বৰটোপৰ লিপিত অসমৰ অতীতৰ সন্ধান

Mirnal Gogoi
13 Min Read

বৰটোপ বিভিন্ন প্ৰকাৰৰ আছিল। সেইবোৰৰ নামবোৰ এনেধৰণৰ- বিয়াগোম বৰটোপ, হাতীমূৰীয়া বৰটোপ, টুবুকী বৰটোপ, মিঠা হোলোং টোপ আৰু বাঘমৰা টোপ। বিয়াগোম বৰটোপটো সকলোতকৈ ডাঙৰ বৰটোপ। হাতীমূৰীয়া বৰটোপৰ গুলী ওলোৱাৰ ফালে দুই কাষত হাতীৰ কাণৰ দৰে কাণ আক ওপৰলৈ হাতীৰ ওঁৰৰ দবে অংশ সাঁচত লোৰে নিৰ্মাণ কৰা হৈছিল। এনে বৰটোপ বিয়াগোম বৰটোপতকৈ সৰু। টুবুকী বৰটোপ টুবুকী লতাৰ দৰে ঘন ঘন পাব থকা। মিঠাসোলোং আৰু বাঘমবা টোপ এই লেখকে দেখিবলৈ পোৱা নাই। মধ্যযুগৰ আটাইতকৈ উন্নতমানৰ যুদ্ধৰ আহিলাবিধ হৈছে বৰটোপ। এই বৰটোপ নৰা, আহোম, চুতীয়া আৰু মোগলসকলে ব্যৱহাৰ কৰাৰ তথ্য অসমৰ বুৰঞ্জীসমূহত বিশেষকৈ পোৱা যায়। পদ্মেশ্বৰ নাওবৈচা ফুকনৰ ‘অসম বুৰঞ্জী’ত চাওলুং চুকাফাই সৌমাৰলৈ পোনতে বৰটোপ আমদানি কৰাৰ কথা আছে। (পৃ. ১৪, সম্পাদনা: লক্ষ্মীনাথ তামুলী, তৃতীয় প্রকাশ, মার্চ, ২০১৩)। আনহাতে হিতেশ্বৰ বৰবৰুৱাৰ ‘আহোমৰ দিন’ত ‘মিঠাসোলোং’ নামৰ বৰটোপটো চুহুংমুং বা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য মাৰি পোৱা বুলি উল্লেখ কৰা হৈছে। এই বৰটোপটো এটা ডাঙৰ বৰটোপ আছিল। ইয়াব দীঘ ১২ হাত আৰু গুৰিৰ পিনে মেৰটো প্রায় ৪ হাত। মধ্যযুগত বৰটোপ একোটা নিৰ্মাণ কৰোঁতে বৰটোপৰ গাত লিপি কটাটো এটা চিৰাচৰিত কথাৰ দৰে আছিল। বৰটোপত কটা লিপিত বৰটোপ নিৰ্মাণৰ সময় (আহোমৰ হ’লে ‘শক’ আৰু মোগলৰ হ’লে ‘হিজৰী চন’), বৰটোপ নির্মাণ কৰোঁতাৰ নাম, বৰটোপ নির্মাণৰ উপলক্ষ্য, শাসনত থকা স্বর্গদেউ বা পাদশ্যাহৰ নাম, বৰটোপ কোনে কাক প্রদান কৰিছিল আদি আনুষংগিক বিষয়বোৰ গাতে কাটি লিখা হৈছিল। আহোম যুগৰ বৰটোপত কটা লিপিত ‘শ্রীশ্রীস্বৰ্গদেৱ’, ‘শ্রীশ্রী স্বৰ্গনাৰায়ণ দেৱ মহাৰাজাধিবাজ’, ‘শ্রীশ্রী স্বৰ্গনাৰায়ণদেব সৌমাৰেশ্বৰ’, ‘শ্রীশ্রীসর্বদাতা বায়লদেৱ’, ‘মহাৰাজাধিৰাজবৰ’, ‘শ্রীশ্রী স্বৰ্গনাৰায়ণ দেৱসৌমাৰেষু’ আদি আহোম স্বৰ্গদেউসকলৰ সন্মানসূচক বাজকীয় উপাধিবোৰ উল্লেখ কৰা হৈছিল। আনহাতে আহোমসকলে আনৰ পৰা যুদ্ধত বৰটোপ লাভ কৰিলেও সেই কথা বৰটোপৰ গাত লিপি কাটি লিখি ৰাখিছিল। বৰটোপত কটা লিপিবোৰ সংস্কৃত, গৰ্গয়া আৰু টাই ভাষাৰ আছিল। হিষ্ট্ৰী অৱ আসাম’ৰ লিখক, প্রসিদ্ধ ব্রিটিছ বুৰঞ্জীবিদ চাৰ এৱাৰ্ড গেইটে ১৮৯৭ চনত অসমত গৱেষণাৰ অগ্রগতিৰ সম্পর্কে ‘ৰিপৰ্ট অন দ্য প্রগ্রেচ অৱ হিষ্ট্ৰৰীকেল ৰিচাৰ্চ ইন আসাম’ শীর্ষক এখন প্রতিবেদন প্রকাশ কৰিছিল। সেই প্রতিবেদনত অসমত সেই সময়লৈকে অত-ত’ত পৰি থকা অৱস্থাত যিকেইটা লোৰ বৰটোপ পোৱা হৈছিল তাৰ ছয়টা বৰটোপৰ পিঠিত কাটি থোৱা আখৰ বা লিপিৰ সম্পর্কে উল্লেখ আছিল।

  • (১) ফচ্ পইণ্টত পোৱা বৰটোপত কটা আখৰ: “শ্রীশ্রীস্বৰ্গদেৱ জয়ধ্বজ সিংহ মহাৰাজেন যবনম বাক সদ্যা ইদম্ যন্ত্রম্ প্রাপ্তম শকে ৮০।” গেইটৰ ব্যাখ্যা অনুসৰি ইয়াত ‘যবন’ মানে ‘মুছলমানসকলক’ বুজাইছে। ইয়াক (৫) আৰু (৬) দফাত দিয়া লিপিৰ লগত তুলনা কৰি চালে ওপৰৰ ‘যৱনম্’ শব্দৰ পিছৰ শব্দটো ‘জিত্বা’ হ’ব, ‘বাকসদ্যা’ শব্দটো আচলতে ‘গোৱাক সদ্যা’ হ’ব আৰু ৮০’ টো ‘১৫৮০ শক’ হ’ব। বৰটোপত থকা সংস্কৃত লিপিখিনিৰ অসমীয়া অর্থ হ’ব- “শ্রীশ্রীস্বর্গদের জয়ধ্বজ সিংহ মহাৰাজে যবনক পৰাজয় কৰি এই অস্ত্র (বৰটোপ) ১৫৮০ শকত লাভ কৰিলে।”
  • (২) নগাঁৱৰ চাহ খেতিয়ক মিঃ উডৰ (Mr. Wood) হাতত পোৱা বৰটোপত কটা আখৰ: “শ্ৰীশ্ৰী স্বৰ্গনাৰায়ণ দেব মহাৰাজাধিবাজ চক্ৰধ্বজ সিংহেন জয়ালব্ধান্ত সংগ্রামে যবনানাম ক্ষয়ে পুনঃপ্রাপ্তস্ত্রমিদ ভূপয়শোৰিহননম্ এনাম শক ১৫৮৯।” ইয়াৰ অৰ্থ-“শ্রীশ্রী স্বৰ্গনাৰায়ণদেব মহাৰাজাধিৰাজ চক্ৰধ্বজ সিংহই ১৫৮৯ শকত যৱনক যুদ্ধত বিনাশ কৰি এই অস্ত্র (বৰটোপ) লাভ কৰে, যি অৰি অৰ্থাৎ শত্রু হননকাৰী বুলি তেওঁৰ যশস্যা ঘোষণা কৰিছে।”
  • (৩) ডিকমত পোৱা বিয়াগোম বৰটোপত কটা লিপি: “শ্রীশ্রীস্বৰ্গনাৰায়ণদেৱ মহাৰাজাধিৰাজ চক্ৰধ্বজ সিংহেন জয়ালন্ধান্ত সংগ্রামে যরনানাম্ ক্ষয়ে পুনঃ প্রাপ্তস্ত্রমিদম্ ভূপয়শোৰিহননম্ এবম্ শক ১৫৯০।” ইয়াৰ অৰ্থ- “শ্রীশ্রীস্বৰ্গনাৰায়ণদেৱ মহাৰাজাধিবাজ চক্ৰধ্বজ সিংহই ১৫৯০ শকত যুদ্ধত যৱনবিলাকক ক্ষয় কৰি এই অস্ত্র (বৰটোপ) লাভ কৰে, যি অবি হননকাৰী বুলি তেওঁৰ যশস্যা ঘোষণা কৰিছে। এই বৰটোপটোৰ গাত পার্টী ভাষাতো এনেদৰে আখৰ কটা আছে- “অজ ব্যবৎ-ই-ফাণ-ই-আসাম দর্ ইহটি মাম-ই-সৈয়দ আহমদ্‌-অল-ঝছেইন অর্জ দাদ শুদ্‌দব সিন্ ১০৭৪ হিজবি মুৱাফিক্সিন …।” ইয়াৰ অৰ্থ- “এই বৰটোপটো সৈয়দ আহমদ হুছেইনৰ কর্তৃত্বত ১০৭৪ হিজৰিত আসাম জয় কৰিবৰ অর্থে দিয়া হৈছে।”
  • (৪) গুৱাহাটী ডাক-বঙলাৰ কম্পাউণ্ডব ভিতৰত পোৱা বৰটোপত কটা লিপি: “শ্রীশ্রী স্বর্গনাৰায়ণদের সৌমাবেশ্বৰ উদয়াদিত্য সিংহস্য শক ১৫৯৪ শ্রীনিত্যানন্দ চোলাধৰা বৰুৱায়ে গঢ়োৱা চমুৱা কচুদলৈ, মুৰালি, চিদাম, পুনা, মথুৰা, ৰামধন, কৃষ্ণাই এই সাতোটা ওঝা।” ইয়াৰ অর্থ-“এই বৰতোপটো শ্রীশ্রীস্বৰ্গনাৰায়ণদের সৌমাৰেশ্বৰ উদয়াদিত্য সিংহৰ ৰাজত্বকালত ১৫৯৪ শকত শ্রীনিত্যানন্দ চোলাধৰা বৰুৱাৰ নির্দেশমতে চমুবা কচুদলৈ, মুৰালি, চিদাম, পুনা, মুথবা, বামধন, কৃষ্ণাই এই সাতজন ওজাই (কাৰিকৰে) নির্মাণ কৰে।”
  • (৫) লক্ষীমপুৰ জিলাৰ ডেপুটি কমিছনাৰৰ কম্পাউণ্ডত পোৱা বৰটোপত কটা লিপি: “শ্রীশ্রী স্বর্গনাৰায়ণদের সৌমাবেশ্বর গদাধর সিংহেন যবনম জিত্বা গুৱাখাত্যামিদম্‌স্ত্রম্ প্রাপ্তম্ শাকে ১৬০৪।” ইয়াৰ অর্থ “শ্রীশ্রীস্বৰ্গনাৰায়ণদের সৌমানেশ্বৰ গদাধৰ সিংহই গুৱাহাটীত (গুরাহাত্যাম্) যরনক জয় কৰি ১৬০৪ শকত এই অস্ত্র লাভ কৰিলে।” বৰটোপটোৰ গাত পাচী লিপিত কটা আখৰ এনেদৰে পোৱা গৈছিল- “সাৎ আব্দ-উল-কৰীম তোপ্ সাজ। বজন ২৯ (?) মোন, ২৯ সেব। শেখফখ-উদ-দিন।” ইয়াৰ অৰ্থ- ‘বন্দুক মিস্ত্রী আব্দ-উল-কৰীমৰ দ্বাৰা নির্মিত। ওজন ২৯ (?) মোন, ২৯ সেব। শেখ ফ-উদ্‌-দিন।” (‘শেখ ফর্-উদ্‌-দিন’ বোধহয় আখৰ কটা মানুহজনব নাম।)।
  • (৬) ডিকমত পোৱা সৰু বৰটোপত কটা লিপি: “শ্রীশ্রীগনাবায়ণদের সৌমাৰেশ্বৰ গদাধৰ সিংহেন যৱনম জিত্বা গুরাকহাত্যমিদমন্ত্রম্ প্রাপ্তম্ শাকে ১৬০৪।” ইয়াৰ অর্থ-“শ্রীশ্রীস্বর্গনাৰায়ণদের সৌমাবেশ্বৰ গদাধৰ সিংহই গুৱাহাটীত (গুৱাকহাত্যম্) যবনক জয় কৰি ১৬০৪ শকত এই অস্ত্র (সৰু বৰটোপ) লাভ কৰে।” বৰটোপটোৰ গাত পাচী লিপিত কটা আখৰ এনেদৰে পোৱা গৈছিল- “দর্ ইহতিমাম্-ই-মীব সৈয়দ আহমদ দাবোঘা আর্জ দাদ শুদ্‌। সাখৎ মহম্মদ জামান তোপ্ সাজ। বাকী জাহাঙ্গীৰ।” ইয়াৰ অর্থ- “এই বৰটোপটো মীৰ সৈয়দ আহমদ দাৰোগা অৰ্জৰ কর্তৃত্বত দিয়া হ’ল। ইয়াক বন্দুক মিস্ত্রী মহম্মদ জামানৰ দ্বাৰা জাহাংগীৰৰ ৰাজত্বকালত নির্মাণ কৰোৱা হ’ল।”

শিৱসাগৰ জিলাৰ আহোম বজাৰ ৰাজকাবেং তলাতল কাৰেংঘৰৰ বাকৰিত থকা বৰটোপ পাঁচটাৰ বিষয়ে সবিশেষ অধ্যয়ন কৰা হৈছিল। সেই অধ্যয়ন অনুসৰি তলাতল কাৰেংঘৰত থকা বৰ্তমানৰ পাঁচটা বৰটোপৰ ভিতৰত প্ৰৱেশ-পথৰ বাঁওফালে থকা তিনিটা বৰটোপৰ মাজৰটো বহিখোৱা বৰফুকনে নির্মাণ কৰোওৱা বৰটোপ। এই বৰটোপটোৰ গাত লিখা কথাখিনি বর্তমানে নাই। তাৰ ওচৰতে পশ্চিমে থকা বৰটোপটো গড়গঞা সন্দিকৈ বৰফুকনৰ আদেশত ১৬১৩ শকত উত্তৰ গুৱাহাটীৰ গেন্ধেলা গৰীয়াই তৈয়াৰ কৰি স্বৰ্গদেউ গদাধৰ সিংহক দিছিল। বৰটোপটোৰ গাত কাটি থোৱা কথাখিনিৰ পূৰ্ণপাঠ এনেধৰণৰ-“শ্রীশ্রীসর্বদাতা বায়লদেৱ গদাধৰ সিংহ মহাৰাজাধিৰাজবৰ নামাল কমলগেৱক শ্রীসূৰ্যগৰগঞা সন্দিকৈ বড়ফুকনৰ নিৰ্ম্মিত গুৱাহাটীউও গেন্ধেলাগড়িয়া শকে ১৬১৩ মাগেয়াসিন বাঘঞ্জয়সিহ নাম স্রং”। বহিখোৱা বৰফুকনৰ বৰটোপৰ ওচৰতে, পূবে, উপহাৰ স্বৰূপে বাৰুকিয়াল ফৈদৰ লাংহেন বৰগোহাঞি ডাঙৰীয়াৰ পৰিনাতি জয়ানন্দ নাওবৈছা ফুকনে দিয়া বৰটোপটো আছে। এই বৰটোপটোৰ গাত লিখি থোৱা কথাখিনি সম্পূর্ণকৈ উদ্ধাৰ কৰিব পৰা নগ’ল। মাথোঁ ‘শ্রীশ্রী স্বৰ্গনাৰায়ণ দেৱসৌমাৰেযু বড়দয়া দিয়সিংহ’ আৰু ‘১৬৯৩’ শকটোহে আমি বুজিব পাৰিলোঁ, অৰ্থাৎ এই বৰটোপ ১৬৯৩ শকত নির্মিত হৈছিল। প্ৰৱেশ-পথৰ সোঁফালে থকা দুটা বৰটোপৰ সোঁফালৰটোৰ গাত কটা আখৰৰ ভিতৰত ‘গদাধৰ সিংহ’, ‘গুৱাহাটী’ আৰু ‘শ্রীশ্রীস্বৰ্গনাৰায়ণ’ আদি শব্দকেইটা চিনিব পৰা গ’ল। আনহাতে বাওঁফালৰটোৰ গাত আখৰ খোদিত কৰা আছে যদিও সম্পূর্ণ পাঠ উদ্ধাৰ কৰিব পৰা নগ’ল। গাত কটা আখৰৰ পৰা বৰটোপটো ১৬৯৩ শকত নির্মিত কৰা কথাষাৰ জানিব পৰা গ’ল। তলাতল কাৰেংঘৰৰ বাকৰিত থকা বৰটোপকেইটাৰ ভিতৰত দুটা হাতীমূৰীয়া বৰটোপ, দুটা টুবুকী বৰটোপ আৰু এটা বিয়াগোম বৰটোপ। বৰটোপত কটা লিপিৰ পৰা আমি আমাৰ পৰা হেৰাই যাবলৈ ধৰা অতীত-ইতিহাসৰ বহুতো বাস্তৱ কথাৰ প্ৰমাণ পাব পাৰোঁ। বৰটোপৰ লিপিয়ে আমাৰ সন্মুখত অতীত-বাস্তৱ এটা তুলি ধৰে। সেই অতীত বাস্তবে আমাৰ চকুৰ সন্মুখত চকামকাকৈ হ’লেও অতীতৰ সমাজ-ব্যৱস্থাৰ কোনো কোনো পৰিস্থিতিৰ সৈতে মুখামুখি কৰাই দিয়ে। এই বৰটোপ আৰু লিপিয়ে এখন শুদ্ধ ইতিহাস ৰচনাৰ ক্ষেত্ৰটো বহু পৰিমাণে সহায়তা কৰে। বৰটোপত কটা লিপিয়ে আমাক অতীতৰ সমাজখনত মানুহে কেনেকৈ অতি কষ্টসাধ্য পৰিশ্ৰমেৰে কাম কৰিছিল সেই কথাও সোঁৱৰাই দিয়ে। সেই সময়ৰ উদ্ভাবিত বিজ্ঞান-প্রযুক্তিৰ বিষয়ে, অসংখ্য মানুহৰ শ্রমদানৰ বিষয়ে, মানুহে জীয়াই থাকিবলৈ কৰা সংগ্ৰামৰ বিষয়ে, দেশ-জাতিক বচাবলৈ কৰা আহোপুৰুষাৰ্থৰ বিষয়ে আৰু এখন দেশে আন এখন দেশৰ ওপৰত প্ৰভুত্ব দেখুৱাৱলৈ কৰা ৰক্তক্ষয়ী যুদ্ধৰ বিষয়েও বৰটোপ আৰু ইবোৰত কটা লিপিয়ে আমাক দৃষ্টি দান কৰে। মধ্যযুগৰ বৰটোপসমূহ কেবল এটুকুৰা সাঁচত নির্মিত লোব অস্ত্রই নহয়, ই সেই সময়ৰ যুদ্ধ-সংস্কৃতি আৰু পৰম্পৰাগত কলা-সংস্কৃতিৰো ধাৰক। বৰটোপ নিৰ্মাণৰ কলা-কৌশলৰ পৰা ইয়াত লিপি কটাৰ পৰম্পৰালৈকে এটা প্রাচীন কলাত্মক পৰম্পৰাও জড়িত হৈ আছিল। মধ্যযুগত সকলো উন্নত জাতিয়ে নিজৰ প্রয়োজনতেই সকলো কথা লিখি ৰাখিছিল। তাৰ বাবে সেই সময়ৰ সমাজ-ব্যৱস্থাৰ মানুহ একো একোটা কষ্টকৰ জীৱন-শৈলীৰ স’তে অংগাংগীভাৱে বিলীন হ’বলৈ বাধ্য আছিল। সেই বাধ্যবাধকতাই তেওঁলোকক নিজস্বভাৱে সৃষ্টি কৰা এটা কঠোৰ সমাজ-ব্যৱস্থা আৰু জীৱন-শৈলীৰ ফালে ধাবিত কৰাইছিল। সেই সমাজ-ব্যবস্থাত এজন গৰাকী বা ৰজা আছিল ঠিকেই, কিন্তু সকলোবোৰ কাম-কাজ সাধাৰণ শ্রমজীবী মানুহেহে কৰিছিল। সেই শ্রমজীবী মানুহখিনি তেতিয়াৰ পৰা এতিয়ালৈকে একেই আছে। কেৱল সমাজ-ব্যবস্থাহে সলনি হোৱাৰ বাদে তেওঁলোকৰ জীৱন-শৈলীৰ কোনোধৰণৰ পৰিৱৰ্তন হোৱা নাই।

অসমীয়াৰ সংজ্ঞা

প্রাচীন অসমৰ ৰাজনৈতিক আৰু ভৌগোলিক ইতিহাসৰ বিচাৰ-বিশ্লেষণ কৰিলে দেখা যায় যে পূর্বতে অসম নামৰ কোনো ৰাজ্য নাছিল বা অসমীয়া জাতি বুলিও এটা বিশেষ জাতি নাছিল। বেছিভাগ গৱেষকৰ মতে ‘আহোম’ শব্দটোৰ পৰা অসম নামৰ উৎপত্তি হৈছে। কিছুমানৰ মতে অসম নামৰ উৎপত্তি বড়ো শব্দৰ পৰা ওলাইছে। আন এটা পক্ষৰ মতে অসমান ঠাই বাবেই এই ৰাজ্য অসম নামেৰে জনাজাত হয়। অসম নামটোৰ দৰেই ‘অসমীয়া’ নামটোৰো কেতিয়া উৎপত্তি হৈছিল, কি স্তৰত নামটোৰ বিকাশ ঘটি এটা জাতিৰ পৰিচয় বহন কৰিছিল সেই সম্পর্কে কোনেও শুদ্ধ আৰু স্থিৰ সিদ্ধান্ত দিব পৰা নাই। তৎসত্ত্বেও দেখা যায় যে অতীতৰ প্ৰাগজ্যোতিষপুৰ বা কামৰূপত যিসকল লোকে বসতি কৰিছিল তেওঁলোকৰ একাংশৰ বংশধৰসকলক লৈয়ে অসমীয়া নামৰ এটা জাতি বা পৰিচিতি গঢ় লৈ উঠিছিল বুলি বেছিভাগ লোকেই বিশ্বাস কবে। ৰামায়ণ আৰু মহাভাৰতত অসম ৰাজ্যৰ প্রাচীন নাম প্রাগজ্যোতিষৰ উল্লেখ আছে। পণ্ডিতসকলৰ ধাৰণা যে চতুর্থ শতিকাৰ আগৰ পৰা অসমত বসবাস কৰা অজনজাতিমূলৰ অষ্ট্ৰিক আৰু তিব্বত বর্মী মংগোল গোষ্ঠীৰ বড়ো, কছাৰী, তিৱা, কাৰবি, মৰাণ আদি জনগোট আৰু চতুর্থ শতিকাৰ পাছত অসমলৈ অহা কলিতা, ব্রাহ্মণ, কৈৱৰ্তকে ধৰি আৰ্য, দ্রাবিড় আদি জনগোষ্ঠীৰ লোকে স্থায়ী বসতি গঢ়ি তুলি সংমিশ্ৰণ আৰু সহাৱস্থানৰ মাজেৰে এখন সমাজ গঢ়ি তুলিছিল, য’ত জনগোষ্ঠীগত বৈচিত্র্য আছিল, কিন্তু সমূহীয়াভাৱে ভাষা বা সংস্কৃতিৰ নামত এটা জাতি গঢ় লৈ উঠা নাছিল। সেই সময়ত বা তাৰ পিছৰ পৰ্যায়তো প্রতিটো জনগোটেই আছিল বৃত্তিপ্রধান সম্প্রদায়। কুমাৰ ভাস্কৰ বৰ্মাৰ পৰা আৰম্ভ কৰি চুতীয়া ৰজাসকলৰ দিনলৈকে বিভিন্ন গোটত বিভক্ত জনসাধাৰণক একেটা প্রশাসনৰ তললৈ আনি এটা জাতি গঠনৰ প্ৰচেষ্টা সেই দিনত কোনো এগৰাকী ৰজাৰ নেতৃত্বত গঢ় লৈ উঠা নাছিল। সেয়ে আহোমসকলৰ অসম আগমনৰ আগলৈকে অসমীয়া জাতি বা পৰিচয় সম্পর্কীয় কোনোধৰণৰ ঐতিহাসিক বা পুৰাতাত্ত্বিক তথ্য বিচাৰি পোৱা নাযায়।

১২২৮ চনত পাটকাই পৰ্বত পাৰ হৈ আহোম স্বৰ্গদেউ চুকাফা অসমলৈ আহে। সেই সময়ত চুকাফাই খোজ দিয়া অসম ভূখণ্ড সৌমাৰ খণ্ড নামেৰে জনাজাত আছিল। ১২২৮ চনৰ পৰা ১২৪০ চনলৈকে এই বাৰটা বছৰ বিভিন্ন ঠাই ঘূৰি-পকি অৱশেষত চুকাফাই হাবুঙত অস্থায়ী ৰাজধানী গঢ়ি তোলে। বান আৰু অন্যান্য প্রাকৃতিক দুর্যোগৰ বাবে সেই ঠাই এৰি ১২৪২ চনত চুকাফা দক্ষিণৰ পিনে গুচি যায় আৰু চৰাইদেউত স্থায়ী ৰাজধানী পাতি শাসন কৰিবলৈ ধৰে। চুকাফা হাবুঙত দুবছৰ থাকি শাসন কৰোঁতে সেই অঞ্চলত (বর্তমান ঢকুৱাখনাৰ দক্ষিণ-পূব আৰু পশ্চিম অঞ্চল) চুতীয়া, কৈৱর্ত, মিচিং, দেউৰী, সোণোৱাল কছাৰী, ব্রাহ্মণ আদি জনগোষ্ঠীৰ লোক থকা বুলি জনা যায়। চৰাইদেউ অঞ্চলতো চুতীয়া, কলিতা আদি জনগোটৰ লোকক আহোমসকলে লগ পায়। তাৰ আগতেই তেওঁলোকে মৰাণ আৰু বৰাহীসকলৰ সান্নিধ্যলৈ আহিছিল আৰু ৰাজকাৰ্যৰ উপৰি বৈবাহিক দিশতো আহোম-মৰাণ, আহোম-বৰাহী আদি সম্পর্ক গঢ় লৈ উঠিছিল। একেদৰে পৰৱৰ্তী সময়ত আহোম স্বৰ্গদেউসকলৰ দিনত যুদ্ধ-বিগ্রহ, বিয়া-বাৰু আদিৰ মাজেৰে দেউৰী-চুতীয়াসকলৰ মাজতো সামাজিক সংমিশ্রণ ঘটিছিল। ১২২৮ চনৰ পৰা ১৮২৮ চনৰ গোমধৰ কোঁৱৰৰ বিদ্ৰোহলৈকে এই ছশ বছৰীয়া আহোম ৰাজত্বত যি সংমিশ্রিত সমাজ গঢ় লৈ উঠিছিল তাত ভাষা বা সংস্কৃতিভিত্তিক জাতিৰ ধাৰণা প্রকট হোৱা নাছিল। সম্ভবতঃ এই ধাৰণাটো প্রকট হোৱাত ব্রিটিছকালীন অসমত গঢ় লৈ উঠা অসমীয়া ভাষা পুনৰুদ্ধাৰৰ বাবে আৰম্ভ হোৱা গণজাগৰণে সহায় কৰিছিল। আহোম ৰাজত্বৰ পতনে অসমৰ সমাজ জীৱনলৈ যি সামুহিক বিপদ নমাই আনিছিল সেয়া হ’ল ঐতিহ্যৰ সংকট। ব্রিটিছে অসমৰ শাসনভাৰ লোৱাৰ পাছত অতিৰিক্তভাবে ভাষা সংকটে গা কৰি উঠিছিল। প্রশাসন চলাবৰ বাবে বংগৰ পৰা বঙালী কেৰাণী-মহৰি অনাৰ পাছত ১৮৩৬ চনৰ পৰা ১৮৭১ চনলৈকে অসমৰ প্ৰশাসনৰ ভাষাৰূপে বাংলা ভাষাই ঠাই অধিকাৰ কৰে। এফালে আহোম ৰাজত্বৰ পতন আৰু আনফালে আহোম প্রশাসনৰ উমৈহতীয়া ভাষা অসমীয়া ভাষাক ব্রিটিছৰ শাসন ব্যৱস্থাৰ পৰা বিতাড়ন- এই দুটা গুৰুতৰ সংকটে দেখা দিয়াৰ পাছত অসমৰ, বিশেষকৈ ব্রহ্মপুত্র উপত্যকাৰ থলুৱা লোকসকলৰ মাজত উমি উমি ক্ষোভৰ জুই জ্বলি উঠিবলৈ ধৰিলে। ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ সময়ত সেই জুই তীব্রগতিত জ্বলিবলৈ ধৰাত মণিৰাম দেৱানক ফাঁচী আৰু বাহাদুৰ গাঁওবুঢ়া, ফর্মুদ আলী, দূতিৰাম বৰুৱা আৰু মধু মল্লিকক কলীয়াপানী আন্দামানৰ কাৰাগাৰত বন্দী কৰাৰ মাজেৰে সম্পূর্ণৰুপে নির্বাপিত কৰে।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *