আধুনিক মানব জীবনক তথ্য-প্রযুক্তিৰ ন ন সমলে ইমান বেছিকৈ মেৰিয়াই ধৰিছে যে খুব কম সময়ৰ ভিতৰতে সকলো বিষয় নতুনত্বহীন হৈ পৰে। সোমাই পৰে গতানুগতিকতাৰ চক্ৰবেহুত। মানুহ আজিকালি আচৰিত নহয় সহজে। বিৰক্ত আৰু ক্ষোভিত হয় কিন্তু অতি সোনকালে। গুৱাহাটী মহানগৰীৰ প্ৰায়বোৰ সাধাৰণ নাগৰিকৰে জীৱন এনে এক ব্যাখ্যাতীত একঘেয়ামি অৱসাদৰ মাজেদি আগবাঢ়ে। তাৰ লগতে প্রাত্যহিক জীৱনৰ অন্যান্য প্রত্যাহ্বানবোৰতো আছেই। সকলোৰে সম্মিলিত খুন্দাত জীৱন যেন মৰহি যায়। কিন্তু সেই জীৱন বা জীৱনৰ বাবে অতিকৈ আৱশ্যকীয় জীৱনবোধ মৰহি যোৱাৰ উপক্ৰম হ’লেই মৰূদ্যানৰ দৰে বিৰিঙি উঠে জীৱনৰ আন কেতবোৰ যোগাত্মক উপাদান। সেই উপাদানবোৰ কিন্তু আকাশৰ পৰা খহি পৰা বস্তু নহয়। দৈনন্দিন জীৱনৰ তেনেই সাধাৰণ যেন লগা ঘটনা-পৰিঘটনাৰ মাজতে লুকাই থাকে অসাধাৰণত্বৰ বীজবোৰ। সেই বীজবোৰ সযতনে জনজীৱনৰ মাজলৈ লৈ আহিব পাৰিলেই যেন কিছু আশ্বাস আৰু আশাও কঢ়িয়াই আনা হয়। যোৱা কেইদিনমানৰ কেইটামান ঘটনাই মোৰ মনলৈকো তেনে কিছু ভাব আনিছে। ঘটনাকেইটাত অগতানুগতিকতা পৰিলক্ষিত নহয়, অন্ততঃ আপাতদৃষ্টিৰে নিৰীক্ষণ কৰিলে। কিন্তু মনৰ চকুৰে চালে মৃদুভাবে হ’লেও দৃষ্টিগোচৰ হয় আসাধাৰণত্বৰ কিছু উপাদান। তেনে উপাদানবোৰেই হ’ব পাৰে সুস্থ জীৱন যাপনৰ বাবে প্রয়োজনীয় আহিলা।
সাধাৰণ হৈও যিবোৰ কথা অসাধাৰণ
সাধাৰণ যেন লগা প্রথম ঘটনাটো হ’ল গুৱাহাটীৰ এখন মানসম্পন্ন চি বি এছ ই স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা বার্ষিক সাংস্কৃতিক অনুষ্ঠান। ২০১৬ চনৰ ২২ ডিচেম্বৰ তাৰিখে স্কুলখনৰ ছিনিয়ৰ ৱিঙৰ ছাত্ৰ-ছাত্ৰীসকলে (ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্রেণীলৈ) পৰিৱেশন কৰা অনুষ্ঠানটোলৈ ময়ো গৈছিলোঁ পৰিবাৰৰ সৈতে। স্কুলখনত আমাৰ ল’ৰা-ছোৱালী দুয়োটা পড়ে। সিহঁতেও দুটা কার্যসূচীত ভাগ লৈছে। আন অভিভাৱকৰ দৰে আমিও গৈ প্রেক্ষাগৃহৰ তৃতীয় শাৰীত বহিলোঁগৈ। স্কুলখনৰ অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ ড’ গীতা দত্ত বৰুৱাই দেখি জোৰ কৰি মোক প্রথম শাৰীত বহুৱালেগৈ। পৰিবাৰ নগ’ল। সুলেখিকা তথা স্কুলখনৰ উচ্চতৰ মাধ্যমিক শাখাৰ মূল তত্ত্বাৱধায়িকা নীলিমা গোস্বামী বাইদেউকো লগ পালোঁ। অলপ পিছতে মুখ্য অতিথি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ড° মৃদুল হাজৰিকা পালেহি। প্রথমাৱস্থাত তেওঁ মোকো স্কুলখনে আমন্ত্ৰণ কৰা আন এজন অতিথি বুলি ভাবিছিল। পাছত মোৰ ল’ৰা-ছোৱালীয়ে তাত পঢ়ি থকা বুলি জানি তেওঁ স্কুলখনৰ বিশেষ বৈশিষ্ট্যৰ বিষয়ে জানিব বিচাৰিলে। মূল কথাটো হ’ল মোৰ ল’ৰা-ছোৱালীয়ে সেইখন স্কুলত কিয় পড়ে? তেখেতক ক’লো যে স্কুলখনৰ ২০১৪ চনৰ Annual Day ৰ দিনা মই যোৰহাটৰ পৰা আহি মুখ্য অতিথি হিচাপে ভাগ লৈছিলোঁ আৰু দুবছৰৰ আগৰ সেই দৃশ্যই মোৰ মনত ইমান ইতিবাচকভাৱে বেখাপাত কৰিছিল যে ২০১৫ চনত যোৰহাটৰ পৰা গুৱাহাটীলৈ বদলি হৈ আহি মই আমাৰ ল’ৰা-ছোৱালীক সেইখন স্কুলতে নামভৰ্তি কৰিলোঁহি। তেখেতেক আৰু কলোঁ যে আপুনি এটা বা দুটা অনুষ্ঠান চালেই গম পাব মোৰ মতামতৰ যুক্তিযুক্ততা। স্কুল কর্তৃপক্ষক ধন্যবাদ যে প্রথম অনুষ্ঠানটোৱেই সকলোকে মোহাবিষ্ট কৰি পেলালে। ইয়াৰ কাৰণ কেৱল ছাত্ৰ-ছাত্ৰীৰ উচ্চখাপৰ পাৰফর্মেন্সেই নাছিল। মূল কথা আছিল যিবোৰ সাংস্কৃতিক উপাদানক লৈ অনুষ্ঠানটো আৰম্ভ হৈছিল, সেইবোৰ গভীৰভাৱে সম্পৃক্ত আছিল পৰিশীলিত অসমীয়া সত্তাটোৰ মাজত। অনুষ্ঠানটোৰ আৰম্ভণি হৈছিল এটা সুন্দৰ বৰগীতৰ যোগেদি। ছাত্র-ছাত্রীসকলে ইমান আধ্যাত্মিক মনোভাবেৰে বৰগীতটি পৰিৱেশন কৰিছিল যে সমগ্র প্রেক্ষাগৃহটো নিঃস্তব্ধ হৈ পৰিছিল। মোৰ দৃঢ় বিশ্বাস ড° হাজৰিকাৰ মন মননেও সেই সময়ত অৱগাহন কৰিছিল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু শ্রী শ্রীমাধৱদেৱসৃষ্ট অদ্বিতীয় সাংস্কৃতিক পৰিমণ্ডলৰ মাজত। তাৰ ৰেশ তেখেতৰ মুখমণ্ডলত স্পষ্টভাৱে প্রতিফলিত হৈছিল। বৰগীতৰ পাছতেই ইছলাম, খ্ৰীষ্ট আৰু বৌদ্ধধৰ্মৰ বন্দনা কৰা গীতো পৰিৱেশন কৰিছিল। প্রেক্ষাগৃহটো আছিল আপেক্ষিকভাৱে আন্ধাৰ। কিন্তু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত উচ্চমানৰ অনুষ্ঠানটোৱে প্রেক্ষাগৃহৰ প্ৰতিজন মানুহৰে মন পোহৰাই তুলিছিল। মোৰ অনুমান যে ভুল হোৱা নাছিল তাৰ প্ৰমাণ পোৱা গ’ল ড° মৃদুল হাজৰিকাৰ প্ৰেৰণা
