৰ, বৰপথাৰ, দেওপানীৰ উৰ্বৰ ভূমিত।

Share This Article
Follow:
Nipu Saikia is a writer and contributor to AXOMORKOTHA, writing on Assamese literature, culture, history, society, religion and various topics of knowledge and information. Explore articles and stories by Nipu Saikia published on AXOMORKOTHA.
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *