ঐতিহাসিক যুগৰ আৰম্ভণিতে ফুটি উঠা স্বকীয়তা

Ahim saikia
15 Min Read

কিৰাত কছাৰী খাচী গাৰো মিৰি

যবন কংক গোৱাল।

অসম মুলুক ৰজক তুৰুক

কুবাচ ম্লেছ চণ্ডাল।।

মাধৱদেৱৰ নামঘোষাটো অসম শব্দটো জাতিবাচক অর্থতে ব্যবহৃত হৈছে।

হৰিনামে নাহিকে নিয়ম অধিকাৰী।

ৰাম বুলি তৰে মিৰি অসম কছাৰী।।

ইতিহাসবিদ কনকলাল বৰুৱায়ো তেওঁৰ “Early History of Kamrupa” গ্রন্থত বিখ্যাত বৌদ্ধ পণ্ডিত অভিনবগুপ্তৰ কথা উল্লেখ কৰিছে। তেওঁৰ মতে খ্রীষ্টীয় নবম শতিকাত অভিনৱগুপ্তই কামৰূপতেই বৌদ্ধিক আৰু আধ্যাত্মিক চর্চাত গভীৰভাৱে নিমগ্ন হৈছিল। তেওঁৰ কামৰূপত জন্মাৰ সম্ভাৱনীয়তাকো বৰুৱাই নাকচ কৰা নাই। নৱম শতিকাৰ আগত কুমাৰিল ভট্টই সম্ভবতঃ কামৰূপতে জন্ম গ্ৰহণ কৰি তেওঁৰ সাধনা আৰম্ভ কৰিছিল বুলিও কনকলাল বৰুৱাই লিখি থৈ গৈছে। এটা কথা স্পষ্ট যে কুমাৰিল ভট্ট, আচার্য ধর্মকীর্তি আৰু অভিনৱগুপ্তৰ দবে পণ্ডিত যে ভাৰতীয় ইতিহাসৰ তিনিটা জীয়া চৰিত্ৰ সেই বিষয়ে কাৰো সন্দেহ নাই। কিন্তু তেওঁলোকৰ জন্মভূমি আৰু কৰ্মভূমি বৰ্তমানৰ অসম নামৰ ভূখণ্ডত আছিল নে নাই সেয়া সন্দেহৰ ঊর্ধ্বত নহয়। ইয়াৰ লগে লগে অৱশ্যে আন এটা গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহে। সেইটো হ’ল কামৰূপত খ্রীষ্টীয় সপ্তম-অষ্টম শতিকাৰ পৰাই বৌদ্ধিক আৰু আধ্যাত্মিক ভাবে এক প্রাণচঞ্চল পৰিৱেশ বিৰাজ কৰিছিল। ধর্ম, মোক্ষ, ঈশ্বৰপ্ৰাপ্তিৰ সহজ পথ বিচাৰি বহু পণ্ডিতে গভীৰ অধ্যয়নত নিমগ্ন হৈছিল। ইয়াৰ ফলত নানা ধৰণৰ তর্ক-বিতর্ক আৰু বাদানুবাদ হৈছিল আৰু তেনে বাদানুবাদৰ পৰা ওলোৱা ফলাফলে সামগ্রিকভাবে পৰিবেশটো সমৃদ্ধ কৰি তুলিছিল। কামৰূপৰ মানুহ সন্দৰ্ভত সেইসময়ৰ গংগা উপত্যকাকে মুখ্য কৰি আন গুৰুত্বপূৰ্ণ ঠাইৰ লোকেযে প্রথমাৱস্থাত বৰ উচ্চ মনোভাব পোষণ কৰা নাছিল সেই বিষয়ে মনোৰঞ্জন শাস্ত্রীয়ে পূর্বোক্ত গ্রন্থত এটা তাৎপর্যপূর্ণ কথা কৈছে। তেওঁ লিখিছে- “সৌভাগ্যক্রমে ১৯২৬ চনত মহাৰাজ ভাস্কৰবৰ্মাৰ প্ৰথমে নিধানপুৰ তাম্রশাসনখন সম্পূর্ণভাৱে আবিষ্কৃত হয় আৰু তাৰ পাছত এখন এখনকৈ বহুকেইখন প্রাচীন কামৰূপীয় ৰাজশাসন অৱস্থিত আৰু আলোচিত হোৱাৰ ফলত পুৰণি কামৰূপ ৰাজ্যৰ বিষয়ে শিক্ষিত জনসমাজৰ দৃষ্টি আৰু মনৰ ধাৰণাৰ পৰিবৰ্তন ঘটিছে। এতিয়াৰ শিক্ষিত লোকে পুৰণি কামৰূপ দেশ বৈদিক ধর্ম-সংস্কৃতি বিবর্জিত বা অসভ্য-স্নেছ দেশ বুলি আৰু কুমাৰিল ভট্টপাদৰ লেখীয়া বৈদিক দার্শনিক পণ্ডিতৰ তাত জন্ম হোৱাটো একেবাৰে অসম্ভৱ বুলি ধৰি নলয়। গতিকে কুমাবিল ভট্ট পাদ এই প্ৰদেশৰ অভিজাত লোক আছিল বুলি অসমত আৰু অসমৰ বাহিৰতো যি প্রবাদ বা জনশ্রুতি আছে সেই জনশ্রুতি অৱশ্যে আলোচনাযোগ্য রূপে পণ্ডিত সমাজত পৰিগৃহীত হ’ব পাৰে।”

