অসম আন্দোলন আৰু ইন্দিৰা গান্ধী প্ৰজন্মই কেনেকৈ চাইছিল ? অসম আন্দোলন আৰু ইন্দিৰা গান্ধী বিষয়ে জানো আহক মোৰ শৈশৱ আৰ কৈশোৰৰ সময়বোৰৰ মাজত অসম আন্দোলনৰ অলেখ স্মৃতি বিজড়িত হৈ আছে। আন লাখ লাখ ছাত্র-ছাত্ৰীৰ দৰে ময়ো আন্দোলনৰ বাবে এটা শৈক্ষিক বর্ষ হেৰুৱাইছিলোঁ। মোৰ দেউতা- প্রয়াত ভাৰত চন্দ্ৰ বৰা চাকৰিৰ পৰা নিলম্বিত হৈছিল। আনকি চি আৰ পি পুলিচৰ সন্ত্ৰাসৰ বাবে চানমাৰিৰ ইৰিগেশন ক’লনীৰ চৰকাৰী কোৱাটাৰৰ পৰা আঁতৰি নিশা অন্য স্থানত অতিবাহিত কৰাৰ কথাও মোৰ মনত আছে। দেউতা-মাৰ মুখত প্রায়ে শুনিছিলোঁ কেনেকুৱা পৰিস্থিতিত মোৰ খুৰা অনিল বৰাই ১৯৭২ চনৰ মাধ্যম আন্দোলনত হোজাইত দুষ্কৃতিকাৰীৰ হাতত প্রাণ হেৰুৱাইছিল। সেই কথাবোৰ কেঁচা ঘাৰ দৰে মনত লাগি আছিল, বৰং আজিও আছে বুলি ক’লেহে শুদ্ধ হ’ব। অৱধাৰিতভাৱেই অসমীয়া জাতীয়তাবাদী চিন্তা-চেতনা আমাৰ মন-প্ৰাণৰ মাজত সোমাই পৰিছিল।
মোৰ শৈশৱৰ অসম আন্দোলনৰ স্মৃতি
আনন্দ আৰু গৌৰৱেৰে ক’ব বিচাৰোঁ যে আজিও মোৰ মনৰ মাজত সেই চেতনাৰ প্ৰভাৱ গভীৰ। আন্দোলনৰ উত্তাল সময়বোৰত সেই চিন্তাত আৱেগৰ প্রভার আছিল যথেষ্ট বেছি। বর্তমান সময়ত বহু প্রয়াসৰ অন্তত সেই আৱেগৰ তীব্রতা কমাই নিজৰ মনতে জাতীয়তাবাদৰ এখন সুস্থ আৰু উদাৰ ছবি আঁকিবলৈ সমর্থ হৈছোঁ যেন অনুভৱ হয়। বিচাৰৰ ভাৰ সচেতন পঢ়ুৱৈ ৰাইজলৈ এৰিলোঁ। মিছা নকওঁ এই জাতীয়তাবাদী চেতনাৰে আৱেগিক ৰূপটোৰ দ্বাৰা বেছি প্রভাবান্বিত হৈ আছিলোঁ বাবেই ইন্দিৰা গান্ধীৰ নামটোৱে কোনোদিনে বিশেষ আকৰ্ষিত কৰিব পৰা নাছিল। আন্দোলনৰ সময়ত উৰি অহা কেতবোৰ বাতৰি উৰাবাতৰিৰ যুঁৱলি-কুঁৱলী ৰূপটোবে নেত্ৰীগৰাকীৰ প্ৰতি কেতিয়াবা ঋণাত্মক ভাবৰহে জন্ম দিছিল। এনে ভাবো হৈছিল তেওঁৰ কিছু কাৰ্যই যেন অসমীয়া জাতিটোক সাংঘাতিক ধৰণে ক্ষতিগ্রস্ত কৰিছে। ক্ষোভ আৰু উদাসীনতাৰ মাজত দোলায়িত হৈ থকা মনটোত বস্তুনিষ্ঠতা হেৰাই গৈছিল। সেয়েহে বহু সুবিধা পোৱা সত্ত্বেও ইন্দিৰা গান্ধীৰ বিষয়ে বেছিকৈ জানিবলৈ বা বুজিবলৈ কাহানিও নিজকে প্ৰস্তুত কৰি তুলিব নোৱাৰিলোঁ। আমাৰ অগ্রজসকলৰ লগতে আমাৰ প্ৰজন্মৰ অধিকাংশ মানুহৰে নিশ্চিতভাৱে মনত থাকিব ১৯৮৪ চনৰ ৩১ অক্টোবৰৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটোলৈ। সেই দিনটোতে প্রধানমন্ত্রী ইন্দিৰা গান্ধী নিজৰ ব্যক্তিগত দেহৰক্ষীৰ গুলীত নিহত হোৱা বাতৰিটোৱে সমগ্ৰ ভাৰততে যি ক্রোধ আৰু দুখৰ বন্যা বোৱাইছিল, তাৰো প্ৰভাৱ অসমত ব্রহ্মপুত্র উপত্যকাত আছিল সীমিত। অর্থাৎ ঐতিহাসিক অসম আন্দোলনে সেই নেত্ৰীগৰাকীক নির্মোহভাবে বিশ্লেষণ কৰাত আমাৰ দৰে বহু অসমীয়াকে বাধা দিছিল। ইন্দিৰা গান্ধীক অন্মেষণ কৰাৰ ক্ষেত্ৰত আন্দোলনটো হৈ পৰিছিল এখন বৌদ্ধিক প্ৰাচীৰৰ দৰে। সেই প্ৰাচীৰখনক নিজৰ মনতে ন্যায্যতা দি মই নেত্ৰীগৰাকীক মনৰ পৰা নিৰ্বাসিত কৰাৰ দৰেই হৈছিলগৈ। অলপতে সেই প্ৰাচীৰখন ভাঙিবলগীয়া হ’ল। ৰাজ্যসভাৰ সাংসদ তথা প্রদেশ কংগ্ৰেছৰ অধ্যক্ষ ৰিপুণ বৰাই অলপতে এটা অদ্ভুত অনুৰোধ কৰিলে।
প্রথমতে তেওঁৰ ফোনটো দেখি মই ভাবিছিলোঁ তেওঁৰ পুত্ৰৰ বিয়াৰ অভ্যার্থনালৈ কৰা নিমন্ত্ৰণৰ বিষয়ে পুনৰ সোঁৱৰাই দিবলৈ কৰিছে। হয়ো, ফোনত সেইটো কথাও কৈছিল। কিন্তু প্রথমতে কৰা অনুৰোধটো আছিল- ২০১৭ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে গুৱাহটীৰ ডনবস্ক’ স্কুলৰ প্ৰেক্ষাগৃহত আয়োজিত ‘ইন্দিৰা গান্ধীৰ জীৱন আৰু আদর্শ’ শীর্ষক এখন ছেমিনাৰত মই এজন পেনেলিষ্ট হ’ব লাগে। আন দুজন পেনেলিষ্ট হ’ল ‘আমাৰ অসম’ কাকতৰ সম্পাদক প্রশান্ত ৰাজগুৰু আৰু জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মা। ছেমিনাৰখনৰ মুখ্য বক্তৃতাটো দিবলৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মৃদুলা মুখার্জী আহিব বুলি জনালে। মৃদুলা মুখার্জী তথা তেওঁৰ গৃহস্থ আদিত্য মুখার্জীয়ে লিখা আধুনিক ভাৰতীয় ইতিহাসৰ কেইবাখনো গ্রন্থ আমি পঢ়িছোঁ। যোৱাটো শতিকাৰ আশী আৰু নৰ্বৈৰ দশকত দিল্লীত মই পঢ়ি থকা কালতেই তেওঁলোক দুজনৰ পাণ্ডিত্যৰ লগত পৰিচিত হৈছিলোঁ। সেয়েহে মনটো ভালেই লাগিল। কিন্তু মনৰ মাজত এটা মৃদু শংকাই দুদিনমান খেদি ফুৰিলে। কংগ্ৰেছ দলে তেওঁলোকৰ দলৰ অন্যতম গুৰুত্বপূৰ্ণ নেত্রী ইন্দিৰা গান্ধীৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা ছেমিনাৰখন দলীয় ৰাজনৈতিক পাকচক্ৰৰ পৰা ওপৰলৈ উঠিব পাৰিবনে? মোৰ মনৰ সংশয় মোৰ স্কুলীয়া দিনৰ বন্ধু তথা ৰাজ্যিক কংগ্ৰেছৰ নেতা প্রদ্যুত ভূঞাই ঠিকেই ধৰিব পাৰিলে। ভুঞাই আশ্বস্ত কৰিলে যে কংগ্রেছে আয়োজন কৰিলেও ছেমিনাৰখনত মুক্ত মনেৰে কথা কোৱাত কোনো বাধা নাথাকিব আৰু কংগ্ৰেছৰ দলীয় নেতা-কর্মীৰ উপৰিও অসমৰ বিদ্যায়তনিক জগতৰ (বিশেষকৈ ইতিহাস চর্চাৰ লগত জড়িত) আৰু নাগৰিক সমাজৰ বহু লোক উপস্থিত থাকিব। সন্মতি দিয়াৰ পাছতে ৰিপুণ বৰাই মৃদুলা মুখার্জীৰ মূল গবেষণা পত্ৰখন মই পোৱাৰ ব্যৱস্থা কৰি দিলে। ২০১৫ চনৰ ২০ ছেপ্তেম্বৰৰ তাৰিখে গহপুৰত আয়োজিত শ্বহীদ কনকলতা-মুকুন্দ কাকতিৰ স্মৃতিচারণ সভালৈ মুখ্যবক্তা হৈ যাওঁতে এটা কথা উপলব্ধি কৰিছিলো যে বিপুণ বৰাই যিকোনো কাম সুচাৰুভাৱে আৰু নিয়াৰিকৈ কৰাত খুব গুৰুত্ব দিয়ে। এইবাবো তাৰ ব্যতিক্রম নোহোৱাত ভাল পালো।
কিয় ইন্দিৰা গান্ধীৰ প্ৰতি নেতিবাচক ভাব জন্মিছিল
ইফালে হাতত সময়ো বেছি নাই ছেমিনাৰখনলৈ। অফিচৰ লাইব্রেৰিয়ান ড° ৰূপালী শমাই মোক যথেষ্ট সহায় কৰিলে। মই কোৱাৰ লগে লগে ইন্দিৰা গান্ধী বিষয়ক বহুকেইখন গ্রন্থ আহিল। দুই-এজনে ইন্টাৰনেটৰ সহায় ল’বলৈ ক’লে। মই অৱশ্যে এনেবোৰ বিষয়ত ইণ্টাৰনেটৰ পৰা খুঁচৰি লোৱা তথ্যতকৈ গ্ৰন্থৰ মাজত নিহিত হৈ থকা কথাবোৰকহে বেছি গুরুত্ব দিওঁ। বিশেষকৈ যোৱা দুটামান বছৰত দেখিছো গান্ধী-নেহৰু পৰিয়ালৰ কোনোবা ব্যক্তিৰ বিষয়ে ইন্টাৰনেটৰ পৰা তথ্য আহৰণ কৰিব বিচাৰিলেই অনেক ভিত্তিহীন, মনেসজা আৰু বাৰে বাংকৰা কথাৰে কম্পিউটাৰ স্ক্ৰীনখন ভৰি পৰে। বিশেষকৈ জৱাহৰলাল নেহৰুৰ গণতান্ত্রিক প্রমূল্যবোধ আৰু বৈবিধ্যময় ভাৰতীয় সত্তাটোৰ প্ৰতি থকা গভীৰ সন্মানৰ ধাৰণাটোক বর্তমান সময়ত শাসকীয় দলটোৰ সহযোগিতাত বলীয়ান হৈ পৰা এটা দুষ্ট চক্রই মষিমূৰ কৰিবলৈ উঠিপৰি লাগিছে। এতিয়া প্রশ্ন হ’ল কি দিলে মোক এই নতুন অধ্যয়নে? ইন্দিৰা গান্ধীৰ জীৱনৰ কেইটামান কথাই মোক আকৰ্ষণ কৰিলে। বেছিকৈ আকৰ্ষণ কৰা কথা দুটা তেওঁৰ বৈবাহিক জীৱন আৰম্ভ কৰা আগৰ। যক্ষ্মাৰোগত আক্ৰান্ত হৈ ছুইজাৰলেণ্ডত চিকিৎসাধীন হৈ থকা যুৱতী ইন্দিৰাৰ বয়স তেতিয়া ২২ বা ২৩। সেই ৰোগত পৰিলে তেতিয়াৰ দিনত অধিকাংশ লোকেই মৃত্যুৰ শীতল কোলালৈ আগবাঢ়ে। ইন্দিৰা গান্ধীৰ মাতৃ কমলা নেহৰুও একেটা ৰোগৰে বলি হৈছিল। তেনে সময়তে জৱাহৰলাল নেহৰুৱে ‘নেশ্বনেল হেৰাল্ড’ কাকতত লিখা এটা প্রবন্ধ ডাকযোগে ইন্দিৰাৰ হাতত পৰোতে তেওঁ গৰজি উঠিল। ছোভিয়েট কছিয়াই ১৯৪০ চনত ফিনলেণ্ড আক্রমণ কৰি দখল কৰা ঘটনাটোত নেহৰুৱে ফিনলেণ্ডৰ প্রতি সহমর্মিতা প্রকাশ কৰিছিল। ইন্দিৰাই কিন্তু দেউতাকৰ কথা মানি লোৱা নাছিল। আৰু ফিনলেণ্ডৰ সেই অৱস্থাৰ বাবে ৰুছ-জার্মান চুক্তি আৰু ব্রিটিছ চৰকাৰৰ বৈদেশিক নীতিকহে দোষাৰোপ কৰিছিল। কোন শুদ্ধ বা কোন ভুল আছিল সেই কথা বেছি গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল ‘প্রায় মৃত্যুশয্যা ‘ত থকা এগৰাকী যুৱতীয়ে তদানীন্তন আন্তঃৰাষ্ট্ৰীয় ঘটনাপ্রবাহৰ বিষয়ে সুচিন্তিত মতামত স্বাধীনভাবে দিবলৈ সমর্থ হৈছিল। দ্বিতীয় ঘটনাটো ১৯৪১ চনৰ। সমগ্র বিশ্ব দ্বিতীয় মহাসমৰৰ বাবে উত্তাল হৈ আছে। যক্ষ্মা ৰোগৰ পৰা ইন্দিৰা কিছু সুস্থ হৈ উঠিছে। হৃদয় কিন্তু উত্তাল হৈছে আছে। বহু তর্ক, বহু পত্র আদান-প্রদানৰ পাছত ইন্দিৰাৰ প্ৰেমাস্পদ ফিৰোজ গান্ধীৰ প্রতি নেহৰুৰ পৰিয়াল কিছু সদয় হৈ উঠিছে। ইন্দিৰাৰ মনতো আশাৰ গজালি মেলিছে। এখন জাহাজত উঠি দুয়ো যাত্ৰা আৰম্ভ কৰিলে ইংলেণ্ডৰ পৰা স্বদেশলৈ। আহোঁতে দক্ষিণ আফ্রিকাত এসপ্তাহৰ বাবে জাহাজখন ৰৈছে। দক্ষিণ আফ্ৰিকাৰ সংসদলৈ যাওঁতে ফিৰোজ আৰু ইন্দিৰাই শুনিছে জেনেবেল স্মাটৰ সেই ভয়ংকৰ উক্তি-‘মানুহৰ দেহৰ বৰণেই পাছপ’ৰ্ট’। তাৰ লগতে দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগসকলৰ জীৱনৰ অৱস্থা দেখি ইন্দিৰা ক্রোধত জ্বলি-পুৰি উঠিছিল। তেনে এটা দিনতে দক্ষিণ আফ্রিকাত থকা ভাৰতীয়সকলে নেহৰুৰ জীয়াৰীক সম্বধনা জনাব বিচাৰিলে। যথা সময়ত সভা আৰম্ভ হ’ল আৰু সভাপতিয়ে আদৰণী ভাষণ প্রদান কৰিলে। কোনেও ভবা নাই ইন্দিৰাই কিবা ক’ব বুলি। ভাবিছে সম্বর্ধনা লৈয়েই কামটো শেষ কৰিব। কিন্তু ইন্দিৰাৰ উদাত্ত কণ্ঠ নিনাদিত হ’ল। দক্ষিণ আফ্ৰিকাৰ শাসক গোষ্ঠীক তেওঁ হিটলাৰৰ নাজীবাদী দমনমূলক নীতিৰ লগত বিজালে। লগতে ঘোষণা কৰিলে কেইটামান দশকৰ পাছতে দক্ষিণ আফ্রিকাৰ শাসনভাৰ কৃষ্ণাংগসকলৰ হাতলৈ যাব। উক্ত সভাখনৰ পাছতে দক্ষিণ আফ্ৰিকাৰ ভাৰতীয়সকলে ফিৰোজ আৰু ইন্দিৰাক এৰাই চলিব ধৰে। ইন্দিৰাই তেওঁৰ ৰাজনৈতিক জীৱনৰ সূচনা কৰিছিল দক্ষিণ আফ্ৰিকাৰ মাটিতেই। হিটলাৰে দদপাই থকা আৱস্থাতে এগৰাকী ২৩/২৪ বছৰীয়া অসুস্থ তথা নিজৰ বিবাহৰ বাবে উদ্বিগ্ন হৈ থকা যুৱতীয়ে এখন দেশৰ মাটিত থিয় হৈ সেই দেশৰে শাসকবর্গক ইমান কঠোৰভাৱে সমালোচনা কৰিব পৰা কথাটোৱে তেওঁৰ সাহস আৰু দৃঢ়তাৰ বিষয়ে উমান দিয়ে। প্রধানমন্ত্রী হৈ থকা অৱস্থাত তেওঁ লোৱা কেইটামান সিদ্ধান্তই (বেংক ৰাষ্ট্ৰীয়কৰণ, ৰাজন্য বৰ্গৰ সুবিধা বিলোপকৰণ আৰু সংবিধানত নাগৰিকৰ দায়িত্বৰ কথা অন্তর্ভুক্তি) ভাৰতীয় ৰাজনীতি আৰু অর্থনীতিলৈ বিপুল পৰিৱৰ্তন আনিলে। একে সময়তে দেশত জৰুৰী অৱস্থা ঘোষণা কৰি আৰু লগতে Committed Judiciary ৰ কথা কৈ ইন্দিৰা গান্ধীয়ে কাললৈ কুখ্যাতি ৰাখি গ’ল। আমাৰ বয়সৰ অধিকাংশ অসমীয়াৰ মনতে ইন্দিৰা গান্ধীয়ে অত্যন্ত স্বেচ্ছাচাৰিতাৰে চলোৱা কৰ্মবোৰহে সজীৱ হৈ আছে। তেওঁৰ নিজৰ দোষতে নিজে কৰা অনেক ভাল কাম কালৰ কুটিল গতিত বিবৰ্ণ হৈ পৰিছে। তদুপৰি কংগ্ৰেছ দলক পৰিয়ালতান্ত্রিক দললৈ ৰূপান্তৰিত কৰাৰ আঁৰতো মূল ভূমিকা লৈছিল ইন্দিৰা গান্ধীয়ে। মোটামুটিভাবে এইখিনি কথাকে ছেমিনাৰখনত কৈছিলো।
ছেমিনাৰ শেষ হোৱাৰ পাছত মুখ্য অতিথি প্রাক্তন কেন্দ্রীয় গৃহ তথা বিত্তমন্ত্রী পি চিদাম্বৰম, মৃদুলা মুখার্জী আৰু আদিত্য মুখার্জীয়ে মোৰ বক্তৃতাটো সাহসী আৰু তথ্যনিৰ্ভৰ হোৱা বাবে প্রশংসা কৰিছিল। প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, ৰিপুণ বৰা, দেবব্রত শইকীয়া আদি অনেক কংগ্রেছী নেতায়ো ভাষণটোক শলাগ লোৱা কথাটোৱে মোক আনন্দ দিছিল। কেৱল ছ’চিয়েল মিডিয়াত ইতিমধ্যে চুচুৰীয়াকৈ ওলাই থকা কথা এটা সন্দৰ্ভত মোৰ স্থিতি স্পষ্ট কৰিব বিচাৰোঁ। প্রথম, কোনো ৰাজনৈতিক দলত মই যোগ নিদিওঁ। দ্বিতীয়তে, মোৰ কথনশৈলী বা বক্তৃতাশৈলীটোবেই তেনেকুৱা। সেয়া ৰাজ্যসভাত গৈ কথা কোৱাৰ কছৰৎ নহয়।