ৰাজা নন্দ কুমাৰৰ বিচাৰ ১৭৭৫ এক ঐতিহাসিক গোচৰ

Nipusaikia
9 Min Read

ৰাজা নন্দ কুমাৰৰ বিচাৰ (১৭৭৫)

হিন্দু ব্রাহ্মণ ৰাজা নন্দ কুমাৰ বেঙ্গলৰ এজন প্ৰভাৱশালী ডাঙৰ জমিদাৰ আছিল। তেওঁ ইংৰাজ কোম্পানীৰ প্ৰতি অতি আনুগত্য আছিল আৰু তেওঁৰ আনুগত্যতাৰ কাৰণে কোম্পানীৰ মাজত তেওঁ ক’লা সেনাপতি (Black Coloel) বুলিহে জনপ্রিয় আছিল ।

কাউন্সিলৰ চাৰিজন সদস্যৰ ভিতৰত তিনিজন সদস্যই গৱৰ্ণৰ জেনেৰেল ওবাৰেণ হেষ্টিংচৰ বিৰোধীতা কৰিছিল। ফলত কাউন্সিল দুটা ভাগত বিভক্ত হ’ল। অধিকাংশ সদস্য ওৱাৰেণ হেষ্টিংচৰ বিৰুদ্ধে গ’ল। কাউন্সিলৰ সদস্য ফ্রান্সিচ, ক্লেভাৰিং আৰু মুনচনে ৰাজা নন্দ কুমাৰক ।

হেষ্টিংচৰ বিৰুদ্ধে উপঢৌকন লোৱা দুর্নীতিৰ অভিযোগ আনিবলৈ কুমন্ত্রণা দিলে। এই মন্ত্রণা পাই নন্দ কুমাৰে ১৭৭৫ চনৰ মাৰ্চ মাহত কাউন্সিলৰ সদস্য ফ্রান্সিচলৈ এখন চিঠি লিখিলে যে তেওঁৰ গুৰু দাসক দেৱান পদত নিযুক্তি দিবৰ কাৰণে ১৭৭২ চনত ওৱাৰেণ হেষ্টিংচে তেওঁৰ পৰা এক লাখতকৈ অধিক টকা উপঢৌকন গ্রহণ কৰিছিল।

ৰাজা নন্দ কুমাৰ

তেওঁ চিঠিখনত লিখিলে যে, নাবালক নবাব মোৱাৰক উদদ্দৌলাৰ অভিভাৱগ নিযুক্তি দি মুন্নি বেগমৰ পৰা দুই লাখ পঞ্চাশ হাজাৰ টকা হেষ্টিংচে ভেটি লৈছিল। এই চিঠিখন ফ্রান্সিচে কাউন্সিলৰ মিটিঙত দাখিল কৰিলে। ইয়াৰ পাছত মুনচনে প্রস্তাৱ কৰিলে যে ৰাজা নন্দ কুমাৰক কাউন্সিলত হাজিৰ হ’বৰ বাবে হুকুমনামা জাৰী কৰা হওঁক।

সভাৰ সভাপতি হিচাপে ওৱাৰেণ হেষ্টিংচে মুনচনৰ প্ৰস্তাৱ আগ্রাহ্য কৰি ক’লে যে, তেওঁ সভাপতি, তেওঁৰ বিৰুদ্ধে অভিযোগ শুনিব নোৱাৰে আৰু লগতে তেওঁ সকিয়াই দিলে যে কাউন্সিলৰ সদস্যসকলক তেওঁৰ বিৰুদ্ধে অনা অভিযাগ শুনি বিচাৰ কৰা ন্যায়ধীশ বুলি স্বীকৃতি দিব নোৱাৰে।

তেতিয়া হেষ্টিংচব সমৰ্থক বাৰৱালে তৎক্ষণাত পৰামৰ্শ আগবঢ়ালে যে, ৰাজা নন্দ কুমাৰে উচ্চতম ন্যায়ালয়ত গোচৰ দিয়া উচিত, কাৰণ কাউন্সিলে গোচৰ লোৱাৰ ক্ষমতা নাই। গোচৰ লোৱাৰ ক্ষমতা কেৱল উচ্চতম ন্যায়ালয়ৰহে আছে। কিন্তু মুচনৰ প্ৰস্তাৱ অধিকাংশ সদস্যই সমর্থন কৰাত সভাপতি হেষ্টিংচে সভা ভংগ কৰিলে।

সভাপতিৰ এনে কার্য্য অধিকাংশ সদস্যই আপত্তি কৰিলে আৰু হেষ্টিংচৰ ঠাইত ক্লেভাৰিঙক সভাপতি নিৰ্বাচন কৰি ৰাজা নন্দ কুমাৰক নাম মাত্ৰ জেৰা কৰি ঘোষণা কৰিলে যে হেষ্টিংচৰ বিৰুদ্ধে অনা অভিযোগবিলাক প্রমাণিত হ’ল আৰু

লগতে হেষ্টিংচক নির্দেশ দিলে নন্দ কুমাৰ আৰু মুন্নি বেগমৰ পৰা উপঢৌকন লোৱা ৩,৫৪,১০৫ টকা কোম্পানীৰ ট্ৰেজাৰীত জমা দিবলৈ। এই নন্দ কুমাৰৰ ওপৰত গৱৰ্ণৰ জেনেৰেল ওৱাৰেণ হেষ্টিংচৰ ঘৃণা ভাব উপজিল আৰু তাৰ পোতক তুলিবলৈ সুযোগ বিচাৰিলে।

গোচৰটোৰ প্ৰকৃত ঘটনা হ’ল ৰাজা নন্দ কুমাৰে ওৱাৰেণ হেষ্টিংচক অভিযুক্ত কৰা কেইদিনমানৰ পাছতেই হেষ্টিংচ আৰু বাৰৱালে নন্দ কুমাৰ, ফাওকেচ আৰু ৰাধা চৰণৰ বিৰুদ্ধে মোকদমা কৰিলে। নন্দ কুমাৰ ফাওকেচ আৰু ৰাধা চৰণ একেলগে হেষ্টিংচৰ বিৰুদ্ধে ষড়যন্ত্র অভিসন্দি কৰা বুলি

অভিযোগ কৰি মোকদমা চলায়। বাজা নন্দ কুমাৰৰ ওপৰত জালকৰণ কৰা অভিযোগ মোকদমাত যোগ কৰি দিলে। গোচৰটো বিচাৰ কৰি উচ্চতম ন্যায়লয়ে ফাওকেচক জৰিমণা কৰি শাস্তি প্রদান কৰে।

নন্দ কুমাৰৰ সম্পৰ্কে ন্যায়লয়ে ৰায়টোক প্রতিবন্ধক (Reserved) কৰি ৰাখিলে যিহেতুকে নন্দ কুমাৰৰ বিৰুদ্ধে জাল কৰণৰ অভিযোগৰ আন এটা গোচৰ আদালত নিষ্পত্তি নোহোৱাকৈ আছে।

১৭৭৫ চনত মে’ মাহত ৰাজা নন্দ কুমাৰৰ বিৰুদ্ধে জালকৰণ গোচৰটো মোহন প্রসাদে উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে। অভিযোগটো হ’ল-পাঁচ বছৰৰ আগতে অর্থাৎ ১৭৭০ চনত নন্দ কুমাৰে দলিল এখন জাল কৰিছিল।

এই গোচৰটো ভাৰতীয় মোহন প্রসাদে ন্যায়ালয়ত দাখিল কৰিছিল। সকলোৰে অভিযোগ হ’ল যে মোহন প্রসাদ এজন প্রত্যক্ষ গোচৰীয়াহে। প্রকৃত গোচৰীয়া হ’ল গৱৰ্ণৰ জেনেৰেল ওৱাৰেণ হেষ্টিংচহে। সেই কাৰণে, উচ্চতম ন্যায়লয়ে জুৰীৰ সহাযত নন্দ কুমাৰৰ বিচাৰ হ’ল।

বিচাৰত নন্দ কুমাৰক দোষী সাব্যস্ত কৰিলে। ১৭২৮ চনত বৃটিছ সংসদে গৃহীত কৰা আইনৰ অধীনত ৰাজা নন্দ কুমাৰক প্ৰাণ দণ্ডৰ আদেশ জাৰী কৰে।

ৰাজা নন্দ কুমাৰে প্ৰাণ ৰক্ষা কৰিবলৈ বহুতো যত্ন কৰা পৰিলক্ষিত হয়।

প্রিভি কাউন্সিলত আপীল কৰিবৰ বাবে নন্দ কুমাৰৰ উকিলে উচ্চতম ন্যায়ালয়ৰ অনুমতি বিচাৰি দৰ্খাস্ত কৰিলে কিন্তু ন্যায়লয়ে সেই দর্খাস্ত গ্রাহ্য নকৰিলে।

ইয়াৰ পাছত বৃটেইনৰ ৰজাৰ কৃপা-ক্ষমা আবেদন অনুমোদন বিচাৰি উচ্চতম ন্যায়ালয়ত আন এখন দৰ্খাস্ত কৰিলে কিন্তু সেই দর্থাস্তখনো ন্যায়লয়ে বজালৈ প্ৰেৰণ নকৰিলে। অৱশেষত ১৭৭৫ চনৰ ৫ আগষ্টত ৰাজা নন্দ কুমাৰক ফাঁচি দিয়া হ’ল

নন্দ কুমাৰৰ বিচাৰৰ সমালোচনা:

নন্দ কুমাৰৰ বিচাৰৰ আগলৈকে কেতিয়াও উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ প্রতি বৈধ্য বা ন্যায্যতাৰ প্রশ্ন উঠা নাছিল বা কৰা নাছিল। মুখ্য ন্যায়ধীশ ইলিজা ইম্পে গৱৰ্ণৰ জেনেৰেল হেষ্টিংচৰ ভাল বন্ধু। বন্ধুৰ প্রতি কৃতজ্ঞতা জনাবলৈ উচ্চতম ন্যায়লয়ক এক আহিলা হিচাপে ব্যৱহাৰ কৰা বুলি প্রায়ভাগ সমালোচকে ক’ব বিচাৰে।

সু-সমালোচক আৰু লিখক জেম্‌ মিল আৰু লর্ড মেকাউলিয়ে মুখ্য ন্যায়ধীশ ইম্পেক দোষাৰোপ কৰে কাৰণ তেওঁ নন্দ কুমাৰক মৃত্যুদণ্ড দিবৰ বাবে ওবাৰেণ হেষ্টিংচৰ লগত ষডযন্ত্ৰত লিপ্ত হ’ল। আন আন সমালোচক যেনে- J.F. ষ্টেফেনে নন্দ কুমাৰৰ মৃত্যুদণ্ডৰ আদেশ সমর্থন কৰি কয়, নন্দ কুমাৰৰ গোচৰ আদালতে এক পক্ষ হিচাপে শুনা নাছিল।

গোচৰটো জুৰী আৰু গোটেই আদালতে শুনি নন্দ কুমাৰক জালিয়াতিকৰণ কৰা দোষী বুলি প্রমাণ কৰিলে। তেওঁ দৃঢ়তাৰে কয় যে ওৱাৰেণ হেষ্টিংচৰ লগত মুখ্য ন্যায়াধীশ ইম্পেইৰ যিয়েই সমন্ধ নেথাকক কিয়, বিচাৰ কিন্তু গতানুগতিকভাৱেই আৰম্ভহৈছিল।

প্ৰফেচাৰ বি এন পান্দেয়ে নন্দ কুমাৰৰ বিচাৰৰ সিদ্ধান্তক এক ‘ন্যায়িক হত্যা’ (judicial Murder) বুলি কৰা অভিযোগ মানি লোৱা নাছিল। বৰং এই সিদ্ধান্তৰ প্রতি তেওঁ কৃতজ্ঞতাহে প্রকাশ কৰিছে। সমালোচকসকলে নন্দ কুমাৰৰ বিচাৰৰ সিদ্ধান্তক নিন্দা কৰা যুক্তি বিলাক তলত দাঙি ধৰা হ’ল-

(১) গোচৰটো উচ্চতম ন্যায়ালয়ত দাখিল কৰা ব্যক্তি মোহন প্রসাদ ভাৰতীয় নাগৰিক আৰু ৰাজা নন্দ কুমাৰ ভাৰতীয় কিন্তু কলিকতাৰ বাসিন্দাৰ নাছিল।

গতিকেই এই গোচৰ লোৱাৰ এক্তিয়াৰ, ক্ষমতা উচ্চতম ন্যায়ালয়ৰ নাই।

(২) উচ্চতম ন্যায়ালয়ৰ দুজন ন্যায়াধীশয়ে দণ্ডাধীশ হিচাপে কার্যনির্বাহ কৰি আছিল। তেওঁলোকে কেতিয়াও অভিযুক্ত নন্দ কুমাৰৰ প্ৰতি পক্ষপাতমূলক দৃষ্টিভংগী নোলোৱাকৈ থাকিব নোৱাৰে। এই ন্যাীয়ধীশসকলে ন্যায্য প্রদান কৰাত ক্ষতি কৰিলে। ই যথার্থ ন্যায্য নীতি উলংঘা কৰিছে।

(৩) নন্দ কুমাৰৰ সাক্ষী-বাদী বিলাক ভাৰতীয়। তেওঁলোকে ইংৰাজী আইন-কানুন আৰু আদালতৰ কাৰ্য্য প্ৰণালীৰ বিষয়ে অৱগত নাছিল। সেইবাবে সাক্ষীবাদীবিলাকক প্রতিজন ন্যায়ধীশে জেৰা কৰোতে তেওঁলোক বিবুদ্ধি হ’ল আৰু একেদৰেই প্ৰতিবাদীবিলাক বিফল হৈ পৰিল।

(৪) নন্দ কুমাৰ ওপৰত ১৭৭০ চনতে অর্থাৎ উচ্চতম ন্যায়ালয় স্থাপন কৰা চাৰি বছৰৰ আগতে দলিল জাল কৰিছে বুলি অভিযোগ কৰিছে। ই স্পষ্ট যে, নন্দ কুমাৰৰ বিচাৰ অতীতদর্শী আইন (ex-post-facto law) মতে কৰা হৈছিল যিটো ইংৰাজী আইনব প্রতিকূল।

(৫) হিন্দু আৰু মুছলমানৰ আইনৰ মতে জালিয়াতিকৰণ অপৰাধত মৃত্যুদণ্ড দিয়া নহয়। ১৭২৮ৰ ইংলেণ্ডৰ আইন মতে জালিয়াতিকৰণ অপৰাধত মৃত্যুদণ্ড দিয়া হয় কিন্তু এই আইন ভাৰবৰ্ষত প্ৰচাৰ হোৱা নাছিল বা প্রকাশ কৰা নাছিল।

ভাৰতীয়সকল এই আইন সম্পর্কে জ্ঞাত নহয়। এই আইন ভাৰতৰ পৰম্পৰা আৰু দেশাচাৰৰ বিপৰীতমুখী। সেই কাৰণে নন্দ কুমাৰৰ মৃত্যুদণ্ড বেআইনী বুলি ভবাৰ অৱকাশ আছে।

(৬) উচ্চতম ন্যায়ালয়ে নন্দ কুমাৰৰ মৃত্যুদণ্ড আদেশ দিয়াৰ পাছত প্রিভি কাউন্সিলত আপীল কৰিবলৈ অনুমতি বিচাৰি কৰা দৰ্খাস্তখন ন্যাযালয়ে গ্রাহ্য নকৰিলে। আনকি ৰজাৰ ওচৰত কৃপা বিচাৰি, ক্ষমা বিচাৰি কৰা দৰ্খাস্তখনকে।

মুখ্য ন্যায়ধীশ ইম্পেইয়ে বজালৈকে প্ৰেৰণ নকৰিলে। ইম্পেইৰ এই কার্য্যই তেওঁৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে। বুজিবলৈ বাকী নাই যে তেওঁ কেবল বন্ধুক কৃতজ্ঞ কৰিবলৈকে আদালতক আহিলা কৰি ল’লে।

উক্ত সমালোচনাৰ বিপৰীতে জাল কৰা অপৰাধত বৃটিছ সংসদে গৃহীত কৰা ১৭২৮ চনৰ ফৌজদাৰী বিধিৰ অধিনত কৰা বিচাৰ মুখ্য ন্যায়ধীশ ইলিজা ইম্পেয়ে ন্যায্য বুলি প্রমাণ কৰি কয়,-

(১) ১৭২৬ চনৰ চনদ আৰু ইযাৰ পাছত ১৭৫৩ চনৰ চনদ দুয়োখনে ভাৰতবৰ্ষত ইংৰাজী আইন প্রৱর্তন কৰে। যিহেতুকে ১৭৫৩ৰ চনদৰ আগতে বৃটিছ সংসদে ১৭২৮ চনত ফৌজদাৰী আইন গৃহীত কৰে, গতিকেই কলিকতাত এই আইন প্রযোজ্য হ’ব।

(২) ১৭৭৪ চনত উচ্চতম ন্যায়ালয় প্রতিষ্ঠা পূর্বে ভাৰতবৰ্ষত কোম্পানীৰ ইংৰাজী আদালতত ইংৰাজী ফৌজদাৰী আইন প্রযোজ্য হৈছিল আৰু সেই অনুপাতে ভাৰতবৰ্ষত আদালতবিলাক পৰিচালিত হৈছিল। সেই কাৰণে ১৭২৮ৰ ফৌজদাৰী আইনখন ভাৰতবৰ্ষত একেদৰে প্ৰযোজ্য হ’ব।

ইম্পেয়ে ১৭৬৫ চনৰ ৰাধা চৰণ মিতাৰৰ গোচৰটোলৈ আঙুলিয়াই কয় যে, জালকৰণ অপৰাধত ৰাধা চৰণক মৃত্যুদণ্ড বিহা হৈছিল। কিন্তু ইংলেণ্ডৰ কৰ্টৰ ডিৰেক্টৰে তেওঁক ক্ষমা কৰিলে। এইদৰেই ভাৰতবৰ্ষত ১৭২৮ৰ ফৌজদাৰী আইন প্রচলিত হৈছিল আৰু প্রযোজ্য আছিল নন্দ কুমাৰৰ বিচাৰৰ আগৰে পৰা।

(৩) কলিকতা এখন বৃটিছৰ উপনিবেশ আৰু ৰাজা নন্দ কুমাৰ কলিকতা নিবাসী। গতিকে, ইংৰাজী আইন আৰু ১৭২৮ৰ ফৌজদাৰী আইন প্রযোজ্য হ’ব।

সেই গতিকে নন্দ কুমাৰৰ বিচাৰ সম্পূৰ্ণ আইনগত আছিল- বে আইনী নহয়।

যি কি নহওঁক, নন্দ কুমাৰৰ বিচাৰে উচ্চতম ন্যায়ালয়ৰ প্ৰকৃত স্বৰূপটো উদঙাই দিলে। ভাৰতৰ পৰম্পৰা আৰু দেশাচাৰৰ প্ৰতি ন্যায়ালয়খনে পিঠি দি কাৰ্য্যনির্বাহক কৰা বাবে ভাৰতীয়ৰ পৰা ন্যায়ালয়খনে সম্মান, সমাদৰ লাভকৰিব পৰা নাছিল।

এই বিচাৰখনক ‘ন্যায়িক হত্যা’ (Judicial Murder) বুলি আখ্যা দিয়া হৈছে। যদি নন্দ কুমাৰৰ বিচাৰক ন্যায়িক হত্যা কোৱা নহয়, তেনেহ’লে নিশ্চয় ‘ন্যায়িক ব্যর্থতা’ (Miscarriage of justice) বুলি কোৱাৰ অৱকাশ আছে।

Share This Article
Follow:
Nipu Saikia is a writer and contributor to AXOMORKOTHA, writing on Assamese literature, culture, history, society, religion and various topics of knowledge and information. Explore articles and stories by Nipu Saikia published on AXOMORKOTHA.
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *