শ্রী ব্রহ্মাদেৱ, শ্রীবিষ্ণু দেৱ আৰু শ্রী শিৱদেৱৰ উৎপত্তি

Mirnal Gogoi
28 Min Read

কালে (ব্রহ্ম) প্রকৃতি (দুর্গা) ক কলে যে এতিয়া কোনেও তাৰ একো হানি কৰিব নোৱাৰে। যি মন যায় কৰি যাব। প্রকৃতিযে আকৌ প্রার্থনা কৰিলে যে কালে মান-মর্যদাৰ প্রতি ধ্যান দিব লাগে কাৰণ লোক লাজ বোলা কথা এটাও আছে। প্রথম কথা হ’ল কাল প্রকৃতিৰ ককায়েক, কাৰণ সেই পূর্ণ পৰমাত্মা (কবিদের) ব বচন শক্তিৰে কণীৰ পৰা ব্ৰহ্মৰ উৎপত্তি হৈছে। দ্বিতীযতে প্রকৃতি কালৰ পেটৰ পৰা ওলাইছে, কালৰ পুত্ৰী প্ৰকৃতি আৰু সেই সূত্রে কাল প্রকৃতিৰ পিতা। এনে পবিত্র সম্বন্ধত কালিমা সানিলে মহাপাপ হব। প্রকৃতিয়ে আকৌ কলে যে তাইৰ লগত পিতাদেউযে দিযা শব্দ শক্তি আছে, কালে যিমান প্রাণী লাগে বুলি কব তাই উৎপন্ন কৰি দিব। জ্যোতি নিৰঞ্জনে দুর্গাৰ এটাও কথা নুশুনিলে আৰু কলে যে যি শাস্তি পাব লগা আছিল, পাই থৈছে। সত্যলোকৰ পৰা বহিষ্কৃত হলো। এতিয়া মই মতালিৰে চলিম। এই দৰে কৈ কাল পুৰুষে (ক্ষৰ পুৰুষ) প্রকৃতিৰ লগত শক্তি প্রয়োগ কৰি বিয়া পাতিলে আৰু তিনিওজন পুত্ৰ (ৰজগুণযুক্ত ব্রহ্মা, সতগুণ যুক্ত বিষ্ণু আৰু তমণ্ডণ যুক্ত শিব) ব উৎপত্তি কৰিলে। ডেকা হোৱালৈকে তিনিও পত্ৰক দূৰ্গাৰ হতুবাই অচেতন কৰি থলে। জোৱান হোৱাৰ পিছত শ্রী ব্ৰহ্মাক পদ্‌ম ফুলৰ ওপৰত, শ্রীবিষ্ণুক শেষনাগৰ শৰ্যাৰ ওপৰত শিরক কৈলাশ পর্বতত ৰাখি তিনিওকে চেতন কৰিলে। তাৰ পিছত প্রকৃতি (দুর্গা) ৰ দ্বাৰা এওঁলোক তিনিওৰে বিবাহ পাতি দিয়া হল আৰু এটা ব্রহ্মাণ্ডৰ তিনিটা লোকত (স্বৰ্গ, পৃথিবী, -পাতাল) এটা এটা বিভাগৰ মন্ত্রী (প্রভু) নিযুক্ত কবি দিয়ে। যেনেঃ শ্রী ব্রহ্মা দেবক ৰজগুণ বিভাগৰ আৰু বিষ্ণু দেৱক সৎগুণ বিভাগৰ আকৌ শিরক তমণ্ডণ বিভাগৰ মন্ত্রী নিযুক্ত কৰে। বন্ধ নিজে গুপ্ত মহাব্রহ্মা- মহাবিষ্ণু-মহাশিব) ৰূপত মুখ্যমন্ত্ৰীৰ পদবীত থাকে। (এটা ব্রহ্মাণ্ডত এটা ব্রহ্মা লোকৰ ৰছনা কৰা হৈছে। তাত তিনিটা গোপন ঠাই নির্মাণ কৰিলে। ইয়াৰে এটা স্থান বজগুণ প্রধান যত এই ব্রহ্ম (কাল) স্বয়ং মহাব্রহ্মা (মুখ্য মন্ত্রী) ৰূপত থাকে আৰু নিজৰ পত্নী দুর্গাক মহাসাবিত্রী ৰূপত ৰাখে। এই দুইৰ মিলনৰ ফলত যি পুত্র এই স্থানত উৎপত্তি হয়। সেইজনা আপোন। আপুনি ৰজগুণী হৈ যায। দ্বিতীয়তে মহাবিষ্ণু ৰূপত থাকে আৰু নিজব পত্নী দুর্গাক মহালক্ষ্মী ৰূপত ৰাখি যি পুত্র উৎপন্ন কৰে তাৰ নাম বিষ্ণু থয়, সেইজন পুত্র সতগুণ যুক্ত হয়। এই কালে তৃতীয় স্থান এটা তমণ্ডণ প্রধান ক্ষেত্র বনায় তাত তেও নিজে সদাশিৱ ৰূপত থাকে আৰু পত্নী দুর্গাক মহাপাৰ্বতী ৰূপত থয়। এই দুইৰ পতিপত্নী ব্যৱহাৰৰ ফলত যি পুত্র উৎপন্ন হয় সেইজনৰ নাম শিৱ থয আৰু তাক তমণ্ডণ যুক্ত কৰি দিলে। (প্ৰমাণৰ বাবে চাওক) পবিত্র শ্রী শিৱ মহাপুৰাণ, বিদ্যৱেশ্বৰ সংহিতা, ২৪-২৬ পৃষ্ঠা, য’ত ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ তথা মহেশ্বৰৰ বাহিৰেও অন্য এজন সদা শিব আছে। ২) ৰুদ্ৰ সংহিত। ৬.৭স্কন্ধ ৯ অধ্যায়ত ১০০ পৰা ১০৫ আৰু ১১০ পৃষ্ঠাত যাৰ অনুবাদ কর্ত্তা শ্রী হনুমান প্রসাদ পোদ্দাৰ, গীতা প্ৰেছ গোৰখ পুৰৰ পৰা প্ৰকাশিততে) পবিত্র শ্রীমদ দেবী মহাপুৰাণ, তৃতীয় অন্ধ, ১১৪ ৰ পৰা ১২৩ পৃষ্ঠা লৈকে, গীতা প্রেস গোৰখ পুৰৰ পৰা প্ৰকাশিত যাৰ অনুবাদ কৰ্ত্তা শ্রীহনুমান প্রসাদ পোদ্দার, চিমল লাল গোস্বামী)। আকৌ এওঁলোকক ছলনা কৰি নিজৰ আহাৰৰ বাবে শ্রীব্ৰহ্মাৰ দ্বাৰা জীৱৰ উৎপত্তি, শ্রীবিষ্ণুৰ দ্বাৰা স্থিতি (পৰস্পৰৰ মাজত মৰম স্নেহ উৎপন্ন কৰি কালৰ জালত বন্দীকৰা) আৰু শিৱৰ দ্বাৰা সংহাৰ কৰাৰ ব্যৱস্থা কৰে। কাৰণ কাল পুৰুষ অভিশপ্ত হোৱাত এক লাখ মানৱ শৰীৰ ধাৰী প্ৰাণীৰ সুক্ষ্ম শৰীৰৰ পৰা মলি উলিয়াই খাব লাগে। তাৰ বাবে একবিংশতিতম ব্রহ্মাণ্ডত এটা অত্যন্ত তপত শিলাখণ্ড আছে। যিটে। নিজে নিজেই সদায় গৰম হৈ থাকে। তাৰ ওপৰত জীব বোৰক থৈ গৰম কৰিলে মলি ওলাই আহে, কাল ব্রহ্মই সেই মলি খায়। জীবৰ মৃত্যু নহয় কিন্তু অসহ্য কষ্ট ভোগ কবে। আকৌ প্রাণীবোৰক কৰ্ম অনুসৰি ভিন ভিন শৰীৰ প্ৰদান কৰে। পৰিব। ওপৰত বৰ্ণনা কৰা তিনিটা গোপন ঠাইৰ প্ৰসংগ তলৰ উদাহৰণৰ দ্বাৰা স্পষ্ট হৈ ধৰা হ’ল এটা ঘৰত তিনিটা কোঠা আছে। এটা কোঠা অশ্লীল ছবিবে সজাই থোৱা আছে। তাত সোমাওঁতেই মনলৈ তেনেকুৱাই মলিন, অভদ্র ভাব উৎপন্ন হব। দ্বিতীয়টো কোঠা সাধু সন্ত ভকত আদিব ছবিবে সজোৱা আছে। তালৈ গলে মনলৈ ভাল চিন্তা, ঈশ্বৰৰ প্রতি ভক্তি আহে। তৃতীয়টো কোঠা দেশভক্ত আৰু শ্বহীদ সকলৰ ছবিৰে সজাই থোরা আছে এনে ছবিয়ে স্বাভাবিকতে তেনেকুৱাই বীবতা পূর্ণ দেশভক্তিৰ ভাব মনত উৎপন্ন করে। ঠিক এইদবেই ব্রহ্মই (কাল) নিজৰ বিচাৰ বুদ্ধিৰে ওপৰোক্ত তিনি গুণ প্রধান স্থানৰ বছন। কবি থৈছে।

ব্রহ্ম (কাল) ৰ অব্যক্ত হৈ থকাৰ প্ৰতিজ্ঞা

সুক্ষ্মবেদৰ বাকী থকা সৃষ্টি বছনা- তিনিজন পুত্ৰৰ উৎপত্তিৰ পিছত ব্ৰহ্মই নিজৰ পত্নী দুর্গা (প্রকৃতি)ক কলে “মই প্রতিজ্ঞা কৰোঁ যে ভৱিষ্যতে মই কাকো নিজৰ বাস্তবিক ৰূপত দেখা নিদিওঁ সেই বাবে মোক অব্যক্ত বুলি জনা যাব”। ব্রহ্মই দুর্গকি আকৌ কলে যে তেওঁৰ এই ৰহস্য কাকো কব নালাগে আৰু এতিযাৰ পৰা তেও (ব্রহ্ম) গোপনে থাকিব। দুর্গাই কলে “তেন্তে আপুনি নিজৰ পুত্র সকলকো দর্শন নিদিব নেকি? ব্রহ্মই কলে, “মই নিজৰ পুত্রক লগতে অন্য যি কোনো লোকে সাধনা কৰিলেও দর্শন নিদিও, মোৰ এই নিয়ম অটল থাকিব।” দুর্গাই কলে যে ব্ৰহ্মৰ এই নিয়ম উত্তম নহয়, কিয়নো তেওঁ নিজৰ পুত্ৰৰ পৰা লুকাই থাকিম বুলি কৈছে। তেতিয়া (ব্রহ্ম) কালে কলে যে তেওঁ বিবশ। তেওঁ এক লাখ মানব শৰীৰ ধাৰী প্ৰাণীক ভক্ষণ কৰাৰ অভিশাপ পাইছে। কালে আকৌ কলে “যদি মোৰ পুত্ৰই (ব্রহ্মাই, বিষ্ণু, মহেশ) মোৰ এই ৰহস্য গম পায় তেতিয়া উৎপত্তি, স্থিতি আৰু সংহাৰ কাৰ্যা নকৰিব। গতিকে মোৰ এই নিয়ম অনুত্তম হলেও সদায় একে থাকিব। যেতিয়া এই তিনিজন পুত্ৰ অলপ ডাঙৰ হব সিহঁতক অচেতন কৰি দিবা। মোৰ কথা নকবা নহলে তোমাকে। শাস্তি দিম”। দুর্গাই ভয়তে আচল কথা কাকো নকয়, এই কাৰণে গীতাৰ অধ্যায় ৭ শ্লোক ২৪ ত কৈছে যে “এই বুদ্ধিহীন মানুহ বিলাকে মোৰ এই অনুত্তম নিয়মৰ বিষয়ে একো নাজানে, মই কেতিয়াও কাৰো সন্মুখত দেখা নিদিওঁ আৰু নিজৰ যোগমায়াৰে লুকাই থাকো। এই কাৰণে মই অব্যক্ত হোৱা স্বত্বেও মানুহ বিলাকে মোক মনুষ্য ৰূপত অর্থাৎ কৃষ্ণ বুলি ভাবে”। (অবুদ্ধয়ঃ) বুদ্ধিহীন মানুহে (মম) মোৰ (অনুত্তমম) একেবাৰে বেয়া (অব্যয়ম) অবিনাশী (পৰম ভাৱম) বিশেষ ভাৱক (অজানন্ত) নেজানি (মাম অব্যক্তম) মই অব্যক্তক (ব্যক্তিম) মনুষ্য ৰূপত (আপন্নম) অহা (মন্যন্তে) বুলি মানি লয় অর্থাৎ মই কৃষ্ণ নহওঁ। (গীতা অধ্যয়ণ৭ শ্লোক ২৪) গীতা অধ্যয়ণ ১১ শ্লোক ৪৭-৪৮ ত কৈছে যে এইটো মোৰ বাস্তবিক কাল রূপ এই ৰূপৰ দৰ্শন অর্থাৎ ব্রহ্ম প্রাপ্তি বেদ বর্ণিত বিধিৰ দ্বাৰা, জপৰ দ্বাৰা, তপস্ব্যাৰ দ্বাৰা, বা অন্য যিকোনো ক্ৰিয়াৰ দ্বাৰা হব নোৱাৰে। যেতিয়া তিনিওজন পূত্র ডেকা হল তেতিয়া আই ভবানী (প্রকৃতি, অষ্টাঙ্গী) যে তেওঁলোকক সাগৰ মন্থন কৰিবলৈ কলে। প্ৰথম বাৰ সাগৰ মন্থন কৰোতে (জ্যোতি নিৰঞ্জনে নিজৰ শ্বাসৰ দ্বাৰা চাৰিবেদ উৎপন্ন কৰিলে বেদক গোপন বাণীৰ দ্বাৰা সাগৰত থাকিবলৈ আদেশ দিলে) চাৰিবেদ ওলাল, ব্রহ্মাই এই চাৰিবেদ ললে। সাগৰ মন্থনত ওলোৱা বস্তুটো (বেদ) লৈ তিনিও সন্তান মাকৰ ওচৰলৈ আহিল। মাকে কলে যে চাৰিও বেদক ব্রহ্মাই বাখক আৰু পঢ়ক। প্রকৃততে পূর্ণব্রহ্মই ব্রহ্মক অর্থাৎ কালক পাঁচখন বেদ দিছিল। কিন্তু ব্রহ্মই চাৰিখন বেদ হে উলিয়ালে। পঞ্চমখন বেদ লুকোৱাই ৰাখিলে এই পঞ্চমখন বেদ পূর্ণ পৰমাত্মাই স্বয়ং আহি কবির্গিভী অর্থাৎ কবিবাণী (কবীৰ বাণী) ব দ্বাৰা লোকোক্তি আৰু পদাৱলীৰ মাধ্যমত প্রকাশ কৰিছিল। দ্বিতীয় বাৰ সাগৰ মন্থন কৰোতে তিনিজনী যুৱতীক পালে। মাকে (দুগাই) তিনিও পুতেকক ভগাই দিলে। প্রকৃতি (দুগাই) য়ে নিজৰেই অন্য তিনিটা ৰূপ (সাবিত্রী লক্ষ্মী আৰু পাৰ্বতী) ধাৰণ কৰিলে আৰু এই তিনিওকে সাগৰত লুকাই দিলে। সাগৰ মন্থনৰ সময়ত বাহিৰলৈ ওলাই আহিল। সেই প্রকৃতিয়ে তিনিটা ৰূপ ললে আৰু ভগৱান ব্রহ্মাক সাবিত্রী ভগবান বিষ্ণুক লক্ষ্মী, ভগৱান শিৱক পার্বতী পত্নী ৰূপত দিলে। তিনিওজনে ভোগ বিলাস কৰিলে আৰু তাৰ দ্বাৰা দেবতা আৰু অসুৰ দুয়োৰে উৎপন্ন হল। যেতিয়া তৃতীয় বাৰ সাগৰ মন্থন কৰিলে তেতিয়া ব্ৰহ্মাৰ ভাগত চৈধ্যৰত্ন, বিষ্ণু আৰু দেৱতা সকলৰ ভাগত অমৃত, অসুৰ সকলৰ ভাগত মদ (সুৰা) পৰিল আৰু পৰমাৰ্থ শিবই নিজৰ কণ্ঠত বিষ ধাৰণ কৰিলে। এইটো বহুত পিছৰ কথা, যেতিয়া ব্রহ্মাই বেদ পঢ়িবলৈ ধৰিলে তেতিয়া গম পালে যে সর্ব ব্রহ্মাণ্ডৰ বহুনা কৰ। কুলৰ মালিক, পুৰুষ (প্রভু) অন্য বেলেগ কোনোবা আছে। তেতিয়া ব্রহ্মাই বিষ্ণু আৰু শিৱক কলে যে বেদত লিখা মতে সৃষ্টি কত্তা অন্য কোনোবা পুরুষ (প্রভু) আছে, কিন্তু বেদে এইটোও কয় যে সেই সৃষ্টি কর্ত্তা পুৰুষ (প্রভৃ) কোন হয তাৰ বিষয়ে বেদ অজ্ঞ, সেই পুরুষ (প্রভু) ৰ বিষয়ে জ্ঞান লাভব বাবে বেদে কোনো তত্বদর্শী সন্তক শুধি চাবলৈ কৈছে। তেতিয়া ব্রহ্মা আহি দুর্গাৰ ওচৰ পালে আৰু সকলো কথা কলে। দুগহি আগতে কৈছিল যে তেওঁৰ বাহিৰে আন কোনো নাই তেওঁবেই কর্তা, তেঁও সর্বশক্তি মান কিন্তু ব্রহ্মাই কলে যে বেদ ঈশ্বর প্রদত্ত, গতিকে মিছা হব নোৱাৰে। দুগাই কলে যে ব্ৰহ্মাৰ পিতাদেউয়ে তেওঁক দর্শন নিদিয়াৰ প্রতিজ্ঞা কৰা আছে। তেতিয়া ব্রহ্মাই কলে যে “হে আই এতিয়া আৰু আপোনাৰ প্ৰতি মোৰ বিশ্বাস হেৰাই গল। মই সেই পুরুষ (প্রভু) ব ঠিকনা উলিয়াইহে এৰিম। দুগাই সুধিলে যদি তেঁও তোমাক দর্শন নিদিয়ে তেন্তে কি কৰিবা, ব্রহ্মাই কলে দুর্গকি আৰু মুখ নেদেখুৱায়। আনফালে জ্যোতি নিবন্ধনে এত খাই লৈছে যে তেওঁ অবাক্ত হৈ থাকিব, কাকো দর্শন নিদিব। অর্থাৎ ২১ ব্রহ্মাণ্ডত কেতিয়াও নিজৰ প্ৰকৃত ৰূপত আকাৰত দেখা নিদিব।

গীতা অধ্যায় নং ৭ৰ শ্লোক নং ২৪

অব্যক্তম্, ব্যক্তিম, আপন্নম্, মনান্তে, মাম্ অবুদ্ধয়।

পৰম্, ভাৱম, অজানন্ত: মম, অব্যয়ম্ অনুত্তমম।। ২৪।।

অনুবাদঃ (অবুদ্ধযঃ) বুদ্ধিহীন লোকে (মম) মোৰ (অনুত্তমম) বেয়া (অব্যয়ম) অটল (পৰম) পৰম (ভাবম) ভাবক (অজানন্ত) নেজানি (অব্যক্তম) অদৃশ্যমান (মাম) মই কালক (ব্যক্তিম) নৰ ৰূপত কৃষ্ণৰ আকাৰ (আপন্নম) প্রাপ্ত হোৱা (মন্যন্তে) মানি লৈছে।

গীতা অধ্যায় ৭ শ্লোক নং ২৫৪

ন. অহম প্রকাশ: সর্বস্য যোগমায়া সমাবৃত্ত।

মূঢ়ঃ অয়ম ন, অভিজানাতি লোক: মাম্ অজম্ অব্যয়ম।। ২৫

অনুবাদ: (অহম) মই (যোগমায়া সমাবৃত) যোগমায়াবে আবৃত হৈ (সর্বসা) সকলোৰে (প্রকাশ:) আগত প্রত্যক্ষ (ন) নহও অর্থাৎ অদৃশ্য অর্থাৎ অব্যক্ত থাকোঁ। এই বাবে (অজম) জন্ম নোলোৱা (অবায়ম) অবিনাশী অটল ভাৱৰ (অয়ম) এই (মূঢ়) অজ্ঞানী মূর্খ (লোকঃ) সংসাৰৰ লোকে, (মাম) মোক (ন অভিজানতি) নাজানে অর্থাৎ মোক কৃষ্ণ বুলি ভাবে।” কাৰণ ব্রহ্মাই নিজৰ শব্দ শক্তিৰে নিজে নানা ৰূপ লয়। ব্রহ্ম দুর্গাৰ পতি, সেই কাৰণে এই মন্ত্ৰত কৈছে যে তেওঁ শ্রীকৃষ্ণ আদিৰ দৰে দুৰ্গাৰ পৰা জন্ম নলয়।

ব্রহ্মাৰ নিজ পিতা ব্ৰহ্ম (কাল)ক বিচাৰি পোৱাৰ বাবে চেষ্টা

তেতিয়া দুগহি ব্রহ্মাক কলে যে অলখ নিৰঞ্জন তেওঁৰ পিতা কিন্তু ব্রহ্মই তেওঁক দেখা নিদিয়ে। ব্রহ্মাই কলে যে তেওঁ ব্ৰহ্মৰ দৰ্শন কৰিহে উভতিব। দুর্গা মাতাই সুধিলে যে যদি তেওঁ দর্শন নাপায় তেতিয়া কি কৰিব। ব্রহ্মাই প্রতিজ্ঞা কৰি কলে যে যদি পিতাব দর্শন নহয় তেতিয়া তেওঁ দুর্গাৰ সন্মুখত নাহিব। এই বুলি কৈ ব্রহ্মা ব্যাকুল হৈ উত্তৰ দিশে গল যত অন্ধকাৰৰ বাহিৰে একো নাছিল। তাত ব্রহ্মাই চাৰিযুগলৈকে ধ্যান কৰিলে কিন্তু একোকে নাপালে। কালে (ব্রহ্মই) আকাশবাণীৰে দুর্গাক সুধিলে যে সৃষ্টি বছনা কিয় কৰা নাই। ভবানীয়ে কলে যে তেওঁৰ পুত্ৰ ব্ৰহ্মা তেওঁৰ অনুসন্ধানত ওলাই গৈছে। ব্রহ্মই (কাল) ব্রহ্মাক দেখা নিদিও বুলি কলে। ব্ৰহ্মাৰ অবিহনে জীৱ উৎপত্তিৰ সকলো কার্য অসম্ভৱ হব। তেতিয়া দুগাই (প্রকৃতি) নিজব শব্দ শক্তিৰে গায়ত্রী নামৰ এজনী ছোৱালী উৎপন্ন কৰিলে। সেই ছোৱালী জনীক ব্রহ্মাক উভতাই আনিবলৈ কলে। গায়ত্রী ব্ৰহ্মাৰ ওচৰলৈ গল, কিন্তু ব্ৰহ্মা সমাধিস্থ হৈ আছিল, তেওঁ গমেই নাপালে যে কোনোবা ওচৰলৈ আহিছে। তেতিয়া আদি কুমাৰী (প্রকৃতি) য়ে ধ্যান যোগে গায়ত্রীক কলে যে তাই ব্রহ্মাৰ ভৰি স্পর্শ কৰিব লাগে। গায়ত্রীয়ে সেইটোকে কৰিলে। ব্ৰহ্মাৰ ধ্যান ভঙ্গ হোৱাত কোন পাপিনীয়ে তেওঁৰ ধ্যান ভঙ্গ কৰিলে বুলি খং কৰিলে। গায়ত্রীক অভিশাপ দিবলৈ উদ্যত হল। গায়ত্রীয়ে ব্ৰহ্মাক প্ৰথমতে তাইৰ কথা শুনিবলৈ কৈ জনালে যে তাইৰ একো দোষ নাই। নিজৰ কথা শুনাৰ পিছত হে শাও দিলেও দিব বুলিও গায়ত্রীযে কলে। গায়ত্রীয়ে জনালে যে তাইক মা দুর্গাই ব্রহ্মাক ঘূৰাই আনিবলৈ পঠাইছে। কাৰণ ব্ৰহ্মাৰ অনুপস্থিতিত জীর সৃষ্টি হব নোৱাৰে। ব্রহ্মাই যাবলৈ ইচ্ছা নকৰিলে। কাৰণ পিতাদেউৰ দৰ্শন নহল, এনেই গলে তেওঁ হাঁহিৰ পাত্ৰ হৈ পৰিব। যদি গাযত্রীয়ে মা দুর্গাক কৈ দিয়ে যে তাই নিজ চকুৰে ব্ৰহ্মাই নিজৰ পিতা (জ্যোতি নিৰঞ্জন) ক লগ পোৱা দেখিছে। তেতিয়াহে ব্রহ্মা গায়ত্ৰীৰ লগত যাব বুলি কলে। তেতিয়া গাযত্রীয়ে কলে যদিহে ব্রহ্মাই তাইৰ লগত সম্ভোগ কৰে তাই মিছা সাক্ষী দিবলৈ প্রস্তুত। তেতিয়া ব্রহ্মাই ভাবিলে যে পিতাদেউৰ দৰ্শন নকৰাকৈ মা দুর্গাব ওচৰলৈ গলে লাজ পাব, অন্য উপায নেদেখি গায়ত্রীব লগত বতি ক্রিয়া (সংগম) কৰিলে। তেতিয়া গায়ত্ৰীয়ে পৰামৰ্শ দিলে যে দুজন সাক্ষী হলে বেছি ভাল হয়। ব্রহ্মায়ো কথাটো ভাল পালে। তেতিয়া গায়ত্ৰীয়ে নিজৰ শব্দ শক্তিৰে এজনী ছোৱালী (পুহপবতী নামৰ) উৎপন্ন কৰি, পিতাৰ দর্শন পাইছে বুলি মিছ। সাক্ষী দিবলৈ কলে। গৃহপবতীয়েও গায়ত্ৰীৰ নিচিনাকৈ ব্রহ্মাই তাইৰ লগত ৰতি ক্ৰিয়া কৰিলেহে মিছা সাক্ষী দিব বুলি কলে। গায়ত্রীয়ে ব্রহ্মাক অন্য উপায় নাই বুলি উচটনি দিয়াত ব্রহ্মাই পূহপবতীৰ লগত সংগম কৰিলে আৰু তিনিও মায়া (প্রকৃতি/দুর্গা)ৰ ওচৰলৈ গল। দুয়ো দেবীয়ে ব্রহ্মাকো দোষী সাব্যস্ত কৰিবলৈ ওপৰোক্ত চর্ত থৈছিল যাতে ব্রহ্মাই মা দুর্গাৰ সন্মুখত তেওঁলোকে মিছা সাক্ষী দিছে বুলি কব নোৱাৰে। এই কথাৰ বাবেই সন্ত গৰীবদাস মহাৰাজে কৈছে যে

“দাস গৰীব যহ চুক ধুৰোঁ ধুৰ”

“মা দুৰ্গাৰ দ্বাৰা ব্ৰহ্মাক অভিশাপ দিয়া প্রসংগ”

মা দুগহি পিতাব দর্শন হলনে বুলি ব্রহ্মাক সুধিলে। ব্রহ্মাই পিতাব দর্শন হৈছে বুলি কোৱাত দুগহি সাক্ষী বিচাৰিলে, ব্রহ্মাই কলে যে এই দেবী দুজনীৰ সন্মুখত পিতাৰ লগত সাক্ষাৎকাৰ হৈছে। দুয়ো জনীয়ে ব্ৰহ্মাৰ কথাত হয়ভৰ দিলে। ভৱানী (প্রকৃতি) ব সন্দেহ হল কিয়নো ব্রহ্মই কাকো দর্শন নিদিওঁ বুলি কৈছিল। অষ্টাঙ্গীয়ে ধ্যানযোগে কাল / জ্যোতি নিবন্ধনৰ পৰা গোটেই ঘটনাটো জানিব বিচৰাত তেওঁ কলে যে তিনিওজনে মিছা মাতিছে। তেতিয়া মা দুগহিকলে যে আকাশ বাণীৰ দ্বাৰা তেওঁলোকে মিছা কৈছে বুলি গম পালে। ব্রহ্মই কাকো দর্শন দিয়া নাই। ব্রহ্মাই কলে যে তেওঁ শপত খাই পিতাক বিচাৰি গৈছিল, কিন্তু পিতা (ব্ৰহ্মৰ) ৰ দৰ্শন নহল আৰু দুৰ্গৰি ওচৰলৈ আহিবলৈকো লাজ লাগিছিল, গতিকে তিনিওরে মিছা কৈছিল, তেতিয়া মা দুর্গাযো শাও দিবলৈ উদ্যত হল। দুর্গাই কলে যে ব্ৰহ্মাৰ পূজা সংসাৰত নহব। আগলৈ ব্ৰহ্মাৰ বংশধৰ সকলে বহুতো ভণ্ডামি কৰিব, মিছা কথাৰে গোটেই জগতক প্রবঞ্চনা কৰিব। বাহিৰে বাহিৰে কৰ্মকাণ্ড কৰা যেন বোধ কৰাব কিন্তু ভিতৰি ভিতৰি নানা অপকর্ম কৰিব। নিজৰ সংগ্ৰন্থৰ জ্ঞান নথকা স্বতেও পুৰাণৰ পৰা কথা পাঠ কবি শুনাব আৰু মান সম্মানৰ বশবর্তী হৈ ধন লাভৰ বাবে নিজকে গুৰু সজাই অনুগামী সকলক লোকবেদ (শাস্ত্ৰ বিৰুদ্ধ লোক উপাখ্যান) শুনাব। দের দেৱীক পূজা নিজেও কৰিব আৰু আনৰ দ্বাৰাও কৰাব, পৰনিন্দা কৰি বহুত কষ্ট ভূগিব। তেওঁলোকে নিজৰ অনুগামীক পৰমাৰ্থ (পৰমেশ্বৰৰ বিষয়ৰ জ্ঞান) নকব। অকল দক্ষিণাৰ বাবে জগতক বিপথে লৈ যাব। নিজকে বৰ বোলাব আৰু আনক তুচ্ছ ভাবিব। মাতৃৰ মুখৰ পৰা এনে শাওবাক্য শুনি ব্রহ্মা মাটিত বাগৰি পৰিল। বহুত সময়ৰ পিছতহে চেতন পালে। গায়ত্রীকো শাপ দিলে যে বহুতো যাঁড (দমৰা গৰু) তাইৰ পতি হব কাৰণ মৃত্যুলোকত তাই গাইৰ জন্ম । পূহপবর্তী আবর্জনাবে ভৰা লেতেৰা ঠাইত ফুল হৈ গজিব। এই ফুল পূজাত ব্যৱহাৰ নহব। মিছা সাক্ষী দিয়াৰ বাবে এই নৰক ভুগিব লাগিব। তাইৰ নাম কেতেকী হব। (হাৰিয়াণাত কুসোধী বুলি কয়। এই ফুল লেতেৰা ঠাইতহে হয়। এইদৰে তিনিওকে শাও দিয়াৰ পিছত ভবানীয়ে অনুশোচনা কৰিলে। এইদৰে প্ৰথমে জীৱই নভরা-নিচিন্তাকৈ মন (কাল নিৰঞ্জন) ৰ প্ৰভাৱত (উচটানিত) বেয়া কাম কৰে কিন্তু যেতিয়া আত্মা (সৎপুরুষ অংশ) ৰ প্রভাৱত জ্ঞান হয় তেতিয়া অনুশোচনা কৰিব ধৰে। মা-দেউতাই নিজৰ সন্তানক সব-সৰু ভুলৰ বাবেও গালি পাৰে কিন্তু পিছত অনুশোচনা কৰে। এই প্রক্রিযা মন (কাল নিৰঞ্জন) ৰ প্ৰভাৱত সকলো জীৱতে ঘটি আছে। ইয়াত মন কৰিবলগীয়া কথা এই যে নিৰঞ্জনে (কালব্রহ্ম) আইন প্রণয়ন কৰি থৈছে যে নিজতকৈ কম শক্তিশালী জীৱক কষ্ট দিলে তাৰ ফল ভুগিব লাগিব। দুগহি ব্রহ্মা, গায়ত্রী আৰু পুহপবতীক শাও দিয়া কথাটো জ্যোতি নিবন্ধনে ভাল নেপালে। তেওঁ দুর্গাক অভিশাপ দিলে যে দ্বাপৰ যুগত তাইৰ পাঁচজন পতি হব। (দ্রোপদী আদি মায়াৰ অৱতাৰ আছিল) যেতিয়া এই কথাৰ আকাশবাণী হল তেতিয়া আদি মায়াই কলে যে তাই জ্যোতি নিৰঞ্জনৰ (কালৰ) অধীনত আছে গতিতে তেওঁ যি কলেও তাই সেই কথা মতে চলিবলৈ বাধ্য। (সৃষ্টি ৰচনাত দুর্গা দেৱীৰ অন্য নামবোৰ বাৰে বাৰে লিখাৰ উদেশ্যে হল পুৰাণ গীতা আৰু বেদ সমূহত প্রমাণ চাওঁতে যাতে কোনে ভ্রম নহয়। উদাহৰণস্বৰূপে গীতা অধ্যা ১৪ শ্লোক ৩-৪ ত কাল ব্রহ্মই কয় প্রকৃতি হৈছে গর্ভ ধাৰণ কাৰিণী সকলো জীৱৰ মাতৃ। মই (কাল ব্রহ্ম) প্রকৃতিৰ গৰ্ভত বীজ স্থাপিত কৰা পিতৃ। একে অধ্যায় শ্লোক ৫ কয় প্রকৃতিৰ পৰ উৎপন্ন হোৱা তিনিগুণে জীৱক (আত্মাক) কর্ম বন্ধন ৰূপী বছীৰে শৰীৰত বান্ধি ৰাখে।) এই প্ৰকৰণত প্রকৃতি হল দেবী আৰু তিনিও গুণ অর্থাৎ ৰজগুণ, সতগুণ আৰু তমগুণ হল ক্রমান্বয়ে ব্রহ্মা, বিষ্ণু, শিৱৰ সাংকেতিক নাম। “বিষ্ণুদেৱৰ দ্বাৰা নিজৰ পিতা (কাল/ব্রহ্ম) ৰ প্ৰাপ্তিৰ বাবে প্রস্থান আৰু মা দুর্গাৰ দ্বাৰা আশীবাদ প্রাপ্তি।” ইয়াৰ পিছত প্রকৃতিয়ে বিষ্ণুকো পিতাৰ অনুসন্ধান কৰিবলৈ কলে। তেতিয়া বিষ্ণুবে পিতাদেউক (কাল/ব্রহ্ম) বিচাৰি বিচাৰি শেষ নাগৰ পাতাল লোকত প্ৰৱেশ কৰিলে। নিজৰ ক্ষেত্ৰৰ ভিতৰত অহা দেখি শেষ নাগে খঙতে বিষেৰে সৈতে ফোঁপাউৰি মৰাত বিষৰ প্ৰভাৱত বিষ্ণুৰ শৰীৰ শ্যাম বৰণৰ হল যেন ৰংহে সানিছে। তেতিয়া বিষ্ণুয়ে শেষনাগক শিক্ষা দিবলৈ মনস্থ কৰিলে। জ্যোতি নিৰঞ্জনে কথাটো গম পাই বিষ্ণুক শান্ত কৰিবলৈ আকাশবাণী কৰিলে যে বিষ্ণুবে এতিয়া মা দুর্গাৰ ওচৰলৈ গৈ সত্য কথা কৈ গোটেই ঘটনাটো কব আৰু শেষ নাগে যি কষ্ট দিলে তাব প্রতিশোধ দ্বাপৰ যুগত লব। তেতিয়া বিষ্ণুরে কৃষ্ণ অবতাৰ লব আৰু শেষ নাগ কালিন্দ্রি নাগৰ অৱতাৰ লৈ কালীদহ হ্রদত বাস কৰিব। উঁচ হোই কে নীচ সতাৱৈ তাকৰ ওএল (বদলা) মোহী সো পালৈ। জো জীব দেই পীৰ পুনি কাঁহু, হম পুনি ওএল দিবাৰে তাই।। তাৰ পিছত বিষ্ণু মা দুর্গাৰ ওচৰলৈ আহি সকলো সত্য বৰ্ণনা কৰি কলে যে তেওঁক পিতাদেউৰ দৰ্শন নহল। সত্য কথা শুনি মা (প্রকৃতি) প্রসন্ন হল আৰু নিজৰ শক্তিৰে বিষ্ণুক তেওঁৰ পিতাদেউৰ দৰ্শন কৰাই বিষ্ণুৰ সংশয় আঁতৰ কৰিলে।

কবীৰ দেখ পুত্ৰ তোই পিতা ভিতৈাও তৌবে মনকো ধোখা মিটা উ।।

মন স্বরূপ কত্তা কহ জানো। মন তে দুজা ঔৰ ন মানো।

স্বৰ্গ পাতাল দৌৰ মন কেৰা। মন অস্থিৰ মন অহৈ অনেৰা।।

নিৰকাৰ মন হী কো কহিত্র। মন কী আশ নিশ দিন বহিত্র।।

দেখ হুঁ পলাটি শূন্য মহ জ্যোতি, জঁহা পৰ ঝিলমিল ঝালৰ হোতী।।

এনেদৰে মা (অষ্টাঙ্গী, প্রকৃতি) যে বিষ্ণুক কলে যে মনেই জগতৰ কৰ্ত্তা, ইয়েই জ্যোতি নিৰঞ্জন। ধ্যানমগ্ন অৱস্থাত যি এক হাজাৰ জ্যোতিৰ দৰ্শন হয় সেয়াই জ্যোতি নিবঞ্জন (কাল) ৰ ৰূপ। শঙ্খ, ঘণ্টাৰ যি শব্দ শুনা যায় সেয়া মহাস্বর্গত বাজি থকা কালৰ স্তুতিৰ শব্দ। তেতিযা মা (অষ্টাঙ্গী) যে বিষ্ণুক প্রশংসা কৰি কলে যে তেওঁৰ সকলো মনোবাঞ্চা পূৰ্ণ কৰা হ’ব, সমগ্ৰ জগতত তেওঁৰ পূজা হব কাৰণ তেওঁ সত্যবাদী। কালৰ একৈশ ব্রহ্মাণ্ডত থকা প্রাণীয়ে নিজৰ গুণানুকীৰ্ত্তন নিজে কবে। দুগাই কালৰ দর্শন কৰোৱা বুলি কলেও প্রকৃততে সেয়া দর্শন নাছিল, দুগহি মাত্র প্রকাশ (জ্যোতি/পোহৰ) দেখুৱাই বিষ্ণুক ভ্রমিত কৰিলে। শ্রী বিষ্ণুৱেও নিজৰ অনুগামী সকলক কলে যে পরমাত্মাৰ মাত্র প্রকাশ (পোহৰ) ৰূপ হে দেখা যায়। পৰমাত্মা নিৰাকাৰ। ইয়াৰ পিছত আদি ভৱানী ৰুদ্র (মহেশ) ৰ ওচৰলৈ গৈ কলে যে পিতাদেউক যদি বিচাৰিব খোজে যাব পাৰে, লগতে এইটোও কলে যে ব্রহ্মা আৰু বিষ্ণুরে বিচাৰি পোৱা নাই। দুগহি জনালে যে ব্রহ্মা আৰু বিষ্ণুক দিবলগীয়া খিনি দিয়া হল, যদি ৰুদ্ৰই কিবা বিচাৰে খুজিব পাৰে। তেতিয়া ৰুদ্রই কলে যে দুয়ে। ককায়েকে যেতিয়া বিচাৰি পোৱা নাই আকৌ মিছাই চেষ্টা নকৰাই ভাল। ৰুদ্ৰই অমৰত্ব প্ৰাপ্তিৰ বাবে বৰদান বিচৰাত মা দুর্গাই কলে যে তেওঁ সেইটো দিব নোৱাৰে, লগতে কলে যে দীর্ঘায়ু হোৱাৰ উপায় কব পাবে তাৰ বাবে যোগ সমাধিমগ্ন হব লাগে। (সেইবাবে মহাদের প্রায় সমাধিস্থ হৈ থাকে)। ইয়াৰ পিছত মা (অষ্টাঙ্গী/প্রকৃতি) যে তিনিও পুত্ৰক নিজৰ নিজৰ বিভাগ (কর্ম) ভগাই দিলে।

ভগৱান ব্রহ্মাদেৱক কাল লোকত চৌৰাখী লাখ শৰীৰ সৃষ্টি কৰিবলৈ অৰ্থাৎ ৰজোগুণ প্ৰভাৱিত কৰি সন্তান উৎপত্তিৰ কাৰণে বিৱশ কৰি জীৱ উৎপাদন কৰোৱা বিভাগ দিলে।

ভগৱান বিষ্ণুদেৱক কর্ম অনুসাৰে জীৱৰ পালন পোষণ আৰু মোহ মায়া (মৰমস্নেহ) ৰে আৱদ্ধ কৰি ৰখা বিভাগ (স্থিতি)।

ভগবান শিৰক (মহাদেবক) সংহাৰ কৰাৰ বিভাগ প্রদান কৰিলে। কাৰণ এওঁলোকৰ পিতা নিৰঞ্জনে প্রতিদিন একলাখ মানৱ শৰীৰধাৰী প্ৰাণী খাব লাগে।

ব্রহ্মা, বিষ্ণু আৰু শংকৰৰ দ্বাৰা সৃষ্টি, স্থিতি আৰু সংহাৰ কেনেকৈ সম্পন্ন হয়। এওঁলোক তিনিও নিজ নিজ লোকত বাস কৰে। যিদৰে আজি কালি আকাশত থকা কৃত্রিম উপগ্ৰহৰ দ্বাৰা পৃথিৱীৰ সঞ্চাৰ প্ৰণালী (যোগাযোগ ব্যৱস্থা পৰিচালিত হয়, ঠিক তেনেদবে এই তিনিও দেৱতা (ব্রহ্মা, বিষ্ণু, মহেশ)ৰ শৰীৰৰ পৰা নিগৰা তিনিগুণৰ তৰংগ সকলো প্ৰাণীৰ ওপৰত আপোনা আপুনি প্রভাৱশীল হয়। ব্ৰহ্মৰ (কাল) এটা ব্রহ্মাণ্ডৰ সৃষ্টি বছনা। ক্ষৰ পুৰুষ (কাল ব্রহ্ম) – এনেকুৱা একৈশ টা ব্রহ্মাণ্ড আছে। কিন্তু ক্ষৰ পুৰুষ (কাল) স্বয়ং অব্যক্ত অর্থাৎ বাস্তৱিক শৰীৰ ৰূপত সকলোৰে সন্মুখ – নাহে। ব্রহ্মা, বিষ্ণু, শিৱই বেদ বর্ণিত বিধি অনুসৰি যথাসাধ্য সাধনা কৰাৰ পিছতো ব্র ২. (কাল) ৰ দৰ্শন নাপালে। পৰৱৰ্তী সময়ত ঋষি-মুনি সকলে বেদ অধ্যয়ন কৰিলে। বেদা লিখা পাছে যে “অগ্নেঃ তনুৰ অসি” (পবিত্র যজুর্বেদ অধ্যায় ১ মন্ত্র ১৫) পৰমেশ্বৰ স শৰীল আছে। আকৌ পবিত্র যজুর্বেদ অধ্যায় ৫ মন্ত্র ১ ত লিখা আছে যে “অগ্নে তনুৰ অসি বিষ্ণু -ত্বা সোমস্য তনুৰ অসি” এই মন্ত্ৰত বেদে দুবাৰ সাক্ষী দিছে যে সর্বব্যাপক, সকলোৰে পাল – কত্তা সৎপুৰুষ স শৰীৰে আছে। পবিত্র যজুর্বেদ অধ্যায় ৪০ মন্ত্র ৮ ত কোবা আছে যে (কব মনিষী) যিজন পৰমেশ্বৰক সকলো প্ৰাণীয়ে বিচাৰে সেইজন কবিৰ বা কবীৰ হয়। তেও -শরীব বিনা নাজীৰ (অম্লাবিৰম), (শুক্রম) শুক্র বা বীৰ্য আৰু পঞ্চতত্বৰে নির্মিত ভৌতি = (অকায়ম) কায় বহিত অর্থাৎ হাড়, ছাল নাড়ীৰে নির্মিত নহয়। তেওঁ সকলোৰে গৰাক সত্যলোকত উচ্ছ আসনত অধিষ্ঠিত। তেওঁৰ শৰীৰ স্বয়ং প্রকাশিত (দিপ্তিমান) তেজপুঞ্জ – শব্দ ৰূপ অর্থাৎ অবিনাশী হয়। সেই কবিদেব (কৰীৰ পৰমেশ্বৰ) সৰ্ব ব্ৰহ্মাণ্ডৰ ৰছনা কম (বাদ ধাতা) সৰ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কর্ত্তা (স্বয়ম্ভঃ) স্বয়ং বিদ্যমান (যথা তথ্য অর্থনি) প্রকৃত (শাশ্বত) অবিনাশী হয়। (গীতা অধ্যায় ১৫ শ্লোক ১৭ ত এই প্রমাণ আছে)। সাৰাংশ এই। পূৰ্ণ ব্ৰহ্মৰ শৰীৰৰ নাম কবীৰ (কবিদের) হয়। সেই পৰমাত্মাৰ শৰীৰ আভা (পোহৰ) নির্মিত। দিব্য দৃষ্টি সম্পন্ন সাধকে হে পৰমাত্মাৰ শৰীৰ দেখা পায়, কাৰণ ই অতি সুশ এইদৰে জীৱৰো সুক্ষ্ম শৰীৰ আছে যাৰ ওপৰত পঞ্চতত্ত্বৰ আৱৰণ অৰ্থাৎ পঞ্চতত্ত্বৰ কা আছে। এনে শৰীৰ পিতৃমাতৃৰ সংগমৰ পৰা বীৰ্যৰ দ্বাৰা তৈয়াৰী। শৰীৰ ত্যাগ কৰাৰ পিছলে জীৱৰ সুক্ষ শৰীৰ লগতে থাকে। সেই শৰীৰ দিব্য দৃষ্টি সম্পন্ন সাধকেহে দেখা পাব। পৰমা আৰু জীৱৰ স্থিতি বা অৱস্থা এনেকুৱা বুলি জানিব লাগে। বেদত থকা ঐ নামৰ জপ ব্র প্রাপ্তিৰ বাবেহে হয়। ঋষি-মুনি সকলে ঐ নামৰ জপ পূর্ণ ব্রহ্ম প্রাপ্তিৰ বাবে হয় বুলি ভা হাজাৰ হাজাৰ বছৰ ধৰি হঠযোগ (সমাধিত বহি) কৰি প্ৰভু প্রাপ্তিৰ চেষ্টা কৰিলে, কিন্তু প্রভ দর্শন নহল, মাত্র সিদ্ধি লাভ কৰিলে। সেই সিদ্ধি ৰূপী খেলাৰ সামগ্ৰীৰ সৈতে খেলি অথ সিদ্ধিৰ প্ৰয়োগ কৰি ঋষি সকল জন্ম মৃত্যুৰ জালত আৱদ্ধ হৈ থাকিল আৰু নিজৰ অভিজ্ঞত পৰা পৰমাত্মা নিৰাকাৰ বুলি শাস্ত্ৰত উল্লেখ কৰিলে। ব্ৰহ্মই (কাল) প্রতিজ্ঞা কৰিছে যে নিজৰ প্রকৃত ৰূপত কাকো দেখা নিদিয়ে। জগতে ব্রহ্মক অব্যক্ত বুলি জানিব। (অব্যক্তব অর্থ হল আকাৰ আছে কিন্তু ব্যক্তিগত ভাবে স্কুল ৰূপত দেখা নিদিয়ে। আকাশত মেঘ থাকিলে দিনতো। সূর্য অদৃশ্য হৈ যায়, তেতিয়া সূর্য দৃশ্যমান হৈ নাথাকে, কিন্তু মেঘৰ সিপাৰে বিদ্যমান আছে। এনে অৱস্থাক অব্যক্ত বুলি কোৱা হয়। (প্ৰমাণৰ বাবে চাব পাৰে গীতা অধ্যায় ৭ শ্লোক ২৪-২৫ অধ্যায় ১১ শ্লোক ৩২ আৰু ৪৮।। পবিত্র গীতা জ্ঞান দাতা ব্রহ্ম (কাল) শ্রী কৃষ্ণৰ শৰীৰত প্ৰৱেশ কৰি কষ যে অদ্ভূর্ণ মই বৃদ্ধি প্রাপ্ত কাল হওঁ আৰু সকলোকে খাবলৈ আহিছো (গীতা অধ্যায় ১১ শ্লোক নং ৩২) এইটো মোৰ প্ৰকৃত ৰূপ তোমাৰ বাহিৰে আগতে কোনেও দেখা নাই আৰু আগলৈ ও কোনেও নেদেখিব অর্থাৎ বেদত বর্ণিত যজ্ঞ জপ-তপ ঔ নাম আদি বিধি বিধানৰ দ্বাৰা এই প্রকৃত স্বৰূপৰ দৰ্শন সম্ভৱ নহয়। (গীতা অধ্যায় ১১ শ্লোক ৪৮)। মই কৃষ্ণ নহওঁ, মূর্খ লোক সকলে মই অব্যক্তক কৃষ্ণ ৰূপত ব্যক্ত (মনুষ্য ৰূপ) হোৱা বুলি ভাবে। কাৰণ এওঁলোক মোৰ নিকৃষ্ট নিয়মৰ লগত পৰিচিত নহয়। এই অতি বেয়া নিয়মানুযায়ী মই এই বাস্তবিক কাল ৰূপত সকলোৰে আগত কেতিয়াও দেখা নিদিও। নিজৰ যোগ মায়াৰ দ্বাৰা লুকাই থাকো। (গীতা অধ্যায় ৭ শ্লোক নং ২৪-২৫) এই খিনিতে মন কৰিব লগীয়া কথা এই যে ব্রহ্মই (কাল) তেওঁৰ লুকাই থকা বিধানক কিয় অনুত্তম (বেয়া) বুলি কলে।

যদি দেউতাই নিজৰ সন্তানকো মুখ নেদেখুৱায় তেতিয়াহলে দেউতাই নিশ্চয় কিবা লজ্জাজনক কাম কৰিছে। সন্তানক দেখা নিদিয়ে কিন্তু সকলো সুবিধাৰ ব্যৱস্থা কৰি দিয়ে। কালে (ব্রহ্মই) অভিশপ্ত হোৱাৰ বাবে প্রতিদিন এক লাখ মানব শৰীৰ ধাৰী প্ৰাণীৰ আহাৰ কৰে আৰু তাৰ ২৫ শতাংশ প্রতিদিনে বেছিকৈ উৎপন্ন কৰে। এই ২৫ শতাংশ বেছিকৈ উৎপন্ন হোৱা জীৱৰ বাবে, কর্মফলৰ দণ্ড দিবলৈ চৌৰাশী লাখ যোনি বছনা কৰি থৈছে। যদি সকলোৰে সন্মুখত বহি কাৰোবাৰ কন্যা, পত্নী, পুত্র, মা-দেউতা ইত্যাদিকে কালে খায় তেতিয়া সকলোৱে তেওঁক ঘৃণা কৰিব আৰু কেতিয়াবা পূৰ্ণ পৰমাত্মা কবিৰগ্নি (কবীৰ পৰমেশ্বৰ। স্বয়ং আহিলে বা তেওঁৰ দূত পঠালে সকলো প্রাণী সত্য ভক্তি কৰি কালৰ জালৰ পৰা ওলাই যাব। সেইবাবে সকলোকে ভ্রমিত কৰি ৰাখে আৰু গীতা অধ্যায় ৭ শ্লোক ১৮, ২৪, ২৫ ত নিজৰ (কালৰ ব্ৰহ্মৰ) সাধনাৰ পৰা হোৱা মুক্তি (গতি) ক (অনুত্তম) অতি বেয়া বুলি কৈছে।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *