গবর্ণমেণ্টৰ নমিনেটেড মেম্বৰঃ
১১। অনবেবোল চাৰ আৰ্চডেল্ আর্ল, কে চি আইই, আই চি এচ অসমৰ চীফ কমিনচাৰ- প্রেচিডেন্ট।
২। অনবেবোল কর্ণেল পি আব টি গর্ডন, চি এচ আই, আই এ অসম ইউপত্যকাৰ কমিচনাৰ ভাইচ্ প্রেচিডেন্ট
৩। অনৰেবোল মিঃ এফ, চি হেনিকাৰ, আই. চি. এচ চুৰমা উপত্যকাৰ একটিং কমিচনাৰ মেম্বর। চীফ কমিচনাৰৰ চীফ চেক্রেটবী মেম্বৰ। ৪। অনৰেবোল মিঃ ডব্লিউ জে বীড, আই চি এচ
৫। অনৰেবোল মেজৰ ডব্লিউ এম কেনেডি, আই এ চীফ কমিচনাৰৰ চেকেণ্ড চেক্রেটৰী মেম্বৰ।
৬। অনৰেবোল কর্ণেল আৰ এন কেম্বেল, আই এম এচ, চি আই ই ইনস্পেক্টর-জেনেৰেল, মেডিকেল ডিপার্টমেন্ট মেম্বর।
৭। অনৰেবোল মিঃ মেকচুইট্, চি ই চীফ ইঞ্জিনিয়ার -মেম্বৰ।
৮। অনৰেবোল মিঃ জে আৰ কনিংহাম, এম. এ শিক্ষাবিভাগৰ ডিৰেক্টৰ মেম্বৰ।
৯। অনৰেবোল মিঃ জে এফ গ্রেহেম্, আই চি এচ অসম উপত্যকাৰ চেচন জজ মেম্বৰ।
১০। অনৰেবোল বায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱা, এম আৰ. এ. এচ সাহিত্যিক পেঞ্চনাৰ, আহোম-প্রতিনিধ মেম্বব।
১১। অনৰেবোল মিঃ এ. বি. হাওকিস্, বেলওৱে কাৰখানাদিৰ প্ৰতিনিধি, মেম্বব।
১২। অনৰেবোল ৰজাবাহাদুৰ প্ৰভাতচন্দ্ৰ বৰুৱা, অসম জমিদাৰ সাম্প্রদায়িক প্রতিনিধি মেম্বৰ।
১৩। অনৰেবোল ৰায় বাহাদুৰ দুলালচন্দ্ৰ দেব, আইন-উপদেষ্টা মেম্বব।
১৪। অনৰেবোল বায় বাহাদুৰ ৰমণীমোহন দাস, ব্যবসায়িক মেম্বৰ।
প্ৰজাৰ নিৰ্বাচিত মেম্বৰঃ
১৫। অনৰেবোল মিঃ মানিকচন্দ্ৰ বৰুৱা
(ক) অনৰেবোল ৰায় বাহাদুৰ ফণীধৰ চলিহা
১৬। অনবেবোল মিঃ কামিনীকুমাৰ চন্দ
১৭। অনবেবোল মিঃ তৰুণৰামফুকন, বাৰিষ্টাৰ
১৮। অনৰেবোল বাবু নলিনীকান্ত ৰায়দস্তিদাব
১৯। অনৰেবোল ৰায় বাহাদুৰ ঘনশ্যাম বৰুৱা
২০। অনৰেবোল বায় বাহাদুৰ সীতামোহন দাস
২১। অনৰেবোল খানবাহাদুর আব্দুল মজিদ
২২। অনৰেবোল চাৰ চৈয়দ মহম্মদ চাদুল্লা
২৩। অনৰেবোল মিষ্টাৰ চি টি ফাৰ্ব্বচ
২৪। অনবেবোল মিঃ ডব্লিউ টি ক্যাথকার্ট
২৫। অনবেবোল মিঃ চি এল প্রিঙ্গেল
মিউনিচিপালিটীৰ প্রতিনিধি মেম্বৰ।
মাটিগিৰীৰ প্ৰতিনিধি মেম্বৰ।
লোকালবোর্ডব প্রতিনিধি মেম্বৰ।
মুছলমান প্রতিনিধি মেম্বৰ।
চাহ বাগিচাৰ প্রতিনিধি মেম্বৰ।
অসম-কাউন্সিলৰ নন্-অফিচিয়েল মেম্বৰসকলৰ বাছনি মতে অনৰেবোল বায়বাহাদুৰ ঘনশ্যাম বৰুৱাই, ইণ্ডিয়া কাউন্সিলৰ মেম্বৰ নিৰ্ব্বাচিত হৈ, অসম-উপত্যকাৰ আসন এৰি দিয়াত, তেওঁৰ ঠাইত অনৰেবোল মিঃ এ এল প্লেফেয়াৰ লোকালবোৰ্ডৰ মেম্বৰ নিৰ্ব্বাচিত হয়। অসম গৱৰ্ণমেণ্টৰ আইন উপদেষ্টা বা লিগাল ৰিমামব্রাঞ্চাৰ অনৰেবোল ৰায় দুলালচন্দ্ৰ দেব বাহাদুৰে তেওঁৰ আসন এৰি দিবলগীয়া হয়। আৰু, ইণ্ডিয়া কাউন্সিলৰ অসম অফিচিয়েল প্রতিনিধি-মেম্বৰ অনৰেবোল মিঃ জে চি আৰবথনট, চি আই. ই. ছুটীৰপৰা আহি তেওঁৰ নিগাজী বিষয়-বাব চুৰমা উপত্যকাৰ কমিচনাৰী পদ লোৱাত, অনৰেবোল মিঃ হেনিকাৰে অসম-কাউন্সিলৰ আসন তেওঁক এৰি দিবলগীয়া হয়। অনবেবোল চাৰ আৰ্চডেল্ আর্ল বাহাদুৰৰ আমোলত অসম প্রদেশ হিতকৰ ভালেমান মহৎকার্য্য সাধিত হয়। তাৰ ভিতৰত (১) অসমত আইন-কলেজ (Earle Law College) এটি স্থাপন, (২) গাঁৱলীয়া স্বাস্থ্যৰ উন্নতি-বিধান, (৩) গাঁৱত বিশুদ্ধ খোৱাপানী যোগানৰ প্রশস্ত ব্যৱস্থা, (৪) অসম প্ৰদেশত যাতায়তৰ সুচল বঢ়োৱা, (৫) স্বায়ত্ত-শাসন শিক্ষা দিয়াৰ অর্থে গাঁৱলীয়া সমাজ সংগঠন, (৬) লোকাল চেলফ, গবর্ণমেন্ট আইন বা অসমত স্বায়ত্ত-শাসনৰ ক্ষমতা দিয়াৰ ব্যৱস্থা প্ৰচাৰ, (৭) আহোমৰ উন্নতিকল্পে সিবিলাকক বিবিধ বিষয়ত গৱৰ্ণমেণ্টৰ বিশেষ অনুগ্রহ দান, (৮) আগৰদিনীয়া পুথি, বুৰঞ্জী, চিত্রিত শিল, তামৰ ফলি আৰু খনিকৰী কাৰ্য্যৰ চিন্ সুৰক্ষণৰ ব্যৱস্থা, (৯) অসমত শিল্প-শিক্ষাবিদৰ উন্নতি বিস্তাৰৰ আয়োজন, এই বিলাকেই প্রধান। মুঠকৈ ক’বলৈ গ’লে, এইজনা চীফ কমিচনাৰৰ আমোলত অসমৰ উন্নতিৰ এটা অভিনৱ যুগান্তৰ ঘটে। চাৰ আৰ্চডেল আর্ল ছমাহৰ ছুটীত যাওঁতে, ১৯১৪ চনৰ ১৫ এপ্ৰিলৰপৰা অসম উপত্যকাৰ কমিচনাৰ অনৰেবোল লেফটেনেন্ট কর্ণেল পি আৰ টি গর্ডন অসমৰ একটিং চীফ কমিচনাৰ হয়। পিচে, তেওঁৰ অস্থায়ী শাসনৰ কাল পূর্ণ হবলৈ নৌ পাওঁতেই, ইংলণ্ডত বৃটিচৰাজে জন্মানিব বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলগীয়া হয়, আৰু সেই হেতুকে ছুটীৰ কাল উকলিবলৈ নৌ পাওঁতেই, চাৰিমাহৰ অন্তত, চাৰ আর্চডেল আর্লে আকৌ অসম শাসনৰ ভাৰ লবহি লগাত পৰে। ছুটীৰপৰা উলটি আহি চাৰ আৰ্চডেলে এই দেশৰ উপকাৰ অৰ্থে কেইবাটাও মহৎ সংকল্প কাৰ্য্যত পৰিণত কৰেহি। তাৰ ভিতৰত গুৱাহাটীত “আর্ল-ল-কলেজ” নামেৰে আইন-কলেজ প্রতিষ্ঠা আৰু “অসম লোকাল চেলফ গবর্ণমেন্ট আইন” প্ৰচাৰ এই দুটা প্রধান। তাৰ পাচত, “মিউনিচিপাল বিল” হাতত লোৱা হৈছিল, কিন্তু সি কার্য্যত ফলিয়াবলৈ নৌ পাওঁতেই তেওঁৰ দিন উকলিল। আর্ল বাহাদুৰৰ শাসনকালত, ১৯১৪ খ্ৰীষ্টাব্দৰ ৪ আগষ্ট তাৰিখে, বৃটিচ-ৰাজে জন্মান বজাব সেই মহাৰণত এপক্ষে জাৰ্ম্মানি, অস্ত্ৰীয়া, তুৰস্ক আৰু বুলগেৰিয়া এই চাৰিখন, আন পক্ষে ফ্রান্স, বৃটেইন, ইটালী, বেল্ড্রিয়ম, চার্ভিয়া, মন্টেনিগ্রো, কমানিয়া, কচিয়া, জাপান, উত্তৰ-আমেৰিকাৰ যুক্তৰাজ্য প্ৰভৃতি ২৬ খন সাম্রাজ্য লগ লাগিছিল। সেই মহাৰণে দুয়োপক্ষৰ অশেষ ধন-জন নাশ কৰি পৃথিৱীত মহাপ্রলয় ঘটোৱাৰ নিচিনা কৰে। সেই মহাৰণৰ সংসর্গতে চাৰ আৰ্চডেল আৰ্লৰ সকাউন্সিল গৱৰ্ণমেন্ট আৰু এবছৰলৈ বঢ়োৱা হয়, কিন্তু বণৰ সামৰণি নৌ-পৰোঁতেই, তাৰ তৃতীয বছৰত, খ্ৰীঃ ১৯১৭ চনৰ এপ্রিল মাহত তেওঁ পেঞ্চনত অৱসৰ লয়। চাৰ আৰ্চডেল আৰ্লৰ আমোলতে ভাৰত-শাসন-সংস্কাৰ-সংক্রান্ত অনুসন্ধানৰ উদ্দেশ্যে ইংলণ্ডৰপৰা ভাৰত-মন্ত্রী (Secretary of State for India) বাইট অনৰেবোল এডউইন মণ্টাণ্ড চাহাব বাহাদুৰে ভাৰতবৰ্ষলৈ আহি ইয়াব লাগতিয়াল কেন্দ্রস্থলবিলাকত শাসন-সংস্কাৰ-বিষয়ক সাক্ষ্য গ্রহণ কৰিছিলহি। সেই প্রসঙ্গতে কলিকতা কেন্দ্ৰত অসমৰ প্ৰতিনিধি ৰায়বাহাদুৰ ঘনশ্যাম বৰৱা, মিঃ গঙ্গাগোবিন্দ ফুকন, বায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱা, মিঃ তৰুণৰাম ফুকন, শ্রীযুত চন্দ্ৰধৰ বৰুৱা, শ্রীযুত নবীনচন্দ্ৰ বৰদলৈ আৰু শ্রীযুত প্রসন্নকুমাৰ বৰুৱা এইসকলে অভিনন্দন পত্ৰেৰে সৈতে সাক্ষ্য দিছিলগৈ। অসমৰ চীফকমিচনাৰসকলৰ ভিতৰত চাৰ আৰ্চডেল আর্ল বাহাদুৰক সৰ্ব্বপ্ৰধান বুলিব পাৰি। কর্ণেল গর্ডন: এওঁ অসমত বিষয়-বার খাই বুঢ়া হোৱা এজন পুৰণি বৃটিচ বিষয়া। সৈনিক বিভাগৰপৰা ওলাই, খ্রীঃ ১৮৮০ চনত, লেফটেনেন্ট পি আৰ টি গর্ডন শিৱসাগৰত এচিষ্টাণ্ট কমিচনাৰ হয়। তাৰপৰা ক্ৰমাৎ পদোন্নতি লাভ কৰি, অসম উপত্যকাৰ কেইওখন জিলাতে ডেপুটী কমিচনাৰী কৰি, সদৌশেহত, সেই উপত্যকাৰে কমিচনাৰৰ পদত নিগাজী হৈ বহে। সেইদৰেই, সৈনিক বিভাগীয় খিতাপো ক্রমাৎ বাঢি যোৱাত, তেওঁ কাপ্টান, মেজৰ আৰু লেফটেনেন্ট-কর্ণেল হয়গৈ। চাৰ আৰ্চডেল আর্ল ছুটীত যাওঁতে, খ্রীঃ ১৯১৪ চনৰ ১৫ এপ্ৰিলৰপৰা ৩১ জুলাইলৈকে, লেফটেনেন্ট কর্ণেল গর্ডন বাহাদুৰ অসমৰ একটিং চীফ কমিচনাব হৈছিল। তেওঁ এজন সাহিত্যানুৰাগী তথ্যপ্রিয় পুরুষ আছিল। তেওঁৰ আমোলত অসমীয়া সাহিত্য আৰু অসম বুৰঞ্জীয়ে ভালকৈ এচিপ্ উন্নতি লাভ কৰে। তেওঁৰ যত্নৰ ফলতে অসমীয়া অভিযান “হেমকোষ” পোহৰলৈ ওলায়। কর্ণেল গর্ডনে অসমত বৃটিচৰ পূৰ্ব্ববর্ত্তী আহোম ৰাজবংশী লোকক বৰ আদৰ আৰু সন্মান কৰিছিল, আৰু সিবিলাকৰ উন্নতিত তেওঁ বৰ সন্তোষ পাইছিল। তেওঁ একেৰাহে বাৰ বছৰ কাল অসমৰ কমিচনাৰী পদত নিগাজীকৈ থাকি, বুঢ়া বয়সত সেই পদৰপৰা পেঞ্চন লৈ বিলাতলৈ যায়। চাৰ নিকলাচ্ বিন্ বেল্ঃ ১৯১৭ খ্রীষ্টাব্দৰ এপ্ৰিলৰপৰা চাৰ নিকলাচ্ বিচন্ বেল্ অসমৰ চীফ কমিচনাৰ হয়। তাৰ আগেয়ে তেওঁ অসমৰ “ডিৰেক্টৰ অৱ লেগু ৰিকৰ্ডচ্ এণ্ড এগ্রিকচাৰৰ” পদত আছিল। তেওঁৰ শাসনতে ইউৰোপৰ জাৰ্ম্মাণ মহাৰণ সন্ধিমুৱা হৈ, খ্রীঃ ১৯১৮ চনৰ নবেম্বৰৰপৰা স্থগিত হয়, আৰু ১৯১৯ খ্রীষ্টাব্দৰ ২৮ জুনত জন্মানিৰ লগত সন্ধি স্থাপিত হয়। এই শাসনত ভাৰতবৰ্ষৰ শাসন-সংস্কাৰ বিষয়ক তথ্য অনুসন্ধান কৰিবলৈ লৰ্ড চাউথবোৰৰ সভাপতিত্বত এখন পার্লেমেণ্টৰী কমিটীয়ে ভাৰতবৰ্ষৰ ঘাই ঘাই কেন্দ্রবিলাকত বহি গণ্য-মান্য প্রতিনিধিসকলৰ সাক্ষ্য গ্রহণ কৰিছিলহি। অসম উপত্যকাৰপৰা আহোম এচোচিয়েচনৰ জেনেৰেল চেক্ৰেটাৰী বায়বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱাই আহোমৰ হৈ, শ্ৰীযুত নবীনচন্দ্ৰ বৰদলৈয়ে অসম এচোচিয়েচনৰ হৈ, আৰু ৰজাবাহাদুৰ প্ৰভাতচন্দ্ৰ বৰুৱাই জমিদাৰৰ হৈ কলিকতাত সাক্ষ্য দিছিলগৈ। তাৰ পাচত, শাসন-সংস্কাৰৰ প্রস্তাৱাদি ইংলণ্ডত পার্লিয়ামেন্টে ৰাজসভাত ‘বিল’ রূপে আলোচিত হৈ “ইণ্ডিয়া গবর্ণমেন্ট এক্ট” নামেৰে আইন গৃহীত হয়। আৰু সেই অনুসৰি এতিয়া ভাৰতবৰ্ষৰ শাসনকাৰ্য্য পৰিচালিত হৈছে। সেই নতুন আইন অনুযায়ী অসমৰ নতুন গৱৰ্ণমেন্ট স্থাপিত হোৱাৰ পাচত, খ্রীঃ ১৯২১ চনৰ ৩ জানুৱাৰীৰপৰা ৩ মাৰ্চলৈকে, চাৰ নিকলাচ বিন্ বেল্ অসমৰ একটিং গৱৰ্ণৰ হৈছিল।
১৯১২ খ্রীষ্টাব্দৰ ১ এপ্ৰিলৰপৰা অসম প্রদেশত সকাউন্সিল চীফ কমিচনাৰৰ শাসন প্রচলিত হয়। ১৯১৩ খ্ৰীষ্টাব্দৰ ২ জানুৱাৰীত পোন-প্রথম অসম কাউন্সিল গঠিত হয়। এই কাউন্সিল বৰ মানী আৰু কাজুবা আছিল। চাৰ আর্চডেল আর্ল এই নতুন গৱৰ্ণমেণ্টৰ প্ৰথম চীফ্ কমিচনাৰ। তেওঁ ভালেমান দেশহিতকৰ কাৰ্য্য কৰি যশস্যা লাভ কৰিছিল। অনবেবোল চাৰ বিচন্ বেল্ অসমৰ সদৌশেহতীয়া চীফ কমিচনাৰ আৰু পোন-প্রথম গৱৰ্ণৰ। ১৯১২ খ্রীষ্টিয়ান চনৰপৰা ১৯২০ চনলৈকে এই ছোৱাত ভাৰতবৰ্ষৰ ঘাই লাট চাহাব গৱৰ্ণৰ জেনেবেল লর্ড হার্ডিঞ্জ আৰু লর্ড চেমচফোর্ড আছিল। পূৰ্ব্বৱৰ্ত্তী জনৰ আমোলত আৰম্ভ হোৱা জন্মান মহাৰণ পৰৱৰ্ত্তীজনৰ শাসনকালত টুলটুলীয়াকৈ পকি উঠে, সেই সংসৰ্গত গোটেই ভাৰতত তোলপাৰ লাগিছিল, আৰু ভাৰতৰ সৈন্য গৈ তাত ৰণ কৰিছিল। পৃথিবীব্যাপী এই মহাৰণত ৰাজভক্ত ভাৰতীয় প্ৰজাৰ সহযোগিতাত তুষ্ট হৈ, ইংলণ্ডত বৃটিচৰাজে ভাৰতবাসীক স্বায়ত্তশাসনৰ অধিকাৰ দিবলৈ উপযাচি আগবাঢ়ে, সেই অর্থে সেই কালৰ ভাৰত-মন্ত্ৰী মিঃ মণ্টাগু চাহাব ভাৰত পৰ্য্যটন কৰিবলৈ আহে, ভাবত-মন্ত্ৰী ভাৰতবৰ্ষলৈ অহা সেয়ে দ্বিতীয়বাৰ। তেওঁ প্রত্যেক প্ৰদেশৰ প্ৰধান প্রধান প্রতিনিধি লোকৰ লগত পৰামৰ্শ কৰি উঠি, ভাৰতবাসীক স্বায়ত্ত-শাসন যথোচিত এক্তিয়াৰ দিবলৈ বুলি ঘাই লাটচাহাব লর্ড চেমচফোর্ডৰে সৈতে যুগুতি কৰিছিল। পিচে, সেই এক্তিয়াৰ দান অসাৰ আৰু অসম্পূর্ণ বোধ কৰি, ভাৰতবাসীয়ে তাত তুষ্ট নহৈ, গৱৰ্ণমেণ্টৰ লগত অসহযোগিতা বা “নন-কো-অপাৰেচন” (Non-Co-operation) আন্দোলনত ধৰি হুলস্থুল লগায়। ইফালে ভাৰতত সেই ৰাজনৈতিক উৎপাতৰ অশান্তি চলি থাকোতেই, সিফালে ইংলণ্ডত তাৰ আচল গুৰিয়াল মহামনা ভাৰত মন্ত্রী মিঃ মণ্টাগুৰ অকাল মৃত্যু ঘটে। চাৰ উইলিয়াম মাৰিচ্: ভাৰতীয় শাসন সংস্কাৰৰ ফলস্বৰূপে, অসমত গৱৰ্ণৰী শাসন স্থাপন কৰাৰ লগে লগে, চাৰ উইলিয়াম মাৰিচ্ অসমৰ পোন-প্ৰথম গৱৰ্ণৰ নিযুক্ত হয়। তেওঁ গৱণৰী পদত নিযুক্ত হৈয়েই তিনি মাহলৈ ছুটী লৈ বিলাতলৈ গৈছিল, তাৰপৰা ঘূৰি আহি, খ্রীঃ ১৯২১ চনৰ ১৩ মাৰ্চৰপৰা, তেওঁ অসম গৱণৰী গাদীত বহেহি। তেওঁৰ আমোলত লেখত লবলগীয়া বিশেষ ঘটনা একো হোৱা নাই। এই শাসনৰ শেহছোৱাত শিক্ষাবিভাগীয় মন্ত্রী বা এডুকেচন মিনিষ্টাৰ খানবাহাদুৰ আব্দুল মজিদব অকাল মৃত্যু হোৱাত, অনৰেবোল চাৰ চৈয়দ মহম্মদ চাদুল্লা এডুকেচন মিনিষ্টাৰ
চাৰ জন হেৰি কাৰঃ চাৰ উইলিয়াম মাৰিচ্ ইউনাইটেড প্রভিঞ্চ বা যুক্তপ্ৰদেশৰ গৱৰ্ণৰ হৈ যোৱাত, চাৰ জন হেৰি কাৰ খ্ৰীঃ ১৯২২ চনৰ ১০ অক্টোবৰ তাৰিখে অসমৰ গৱৰ্ণৰী গাদীত বহেহি। তেওঁৰ শাসনৰ আৰম্ভমতে লোকাল চেলফ গৱৰ্ণমেন্ট মিনিষ্টাৰ বা স্বায়ত্তশাসন বিভাগীয় মন্ত্রী ঘনশ্যাম বৰুৱা ৰায় বাহাদুৰৰ অকাল-মৃত্যু হোৱাত, তেওঁৰ ঠাইত অনৰেবোল ৰায় বাহাদুৰ প্রমোদচন্দ্ৰ দত্ত চি আইই লোকাল চেলফ গৱৰ্ণমেন্ট মিনিষ্টাৰৰ পদত নিযুক্ত হয়। তাত বাজে এই শাসনত লেখত লবলগীয়া কাৰ্য্যাদি বিশেষ একো হোৱা নাছিল। চাৰ লৌৰি হেমণ্ড: চাৰ হেৰি কাৰ চাহাব পেঞ্চনত যোৱাত, তেওঁৰ মূৰে খ্ৰীঃ ১৯২৭ চনৰ ২৮ জুনৰপৰা চাৰ লৌৰি হেমণ্ড অসমৰ গৱৰ্ণৰ হয়হি। এওঁৰ পুৰা পাঁচ বছৰীয়া আমোলত যিবোৰ দেশহিতকৰ কাৰ্য্য সম্পাদিত হৈছিল, তাৰ ভিতৰত অসমৰ ‘বৰবিহ’ কানিৰ বছৰি কাটন ১৬০০ মোনৰপৰা ৪০০ চাৰিশ মোনলৈ ক্ৰমাৎ কমোৱা, দেশত চৌদিশে যাতায়তৰ উন্নতি সাধন, নিপানী গাখীৰ যোগানৰ ব্যৱস্থা, ধল-বিপ্লৱত বিপন্ন বায়তক সহায় কৰাৰ উপায় বিধান এইবোৰেই প্রধান। চাৰ লৌৰি হেমণ্ডৰ আমোলতে “চাইমন কমিটী”য়ে শ্বিলঙলৈ আহি অসমৰ কাউন্সিল নিৰ্ব্বাচনৰ সমষ্টিৰ স্বার্থ-সর্ত্ত-যোগ্যতাদি (Franchise) বিষয়ক তথ্য আহৰণ কৰি নিয়েহি। চাৰ মাইকেল কীন্ঃ খ্রীঃ ১৯৩২ চনৰ জুলাই মাহত চাৰ মাইকেল কীন্ অসমৰ গৱৰ্ণৰ হৈ আহে। তেওঁ এজন বৰ মিষ্টভাষী ৰাইজৰঞ্জক শাসনকৰ্ত্তা আছিল। বৃটিচৰ পূৰ্ব্ববর্ত্তী ৰজাৰ স্বজাতি আহোমৰ প্ৰতি চাৰ মাইকেলে বিশেষ শ্রদ্ধানুৰাগ দেখুৱাইছিল (১)। ভালেমান ৰাজহুৱা আৰু ৰাজকীয় সদানুষ্ঠানৰ সংসৰ্গত তেওঁ সুচিন্তিত বাগ্মিতাৰ
(1) “I felt a desire and thought in an event of significance that you and I should meet in friendly fashion-you, who were the ruling race of Assam for centuries into the distant past and 1, the representative of another ruling race today. History, I thought, had thus ordered a bond of similarity, sympathy and understanding between our races I trust that this fellow-feeling between the rulers of the past and the rulers of the present may last through all the unknown vicissitudes of the future” Extempore reply by Sir Michael Keane, K.C.S.I Governor of Assam, to an extempore Address presented by Rai Padmanath Gohain Barooah Bahadur, General Secreatry, Ahom Associations, on the occassion of the All Ahom Conference held at Dibrugarh on the 21st April, 1985 B.C. (Proceeding of the Ahom Associations Conference, 21.4.85)
পৰিচয় দিছিল (১)। দেশত যাতায়তৰ উন্নতি সাধনৰ লগে লগে তেওঁ প্রাদেশিক ৰাজভঁৰাল টনকিয়াল কৰিবলৈ পাৰ্য্যমানে যত্ন কৰিছিল, সেই যত্নৰ ফলস্বৰূপ, “অটনিমিয়াৰ কমিটী”ৰ অনুমোদনমতে, ভাৰত গৱৰ্ণমেণ্টৰ পুঁজিৰপৰা অসমৰ উৎপন্ন পেট্রোল-শুল্কৰ ভাগ ৪৫,০০০০০ পঞ্চলিশ লাখ টকা অসম গৱৰ্ণমেণ্টৰ পুঁজিলৈ বছৰি প্ৰাপ্তিৰ ব্যৱস্থা লাভ হয়। প্রাদেশিক সংস্কৃত স্বায়ত্তশাসন (Provincial Autonomy) অসম প্রদেশত সফল কৰাৰ অর্থে তেওঁ তাৰ সূচনাৰ দিহা লগাই দি যায়। বৰ দুখৰ বিষয়, ১৯৩৭ খ্রীষ্টাব্দৰ ৪ মার্চ তাৰিখে ৰাজকাৰ্য্যৰপৰা অৱসৰ লৈযোৱাৰ পৰা ছ মাহ পূব নৌ হওঁতেই স্বদেশ বিলাতত, চাৰ মাইকেল কীন্ বাহাদুৰৰ অকাল মৃত্যু হয়। চাৰ ৰবাৰ্ট নীল ৰীড: খ্রীঃ ১৯৩৭ চনৰ ৫ মাৰ্চৰপৰা চাৰ ৰবাৰ্ট নীল ৰীড চাহাব বাহাদুৰ অসমৰ গৱৰ্ণৰ হৈছিল।