ভাৰত সম্রাট পঞ্চম জর্জ মহাৰাজৰ ভাৰতলৈ আগমন

hazarikanikita465@gmail.com
7 Min Read

চাৰ লেঞ্চলট হেয়াৰঃ খ্রীঃ ১৯০৬ চনৰ ১৯ আগষ্টত চাৰ বেফিল্ড ফুলাৰ চাহাবে তেওঁৰ বিষয়-বাব ইস্তফা দি যাবলগীয়া হোবাত, অনবেবোল মিষ্টাৰ এল, (পাচত চাৰ লেঞ্চলট) হেয়াৰ চাহাব “পূর্ববঙ্গ আৰু অসম” প্রদেশৰ দুৱলীয়া গৱৰ্ণৰ হয়। তেওঁৰ শাসনকাল বঙ্গবিভাগৰ উৎপাত-অশান্তিৰে পূৰ্ণ আছিল। তেওঁৰ আমোলত, ১৯০৮ খ্রীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহত, যোৰহাটত এখন কৃষি আৰু শিল্প প্রদর্শনীৰ বিৰাট মেলা পতা হৈছিল। চাৰ লেঞ্চলট হেয়াৰৰ আমোলত নতুন প্ৰদেশৰ ব্যৱস্থাপক সভাত মিঃ মাণিকচন্দ্ৰ বৰুৱাক মুখ্য কৰি, তিনিজন অসমীয়া আৰু এজন চাহকৰ ইংৰাজী অসমৰ প্ৰতিনিধি সভা নিযুক্ত হয়। তেওঁৰ দিনতে ৰঙ্গিয়াৰপৰা টংলালৈ উত্তৰপৰীয়া ৰেলওৱে লাইন বড়োরা হয়, আক পাণ্ডুঘাটৰ উত্তৰপাৰৰ আমিনগাওঁ ষ্টেচনবপৰা পোনাই কলিকতালৈ চমু বেল-বাট যুগুত হৈ উঠে। এই শাসনতে, ১৯১১ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহতচ, আবৰ পৰ্বতলৈ যাওঁতে শদিয়াৰ এচিষ্টাণ্ট পলিটিকেল এজেন্ট মিষ্টাৰ ইউলিয়চন আৰু ডাক্তৰ গ্রিগ্রেৰচনক সদলে বৰ-আবৰে বধ কৰে, সেইবাবে বৰ আবৰৰ বিৰুদ্ধে বৃটিচ ৰণ-যাত্ৰা কৰোৱা হয়। তেওঁৰ দিনতে ভাৰত-সম্রাট সপ্তম এডোৱাৰ্ড ১৯১০ খ্রীষ্টাব্দত স্বর্গী হয়, আৰু যুববাজ জর্জ (তেতিয়াৰ প্রিজ অব ওবেলচ্) পঞ্চম জর্জ নামেৰে ‘গ্রেট ব্রিটেইন আৰু আয়াৰলণ্ড’ৰ ৰাজপাটত উঠি ভাৰতবৰ্ষৰ সম্ৰাট হয়। ১৯১১ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত পাঁচ বছৰ পূৰ্ণ কৰি, চাৰ লেঞ্চলট চাহাবে এই প্ৰদেশৰপৰা পেঞ্চনত বিদায় লয়। চাৰ চাৰ্লচ ষ্টুৱাৰ্ট বেলী: ১৯১১ খ্রীষ্টাব্দৰ ২৩ আগষ্টৰপৰা চাৰ চাৰ্লচ ষ্টুৱার্ট বেলী চাহাব বাহাদুৰ “পূৰ্ববঙ্গ আৰ অসম’ প্ৰদেশৰ দুৱলীয়া লাট (লেফটেনেন্ট গৱৰ্ণৰ) হৈ আহে। এখেত অসমৰ আগৰ চীফ কমিচনাৰ চাৰ এচ চি বেলী চাহাব বাহাদুৰৰ ভতিজাক। চাৰ চাৰ্লচ বেলী ইয়াৰ আগেয়েও, ১৯০৮ খ্রীষ্টাব্দত তিনিমাহৰ নিমিত্তে এই প্ৰদেশৰ একটিং দুৱলীয়া লাট হৈছিলহি। সেই অলপ সময়ৰ ভিতৰতে তেখেতে কেইবাটাও বৰ লাগতিয়াল দেশহিতকৰ কাৰ্য্য সিদ্ধি কৰে, তাৰ ভিতৰত অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিকল্পে তেখেতে যি কৰিলে, সি অসমীয়া জাতীয় স্মৃতিফলিত সততে জিলিকি থাকিব।

১৯১১ খ্রীষ্টাব্দৰ ডিচেম্বৰ মাহত সম্রাট পঞ্চম জর্জ আৰু সম্রাজ্ঞী মেৰী মহাৰাণীয়ে ভাৰতবৰ্ষত পদার্পণ কৰেহি। ১২ ডিচেম্বৰৰ দিনা ভাৰতৰ পুৰণি ৰাজধানী দিল্লী নগৰীত এখন বিৰাট দৰবাৰ পতা হয়। সেই দৰবাৰলৈ ভাৰতৰ সকলো ঠাইৰেপৰা প্রজা প্রতিনিধি বাছি নিয়া হৈছিল। অসমৰো গণ্য মান্য জনচাৰেক বৰমূৰীয়া লোক নিমন্ত্রিত হৈ সেই সভালৈ গৈছিল। ভাৰতবৰ্ষৰ মিত্ৰ-ৰজাসকল, ভাইচৰয় গৱৰ্ণৰ জেনেৰেল, প্রধান প্রধান বিষয়া, সদস্য আৰু প্রতিনিধি প্রজাকে আদি কৰি সভাস্থ সকলোৱে সম্রাট সম্রাজ্ঞীৰ ওলগ লৈছিলগৈ। দৰবাৰত সম্রাটে ভাৰতবাসীব শিক্ষাৰ অর্থে সৰহীয়াকৈ অর্থ দান কৰা, সৈনিক বিভাগৰ কিছুমান ওখ-খাপৰ পদ ভাৰতবাসীলৈ আগবঢ়োৱা আদি গোটাচেৰেক ‘বৰ’ দান কৰে, গৱৰ্ণৰ জেনেবেল লর্ড হার্ডিঞ্জে সেই বৰ’ ঘোষণা কৰে। তাৰ পাচত সম্রাটে স্বয়ং কলিকতাৰ সলনি দিল্লীত ভাৰতবৰ্ষৰ ৰাজধানী পতা, অসমত নতুনকৈ সকাউন্সিল চীফ কমিচনাৰী গৱৰ্ণমেন্ট পতা, আৰু আগেয়ে বেলেগ কৰা বঙ্গক আকৌ যোৰা লগাই বিহাৰ, ছোটনাগপুৰ আৰু উডিষ্যাবে সৈতে এখন সুকীয়া গৱৰ্ণৰী প্ৰদেশ পতাৰ কথা ঘোষণা সেইদিনা ভাৰতৰ সকলো ঠাইত আনন্দ-উৎসব পতা হৈছিল। অসমত নগৰত বাজেও, গার্বে-ভূঞে বাস কৰা সৰল ৰাজভক্ত প্রজাবৃন্দই ৰাজকীয় উৎসৱ পাতিছিল। দিল্লীৰ ৰাজকীয় উৎসৱ সমাপন কৰি, সম্রাটে নেপালত চিকাৰ কৰিবলৈ যায়। তাৰ পাচত, কলিকতালৈ অহাত, তেখেতক মহাসমাবোহেৰে অভ্যর্থনা কৰা হয়। ১৯১২ খ্ৰীষ্টাব্দৰ জানুৱাৰীৰ ৮ তাৰিখে, সম্রাট আৰু সম্রাজ্ঞীয়ে কলিকতা এৰি, বোম্বায়েদি বিলাতলৈ ওলটা-যাত্রা কৰে। বৃটিচ ৰজাসকলৰ ভিতৰত ভাৰত-সম্রাট পঞ্চম জর্জেই পোন প্রথমে ভাৰতবৰ্ষত পদার্পণ কৰেহি। সম্রাট আৰু সম্রাজ্ঞীৰ প্ৰজালৈ আন্তৰিক মৰম, কৰুণা আৰু সহানুভূতিৰ চানেকি চাই সকলো ভাৰতীয় প্ৰজাৰ ইয়াত আনন্দ উপচি পৰিছিল। মহাৰজা সম্রাট পঞ্চম জর্জ আৰু মহাৰাণী মেৰী সম্রাজ্ঞীৰ আগমনৰ কথা ভাৰতবাসীৰ স্মৃতি ফলিত চিৰকাললৈ অঙ্কিত থাকিব।

“পূর্ববঙ্গ আৰু অসম” প্রদেশ ছবছৰ মাথোন টিকিছিল। তাৰ ভিতৰত তিনিজন লেফটেনেন্ট গৱৰ্ণৰ হয়, তাৰে এজনে হে পূৰাকৈ পাঁচ বছৰ বিষয়-বাব ভোগ কৰিবলৈ পায়। শেহৰ জন চাৰ চাৰ্লচ ষ্টুৱাৰ্ট বেলী চাহাবে মুঠেই পাঁচ মাহমান হে এই নতুন প্ৰদেশৰ নিগাজি শাসনকৰ্ত্তা হৈছিলহি। তাৰ ভিতৰতে তেওঁ ভালেমান দেশহিতকৰ অনুষ্ঠানত হাত দিছিল, আৰু অসমীয়া সাহিত্যৰ উন্নতিবিধায়ক কাৰ্য্য কৰিছিল। খ্রীঃ ১৯০৬ চনৰপৰা ১৯১১ চনলৈকে এই ছবছৰত ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল লর্ড মিণ্টোৰ (২য়) শাসন সমাপন আৰু লর্ড হার্ডিঞ্জৰ (২য়) আৰম্ভণ হয়। লর্ড মিন্টো এজন সুবিজ্ঞ আৰু সাহিত্যানুৰাগী জেনেৰেল আছিল। লর্ড মিন্টোৰ শাসনকালত সিফালে ইংলণ্ডত সুপ্রখ্যাত সাহিত্যিক লর্ড মর্লী ভাৰত মন্ত্ৰী (Secretary of State for India), ইফালে চাৰ চাৰ্লচ ষ্টুৱাৰ্ট বেলী “পূৰ্ব্ববঙ্গ আৰু অসম” প্ৰদেশৰ দুৱলীয়া লাট আছিল, সেই সু-ছেগতে কর্ণেল গর্ডন অসম উপত্যকাৰ কমিচনাৰৰ প্ৰস্তাৱ, চাৰ চার্লচ স্টুৱার্ট বেলী দুৱলীয়া গৱৰ্ণৰ সমর্থন, লর্ড মিন্টো গৱৰ্ণৰ জেনেৰেল অনুমোদন আৰু লৰ্ড মলী ভাবত-মন্ত্ৰীৰ (Secretary of State for India) মঞ্জুৰীমতে, খ্রীঃ ১৯০৯ চনত, এই অসমীয়া সাহিত্য-সেৱীক, অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিকল্পে এটি সাহিত্যিক পেঞ্চন দান কৰা হয়। লর্ড মিন্টোৰ শাসনকালত ভাৰতৰ উন্নতি- বিধায়ক ভালেমান সদানুষ্ঠানৰ উপৰি, যুৱৰাজ ‘প্রিন্স অব ওৱেলচৰ’ (পাচত সম্রাট পঞ্চম জর্জ) ভাৰত পৰ্য্যটন, সম্রাট সপ্তম এডোৱাৰ্ডৰ পৰলোক প্রাপ্তি এইবোৰ ঘাই ঘটনা, তাত বাজে, পূর্ব্ববর্তী গৱর্ণব জেনেৰেল লর্ড কার্জনৰ শাসনত হোৱা বঙ্গ বিচ্ছেদৰ ফলস্বৰূপ, বঙ্গ আৰু অসমত শাসন সংক্রান্ত বিসঙ্গতি ঘটি চৌপাশে অশান্তি বিয়পি পৰিছিল। লর্ড হার্ডিঞ্জৰ আমোলত “পূৰ্ব্ববঙ্গ আৰু অসম” প্ৰদেশৰ যোৰা ছিঙ্গি, পুনৰপি পূৰ্ব্ববঙ্গক মূল বঙ্গৰ লগ লগাই, অসম প্রদেশক আকৌ সুকীয়াকৈ সকাউন্সিল চীফ-কমিচনাৰী শাসনত ৰখা হয়, তাত বাজেও, “বিহাৰ আৰু উৰিষ্যা” প্রদেশ গঠন, বঙ্গ-প্রেচিডেন্সীৰ সৃষ্টি, সম্রাট পঞ্চম জর্জ আৰু সম্রাজ্ঞী মেৰী মহাৰাণীৰ ভাৰত আগমন, দিল্লীত সপত্নীক সম্রাট পঞ্চম জর্জৰ ৰাজ্যাভিষেক, ইউৰোপত প্রখ্যাত জাৰ্ম্মাণ-যুদ্ধৰ আৰম্ভণ, এইবোৰ লর্ড হার্ডিঞ্জৰ আমোলৰ প্ৰধান ঘটনা। চাৰ আৰ্চডেল আৰ্ল: ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰত ভাৰত সম্রাট মহাৰজা পঞ্চম জর্জে দিল্লী দৰবাৰত স্বয়ং ঘোষণা কৰা মতে, ১৯১২ খ্ৰীষ্টাব্দৰ ১ এপ্ৰিলৰপৰা অসম-প্ৰদেশ আকৌ আগৰ দৰে সুকীয়া হৈ, সকাউন্সিল চীফ কমিচনাৰৰ শাসনাধীনলৈ আহে। অনৰেবোল চাৰ আৰ্চডেল আর্ল বাহাদুৰ এই নতুন সকাউন্সিল গৱৰ্ণমেণ্টৰ প্রথম চীফ কমিচনাৰ হয়। অসম সুকীয়া প্রদেশরূপে পুনর্গঠিত হোৱাৰ পাচত, ভাৰতবৰ্ষৰ গৱৰ্ণৰজেনেৰেলৰ ১৯১২ খ্ৰীষ্টাব্দৰ ১৪ নবেম্বৰৰ ঘোষণা মতে, ১৯১৩ খ্ৰীষ্টাব্দৰ ২ জানুৱাৰীৰ পৰা অসম গৱৰ্ণমেন্ট চলাবৰ নিমিত্তে চীফ কমিচনাৰ বাহাদুৰৰ এখন ব্যৱস্থাপক সভা বা লেজিচলেটিভ কাউন্সিল গঠিত হয়। সেই কাউন্সিলত ১৯০৯ খ্ৰীষ্টাব্দৰ ‘ইণ্ডিয়া-কাউন্সিল-আইন’ অনুসৰি, ১১ জন প্ৰজাৰ বাছনিমতে আৰু ১৪ জন গৱৰ্ণমেণ্টৰ বাছনিমতে, মুঠ ২৫ জন মাননীয় সদস্য বা অনৰেবোল মেম্বৰ নিযুক্ত হয়। অসম-গৱৰ্ণমেন্ট সৃষ্টি হ’বৰেপৰা অসমৰ চীফ কমিচনাৰক লেজিচলেটিভ কাউন্সিল দিয়া সেয়ে প্রথম। তলত তালিকা দিয়া অনৰেবোল মেম্বৰসকলৰে সৈতে অসমৰ সেই পোনপ্রথম কাউন্সিল গঠিত হয়:

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *