সাহিত্য সভা আৰু জাতীয় পৰিচয়

Mirnal Gogoi
16 Min Read

অসম সাহিত্য সভাই ইতিমধ্যে এশ বছৰ অতিক্রম কৰিলে। এই এশটা বছৰত অনুষ্ঠানটোৱে ভালেসংখ্যক গ্রন্থ প্রকাশ কৰিলে- এই গ্রন্থবোৰ কেৱল অসমীয়া ভাষাৰে নহয়, আন ভাষাৰো। বিশেষ এটা আদর্শ বহন কৰা গ্ৰন্থহে অসম সাহিত্য সভাই প্রকাশ কৰে। সেই আদর্শটোক আমি জাতীয়তাবাদ বুলিব পাৰোঁ। এই আদৰ্শৰ আধাৰতে অসম সাহিত্য সভাই চৰকাৰী ভাষা (বহুতে ভবা/কোৱাৰ দৰে ৰাজ্যভাষা নহয়) দাবী আন্দোলন সমর্থন কৰিছিল, মাধ্যম আন্দোলনত অংশ লৈছিল আৰু বিদেশী বহিষ্কাৰ আন্দোলনত নির্ণায়ক শক্তিৰ ভূমিকা গ্রহণ কৰিছিল। অসমীয়া ভাষাক চৰকাৰী ভাষা কৰা আন্দোলন আৰু প্রয়োগ সন্দর্ভতো অলপ বহলাই আলোচনা কৰিব পাৰি।

চৰকাৰী ভাষা আৰু অসম সাহিত্য সভা

ভাৰত স্বাধীন হোৱাৰ পাছত ইয়াৰ অন্তৰ্গত ৰাজ্যবোৰৰ পুনর্গঠনৰ প্ৰয়োজন হৈছিল। ভাবত তেতিয়াও এখন বহুভাষী বাষ্ট্র আছিল যদিও ব্রিটিছে গঠন কৰা বাজাবোৰত ভাষিক সমরূপতা নাছিল। তেতিয়াৰ জাতীয় নেতৃত্ব এই সিদ্ধান্তলৈ আহিল যে উন্নয়নৰ বাবে আঞ্চলিক সংহতিৰ প্ৰয়োজন আৰু ভাৰতৰ দৰে দেশত মাতৃভাষাহে এনে সংহতিৰ আধাৰ হ’ব পাৰে। সেইবাবেই ভাষাভিত্তিক ৰাজা গঠনৰ সিদ্ধান্ত হ’ল, যাৰ আর্হি নিৰূপণ কৰিলে ফজল আলী আয়োগে. ১৯৫৫ চনত। ফলত দেশখনৰ কেইবাখনো ৰাজ্যৰ ঐতিহাসিক নাম বিলুপ্ত হ’ল। উদাহৰণস্বৰূপে মাদ্রাজ প্রভিন্স ভাঙি পেলোৱা হ’ল আৰু এই ৰাজ্যখনৰ ভিতৰত সোমাই থকা তেলুগু, ওড়িআ আৰু কন্নড়ভাষী অঞ্চলবোৰ নিলগাই চুবুৰীয়া ৰাজ্যত সোমাই থকা তামিলভাষী অঞ্চলবোৰ আনি তামিলনাডু গঠন কৰা হ’ল। মাদ্রাজ প্রভিন্সৰে অন্যতম অংশ হৈ অতকাল থকা কিন্তু কিছু পৃথক ভাষিক-সাংস্কৃতিক বৈশিষ্ট্যসম্পন্ন পণ্ডিচেৰীক লৈ সুকীয়া প্রদেশ এখনেই গঠন কৰা হ’ল। বোম্বে প্রভিন্সকে ধৰি আন কেতবোৰ স্থানতো একে প্রক্রিয়া অবলম্বন কৰা হ’ল। ভাৰতৰ এখন অংগৰাজ্য অসমেও স্বাভাবিকভাবেই এই আৰ্হি লাভ কৰিলে। ছিকিমক যদিও উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সম্প্রতি চৰকাৰীভাৱে ধৰা হয়, গণমানসত উত্তৰ-পূৰ্বাঞ্চল সাতভনীৰ ৰাজ্য। পিছে ১৯৫৫ চনত এই ভূখণ্ডত সুকীয়া ৰাজ্য হৈ আছিল মণিপুৰ আৰু ত্ৰিপুৰাহে, বাকী অংশ শ্বিলঙক ৰাজধানী হিচাপে লৈ অসম হৈ আছিল। ১৯৫১ চনৰ লোকপিয়লে এইখন অসমৰে ৬১ শতাংশ লোকৰ মাতৃভাষা অসমীয়াৰূপে ঘোষণা কৰিছিল। লোকপিয়লৰ এই তথ্য আৰু ফজল আলী আয়োগৰ সিদ্ধান্তৰ আধাৰত ১৯৫৮ চনত অসম সাহিত্য সভাই প্রস্তাৱ ল’লে যে অসমৰ ৰাজ্যভাষা অসমীয়া হিচাপে আইন হ’ব লাগে। মন কৰিবলগীয়া কথা এয়ে যে ফজল আলী আয়োগৰ পৰামৰ্শমতে প্রায় সমগ্ৰ ভাৰতৰে ৰাজ্যবোৰৰ পুনর্গঠন হৈছিল, আনকি কেন্দ্রভাগত যুক্ত প্রদেশ (United Province) খন ভাঙি মধ্যপ্রদেশ আৰু উত্তৰ প্রদেশ নামৰ দুখন সুকীয়া ৰাজ্য গঠন কৰাৰ উপৰি কোনো কোনো অঞ্চল কাষৰীয়া আন ৰাজ্যৰ লগতো যুক্ত কৰা হৈছিল। দেশজুৰি ৰাজ্য পুনর্গঠন প্রক্রিয়াৰ বাহিৰত থাকি গৈছিল তেতিয়াৰ তিনিখন মাত্র প্রদেশ- জন্ম আৰু কাশ্মীৰ, পশ্চিমবংগ আৰু অসম। ৰাজ্যবোৰৰ পুনর্গঠনৰ পাছত যি ভাষাৰ ভিত্তিত একোখন ৰাজ্য গঠন হৈছিল, সেই ভাষাটোকে সেইখন বাজ্যৰ চৰকাৰী ভাষা’ৰ (official language) স্বীকৃতি দিয়া হ’ল। ভাষাৰ ভিত্তিত অসমৰ পুনর্গঠনৰ প্ৰয়োজন হোৱা নাছিল। কাৰণ ইতিমধ্যে কৈ অহাৰ দৰে ১৯৫১ চনৰ লোকপিয়লত অসমৰ ৬১ শতাংশ লোকে অসমীয়াক মাতৃভাষাৰূপে ঘোষণা কৰিছিল। ১৯৫৫ চনৰ পৰা ১৯৬০ চনলৈকে কিন্তু অসমীয়াক ‘চৰকাৰী ভাষা’ কৰা সম্পকীয় কোনো চৰকাৰী অধিসূচনা জাৰি কৰা হোৱা নাছিল-ইংৰাজীয়েই এই ৰাজ্যখনৰ চৰকাৰী কাম-কাজৰ ভাষা বা মাধ্যম হৈ আছিল ব্রিটিছ শাসনকালৰ দৰেই। ১৯৫৮ চনত অসম সাহিত্য সভাই সৰ্বভাৰতীয় নীতিৰ আধাৰত আৰু ১৯৫১ চনৰ লোকপিয়লৰ তথ্যৰ ভিত্তিত অসমৰ ‘ৰাজ্যভাষা’ (state language) অসমীয়া কনাৰ প্ৰস্তাৱ ল’লে। সাহিত্য সভাৰ প্ৰস্তাৱ বা দাবীৰ প্ৰতিবাদ হ’ল শ্বিলং আৰু শিলচৰত, বাংলাভাষী সমাজৰ একাংশৰ পৰা। এই চামটোবে সাহিত্য সভাৰ দাবীটো নস্যাৎ কৰাই নহয়, অসমীয়া ভাষাটো সম্পর্কে কেতবোৰ অবমাননাকৰ শব্দও প্রয়োগ কৰিলে, ফলত ‘শিলে সাৰ পালে’ আৰু এখন তাণ্ডৱৰে সূচনা কৰিলে। ফল-১৯৬০ চনৰ ‘অসম চৰকাৰী ভাষা আইন’ (Assam Official Language Act)। এই আইনে ১৯৬০ চনৰ অসমখনত, অর্থাৎ আজিৰ ছিকিম, মণিপুৰ আৰু ত্ৰিপুৰাক বাদ দি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত চৰকাৰী কাম-কাজৰ ভাষাৰূপে স্বীকৃতি দিলে ইংৰাজী (আন্তঃৰাষ্ট্ৰীয় ভাষা হিচাপে), হিন্দী (বাষ্ট্রভাষা হিচাপে), অসমীয়া (ব্রহ্মপুত্ৰ উপত্যকাৰ প্রধান ভাষা হিচাপে) আৰু বাংলাক (বৰাক উপত্যকাৰ প্রধান ভাষা হিচাপে)। এই আইনখনে রূপালী জয়ন্তী পালন কৰাৰ বছৰটোত, ১৯৮৬ চনত অসম গণ পৰিষদ চৰকাৰে চৰকাৰী ভাষাৰ আওতালৈ আনিলে বড়ো ভাষাক। ভাৰত চৰকাৰে প্ৰশাসনীয় দিশত ত্রিভাষা সূত্রহে মানি চলে বা প্রচলিত আইনে তেনে ইংগিতহে দিয়ে। সেইমতে ভাৰতৰ প্ৰশাসনীয় বা চৰকাৰী ভাষা তিনিটা- ইংৰাজী (আন্তঃৰাষ্ট্ৰীয় ভাষা), হিন্দী (ৰাষ্ট্রভাষা- যদিও কোনো আইনে ভাষাটোক আনুষ্ঠানিকভাবে এই স্বীকৃতি আজিলৈ দিয়া নাই) আৰু সংশ্লিষ্ট ৰাজ্যখনৰ প্রধান ভাষা। কিন্তু স্থানীয় নিকায় পর্যায়ত মিচিং আৰু কাৰ্বি ভাষাৰ ব্যৱহাৰৰ অনুমোদনক ধৰিলে অসমত চৰকাৰী ভাষা সাতটা-ইংৰাজী, হিন্দী, অসমীয়া, বাংলা, বড়ো, কার্বি আৰু মিচিং।

অসমীয়া: দ্বিপৰিচয়যুক্ত অভিধান

এটা জনসম্প্রদায়ে পালন কৰা ধৰ্ম আৰু সম্প্রদায়টোৰ নৃগোষ্ঠীয় মূলে (ethnicorigin) ইয়াৰ সাংস্কৃতিক রূপ নির্ধাৰণ কৰে। জাতীয় পৰিচয় নির্মাণত সংস্কৃতিব ৰূপটোরে বিশেষ ভূমিকাও পালন কৰে। সেইবাবেই বহু-নৃগোষ্ঠীয় জাতি এটাৰ জাতীয় পৰিচয় নির্মাণ প্রক্রিয়াই জটিলতাৰ সন্মুখীন হ’বলগীয়া হয়। অইন ঠাইলৈ নগৈ আমি অসমৰ উদাহৰণকে ল’ব পাৰোঁ। ইয়াত ‘অসমীয়া’ পৰিচয়টো এতিয়াও সার্বজনীন আৰু দ্বিধাহীন হৈ উঠা নাই। শুদ্ধকৈ ক’বলৈ গ’লে, ‘অসমীয়া’ অভিধাই দ্ব্যর্থহীনভাবে মাথোঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়াভাষী হিন্দু ধর্মাবলম্বী লোকসমষ্টিটোকহে সামৰি লোৱাৰ পৰিৱেশ এটা ইয়াত আছে। এইটো জনসমষ্টিৰ বাহিৰৰ প্রত্যেকেই ‘অসমীয়া’ৰ উপৰি আন এটা পৰিচয় বহন কবে- মুছলমান বা মিঞা, জনজাতীয়, বাঙালী ইত্যাদি। অর্থাৎ ‘অসমীয়া’ এটা দ্বিপৰিচয়যুক্ত অভিধা। এই আলোচনাত অসমীয়াৰ জাতীয় পৰিচয় ভাষিক বুলি প্রতিপন্ন কৰা হৈছে এই অর্থটোৰে হাত ধৰি। দৰাচলতে ‘অসমীয়া’ৰ পৰিসৰ দুটা-প্রথমতে ভাষিক আৰু দ্বিতীয়তে ৰাজনৈতিক। প্ৰথমটোৰ অর্থ আগতে কোৱাৰ দৰেই ‘মাথোঁ ব্রহ্মপুত্র উপত্যকাৰ অসমীয়াভাষী হিন্দু ধর্মাবলম্বী জনসমষ্টি’ আৰু দ্বিতীয়টোৰ অর্থ ‘অসমৰ ৰাজনৈতিক মানচিত্রই সামৰি লোৱা সমূহ অধিবাসী’। এটা উদাহৰণ দিলে দ্বিতীয় অর্থটো স্পষ্ট হ’ব নাগা, মিজো, খাচিসকল এটা সময়ত অসমীয়া আছিল, কাৰণ তেওঁলোক এটা সময়লৈ ৰাজনৈতিক অসমৰ অধিবাসী আছিল। এতিয়া তেওঁলোকৰ সুকীয়া সুকীয়া ৰাজ্য হ’ল, ভাষা আৰু নৃগোষ্ঠীয় পৰিচয়ৰ অধীনত। সেয়ে তেওঁলোকৰ নিজস্ব জাতীয় পৰিচয়ো গঢ়ি উঠিল। পিছে এতিয়াও অসমীয়াৰ ৰাজনৈতিক মানচিত্রই সামৰা অঞ্চলত এই নৃগোষ্ঠীয় লোক কিছুসংখ্যক থাকি গৈছে। এইসকলৰ ৰাজনৈতিক পৰিচয় অসমীয়াই হৈ আছে, যদিও নৃগোষ্ঠীয় পৰিচয় অসমীয়া নহয়। বড়োসকলৰ এতিয়াৰ ৰাজনৈতিক পৰিচয় ‘অসমীয়া’, বড়োলেও বুলি সুকীয়া ৰাজ্য এখন গঠন হ’বৰ দিনাবে পৰা তেওঁলোকৰ ‘অসমীয়া’ পৰিচয় লোপ পাব, নৃগোষ্ঠীয় পৰিচয় বড়োবেই তেওঁলোকৰ জাতীয় পৰিচয় হৈ পৰিব। তেতিয়াও কিছুসংখ্যক বড়ো লোক অসমৰ ৰাজনৈতিক মানচিত্ৰই সামৰা অঞ্চলৰ অধিবাসী হৈ ৰৈ যাব। তেওঁলোকৰ গাত তেতিয়াও অসমীয়া পৰিচয়টো লাগি থাকিব। ৰাজনৈতিক মতাদর্শগত ঐকাই জাতীয় পৰিচয় গঢ় দিব পাৰে। দৰাচলতে এই ধৰণৰ এটা মতবাদ আছেই। ইয়াৰ সমর্থনত আমেৰিকাৰ উদাহৰণ দিয়া হয়। পিছে ছোভিয়েট ৰাছিয়া আৰু যুগোশ্লাভিয়াতকৈ বাজনৈতিক মতাদর্শই এক কৰাৰ শ্রেষ্ঠ উদাহৰণ থাকিব নোৱাৰে। অথচ এই দুয়োখন দেশেই আজি নাই; ভাগি গ’ল আৰু এই দুখন দেশৰ ৰাজনৈতিক মানচিত্রই সামৰা অঞ্চলত কমেও কুৰিখন পৃথক পৃথক দেশ গঢ়ি উঠিল। এই দেশবোৰৰ ঘাইকৈ নৃগোষ্ঠীয় আৰু দ্বিতীয়তে ভাষিক পৰিচয়ৰ সূত্ৰ ধৰি নতুন নতুন জাতীয় পৰিচয় নির্মাণ হ’বলৈ ধৰিছে। ছোভিয়েট বাছিয়াৰ সম্পূর্ণ নাম আছিল ইউনিয়ন অব্ ছোভিয়েট ছ’চিয়েলিষ্ট বিপারি (Union of Soviet Socialist Republics)। লেনিনবাদী মতাদর্শই এক কৰা দেশখন সেই মতাদর্শী লোকৰ শাসনৰ পৰা মুক্ত হোৱাৰ লগে লগে ১৫খন সুকীয়া দেশত পৰিণত হ’ল। এই ১৫খন দেশৰ- আর্মেনিয়া, আজাৰবাইজান, বেলাবছ, এস্টোনিয়া, জর্জিয়া, কাজাখস্তান, কিৰগিজস্তান, লাটভিয়া, লিথুবানিয়া, মলডোভা, বাছিয়া, তাজিকিস্তান, তুর্কমেনিস্তান, ইউক্রেইন আৰু উজবেকিস্তানৰ প্রত্যেকখনেই এতিয়া একোখন জাতিৰাষ্ট্ৰ আৰু প্ৰত্যেকৰে আছে সুকীয়া জাতীয় পৰিচয়। ছোভিয়েট বাছিয়াৰ তুলনাত বহুত সৰু দেশ আছিল যুগোশ্লাভিয়া। ষ্টেলিনবাদী মতাদর্শই এক কৰা এটা অঞ্চলৰ পৰা সেই মতাদৰ্শৰ ৰাজনৈতিক শাসন বিলোপ হোৱাৰ লগে লগে গঠিত হ’ল সুকীয়া জাতীয় পৰিচয়যুক্ত সাতখন পৃথক জাতিৰাষ্ট্র-ক্রোবেচিয়া, শ্লোভেনিয়া, মেচিডনিয়া, বছনিয়া, হাৰজেগোভিনা, ছার্বিয়া আৰু মন্টেনেগ্রো। দক্ষিণ আফ্ৰিকাৰ পৰা পৃথক হৈ গঠন হোৱা নামিবিয়া, আমেৰিকা যুক্তৰাজ্যৰ পৰা পৃথক হৈ গঠন হোৱা মাইক্রোনেছিয়া আৰু পালাউ, ইথিঅ পিয়াৰ পৰা পৃথক হৈ গঠন হোৱা ইবিট্রিয়া, ইণ্ডোনেছিয়াৰ পৰা পৃথক হৈ গঠন হোৱা ইষ্ট টিমোৰ, চেকোশ্লাভিয়াৰ বিভাজনেৰে গঠিত হোৱা চেক গণৰাজ্য আৰু শ্লোভাকিয়াৰ মাজত এনে প্রবণতাই লক্ষ্য কৰিব পাৰি। পূব আৰু পশ্চিম জার্মানীৰ মিলনেৰে জার্মানীৰ আৰু উত্তৰ আৰু দক্ষিণ য়েমেনৰ মিলনেবে গঠিত য়েমেনৰ উদাহৰণো একেই প্রসংগতে দিব পাৰিব। এয়া কেইটামান উদাহৰণহে। অৱশ্যে প্রব্রজন আৰু বিশ্বায়নে জাতীয় পৰিচয় নির্মাণত আহুকালৰ সৃষ্টি কৰে আৰু কৰি আহিছে। প্রব্রজনে সৃষ্টি কৰা সমস্যাটো খোদ অসমেই ভুগি আছে যোৱা এটা শতিকাৰ ওপৰ কাল; সমস্যাটো নতুনকৈ সৃষ্টি হৈছে ইউৰোপত। বিশ্বায়নৰ সমস্যাটোত সৰু সৰু জাতিৰাষ্ট্ৰ তথা ক্ষুদ্র জাতিবোৰে নতুনকৈ ভুগিবলৈ আৰম্ভ কৰিছে। এই সমস্যাটোৰ বিষয়ে জাবারী ইব্রাহিমে তেওঁৰ ২০০৪ চনত প্রকাশিত গ্রন্থ Globalization and National Identity’ত উনুকিয়াইছিল। জাতীয় পৰিচয় সন্দৰ্ভত ইব্রাহিমৰ দৃষ্টিকোণৰ আলোচনা বৰ বিশেষ চকুত পৰা নাই। এইক্ষেত্রত সাহিত্য সভাৰ কিবা কৰণীয় আছে নেকি? আমাৰ মতে, সাংগঠনিকভাবে একো কৰণীয় নাই। অৱশ্যে সাহিত্য সভাই এনে কৰাৰ এটা পৰিৱেশ তৈয়াৰ কৰিব পাবে- ইয়াৰ সহস্রাধিক (সাহিত্য সভাৰ সদস্য কিমান এই লেখকে নাজানে) সদস্যক আত্ম-অৱলোকনৰ প্রস্তাৱ এটা দিব পাৰে। এইটো সত্য যে অসমীয়া মাধ্যমৰ চৰকাৰী শিক্ষাব্যৱস্থাটো বিধ্বস্ত হৈ গৈছে। এই অৱস্থাৰ বাবে আজিৰ তাৰিখত চৰকাৰক সিমান জগৰীয়া কৰিব নোৱাৰি, যিমান পাৰি শিক্ষক সমাজ আৰু শিক্ষা বিষয়াসকলক। আজিকালি বিদ্যালয়ৰ আন্তঃগাঁথনি ভাল বুলিবই পাৰি, শিক্ষক সমাজৰ দা-দৰমহাও উন্নত, পাঠ্যপুথিও মানবিশিষ্ট। কিন্তু শিক্ষক সমাজৰ বেছিভাগেই ফাঁকিবাজ, শিক্ষাদানৰ যোগ্যতাশূন্য। নৈতিকতাৰ দিশৰ পৰাও দুর্বল। সাহিত্য সভাৰ সদস্য পদত শিক্ষক আৰু শিক্ষা বিষয়া বহুত আছে, তাৰে ভালেসংখ্যক সভাৰ নেতৃত্বতো আছে। সাহিত্য সভাই প্রথমে নিজৰ সদস্যসকলক শিক্ষাব্যৱস্থাটোৰ এই দুর্বলতাবিলাক আঁতৰোৱাৰ নিৰ্দেশ দিব পাবে, যিবোৰ দুৰ্বলতাৰ চিকাৰ হয়তো তেওঁলোকৰে অনেক। কার্যালয়ত অসমীয়া ভাষা প্রযোগ কৰিবলগীয়া কৰ্মচাৰী বা বিষয়াজনে নিজেই সেইটো নকৰে, নিজব সন্তানক অসমীয়া মাধ্যমত নপচুৱায, অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকেই ‘স্কুলবোৰ বেয়া হ’ল’ বুলি কৈ নিজৰ বিদ্যালয়তে নিজৰ সন্তানক নপঢুৱাই ওচৰতে থকা ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ভর্তি কৰায়, বিষয়াসকলে, মন্ত্রীসকলে, বিধায়কসকলে নিজৰ ভাষা-কৃষ্টিৰ প্রভাব সন্তানৰ ওপৰত পৰাৰ দুৰ্ভাৱনাৰ পৰা মুক্ত ৰাখিবলৈ সন্তানক বহিঃবাজাৰ কনভেন্ট বিদ্যালয়ত পঢ়ুৱায়। ব্যক্তিগতভাবে এনে আচৰণ কৰা ব্যক্তিসকলেইতো চৰকাৰী কৰ্মচাৰী, জাতীয় সংগঠনৰ নেতা-কর্মী, সাহিত্য সভাব সদস্য-পদাধিকাৰী। তেন্তে কোনে কৰিব অসমীয়া ভাষাৰ প্রয়োগ? নিজৰ ভাষাটোত প্রকাশিত শেহতীয়া গ্ৰন্থখনৰ খবৰ নৰখাকৈ, কেৱল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ককাক/আজোককাকৰ নাম থকা-নথকাৰ আধাৰত কোন হ’ব পাৰে বাৰু ‘অসমীয়া’? নামবোৰেই নহয়, সাতামপুৰুষীয়া উপাধিবোৰো ত্যাগ কৰি ‘অসমীয়াত্ব’ বিসর্জন দিয়াসকলে বাৰু ‘অসমীয়া’ৰ চাৰিঢাপৰ বাহিৰৰ কাৰোবাক অসমীয়া হোৱাৰ আহ্বান দিব পাৰেনে?

গ্ৰন্থ আৰু বাতৰিকাকত

আধুনিক ব্যাখ্যাকাৰসকলে বুৰঞ্জী-ভাষা-সংস্কৃতিৰ উপৰি আন তিনিটা উপাদানক জাতীয় পৰিচয়ৰ অনিবার্য অংগ বুলি চিহ্নিত কৰিছে। সেই তিনিটা হ’ল-ঔদ্যোগিকীকৰণ, পুঁজিবাদী অর্থনীতিৰ বিকাশ আৰু স্থানীয় ভাষাত প্রকাশিত গ্রন্থ আৰু বাতৰিকাকত। ইয়াৰে প্ৰথম দুটা উপাদানৰ উপস্থিতি ‘অসমীয়া জাতি’ৰ ক্ষেত্ৰত পোৱা নাযায়- কাৰণ ৰাজ্যখনত কোনো থলুৱা উদ্যোগী নাই, যি সমাজ আৰু ৰাজনীতিক প্ৰভাৱিত কৰিব পাৰে। ইয়াত থলুৱা পুঁজিৰ বিকাশ হ’বলৈ এতিয়াও বহু বাকী। এনেক্ষেত্রত স্থানীয় ভাষাৰ গ্ৰন্থ আৰু বাতৰিকাকতৰ মাজতে জাতীয় পৰিচয়ৰ সন্ধান কৰিবলগীয়া হয়। অসমীয়া ভাষাত এতিয়া বছৰি অজস্ৰ গ্ৰন্থ প্রকাশ হয়। অবশ্যে গ্রন্থসংখ্যা জনা নাযায় ইয়াক নির্ধাৰণ কৰাৰ কোনো ব্যৱস্থা নাই বাবে। বাতৰিকাকত-আলোচনীৰ হিচাপ এটা উলিয়াব পৰা যায়। সংখ্যালৈ নগৈও এই কথা ক’ব পাৰি যে আলোচনী আৰু বাতৰিকাকতৰ কান্ধত ভৰ দিয়েই অসমীয়া ভাষা আৰু ইয়াৰ সাহিত্যৰ আধুনিক যুগটো আৰম্ভ হৈছে। এই আলোচনী আৰু বাতৰিকাকতবোৰে এটা বিশেষ চৰিত্ৰও আৰম্ভণিৰে পৰা ধৰি ৰাখিছে। অসমৰ পৰা আৰু অসমীয়া মানুহেই প্রকাশ আৰু সম্পাদনা কৰা ইংৰাজী ভাষাৰ আলোচনী আৰু বাতৰিকাকতকেইখন সূক্ষ্মভাবে অধ্যয়ন কৰিলেই এই বৈশিষ্ট্যটো বুজা যাব। বিষয়বস্তু আৰু উপস্থাপনশৈলী- দুয়োক্ষেত্রতে স্পষ্ট পার্থক্য লক্ষ্য কৰা যায় এইক্ষেত্রত। একেদৰে গ্ৰন্থ এখনৰো লিখনশৈলী, উপস্থাপনশৈলী আৰু বিষয়বস্তু আনকি গ্ৰন্থখনৰ আকাৰ-প্ৰকাৰতো পাৰ্থক্য লক্ষ্য কৰা যায়। এই পার্থক্যটো- যিটো সচেতন প্রয়াসৰ অনুপস্থিতিতেই সৃষ্টি হৈছে জাতীয় চৰিত বা জাতীয় পৰিচয় বহন কৰে।

অসমীয়া জাতিৰ জাতীয় পৰিচয় দিয়ে অসমীয়া ভাষাই, যাৰ ইতিহাস কমেও দুহাজাৰ বছৰীয়া। বিপৰীতে বাংলা ভাষাৰ ইতিহাস এহাজাৰ বছৰীয়াহে। দুহাজাৰ বছৰজোৰা ধাৰাবাহিকতা থকা ভাষা ভাৰতত বৰ বেছি নোলাব- আজিৰ অতি প্রভাৱশালী ভাষা হিন্দী আৰু উর্দুৰ ইতিহাস কেইশতিকামানৰহে। অসমীয়াৰ জাতীয় পৰিচয় শক্তিশালীভাবে প্রতিষ্ঠাপিত কৰিব লাগিলে অসমীয়া ভাষাৰ প্ৰাচীনতা আৰু ব্যাপকতাৰ ইতিহাস শুদ্ধ, পূর্ণাংগ আৰু বিজ্ঞানসন্মতভাবে লিখি উলিয়াব লাগিব। আমাৰ আগৰচাম ভাষা গৱেষকে গ্রহণ কৰা বাংলা ভাষা অধ্যয়নৰ পদ্ধতি আৰু সমলবোৰ এই ইতিহাস ৰচনাৰ সমল আৰু পদ্ধতি হ’ব নালাগিব- শিলালিপি, অনুদান-অনুশাসন, মোহৰ, বৰতোপৰ আখৰ, গড়গঞা, বামুণীয়া, কাইথেলী লিপিকহে সমল কৰি ল’ব লাগিব। এনেদবেই ভাষাই জাতীয় পৰিচয় বহন কৰে; বিপৰীতে একোটা জাতিৰ একোটা জাতীয় ভাষা থাকে। একে সময়তে একেটা জাতিৰ ভিতৰতে একাধিক ক্ষুদ্র ভাষাও থাকিব পাৰে বা মান্য ভাষাটোৰে আঞ্চলিক ৰূপো থাকিব পাৰে। জাতীয় পৰিচয়ক ঊর্ধ্বত তুলি ধৰাৰ বাবে প্রত্যেক জাতিৰে কেতবোৰ জাতীয় অনুষ্ঠান থাকে। এনে অনুষ্ঠান বাজনৈতিক নহৈ সাংস্কৃতিক পৰিচয়যুক্ত হোৱা দৰকাৰ। অসমত অসম সাহিত্য সভাক এনে জাতীয় অনুষ্ঠান বুলিব পাৰি। অসম সাহিত্য সভাই অসমীয়াক ৰাজ্যভাষা কৰাৰ যি প্রস্তাৱ ১৯৬০ চনত লৈছিল, সময়ৰ হিচাপত আৰু আইনৰ দৃষ্টিত তাত কিবা প্রমাদ আছিল বুলি একেষাৰে ক’ব নোৱাৰি। অৱশ্যে শব্দৰ ব্যৱহাৰত প্রমাদ ঘটাইছিল সাহিত্যৰ সংস্থাটোরে: ‘বাজ্যভাষা’ৰ পৰিৱৰ্তে ‘চৰকাৰী ভাষা’হে প্রস্তাৱটোত ব্যৱহাৰ কৰাটো আইনৰ দিশৰ পৰা শুদ্ধ হ’লহেঁতেন। পিছে অর্ধশতিকাৰ পাছত এই প্রমাদটোক লৈ চর্চা বা বিদ্বেষ পোষণ কৰি থকাৰ অৰ্থ নাই। আনহাতে এই অর্ধশতিকাত সাহিত্য সভাৰ দৃষ্টিভংগীৰো যথেষ্ট পৰিৱৰ্তন হৈছে। প্রায়সকল অসমীয়া গ্রন্থ প্রকাশকে কয় যে অসমীয়া গ্ৰন্থৰ পঢ়ুৱৈ কমিছে। আৰু অসমীয়া গ্রন্থৰ পঢ়ুৱৈ বুলিলে ৪০ ঊর্ধ্বৰ ব্যক্তিকহে ধৰিব লাগে। তেওঁলোকৰ মতে, ৪০ বছৰ বয়সৰ তলৰ ব্যক্তিৰ বৰ কমসংখ্যকেহে অসমীয়া কিতাপ বিচাৰে, বেছিসংখ্যকেই ইংৰাজী কিতাপহে বিচাৰে। এইটো যদি সঁচা হয়, আমি এই সিদ্ধান্তলৈ আহিব পাৰিম যে ৰাজ্যখনত অসমীয়া গ্রন্থৰ পঢ়ুবৈ নতুনকৈ সৃষ্টি হোৱা নাই অথবা বৰ কমকৈ হৈছে। প্ৰক্ৰিয়াটোৰ সৈতে শিক্ষাৰ মাধ্যমটো ওতপ্রোতভাবে জড়িত। কিণ্ডাৰ গার্টেন পৰ্যায়ৰ পৰা ইংৰাজী মাধ্যমতে শিক্ষা গ্রহণ কৰাৰ ফল এয়া। পঠন অভ্যাস গঢ়ি উঠাৰ কালত ল’ৰা-ছোৱালীয়ে ইংৰাজী কিতাপ এখনেই হাতত ল’ব, অসমীয়া নহয়। কাৰণ শিক্ষাসদী প্রয়োজনতে শিকা ভাষাটো তেওঁলোকৰ বেছি আপোন হৈ পৰে, অসমীয়া তেওঁলোকৰ মাতৃভাষা হ’লেও শিক্ষাসদী প্রয়োজন পূৰণ নকৰাত ইয়াৰ উচ্চতৰ জ্ঞান আৰু উচ্চ বোধ ক্ষমতা তেওঁলোকে ইয়াৰ জৰিয়তে আয়ত্ত কৰিব নোৱাৰে। ব্যতিক্রম সকলোতে থাকে, এই ক্ষেত্রতো নিশ্চয় থাকিব। কিন্তু ব্যতিক্রম ব্যতিক্রমেই, উদাহৰণেৰে তাৰ সাধাৰণীকৰণ কৰিব নোৱাৰি। পাঠ্যপুথিৰ বাহিৰৰ ‘বাহিৰা কিতাপ’ পঢ়াৰ অভ্যাস অসমীয়া মানুহৰ ঐতিহাসিকভাৱেই কম, ইংৰাজী মাধ্যমত পঢ়াসকলৰো প্রত্যেকে ‘বাহিৰা কিতাপ’ পঢ়ে বুলি ভবাটো ভ্ৰান্তিৰ বাহিৰে আন একো নহয়। এই হিচাপতে ক’ব পাৰি- শিক্ষাৰ মাধ্যম অসমীয়া হৈ থাকিলে নিশ্চিতভাৱেই অসমীয়া গ্রন্থই এতিয়াতকৈ বেছি পঢ়ুবৈ পালেহেঁতেন। জাতীয় স্বার্থত সেইটো হোৱাটো দৰকাৰী আছিল। জাতীয় পৰিচয় নির্মাণ আৰু শক্তিশালীকৰণৰ প্ৰক্ৰিয়াটোতো ইয়াব গুরুত্ব আছে।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *