লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ ভূমিকা
লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ পূত্ৰ তথা গুৱাহাটীৰ প্ৰখ্যাত নিউৰ’ ছাৰ্জন ডাঃ নভনীল বৰুৱাৰ কথা সচেতন লোকসকলক কোৱাৰ প্ৰয়োজন নাই। বর্তমান সময়ত আমাৰ জীৱনৰ এৰাব নোৱৰা হৈ পৰা অংগ ছ’চিয়েল মিডিয়াত ডাঃ বৰুৱাৰ মন্তব্য বা টিপন্নীবোৰে ভিন্ন ধৰণৰ আমেজ প্রদান কৰে। কোনো অশালীন ভাষাৰ প্ৰয়োগ নকৰাকৈয়ে তেওঁ সমাজৰ একাংশ মানুহৰ অহেতুক চিন্তাৰ বৰঘৰত জুই লগাই দিয়ে। ফেচবুকৰ মাজত প্রচণ্ড ভূমিকম্প হয়। তেওঁৰ তেনে ধৰণৰ মন্তব্যবোৰৰ আলোচনা আজিলৈ এৰিলোঁ। কিন্তু মাঘ বিহুৰ দুদিনমান পাছতে ফেচবুকত তেওঁ দিয়া এটা বিশেষ প’ষ্টে বহুতৰে দৃষ্টি আকর্ষণ কৰে। তেওঁৰ বুদ্ধিদীপ্ত মনটোৱে যিকোনো ঘটনা-পৰিঘটনা খুব সূক্ষ্ম দৃষ্টিৰে চাবলৈ বিচাৰে। সেয়েহে সৃষ্টি হয় উচ্চমানৰ মন্তব্যবোৰৰ। বিশেষ প’ষ্টটোত ডাঃ বৰুৱাই এটা বেচৰকাৰী ট্রাষ্টে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাবাদৰ্শৰ দ্বাৰা অনুপ্রাণিত হৈ কাম কৰাৰ কথা উল্লেখ কৰিছে। শংকৰদেৱৰ চিন্তাক বাস্তৱত ৰূপায়িত কৰিব খুজিছে তাত থকা সম্প্রীতি-সমন্বয়ৰ বাণীসমূহক লৈ। শংকৰদেৱক লৈ সৃষ্টি হোৱা আন কেতবোৰ বৃহৎ অনুষ্ঠানৰ দৰে গুৰুজনাক কেৱল ধৰ্মৰ পিঞ্জৰাত বন্দী কৰি থোৱা প্ৰৱণতাৰ পৰা সেই সংগঠনটো মুক্ত। ২০০৩ চনতে জন্ম পোৱা সংগঠনটোৰ নাম হৈছে শ্রীমন্ত ফাউণ্ডেচন। পৰিচালন ন্যাসৰক্ষী হৈছে জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু বৰ্তমানৰ ভাৰত চৰকাৰৰ গধুৰ উদ্যোগ বিভাগৰ যুটীয়া সচিব ভাস্কৰজ্যোতি মহন্ত। সকলো ক্ষেত্রতে তেওঁৰ হাত শক্তিশালী কৰি অহা ট্রাষ্টটোৰ আনজন মূল ব্যক্তি হ’ল দীপাংকৰ মহন্ত। দীর্ঘদিন ধৰি ট্রাষ্টটোৰ জৰিয়তে অসমৰ বিভিন্ন গোষ্ঠী-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সাঁকো নির্মাণ কৰাত উদ্যোক্তাসকল ব্রতী হৈ আছে। ডাঃ নভনীল বৰুৱাই ফেচবুকত উল্লেখ কৰিছিল আন বহু লোকে সাধাৰণতে মন নকৰা এটা বিশেষ কথা। ভাস্কৰজ্যোতি মহন্তৰ লগত থকা দীর্ঘদিনীয়া বন্ধুত্বৰ সম্বন্ধই হয়তো তেওঁক সহায় কৰিছে উদ্যোক্তাসকলৰ মনৰ মাজলৈ জুমি চাবলৈ। অনুষ্ঠানটোৰ নামটোত গুৰুজনা যেন এক মায়াসনা পৰিৱেশত আছে। তেওঁ আছে, কিয়নো ‘শ্রীমন্ত’ শব্দটো আছে, তেওঁ নাই, কিয়নো শংকৰদেৱ শব্দটো উহ্য। ভাস্কৰজ্যোতি মহন্তৰ এইটো এটা নান্দনিক কৌশল। এনে কৌশল কেতিয়াবা সমকালীন সমাজৰ পৰিস্থিতিয়ে দাবী কৰে। গুৰুজনাই সকলো জাতি-জনগোষ্ঠীৰ মানুহক লৈ এক অতুলনীয় সমভাৱেৰে আৰু অভূতপূর্ব সমমর্যাদাৰে বৰ অসমৰ আধাৰ মজবুত কৰিছিল। আধ্যাত্মিক সাম্যবাদৰ নিৰ্যাসেৰে তেওঁৰ প্রতিটো পদক্ষেপ সিক্ত হৈ আছে। সংকীর্ণতা আৰু সাম্প্রদায়িকতা এই দুয়োটা ব্যাধিৰ পৰা তেওঁ আছিল শতযোজন দূৰত। কিন্তু পৰিতাপৰ কথা, শংকৰোত্তৰ যুগত এচাম দাম্ভিক আৰু বৰ্ণবাদী চিন্তাৰ সত্ৰাধিকাৰৰ বৈষম্যমূলক কামবোৰক বৃহত্তৰ অসমীয়াভাষী সমাজে প্রতিৰোধ কৰিব নোৱৰা বাবে এচাম স্বাভিমানী জনগোষ্ঠীয় লোকৰ দৃষ্টিত গুৰুজনাও এলাগি হৈ পৰিল। ঐক্য-সম্প্ৰীতিৰ সপোনক বাস্তৱত পৰিণত কৰিবলৈ অহোপুৰুষাৰ্থ কৰা ৰূপান্তৰৰ খনিকৰজনৰ কৃষ্টি-সংস্কৃতিৰ চৰ্চাকো একাংশ জনজাতীয় লোকে আধিপত্যকামী অসমীয়াভাষীসকলৰ প্ৰভুত্ব বিস্তাৰৰ আহিলা বুলি ভাবিবলৈ ল’লে। ডাঃ নভনীল বৰুৱাৰ প’ষ্টটোৰ তলতে বড়ো জনগোষ্ঠীৰ এজন লোকৰ মনৰ মাজত পুঞ্জীভূত হৈ থকা বেদনাৰ উমান পাইছিলোঁ। ইয়াৰ বাবে সকলো দোষ আমি মূৰ পাতি ল’ব লাগিব। জনগোষ্ঠীয় লোকসকলক আন কোনো কুচক্রী লোকে অসমীয়াৰ বিৰুদ্ধে উচটাইছে বুলি আমাৰ মাজৰ একাংশই ভাবি থকা কথাবোৰ এৰিবৰ হ’ল। তেনে কথা ভাবি থাকিলে আমি আমাৰ মনৰ কলুষতা আৰু সংকীর্ণতাবোৰ পৰিহাৰ কৰিব নোৱাৰিম। বৰ অসমৰ সপোনবোৰো সেয়েহে বাটতে উজুটি খাই পৰে। ভাস্কৰজ্যোতি মহন্তৰ সবল নেতৃত্বত সেয়েহে শ্রীমন্ত ফাউণ্ডেচনে সাংস্কৃতিক ‘ৰণচালি’ ধৰিছে বাটৰ হেঙাৰবোৰক আঁতৰোৱাৰ উদ্দেশ্যে। বৰুৱাই আৰু এটা কথা উল্লেখ কৰিছে যিটো কথাই বহুতো সচেতন লোককে আমনি দিয়ে। আমি কথাইপতি গুৰুজনাক বিশ্বদৰবাৰলৈ নিয়াৰ কথা কওঁ, কিন্তু কার্যক্ষেত্রত নিজৰ সমাজখনতে সিমান প্ৰাসংগিক কৰি তুলিব পৰা নাই, যি মাত্ৰাত কৰাটো সাম্প্ৰতিক সময়ৰ বাবে অতিকৈ আৱশ্যকীয় আছিল। ব্যক্তিগতভাৱে বিশ্বদৰবাৰ বোলা অদ্ভুত বস্তুটো লণ্ডনত আছে নে পেৰিছত আছে নে চিকাগোত আছে মই নাজানো। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰা অসমৰ সমাজখনতো তেওঁৰ আদৰ্শক কৃষ্টি-সংস্কৃতিৰ জৰিয়তে কাৰো অনুভূতিক আঘাত নকৰাকৈ লৈ যোৱাৰ যথেষ্ট অৱকাশ আছে। সেই কথাটোৰ মাজত থকা সম্ভাৱনীয়তাক সদর্থকভাবে হৃদয়ংগম কৰি ওলাই আহিছে অনুষ্ঠানটো। ভাস্কৰেেজ্যাতি মহন্তই নতুনকৈ এটা শব্দ ব্যৱহাৰ কৰাত গুৰুত্ব দিছে। শব্দটো হৈছে, ‘অসমীয়াৎ’, ঠিক পাঞ্জাবীয় বা কাশ্মীৰীয়ৎ দৰে। ব্যক্তিগতভাবে মই ‘অসমীয়াত্ব’ শব্দটো ব্যৱহাৰ কৰিবলৈহে আগ্রহী। কিন্তু ‘অসমীয়াৎ’য়েই হওক বা ‘অসমীয়াত্ব’ই হওক, শব্দটোৱে বুজাব খোজা ধাৰণাটো হ’ব লাগিব বহল, উদাৰ আৰু সমদর্শী। অন্যথা অসমীয়াভাষীৰ প্ৰভুত্ব বিস্তাৰ কৰিব খোজা শব্দ বুলি আন জনগোষ্ঠীৰ লোকে গ্রহণ নকৰিবও পাৰে।শ্রীমন্ত ফাউণ্ডেচনৰ সাংস্কৃতিক যাত্ৰাৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আছিল ২০১২ চনত গুৱাহাটীত আয়োজন কৰা সেতুবন্ধ কাৰ্যসূচী। তাৰ পাছৰ বছৰকেইটাতো সেই কাৰ্যসূচী চলি থাকিল। আৰু প্ৰতিবাৰেই ৰাইজৰ সঁহাৰি বৃদ্ধি পালে। ২০১৩ চনত গহপুৰত, ২০১৪ চনত ৰাজগড়ত আৰু ২০১৫ চনত ছত্রশাল আৰু ধুবুৰীত এই অনুষ্ঠান উদ্যাপিত হয়। ইয়াত হোৱা ভাওনা, বৰগীত বা গুৰুজনাৰ অনন্য সাংস্কৃতিক সমলবোৰৰ চৰ্চা যথেষ্ট মানসম্পন্ন আছিল। কিন্তু সেতুবন্ধৰ মূল গুৰুত্ব আৰু আকর্ষণ লুকাই আছে আন এটা দিশৰ মাজতহে। প্রতিটো অঞ্চলতে বসবাস কৰা মূল জনগোষ্ঠীটোৰ প্রাণোচ্ছল যুৱক-যুৱতীসকলে নিজৰ ভাষাৰ লগতে অসমীয়া ভাষাতো বৰগীত, প্রার্থনা গাইছে বা ভাওনাৰ বচন আওৰাইছে। লগতে অসমীয়াভাষীসকলেও বড়ো বা মিচিং ভাষাত খুব শ্রদ্ধাসহকাৰে বৰগীত বা গুৰুভটিমা পৰিৱেশন কৰিছে। এই প্রয়াসে পোহৰমুখী কৰি তুলিছে কাষৰ সমাজখনক। পোহৰাই তুলিছে মানুহৰ মনবোৰকো। সেয়েহে এই যাত্রাক আলোকময় যাত্রা বুলি ক’বলৈ বিচাৰিছোঁ। আন এটা গুৰুত্বপূৰ্ণ দিশক শ্রীমন্ত ফাউণ্ডেচনে যথেষ্ট আগ্ৰহেৰে তুলি ধৰিবলৈ চেষ্টা কৰিছে। সেইটো হ’ল- আগতে চাউল কঠা, তাৰ পাছতহে হৰি কথা। সেয়েহে যেতিয়াই সুবিধা পাইছে তেতিয়াই তেওঁলোকে যুৱক-যুৱতীসকলক স্বনিৰ্ভৰশীল হ’ব পৰাকৈ বিভিন্ন প্রায়োগিক বিষয়ত দক্ষতাবর্ধক প্রশিক্ষণ দিছে। কিয়নো পেটত গামোচা বান্ধি কোনো মানুহেই ধর্ম চর্চা বা সংস্কৃতি চর্চা কৰিব নোৱাৰে বা নকৰে। মনত পৰিছে কেইবছৰমানৰ আগতে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বৰখাতপাৰ সত্ৰত ফাউণ্ডেচনে আয়োজন কৰা সেৱা সমাৰোহত হৰি কথাৰ লগতে চাউল কঠাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল।
যোৱা ২১, ২২ আৰু ২৩ জানুৱাৰীতো গুৱাহাটীৰ বিভিন্ন স্থানত শ্রীমন্ত ফাউণ্ডেচনে বিভিন্ন জনগোষ্ঠীৰ লোকক লৈ গুৰুজনাৰ দ্বাৰা সৃষ্ট উপাদানবোৰৰ কৰ্ষণত নামি পৰিছিল। এটা জনগোষ্ঠীয়ে আন জনগোষ্ঠাৰ ভাষাত পৰিৱেশন কৰিছিল কাৰ্যসূচীবোৰ। ভাওনাৰ বচন প্রতিধ্বনিত হৈছিল জনগোষ্ঠীয় ভাষাত।. চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীয়েও এই পদক্ষেপৰ অংশীদাৰ হৈ পৰাটো উল্লেখনীয় দিশ। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ফাউণ্ডেচনৰ প্ৰথম সভাপতি তথা বিশিষ্ট পণ্ডিত কেশৱানন্দ দের গোস্বামীৰ সোঁৱৰণত আয়োজিত বক্তৃতা প্রদান কৰিছিল ভাৰতৰ অৱসৰপ্ৰাপ্ত গৃহ সচিব জি কে পিল্লায়ে। আই আই ইত চলিছিল উদ্যমহীনতা বিকাশৰ দিনজোৰা প্ৰশিক্ষণ। আই আই ই ৰ সঞ্চালক মনোজ কুমাৰ দাসৰ তৎপৰতা এইক্ষেত্রত নিশ্চিতভাবে প্রশংসনীয়। ২৩ জানুৱাৰীৰ গধূলি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত অনুষ্ঠিত হৈছিল এইবাৰৰ শেষৰতো কাৰ্যসূচী- গীত-মাতৰ গধূলি। খুব আন্তৰিকতাৰে সকলো শিল্পীয়ে গীত মাতৰ পৰিৱেশন কৰিছিল বৰগীত, প্ৰাৰ্থনা আদি। জনপ্রিয় সংগীত শিল্পী ৰূপম ভূঞাৰ গীতেও সকলোকে মুগ্ধ কৰিছিল। ভাস্কৰজ্যোতি মহন্তৰ কন্যা সৃজনীভাষ্য মহন্তই অসমীয়া আৰু মিচিং ভাষাত গোৱা প্রার্থনাকেইটাই সকলোৰে হৃদয় আলোড়িত কৰি তুলিছিল। অনুষ্ঠানৰ শেষত ঘৰলৈ ওভতোতে ভাবিছিলোঁ শ্রীমন্ত ফাউণ্ডেচনৰ এই বর্ণময় যাত্ৰাৰ যোগেদি অসমৰ বিভিন্ন জাতি-জনগোষ্টীৰ মাজত ঐক্য-সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰিব পৰা যাব। সেয়েহে এই আলোকময় যাত্ৰাৰ অগ্রগতি কামনা কৰিছোঁ।
এখন কলেজ আৰু এয়াৰপ'ৰ্টৰ এজন বিষয়া
অসমৰ শৈক্ষিক তথা বৌদ্ধিক জগতৰ লগত কিঞ্চিতমান সম্পর্ক থকা মানুহ মানেই নর্থ লখিমপুৰ কলেজৰ গৌৰৱময় গাথাৰ লগত পৰিচিত বুলি ভাবিব পাবি। বিশেষকৈ ২০১৩ চনত UGC য়ে সেই কলেজখনক স্বায়ত্তশাসিত কলেজৰ মর্যাদা দিয়াৰ পাছৰ পৰাই কলেজখনে সচেতন অসমীয়া লোকৰ জনমানসত এটা উচ্চ স্থান ল’বলৈ সক্ষম হয়। UGC য়ে স্বায়ত্তশাসিত কলেজৰ মৰ্যাদা দিয়া নর্থ লখিমপুৰ কলেজখনেই হৈছে অসমৰ প্ৰথম মহাবিদ্যালয়। কেইমাহমানৰ আগতে অৱশ্যে যোৰহাটৰ জে বি কলেজেও উক্ত সম্মানটো পাবলৈ সমর্থ হৈছে। যোৱাবছৰ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা অসমীয়া সাহিত্য-সংস্কৃতিৰ হকে নিৰন্তৰভাৱে যুঁজ চলাই অহা ড° অৰবিন্দ ৰাজখোৱাৰ পৰা পোৱা এটা বিশেষ খবৰে কলেজখনৰ প্ৰতি থকা মোৰ আকৰ্ষণ আৰু বৃদ্ধি কৰিলে। ড° ৰাজখোৱাই জনাইছিল যে অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ চতুর্থ ষাণ্মাসিকত মোৰ ‘চিন্তাৰ ভগ্নাংশ’ গ্ৰন্থখন পাঠ্যপুথি হিচাপে লোৱা হৈছে। সেই খবৰটো আছিল মোৰ দৰে এজন নিঃকিন লেখকৰ জীৱনৰ অন্যতম প্রাপ্তি। নতুন প্ৰজন্মৰ সান্নিধ্যত থাকি ভালপাওঁ বাবেই নেকি মোৰ কিতাপ বৰ্তমানৰ ছাত্র-ছাত্রীয়ে পঢ়িব বুলি শুনোতে খুব গর্ববোধ কৰিছিলোঁ। সেই ৰাজখোৱায়ে এইবছৰৰ নৱাগত আদৰণী সভাত মোক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰাৰ এটা সিদ্ধান্ত কলেজৰ অধ্যক্ষই লোৱাৰ কথা জনালে। ২০১৬ চনত ২৭ আগষ্ট শনিবাৰ দিনটোতে মোৰ সুবিধা হোৱাকৈ কলেজ কর্তৃপক্ষই সেই সভাখনৰ আয়োজন কৰিছিল। অহা যোৱাৰ বিমানৰ টিকটটো ড° ৰাজখোৱাই কাটি ইমেইলযোগে পঠালে। ২৬ আগষ্টৰ পুৱাই বৰঝাৰ বিমানবন্দৰ পালোঁগৈ। বিমানবন্দৰত সোমায়েই দেখা এখন ছাইনবোর্ডে মোক যথেষ্ট ক্ষোভিত কৰিলে। ফলকখনক যাত্রীসকলক এটা বিশেষ সীমা পাৰ হৈ নাযাবলৈ কোৱা কথাখিনি ইংৰাজীত লিখা আছিল। ইংৰাজীত লিখা Passenger শব্দটোৰ বানানটো ভুলকৈ লিখা আছিল। তদুপৰি এটা সাংঘাতিক ডাঙৰ ব্যাকৰণগত ভুলো বাক্যটোত আছিল। গুৱাহাটী বিমানবন্দৰত প্ৰৱেশ কৰিয়েই যদি এটা বাক্যত দুটা ভুল দেখা যায়, খং উঠাটো তেনেই স্বাভাবিক নহয় জানো? বিমানবন্দৰৰ টয়লেটসমূহৰ কথা হয়তো নক’লেই ভাল হ’ব। অসমত পৰ্যটকৰ ‘বিপুল সম্ভাৱনীয়তা’ৰ কথা লৈ বহু কর্মশালা, আলোচনা-চক্র বা টেলিভিছনৰ টক শ্ব’ হয়, কিন্তু দুর্ভাগ্যজনকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ মূল বিমানবন্দৰটোৱেই আমাৰ সফলতাতকৈ ব্যৰ্থতাৰ কথাহে দাঙি ধৰে। অৱশ্যে এয়াৰপ’ৰ্টত ৰৈ থকা বাকীখিনি সময় মোৰ বাবে মধুৰ হৈ পৰিছিল। প্ৰায় ২৭ বছৰৰ পাছত এয়াৰপ’ৰ্টত মই কটন কলেজৰ দিনৰ এজন বন্ধুক লগ পালোঁ। উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি মই দিল্লী পালোঁগৈ আৰু মোৰ বন্ধুজনে অসমতে মেডিকেল পঢ়িলে। Anaesthesia বিভাগত পি জি কৰি তেওঁ যোৱা ১৬ বছৰ লখিমপুৰৰ এখন বেচৰকাৰী চিকিৎসালয়ত জড়িত হৈ আছে। গুৱাহাটীৰ গান্ধীবস্তিত নিজৰ ঘৰ বনাই আছে বাবে তদাৰক কৰিবলৈ মাজে মাজে আহি থাকে। সেইদিনা তেবোঁ লখিমপুৰ যাবলৈ ৰৈ থাকোঁতে আমি লগ পাই বহু পুৰণি কথা পাতিলোঁ। বর্তমান লখিমপুৰৰ নামজলা চিকিৎসক হৈ পৰা মোৰ বন্ধুৰ নাম ডাঃ পংকজ নাথ। কথাৰ মাজতে তেওঁকো ছাইনবোর্ডৰ ভুল ইংৰাজীখিনি দেখুৱালোঁ। লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত নমাৰ পাছতেই ড° অৰবিন্দ ৰাজখোৱাৰ ফোন আহিল। মোক নিবলৈ আহি তেওঁ এয়াৰপ’ৰ্টৰ বাহিৰত বৈ আছিল। তেওঁৰ লগতে আহি হোটেল Maple Leaf পালোঁহি। ব্রেকফাষ্টৰ টেবুলতে ধেমাজি, লখিমপুৰ আৰু নৰ্থ লখিমপুৰ কলেজ সন্দৰ্ভত ড° ৰাজখোৱাৰ লগত বহু কথা পাতিলোঁ। কায়িকভাবে মই তেওঁক প্রথম লগ পাইছোঁ। আগৰ কথা-বতৰা হৈছিল কেৱল টেলিফোন আৰু ফেচবুকৰ মাধ্যমেদিহে। নম্র স্বল্পভাষী ড° ৰাজখোৱাৰ প্ৰশান্ত মুখখন দেখিলেই ভাল লাগে। বেছিকৈ ঢাক-ঢোল নবজাই নীৰৱে কৰি যোৱা তেওঁৰ কামবোৰে কলেজখনৰ অসমীয়া বিভাগটোক এক সুকীয়া মাত্রা দিছে। শিক্ষা প্ৰদানৰ দৰে পৱিত্ৰ বৃত্তিক আন্তৰিকতাৰে গ্ৰহণ কৰি নতুন প্ৰজন্মৰ মনৰ অভিকেন্দ্র স্পর্শ কৰিব পাৰিলে উঠি অহা ছাত্র-ছাত্রীৰ হাতত যে আমাৰ সাহিত্য-সংস্কৃতি বিপদাপন্ন হৈ নপৰে তাৰ উজ্জ্বল দৃষ্টান্ত হ’ল ৰাজখোৱা দম্পতী। উল্লেখ্য যে তেওঁৰ পৰিবাৰ মুনমী দত্তও একেখন কলেজৰে অসমীয়া বিভাগৰ শিক্ষয়ত্ৰী। মুনমী দত্তৰ বন্ধন বিদ্যাতো যে যথেষ্ট দখল আছে, সেয়া গম পালোঁ সেইদিনা নিশাৰ সাঁজটো খোৱাৰ সময়ত। পঠাৰ মাংস আৰু আৰি মাছৰ আঞ্জাবে তৃপ্তিবে ভাত খাই এটা স্মৰণীয় গধূলি তেওঁলোকৰ লগত অতিবাহিত কৰি মোৰ বৰ ভাল লাগিল। নর্থ লখিমপুৰ কলেজৰ নবাগত আদৰণী সভাখন শনিবাৰে আছিল যদিও মই আগদিনা ৰাতিপুৱাই পালোঁগৈ। মই যোৱাৰ আগতেই সেই প্রগ্রেমটো গম পাই ঘিলামৰাত অবস্থিত নর্থ বেংক কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ড’ গীতাঞ্জলি বৰুৱাই শুকুৰবাৰৰ দিনাই কলেজত এটা অন্তৰংগ আলাপৰ আয়োজন কৰিছিল। যথাসময়ত ঘিলামৰা নর্থ বেংক কলেজ ওলালোঁগৈ। বাহিৰত উৎকট গৰম পৰিছিল সেইদিনা। কিন্তু হলঘৰত সোমায়েই দেখিলোঁ অধ্যক্ষ, উপাধ্যক্ষ আৰু অধিকাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে প্রায় পাঁচ শতাধিক ছাত্র-ছাত্রী ধৈৰ্যৰে বহি আছে। নতুন প্ৰজন্মৰ লগত মুখামুখিকৈ কথা পাতিবৰ সুযোগ পোৱাটো মোৰ বাবে সদায়েই গৌৰৱৰ কথা। প্রায় আঢ়ৈ ঘণ্টা সময় তেওঁলোকৰ লগত কটালোঁ। প্রথম আধাঘণ্টামান মোৰ মনৰ অনুভৱখিনি ব্যক্ত কৰাৰ পাছত জাউৰিয়ে জাউৰিয়ে প্রশ্ন আহিল। দেশ আৰু ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা আৰম্ভ কৰি পৰেশ বৰুৱাৰ বৰ্তমান স্থিতিলৈকে বহু কথা তেওঁলোকে সুধিলে। ময়ো পাৰ্যমানে উত্তৰ দিলোঁ। অৱশ্যে অধ্যাপক-অধ্যাপিকাসকলে ইমান প্রশ্ন কৰিব বুলি ভবা নাছিলোঁ। কেইগৰাকীমান অধ্যাপিকাৰ হাতত মই লিখা গ্রন্থ দেখি আৰু তাত থকা তথ্যৰ ভিত্তিত তেওঁলোকে কৰা প্ৰশ্নৰ ধাৰাটোৱে বুজাই দিয়ে ধেমাজি আৰু লখিমপুৰ জিলাৰ পাঠক সমাজৰ উচ্চ চিন্তাধাৰা আৰু বৌদ্ধিক পৰিপক্কতাৰ কথা। অসমীয়া গ্রন্থ অধ্যয়নৰ ক্ষেত্ৰত ধেমাজি আৰু লখিমপুৰ জিলাৰ লোকে অসমৰ আনবোৰ জিলাৰ লোকক নিশ্চিতভবে অনুপ্রাণিত কৰিব পাৰে। ২০১৫ চনত মই ধেমাজি মহাবিদ্যালয় আৰু বৰদলনি মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভালৈ যাওঁতেও সেই একেখন যোগাত্মক ছবিয়েই মনত লৈ আহিছিলোঁ। শুকুৰবাৰে গধূলি হোটেল আহি পোৱাৰ পাছতেই নর্থ লখিমপুৰ কলেজৰ তিনিজন ছাত্র-ছাত্রী আহিল। কলেজৰ আলোচনীৰ বাবে তেওঁলোকে মোৰ এটা সাক্ষাৎকাৰ ল’ব বিচাৰে। এইবাৰ সন্মুখীন হ’লোঁ ভাস্কৰ ভূঞা, তুলিকা হাজৰিকা আৰু ৰূপম হাজৰিকাই কৰা প্ৰশ্নবোৰৰ। উল্লেখযোগ্য যে কলেজখনৰ আলোচনীখনে ধাৰাবাহিকভাবে কেইবাবছৰো ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজবোৰৰ আলোচনীৰ মাজত শ্রেষ্ঠ স্থান পাই আহিছে। পিছদিনা অর্থাৎ শনিবাৰ ২৭ আগষ্ট তাৰিখে সভা চলি থাকোঁতেই ‘কেম্পাছ’ শীর্ষক কলেজৰ পৰা ওলোৱা কাকতখনৰ ‘নৱাগত আদৰণী সভা বিশেষ সংখ্যা’ বিতৰণ কৰা হ’ব বুলি তেওঁলোকে মোক জনালে। অসমৰ আন কলেজত এনেধৰণৰ পদক্ষেপ লৈছেনে নাই মই নাজানো। যদি লোৱা নাই, ই নিশ্চিতভাবে আন কলেজৰ বাবে আৰ্হি হ’ব পাৰে। শনিবাৰে পুৱাই ৰাজখোৱাই হোটেলৰ পৰা কলেজলৈ লৈ আহিল। সভা আৰম্ভ হোৱাৰ আগত আৰু শেষ হোৱাৰ পিছত অধ্যক্ষ ড° বিমান চেতিয়াকে মুখ্য কৰি বহুকেইজন শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ লগত কথা পাতিলোঁ। সভাত মই কি ক’লো তাতকৈ বেছি গুৰুত্বপূৰ্ণ মই তাৰ পৰা কি কি নতুন কথা জানিলোঁ। আজি প্রায় বিশ বছৰ ধৰি নৰ্থ লখিমপুৰ কলেজে কোনো অসম বন্ধ, ভাৰত বন্ধ পালন কৰা নাই। দূৰৰ ছাত্ৰ-ছাত্ৰীকো আগদিনাই লগৰ ছাত্ৰ-ছাত্ৰীৰ লগত থকাৰ ব্যবস্থা পার্যমানে কলেজ কর্তৃপক্ষই কৰে। শিক্ষকসকলো যিকোনো প্ৰকাৰে উপস্থিত থাকে তেনে বন্ধৰ দিনবোৰত। কলেজখনৰ এটা নিজা প্রকাশন আছে আৰু বর্তমানলৈকে কুৰিখনৰো অধিক সুন্দৰ গ্ৰন্থ তেওঁলোকে প্রকাশ কৰিছে। কেম্পাছৰ ভিতৰত থকা গ্রন্থ বিপণীটোত বছৰি কমেও বিশ লাখ টকাৰ কিতাপ বিক্রী হয়। ছাত্র-ছাত্রীক বিশেষ ৰেহাই মূল্যত গ্রন্থ বিক্ৰী কৰা হয়। মহাবিদ্যালয়খনৰ এটা নিয়মীয়া সাহিত্য অনুষ্ঠান হৈছে ‘কিতাপ আৰু আলাপ’। মাহত এবাৰ বা দুবাৰ হোৱা এই অনুষ্ঠানটোত ছাত্র-ছাত্রীয়ে নিজে পঢ়া শেহতীয়া কিতাপৰ বিষয়ে কয়। তাত সমবেত হোৱা আনবোৰ লোকেও আলোচনাত ভাগ লৈ অনুষ্ঠানটোৰ মান বৃদ্ধি কৰে। মহাবিদ্যালয়ৰ ছিনে ক্লাবটোও যথেষ্ট সক্রিয়। কলেজত চলচ্চিত্র মহোৎসর পতাৰ উপৰি জিলাখনৰ বিভিন্ন গাঁৱতো সুস্থ চিনেমাৰ প্রদর্শন সময়ে সময়ে তেওঁলোকে কৰি আহিছে। অসমীয়া বিভাগৰ এগৰাকী ছাত্রীয়ে আমার প্রেক্টিকেলো আছে বুলি কোৱাত আচৰিত হৈছিলোঁ। পাছত গম পালোঁ কম্পিউটার ছফট্ওরেবত অসমীয়া ভাষাৰ ব্যৱহাৰ কৰি কপি-এডিটিং, প্রুফ বিডিং আদি কাম শিকোৱা হয়। সেয়েহে সেইখন কলেজৰ পৰা ওলাই অহা ল’ৰা-ছোৱালীয়ে অনায়াসে সংবাদ মাধ্যমত চাকৰি পায়। পুৰণি ছাত্র-ছাত্রীসকলবো কলেজখনৰ প্রতি থক। টানটো শলাগিবলগীয়া। ‘প্রতিদিন টাইম’ৰ সু-সাংবাদিক শোণিত ভূএল এসময়ত নর্থ লখিমপুৰৰ কলেজৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক আছিল বুলি সেইদিনাহে গম পালোঁ। তেও ফোনযোগে গুৱাহাটীৰ পৰাই খবৰ লৈ আছিল, মই কলেজখনলৈ আহি কেনে পাইছোঁ সেইটো জানিবলৈ। মুঠতে অধ্যক্ষ, দুজনকৈ উপাধ্যক্ষ, শিক্ষকবৃন্দ, কর্মচাৰীসকল আৰু ছাত্র-ছাত্রীক লৈ (বর্তমানৰ আৰু প্রাক্তন) নর্থ লখিমপুৰ কলেজ এটা বৃহৎ পৰিয়ালৰ দবে। সেই বৃহৎ পৰিয়ালটোৰ আগত প্রায় এঘণ্টা সময় ভাষণ দিয়াৰ পিছত মোৰ চোলাটো ঘামত তিতি যোৱা দেখি মঞ্চৰ এজন অতিথিয়ে বেছি ভাগৰ লাগিছে নেকি সুধিছিল। মই কৈছিলোঁ শৰীৰ ঘামত তিতি যোৱা কথাটোতকৈ মোৰ মনটো এক অনন্য আশা-অনুভূতিয়ে তিয়াই পেলাইছিল। সেই আশা আনিছিল নৱপ্ৰজন্মৰ চকুত প্রতিফলিত হোৱা সপোনবোৰে। কাৰণ সেই সপোনবোৰৰ আধাৰ আছিল সাহস আৰু সততা। কলেজৰ লগত জড়িত প্রতিজন লোকেই কম-বেছি পৰিমাণে সেই সপোনক বাস্তবায়িত কৰাৰ প্ৰয়াসত জড়িত থকা যেন মোৰ অনুভৱ হৈছিল। আৰু মোৰ অনুভৱ যে বহুলাংশে সঁচা আছিল সেই কথা প্রমাণ হ’ল দেওবাৰে গুৱাহাটীলৈ ওভতাৰ সময়ত লীলাবাৰী এয়াৰপ’ৰ্টত Check In কৰাৰ পিছতেই তিনিজন বিষয়া মোৰ লগত চিনাকি হ’বলৈ আহিছিল। মোৰ মুখখন টেলিভিছনৰ টক শ্ব’ৰ বাবে তেওঁলোকৰ চিনাকি। এজনে মোৰ কিতাপো পঢ়িছে। তেওঁলোকৰ দুজন আছিল অসমীয়া আৰু তৃতীয়জন আছিল জন্মসূত্রে হিমাচল প্ৰদেশৰ। Air India ৰ ষ্টেছন মেনেজাৰ কন্দৰ্প শর্মা আৰু Airport Authority of India ৰ চিকন বণিয়াতকৈও Air India ৰ বিষয়া সুনীল বাৰ্মাৰ কথাকেইটাই মোক বেছিকৈ চুই গ’ল। মই নৰ্থ লখিমপুৰ কলেজৰ অনুষ্ঠানলৈ অহা বুলি জানি সুনীল বামাই শুদ্ধ অসমীয়াতে ক’লে যে কলেজখনৰ সুনামৰ বিষয়ে তেওঁ ভালদৰেই অবগত। লগতে এইটোও ক’লে যে চৰকাৰে যদি তেওঁক বদলি নকৰে, তেওঁ নিজৰ ল’ৰা-ছোৱালীকো নর্থ লখিমপুৰ কলেজতে পঢ়াবলৈ বিচাৰিব। মই ভাবোঁ অনা অসমীয়া লোকজনে শুদ্ধ অসমীয়াতে কোৱা কথাকেইষাৰ যিটো বৌদ্ধিক পৰিমণ্ডলৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে, তাত নর্থ লখিমপুৰ কলেজৰ নিশ্চিতভাবে এটা ইতিবাচক বৰঙণি আছে। সেই বৰঙণি অনাগত সময়ত অধিক শক্তিশালী হৈ পৰক, তাৰ আশাৰে…