যোৰহাটে দিয়া অৱদান

Ahim saikia
9 Min Read

কোনো এখন ঠাইৰ বিষয়ে স্থিৰ সিদ্ধান্ত লোৱাৰ সময়ত ঠাইখনৰ নিগাজী বাসিন্দা সকলৰ আচাৰ-ব্যৱহাৰ আৰু বাহ্যিক মানসিকতাটোরে বিশেষভাৱে প্ৰভাৱ পেলায়। যোৰহাটৰ মানুহৰ মুখৰ মাত অতিকৈ মিঠা। কেতিয়াবা কেতিয়াবা এই মিঠা মাত ব্যৱহাৰক অসমৰ অনন্য অঞ্চলৰ মানুহে সদর্থক দৃষ্টিৰে নাচাই কৃত্রিম বুলিও ক’ব বিচাৰে। কিন্তু গুৱাহাটীৰ তুলনাত যোৰহাট নিৱাসী অধিকাংশ লোকৰে মাত-কথা যথেষ্ট আন্তৰিকতাপূর্ণ আৰু মৰমসনা। তদুপৰি যোৰহাটলৈ অহাৰ আগতে আমি আছিলোঁ চণ্ডীগড়ত। প্রায় চাৰি বছৰ কাল। পঞ্জাৱ, হাৰিয়ানাৰ মানুহবোৰ অসমীয়াতকৈ দেখাতো ডাঙৰ আৰু মাত-কথাও ডাঙৰ ডাঙৰ। সেইবাবে পঞ্জাৱ আৰু চণ্ডীগড়ৰ পৰা আহি যোৰহাটত থাকোঁতে হয়তো যোৰহটীয়া মাত কথাবোৰ আমি বেছি মিঠা পাইছিলোঁ। মই দিল্লীত পঢ়ি থকাৰ সময়তো যোৰহাটৰ বহু ছাত্র-ছাত্রী দিল্লীৰ বিভিন্ন কলেজত আছিল। মনত পৰে তাৰে ভিতৰৰ কেইগৰাকীমান ছোৱালী যেন অহংকাৰী আছিল। অৱশ্যে সেই অহংকাৰৰ আঁৰৰ কাৰণ উচ্ছল যৌৱন আছিল নে যোৰহটীয়া ভেম আছিল সেই কথাৰ সঠিক সিদ্ধান্ত মই ল’ব নোৱাৰিলোঁ।

চাওঁতে চাওঁতে মই যোৰহাট এৰি গুৱাহাটীত থাকিবলৈ লোৱা ডেৰটা বছৰৰো অধিক হ’লহি। সময়ৰ পাখি লগা কাঁড়ে মানুহৰ পৰিৱৰ্তনশীল জীৱনলৈকো মাজে মাজে স্থিৰতা আনে। তেনে এক বিন্দুত উপনীত হৈয়েই আজি যোৰহাটলৈ ঘূৰি চাব বিচাৰিছোঁ। আৱেগক নিলগাই ৰাখিম বুলি পণ লৈছোঁ কিন্তু নাজানো সেয়া সম্ভৱপৰ হ’বনে নহয়? কিয়নো মায়াসনা যোৰহাটত কটোৱা আঠ বছৰৰ সময়ছোৱা মোৰ ৰাজহুৱা জীৱনৰ ক্ষেত্ৰত খুবেই গুৰুত্বপূর্ণ। সেইবোৰ কথা বুকুত বাজি থাকে বাবেই যোৰহাট এৰাৰ পাছতেই ঠাইখনৰ কথা লিখিব বিচৰা নাছিলোঁ। ২০১৫ চনৰ ১২ এপ্ৰিলত নগৰখনৰ মাজমজিয়াত অৱস্থিত কুলধৰ চলিহা প্রেক্ষাগৃহত আয়োজিত মোৰ বিদায় সভাৰ কথা পিছদিনাৰ প্ৰতিখন কাকততে প্রকাশ পোৱাৰ পাছতে এখন কাকতৰ সন্মানীয় সম্পাদকজনে মোক যোৰহাটৰ অভিজ্ঞতাৰ বিষয়ে লিখিবলৈ জোৰ দিছিল। মই নিলিখিলোঁ। আৱেগে বস্তুনিষ্ঠতাক ধৰাশায়ী কৰিব বুলি ভাবি। আৰু আজি লিখিবলৈ লওঁতে বুজিছোঁ যোৰহটীয়া আৱেগৰ সুঁতিত এতিয়াও ধল আছে। বর্তমান সময়ত যোৰহাট আৰু তেজপুৰ অসমৰ ক্ৰমে বৌদ্ধিক আৰু সাংস্কৃতিক ৰাজধানী হয় নে নহয় তাক লৈ মাজে মাজে বির্তকও চলি আহিছে। কিন্তু এক উচ্চ স্তৰৰ বৌদ্ধিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে যি পৰিৱেশৰ প্ৰয়োজন তাক সৃষ্টি কৰোঁতে দুয়োখন নগৰেই পিছ পৰি ৰোৱা নাই। গুৰুত্বপূৰ্ণ কথা দুয়োখন নগৰৰ সাহিত্যপ্রেমী আৰু সংস্কৃতিপ্রেমী ৰাইজে কেৱল দেখাক দেখি সেই পৰিৱেশ ৰচনাৰ সেনানী হ’বলৈ আগবাঢ়ি অহা নাই। তেওঁলোক আগুৱাই আহিছে হৃদয়ৰ তাগিদাত স্বতঃস্ফূর্তভাবে। সেইবাবে যোৰহাট আৰু তেজপুৰ নগৰৰ ৰাজহুৱা অনুষ্ঠানত অসমীয়াৰ প্ৰাণৰ স্পন্দন শুনিবলৈ পোৱা যায়। অসমৰ অন্যান্য ঠাইসমূহৰ সকলো ব্যক্তিলৈ সন্মান ৰাখি ক’ব বিচাৰোঁ যে যোৰহাট আৰু তেজপুৰৰ অনুষ্ঠানৰ মাদকতা কিছু সুকীয়া। পৃথিৱীৰ আন ঠাইৰ দৰে ভাৰত তথা অসমৰো বৌদ্ধিক ক্ষেত্ৰখনত দৃষ্টিগোচৰ হোৱা এচাম স্থূলবুদ্ধিৰ লোকৰ সংকীর্ণতাৰ লগতে আন এচাম সলিসিয়ানে নিজৰ ন্যস্তস্বার্থ পূৰণৰ বাবে কৰা কু-কাৰ্যই বহুতকে বিমর্ষ কৰি তোলে। অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ বিকাশৰ বাবে কৰিবলগীয়া সমূহীয়া নিঃস্বার্থ প্রয়াসৰ বাটবোৰত যেতিয়া ব্যক্তিগত অসূযা-অপ্ৰীতিৰ বিষবাষ্পই কলুষিত কৰি তোলে, তেতিয়া মনত পৰে যোৰহাটলৈ। মই ক’ব বিচৰা নাই যে বিভিন্ন লবীকেন্দ্ৰিক ৰাজনীতি বা অন্যান্য ঋণাত্মক চিন্তা-চৰ্চাৰ পৰা যোৰহাটৰ বৌদ্ধিক জীৱন সম্পূর্ণ মুক্ত। তাতো চলে ৰাজনীতি, লগতে কূটনীতি আৰু অন্যান্য অনীতিও। কিন্তু আপেক্ষিকভাবে চালে গুৱাহাটীতকৈ তেনেবোৰ কথাৰ মাত্রা যোৰহাটত যথেষ্ট কম। অন্যান্য ঠাইৰ দৰেই যোৰহাটৰ একাংশ লোকো বর্তমান সময়ত কিছু আত্মকেন্দ্ৰিক হৈ পৰিছে। আন কিছুৱে স্বাৰ্থপৰতাৰ লগতে কৌশলীও হৈ উঠিছে।

কিন্তু আনবোৰ ঠাইত তেনে প্রৱণতা যিমান দৃষ্টিকটুভাৱে ধৰা দিয়ে যোৰহাটৰ ক্ষেত্রত সেয়া সিমান প্রবল হৈ উঠা নাই। আত্মকেন্দ্রিকতা আৰু কৌশলী ব্যৱহাৰৰ বৃত্তত বন্দী হৈও অধিকাংশ যোৰহটীয়াই কিন্তু এটা বিশেষ গুণক বির্সজন দিয়া নাই। সেই গুণটোৱেই হৈছে ৰুচিশীল বা পৰিশীলিত জীৱনবোধৰ নিৰন্তৰ উদ্যাপন। জীৱনক উপভোগ কৰাতকৈ জীৱনটোক উদ্যাপন কৰিবলৈ বেছি ভাল পোৱা যোৰহাটৰ ৰাইজৰ বহুতৰে ব্যক্তিত্বত এক অনন্যতাই শোভা বর্ধন কৰি আহিছে। নগৰখনতে দীর্ঘদিন কাম কৰি অহা বহু সচেতন লোকৰো চকুত নপৰা এনেবোৰ গুণৰ বাবে যোৰহাটৰ বুকুখন উদাৰ আৰু সহিষ্ণু। উদাৰতা আৰু সহনশীলতাৰ মিশ্রণে বৌদ্ধিক উত্তৰণৰ পথাৰখনত জৈৱিক সাৰ ঢালে। তাৰ পৰা সৃষ্টি হোৱা উৰ্বৰতাই বহুতো লোককে নিজৰ বৌদ্ধিক চিন্তা-চেতনাক আগবঢ়াই লৈ যোৱাত সহায় কৰে। একাংশ পঢ়ুৱৈয়ে হয়তো ভাবিব যে যোৰহাটক মই প্রয়োজনাধিক প্রশংসা কৰিছোঁ। কিন্তু সেয়া দৰচলতে সত্য নহয়। তাৰ প্ৰমাণো আছে মোৰ লগত। স্কুলীয়া কালত সঁফুৰা, অসমবাণী আৰু প্ৰহৰী (অধুনালুপ্ত) আদি কাকতত লিখিছিলোঁ যদিও অসমীয়া লিখনিত মোৰ দীর্ঘদিন যতি পৰিছিল। কটন কলেজত উচ্চতৰ মাধ্যমিক শিক্ষা গ্রহণ কৰাৰ সময়ছোৱাত পোন প্ৰথমবাৰৰ বাবে মই অলপ ছিৰিয়াছ বিষয়বোৰত হাত দিবলৈ লওঁ। মোক আকৰ্ষিত কৰা বিষয়বোৰো স্পৰ্শকাতৰ আছিল। কিন্তু মই লিখিবলৈ লৈছিলোঁ ইংৰাজী ভাষাত। কিয় নাজানো তেনেবোৰ বিষয় নিজৰ মাতৃভাষাত লিখা প্রয়োজনীয়তাৰ কথা মোৰ মনলৈ অহা নাছিল। হয়তো মোৰ মনত এটা প্রচণ্ড জেদভাব আছিল। মোৰ প্ৰয়াত দেউতায়ো সেই জেদভাব বঢ়াই তোলাত সহায় কৰিছিল। তাৰ বাবেই মই চিৰকৃতজ্ঞ। সেই সময়ত কটন কলেজত নামভৰ্তি কৰা ইংৰাজী স্কুলৰ ল’ৰা-ছোৱালী আৰু অসমীয়া স্কুলৰ ল’ৰা-ছেৱালীৰ মাজত এখন অঘোষিত যুদ্ধ হৈছিল। একাংশ ইংৰাজী মাধ্যমত পঢ়ি অহা ছাত্ৰই অসমীয়া স্কুলৰ ল’ৰা-ছোৱালীয়ে ইংৰাজী কওঁতে আৰু লিখোঁতে অসুবিধা পাই বুলি ভাবি উপলুঙা কৰিছিল। তেনে উপলুঙাৰ বাবে বহু অসমীয়া স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মনলৈ হীনমন্যতাৰ ভাব আহিছিল। এইটো কথাই মোক আজিও গর্বিত কৰে যে অভ্যাস আৰু অনুশীলনৰ যোগেদি এটা বিদেশী ভাষা আয়ত্ত কৰাটো ইমান কঠিন নহয় বুলি মই প্ৰমাণ কৰিব পাৰিলোঁ। কিন্তু সেই প্রচেষ্টাত লাগি থাকোঁতে মই ইংৰাজী লিখোঁতে যিমান গুৰুত্ব দিলোঁ, সিমান গুৰত্ব নিদিলোঁ অসমীয়া লিখাত। অৱশ্যে অসমীয়া কাকত-আলোচনী আৰু গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত মোৰ পূৰ্বৰ অভ্যাস বৰ্তি আছিল। পুনৰ অসমীয়া ভাষাত লিখা আৰম্ভ কৰাৰ ক্ষেত্ৰত যোৰহাটৰ ভূমিকা অদ্বিতীয়। মই এতিয়াও বিশ্বাস কৰোঁ যে চাকৰি সূত্ৰে মই যোৰহাটত থাকিবলগীয়া নোহোৱাহেঁতেন, মই হয়তো অসমীয়াত লেখা-মেলা নকৰিলোহেঁতেন। যোৰহাটৰ সেই অৰিহণা মই শব্দৰে বৰ্ণনা কৰিব নোৱাৰোঁ।

২০১৪ চনৰ গৰম দিনত অস্কাৰ বঁটা বিজয়ী শিল্পী বাছেল পুকুট্টীও যোৰহাটলৈ আহিছিল। নগৰখনৰ বিশিষ্ট নাগৰিকৰে গঠিত ৰাজহুৱা সভাই সিদ্ধান্ত লৈ মোক আজ্ঞা দিছিল সেই বিখ্যাত শিল্পীজনাৰ আগত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ গুৰুত্বপূৰ্ণ উপাদানবোৰ ব্যাখ্যা কৰিবলৈ। আৰু ক’বলৈ যোৱা মানে নিজৰ ঢোল বজোৱাহে হ’ব। মই জোৰ দিব বিচৰা কথাটো হ’ল জ্ঞান, বয়স আৰু অভিজ্ঞতাৰ জোখাইদি মোৰ দৰে কনিষ্ঠজনক সেই আঠ বছৰত যোৰহাটৰ লোকে যি সম্মান দিলে, তাত নিশ্চিতভাবে সেইখন ঠাইৰ বৌদ্ধিক পৰিৱশটোৰ বিপুল ভূমিকা আছে। যোৰহাটৰ সেই ধাৰ মই জীৱনত শুজিব নোৱাৰোঁ।

মোক আনন্দ দিয়া ‘আনটো কথা হ’ল যে যোৰহাটৰ শুভানুধ্যায়ী বহু লোকে মোৰ লগত নিয়মিতভাবে যোগাযোগ ৰাখি আহিছে। নামবোৰ দিয়াতো প্রয়োজনীয় বুলি ভবা নাই, কিয়নো কিবা কাৰণত দুই এজনৰ নাম বাদো পৰিব পাৰে। সেইসকল লোকৰ আৰ্শীবাদ, শুভকামনা আৰু সমালোচনা মোৰ জীৱনৰ অন্যতম প্রাপ্তি বুলি মই গণ্য কৰোঁ। মজাৰ কথা গুৱাহাটীৰ সভা-সমিতি আৰু বিয়া-সবাহত চিনাকি হ’বলৈ আগবাঢ়ি অহা বেছিসংখ্যক লোকেই মোক যোৰহাটৰ বুলিয়েই ভাবে। ‘আপুনি গুৱাহাটীলৈ কেতিয়া আহিলে?’, ‘যোৰহাটৰ খা-খবৰ কেনেকুৱা?’ আদি প্ৰশ্নৰ উত্তৰ মই প্ৰায়ে দিবলগীয়া হয়। উত্তৰবোৰ তেওঁলোকে ভবাৰ ধৰণৰ নহ’লেও মোৰ মনটো কিন্তু ভৰি পৰে। যোৰহাটৰ লগত গঢ়ি উঠা একাত্মতাৰ এনাজৰীডাল এতিয়াও দুর্বল হোৱা নাই বাবে।

যোৰহাটৰ প্ৰায় প্ৰতিটো ৰাজহুৱা অনুষ্ঠানৰ লগতে প্ৰতিখন কলেজ আৰু অসম কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন সময়ত মোক আমন্ত্ৰণ কৰি নিজৰ মনৰ ভাব ব্যক্ত কৰাৰ সুবিধা দিছিল। এই সকলো অনুষ্ঠানে মোৰ চিন্তা-চেতনাক অধিক গণমুখী হ’বলৈ অনুপ্ৰেৰণা দিছিল। তাৰে কেইটামান অনুষ্ঠানৰ দৃষ্টান্ত দাঙি ধৰাৰ লোভ সামৰিব নোৱাৰিলোঁ। ২০১৩ চনৰ আগষ্ট মাহ। দিনটো পাহৰিলোঁ। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ গার্হস্থ্য বিজ্ঞান মহাবিদ্যালয়ৰ ৪০সংখ্যক প্রতিষ্ঠা দিৱসৰ মুখ্য অতিথি আছিলোঁ মই। প্রায় এঘণ্টীয়া এটা বক্তৃতা ইংৰাজীত extempore দিবলগীয়া হৈছিল। মঞ্চৰ পৰা নামি আহোঁতে কৃষি বিশ্ববিদ্যালয়ৰ কেইজনমান জ্যেষ্ঠ অধ্যাপকৰ উদগনিমূলক কথাই মোক আহ্লাদিত কৰিছিল। বিশেষকৈ গুৱাহাটীৰ কটন কলেজিয়েট স্কুলত পঢ়া দুজনমান অধ্যাপকৰ কথা শুনি মন ভৰি গৈছিল। ২০১০ নে ২০১১ চনত যোৰহাট মহাবিদ্যালয়ত আয়োজিত এখন আলোচনা-চক্রলৈ আহিছিল বিখ্যাত পণ্ডিত তথা সক্রিয় ৰাজহুৱা কৰ্মী ৰমন মেগছেছে বঁটা বিজয়ী ড° সন্দীপ পাণ্ডে। তেওঁ ভাষণ দিয়া অংশটোৰ অধ্যক্ষতা কৰাৰ গুৰু দায়িত্বও এই অভাজনৰ হাতত পৰিছিল। মই ক’ব নোৱাৰোঁ যোৰহাট অসমৰ বৌদ্ধিক ৰাজধানী বোলা কথাষাৰ আজিৰ দিনত তর্কাতীত বুলি। গুণীজনে সেই বিষয়ে সঠিক সিদ্ধান্ত ল’ব। মই কেৱল ক’ব পাৰোঁ মোৰ জীৱনত যোৰহাটৰ ভূমিকা বিস্ময়কৰভাৱে ইতিবাচক। যোৰহাটে এজন মানুহক কি দিব পাৰে তাক বুজোৱাটো দৰাচলতে মোৰ দৰে নিঃকিন ব্যক্তিৰ সামৰ্থ্যৰ বাহিৰত।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *