গীতা অধ্যায় ৩ শ্লোক ১৪-১৫ ত কোৱা হৈছে সকলো প্রাণী অন্নৰ পৰা উৎপত্তি হৈছে। পুনৰ কৈছে যে ব্রহ্মা অর্থাৎ ক্ষৰ পুৰুষৰ উৎপত্তি অবিনাশী পৰমাত্মাৰ পৰা হৈছে। গীতা অধ্যায় ১৫ শ্লোক ১৭ ত ইয়াৰ বৰ্ণনা আছে। ইয়াৰ পৰা প্ৰমাণ হৈছে যে সর্বগতম ব্রহ্ম = সৰ্বব্যাপী পৰম অক্ষৰ ব্ৰহ্মা অর্থাৎ বাসুদের সদায় ধার্মিক অনুষ্ঠানত প্রতিষ্ঠিত। বিচাৰ কৰক – সর্বগতম ব্রহ্মব অর্থ হৈছে সর্বব্যাপী পৰম অক্ষৰ পৰমাত্মা। (গীতা অঃ- ৩ শ্লোক ১৫)
- ১. শ্রীব্রহ্মা, শ্রীবিষ্ণু তথা শ্রীশির দেৱ তিনিওজন দেৱতা একোখন ব্রহ্মাণ্ডত থকা তিনি লোকত (স্বর্গলোক, পৃথিৱীলোক, পাতাললোক) কেৱল এটা এটা নিদিষ্ট গুণৰ অধিকাৰী।
- তেওঁলোক সর্বগতম ব্রহ্ম অর্থাৎ সর্বব্যাপী পৰমাত্মা বাসুদের নহয়।
- ২. ব্রহ্মা অর্থাৎ ক্ষৰ পুৰুষ এওঁ কেবল ২১ খন ব্রহ্মাণ্ডৰ প্রভু। এই জনাও সর্বব্যাপী অর্থাৎ বাসুদের নহয়।
- ৩. অক্ষব পুৰুষ এওঁ কেবল ৭ শংখ ব্রহ্মাণ্ডৰ স্বামী এই জনাও সর্বব্যাপী অর্থাৎ বাসুদের নহয়।
- ৪. পৰম অক্ষৰ ব্রহ্ম-এওঁ সকলো ব্রহ্মাণ্ডৰ স্বামী। সকলোকে ধাবণ পোষন কৰা বাসুদেব। বিশেষ – এই পুথিৰে “সৃষ্টি ৰচনা” অধ্যায় পঢ়িলে অধিক জানিব।
পৰম অক্ষৰ ব্ৰহ্মাই নিজে পৃথিৱীত আহি প্রকট হয়। আৰু পূণ্যবান আত্মাক লগ কৰে। তেওঁলোকক তত্বজ্ঞান বুজায়। এই বিধান অনুসৰি চন ১৭২৭ ত গাওঁ ছুড়ানী জিলা যন্ত্ৰৰ, হাৰিয়ানা প্ৰান্তত সন্ত গৰীব দাসক লগ কৰেহি। পৰমশ্বেবে মহাত্মা বেশত গৰীব দাসক তত্বজ্ঞান বুজাই তেওঁৰ আত্মাক সনাতন পৰম ধাম দেখুৱালে। সকলো ব্রহ্মাণ্ডৰ লগতে তাৰ স্বামী স্থিতি, তত্বজ্ঞানৰ লগত পৰিচয় কৰাই পুনৰ আত্মাক দেহত প্রৱেশ কৰালে। সেই সমযত সন্ত গৰীব দাসৰ বয়স ১০ বছৰ হৈছিল। সেই দিন। সন্ত গৰীব দাসৰ মৃত্যু হোৱা বুলি জানি অন্তিম সৎকাৰৰ বাবে সাজু কৰি থাকোতে তেওঁৰ আত্মা শৰীৰ আহি জীৱিত হৈ উঠিল আৰু চিতাৰ পৰা নিজে নামি আহিল। সন্তান পুনব জীয়াই উঠা দেখি পিতৃ মাতৃ লগতে সকলোৱে আনন্দিত হ’ল। পাচত সন্ত গৰীব দাসে এখন পুথি ৰচনা কৰিলে। সেই পুথিত নিজ চকুৰে দেখি অহা স্বয়ং পৰমেশ্বৰৰ দ্বাৰা কোৱা জ্ঞানৰ কথাবোৰ কলে আৰু গোপাল দাস নামৰ দাদু পন্থী সাধুজনে লিপিবদ্ধ কৰিলে। পঞ্জাৱ প্ৰান্তত লুধিয়ানা চহৰৰ কাষত বাসী নামেৰে এখন গাওঁ আছে। তাতে ৰাম বায় ওফ ঝুমকৰা নামে এজন প্রভু ভক্ত আছিল। তেওঁ সন্ত গৰীৰ দাসৰ মহিমা বিষয়ে শুনি (গৰীব দাসক) দৰ্শন কৰিবলৈ গ’ল। গৰীব দাসে যি জ্ঞানৰ কথা শুনালে সেই জ্ঞান খিনিৰ কথা সন্ত ৰামপাল দাস দেবে এই পুথিৰ দ্বাৰা ব্যক্ত কৰিছে। ৰাম ৰায়ে সন্ত গৰীব দাসক কলে মহাত্মা এনে জ্ঞানৰ কথা আজিলৈকে কাৰো মুখৰ পৰা শুনা নাই। সন্ত গৰীব দাসে নির্মল বাণীৰে কৈছিল কোটয়ো মধ্য কোই নহী ৰাই ঝুমৰা। অৰবো যে কোই গৰক সুনো ৰাই ঝুমকৰা।। ইয়াৰ ভাৱাৰ্থ হৈছে- সন্ত গৰীব দাস দেৱে কৈছে এই জ্ঞান কোটি জনৰ মাজত কাৰো ওচৰত নাই। আৰবৰ মাজত কোনোবা এজনৰ হে পোৱা যাব। যি জনে সকলো জ্ঞানক সম্পূর্ণ সাধনা ভক্তিৰ মন্ত্ৰৰে পৰিপূৰ্ণ হব। গতিকে লেখকে কৈছে পাঠক সকলে এই জ্ঞানক বুজি লৈ তত্বদর্শী সন্ত বাম পাল দাসৰ পৰা দীক্ষা গ্রহণ কৰি নিজৰ আত্মাক কল্যাণ কৰক
প্রশ্নঃ-প্রাচীন কালৰ পৰা চলি অহা ভক্তি সাধনাক আপুনি ভুল সাধনা বুলি কিয় কব পাৰিছে? যেনে ঋষি সকলে তপস্যা কৰা, হিন্দু সমাজে দেখি আহিছে ভগবানৰ নাম হবে কৃষ্ণ হবে বাম, বাধে বাধে শ্যাম মিলা দে, ওঁ নমঃ শিরায়, ওঁ নমোঃ ভগবত বাসুদেবায় নমঃ, জয় চিয়াবাম, বাধে শ্যাম, ঔম তত সত্ আদি কোনোবা নহয় কোনোবা এটা মন্ত্র জপ কৰি আহিছে। বর্তমানেও কৰি আছে। শ্ৰী ৰাম চন্দ্ৰক আৰু শ্রী কৃষ্ণক আমি পৰমাত্মা বুলি মনেভারি নাম জপ কৰোঁ। আপুনি তেওঁলোকৰ নাম মন্ত্র জপ কৰাটো ব্যর্থ বুলি কিয় কৈছে, ইয়াব স্পষ্টীকৰণ দিয়ক।
উত্তৰ- প্রাচীন কালৰে পৰা যদি এনে ভক্তি সাধনা কৰি অহা হলে গীতা জ্ঞান দাতাই অধ্যায় ৪ শ্লোক ১-২ নকলে হেতেন যে যি জ্ঞান তোমাক দিছো এই জ্ঞান এতিয়া লুপ্ত অবস্থাত আছে অর্থাৎ কোনোরে নাজানে। আদিতে এই জ্ঞান ভক্তি সূর্য দেবক দিছিলো। সূর্য দেৱৰ পৰা মনুৱে লৈছিল, মনুবে নিজ পুত্র ইক্ষাকুক দিলে আৰু পুনৰ ৰাজ ঋষি সকলে জানিবলৈ পালে। ত্রেতা যুগৰ শেষলৈ এই জ্ঞান লুপ্ত হল। সত্য যুগতে এই সকল মহাপুৰুষক এই জ্ঞান প্রাপ্তী হৈছিল। সত্য যুগৰ পৰাহে সংসাৰ আৰম্ভনি হয, সেয়ে দশৰথৰ পুত্ৰ শ্ৰীৰাম চন্দ্ৰ শ্রীবাসুদেৱৰ পুত্ৰ শ্রীকৃষ্ণ যদি পূর্ণ পৰমাত্মা বুলি মানি হৰে ৰাম, হবে কৃষ্ণ, ইত্যাদি নামৰ জপ কৰি মোক্ষ হয় তেন্তে গীতা শাস্ত্রত বর্ণিত যথার্থ ভক্তি সাধনা সম্পূর্ণ বিপৰীত হব। গীতা জ্ঞান দাতাই কৈছে শাস্ত্র বিধি এৰি নিজ ইচ্ছাৰে কুৰা ধার্মিক কৰ্মত কোনো সুখ শান্তি, সিদ্ধি শক্তি আৰু কোনো গতি লাভ নহয়, অর্থাৎ ব্যর্থ সাধনা। (অধ্যায় ১৬ শ্লোক ২৩)
গীতা অধ্যায় ১৬ শ্লোক ২৪ ত অর্জুনক কৈছে ভক্তি সাধনাৰ কি কৰিব লাগে কি কৰিব নালাগে তাৰ প্ৰমাণ শাস্ত্রত আছে। সত্য ভক্তি, সাধন। চাৰি খন বেদ ৰ) ঋকবেদ, চ) যজুবেদ, ৩) সামবেদ ৪) অথর্ব বেদ। এই চাৰিওখন বেদৰ সাৰাংশ শ্রীমত ভাগবত গীতা, আৰু সুক্ষ্ম বেদত পৰমাত্মাই নিজৰ মুখ কমলেৰে কৈছিল। এই ভক্তি জ্ঞান তথা সমাধানৰ প্রমাণ শাস্ত্রত আছে) যি বর্ণনা শাস্ত্রত নাই সেয়া শাস্ত্র বিৰুদ্ধ সাধনা।
সেই বাবে ভক্তিৰ কোনখিনি কর্ম কৰিব লাগিব কোনখিনি কৰিব নালাগে তাৰ ভাবে শাস্ত্রই প্রমাণ। শাস্ত্ৰৰ বৰ্ণিত ভক্তি বিধি সাৰোগত কৰি জীৱন সফল কৰা বাকী সকলো ভবি দিয়া। শ্ৰী ৰাম চন্দ্ৰৰ জন্ম ত্রেতা যুগৰ অন্তিম চৰণত হৈছিল। শ্রীকৃষ্ণৰ জন্ম দ্বাপৰ যুগৰ অন্তিম চৰণত হৈছিল সত্যযুগৰ পৰা মানুহে ভক্তি সাধনা কৰি আহিছে। সেই সময়য়ত ৰাম আঝাকৃষ্ণ কোনো নাছিল। যদি কয় বিষ্ণুদের সত্য যুগৰ প্ৰথমৰ পৰাই আছিল আৰু শ্রীৰাম জপ কৰিছিল, তেওঁ বিষ্ণু নাম জপা নাছিল। ইয়াৰ পৰা প্রমাণ হ’ল তেওঁলোকৰ বাদে অন্য শ্রীকৃষ্ণ ও স্বয়ং শ্রীবিষ্ণুবেই আছিল। সত্য যুগত প্রমাণ আছে মহির্ষি বাল্মিকীয়ে ৰাম নাম রাম (ভগবান) আছে। তেওঁৰ নামহে জপ কৰিব লাগে। গীতা অধ্যায় ৭ শ্লোক ২৯ তত ব্রহ্মক জনা ব্যক্তিয়ে মাত্র বৃদ্ধা অবস্থা আৰু মৃত্যুৰ পৰা ৰক্ষা পাবৰ বাবে ভক্তি কবে। অর্জুনে গীতা অধ্যায় ৮ শ্লোক ১ ত প্রশ্ন কৰিছে তত ব্রহ্মহ্ম কোন? গীতা অধ্যায় ৮ শ্লোক ৩ জ্ঞান দাতাই উত্তৰত কৈছে যে তত ব্রহ্মা হৈছে পৰম অক্ষব ব্রহ্মা। গীতা অধ্যায় ৮ ব শ্লোক ৫, ৭ত জ্ঞান দাতাই নিজৰ ভক্তি সাধনা কৰা কথা কেছে। অনুস্মৰণ) শ্লোক ১৩ ত নাম মন্ত্ৰ কথা কৈছে। (ওঁ ইতি এক অক্ষৰ ব্ৰহ্মহ্ম ব্যৱহাৰন মাম
গীতা অধ্যায় ৮ বেই শ্লোক ৮, ৯, ১০ ত গীতা জ্ঞান দাতাই অন্য ভগৱানক অর্থাৎ তত্ ব্ৰহ্ম মানে পৰম অক্ষৰ ব্ৰহ্মৰ ভক্তি কৰিবলৈ কৈছে। তেওঁৰ ভক্তি নাম মন্ত্ৰ গীতা অধ্যায় ১৭ শ্লোক ২৩ ত কৈছে।
ঐ তত্ সত্ ইতি নির্দেশঃ ব্ৰহ্মহ্মণঃ ত্রিবিধঃ স্মৰণঃ।
ব্ৰহ্মানাঃ তেন বেদাঃ চ ৰজ্ঞা চ বিহিতাঃ পুৰা।
নৰলাৰ্থ হৈছে- ব্ৰহ্মণঃ সচ্চিদানন্দ ঘন ব্ৰহ্ম অর্থাৎ পৰম অক্ষৰ ব্ৰহ্মৰ ভক্তিৰ ‘ওঁ’ তত্ সত্অন্ত্ৰ স্মৰণৰ কথা আদেশ আছে। যি নেকি ত্রিবিধ (তিনিভাগে) স্মৰণ (স্মত) কৰিব লাগে। হ্মণাঃ বিদ্রান অর্থাৎ তত্বদর্শী সন্তই (তেন) সেই (বেদাঃ) জ্ঞানৰ আধাৰত ভক্তি কবে। (চ) আৰু (যজ্ঞা) ধার্মিক যজ্ঞ অনুষ্ঠানত (চ) আৰু অন্য ভক্তি কর্ম (পুৰা) সৃষ্টিৰ আদি অর্থাৎ আবন্তনীতে (বিহিতা) কৰা হৈছিল। শ্রীমৎ ভাগৱত গীতাৰ পৰা জানিব পৰা হ’ল গীতা জ্ঞান দাতাই অন্য কোনো পূর্ণ বমাত্মা আছে বুলি কৈছে, যি জন বিষ্ণু, ব্ৰহ্মা তথা শিৱতকৈও বেলেগ। গীতা অধ্যায় ১৫ প্রাক্ ১.৪,১৭ ত তথা গীতা অধ্যায় ১৮ শ্লোক ৬২ ত আৰু অনেক স্থানত পূর্ণ পৰমেশ্বৰ মাছে বুলি উল্লেখ কৰিছে। গীতা অধ্যায় ১৫ শ্লোক ১৬ ত দুজন পুৰুষৰ কথা কৈছে। দুয়োজন বিনাশী, তওঁলোকৰ অন্তৰ্গত সকলো প্রাণী বিনাশী। ১/ ক্ষৰ পুৰুষ, ২১ খন ব্ৰহ্মাণ্ডৰ ভগৱান স্বামী)। ২/ অক্ষৰ পুৰুষ এওঁ ৭ শংখ ব্ৰহ্মাণ্ডৰ প্ৰভু এই দুয়োজনে পূর্ণ পৰমাত্মা নহয়। গীতা অধ্যায় ১৫ শ্লোক ১৭ ত গীতা জ্ঞান দাতাই কৈছে উত্তম পুৰুষ বা পুৰুযোজ এই দুজনৰ বাদে অন্য এজনহে যাক পৰমাত্মা কোৱা হয়। যি তিনিও লোকত প্ৰবেশ কদ ধাৰণ, পোষণ কৰে। তেওঁবে অবিনাশী পৰমেশ্বৰ।
পূৰ্ণ পৰমাত্মা পৰম অক্ষৰ ব্ৰহ্মা হয় বুলি প্ৰমাণ হৈছে। তেওঁৰ ভক্তি মন্ত্ৰ হৈয়ে “ঔ” তত্ সত্ এইটোও প্ৰমাণ হ’ল। ওঁ তত্ সত্ এই তিনি মন্ত্ৰ হৈছে উপৰোক্ত তিনিজন প্ৰভুৰ। ওঁ ক্ষৰ পুৰুষ অর্থাৎ ক্ষৰ ব্ৰহ্ম গীতা জ্ঞান দাতাৰ, তত্ ই হৈছে সাংকেতিক এই পুথিতে পূর্বে বিৱৰণ দিয়া আছে অক্ষৰ পুৰুষৰ মন্ত্ৰ সত্ সংকেতত আছে। ইয়াৰ বৰ্ণনা এই পুথিতে আছে। এই সত মন্ত্ৰ পৰম অক্ষৰ ব্ৰহ্মৰ। শ্রীমৎ ভাগৱত গীতাত এই পূর্ণ মোক্ষ প্ৰাপ্তিৰ সাংকেতিক মন্ত্ৰ আছে। ২০১২ চনলৈকে কোনেও প্ৰমাণ কৰিব নোৱাৰিলে, যি সকলে হৰি ঔম, তত সত্ জপ কৰে তেওলোকে তত্ সত্ বাস্তবিক জপ মন্ত্ৰ বেলেগ বুলি নাজানে। সংকেতত নাম জপ কৰিলে কোনো লাভ নহয়।
উদাহৰণ- এজন ধনী ব্যক্তিয়ে নিজৰ টকা পইচা গাঁত খান্দি মাটিত পুতি ৰাখিলে। সৌ ধন ৰখা গাতটোৰ ঠাইডেখৰ তেওঁৰ বাদে আন কোনোও নাজানে। ধনী মানুহজনে ধন বখ গাঁতটোৰ সাংকেতিক স্থানৰ কথা তেওঁৰ টোকা বহীত লিখি থলে। দুর্ভাগ্য বশতঃ ধনী মানুহজনৰ মৃত্যু হ’ল। পুতেক সকলে পিতাকৰ সৎকাৰ কৰি পিতাকে লিখি থৈ যোৱ বহীখন পাই পঢ়িলে আৰু ধন মাটিৰ তলত পুতি ৰখা কথা জানিবলৈ পালে। জীবিত কালত পিতাকৰ সেই কথা আন কোনোৱে নাজানিছিল। ধনী ব্যক্তি জনৰ ঘৰৰ আগফালে এখন চোতাল আছিল। সেই চোতালৰ এটা কোণত এটা মন্দিৰ আছিল। বহীখনত লিখা আছিল পূর্ণিমা ৰাতি সময় ২ বজাত সেই গোটেই ধন খিনি মন্দিৰৰ গুম্বজৰ তলত থোৱা আছে। পুতেক হঁতে ৰাতি ২ বজাত মন্দিৰ গুম্বজ ভাঙি ধন বিচাৰিলে কিন্তু একো নাপালে, পুতেক হঁতৰ বৰ দুখ লাগিল। এদিনাখন তেওঁলোকৰ পিতাকৰ এজন বন্ধু আন এখন গাওঁৰ পৰা তেওঁলোকক সমবেদনা জনাবলৈ আহিছিল। লৰাহঁতে পুতি থোৱা ধন বিচাৰি নোপোৱা কথা তেওঁক জনালে। বন্ধুৱেকে সেই টোকা বহী খন আনিবলৈ কলে আৰু কথাখিনি পঢ়িলে আৰু গুম্বজটো পুনৰ বনাবলৈ কলে গুম্বজটো যেনে আছিল তেনেকৈ বনাবলৈ কলে মই পুনৰ কোনোবা দিনা আহিম। তেতিয় ধন বখা স্থানৰ কথা বুজাই কম। ব্যক্তিজন পুনৰ এদিন পূর্ণিমা ৰাতি আহিলে। ৰাতি ২ বজাগ মন্দিৰৰ দ’লৰ (গুম্বজব) ছাঁটো যি স্থানত পৰিছিল সেই স্থানত খান্দিবলৈ কলে। বহীখনত লিখি থোৱা মতে পুতি ৰখা সকলো ধন বিচাৰি পালে। পুতেক হঁত বৰ সুখী হ’ল আৰু ধনবান হ’ল।
ঠিক সেইদৰে হৰি ঔম্ তত্ সত্ যি সকলে নাম জপ কৰিছে তেওঁলোকে মন্দিৰৰ ওগজ ভঙ। কামহে কৰিছে। বিনিময়ত একো বিচাৰি নাপাব। যথা স্থানত বাস্তবিক মন্ত্ৰ আছে। সেয়া মোৰ ওচৰত অৰ্থাৎ সন্ত ৰামপালদাসৰ ওচৰত আছে। সেই সত্য ভক্তি গ্ৰহণ কবি সুখে শান্তিৰে থাকা।
আধ্যাত্মিক শংকাৰ সমাধান
প্ৰশ্ন:- গীতা অধ্যায় ১৫ শ্লোক ১৮ ত গীতা জ্ঞান দাতাই নিজক নিজে “পুৰুষোত্তম” অর্থাৎ উত্তম পুৰুষ বুলি কৈছে। আপুনি গীতা জ্ঞান দাতাৰ পৰা অন্যক পুৰুষোত্তম অর্থাৎ শ্রেষ্ট পৰমাত্মা বুলি কয়। ইয়াক স্পষ্টভাবে বুজাই দিয়ক।
উত্তরঃ- গীতাৰ শংকাৰ গীতা শাস্ত্ৰতে সমাধান দিয়া আছে। গীতা অধ্যায় ১৫ শ্লোক ১৬ত গীতা জ্ঞান দাতাই দুই পুৰুষৰ কথা উল্লেখ কৰিছিল। ক্ষৰ পুৰুষ অক্ষৰ পুৰুষ। দুই পুৰুষৰ অন্তৰ্গত যিমান শৰীৰ ধাৰী প্ৰাণী আছে সেই সকলো বিনাশী কিন্তু জীৱৰ আত্মা অবিনাশী। গীতা জ্ঞান দাতা ক্ষৰ পুৰুষ। তেওঁ নিজে কয় একে অধ্যায়ৰ ১৭ শ্লোকত উত্তম পুৰুষ ক্ষৰ পুৰুষ তথা অক্ষৰ পুৰুষৰ বাদে আন এজনহে, তেওঁহে অবিনাশী। তেওঁকে পৰমাত্মা বোলা হয়, তেওঁবেই তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষন কৰিছে। গীতা অধ্যায় ১৫ শ্লোক ১৮ ত গীতা জ্ঞান দিয়া জনে নিজৰ স্থিতি বিষয়ে কৈছে। হে অর্জুন মোৰ ২১ খন ব্ৰহ্মাণ্ডত যিমান প্রাণী আছে তেওঁলোকৰ অতীত মইয়ে হওঁ। সকলো প্রাণী উৎপত্তি মোৰ পৰাই হৈছে, মুখে মুখে প্ৰচলিত জ্ঞানৰ আধাৰত মোকেই পুৰুষোত্তম বুলি কয। প্ৰকৃততে মই পুৰুষোত্তম নহয়। গীতা অধ্যায় ১৫ শ্লোক ১৭ ত কোরা পুৰুষহে অবিনাশী পৰমাত্মা বোলা হয়। গীতা জ্ঞান দাতাই অর্জুনক কৈছে মোৰ আৰু তোমাৰ আগেও বহু জন্ম হৈছে। তুমি নাজানা, মই সকলো জানো। গীতা অধ্যায় ৪ শ্লোক ৫ ত পুনৰ গীতা অধ্যায় ২ শ্লোক ১২ ত কৈছে হে অর্জুন তুমি আৰু মই আৰু এই ৰজা প্ৰজা সকল আগতেও জনম হৈছে তথ্য পাচতও জনম হব। গীতা অধ্যায় ১০ শ্লোক ২ ত কৈছে মোৰ উৎপত্তি অর্থাৎ মোৰ জন্ম ঋষি দেৱতা আদি কোনেও নাজানে কাৰণ এই সকলো মোৰ পৰাহে উৎপত্তি হৈছে। বিচাৰ কৰক পিতৃৰ জনমৰ কথা ককাই তাৰিখ পর্যন্ত জানে। অনুগ্ৰহ কৰি এই পুথিত সৃষ্টি বচনা পঢ়ক ক্ষৰ পুৰুষৰ পিতা আৰু দেৱতা সকলৰ পিতৃ আৰু মাতৃ ককা দেউতা কোন? উপৰোক্ত গীতা জ্ঞান দাতাৰ পৰা স্পষ্ট হৈছে যে তেওঁ নিজক পুৰুষোত্তম বুলি
কিয় কৈছে? তেওঁ যে অবিনাশী নহয় আব্দ সকলোকে ধাৰণ পোষন কৰা ভগবান, পৰমাত্মাও নহয়। তেওঁক ভক্তিত কেতিয়াও শান্তি আৰু পর্বমধাম প্রাপ্তী নহয়। গীতা জ্ঞান দাতাই অধ্যায় ১৮ শ্লোক ৬২ ত অর্জুনক কৈছে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম লাভকৰিবলৈ হলে উত্তম পুৰুষ, পৰম অক্ষব ব্ৰহ্মৰ শৰণত যোৱা। তেওঁৰ কৃপাত হে তুমি পৰম পদ অর্থাৎ সত্যলোক প্রাপ্ত হবা। গীতা জ্ঞান দাতাৰ ভক্তিৰ পৰা সেই পৰমপদ প্রাপ্ত নহয় তাৰ বাবে অধ্যায় ১৫ শ্লোক ৪ ত কৈছে তত্বদর্শী সন্তৰ পৰা তত্বজ্ঞান প্রাপ্তহোৱাৰ পাচত পৰমেশ্বৰৰ সেই পৰম পদ বিচবা উচিৎ। যলৈ গ’লে সাধকে পুনৰ সংসাৰলৈ ঘূৰি নাহে। গীতা জ্ঞান দাতাই সেই আদি নাৰায়নক ভক্তি কৰিবলৈ কৈছে।
গীতা জ্ঞান দাতাৰ স্বয়ং জন্ম মৃত্যু হয়, তেওঁৰ স্থান সনাতন পৰম ধাম নহয়। গীতা জ্ঞান দাতাৰ ভক্তিৰ দ্বাৰা জীৱই পৰমপদ লাভ কৰিব নোৱাৰে। পৃথিৱীলৈ পুনৰ ঘূৰি নহাকৈ অর্থাৎ জন্ম মৃত্যু নোহোৱাকৈ প্ৰকৃত পৰম পদ তেওঁৰ পৰা পোৱা নাযায়।
গীতা জ্ঞান দাতা বাস্তৱতে পুৰুষোত্তম নহয়। এইটো মাত্ৰ লোকবেদ অর্থাৎ মুখে মুখে শুনা কথাত পুৰুষোত্তম আখ্যা পাইছে।
প্ৰশ্ন:- বাধা দেবী উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ কাষৰ বৰসানা গাওঁৰ বাসিন্দা আছিল। সেই ঠাইব মানুহে ৰাধে বাধে নাম জপ কৰিছিল। পুরা হলে বা পৰম্পৰে দেখা সাক্ষাৎ হলে ৰাম ৰাম বুলি নকৈ ৰাধে বাধে বুলি সম্ভাষন জনাইছিল। বাধে বাধে বুলি কিয় কৈছিল। তেওঁলোক বাৰু মুর্খ নেকি?
উত্তৰ:- তত্বজ্ঞানৰ অভাৱত মুখে মুখে প্ৰচলিত জ্ঞানক সত্য বুলি ভারি শাস্ত্ৰ বিপৰীত মন্ত্ৰক সমাজে প্ৰচলন কৰিছিল। পূর্বতে উল্লেখ কৰা গীতা অধ্যায় ১৬ শ্লোক ২৩-২৪ ত গীতা জ্ঞান দাতাই অর্জুনক কৈছিল শাস্ত্ৰ সন্মত জ্ঞানক এৰি নিজে ইচ্ছাকৃত আচৰণ কৰিলে তেওলোকৰ কেতিয়াও সুখ শান্তি, সিদ্ধি শক্তি আৰু কোনো গতি প্রাপ্তী নহয়, অর্থাৎ সকলো ব্যর্থ হয়। সেইবাবে অর্জুনক কৈছিল কি কৰিব লাগে, কি কৰিব নালাগে এইবোৰ শাস্ত্ৰতে লিখা আছে। ওপৰত কোৱাৰ দৰে ৰাধে বাধে শব্দ উচ্চাৰণ কৰা প্ৰয়োজন নাই। কাৰণ বাধা শ্রীকৃষ্ণৰ প্রেমিকা আছিল, সেই সময়ত বৰসানা গাঁৱৰ মানুহে ৰাধাক নিলাজ, চঞ্চল। আদি ভাষাৰে সমালোচনা কৰিছিল, তেওঁলোকে কৈছিল বেলেগ গাওঁৰ যুৱকৰ লগতে লুকাই লুকাই খেলা কৰিবলৈ যোৱা কাৰ্য্যক সকলোরে গ্লানি আৰু গৰিহণা কৰিছিল। তেওঁলোকে ৰাধাক নিজৰ ঘৰলৈ যাবলৈ মানা কৰিছিল। কাৰণ অন্য সন্তানৰ ওপৰত যাতে প্ৰভাৰ নপবে।
বর্তমান অৱস্থাত সেই বৰসানা গাওঁৰ মানুহেই বাধে বাধে শ্যামৰ লগত লগ লগাই দিয়া বুলি মুখে মুখে প্ৰচলন কৰিব ধৰিলে। এতিয়া বাধাও নাই শ্রীকৃষ্ণও নাই। সন্নিপাত জ্বৰত ভোগী বোগীয়ে প্ৰলাপ বকাৰ দৰে বাধে বাধে কোৱা সকলৰ অবস্থা একেই। সেইবোৰেই শাস্ত্ৰ বিৰোধী হোৱা হেতুকে সকলো অসাব। এতিয়া আপোনালোকৰ এই প্ৰশ্ন উত্তৰত কৈছো যে খুৰাকে কয় বাধে বাধে ভতিজাইও কৰ বাধে বাধে। আপোনালোকে জানে যে বাধে শ্রীকৃষ্ণব প্রেমিকা আছিল, আপোনালোকে এইটোও জানে যে ঝক্মিণী দেবীক শ্রীকৃষ্ণই পলোৱাই ৰথত উঠাই লৈ গৈছিল। তেতিয়া কক্মিনীৰ ভায়েকে ঝক্মিনীক এবোৱাই আনিবালৈ ঘোঁৰা দৌবাইছিল, শ্রীকৃষ্ণই প্ৰথমে তেওঁক কোবাইছিল, পুনৰ ৰথত পিছফালে বান্ধি চোচৰাই নিছিল, কক্মিনীও শ্রীকৃষ্ণব প্রেমিকা আছিল তেওঁলোকৰ মাজত ভায়েক ঠিয় হোৱা বাবে তেওঁৰ কি দশা হৈছিল। অৱশেষত শ্রীকৃষ্ণক প্রার্থনা কৰি ৰুক্মিনীয়ে ভায়েকৰ প্ৰাণ ৰক্ষা কৰিছিল। যদি আজি ভগবান কৃষ্ণ হ’ল হেতেন, বাধাও হোৱা হ’লে বৰসানা গাওঁৰ বাসিন্দা খুড়া ভতিজা পৰম্পৰে ৰাধা ৰাধা বুলি কোৱা সকলক ৰথৰ পিছফালে চোচৰাই শ্রীকৃষ্ণই শাস্ত্রি দিলে হেতেন। প্রেমিক প্রেমিকাৰ ওপৰত মানুহে চর্চা সমালোচনা কৰিলে শক্তিবান হ’লে মুখ বন্ধ কবি দিব। কমজোৰ হলে কান্দিব, এইবোৰ দেখি জানো মানুহে ভাল পাব? সেইবাবে এইবোৰ শাস্ত্ৰ প্ৰমাণিত নহয়। বাধে বাধে নাম জপ কৰাটো একেবাবে অসাৰ। এই পুথিৰ লেখক সন্তৰামপাল দাসে সমস্ত মানবক জনাইছে শাস্ত্ৰ প্ৰমাণিত নাম গ্ৰহণ কৰি নিজৰ কল্যাণ সাধন কৰক।
প্ৰশ্ন:- পূর্ণ গুৰুক কেনেকৈ চিনিবা এই কথাৰ উত্তৰত এটা স্থানত লিখা আছে যে ওঁ নাম জপ কৰাটো শাস্ত্ৰ প্ৰমাণিত। কাল ব্ৰহ্মৰ পূজা কৰা উচিৎ নে অনুচিৎ ইয়াৰ ইচ্ছাকৃত আচৰণ কৰি ‘ওঁ নাম জপ কৰা বুলি কৈছে। কথাটো উত্তৰত বুজাই কওক।
উত্তৰঃ- সেই ঋষি সকলে ‘ওঁ’ নাম জপ কৰা লগতে ঘোৰ তপস্যাও কৰে। যি কাৰণত সেই সাধনাক শাস্ত্ৰ বিৰোধী বুলি কোৱা হয় মোক্ষদায়ক নহয়, উত্তম গতি প্রাপ্ত নহয় অনুত্তম গতিহে পোৱা যায়। সেইবাবে সেই ঋষি সকলৰ পূজা বিধি শাস্ত্ৰ বিৰোধী। বেদ আৰু গীতাত শাস্ত্ৰ সন্মত ভক্তি কৰিবলৈ কৈছে। অন্যথা ইচ্ছাকৃত ভক্তি সাধনা শাস্ত্ৰ বিৰোধী। প্ৰশ্নঃ- মহর্ষি বাল্মিকী সত্য যুগত ৰাম ৰাম বুলি জপ কৰিছিল। এই মন্ত্ৰত শাস্ত্ৰ প্ৰমাণিত নাছিল নেকি?
উত্তৰ:- গীতা অধ্যায় ৪ শ্লোক ১-২ গীতা জ্ঞান দাতাই কৈছে এই জ্ঞান মই সূর্য্যক দিছিলো। তেওঁনিজৰ পুত্ৰ মনুক শুনাইছিল। মনুরে বাজ ঋষিক দিছিল। সত্যযুগৰ আৰম্ভনিতে এই সকলো জ্ঞান সূৰ্য্য, মনু তথা বাজঋষি সকলে পালে। তেওঁলোকৰ পাছত এই জ্ঞান নষ্ট হৈ গৈছিল মহর্ষি বাল্মিকীয়ে সপ্ত ঋষিক লগ পাইছিল। তেওঁলোকে তপস্যা কবি সিদ্ধি লাভ কৰিছিল। সেই বিধি মহর্ষি বাক্তিকীক বুজাই দিছিল। হঠ যোগ তপস্যা মহিষী বাল্মিকীয়ে দেহেমনে শ্ৰদ্ধাবে কৰিছিল। কেতিয়াবা শৰীৰৰ ওপৰ ভাগ অর্থাৎ মূৰৰ ফালৰ পৰাও বাম ৰাম আৱাজ শুনিবলৈ পোৱা গৈছিল। সেই শব্দৰ উচ্চাৰণ মহিষী বাল্মিকীয়ে তপস্যা কালত কৰিছিল। শুনা সকলে মৰা মৰা বুলি শুনিবলৈ পোৱা যেন লাগিছিল। প্ৰকৃততে ৰাম ৰাম বুলিয়েই উচ্চাৰণ কৰিছিল। তেওঁরেই তপস্যাৰ ফল পাই সিদ্ধি লাভ কৰিলে। তেওঁৰ দিব্য দৃষ্টি খোল খালে, যি কাৰণে তেও শ্ৰী ৰাম চন্দ্ৰৰ জন্মৰ পৰা হাজাৰ বছৰ পূৰ্বে ৰামায়ণ অর্থাৎ শ্রীৰামচন্দ্ৰৰ জীবন কাহিনীত সকলো পৰিঘটনা লিখিছিল। সেই গ্ৰন্থব নামেই হল “বাল্মিকী ৰামায়ণ” সংস্কৃত ভাষাত লিপিবদ্ধ কৰিছিল। বাম-বাম জপ কৰিলে কোনো আধ্যাত্মিক লাভ নহয়। কিন্তু পৰমাত্মাব বোধক শব্দ হোৱা বাবে এই শব্দ উচ্চাৰণ কৰাত কোনো ভুল নহয়। সেইবাবে ৰাম নামৰ উচ্চাৰণৰ প্ৰচলন হিন্দু ধর্মত প্রাচীন কালৰ পৰাই আছে। স্বামী ৰামানন্দ দেবে বাম বাম শব্দৰে সম্বোধন কৰিছিল। তেওঁৰ শিষ্য সকলেও এজনে আনজনক বাম বাম বুলি মাতিছিল। কিন্তু জপ মন্ত্ৰ ‘ওঁ’ আছিল। এইদৰে আমি কবীৰ পন্থীয়ে “সত সাহেব” বুলি মাতো। আমাৰ জপ মন্ত্ৰ বেলেগ। সত্য সাধনা পূর্বে এই কিতাপতে দিয়া আছে সেই ভক্তিৰে ভগবানলৈকে যোৱা হয়। সুক্ষ্ম বেদত কৈছে- সত গুৰু মিলে তো ইচ্চা মেটে, পদ মিলে পদে সমানা। চল ইসা ওস লোক পঠাও, জো অজৰ অমৰ অস্থানা। চাৰ মুক্তি জঁহা চম্পী কৰতী, মায়া হোৰহী দাসী। দাস গৰীব অভয় পদ পৰসে, মিলে ৰাম অবিনাশী।
প্ৰশ্ন:- এজন ব্ৰহ্মাকুমাৰী পন্থী ব্যক্তি আছিল, তেওঁক ঔম শান্তি পন্থী বুলি কোৱা হয়। তেওঁৰ বিধান মতে মহিলা সকল সদায় মহিলা হৈয়ে থাকিব আৰু পুৰুষ সকলো পুৰুষ হৈয়ে থাকিব লাগিব। যিমান বাৰ জন্ম ললেও তেওঁলোক একে থাকিব লাগিব। তেওঁৰমতে এইটো সিদ্ধান্ত যে পাঁচ হাজাৰ বছৰৰ এটা কল্প আছে, তাত চাৰিটা যুগ আছে। সত্যযুগ, ত্রেতাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। প্ৰত্যেকটো যুগত ১২৫০ বছৰ কৈ নিৰ্দ্ধাৰণ কৰিছে। এই পন্থী লোকে পাঁচটা যুগ বুলিও কয়, পঞ্চম যুগটো হ’ল দিব্যযুগ। পাঁচ হাজাৰ বছৰৰ পাচত সকলো প্রাণী নাইকীয়া হৈ অর্থাৎ শেষ হৈ পুনৰ জন্ম লব আৰু পুনৰ সত্যযুগত যি স্থান, গাঁব, নিজব নাম, পিতাৰ নাম দেশ প্ৰদেশ সকলোৱে নাম একে পুনৰ একে হব বর্তমান তেওঁলোকে কৈ আছে যে সত্যযুগ চলি আছে। পশুবোৰ পশুৱেই থাকিব। অন্য প্রাণী জন্মতে যি আছিল সকলো একেই থাকিব। এই বিধানটো আমি সত্য বুলি মানিম নে নামনিম?
উত্তৰ:- প্ৰথমে ব্ৰহ্মকুমাৰী পন্থী সকলে চৰিটা যুগৰ কথা কৈছিল। চাৰিটা যুগৰ সময়ও ১২৫০ বছৰ নিৰ্দ্ধাৰণ কৰি দিছিল আৰু চাৰিওটা যুগৰ মুঠ পাঁচ হেজাৰ বছৰ বুলি কৈছিল। পুনৰ পাঁচটা যুগৰ পঞ্চম যুগটো দিব্য যুগ বুলি কলে। এই যুগটোৰ বাবে সময় ক’ত থাকিল? এওঁলোকৰ এই সিদ্ধান্তটো ভুল।
২. ব্ৰহ্মকুমাৰী পন্থী সকলে বর্তমান যি সকলৰ নাম আছে যি সকলে যেনেকৈ জন্ম লৈছে অন্ধ, বুবা, লেঙেৰা, কলা-বগা একে শৰীৰ তথা নাম ইত্যাদি পাঁচ হাজাৰ বছৰৰ পাছতও একেই থাকিব। এতিয়া ভাবি চাওক তেন্তে ভক্তিৰ কি প্ৰয়োজন হ’ল এওঁলোকৰ ২ য সিদ্ধান্তও ভুল। লেখক বাম পাল দাসে সকলো পন্থৰ ইতিহাস গভীৰ ভাৱে অধ্যয়ন কৰি সৎ গ্ৰন্থৰ পৰা বুজি লৈ ব্ৰহ্মকুমাৰী পন্থক অর্থহীন বুলি কৈছো।
ব্ৰহ্মকুমাৰী পন্থী প্ৰবর্তক শ্রীলেখৰাজ সোণাৰী আছিল। তেওঁ বোম্বাই চহৰত সোণৰ বেপাৰ কৰিছিল। যেতিয়া তেওঁৰ প্রায় ৬০ বছৰ বয়স হৈছিল তেতিয়া তেওঁৰ খুডাকৰ ঘৰত এদিন সৎসঙ্গ হৈছিল। তেওঁ সেই সৎসঙ্গলৈ গৈছিল। সৎসঙ্গত তেওঁ কিছুসময় পাছত অচেতন হৈ গৈছিল, পুনৰ সচেতন হোৱাত তেওঁৰ চকু মুখ ৰঙা হৈ পৰিছিল আৰু শিৰ অহম ব্ৰহ্মান্নি। মই শিৱ, মই ব্ৰহ্মা কবলৈ ধৰিলে লেখৰাজৰ গাত কোনো প্রেতাত্মা প্ৰৱেশ কৰি যেন কেতিয়াবা ব্ৰহ্মা কেতিয়াবা শিৱৰ ৰূপ লয়, বর্তমান ভূত প্ৰেতৰ যুগ চলি আছে। প্ৰেতৰ জন্ম প্রাপ্ত হৈ প্ৰাণীৰ আয়ুস হাজাৰ বছৰ পৰ্য্যন্ত থাকে। সেই প্রেতাত্মাই লেখৰাজৰ গাত লম্ভি বিধান দিছে। এই পন্থী ব্যক্তি সকলে শিৰ বাবা বুলিও কয়। এই সকলে শিৰ বাবাই গীতা জ্ঞান দিয়া বুলিও বিশ্বাস কৰে। সত্যযুগত বৃদ্ধ সকলৰ শৰীৰত গীতাৰ প্ৰভাৱ ঘটিছিল বুলি কয়। তেওঁলোকে প্ৰতিটো সত্যযুগত অর্থাৎ পাঁচ হাজাৰ বছৰৰ পাছত কোনো বৃদ্ধ শৰীৰত শিৱৰ আৰ্বিভাৱ হৈ গীতাৰ জ্ঞান দিয়া বুলি কব বিচাৰে। বর্তমানেও কোনো বাক্তিব শবীবত শিৱব আর্বিভাব ঘটি গীতাৰ জ্ঞান প্ৰদান কৰা বুলি কয়। এই শ্ৰদ্ধা কৰা ব্যক্তি সকলে ইয়াক “মুবলী” বুলি কয়। বাস্তবিক গীতাৰ লগত ইয়াৰ এটা শব্দৰও মিল নাই। এই ব্ৰহ্মাকুমারী ভক্ত সকলে কোনো নামৰ জপ নকৰে। একমাত্ৰ কয় বাবাব পৰা “মুবলী” শুনা আৰু অধ্যয়ন করা সেয়াই ভক্তি। বিচাৰ কবক যদি তেওঁলোকৰ কথা সত্য হয় শিৱই তেওঁলোকৰ ইষ্ট দেবতা। গীতা জ্ঞান দাতাই হ’ল শিব। তেওঁ কিন্তু কাল ব্ৰহ্ম। “সৃষ্টি বচনা” অধ্যায়ত এই পুথিতে আপোনালোকে এই বিষয়ে জানিবলৈ পাব। ব্ৰহ্মকুমাৰী ভক্ত সকলে একমাত্ৰ “ঔম শান্তি” বুলিয়ে কয়। অন্য কোনো নাম মন্ত্ৰ জপ নকৰে। “ঔম” আৰু শান্তিৰ কোনো মিল নাই। যেনেকৈ কম্পাচ এডালৰ এফালে North poll (অর্থাৎ N লিখা থাকে আনফালে South pol) অর্থাৎ S লিখা থাকে। আন এডাল কম্পাচৰ N থকা ফালটো একেলগ কৰিলে একেলগ কৰিব নোৱাবে। ঠিক তেনেকৈ ওঁ শব্দৰ লগত শান্তি কেতিয়াও হব নোৱাৰে।
প্ৰমাণ হিচাবে গীতা অধ্যায় ১৮ শ্লোক ৬২ ৩ গীতা জ্ঞান দাতাক ব্ৰহ্মকুমাৰী ভক্ত সকলো শিৰ বাবা বুলি কৈছে। তেওঁ অর্জুনক কৈছে তুমি সর্বপ্ৰকাৰে সেইজন পৰমেশ্বৰৰ শবণত যোৱা, তেওঁৰ কৃপাতহে পৰৰ্মশান্তি তথ্য সনাতন পৰম ধাম পাবা। সেই পৰমেশ্বৰ গীতা জ্ঞান দাতাত কৈ বেলেগ তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়, তেওঁৰ পৰা পৰম শান্তি পাবা।
গীতা অধ্যায় ৮ শ্লোক ১৩ ত গীতা জ্ঞান দাতাই কৈছে যে মোৰ নাম “ও” এটাহে। এই ৫ নামৰ জপ কৰিলেই মোৰ পৰা পাব লগা পৰম গতি লাভ হব। গীতা জ্ঞান দাতাই নিজৰ গতিৰ বিষয়ে গীতা অধ্যায় ৭ শ্লোক ১৮ ত নিজৰ গতিক অনুত্তম বুলি কৈছে। পুনৰ গীতা জ্ঞান দাতাই গীতা অধ্যায় ৮ শ্লোক ৫ তথা ৭ ত কৈছে যে মোৰ ভক্তি কৰা। কিন্তু যুদ্ধও কবিব লাগিব। তেন্তে চিন্তা কৰক য’ত যুদ্ধ থাকিব তাত শান্তি কেনেকৈ থাকিব পারে। ব্ৰহ্মকুমাৰী ভক্ত সকলে মানি থকা শিৰ বাবাই তেওঁতকৈ আন এজন পৰমেশ্বৰৰ চৰণত যাবলৈ কৈছে।
ব্ৰহ্মকুমাৰী ভক্ত সকলে ‘ওম শান্তি’ কৈ দুয়োটা N মিলাবৰ বাবে কুচেষ্টা কৰে। তেওঁলোক অজ্ঞানী এনেকুরা ওলোটা কথা কয়। সন্নিপাত জ্বৰ হলে ৰোগীয়ে ভ্ৰম বকাৰ দৰে অধিক কথা কয়, ঠিক সেইদবে ব্ৰহ্মাকুমাৰী পন্থী সকলে মানুহক নিৰৰ্থক জ্ঞান প্ৰদান কৰি আছে যেনেকৈ টোপনিৰ পৰা শুই উঠা মানুহে থৰক বৰক কৈ খোজ দিয়া দৰে তেওঁলোকেও তেনে ধর্ম প্ৰচাৰ কৰি ফুৰিছে। পূর্বতে আপোনালোকে পঢ়িবলৈ পাইছে যে ব্ৰহ্মাদেৱৰ মৃত্যু ১০০ দিব্য বৰ্ষৰ পাচত হয় এক দিব্য বছবব সময় হল- ব্ৰহ্মাদেৰব ১ দিন হয় ১০০৮ চতুর্যুগ। (এক চতুর্যুগত সত্য যুগ হয় ১৭ লাখ ২৮ হাজাৰ বছৰ ত্রেতা যুগ- ১২ লাখ ৯৬ হাজাৰ বছৰ দ্বাপৰ যুগ ৮ লাখ ৬৪ হাজাব বছৰ কলিযুগ ৪ লাখ ৩২ হাজাৰ বছৰ। (মানুহৰ বছৰৰ হিচাপত) চাৰিওটা যুগৰ সময়বোৰ মিলাই চতুর্যুগ হয়, ব্ৰহ্মাদেৱৰ এদিনৰ সময় এনেকৈ ১০০৮ চতুর্যুগ বুলি ধৰা হয়।
ব্ৰহ্মাদেৱৰ বাতিও সময়েবে অথার্ৎ ১০০৮ চতুযুর্গৰ। এইদৰে হোৱা ৩০ দিন বাতিবে ব্ৰহ্মাব এমাহ আৰু এনেকুৱা ১২-মাহে এবছৰ। এনেকুৱা ১০০ বছৰ ব্ৰহ্মাৰ আয়ু হয়। ইয়াৰ পাচত ব্ৰহ্মাৰ পদত বিৰাজমান জীবৰ মৃত্যু ঘটে। সেই স্থানত বেলেগ জীব ব্ৰহ্মা পদত। বিবাজখন কৰি দিয়া হয়। ব্ৰহ্মাৰ পদত ভোগ কৰি প্ৰেত যোনীত জীবই নানা কষ্টত ভোগে। যি দৰে সভাপতি অবসৰ পাচতো ওচৰ ব্যক্তিয়ে নিজৰ স্বার্থ পূৰাবলৈ Ex সভাপতি দেব বুলি সম্বোধন কৰে। উদাহৰণ-সভাপতি নামত যি কোনো স্বার্থ পুৰা কৰাব বিচাৰে। ব্ৰহ্মাৰ পদৰ পৰা মুক্ত হৈ বর্তমান শ্রী লেখৰাজৰ দেহত জীৰই প্ৰৱেশ কৰি ব্ৰহ্মকুমাৰী পন্থৰ সৃষ্টি কৰিলে। যেনেকৈ ব্ৰহ্মাৰ মৃত্যু হয় তেনেকৈ বিষ্ণুব ও মৃত্যু হয় ৭ জন ব্ৰহ্মাৰ মৃত্যুৰ পাছত এজন বিষ্ণুৰ মৃত্যু হয় ৭ জন বিষ্ণুব মৃত্যুৰ পাছত এজন শিৱব মৃত্যু হয়, এই সকলো অন্য প্রাণীৰ যোনীত জন্ম গ্ৰহণ কৰে তেওঁলোকৰ স্থানত পুনৰ বেলেগ প্রাণী নতুন বিষ্ণু তথা শিৱৰ পদত জন্ম গ্ৰহণ কৰে। ব্ৰহ্মকুমাৰী পন্থৰ সিদ্ধান্ত সকলো ভুল। এওঁলোকে জন্ম মৃত্যু হৈ থকা কথা কয় যিটো কোনো শাস্ত্ৰৰ লগত খাপ নাখায়। চাৰিটা যুগৰ কথা মই ব্যক্ত কৰিছিলো এইটোরে সঠিক আৰু সকলো শাস্ত্ৰৰ প্ৰমাণিত।
ব্ৰহ্মহ্মকুমাৰী সিদ্ধান্ত অনুসৰি নাৰী আত্মা সদায় নাৰীয়েই থাকে পুৰুষ আত্মা পুৰুষেই থাকো এই স্ত্রী পুৰুষৰ আত্মাই অন্য প্রাণীৰ শৰীৰ ধাৰণ নকৰে, এইটো সম্পূর্ণ ভুল। প্ৰমাণ হিচাবে মহাভাৰতৰ শিখণ্ডী নামৰ ব্যক্তিজন পূর্ব জন্মত নাৰী আছিল।
আন এটা প্ৰমাণ হ’ল শিৱ পুৰাণত বর্ননা কৰিছে, এদিন ভগৱান শিৱই নিজৰ পত্নীক পার্বতীৰ লগত সহবাস কৰি আছিল। সেই সময়ত কেইজনমান ঋষি অকৎস্মাৎ শিৰক লগ পাবলৈ তালৈ আহিছিল। দূৰব পৰা দেখি ঋয়ি সকল ঘূৰি গৈছিল, পার্বতী আৰু শিবইও তেওঁলোকক দেখিলে, পার্বতীয়ে লাজতে বৰ দুখিত হ’ল, শিবই তেতিয়া কলে চিন্তা নকৰিবা ভৱিষ্যতে আৰু এনেকুৱা নহৰ। শিৱই কলে মই এনে এটা সীমা বান্ধি দিম সেই সীমাব ভিতৰত কোনোবা পুৰুষ সোমালে তেওঁ নাৰী হৈ যাব। এদিন এজন বজা ঘুৰি ফুৰোঁতে সেই সীমাৰ ভিতৰত সোমাই পালে। তেওঁ নাৰী ৰূপ পালে, তেওঁৰ বিবাহ এজন বজাৰ লগত হল, সন্তান আদিও হ’ল।
আন এক উদাহৰণ হ’ল- এসময়ত নাবদ মুনিৰ আত্ম গৌবৰ হ’ল। তেওঁ ভাবিলে মই পৃথিবীৰ সমস্ত মায়া। জয় কৰিলো। তেতিয়া ভগবান বিষ্ণুবে কলে এই নদীৰ পৰা অলপ পানী আনা মোৰ বৰ পিয়াহ লাগিছে। আৰু কলে প্ৰথমে গা ধুই লবা (স্নান) তাৰ পাছতহে পানী আনিবা। নাৰদে গা ধুবলৈ নদীত ডুব দিলে। পানীৰ পৰা উঠি দেখিলে তেওঁ নাৰী হৈ গ’ল। এজন বজাই সেই গৰাকী নাৰীক বিয়া কৰালে, সেই গৰাকী নাৰীৰ ৭২ টা সন্তান জন্ম হল।
আন এটা প্ৰমাণ হ’ল – “আহক জৈন ধর্মক জানো” নামৰ জৈন গ্ৰন্থত লিখা আছে- মহাবীৰ জৈনৰ জীৱটো প্ৰথমে ‘মাৰীচ’ আছিল। মাৰীচ ভৰতৰ পুত্ৰ তথা ৰাজা ঋষভৰ নাতিয়েক আছিল। মহাবীৰৰ জন্ম পোৱালৈকে তাৰ পূর্বে অনেক প্রাণী দেহত জন্ম হৈছিল। ৬০ কোটি বাৰ গাধ জন্ম হৈছিল ৩০ কোটি বাৰ কুকুৰৰ জন্ম হৈছিল ৬০ লাখ বাৰ স্ত্রী জন্ম পাইছিল। শ শ বাৰ বজা পুৰুষৰ জন্ম, লাখ লাখ বাব দেবতাৰ জন্ম হাজাৰ হাজাৰ বাৰ বৃক্ষৰ হাজাৰ হাজাৰ বাৰ নপুংখক হৈ জন্ম লোবাব পাচত মহাবীৰ জৈনৰ জন্ম হৈছিল। ব্ৰহ্মকুমাৰী পন্থী সকলে কৈছে যে স্ত্রী স্ত্রী হৈ জন্ম আৰু পুৰুষ পুৰুষ হৈয়ে জন্ম লয়। মানৰ কেতিয়াও পশু পক্ষী হৈ জন্ম নহয়। এই সিদ্ধান্ত সম্পূর্ণ মিছা।
প্ৰমাণ- মহাভাৰতৰ এটা টোকাত ভৰত নামে এজন সাধকে অবণ্যৰ মাজত সাধনা কবি আছিল। এদিনাখন এজনী গর্ভবতী হৰিণীয়ে বাঘৰ ভয়ত দৌৰি পলাইছিল। ভৰতৰ সন্মুখতে হৰিণীৰ গৰ্ভৰ পৰা পোৱালী ওলাই পৰিল হবিণীয়ে ভয়তে তাৰ পৰা পলাই গুচি গ’ল। সেই হৰিণীৰ পোৱালীটোৰ প্ৰতি সাধকৰ দয়া উপজিল। পোবালীটো পালন পোষন কৰিলে। এনকৈয়ে এদিন পোবালীটোৱে তেওঁৰ লগত খেলিবলৈ ধৰিলে কেতিয়াবা হৰিণাৰ পোৱলীটো নেদেখিলে সাধক ব্যাকুল হৈ পৰে। পোৱালীটো প্ৰতি মোহ সোমাই পৰিল জড় ভৰতে মনুষ্য জনম পাচত হৰিণাৰ জন্ম পায় হৰিণাৰ প্ৰতি অতি আকর্ষিত হোৱা কাৰণে হৰিণৰ শৰীৰ ভোগ কৰি পুনৰ মানৱ শৰীৰ পাই ভগবানৰ ভক্তি কৰিলে। অন্য এক প্ৰমাণ হ’ল-পুৰাণত এটা কথা আছে এসময়ত কুবেৰ দেৱতাৰ পুত্ৰ নল তথা কুবৰ গংগা নদীৰ কাষত নিচা খাই বিনা বস্তুবে নাচি আছিল। সেই নদীতে দেৱতাৰ পত্নী সকলে কাপোৰ ধুই আছিল।
ঋষি নাৰদেও সেই সময়তে সেই পথেৰে ক’ৰবালৈ গৈ আছিল। ঋষি নাৰদক দেখি নল কুববে লাজ কৰা বৰঞ্চ নাচিবলৈ ধৰিছিল, নাবদে নল কুবৰক অভিশাপ দিলে যে তহতে স্বর্গলোকত নিন্দনীয় কাম কৰা হেতুকে দুয়োকে কালীদহ নদীৰ কিনাৰত বৃক্ষ ৰূপ ধাৰণ কবি থাকিবি। তেওঁলোকৰ পিতা কুবেবে নাবদ মুনিক ক্ষমা প্ৰর্থনা কৰা পাচত নাৰদে ক’লে দ্বাপৰ যুগত ভগৱান বিষ্ণু অৱতাৰ শ্রীকৃষ্ণ নামেৰে পৃথিৱীলৈ যাব। তেতিয়া তেওঁৰ চৰণত ধৰিলে তোমাৰ দুয়ো পুত্ৰ দেব শৰীৰ প্ৰাপ্ত হৈ স্বৰ্গলৈ আহিব ঠিক সেইয়াই হল।
অন্য এক প্ৰমাণ-হাহা আৰু হু হু নামেৰে দুজন তপস্যাকাৰী আছিল। তেওঁলোকক মাতংগ ঋষিয়ে কিবা কাৰণত অভিশাপ দিছিল। যি কাৰণত তেওঁলোক হাতী আৰু মগৰমস্য (ঘৰিয়াল) যোনী প্রাপ্ত হৈছিল। দহ হেজাৰ বছৰ পৰ্যন্ত তেওঁলোকে পৰম্পৰ যুদ্ধ কৰি আছিল। ভগৱানে তেওঁলোকৰ সেই যোনী ত্যাগ কৰোৱাইছিল, পুনৰ তেওঁলোকে দেৱশৰীৰ লাভকৰিছিল। তেতিয়া তেওঁলোকে নিজৰ ভুলৰ কথা বুজি পাইছিল।
বুজি পোৱা সকলৰ বাবে সংকেত যথেষ্ট। কিন্তু আপোনালোকক প্ৰমাণ সহকাৰে দেখাই দিয়া হ’ল আৰু ব্ৰহ্মকুমাৰী পন্থত থকা সকলৰ সকলো সিদ্ধান্ত কাল্পনিক। তেওঁলোকে শাস্ত্ৰবিধি-ত্যাগ কৰি নিজমনে বিচৰাটো কৰিছে। এই বিষয়ত শ্রীমৎ ভাগৱত গীতা অধ্যায় ১৬ শ্লোক ২৩-২৪ ত কৈছে যে যি সকলে শাস্ত্ৰ বিধি ত্যাগ কৰি নিজৰ মন মানি ভক্তি পূজা কৰে তেওঁলোকৰ শান্তি, সিদ্ধি আৰু কোনো সৎ গতিও লাভ নহয়। অর্থাৎ তেওঁলোকৰ ভক্তি সকলো ব্যর্থ, যিহেতু কোনো গতি (মোক্ষ) নহয়।