কবীৰ পৰমেশ্বৰে আকৌ বর্ণনা কৰিছে যে পৰব্ৰহ্মই (অক্ষৰ পুৰুষ) যেতিয়া নিজৰ কৰ্ত্তব্যক অবহেলা কৰি মান সৰোবৰত শুই পৰিল তেতিয়া পৰমেশ্বৰে (কবীৰ দেবে) তাত এটা অন্ড (কণী) এবি দিলে আৰু অক্ষৰ পুৰুষে (পৰব্ৰহ্ম) সেই অগুলৈ ক্রোধ দৃষ্টি নিক্ষেপ কৰিলে। এই দুটা অপৰাধৰ বাবে পৰব্ৰহ্মকো সাত সংখ্য ব্ৰহ্মাণ্ডৰ সৈতে সতলোকৰ পৰা নিষ্কাষিত কৰিলে। অক্ষৰ পুৰুষ (পৰব্ৰহ্ম) ক সৎলোকৰ পৰা বহিষ্কাৰ কৰাৰ তৃতীয়টো অন্যতম কাৰণ এনেধৰণৰঃ ক্ষৰপুৰুষ (ব্ৰহ্ম) ৰ বিদায় ক্ষণত পৰম পিতা কবিদেৰ (কবীৰ পৰমেশ্বৰক) ক পাহৰি অক্ষৰ পুৰুষ (পৰব্ৰহ্ম) ক্ষৰ পুৰুষ (ব্ৰহ্মা) ৰ মোহত পৰিল। তেওঁৰ কথা ভাবি ব্যাকুল হল। অক্ষৰ পুৰুষে ভাবিলে যে ক্ষৰ পুৰুষে অকলে থাকি ৰাজ্য ভোগ কৰি মহা আনন্দত থাকিব, তেওঁহে পিছ পৰিল। ইয়াৰোপৰি পৰব্ৰহ্মৰ সাত শংখ ব্ৰহ্মাণ্ডত জন্ম-মৃত্যুৰ কর্মদণ্ড ভোগ কবি থক। কিছুমান আত্মাৰ বিদায় ক্ষণৰ কথা স্মৰণ কৰি পৰম সুখদাতা কবীৰ দেৱক পাহৰি গল। পৰমেশ্বৰ কবীৰদেৱে বাৰে বাৰে বুজনি দিয়াতো ক্ষৰ পুৰুষৰ (ব্ৰহ্মৰ) প্ৰতি থকা অক্ষৰ পুৰুষৰ আস্থা নকমিল। পৰব্ৰহ্মই (অক্ষৰ পুৰুষে) ভাবিলে যে তেওঁ ব্ৰহ্মৰ নিচিনাকৈ আছুতীয়া স্থান লাভ কৰিব পাৰিলে ভাল হব। এনে চিন্তা কৰি ৰাজ্য লাভৰ ইচ্ছা কৰি “সাৰনাম”ৰ জপ আৰম্ভ কৰিলে। ঠিক তেনেদৰে অনা আত্মা সমূহে (যি সকল পৰব্ৰহ্মৰ সাত শংখ ব্ৰহ্মাণ্ডত বন্দী হৈ আছে) ভাবিলে যে ব্ৰহ্মৰ লগত যোৱা আত্মা সকলে তাত আনন্দ উপভোগ কৰি আছে, তেওঁলোকহে পিছ পৰিল। পৰব্ৰহ্মাই (অক্ষৰ পুৰুষে) হঠযোগ নকৰিলে, কিন্তু ৰাজ্য প্ৰাপ্তিৰ বাবে বিশেষ মনোযোগেৰে সহজ ধ্যান যোগ কৰিবৰ বাবে পাগলৰ দৰে ঘূৰি ফুৰিব ধৰিলে, খোৱা-বোৱাও ত্যাগ কৰিলে। কিছুমান আত্মা কালব্ৰহ্মৰ লগত যোৱা আত্মাৰ প্ৰেমত ব্যাকুল হৈ পৰিছিল যদিও এতিয়া পব্ৰহ্মৰ বৈৰাগ্য দেখি তেওঁৰ প্ৰতি আসক্ত হৈ পৰিল আৰু লগত যাব বিচাৰিলে। পূর্ণ প্ৰভু কবীৰদেৱে সোধাত পৰব্ৰহ্মাই বেলেগে এটা স্থান খুজিলে আৰু কিছুমান হংসাত্মকো লগত লৈ যোৱাৰ বাবে প্ৰাৰ্থনা কৰিলে। তেতিয। কবিদেৰ কলে যে স্ব-ইচ্ছাই যাব বিচৰা হংস আত্মা সমূহক লগত পঠিয়াই দিব। পূর্ণ প্ৰভু কবিদেরে হংস আত্মা সমূহক সুধিলে যে কোন কোন পৰব্ৰহ্মৰ লগত যাব বিচাৰে তেওঁলোকে নিজৰ সন্মতি ব্যক্ত কৰিব লাগে। বহু সময়ৰ পিছত এটা হংসাত্মাই স্বীকৃতি দিয়াৰ লগে লগে সকলো আত্মাই নিজৰ সন্মতি ব্যক্ত কৰিলে। প্ৰথমে স্বীকৃতি দিয়া হংসক স্ত্রীৰূপ কৰিলে, আৰু নাম থলে ঈশ্বৰী মায়া (প্ৰকৃতি সুৰতি) আৰু অন্য আত্মাক ঈশ্বৰীমায়াৰ ভিতৰত প্ৰৱেশ কৰোৱাই অচিন্তৰ হতুৱাই অক্ষৰ পুৰুষৰ (পৰব্ৰহ্মৰ) ওচৰলৈ পঠিয়াই দিলে। (পতিব্ৰতা স্থিতিৰ পৰা অবনতি হোৱাৰ ফল ভোগ কৰিলে) বহু যুগলৈকে দুয়ো একে লগে কাম কৰিলে, কিন্তু পৰব্ৰহ্মই দুর্ব্যৱহাৰ নকৰিলে। ঈশ্বৰী মায়াৰ ইচ্ছা অনুসৰি অঙ্গীকাৰ কৰিলে অর্থাৎ ঈশ্বৰী মায়াক নিজৰ কবি ললে আৰু নিজৰ শব্দ শক্তিৰ দ্বাৰা নখেৰে স্ত্রী ইন্দ্ৰিয় (যোনি) সৃষ্টি কৰিলে। ঈশ্বৰী দেবীৰ সন্মতিক্ৰমে সন্তান উৎপন্ন কৰিলে। সেই কাৰণেই পৰব্ৰহ্মৰ লোকৰ (সাত শংখ ব্ৰহ্মাণ্ডৰ) প্রাণীয়ে তপত শিলাৰ কষ্ট ভোগ কৰিব নেলাগে আৰু তাৰ পশু-পক্ষীও ব্ৰহ্মলোকৰ দেৱতাতকৈও ভাল চৰিত্ৰবান হয়। তেওঁলোকৰ আয়ু ও দীঘলীয়া। কিন্তু জন্ম-মৃত্যুৰ ভিত্তিত কর্মদণ্ড ভোগ কৰে আৰু নিজৰ ভৰণ-পোষণৰ বাবে পৰিশ্ৰম কৰে। স্বৰ্গ আৰু নৰকও এই বিধিৰেই নির্মাণ কৰা হৈছে। পৰব্ৰহ্ম (অক্ষৰ পুৰু) ক তেওঁ কৰা সহজ সমাধি বিধিৰ প্ৰতিফল ৰূপে সাত শংখ ব্ৰহ্মাণ্ড প্ৰদান কৰিলে আৰু এই সাত শংখ ব্ৰহ্মাণ্ডক নিলগে গোলাকাৰ পৰিধিবে বেৰি ৰাখিলে। অক্ষৰ ব্ৰহ্মা আৰু ঈশ্বৰী মায়াক সাত শংখ ব্ৰহ্মাণ্ডৰ লগতে বহিষ্কাৰ কৰি দিলে। পূৰ্ণ ব্ৰহ্ম সৎপুৰুষ অর্থাৎ পৰমেশ্বৰ কবিৰ দেৱ সকলো ব্ৰহ্মাণ্ডৰ মালিক অর্থাৎ কুলৰ মালিক হয়। তেওঁৰ অধীনত, সত্যলোক আদিত থকা অসংখ্য ব্ৰহ্মাণ্ড, ব্ৰহ্মৰ একৈশ ব্ৰহ্মাণ্ড আৰু পৰব্ৰহ্মৰ সাত শংখ ব্ৰহ্মাণ্ড, সকলো আছে। ব্ৰহ্মা, বিষ্ণুঃ আৰু শিৱৰ চাৰি খন কৈ হাত আছে আৰু এওঁলোক প্ৰতেকজন ষোল কলা যুক্ত। প্ৰকৃতি দেরী (দুর্গা) ৰ আঠ খন হাত আছে আৰু চৌষষ্ঠি কল। যুক্ত, ব্ৰহ্ম(ক্ষৰপুৰুষ) ৰ একহাজাৰ খন হাত আছে, তেওঁ এক হাজাৰ কলা যুক্ত। আৰু একৈশ ব্ৰহ্মাণ্ডৰ স্বামী। ‘পৰব্ৰহ্ম (অক্ষৰ পুৰুষ) ব দহ হাজাৰখন হাত আছে, তেওঁ দহ হাজাৰ কলাযুক্ত আৰু সাত শংখ ব্ৰহ্মাণ্ডৰ প্ৰভৃ। পূর্ণ ব্ৰহ্ম (পৰম অক্ষৰ পুৰুষ অর্থাৎ সৎপুৰুষ) ব অসংখ্য হাত আছে আৰু অসংখ্য কলা যুক্ত। তেওঁ ব্ৰহ্মব একৈশ ব্ৰহ্মাণ্ড, পৰব্ৰহ্মৰ সাত সংখ্য ব্ৰহ্মাণ্ড লগতে অসংখ্য ব্ৰহ্মাণ্ডৰ প্ৰভু হয়। এই সকলো প্ৰভৃৱে নিজৰ সকলো হাত সীমিত কৰিব পাৰে, অকল দুখন হাতো ৰাখিব পাৰে। আকৌ ইচ্ছা কৰিলে সকলো হাত বাহিৰ কৰিলব পাৰে। পৰব্ৰহ্মৰ প্ৰত্যেক ব্ৰহ্মাণ্ডত পূর্ণ ব্ৰহ্মই আছুতীয়া স্থান নির্মাণ কৰি বেলেগ ৰূপত গোপনে থাকে। গোটেই ব্যৱস্থাটো এনেধৰণৰ। এটা ঘূর্ণীয়মান কেমেৰা বাহিৰত ৰখা হৈছে আৰু ভিতৰত দূৰদৰ্শন ৰখা আছে। টিভিত বাহিৰৰ সকলো দৃশ্য দেখা যাব আৰু আন এটা দূৰদৰ্শন বাহিৰত ৰাখি ভিতৰত ৰখা কেমেৰা টোক স্থিৰ কৰি দিলে, তাত কেৱল ভিতৰত বহি থকা প্ৰৱন্ধকৰ চিত্ৰ হে দেখা পোৱা যাব। ইয়াৰ দ্বাৰা সকলো কৰ্মচাৰী সাৱধান হৈ থাকিব। এইদৰেই পূৰ্ণ পৰমাত্মাই নিজৰ সত্যলোকত বিৰাজ কৰি সকলোকে নিয়ন্ত্ৰণ কৰি থাকে আৰু প্ৰত্যেক ব্ৰহ্মাণ্ডতো সতগুৰু কবীৰদেৱ বিদ্যমান থাকে, তেওঁ সূৰ্যৰ দৰে দূৰত থাকিও নিজৰ প্ৰভাৱ সকলো লোকতে প্ৰকাশিত কৰি থাকে।
প্ৰবিত্ৰ অর্থব বেদত সৃষ্টি বছনাৰ প্ৰমাণ
অর্থব বেদ কাণ্ড ৪ নং অনুবাক ১ নং মন্ত্ৰ ১:
ব্ৰহ্ম জজ্ঞান প্ৰথম পুৰস্তাদ ৱি সীমিত সুৰুচো রেন আৰ:
স বুধন্যা উপমা অস্য বিষ্ঠাঃ সতশ্চ যোনিম সতশ্চ বি রঃ?
ব্ৰহ্ম জ-জ্ঞানম-প্ৰথমম-পুৰস্তাদ-বিসিমতঃ- সুৰুচঃ বেনঃ আরঃ -সঃ
বুধন্যা:- উপমা-অস্য-বিষ্ঠাঃ সত-চ-যোনিম-অসম: চ-বি বঃ
অনুবাদঃ (প্ৰথম) প্রাচীন অর্থাৎ সনাতন (ব্ৰহ্ম) পৰমাত্মাই (জ) প্ৰকট হৈ
(জ্ঞানম) নিজৰ বিচাৰ বিবেকেৰে (পুৰস্তাত) শিখৰত অৰ্থাৎ সত্যলোক আদি স্থানক (সুঝচঃ) স্বইচ্ছাই বৰ আগ্ৰহেবে স্বয়ং প্ৰকাশিত (বিসিমত) সীমাহীন অর্থাৎ বিশাল সীমাযুক্ত ভিন্ন লোক সমূহক (বেনা) তাঁতীয়ে কাপোৰ বোৱাৰ দৰে বৈ অর্থাৎ নির্মাণ কৰি (আৱ) সুৰক্ষিত কৰিলে (চ) আৰু (সঃ) সেই পূর্ণ ব্ৰহ্ময়েই সকলোবে বছনা কৰে (অস্য) গতিকে সেই (বুধন্যাঃ) আচল গৰাকীয়ে (যোনিম) মূলস্থান সত্যলোকৰ ৰছনা কৰিছে। (অসৎ) ইয়াৰ (উপমা) সদৃশ অর্থাৎ ইয়াৰ তুলনাত (সতঃ) অক্ষৰ পুৰুষ অর্থাৎ পৰব্ৰহ্মৰ লোক কিছু মাত্ৰাত স্থায়ী হয় (চ) আৰু (অসত) ক্ষৰ পুৰুষৰ অস্থায়ী লোক ইত্যাদি (বি বঃ) আবাসিক স্থান সমূহ বেলেগ (বিষ্ঠা) স্থাপন কৰিছে অর্থাৎ নির্মাণ কৰিছে। সাৰাংশঃ পবিত্ৰ বেদ জ্ঞান দিওতা ব্ৰহ্মই (কাল) কৈছে যে সনাতন পৰমেশ্বৰে স্বয়ং অনাময় (অনামী) লোকৰ পৰা সত্যলোকলৈ আহি নিজৰ বিচাৰ বিবেচনাৰে শিপিনীয়ে কাপোৰ বোৱাৰ লেখীয়াকৈ ওপৰৰ সত্যলোক আদি স্থানক সীমাহীন, স্ব-প্ৰকাশিত, অজৰ-অমৰ অৰ্থাৎ অবিনাশী কৰি তুলিলে আৰু তলৰ পৰব্ৰহ্মৰ সাত সংখ। ব্ৰহ্মাণ্ড লগতে ব্ৰহ্মাৰ ২১ ব্ৰহ্মাণ্ড আৰু তাৰ অন্তৰ্গত অন্যান্য সৰু-সৰু গোটৰ সৃষ্টি সমূহক সেই পৰমাত্মাই অস্থায়ী ৰূপত সাজি উলিয়ালে।
অর্থববেদ কাণ্ড ৪, অনুবাদ নং ১, মন্ত্ৰ নং ২০-
ইয় পিত্ৰা ৰাষ্ট্ৰয়েত্বগ্রে প্ৰথমায় জনুষে ভুবনেষ্ঠা।
তথা এত সুৰুচ হবাৰমহ্যম ধর্ম শ্রীণান্ত প্ৰথময়ায়-ধাস্যরে।
ইয়ম-পিত্র্যা-বাষ্ট্ৰ-এতু-অগ্রে-প্ৰথমায়-জনুষে-ভুবনেষ্ঠা:
তস্মা-এতম-সৰুচম-হবাৰমহ্যম-ধৰ্মম-শ্রীণান্ত-প্ৰথমায়-ধাসাবে।
অনুবাদঃ (ইয়ম) এই, (পিত্র্যা) জগত পিতা পৰমেশ্বৰে (প্ৰথমায়) সর্বপ্ৰথমে (এতু) এই (অগ্রে) সর্বোত্তৰ মায়া পৰানন্দনী (ৰাষ্ট) ৰাজেশ্বৰী শক্তি অৰ্থাৎ পৰাশক্তিৰ (যাৰ অন্য নাম আকর্ষণ শক্তি (জনুষে) উৎপন্ন কৰি (ভূবনেষ্ঠা) লোক (স্থান) সমূহৰ স্থাপন কৰিলে, (তন্মা) সেই পৰমেশ্বৰেই (সুৰুচম) বৰ আগ্ৰহেৰে, স্ব-ইচ্ছাই (এতম) এই (প্ৰথমায়) প্ৰথমতে উৎপত্তি কৰা শক্তি অর্থাৎ পৰা শক্তিৰ দ্বাৰা (হবাৰ মহাম) পৰস্পৰৰ মাজৰ বিচ্যুতিক সমাপ্ত কৰিবলৈ (শ্রীণান্ত) গুৰুত্ব আকর্ষণ শক্তিক পৰমাত্মাই সদায় বিদ্যমান হবলৈ আদেশ দিলে আৰু (ধর্ম) এই স্বভাব (আকর্ষণ) (ধ্যাস্যরে) ধাৰণ কৰি কাপোৰ বোৱাৰ দৰে ওপৰত উল্লেখ কৰা লোক (স্থান) সমূহক ধৰি ৰখা হৈছে।
সাৰাংশ: জগত পিতা পৰমেশ্বৰে নিজৰ শব্দ শক্তিৰ দ্বাৰা সৰ্বপ্ৰথমে ৰাষ্ট্ৰী অর্থাৎ ৰাজেশ্বৰী মায়াৰ উৎপন্ন কৰিলে, আৰু সেই পৰা শক্তিৰ দ্বাৰাই কেতিয়াও সমাপ্ত নোহোৱা, সদায় বিদ্যমান হৈ থকা আকৰ্ষণ শক্তিৰ গুণৰ দ্বাৰা ওপৰৰ সকলো ব্ৰহ্মাণ্ডক স্থাপন কৰিলে। অর্থবেদ কাণ্ড নং ৪, অনুবাদ নং ১, মন্ত্ৰ নং ৩ঃ প্ৰয়ো জজ্ঞে বিদ্বানস্য বন্ধুর্বিশ্বা দেৱানা জনিমা বিৰক্তি। ব্ৰহ্মা ব্ৰহ্মণ উজ্জাভাৰ মধ্যান্নী চৈৰুচ্চৈঃ স্বধা অভি প্ৰ তস্থৌ ।। ৩।। প্ৰ-য়ঃ-জজ্ঞে-বিদ্বানস্য-বন্ধুঃ-বিশ্বা-দেৱানাম-জনিমা-বিৰক্তি-ব্ৰহ্মঃ ব্ৰহ্মাণ:- উজ্জভাৰ-মধ্যাত-নিচেঃ উচ্চৈঃ-স্বধা-অভিঃ প্ৰতস্থৌ
অনুবাদঃ (বিদ্বানস্য) জিজ্ঞাসু ভক্তৰ (যঃ) যিজন (বন্ধু) বাস্তৱিক সখা অর্থাৎ পূৰ্ণ পৰমাত্মাই নিজৰ সেৱকক (জনিমা) নিজৰ দ্বাৰা কৰা সৃষ্টি সম্পকে (বিৱক্তি) নিজেই সম্পূর্ণ বিস্তাৰিত ভাবে বর্ণনা কৰে। (প্ৰ) সর্ব প্ৰথমে (দেৱানাম) দেৱতা সকলৰ আৰু ব্ৰহ্মাণ্ডব (জজ্ঞে) উৎপত্তি সম্পর্কে জ্ঞান দিয়ে। (ব্ৰহ্মণঃ) পূর্ণ পৰমাত্মাই (মধ্যাত) নিজব মাধ্যমেদি অর্থাৎ শব্দ শক্তিৰে (ব্ৰহ্মঃ) ব্ৰহ্ম-ক্ষৰ পুৰুষ অর্থাৎ সকলো লোকক (উচ্চৈ) ওপৰফালে সত্যলোক আদি (নিচৈঃ) তলৰফালে ক্ৰমে পৰব্ৰহ্ম আৰু ব্ৰহ্মৰ সকলো ব্ৰহ্মাণ্ড (স্বধা) নিজৰ ধাৰণ কৰিব পৰা (অভিঃ) আকর্ষণ শক্তিৰ দ্বাৰা (প্ৰতস্থৌ) দুয়োকে উপযুক্ত। ভাবে অবস্থিত কৰিলে।
সাৰাংশঃ পূর্ণ পৰমাত্মাই নিজৰ দ্বাৰা কৰা সৃষ্টি বছনাৰ জ্ঞান আৰু সকলো আত্মাৰ উৎপত্তিৰ জ্ঞান নিজৰ দাসক নিজেই সঠিক ভাবে কয়। পূৰ্ণ পৰমাত্মাই নিজৰ শব্দ শক্তিৰ দ্বাৰা ব্ৰহ্মা (ক্ষৰ পুৰুষ/কাল) ৰ উৎপত্তি কৰিলে আৰু সকলো ব্ৰহ্মাণ্ডকো ওপৰফালে সত্যলোক, অলখ লোক, অগগম লোক, অনামী লোক ইত্যাদি আৰু তলৰ ফালে ক্ৰমে পৰব্ৰহ্মাৰ সাত সংখ্য ব্ৰহ্মহ্মাণ্ড লগতে ব্ৰহ্মৰ ২১ ব্ৰহ্মাণ্ড সকলোকে নিজে নিজক ধাৰণ কৰিব। পৰা আকর্ষণ শক্তি প্ৰদান কৰি অৱস্থিত কৰি থৈছে। পৰমাত্মা কৰীৰ পৰমেশ্বৰে (কৰিদেবে) তেওঁৰ সেৱক অর্থাৎ সখ্য শ্রী ধর্মদাসদেৰ, আদৰণীয় গৰীবদাস দেৱ আদিক নিজৰ দ্বাৰা ৰছনা কৰা সৃষ্টিৰ জ্ঞান নিজেই। কৈ শুনাইছিল। ওপৰোক্ত বেদমন্ত্ৰবোৰে এই কথাৰ সমৰ্থন কৰিছে। অথর্ববেদ কাণ্ড নং ৪, অনুবাক নং ১, মন্ত্ৰ নং ৪: সঃ হি দিবঃ সঃ পৃথিব্যা ঋতস্থা মহী ক্ষেম ৰোদসী অন্তভায়ত্। মহান্ মহী অস্কাভায়দ বি জাতো দ্যা সম পার্থিব চ ৰজঃ ।।৪।। সঃ-হি-দিবঃ স-পৃথিব্যা-ঋতস্থা-মহী-ক্ষেমম-ৰোদসী-অকন্তায়ত্ম মহান-মহী-অন্তভাবদ-বিজাতঃ ধাম-সদম পার্থিবম্-চ-ৰজঃ অনুবাদ (সঃ) সেই সর্বশক্তিমান পৰমাত্মাই (হি) নিঃসন্দেহ (দিবঃ) ওপৰৰ চাৰিটা দিবা গুণ যুক্ত স্থান যেনে- সত্যলোক, অলখলোক, অগম লোক আৰু অনামী অর্থাৎ অকহ লোক সমূহক (ঋতস্থা) অজৰ-অমৰ কৰি স্থিৰ কৰিলে, (স) সেই লোক সমূহৰ সমানেই (পৃথিব্যা) তলৰ পৃথিৱীৰসকলো লোক যেনেঃ পৰব্ৰহ্মৰ সাত সংখ্য ব্ৰহ্মাণ্ড, লগতে ব্ৰহ্ম/কালৰ একৈশ ব্ৰহ্মাণ্ড (মহী) পৃথিবী তত্ত্বৰ দ্বাৰা (ক্ষেমম) সুৰক্ষিত কৰি (অস্বাভায়ত। স্থিৰ কৰিলে। আকাশ আৰু পৃথিবী তত্ত্ব দুয়োৰে ওপৰ আৰু তলফালে থকা ব্ৰহ্মাণ্ড সমূহক (মহান) পূর্ণ পৰমাত্মাই সৃষ্টি কৰিলে। আকৌ (পার্থিবম) পৃথিবীৰ দৰে বিভিন্ন সৰু সৰু (ধাম) লোক (চ) আৰু (সদম) আবাসিক স্থান (মহী) পৃথিবী তত্বৰ দ্বাৰা (বজঃ) প্ৰত্যেক ব্ৰহ্মাণ্ডত (জাত) বহুনা কৰি (অস্কভাষত) স্থিৰ কৰিলে।
সাৰাংশ: সেই পৰমাত্মাই ওপৰৰ চাৰিটা লোক সত্য লোক, অলখ লোক, অগম লোক, আৰু অনামী লোক সমূহক স্থায়ী রূপে অজব-অমৰ কৰি অৰ্থাৎ অবিনাশী কৰি তুলিলে আৰু তলৰ পৰব্ৰহ্ম তথা ব্ৰহ্মৰ লোক সমূহক অস্থায়ী ৰূপে সৃষ্টি কৰিলে। অন্যান্য সৰু সৰু অস্থায়ী প্ৰকৃতিৰ লোক সমূহে। সেই পৰমেশ্বৰে ৰছনা কৰিলে।
অর্থবেদ কাণ্ড নং ৪, অনুবাক নং ১. মন্ত্ৰ নং ৫:
সঃ বুধন্যাদাষ্ট্ৰ জনুষো অভ্যগ্ৰ বৃহস্পতি দেবতা তস্য সম্রাট্।
অহর্যচ্ছুক্ৰ জ্যোতিষো জনিষ্টা দুমন্তো বি বসন্তু বিপ্রাঃ ।।৫।।
সঃ- বুধন্যাত আষ্ট্ৰ জনুষে: অভি অগ্ৰম বৃহস্পতি: দেবতা
তস্য- সম্রাট অহঃ-যত -শুক্ৰম-জ্যোতিষঃ জনিষ্ট-অহা-দ্যুমন্তঃ- বি- বসন্তু- বিপ্রাঃ।
অনুবাদঃ (স) সেই মূল গৰাকীৰ পৰা (অভি অগ্ৰম) সর্ব প্ৰথম স্থানত (আষ্ট্ৰ) অষ্টাঙ্গী মায়া দুর্গা অর্থাৎ প্ৰকৃতি দেবী (জনেষু) উৎপন্ন হ’ল। পৰব্ৰহ্ম আৰু ব্ৰহ্মলোকৰ প্ৰথম স্থান হল সত্যলোক যাক তৃতীয় ধাম বুলিও জনা যায়। (তস্য) এইজনী দুর্গাৰে। মালিকহল সেই (সম্রাট) ৰাজাধিৰাজ (বৃহস্পতি) সকলোতকৈ ডাঙৰ পতি আৰু জগতগুৰু (দেৱতা) পৰমেশ্বৰ। (যত) এই জন পৰমেশ্বৰৰ পৰা (অহঃ) আমি ইয়াত থকা সকলো আত্মাৰ বিচ্ছেদ হল। (অথ) ইয়াৰ পিছত (জ্যোতিষ) জ্যোতিরূপ নিৰঞ্জন অর্থাৎ কালৰ (শূক্ৰম) বীর্য অর্থাৎ বীজ শক্তিৰ পৰা (বিপ্ৰাঃ) ভক্ত আত্মা বিলাকৰ (জনিষ্ট) দুৰ্গাৰ পেটৰ পৰা উৎপন্ন হল। জ্যোতি নিৰঞ্জনৰ আদেশ অনুসৰি দুগাই আমাক (বি) বেলেগে (দ্যমন্ত) মনুষ্য লোক আৰু স্বর্গ লোক (বসন্ত) ত বসবাস কৰিবলৈ কলে অর্থাৎ আমি বসবাস কৰিবলৈ ললোঁ।
সাবাংশ: উর্দ্ধতম স্থানৰ চাৰিটা লোকৰ ভিতৰৰ নিম্নতম লোকত অর্থাৎ সতালোকং পূর্ণ পৰমাত্মাই আস্থা অর্থাৎ অষ্টাদী (প্ৰকৃতিদেবী/দূর্গা) ব উৎপত্তি কৰিলে। এইজন পূর্ণ পৰমায়া হল বাজাধিরাজ, জগত গুক, পূর্ণ পৰমেশ্বৰ (সত্যপুরুষ) যিজনৰ পৰা সকলোরে।। বিয়োগ অর্থাৎ বিচ্ছেদ ঘটিল। পূর্ণ পবমাত্মাৰ পৰা বিচ্ছেদ হোৱাৰ অর্থাৎ আঁতৰি অহাদ। পিছত সকলো প্রাণী জ্যোতি নিৰঞ্জন (কাল) ব (বীর্য) বীজৰ পৰা দুর্গা (আঙ্কা) ৰ গৰ্ভব ঘাবা উৎপন্ন হৈ স্বর্গ আৰু পৃথিবী লোকত বসবাস কৰিবলৈ ললো।
অথর্ববেদ কাণ্ড নং ৪, অনুবাদ নং ১, মন্ত্ৰ নং ৬
নূন তদস্য কাব্যো হিনোতি মহো দেবস্য পূর্বাস্য ধাম।
এয জগ্যে বহুভি: সাকমিন্থা পূর্বে অর্ধে বিষিতে সসন নু ।। ৬।।
নুনম্-তত্-অস্য-কাব্যঃ মহঃ দেবস্য-পূর্বাস্য-ধাম-হিনোতি-পূর্বে বিষিতে
এষ-জগ্যে-বহুভিঃ-সাকম-ইতথা- অর্ধে-সসন-নৃ।
অনুবাদঃ (নুনম) নিসন্দেহ (তত্) সেইপূর্ণ পৰমেশ্বৰ অর্থাৎ তত ব্ৰহ্মাই (অস্য) এই (কাবাঃ) ভক্ত আত্মাক যি পূর্ণ পৰমেশ্বৰৰ ভক্তি বিধিঅনুসৰি কৰে তেওঁলোকক উভতাই (মহঃ) সর্বশক্তিমান (দেবস্য) পৰমেশ্বৰৰ (পূৰ্য্যস্য) আগৰ (ধাম) লোকত অর্থাৎ সত্যলোকত (হিনোতি) পঠায়। (পূর্বে) আগৰে পৰাই (বিিেষতে) বিশেষ ভাবে মনে বিচৰা (এস) এই পৰমেশ্বৰক আৰু (জগ্যে) সৃষ্টিব উৎপত্তি জ্ঞানক জানি লৈ (বহু ভিঃ) অতি আনন্দবে (সাকম) সৈতে (অর্ধে) অর্দ্ধ (সসন) শয়ন অবস্থাবে (ন) সত্য আত্মাই আন্তৰিকতাৰে (ইতথা) বিধিবত স্তুতি কবে।
সাবাংশ: সত্য সাধনা কৰা সাধক সকলক সেই পূর্ণ পৰমেশ্বৰে আগৰ সেই স্থানলৈ (সতালোক) লৈ যায় যৰ পৰা সেই সাধক আত্মা সকল আঁতৰি আহিছিল। তাত সেই সুখব খনি স্বরূপ পৰমাত্মাক লগ পোৱাত আনন্দত আত্ম বিভোৰ হৈ পৰমায়ান স্তুতিত মগ্ন হয় আৰু অসংখ্য জন্মলৈকে বিচ্ছেদ হৈ থকাৰ পিছত পুনৰ মিলন হোৱাত অতিশয় আনন্দিত হয়। নিজৰ আচল ঘৰ আহি পোৱাত স্বস্তিব নিশ্বাস পেলায়। এই কথাৰ প্ৰমাণ ঋগবেদ মণ্ডল ১০ সুক্ত ১৯০ মন্ত্ৰ ১৬ ও আছে। আদবণীয় গৰীবদাস দেবক এই দৰেই পূর্ণ পৰমাত্মা কবীৰ পৰমেশ্ববৈ সত্য ভক্তি প্ৰদান কৰি সত্যলোকলৈ লৈ গৈছিল। তাত গৈ পৰীবদাস মধ্যৰাজে নিজ চকুৰে দেখা দৃশ্য তেঁওৰ অমৃত বামীত এইদৰেই বর্ণনা কৰিছে:
“গরীব অজব নগৰ মে লে গয়ে হমন্টু সতগুক আন।
ঝিলকে বিম্ব অগাধ পতি, সুতে চাদব তান।।
অথর্ববেদ কাও নং ৪, অনুধাক নং ১. মন্ত্ৰ নং ৭য়ো অথবাণ পিত্তৰ দেৱবন্ধু বৃহস্পতি নমসাব চ গচ্ছাত।
ত্ব বিশ্বেষ। জনিতা ৰথাস কবিদেবো ন দতায়ত স্বধাৰন।। ৭।।
রঃ অথবাণন-পিত্তবম-দেববন্ধুম-বৃহস্পতিম-নমসা-অৰ-চ-গচ্ছাত-ত্বম-বিশ্বেয়াম জনিতা-যথা-সঃ-কবির্দেব-ন-দভায়ত স্বধারান।
অনুবাদঃ- (যঃ) যি জন (অথবাণম) অবিনাশী (পিত্তৰম) জগত পিতা (দেববন্ধন) ভক্তৰ বাস্তবিক সখা অর্থাৎ আত্মাৰ আধাৰ ((বৃহস্পতিম) জগত গুৰুয়ে (নমস্য) বিধিবত সাধক সকলক (অব) সুবক্ষা দি (গচ্ছাত) সত্যলোকলৈ যোৱা সকলক নিবাপত্তা প্ৰদান করে, তেওঁ (বিশ্বেষাম) সর্বব্ৰহ্মাণ্ডব (জনিতা) সৃষ্টি কর্তা জগদম্বা আক মাতৃ গুণ-যুক্ত, (নদভায়ত) কালৰ দৰে প্ৰবঞ্চনা নকবা (স্বধাৰন) স্বভাৰব, তেওঁৱেই (যথা) যথার্থতে (স) সেইজন (তুম) তেওঁ (কবির্দেন: কবিৰদেব) কবিদেৰ হয় অর্থাৎ অন্য ভাষা শৈলীত তেওঁক কবীৰ পৰমেশ্বৰ বোলা হয়।
সাবাংশ: এই মন্ত্ৰত স্পষ্ট কৰি দিয়া হৈছে যে পূর্ণ পৰমাত্মাৰ নাম কবিদেৰ অর্থাৎ কবীৰ পৰমেশ্বৰ হয়। তেওঁ সকলো সৃষ্টি কৰিছে।