অসমীয়া সমাজত এতিয়াও জীয়াই আছে মানবিকতা আৰু সংস্কৃতিৰ শক্তি
সঞ্চাৰকাৰী ভাষণৰ মাজত। বিশেষকৈ যিটো কথাই ২০১৪ চনৰ ডিচেম্বৰ মাহত মোক স্কুলখনৰ প্রতি শ্রদ্ধাশীল আৰু আকর্ষিত কৰি তুলিছিল, সেই একেটা কথাই তেখেতৰ হহৃদয় স্পৰ্শ কৰা দেখি মোৰ মন ভৰি পৰিছিল। ভাষণৰ মাজেদি তেওঁ স্পষ্টভাবে কৈছিল যে যিটো অনুষ্ঠানৰ দৃঢ়তা থাকে আৰু থাকে নিজৰ ভাষা সাহিত্য- সংস্কৃতিৰ প্রতি গভীৰ শ্ৰদ্ধা, তেনে অনুষ্ঠানক কোনেও বাধা দিব নোৱাৰে। তেনেবোৰ দিশত অপ্ৰতিৰোধ্য বাবেই সেই স্কুলখন ইংৰাজী মাধ্যমৰ চি বি এছ ই স্কুল হৈও হিন্দী সম্প্ৰসাৰণবাদক সাৰপানী যোগোৱা নাই। বৰং খিলঞ্জীয়া অসমীয়া সাংস্কৃতিক সত্তাটোৰ সোণসেৰীয়া সাংস্কৃতিক সমলবোৰ বুটলিবলৈহে ছাত্র-ছাত্রীক উদগনি দিছে। সেইটো কাৰণৰ বাবেই গুৱাহটীৰ অন্যান্য চি বি এছই স্কুলৰ ভিতৰত সেইখন স্কুল অসাধাৰণ আৰু অন্যান্য। স্কুলখন হৈছে দিছপুৰত অৱস্থিত শ্রীমন্ত শংকৰ একাডেমী। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰাণপুৰুষজনৰ নামটো কেৱল ব্যৱহাৰ কৰাতেই ক্ষান্ত থকা নাই স্কুলখন। তেওঁৰ বিশাল আৰু উদাব আদৰ্শক নতুন প্ৰজন্মৰ মাজত ৰুচিশীলভাবে প্ৰচাৰ কৰাতো তেওঁলোকে আগভাগ লৈছে। ইয়াৰ বাবে স্কুলখনৰ গৱৰ্নিং ব’ৰ্ডৰ সভাপতি ৰাতুল দাসৰ লগতে অধ্যক্ষা ড° গীতা দত্ত বৰুৱাকে মুখ্য কৰি সকলো শিক্ষক-শিক্ষয়ত্ৰীয়েই কৃতিত্বৰ দাবীদাৰ হ’ব পাৰে দ্বিতীয় ঘটনাটো বছৰৰ এইটো সময়ত একেবাৰে গতানুগতিক। গ্ৰন্থমেলাৰ আগৰ পাছৰ এই সময়ছোৱাত অনেক অসমীয়া গ্ৰন্থ উন্মোচিত হয়। দুখৰ কথা বহুবোৰ গ্ৰন্থ পাঠকৰ সঁহাৰিৰ অভাৱত অকালতে হেৰাই যায়। গ্রন্থ উন্মোচনীৰ সভাত কেতিয়াবা দহজন ব্যক্তিও সভাগৃহত পৰিলক্ষিত নহয়। কিন্তু গ্ৰন্থৰ ওপৰত এচাম সচেতন লোকৰ সীমাহীন আস্থা। ইয়াৰ কাৰণ কেতবোৰ গ্ৰন্থৰ আঁৰৰ স্ৰষ্টাজনৰ অগতানুগতিক চিন্তা চর্চা আৰু সকলো সংকটৰ সময়তে সাধাৰণ ৰাইজৰ লগত থকাৰ মানসিকতা। তেনে এজন দুর্দমনীয় মানসিকতাৰ স্পষ্টবাদী আৰু যুক্তিবাদী লেখক-চিন্তাবিদ হ’ল অৰূপ বৰবৰা। মানুহজনৰ কথা খাৰাংখাচ আৰু লিখাও খাৰাংখাচ। অসমীয়াতে লিখে, ইংৰাজীতো লিখে। কেৱল লিখে বুলি ক’লে ভুল হ’ব। কাৰণ তেওঁ মানুহৰ চিন্তা জাগ্ৰত কৰিব পৰাকৈ লিখে। এক ব্যতিক্রমী তথা শক্তিশালী গদ্যশৈলীৰ অধিকাৰী বৰবৰাই দীর্ঘদিন ধৰি অসমৰ আর্থ-সামাজিক আৰু ৰাজনৈতিক জগতৰ স্পৰ্শকাতৰ বিষয়বোৰ স্বকীয় ধাৰাৰে ব্যাখ্যা-বিশ্লেষণ কৰি আহিছে। সময়ৰ দাবীত তেওঁ কেতিয়াবা নিজৰ মত বৃহত্তৰ স্বাৰ্থত সলনিও কৰিছে। কিন্তু অসমৰ আন এচাম চতুৰ বুদ্ধিজীৱী-চিন্তাবিদৰ দৰে অরূপ বৰবৰাৰ পৰিৱৰ্তনৰ লগত দিল্লী বা দিছপুৰৰ চৰকাৰৰ পৰিবৰ্তনৰ কোনো ভূমিকা নাথাকে। সেইবাবেই বহু পাঠকৰ দৃষ্টিত অৰূপ বৰবৰা অসাধাৰণ। তেওঁৰ দুখন গ্রন্থ ক্রমে ‘বিক্ষিপ্ত চৌপাশ’ আৰু ‘Beyond Brahmaputra’ যোৱা ১৭ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ শ্বহীদ ন্যাস ভবনত উন্মোচিত হয়। তেওঁৰ ইংৰাজী গ্ৰন্থৰ পাতনি লেখক হিচাপে ময়ো সেইদিনা মঞ্চত। বহিবলগীয়া হৈছিল। কাষত ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী, দিলীপ কুমাৰ হাজৰিকা, অজিত কুমাৰ ভূঞা আৰু প্রশান্ত ৰাজগুৰু। প্রেক্ষাগৃহটোত সাহিত্য-সংস্কৃতিৰ জগতৰ পৰিচিত মুখবোৰৰ বাহিৰেও গুৱাহাটী-দিল্লীৰ কেইবাগৰাকীও সুপ্রসিদ্ধ আইনজ্ঞ-অধিবক্তা আছিল। মোৰ বাবে সেই সভাখন অসাধাৰণ আছিল। কিয়নো পোনপ্ৰথমবাৰৰ বাবে মই ইংৰাজী-অসমীয়া মিহলাই এটা Bilingual ভাষণ দিব লগা হৈছিল। ইংৰাজী গ্ৰন্থখনৰ পাতনি লেখক হিচাপে ঘৰৰ পৰা যাওঁতে ইংৰাজী ক’ম বুলি ভাবি গৈছিলোঁ। কিন্তু সভাখনৰ কাম-কাজ অসমীয়াতে হোৱা দেখি কাহানিও নকৰা কামটো কৰিলোঁ। সভাৰ শেষত বহুকেইজন বৰেণ্য জ্যেষ্ঠ ব্যক্তিয়ে ভাল হোৱা বুলি কোৱাতহে মুখলৈ পানী আহিল। এজন সুলেখকৰ ব্যতিক্ৰমী গ্রন্থ উন্মোচনী সভাত ভাগ লৈ ভাল লাগিল। তৃতীয় ঘটনাটো ২০১৬ ৰ ১৯ ডিচেম্বৰ তাৰিখৰ। এজন সুস্থ মানুহ অকালতে আৰু হঠাতে মৃত্যুমুখত পৰাৰ ঘটনা। বহুতে ক’ব ইয়াত অসাধাৰণ কিনো আছে। পৰিয়াল আৰু নিজৰ বন্ধু মহলৰ বাহিৰত বিশেষ পৰিচিতি নথকা এজন ‘সাধাৰণ’ মানুহ অকালতে হেৰাই গ’লে জানো ‘অসাধাৰণ’ হৈ পৰে? এই আহুকলীয়া প্ৰশ্নটোৰ সৰ্বজনগ্রাহ্য উত্তৰ দিয়া সহজ নহয়। মোৰ দৃষ্টিত কেৱল খ্যাতিয়ে কোনো ব্যক্তিক ‘মহান’, ‘ডাঙৰ’ বা ‘অসাধাৰণ’ কৰি তুলিব নোৱাৰে। সাধাৰণ আৰু অসাধাৰণৰ মাজৰ সীমাৰেখাডাল সদায়েই অস্পষ্ট। মানৱ জীৱনৰ ই আমোঘ সত্য। সংস্পৰ্শলৈ অহা সূক্ষ্ম বিচাৰাবোধ সম্পন্ন মানুহেহে অনুমান কৰিব পাৰে এজন মানুহ দৰচলতে অসাধাৰণ হয়নে নহয়। অসুস্থ মাতৃক শুশ্রূষা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ পৰা স্বেচ্ছামূলকভাৱে অৱসৰ লোৱা এজন মানুহক অসাধাৰণ বুলি ক’ব পাৰি নে নোৱাৰি মই নাজানোঁ। অসূয়া-অপ্রীতিৰে ছানি ধৰা আজিৰ পৃথিবীত আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱ আৰু প্ৰতিৱেশীসকলৰ সকলো বিপদতে আগবাঢ়ি অহা মানুহজন অসাধাৰণ হয় নে নহয় সেইটোও মই নাজানো। পত্নী আৰু ল’ৰা-ছোৱালীৰ আগতো পৰিৱেশকর্মী হিচাপে নিজে কৰা ভাল কামবোৰৰ খতিয়ান দিব নিবিচৰা মানুহজনো কাৰোৱাৰ দৃষ্টিত অসাধাৰণ নহ’ব পাৰে। কিন্তু ওপৰত উল্লেখ কৰা সকলো গুণ যেতিয়া এজন লোকৰ ব্যক্তিত্বত ফুটি উঠে, তেতিয়া সেইজন ব্যক্তি চিৰদিন উদ্ভাসিত হৈ থাকে এজন অসাধাৰণ মানুহ হিচাপে। আপাতদৃষ্টিত সাধাৰণ যেন লগা তেনে এজন অত্যন্ত পৰোপকাৰী, low profile কিন্তু প্রকৃতাৰ্থত অসাধাৰণ মানুহ আছিল কেৱল ৬৪ বছৰ বয়সত হঠাতে হৃদৰোগত আক্রান্ত হৈ মৃত্যুমুখত পৰা গুৱাহাটীৰ চানমাৰিৰ ক’লনীৰ পূজাঘৰৰ সন্মুখত থকা হাউছ নম্বৰ ১ৰ বাসিন্দা অপূৰ্ব কুমাৰ দাস। যোৱা প্রায় ৩২ বছৰ কাল ধৰি মই তেওঁক জানিছিলোঁ। সেয়া মোৰ জীৱনৰ এক অন্যতম প্রাপ্তি। তেখেতৰ সংস্পৰ্শই আমাক শিকাইছিল আজিকালি সততে শিকিব নোৱাৰা ভাল মানুহ হোৱা গৌৰৱৰ কথা। অপূর্ব কুমাৰ দাস আজি কায়িকভাবে আমাৰ মাজত নাই। মোৰ দৃঢ়বিশ্বাস তেওঁৰ অবৰ্তমানতো তেওঁৰ পৰিয়াল, বন্ধু-বান্ধব, আৰু আন গুণমুগ্ধ সকলে তেওঁৰ আদৰ্শক জীয়াই ৰাখিব। এজন অসাধাৰণ মানুহৰ স্মৃতিত আমাৰ দৰে সাধাৰণ মানুহে ইয়াতকৈ বেছিকৈ জানো শ্রদ্ধা নিবেদন কৰিব পাৰে?