জাতীয়তাবাদৰ ধাৰণাটো একেবাৰে নতুন নহ’লেও খুব পুৰণিও নহয়। একাংশ বিদ্বানে জাতীয়তাবাদক ভাৰতীয় সমাজ জীৱনৰ অভিন্ন সত্তা বুলি ক’ব খুজিলেও’ বিশ্বত জাতীয়তাবাদৰ ধাৰণা ফৰাচী বিপ্লৱৰহে দান। সামন্ততন্ত্ৰৰ অৱসানৰ মাজেৰে মূৰ দাঙি উঠা ফৰাচী জাতীয়তাবোধে ফ্ৰান্সৰ সাহিত্য-সংস্কৃতিত যিদৰে পোখা মেলে, সিয়েই সমগ্র ইউৰোপৰ শিক্ষিত শ্রেণীক উদ্বুদ্ধ কৰি তুলিছিল। ক’বলৈ গ’লে, ভাৰতীয় জাতীয়তাবাদৰ বিকাশ আৰু বিস্তাৰ সাধন হৈছিল ব্ৰিটিছে ভাৰত শাসন কৰাৰ পিছত- সামন্ততন্ত্ৰৰ অৱসান ঘটাই প্রথমে জমিদাৰী আৰু পিছলৈ ৰায়তৰাজ স্থাপন কৰি গঢ়ি তোলা জাতীয় কৃষি নীতিৰ মাজেদিহে। মার্কিন জাতীয়তাবাদো গঢ় লৈ উঠিছিল ফৰাচী বিপ্লৱৰে প্ৰভাৱত। আমেৰিকাত জাতীয়তাবাদ সফল হৈছিল, কাৰণ ইউৰোপৰ বিভিন্ন ঠাইৰপৰা গৈ বসতি স্থাপন কৰা লোকসকলৰ সাংস্কৃতিক বিবিধতা সত্ত্বেও গৃহযুদ্ধৰ সময়তে সেই ভূখণ্ডৰ সকলো লোকে নিজকে এক জাতিৰূপে গণ্য কৰিবলৈ লৈছিল। অধিক স্পষ্টকৈ ক’বলৈ হ’লে ভাষিক-সাংস্কৃতিক ভিন্নতা সত্ত্বেও আমেৰিকাৰ তৎকালীন অধিবাসীৰ মনত ‘এক জাতি’ মনোভাব গঢ়ি তুলিব পৰাকৈ সামাজিক পৰিৱেশৰ সূচনা হৈছিল। জাতীয়তাবোধে জাতিসত্তা গঠন কৰাৰ পথত এয়া এক সদর্থক দিশ। সেইবুলি অষ্টাদশ শতিকাৰ শেষৰ দশকটোলৈও জাতীয়তাবাদ সম্পর্কত খুব আলোচনা হোৱা বুলি ক’ব নোৱাৰি- আনহে নালাগে কমনছেন্স আৰু দ্য ৰাইট্ছ অব্ মেনৰ স্ৰষ্টা টমাছ পেইনৰ ৰচনাতো নেশ্যন বা ৰেচিজিম সম্পর্কত উল্লেখ থাকিলেও নেশ্যনেলিজম সম্পর্কত তেওঁ কোনো ব্যাখ্যা আগবঢ়োৱা নাই। জাতীয়তাবাদ বা নেশ্যনেলিজম-এ যি অৱধাৰণাৰ সৃষ্টি কৰে, ক’বলৈ গ’লে উনবিংশ শতিকাৰপৰাহে সেই সন্দর্ভত চিন্তা-চৰ্চা আৰম্ভ হৈছে। এনে আলোচনাৰ গুৰুত্ব এতিয়াও হ্রাস পোৱা নাই। বস্তুতঃ জাতীয়তাবাদে যেতিয়া দেশপ্রেমতকৈও প্রবল ৰূপত মূৰ দাঙি উঠে তেতিয়া ইয়াৰ অশুভ দিশবোৰৰ প্ৰতিয়েই সচেতন মহলৰ দৃষ্টি নিবদ্ধ হয়। মোটামুটিভাবে কোনো ভূখণ্ডৰ অধিবাসীসকলৰ মাজত জাতীয়তাবোধে গা কৰি উঠাৰ ক্ষেত্ৰত সেই ভূখণ্ডৰ সংস্কৃতি- এতেকেই অর্থনীতিও নির্ভৰশীল। এনে অর্থনৈতিক বুনিয়াদে গঢ় লৈ উঠা বাবেই সামন্ততন্ত্ৰৰ উচ্ছেদৰ মাজেদি ইংলেণ্ডতে প্রথম জাতিভিত্তিক ৰাষ্ট্ৰ গঠন সম্ভব হৈ উঠিছিল। অর্থনীতি অভিন্ন সংস্কৃতিয়ে যিমান সোনকালে জাতি গঠন প্রক্রিয়া সম্ভৱ কৰি তোলে, সেই সংস্কৃতি ব্যতিৰেকে এক নির্দিষ্ট ভূখণ্ডত কেবাটাও জাতীয় আবেগ ক্রিয়াশীল হৈ ৰ’লে ‘এক জাতি’ অসম্ভৱ হৈ পৰে। বহুভাষিক বা বহু ধর্মীয় কোনো ভূখণ্ডত জাতীয় চেতনা গঢ়ি তুলিবলৈ আগবঢাসকলে এনে দিশবোৰ উপেক্ষা কৰিলেই অথন্তৰ ঘটাৰ আশংকা প্রবল। উক্ত ভূখণ্ডত সক্রিয় হৈ থকা সকলো জাতীয় আবেগক গুৰুত্ব দিবই লাগিব। অন্যথা ব্রিটিছ জাতীয়তাবাদৰ আহ্বান পৰিগণিত হ’ব ইংবাজ, বেলছ কিম্বা স্কট জাতীয়তাবাদত, অসমীয়া জাতীয়তাবাদৰ আহ্বান পৰিগণিত হয় বড়ো, ৰাভা, মিচিং কিম্বা কাৰবি জাতীয়তাবাদত। ছাৰ বাৰ্গাৰ্ড ক্রিকে এনে প্রেক্ষাপটতেই ইন ডিফেন্স অব পলিটিক্স গ্রন্থত প্রশ্ন কৰিছে: এক সমতল, উপত্যকা কিম্বা দুখন নদীৰে আৱৰা অঞ্চলৰ লোকে স্বাভাবিকভাবে এটা জাতি গঠন কৰিবনে, যেতিয়া উক্ত এলেকাটোৰ লোকসকলে নিজক শাসন কৰে আনুগত্যৰ ভিন্ন ধাৰণাৰ অধীনত? অথবা কোনোরে এইদৰে ভবা উচিতনে যে সেই অঞ্চলটোত এটাই জাতীয় ভাষা প্রযোজ্য হ’ব লাগে- যিটো ভাষা অথচ জাতিটো গঠন কৰা অধিকাংশ লোকৰে কথিত ভাষা নহ’বও পাৰে?-
Why should not a man be proud of his country and think of it as a nation?- ‘a proud man’s lovely man’, says the poet But why should he think that an island (of a certain size?) or a plain, a valley, some area between some rivers necessarily makes a national state. when inhabitants of a large part of it may govern themselves under a different concept of allegiance, any more than that there should be a national language (which may not be the colloquial language of most or many of even those who feel themselves of the nation?
সামগ্রিকভাবে জাতীয়তাবাদ সম্পৰ্কত ক্রিকৰ দৃষ্টিভংগী খুব সদয়মূলক নহয় বাবে তেওঁক সমুলঞ্চে নস্যাৎ কৰিব খোজাসকলেও আমাৰ এই আলোচনাৰ পৰৱৰ্তী পর্যায়ত দেখা পাব- ক্ৰিকৰ উদ্ধৃত এই বক্তব্যৰ মাজতে অসমীয়া জাতীয়তাবাদৰ সাম্প্রতিক স্বৰূপটোৰ এটা কাৰণ বিচাৰি পাব পাৰি। এটা পর্যায়ত জাতীয়তাবাদৰ উদ্ভৱ যদিও সামাজিক প্রয়োজনীয়তাৰ মাজেৰেই হৈছিল, সাম্প্রতিক বহু আলোচকে অৱশ্যে এই লৈ সংশয়হে ব্যক্ত কৰিছে। ক্রিকে ইয়াক মুক্ত গণতন্ত্রৰ বাবে বিপদ বুলি চিহ্নিত কৰিছে,’ কার্ল ফ্রিডৰিখৰ মতে আকৌ জাতীয়তাবাদে যুক্তৰাষ্ট্ৰীয় ব্যবস্থাক প্রভাবিত কৰি ৰাষ্ট্ৰ গঢ়াৰেই নহয় ধ্বংস কৰাৰো ক্ষমতা বাখে।” সন্দেহ নাই, জাতীয়তাবাদীৰ আৱেগৰ উগ্রতা দেশপ্রেমীতকৈও অধিক হৈ উঠা বাবেই বিংশ শতিকাৰ শেষ ভাগৰপৰা জাতীয়তাবাদ সম্পর্কত এনে দৃষ্টিভংগীয়ে গা কৰি উঠিবলৈ লৈছে। কিন্তু এই কথাও অনস্বীকার্য যে জাতীয়তাবাদৰ আলোচনাই ক্রমাৎ বিস্তৃতি লাভ কৰিছে আৰু ই হৈ উঠিছে ৰাজনৈতিক দর্শনৰো অন্তর্গত বিষয়। ইহুদী জাতীয়তাবাদ, ইজৰাইল-পেলেষ্টাইন বিবাদ, ছোভিয়েট প্রজাতন্ত্র, যুগোশ্লাভিয়াত হোৱা জাতীয় সংঘাতৰ মাজেৰে সংশ্লিষ্ট ৰাষ্ট্ৰত ধৰা ভাঙোন আদিৰ পৰিপ্ৰেক্ষিতত জাতীয়তাবাদৰ আলোচনাই আন্তর্জাতিক ন্যায়কো সামৰি লৈছে। তথাপি, এই বৃহৎ পৰিসৰ সত্ত্বেও জাতীয়তাবাদৰ আলোচনাই থোৰতে ক’বলৈ হ’লে দুটা বিষয়কে সূচায়-প্রথমতঃ, এটা জাতিৰ সদস্যসকলে প্রদর্শন কৰা পৰিচয়সূচক আচৰণ আৰু দ্বিতীয়তে সদস্যসকলে জাতিটোৰ সামাজিক স্বতন্ত্রতা কিম্বা বাজনৈতিক সার্বভৌমত্ব অর্জনৰ বাবে লোৱা কার্যপ্রণালী। জাতিপ্রেম এই দ্বিতীয় ক্ষেত্রতে প্রবল হৈ উঠে আৰু সি উগ্র জাতীয়তাবাদৰ ৰূপত ক্ষয়ংকৰী ৰূপ লোৱাৰ আশংকা ৰাখে। অসমত ভাষাভিত্তিক জাতীয়তাবাদৰ ক্ষেত্ৰতো আমি এই ক্ষয়ংকৰী ৰূপটোৰ এটা পর্যায় দেখিবলৈ পাম। ইংৰাজীত জাতি বুজোৱা শব্দটো (‘নেশান’) কেতিয়াবা ৰাষ্ট্ৰৰ (‘ষ্টেট’) সমার্থকৰুপে ব্যৱহাৰ হয় যদিও জাতি আৰু দেশ একে নহয়। জাতিয়ে কোনো বিশেষ নৃতাত্ত্বিক বা সাংস্কৃতিক সম্প্রদায়ক বুজোৱাৰ বিপৰীতে দেশ হৈছে সার্বভৌম ৰাজনৈতিক গোট। দেশৰ প্রতি আনুগত্যৰ বাধ্যবাধকতা থাকে, পিছে কোনো ব্যক্তি বা সমষ্টিয়ে জাতিৰ প্রতি আনুগত্য প্রকাশ নকৰিবও পাৰে- অন্ততঃ বিশেষ আবেগিক কাৰকে ক্রিয়া কৰাৰ বাবে তেওঁ (অথবা তেওঁলোক) জাতীয় আবেগত চামিল নহ’লে জাতীয়তাবাদী শিবিৰেহে এই আৱেগিক কাৰকৰ প্ৰতি সহানুভূতি প্রকাশ কৰাটো জৰুৰী হৈ উঠে। অর্থাৎ কি আৱেগিক কাৰণত উক্ত ব্যক্তি বা সমষ্টিয়েনো জাতীয় চেতনাত চামিল হ’বলৈ অস্বীকাৰ কৰিছে তাক সহানুভূতিৰে বিচাৰ কৰাৰ দায়িত্ব জাতীয়তাবাদী শিবিৰৰহে। বহুক্ষেত্রত তাকে নকৰি জাতীয়তাবাদী শিবিৰসমূহে সদস্যৰপৰা ৰাষ্ট্ৰৰ দৰেই আনুগত্য দাবী কৰে। জাতীয়তাবাদৰ আহ্বান ধৰ্মৰ নামত ব্যর্থ হ’লে ভৌগোলিক সীমাৰ নামত, তাকো ব্যর্থ হ’লে ভাষাৰ নামত, ভাষাৰ নামত ব্যর্থ হ’লে সম্প্ৰদায়ৰ নামত কৰিব বিচাৰে জাতীয়তাবাদীসকলে।’ কিন্তু জাতি গঠন এক অবিৰত দীর্ঘম্যাদী প্রক্রিয়া-সমুহ অংশীদাৰৰ সংশয় দূৰ কৰি এই প্ৰক্ৰিয়াত সঁহাৰি দিব পৰাকৈ বাস্তৱ পৰিৱেশ চয়ন কৰাটোও জাতীয়তাবাদী শিবিৰবে কর্তব্য। সেয়া নহ’লেই এনে আহ্বান ব্যর্থ হয়, জাতীয়তাবাদেও, ক্রিকে ক’বৰ দৰে- মুক্ত গণতন্ত্ৰৰ পথত বিপদৰ সূচনা কৰে। পাহৰি গ’লে নচলিব- ভাৰতৰ স্বাধীনতা আন্দোলনত যি জাতীয় চেতনা সক্রিয় হৈ উঠিছিল, তাৰ উদ্ভৱ হৈছিল ব্রিটিছ শাসনৰ মাজেৰেই। ব্ৰিটিছৰ ভাৰত আগমনৰ পূর্বে ভাৰতত বিভিন্ন ধৰ্ম-আন্দোলনৰ সময়ত গাঁৱে-ছুঁয়ে ধর্ম প্রচাৰৰ ফলত একো একোখন গাঁৱৰ বাসিন্দাই পূৰ্বৰ বিচাৰধাৰা সলনি কৰি নতুন মতবাদত হয়তো আস্থা পোষণ কৰিছিল ঠিকেই; কিন্তু এই বিশ্বাসে জীৱনধাৰা সলনি কৰিব পৰা নাছিল, অন্যার্থত গাঁওবাসীৰ চেতনাৰ কোনো পরিবর্তন হোৱা নাছিল। শ শ বছৰ ধৰি গাঁৱৰ অর্থনীতি, এতেকে জীবনপ্রণালী একে আছিল- ব্রিটিছ শাসনত ভূমি ব্যৱস্থাৰ সংশোধন হোৱাৰ পিছতহে কাৰ্যতঃ গাঁওবাসীৰ দাৰিদ্রদ্র্যপীড়িত জীৱনলৈ পৰিৱৰ্তন আহিছিল, সাংস্কৃতিক চৰ্চাৰ বাতাৱৰণৰ সংস্পৰ্শ লাভ কৰিছিল। এই সাংস্কৃতিক পটভূমি সম্পর্কত স্বাভাৱিকতেই পৃথক আলোচনাৰ অৱকাশ আছে, কিন্তু এই বিষয়টো অন্ধকাৰত ৰাখি ভাষাভিত্তিক জাতীয়তাবাদৰ কেৰোণো বোধহয় উপলব্ধি কৰিব পৰা নাযাব।
ভাষাৰ পৰিমাৰ্জনা, খিলঞ্জীয়াৰ অমার্জনা
ঊনবিংশ শতিকাৰ দ্বিতীয় ভাগৰপৰা অসমীয়া জাতীয়তাবাদ গঠনৰ ক্ষেত্ৰত যি তৎপৰতা আৰম্ভ হৈছিল, তাৰ নেতৃত্ব বহন কৰিছিল বিশেষকৈ বংগত উদ্ভৱ হোৱা নৱন্যাস আন্দোলনৰ সংস্পৰ্শধন্য শিক্ষিত অসমীয়া শ্রেণীয়ে। অসমৰ সমাজ-সংস্কৃতি-ভাষাৰ সৰ্বাত্মক পৰিৱৰ্তন কামনাৰে চলা এই প্রয়াসত সহযোগ কৰিছিল বংগৰ পৰিৱেশৰ প্রত্যক্ষ অভিজ্ঞতা লাভ নকৰা বিদ্যানুৰাগীসকলেও। যিকেইখন আলোচনীয়ে সন্মুখৰপৰা ইয়াৰ নেতৃত্ব দিছিল, তাৰ ভিতৰত অৱশ্যেই জোনাকীৰ ভূমিকা আছিল অগ্রগণ্য। কেৱল ভাষা-সাহিত্যৰ বিকাশৰ ক্ষেত্ৰতে নহয়, জাতীয় চেতনা জাগ্রত কৰাৰ ক্ষেত্ৰতো জোনাকীয়ে গ্রহণ কৰিছিল ইতিবাচক ভূমিকা। এই প্রচেষ্টা আবেগিক আছিল সঁচা; কিন্তু বহুলাংশে আছিল যুক্তিসম্মতও। জোনাকীৰ দ্বিতীয় ভাগ দ্বিতীয় সংখ্যাত (১৮১১ শক, ফাগুন) কমলাকান্ত ভট্টাচাৰ্য্যই ‘অসমৰ উন্নতি’ শীর্ষক প্রবন্ধটিত সংখ্যালঘিষ্ঠতাক অতিক্রম কৰিও অসমীয়া জাতি উদ্বুদ্ধ হ’ব পৰাকৈ যিবোৰ ঐতিহাসিক উদাহৰণ দাঙি ধৰিছিল, সেয়া আছিল তেওঁৰ আৱেগিক আৰু যুক্তিশীল মনৰ সু-সমন্বয়ৰে নিদর্শন। সেই লেখাটিতে আমি কমলাকান্ত ভট্টাচাৰ্য্যৰ ভবিষ্যদর্শী মনৰো পৰিচয় পাওঁ এনে বক্তব্যৰ মাজেৰে- ‘অসমীয়া মানুহৰ এতিয়া যিখিনি সুখ আছে, আগলৈ যে নেথাকিব তাৰ কোনো ভুল নাই। অসমৰ সাৰুৱা মাটি পৰি নেথাকিব যে তাৰ লক্ষণ এতিযাৰ পৰাই দেখা গৈছে। বুদ্রেবিলাকক গালি পৰা লৰাহঁতেও এতিয়া মন কৰি চাবা যে এতিয়াও কেতবোৰ সুচল আমাৰ চকুৰ আগতে পৰি আছে, যাক আমাৰ তললৈ মন কৰা চকুবিলাক ফুটাই নেদেখি বহি আছোইক, এনে এটা দিন আহিবয়েই আমাকো আমাৰ পাছৰ লৰাবিলাকে আমি বুঢ়াহঁতক গালি পৰাতকৈ টান গালি পাৰিব।… যেতিয়া কাকতি ফৰিঙ্গৰ নিচিনা চাৰিওফালৰ বিদেশী মানুহ গৈ অসমৰ মাটিত হেতা-ওপৰা লগাব অসমীয়াই তেতিয়া ঘৰৰ ভেটীকো হেৰুৱাব যেন পাইছোঁ।
অসম আৰু অসমীয়াৰ অস্তিত্ব সন্দৰ্ভত এশ বছৰৰো পূৰ্বে কৰা এই মন্তব্যৰ প্ৰতি সংশ্লিষ্টসকল নিৰাসক্ত হৈ ৰোৱাৰ মাজতে নিসন্দেহে আজিৰ বহু সমস্যাৰ বীজ লুকাই আছে। কেরল কমলাকান্তয়েই নহয়, জোনাকীৰ পাতত আন বহু লেখকৰ ৰচনাৰ মাজতো জাতীয় চেতনাৰ স্ফুলিংগ বিচাৰি পাব পাৰি। ‘জাতীয় প্রেম’ শীর্ষক প্রবন্ধত পানীন্দ্রনাথ গগৈয়ে ইংৰাজ চিকিৎসকে পাটছাহ চাহজাহানৰ জীয়ৰীক সুস্থ কৰি দিয়াৰ বিনিময়ত ব্যক্তিগত কোনো সুবিধা লোৱাৰ বিপৰীতে ইষ্ট ইণ্ডিয়া কোম্পানীক ‘বিনা কৰে নিৰাপদে ব্যৱসায়’ৰ সুবিধা আদায় কৰাৰ প্ৰসংগ উত্থাপন কৰি লিখিছিল- ‘বৰ পৰিতাপৰ, বৰ লাজৰ কথা যে, ভাৰতবাসীয়ে জাতীয় প্ৰেমৰ মর্যাদা নাজানে, জাতীয় উন্নতিৰ অর্থে স্বার্থ-ত্যাগৰ ক্ষমতা ভাৰতবাসীৰ নাই।” জাতীয় চেতনা জাগ্রত কৰাৰ এই প্রয়াস জোনাকীয়ে আৰম্ভ কৰা বুলিলেও ভুল কৰা হ’ব। প্রকৃততে এই প্রয়াসৰ উঁহটো লুকাই আছিল অৰুনোদইৰ পাততে, আৰু তাৰ চালক আছিল তৎকালীন অসমীয়া বিদ্বৎ সমাজ। এইক্ষেত্রত অৱশ্যেই অগ্রগণ্য নাম আনন্দৰাম ঢেকিয়াল ফুকন, যিজনে দেখিছিল সেই সপোন, ‘অসম হাবি গুচি ফুলবাৰি হব’। এনে প্রয়াস এই পর্যন্ত কম-বেছি পৰিমাণে অব্যাহতও আছে। প্রশ্নৰ উদ্ভৱো হয় ইয়াতেই- এনে প্রয়াসে শতিকা বাগৰি যোৱাৰ পিছতো সুস্থ অসমীয়া জাতীয় চেতনা গঢ় লৈ নুঠিল কিয়? নিসন্দেহে এনে বিচাৰে এই সত্যকেই উন্মোচিত কৰিব যে জাতীয় চেতনাৰ জন্ম দিবলৈ নিৰন্তৰ প্রয়াস চলি থাকিলেও অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোৱেই হৈ ৰ’ল চূড়ান্ত বেমেজালিৰে ভৰা। এই পথতে দেখা পোৱা যাব; যাক আজি অসমীয়া জাতীয়তাবোধ বুলি গণ্য কৰি অহা হৈছে, তাৰ আধাৰো কিদৰে ঘুণ পোকৰে আক্রান্ত।
ভাবি তবধ মানিব লাগে, পাঁচশ বছৰৰ পূৰ্বৰ দুর্গম যাতায়াত ব্যৱস্থাৰ মাজতো খোজকাঢ়ি দুবাৰকৈ তীর্থ ভ্রমণ কৰি শংকৰদেৱে ভাৰতীয় চিন্তন-মননৰ যি মণি-মৰকত সংগ্ৰহ কৰি আনিছিল, সেইবোৰ বিলাই দিয়াৰ সময়ত সমাজৰ প্রচলিত বিধি- ব্যবস্থাকো তেখেতে অতিক্রম কৰাৰ সাহস সঞ্চয় কৰিব পাৰিছিল। এই গ্রন্থৰ ‘মধ্যযুগৰ অসম: ভূগোল-সংস্কৃতিৰ সমন্বয় আৰু সংঘাত’ শীর্ষক অধ্যায়ত কৰা আলোচনাতে আমি পাই আহিছো যে শংকৰদেৱে এটা দূৰলৈ জাতিভেদক মানি লৈও এই ব্যাধিক শৰণ-ভজনৰ মাজেৰে অতিক্ৰম কৰাৰ প্ৰয়াস কৰিছিল, (‘চণ্ডালো হোৱয় যদি মোত পৰায়ণ/বেদবেত্তা বিপ্রতো অধিক সিটো জনা) এই পথতে বৃহৎ অসমীয়া সমাজ গঠনবো যতন চলাইছিল। মহাপুৰুষজনাব দৃষ্টিত অসম আছিল-
কিৰাত কছাৰি খাছি গাৰো মিৰি
যবন কংক গোৱাল।
অসম মুলুক বজক তুকক
কুবাচ স্লেছ চণ্ডাল।
শংকৰদেৱৰ সৰ্বাধিক মহত্ত্ব এইখিনিতেই যে তেখেতে ভিন্ন জাতিসত্তাৰ মাজৰ বিভেদ এক সাংস্কৃতিক বিপ্লৱৰ জৰিয়তে দূৰ কৰাৰ প্ৰয়াস কৰিছিল। তেখেতে উপলব্ধি কৰিছিল- অভিন্ন সাংস্কৃতিক চেতনাইহে ভেদ ভাব দূৰ কৰি সমন্বয়ৰ সৃষ্টি কৰিব পাবে। কিন্তু ‘গুৰুজনে এক কৰে, ভকতেহে ভাগ কৰে’। শংকৰোত্তৰ কালত নৱ বৈষ্ণৱ আন্দোলনব বিকাশ যি ধৰণৰেই নহওক, তেখেতৰ সদিচ্ছাত যে যতি পৰিল সি ধুৰুপ। মোৱামৰীয়া বিদ্রোহ আৰু তৎপৰৱৰ্তী মানৰ আক্ৰমণ আদিত ছিন্ন-ভিন্ন হৈ পৰা অসমীয়া সমাজ পুনৰ গঠনৰ বাবে ইংৰাজ শাসিত অসমত প্রচেষ্ট। আৰম্ভ হ’ল ঠিকেই, সেয়া শংকৰদেৱে দেখুৱাই যোৱা পথৰে নঘটিল। হ’ব পাৰে ধৰ্মক তেতিয়া জাতীয় চেতনা গঠনৰ সম্বলৰুপে গ্রহণ কৰাটোও সম্ভর নাছিল, পিছে শংকৰদেৱে দেখুৱাই যোৱা পথটো কেরল ধর্মাশ্রয়ী বুলি ভবাটোও হ’ব একদিশদর্শিতাৰে নামান্তর। শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল হয়, ততোধিক তেখেত আছিল সাংস্কৃতিক আন্দোলনৰ ঋত্বিক। অসমীয়া জাতিক শংকৰদেৱে দিছিল গীত, নাট, চিত্রপট, নৃত্য, সাংস্কৃতিক চৰ্চাৰ কেন্দ্র। অসমবাসীৰ দুর্ভাগ্য, এইজন শংকৰদেৱক উপলব্ধি কৰাত শেষ-ঊনবিংশ শতিকা, আনকি বিংশ শতিকাৰ বিদ্বৎ সমাজো বিশেষ সফলকাম নহ’ল। অন্যথা অসমৰ সমূহ জাতি-সম্প্রদায়ৰ মাজত সাংস্কৃতিক চেতনা গঠনৰ ক্ষেত্রত তেখেতে দেখুৱাই যোৱা পথটো এই পর্যন্ত উপেক্ষিত হৈ নৰ’লহেঁতেন। ক’ব পাৰি, ‘শৰণীয়া’-‘অশবণীয়া’ৰ মাজৰ ভেদভাৱেও ক্রিয়া নকৰিলেহেঁতেন। অৱশ্যে উনবিংশ শতিকাত অসমীয়া জাতি সম্পর্কত নতুনকৈ ভাবনা-চিন্তা কৰাবো এক পৃষ্ঠভূমি আছিল। অত্যাচাৰী মানৰপৰা অসম ব্ৰিটিছৰ হাতলৈ যোৱাৰ সেই সময়ছোৱাত ওপৰা-উপৰিকৈ বহুকেইটা ঘটনাই সংঘটিত হৈছিল। এফালে অৰাজক অৱস্থাৰপৰা ব্ৰিটিছৰ অধীনত লাভ কৰা সাময়িক স্বস্তি, আনহাতে চাহখেতিৰে নতুনকৈ পুঁজিপতি হ’ব ধৰা মণিৰাম বৰভাণ্ডাৰ বদরাক ইংৰাজে দিয়া ফাঁচি; সর্বোপৰি ন-শিক্ষাৰে শিক্ষিত এচামে লাভ কৰা সা-সুবিধা আদিয়ে অসমীয়া মধ্যবিত্ত সমাজক ৰাজ আনুগত্যশীল কৰি তুলিছিল। বাজ-আনুগত্যব বাবেই শাসনৰ সুবিধার্থে অসমত বাংলা ভাষা ব্রিটিছে প্রবর্তন কৰিলেও এই লৈ চৰকাৰক দোষাৰোপ কৰাৰ পৰিবর্তে ইয়াৰ সমস্ত দায়িত্ব পিছলৈ বাঙালী আমোলাৰ ওপৰত জাপি দিয়াৰ তত্ত্ব খাৰা কৰোৱা হৈছিল। সমান্তৰালভাৱে অসমীয়া ভাষাক পুনৰ প্ৰৱৰ্তনৰ বাবেও চেষ্টা অব্যাহত বৈছিল। এই দুয়োটা কথাৰ ফলাফল হ’ল মারাত্মক। অসমীয়াৰ মনত অংকুৰিত হ’ল বাঙালী বিদ্বেষব বীজ, যি গজালি মেলি পৰৱৰ্তী কালত ধাৰণ কৰিলে মহীৰূহৰ ৰূপ। অথচ ১৮৫৩ চনত দাখিল কৰা মিচুৰ প্রতিবেদনতে স্পষ্ট হৈ আছিল যে অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষাক অসমত শাসকীয় কাম-কাজত প্ৰৱৰ্তন কৰাটো আছিল ইংৰাজ প্রশাসকৰ ভুল- Assamese is described by Mr. Brown, the best scholar in the Province, as a beautiful, simple language, differing in more respects from than agreeing with the Bengallee, and I think we made a great mistacke in directing that all business should be transacted in Bengallee, and that the Assamese must acquire it.
ইংৰাজ প্ৰশাসনৰ এই নীতিৰ উদ্দেশ্য আছিল স্পষ্ট: অসমত শিক্ষাৰ সর্বাত্মক প্ৰসাৰৰ পৰিৱৰ্তে তেওঁলোকে বিচাৰিছিল এনে এক শিক্ষিত মধ্যভোগী শ্ৰেণীৰ সৃষ্টি কৰা যি অৱশেষত হৈ উঠে শাসন যন্ত্রৰ সহায়ক। ড’ প্রফুল্ল মহন্তৰ মতে ব্ৰিটিছে অসমত বাংলা ভাষা প্ৰৱৰ্তনৰ ক্ষেত্ৰত ‘জনসাধাৰণৰ মাজত বিভাজন আনি শাসন কৰা সাম্রাজ্যবাদৰ
বিভেদ নীতিৰ কথা পাহৰিলে ভুল হ’ব’।” ইংৰাজৰ এই নীতিৰ প্ৰথম বিৰুদ্ধাচৰণ কৰোঁতাজন আছিল অসমীয়া ভাষাৰ পুনঃপ্রাণ প্রতিষ্ঠা কৰাসকলৰ অগ্রদূত আনন্দৰাম ঢেকিয়াল ফুকন। তেওঁ মিলছৰ হাতত অর্পণ কৰা এখন স্মাৰক-পত্রত স্পষ্ট ভাষাত কৈছিল যে বাংলাৰ দৰে বিদেশী ভাষা এটা ছাত্র-ছাত্রীক বুজাব পৰাকৈ শিক্ষকেই ভালদৰে বুজি নাপায়, ছাত্রই উচ্চাৰণ কৰিব নোৱাৰে। তদুপৰি, বাংলাৰ সৈতে উৰিয়া ভাষাৰ সম্পর্ক অসমীয়া ভাষাতকৈ ওচৰ চপা। এনেস্থলত উৰিষ্যাৰ আদালতত যদি উৰিয়া প্রযোজ্য হ’ব পাৰে অসমত সেই সুযোগ অসমীয়া ভাষাই পাব নোৱাৰে কিয়?- Instructions in these schools are imported in a foreign language, viz., Bengallee, which is but imperfectly understood by the teachers themselves, not to speak of the pupils’ আকৌ, ‘…we find, however with regret, that not with standing the provisions of this wholesome law, a foreign language, viz., the Bengallee, has been introduced in the courts of Assam… we would beg to point out that the Bengallee bears no closer resemblance to the Assamese than it does to the Uria language, and if the courts of Orissa be allowed the privilege of using the language of the country, we are unable to understand why the same benefit should have been withheld to the Assamese
এই স্মাৰক-পত্ৰৰ ক্ষেত্ৰত মিলছে ইতিবাচক টোকা দিলেও ন-কৈ অধিকৃত ভূ-খণ্ডৰ (অসম) অর্থনৈতিক সমলবোৰৰ প্ৰতি অধিক মনোযোগী হৈ বোৱা প্রশাসকৰ বাবে তেনে টোকালৈ দৃষ্টিপাত কৰাৰ বিশেষ অৱকাশ নাছিল। অৱধাৰিত পৰিণতিত ভাষা পুনঃপ্রতিষ্ঠাৰ সংগ্ৰামো দীঘলীয়া হ’বলৈ ধৰিলে। আন্দোলন দীর্ঘম্যাদী হোৱাৰ লগে লগে ভাষা সম্পর্কত সচেতনতাও হৈ উঠিল অধিক তীব্রতৰ। অৱশেষত ১৮৭৩ চনত বাংলা ভাষাক বিদ্যালয় আৰু আদালতৰপৰা প্ৰত্যাহাৰ কৰি অসমীয়া ভাষাক প্ৰৱৰ্তন কৰিলেও উপযুক্ত পাঠ্যপুথিৰ অভাৱত বাংলা ভাষাৰ প্রভাব, বা ক’ব পাৰি কিছু পৰিমাণে নির্ভবশীলতাও আৰু কিছুদিন অব্যাহত থাকিল। অর্থাৎ ভাষাই স্বীকৃতি পালেও বাংলা ভাষাক লৈ অসমীয়া মধ্যশ্রেণী বুদ্ধিজীবী শংকামুক্ত হ’ব নোৱাৰিলে। অসমীয়া ভাষাই যাতে পুনৰ মৰ্যাদা হেৰুওৱাৰ উপক্ৰম নঘটে, তাৰ বাবে ভাষিক সজাগতাই তীব্রৰূপ ধাৰণ কৰিলে। ভাষাক কেন্দ্ৰ কৰি এনেদৰেই গঢ়ি তুলিব বিচৰা হ’ল অসমীয়া জাতীয়তাবাদ। জাতীয়তাৰ এই কাঠামোৱে এশ বছৰৰো ওপৰ কাল অসমবাসীৰ চিন্তন আৰু মননক এনেদৰে গ্ৰাস কৰি ৰাখিলে যে ভাষিক দৃষ্টিকোণৰপৰা বাঙালী বিদ্বেষ অব্যাহত ৰ’ল।
১৯৭২ চনত নীলাচলৰ পাতত হোমেন বৰগোহাঞিৰ দৰে বুদ্ধিজীবীযেও আনকি এইবুলি লিখিছিল- ‘সম্ভৱ হ’লে কাছাৰ জিলাখন এতিযাও অসমৰ পৰা বাদ দিযাটো উচিত বুলি আমি ভাবোঁ। ন্যায় বিচাৰৰ ক্ষেত্ৰত এই কথা স্বীকাৰ কৰিবই লাগিব যে কাছাৰৰ বাংলাভাষী অধিবাসীসকলে নিজৰ মাতৃভাষাৰ যোগেদি (গুৱাহাটী বিশ্ববিদ্যালয়ত) শিক্ষা লাভ কৰিবলৈ যি দাবী কৰিছে তাত অযুক্তিকৰ বা আপত্তিজনক একো কথা নাই। কিন্তু আনহাতে এই কথাও সত্য যে যোৱা ডেৰশ বছৰ ধৰি বিভিন্ন সময়ত বাংলা ভাষাই অসমীয়া ভাষাৰ অস্তিত্ব যিভাৱে বিপন্ন কৰিবলৈ চেষ্টা কৰি আহিছে, সেই অভিজ্ঞতা স্মৰণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত বাংলা ভাষাকো শিক্ষাৰ অন্যতম মাধ্যম হিচাপে স্বীকৃতি দিবলৈ অসমীয়া মানুহে সাহ কৰিব নোৱাৰে।'”
ভাষাক অসমীয়া জাতীয়তাবাদৰ আধাৰ হিচাপে লোৱাৰ পৰিণাম আৰম্ভণিৰেপৰাই হ’ল দুর্ভাগ্যজনক। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে বিগত শতিকাৰ আগভাগতে মন্তব্য কৰিছিল- ‘১৯১০ চনৰ চেঞ্চাচত অসমত আচল অসমীয়াৰ সংখ্যা আছিল ১৫ (পোন্ধৰ) লক্ষ, ১৯২১ চনৰ চেঞ্চাচত হ’ল ১৭ লক্ষ। হিচাপ মতে এই দহ বছৰৰ ভিতৰত যিমান বাঢ়িব লাগিছিল সিমান নাবাঢ়িল। মাত্র ২ লক্ষহে বাঢিল। ক’লাআজাৰ, মেলেৰীয়া জ্বৰ, হাগনি আদি মহামাৰীবিলাক আহি অসমৰ সাৰুৱা মাটিত স্থায়ীভাবে বহি লৈছে; তাৰ উপদ্ৰৱত অসমীয়া মানুহ বাঢ়িব কেনেকই? এই লেখাটিত ‘আচল অসমীয়া’ মানে অসমকেশৰীয়ে যে ভাষিক অসমীয়াকে চিহ্নিত কৰিছিল, সেই সন্দৰ্ভত কোৱা বাহুল্য মাত্র। অর্থাৎ বায়চৌধুৰীৰ ‘আচল অসমীয়া ‘ৰপৰা আনহে নালাগে বাদ পৰি ৰৈছিল অসমীয়া মাতৃভাষা নোহোৱা বহু খিলঞ্জীয়া লোকো। ভাষাক অসমীয়া জাতীয়তাবোধৰ আধাৰ হিচাপে লোৱাৰ ফলত এইসকল থলুৱা জাতিগোষ্ঠীৰ মাজত আৰম্ভণিৰেপৰাই কেনে শংকা ঘনীভূত হৈ পৰিছিল, অসমকেশৰী সম্পাদিত চেতনা আলোচনীৰ পাততে তাৰ প্ৰকাশ বিচাৰি উলিয়াইছে অনিল ৰায়চৌধুৰীয়ে, তেখেতৰ অসমীয়া ভাষাৰ দৰ্শন নামৰ গ্ৰন্থত। চেতনাৰ ভাদ, ৪৭৭ শংকৰাব্দত প্রকাশিত ‘আমি কোন বাটে যাম’ শীর্ষক নিবন্ধত মহীচন্দ্ৰ মিৰিয়ে লিখিছিল- ‘অসমীয়া সমাজৰ ভাব গতিত যিমান বেমেজালিয়ে দেখা দিছে সিমানেই সমগ্র জাতিটোৰো বেমেজালি বেছি হোৱা যেন দেখা গৈছে। বড়োবিলাকে তেওঁলোকৰ ভাষা আৰু সাহিত্য গঠন কৰিবলৈ অশেষ চেষ্টা কৰিছে। লিখকেও দেখাক দেখি শুনাক শুনি তাকেহে কৰিবলৈ মন মেলিছে। সকলো দাঁতিকাষৰীয়াৰে তেনে গতি। কিন্তু অসমীয়া ভাষা-ভাষী মানুহবিলাকৰ সিবিলাকৰ প্ৰতি মৰম-চেনেহ বুলিবলৈ একনো নাইকিয়া হোৱাত তেওঁবিলাকৰ তাৰপৰা এৰাই যাব খোজাটো একো আচৰিত নহয় যেন লাগে।