অসমৰ ইতিহাসৰ বস্তুনিষ্ঠ চৰ্চাৰ বাবে পুষ্যবৰ্মনে ৩৮০ খ্রীষ্টাব্দত স্থাপন কৰা বৰ্মন বংশৰ গুৰুত্ব সর্বাধিক। এই বিশেষ বছৰটোক ইতিহাস অধ্যয়নৰ উত্তেজনামূলক তথা কণ্টকাকীর্ণ পথৰ এটা মাইলৰ খুঁটি বুলি ক’ব পাৰি। বৰ্মন বংশৰ দিনৰ পৰাই ঐতিহাসিক সমলবোৰৰ উপস্থিতি বাঢ়িবলৈ ধৰে। ঐতিহাসিক সমলৰ প্ৰভাৱৰ বাবে জনশ্রুতি আৰু লোককাহিনীৰ প্ৰভাৱ কিছু হ্রাস পোৱা পৰিলিক্ষিত হয়। উল্লেখযোগ্য চতুর্থ শতিকাতে গুপ্ত নৃপতি সমুদ্রগুপ্তৰ এলাহাবাদ স্তম্ভলিপিত কামৰূপৰ কথা আন কেতবোৰ ঠাইৰ লগতে উল্লেখিত হয়। কনকলাল বৰুৱাই তেওঁৰ পূর্বোক্ত গ্ৰন্থত বৰ্মন বংশৰ বাৰজন ৰজাই (পুষ্যবৰ্মনৰ পৰা ভাস্কৰবৰ্মনলৈকে) প্রায় তিনিশ বছৰ কাল শাসন চলাইছিল বুলি উল্লেখ কৰিছে। অর্থাৎ এই যুগটো গুপ্তযুগৰ প্ৰায় সমান্তৰাল বুলি প্রতিপাদন কৰিবলৈ বৰুৱাই বিচাৰিছে। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ভাস্কৰবৰ্মনৰ শাসনৰ কালছোৱাতেই এই ভূখণ্ডৰ লোকৰ বীৰত্ব আৰু জ্ঞানান্বেষী মনটোৰ বাহিৰেও কিছু স্বকীয়তা প্রস্ফুটিত হয়।

শংকৰ -মাধৱৰ উত্তৰসুৰী বৈষ্ণৱ সন্ত পুৰুষসকলৰ ৰচনাত পাছলৈ অসম শব্দটো জাতি আৰু ঠাই উভয়কে বুজাবলৈ ব্যৱহৃত হৈছিল। ব্ৰিটিছৰ আগমনৰ পাছতহে ‘অসম’ আৰু ‘অসমীয়া জাতি’ৰ ধাৰণাই সংহত ৰূপ ধাৰণ কৰে এটা লেহেমীয়া ঐতিহাসিক প্ৰক্ৰিয়াৰ মাজেদি। ইয়াৰ পূৰ্বতে শাসকীয় গোষ্ঠীৰ নামেৰেই (যেনে আহোম ৰাজ্য, কোঁচ ৰাজ্য, চুতীয়া ৰাজ্য) ৰাজ্যসমূহ চিহ্নিত হৈছিল। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল কামৰূপ আৰু অসম নামৰ ৰাজ্য দুখন মধ্যযুগত একেলগেও কিছুকাল আছিল। কিয়নো শংকৰদেৱৰ মহাজীৱনৰ মাজলৈ ভুমুকি মাৰিলে আমি উপলব্ধি কৰিব পাৰো কিদৰে তেওঁ ধৰ্মপ্ৰচাৰৰ উদ্দেশ্যে আৰু এই বৃহৎ ভূখণ্ডত বসবাস কৰা বেলেগ বেলেগ জাতিৰ লোকসকলক সমন্বয়মুখী চিন্তাৰ এনাজৰীৰে বান্ধিবলৈ অসম, কামৰূপ আৰু পশ্চিমৰ বেহাৰ ৰাজ্য পৰিভ্ৰমণ কৰিছিল। অর্থাৎ মধ্যযুগত কামৰূপ ৰাজ্যৰ ভৌগোলিক সীমা সংকুচিত হৈ পৰিছিল। প্রাচীনকালত এই ৰাজ্য সৌমাৰপীঠ, স্বর্ণপীঠ, কামপীঠ আৰু ৰত্নপীঠ এই চাৰিটা ভাগত বিভক্ত আছিল। বিশিষ্ট পণ্ডিত ড° নগেন শইকীয়াই ‘অসমীয়া মানুহৰ ইতিহাস’ গ্রন্থত লিখিছে যে অষ্ট্ৰিকসকলৰ উপৰি কামৰূপত কিৰাতসকলে বসবাস কৰিছিল। তেওঁৰ মতে সেই সময়ৰ কামৰূপৰ এখন ঐতিহাসিক মানচিত্র আঁকিলে পূবৰ দিকৰাই বা দিক্ৰং নদীৰ পৰা ভৰলী নৈলৈকে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ সামৰি সৌমাৰপীঠ, ভৰলীৰ পৰা বৰনদীলৈকে স্বর্ণপীঠ, বৰনদীৰ পৰা সোণকোষলৈকে কামপীঠ আৰু সোণকোষৰ পৰা কৰতোৱালৈকে ৰত্নপীঠ এই চাৰিটা পীঠ পোৱা যায়।

ব্ৰহ্মপুত্র নদীখনৰ প্ৰাচীন নাম লোহিত বা লোহিত্য আছিল বুলি অনুমান কৰিবলৈ কঠিন নহয়। প্রাচীন ভাৰতীয় সাহিত্যৰ কোনো কোনো ৰচনাত এই ভূখণ্ডক প্রাগজ্যোতিষপুৰৰ লগতে লৌহিত্য বুলিও অভিহিত কৰা হৈছে। সেই লৌহিত্যৰ পৰাই হৈছে লুইত বা আমাৰ সকলোৰে প্ৰিয় বুঢ়ালুইত। বর্তমাৰ অসমীয়া সত্ত্বাটোৰ মৰ্মস্থলতে আছে ব্ৰহ্মপুত্ৰকেন্দ্ৰিক ধাৰণাটো। আমাৰ অতিকে চেনেহৰ বাবেই এইখন নদীৰ ওপৰত হাজাৰ ক্ষোভ উজাৰিও পিছ মুহূর্ততে আমি আকৌ আপোন কৰি লওঁ। আমাৰেই মনৰ স্ববিৰোধী চৰিত্ৰটোৱে অসমীয়া স্বাভিমানৰ প্রতীক ড° ভূপেন হাজৰিকাৰ গীতৰ মাজেদি প্রাণ পাই উঠি কেতিয়াবা যদি বুঢালুইতক গালি পাৰিছে, আন কেতিয়াবা এইখন লুইতকে জাতিটোৰ সমন্বয়ৰ অর্থ দাঙি ধৰা মহামিলনৰ তীৰ্থ বুলিও অভিহিত কৰিছে। মুঠৰ ওপৰত প্ৰাচীন কালৰে পৰা বৰ্তমান সময়লৈকে ব্রহ্মপুত্র নদীখনো অসমীয়া মানুহৰ পৰিচয়মূলক বৈশিষ্ট্যলৈ পৰিণত হৈছে। ব্যক্তিগতভাবে বৰ্মন বংশৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা অসমৰ ইতিহাসক কিছু স্পষ্টভাবে ব্যাখ্যা বিশ্লেষণ কৰিব পাৰি বুলি মই ভাবোঁ। ইয়াৰ আগৰ সময়ছোৱাৰ ঐতিহাসিক তথ্যসমূহত লোক-কাহিনী আৰু ৰূপকথাৰ পয়োভৰ যথেষ্ট বেছি বাবে কিছু বিভ্রান্তিৰ সৃষ্টিও নোহোৱাকৈ নাথাকে। ঐতিহাসিক দিশৰ পৰা একেবাৰে মূল্যহীন নহ’লেও আগৰ সময়ছোৱাৰ চৰিত্ৰ সমূহ সম্পূর্ণভাবে ঐতিহাসিক ব্যক্তি যেন নালাগে। কিন্তু অসমীয়াৰ স্বাভিমানৰ গৌৰবোজ্জ্বল প্রতীক হ’ব পৰা সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰখাৰ উপৰিও বিশিষ্ট ঐতিহাসিক ড° সূৰ্য কুমাৰ ভূঞাই মুক্তমনেৰে আৰু স্পষ্টভাৱে কোৱা বাবে অসম জীয়ৰী অমৃতপ্ৰভাৰ কথাটোৰ জৰিয়তেই আৰম্ভ কৰিব বিচাৰিছোঁ। আন এজন প্রসিদ্ধ ঐতিহাসিক কনকলাল বৰুৱাৰ লিখনিতো অমৃতপ্ৰভাৰ কথা উল্লেখ আছে। অৱশ্যে ড’ নগেন শইকীয়াই ‘বাজতৰংগিনী’ত অমৃতপ্ৰভাৰ বিষয়ে উল্লেখ নাই বুলিয়েই মতপোষণ কৰিছে। কিন্তু ড° ভূঞাই ‘বুৰঞ্জীৰ বাণী’ শীর্ষক গ্রন্থখনত জনশ্রুতি, ৰূপকথা আৰু ইতিহাসৰ মাজত আবদ্ধ হৈ থকা আন দুজন প্রাচীন কামৰূপৰ পণ্ডিত হৈছে কুমাৰিল ভট্ট আৰু আচার্য ধর্মকীর্তি। মনোৰঞ্জন শাস্ত্ৰীয়ে তেওঁৰ ‘কুমাৰিল ভট্টপাদ আৰু আচার্য ধর্মকীর্তি’ শীর্ষক গ্রন্থত দুয়োজন পণ্ডিতকে কামৰূপৰ বুলি অভিহিত কৰিছে। শাস্ত্ৰীৰ মতে কুমাৰিল ভট্টৰ খুড়াক আছিল ধৰ্মকীর্তি। কুমাৰিল ভট্টৰ জন্মৰ সময় খ্ৰীষ্টীয় ৫৫০ ৰ ৬৫০ ৰ ভিতৰত বুলি শাস্ত্রীয়ে লিখিছে। ধর্মকীর্তি বৈদিক আৰু বৌদ্ধ শাস্ত্ৰৰ বিদগ্ধ পণ্ডিত আছিল। বর্ণাশ্রম ধর্ম বিৰোধিতা কৰাৰ বাবে তেওঁক তদানীন্তন সমাজে বহিষ্কাৰ কৰে আৰু তেওঁ বৌদ্ধধর্ম গ্রহণ কৰি সর্বশ্রেষ্ঠ বৌদ্ধ দার্শনিক আচার্যৰূপে প্রসিদ্ধি লাভ কৰে। ধর্মকীৰ্তিৰ মূল প্রতিদ্বন্দ্বী আছিল ভতিজাক কুমাৰিল ভট্ট। প্রথম তর্কত কুমাৰিল ভট্টই পৰাজয় বৰণ কৰি পাছত নালন্দা মহাবিহাৰত এজন প্রখ্যাত বৌদ্ধ দার্শনিক পণ্ডিতৰ অধীনত অধ্যয়ন আৰম্ভ কৰে।

কামৰূপৰ সাধাৰণ মানুহক সৰল আৰু সাধু বুলি কোৱাৰ লগতে কেতিয়াবা উগ্ৰ ৰূপো ধৰে বুলি পৰিব্ৰাজকজনে লিখি গৈছে। তেওঁ মানুহৰ স্মৰণ শক্তিক প্রশংসা কৰাৰ লগতে অধ্যয়নৰ প্রতি মনোযোগী স্বভাৱটোৰ কথাও উনুকিয়াইছে। ৰজাৰ জ্ঞানাৰ্জনৰ প্ৰতি থকা ধাউতি আৰু প্ৰজায়ো তেওঁক অনুসৰণ কৰা প্রবণতাকো হিউৱেনচাঙে প্রশংসা কৰিছে। বৌদ্ধধৰ্মৰ ওপৰত বিশ্বাস নাথাকিলেও ৰজাই জ্ঞানী শ্রমণসকলক আদৰ কৰে বুলি তেওঁ কৈছে। এই কথাই প্ৰমাণ কৰে সহিষ্ণুতা আৰু উদাৰ মনোভাবৰ প্ৰভাৱ আৰু প্রাধান্যৰ কথা। ৰজাই এমাহ কাল হিউৱেনচাঙক যিদৰে আপ্যায়ন কৰিছিল সেই কথায়ো আধুনিক কালত সুখ্যাতি লাভ কৰা অসমীয়া মানুহৰ বিৰল অতিথিপৰায়ণতাৰ আভাস দিয়ে। ভাস্কৰ বৰ্মনে সেই এমাহ কালত প্রায় প্রতিদিনাই সংগীতৰ আয়োজন কৰিছিল আৰু ফুল-ধূপৰ নৈবেদ্যও আগবঢ়াইছিল। ভোজমেলৰ আয়োজনো দৈনিক কৰা হৈছিল। বজাৰ ব্যৱহাৰত ফুটি উঠিছিল কচিশীলভাবে জীবন উদ্যাপন কৰাৰ কেতবোৰ উপাদান।

এনেদৰে প্ৰাচীন কালতে অসমীয়া শৌর্য-বীৰ্যৰ মূল কাণ্ডাৰী ৰূপে পৰিগণিত হৈছিল কুমাৰ ভাস্কৰবৰ্মন। কিন্তু এইজনা ৰজাৰ কীৰ্তি কেৱল সামৰিক ক্ষেত্রখনতে সীমাবদ্ধ নাছিল। জীৱনৰ আনবোৰ দিশতো তেওঁৰ গভীৰ প্ৰভাৱ উপলব্ধি কৰিবলৈ হিউৱেনচাং সমর্থ হৈছিল। হিউৱেনচাঙৰ বিৱৰণীৰ বিস্তৃত ব্যাখ্যা আমাৰ লক্ষ্য নহয়। কেৱল যিকেইটা কথাই অসমীয়াৰ স্বকীয়তা আৰু আন কেতবোৰ ইতিবাচক দিশ দাঙি ধৰিছিল, তাকেহে উল্লেখ কৰিব বিচাৰিছোঁ।

কামৰূপৰ মানুহৰ স্বকীয়তাৰ বিষয়ে উমান ল’ব পাৰি হিউবেনচাঙৰ ভাষা সম্বন্ধীয় মন্তব্যটোৰ পৰা। তেওঁ স্পষ্টভাবে লিখি গৈছে যে কামৰূপৰ মানুহৰ মুখৰ ভাষা মধ্য ভাৰতৰ অন্যান্য ঠাই যেনে বিদেহ, মিথিলা আদিতকৈ সামান্য পৃথক। সকলো ভাষাৰ মূলটো সংস্কৃত আছিল বাবে হয়তো গভীৰ পাৰ্থক্য নাছিল। কিন্তু সপ্তম শতিকাতে অসমীয়া ভাষাই স্বকীয় উপাদানৰ বলত সৰ্বসাধাৰণ লোকৰ মত বিনিময়ৰ মাধ্যম হিচাপে জিলিকি উঠিছিল। অসমীয়া ভাষাৰ সেই গতিয়ে শংকৰী যুগৰ সাহিত্যৰাজিৰ মাজত অভূতপূর্ব উচ্চতা আৰু পৰিপক্কতা লাভ কৰে আৰু তাৰ পাছৰ পৰ্যায়ত আধুনিক যুগৰ দিশে বর্ণময় যাত্ৰাৰ দ্বিতীয়টো দৃঢ় খোজ পেলায়।

ঠিক তেনেদৰে প্ৰাচীন কালত বেছ কিছু সময়জুৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ এই অঞ্চলটো প্রাগজ্যোতিষপুৰ আৰু কামৰূপ উভয় নামেৰে জনাজাত আছিল। কলহনৰ ‘ৰাজতৰংগিনী’ত প্রাগজ্যোতিষপুৰৰ কথা পোৱা যায়। খ্ৰীষ্টীয় পঞ্চম শতিকাৰ প্ৰসিদ্ধ কবি কালিদাসৰ ৰঘুবংশ কাব্যটো প্রাগজ্যোতিষ আৰু কামৰূপ দুয়োটা নামৰেই উল্লেখ আছে। কিন্তু এটা কথা সূৰ্যৰ কিৰণৰ দৰেই স্পষ্ট। প্রাগজ্যোতিষপুৰেই হওক, কামৰূপেই হওক বা অসমেই হওক, এইটো ভূখণ্ডৰ চাৰিসীমা বেলেগ বেলেগ সময়ত বেলেগ হ’লেও জীৱনৰেখাডাল কিন্তু সুস্থিৰ

আৰু সুগভীৰ। সেই জীৱনৰেখা হৈছে আমাৰ সকলোৰে মৰমৰ ব্ৰহ্মপুত্র নৈখন। এইখন নৈ আৰু ইয়াৰ উপনৈসমূহে ইয়াৰ পাৰত সভ্যতা গঢ়ি তোলা জনসমষ্টিটোক কেৱল প্রাকৃতিকভাবেই সমৃদ্ধ কৰা নাই। সেই মানুহখিনিক এনে এক ব্যাখ্যাতীত সাহচর্য দান কৰিছে, যাৰ প্ৰেৰণাত সৃষ্টি হৈছে এক অপূর্ব সাহিত্য আৰু অনবদ্য সংস্কৃতিৰ ভাবমণ্ডল।

ভাস্কৰবৰ্মনৰ শাসনৰ কালতেই চীনা পৰিব্ৰাজক হিউবেনচাং কামৰূপলৈ আহে। হিউৱেনচাঙৰ অহাৰ আগতেই ৬২৫ খ্ৰীষ্টাব্দত হর্ষবর্ধনৰ লগ লাগি ভাস্কৰ বৰ্মনে গৌড়ৰ ৰজা শশাংকক পৰাভূত কৰে। এই যুদ্ধৰ ফলত হর্ষবর্ধনে মগধ আৰু ভাস্কৰ বৰ্মনে গৌড় আৰু কৰ্ণসুবর্ণ লাভ কৰে। ইয়াৰ ফলত কামৰূপ ৰাজ্যই কর্ণসুবর্ণ, শ্রীহট্ট, সমতট আদি গুৰুত্বপূর্ণ ঠাই সামৰি লয়। ড° নগেন শইকীয়াই পূর্বোক্ত গ্রন্থত লিখিছে “বৰ্তমানৰ বর্ধমান, বীৰভূম, মুচিদাবাদ আৰু নদীয়া কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল। হিউৱেনচাঙৰ বৃত্তান্তত পোৱা মতে ভাস্কৰ বৰ্মনে বিছ হাজাৰ গজাৰোহী আৰু ত্ৰিছ হাজাৰ জাহাজৰ বিপুল বাহিনীৰে হিউৱেনচাঙৰ লগত শিলাদিত্য থকা ঠাইলৈ গ’ল। এই সৈন্য বাহিনীৰ সংখ্যায়ো ভাস্কৰ বৰ্মনৰ সাম্রাজ্য আৰু শক্তিৰ বিশালতাৰ ইংগিত দিয়ে। ভিনচেন্ট স্মিথে তেওঁৰ ভাৰতৰ প্রাচীন ইতিহাস বিষয়ক গ্রন্থত চীনা ঐতিহাসিকে কৰা মন্তব্যৰ পৰা কুমাৰ ভাস্কৰ বৰ্মনক পূব ভাৰতবৰ্ষৰ ৰজা বুলিছে।”

 অমৃতপ্ৰভাৰ কথা সবিস্তাৰে উল্লেখ কৰাৰ উপৰিও কাশ্মীৰৰ বুৰঞ্জী ‘ৰাজতৰংগিনী’তো তেওঁৰ কথা আছে বুলি কৈছে। ড° ভূঞাই আৰু কৈছে যে চীনা পর্যটক ঔ-কং ৰচিত কাশ্মীৰৰ বিৱৰণতো তেওঁৰ কথা উল্লেখ আছে। খ্রীষ্টীয় প্রথম শতিকাত কাশ্মীৰত পৰাক্ৰমেৰে ৰাজত্ব কৰা মেঘবাহনে প্রাগজ্যোতিষৰ কুঁৱৰী অমৃতপ্ৰভাৰ পাণি গ্রহণ কৰিছিল। ড° ভূঞাই অমৃতপ্ৰভাৰ দেউতাকৰ নাম উদ্ধাৰ কৰিব নোৱাৰিলেও ভগদত্তবংশীয় হ’ব পাৰে বুলি অনুমান কৰিছে। অমৃতপ্রভাই বৌদ্ধ ভিক্ষুসকল থাকিবৰ বাবে বৰ্তমান কাশ্মীৰৰ ৰাজধানী শ্রীনগৰৰ সমীপৱৰ্তী অঞ্চলতে ‘অমৃতভৱন’ নামৰ এটা বিহাৰ স্থাপন কৰে। বৰ্তমানেও ভগ্নাৱশেষ দৃশ্যমান হোৱা সেই ভৱনটোৰ নাম পাছলৈ ‘অন্তভৱন’ হয়গৈ। অসম-জীয়াৰীক বিয়া কৰোৱাৰ পাছত মেঘবাহনৰ ভাগ্য উদয় হয় বুলি ড° ভূঞাই কৈ গৈছে। অমৃতপ্ৰভাই পিতৃৰাজ্যৰ পৰা স্তৌনপা নামৰ এজন তিবৃতদেশীয় পণ্ডিতকো কাশ্মীৰলৈ আমন্ত্ৰণ কৰি নিয়ে। স্তৌনপায়ো কাশ্মীৰত এটা বৌদ্ধ স্তূপ নির্মাণ কৰে। প্রায় ৩৪ বছৰ কাল ৰাজত্ব কৰাৰ পাছত মেঘবাহনৰ মৃত্যু হয় আৰু তাৰ পাছত অমৃতপ্ৰভাৰ কথাও বিশেষ পোৱা নাযায়। ৰাজন্যকেন্দ্রিক ইতিহাস প্রনয়ণৰ ই এক গুৰুতৰ বিসংগতি। তথাপিও সেই ইতিহাস ৰচনাৰ মাজেদি পৰোক্ষভাৱে বিয়পি অহা কথাবোৰেও প্রাচীন অসমীয়া নাৰীৰ ৰূপ লাবণ্যৰ লগতে সমাজৰ সাধাৰণ মানুহৰ প্ৰতি থকা মমত্ববোধৰ উমান পোৱা যায়। শ্রীনগৰত ওচৰৰ ‘অমৃতভৱন’ আজি ধ্বংসস্তূপত পৰিণত হ’ব পাৰে, কিন্তু এই ভৱনৰ নিৰ্মাণৰ আঁৰৰ নাৰী গৰাকীৰ প্ৰজাহিতৈষী চিন্তা আৰু কৰ্মই অসমীয়া মনটোৰ সহজাত উদাৰতাৰো কিছু সংকেত বহন কৰে বুলি ক’ব পাৰি।

জনশ্রুতি অনুসৰি কুমাৰিল ভট্ট শংকৰাচাৰ্যৰ গুৰু আছিল বুলি শুনা যায়। সেই সম্পর্কত মনোৰঞ্জন শাস্ত্রীয়ে পূর্বোক্ত গ্রন্থত লিখিছে “কুমাৰিল ভট্ট বৈদিক ধৰ্মৰ একনিষ্ঠ সমর্থক আছিল। কামৰূপৰ ৰজাৰ পৃষ্ঠপোষকতাত বৌদ্ধ আৰু জৈনধৰ্মৰ বিৰুদ্ধে যুক্তি তৰ্কৰ অৱতাৰণা কৰি বৈদিক ধৰ্মৰ প্ৰতিষ্ঠাৰ অর্থে তেওঁ সমগ্ৰ ভাৰতবৰ্ষ পৰ্যটন আৰু দিগ্বিজয় কৰি ফুৰিছিল। তেওঁ দাক্ষিণাত্যত গৈ বহুদিন আছিল। সেই সময়ত ভগৱান শংকৰাচাৰ্য অৱতীৰ্ণ হৈছিল আৰু পাঁচ বছৰ বয়সত উপনীত হৈ কুমাৰিল ভট্টৰ ওচৰত বেদাধ্যয়ন কৰিছিল। সেইকাৰণে তেতিয়াৰ পৰাই তেওঁ (কুমাৰিলভট্ট) ভট্টাচার্য নামেৰে খ্যাত হৈ উঠিল।” দক্ষিণ ভাৰতৰ বিখ্যাত পণ্ডিত চি এন. কৃষ্ণস্বামী আয়াৰে তেওঁৰ “Three Great Acaryas” নামৰ গ্ৰন্থত কুমাৰিল ভট্ট কামৰূপীয় অর্থাৎ অসমীয়া ব্রাহ্মণ আছিল বুলি ধাৰণা কৰিছে। ভিনচেন্ট এ স্মিথে প্রণয়ন কৰা “The Oxford Students History of India” গ্রন্থতো কুমাবিল ভট্ট অসমীয়া ব্রাহ্মণ আছিল বুলি স্পষ্টভাবে লিখি থৈ গৈছে। অৱশ্যে এনেবোৰ কথাৰ সমর্থনত কোনোজন পণ্ডিতেই পানী নসৰকা যুক্তি বা তথ্য যোগান ধৰিব পৰা নাই। এই জনশ্রুতিৰ শক্তিশালী প্রভাৱৰ দ্বাৰা আস্বস্ত হৈয়েই হয়তো বেজবৰুৱায়ো তেওঁৰ অসম সংগীতৰ মাজত কুমাৰিল ভট্টক সুঁৱৰিছে। তেওঁ লিখিছে “শংকৰাচাৰ্যৰ গুৰু অসমীয়া কুমাৰিল ভট্ট নাম। জগদ গুৰুৰো গুৰু হ’ব পাৰি ভট্টই দেখালে কাম।।

ইতিহাসে ঢুকি নোপোৱা দিনৰ কথা বাদেই দিলোঁ, আনকি ঐতিহাসিক যুগৰ আৰম্ভণিৰ কালছোৱাৰ পৰা সাম্প্ৰতিক সময়লৈকে অসম বা পূৰ্বৰ কামৰূপ বা প্রাগজ্যোতিষপুৰৰ মানচিত্ৰখন বহুবাৰ সলনি হৈছে। বৰ্তমান অসমৰ ৰাজনৈতিক মানচিত্ৰখনৰ লগত ই সম্পূর্ণভাৱে মিলিব বুলি ভবাটো ভুল। দশম শতিকাত ৰচিত ‘কালিকাপুৰাণ’ আৰু ষোড়শ শতিকাত ৰচিত ‘যোগিনীতন্ত্র’ত অৱশ্যে এই ভূখণ্ডটোৰ পশ্চিম সীমাৰ কথাটো অপৰিৱৰ্তিত হৈ আছে। দুয়োখন পুথিয়েই কামৰূপৰ পশ্চিম সীমাত কৰতোৱা নৈ আছে বুলি কৈছে। উল্লেখযোগ্য এই দুয়োখন পুথি প্রাচীন কামৰূপতে প্রণীত হোৱা কথাটোত ইতিহাসবিদসকল একমত হৈছে। কালিকাপুৰাণত প্রাগজ্যোতিষপুৰ আৰু কামৰূপ থকাৰ পৰিৱৰ্তে যোগিনীতন্ত্রত কেবল কামৰূপ শব্দটোহে আছে। ইয়াৰ দ্বাৰা প্রমাণিত হয় যে প্রাগজ্যোতিষপুৰ শব্দটো কামৰূপতকৈ প্রাচীন। ইয়াৰ বিপৰীতে ‘অসম’ শব্দটো প্রথম ব্যৱহাৰ কৰিছিল মহাপুৰুষ শংকৰদেৱে। ভাগৱতৰ দ্বিতীয় স্কন্ধ ভাঙণি কৰোঁতে মূল ভাগৱতৰ কিৰাত, পুলিন্দ আদি জাতিবাচক শব্দ বাদ দি শংকৰদেৱে স্থানীয় সম্প্রদায়সমূহৰ নাম ব্যৱহাৰ কৰিছিল। অসম শব্দটোৱে মূলতঃ আহোম সম্প্ৰদায়ৰ লোকসকলক বুজাইছিল। তেওঁ ৰচনা কৰা ভাগৱতৰ দ্বিতীয় স্কন্ধত পোৱা যায়।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *