কামালউদ্দিনৰ গোচৰ (১৭৭৫) আৰু পাটনা গোচৰ (১৭৭৭-৭৯): দুটা ঐতিহাসিক গোচৰ

Nipusaikia
12 Min Read

কামালউদ্দিনৰ গোচৰ (১৭৭৫)

বেঙ্গল, বিহাৰ আৰু উৰিষ্যাৰ কোম্পানীৰ ৰাজহ বিষয়া কৰ্মচাৰীৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ এক্তিযাৰ আছে নে নাই, সেই বিষয় লৈ কামাউদ্দিনৰ গোচৰ উচ্চতম ন্যাযালয় আৰু উচ্চতম কাউন্সিল (গৱৰ্ণৰ জেনেৰেল পৰিষদ)ৰ মাজত প্রবল সংঘাত হয়।

কামালউদ্দিন কান্টু বাবুৰ হকে এখন কৃষি পামৰ প্ৰত্যক্ষ মালিক। প্রকৃত মালিক কাল্টু বাবু। বাকী থকা ৰাজহ পৰিশোধ নকৰা অপৰাধত কলিকতা ৰাজহ কাউন্সিলে কামালউদ্দিনক জেলত দিলে।

সেই সময়ত এনেধৰণৰ অপৰাধত জামিনত এৰি দিয়া এক পৰম্পৰা আছিল যদিও কামালউদ্দিনক জামিনত এৰি নিদিলে। তেতিয়া তেওঁ উচ্চতম ন্যায়ালয়ত বন্দী প্রত্যক্ষীকৰণ হুকুমনামা (writ of habeas corpus) আবেদন দাখিল কৰিলে।

উচ্চতম ন্যায়ালয়ে তেওঁৰ আবেদন মঞ্জুৰ কৰি জামিনত মুক্তি দিলে। কাৰণ উচ্চতমন্যায়লয়ৰ মতামত হ’ল যে হিচাব নিকাচ সংক্রান্তত ওজৰ-আপত্তি থাকিলে অভিযুক্ত অপৰাধীক জামিনত এৰি দিব লাগে যেতিয়ালৈকে অনুসন্ধান কৰি প্ৰকৃত অপৰাধী বুলি সিদ্ধান্ত লোৱা নহয়।

লগতে আদালতে ৰায়দান কৰি প্রকৃত অপৰাধী বুলি সিদ্ধান্ত লোৱা নহয়। লগতে আদালতে ৰায়দান কৰি কয় যে কামালউদ্দিনক পুনৰ জেললৈ পঠাব নেলাগে, যেতিয়ালৈকে তেওঁৰ মাটিৰ মালিকক মাতি বাকী থকা ৰাজহ পৰিশোধ কৰিবলৈ কোৱা নহয় আৰু মাটিৰ মালিক দেউলিয়া বুলি প্রমাণ নহয়।

উচ্চতম কাউন্সিলৰসদস্যসকলে উচ্চতম ন্যায়ালয়ৰ এনে সিদ্ধান্তৰ ওপৰত অসন্তোষ প্রকাশ কৰিলে। তেওঁলোকে মত প্রকাশ কৰি কয় যে ৰাজহ বিষয়াৰ গোচৰ লোৱাৰ এক্তিয়াৰ উচ্চতম ন্যায়ালয়ক দিয়া হোৱা নাই। যুক্তি হ’ল যে বেঙ্গল, বিহাৰ উৰিষ্যাৰ অঞ্চলসমূহ কোম্পানীৰ দেৱান আৰু সেই কাৰণে ৰাজহ বিষয়া-কর্মচাৰীৰ ওপৰত উচ্চতম কাউন্সিলৰহে এক্তিয়াৰ আছে।

উচ্চতম ন্যায়লয়ে এনে মতামতক স্বীকৃতি নিদিলে। কাৰণ, ন্যায়ালয়ৰ মত হ’ল যে, নিয়ন্ত্রণ আইনে কোম্পানীৰ বিষয়া-কর্মচাৰীয়ে কোনো বে-আইনী কাম কৰিলে বা নিয়মহীন কাম কৰিলে বিচাৰ কৰি শাস্তি দিবলৈ উচ্চতম আদালতক কর্তৃত্ব প্রদান কৰিছে। সেয়েহে, আদালতে পৰম্পৰা আৰু আইনৰ লগত সামঞ্জস্য ৰাখি সিদ্ধান্ত দিছে।

উচ্চতম কাউন্সিলৰ সদস্যবর্গই উক্ত মতামতৰ ওপৰত বিৰূপ ভাৱ প্রকাশ কৰে। অধিকাংশ সদস্যই প্রাদেশিক কাউন্সিলক নির্দেশ দিবলৈ সিদ্ধান্ত কৰে যে, উচ্চতম ন্যায়ালয়ৰ আদেশ অগ্রাহ্য কৰি কামালউদ্দিনক পুনৰ জেল দিব লাগে।

এই সিদ্ধান্তক কিন্তু গৱৰ্ণ জেনেৰেল ওৱাৰেণ হেষ্টিংচে মানি নল’লে আৰু সেই কাৰণে এই সিদ্ধান্ত কাৰ্য্যকৰী নহ’ল। হেষ্টিংচে মত পোষণ কৰি কয় যে, নিয়ন্ত্রণ আইনৰ অধীনত কোম্পানীৰ বিষয়া-কৰ্মচাৰীৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ এক্তিয়াৰ আছে নে নাই- ই এটা বিষয় যিটো কেৱল উচ্চতম ন্যায়ালয়হে সিদ্ধান্ত দিয়াৰ ক্ষমতা আছে। নিয়ন্ত্রণ আইন কেবল উচ্চতম ন্যায়লয়তে ব্যাখ্যা কৰিব পাৰে।

হেষ্টিংচৰ মন্তব্য হ’ল, উচ্চতম কাউন্সিলৰ এনে ক্ষমতা নাই আৰু অধিকাংশ সদস্যই কৰা পৰামৰ্শ আৰু সিদ্ধান্ত অবাস্তব, যুক্তিহীন আৰু স্বেচ্ছাচাৰী।

পাটনা গোচৰ (১৭৭৭-৭৯):

পাটনাৰ গোচৰটোৱে ভাৰতীয় আইন বুৰঞ্জীত এক বিশেষ স্থান অধিকাৰ কৰিছে। কিয়নো, গোচৰটো কৰাত তেতিয়াৰ প্ৰচলিত আইন-কানুন, ন্যায়িক প্ৰশাসনৰ ভুল-ভ্রান্তি, আসোঁৱাহবিলাক জলজল-পটপট কৈ ওলাই পৰে।

কোম্পানীৰ বিষয়াসকলৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ এক্তিয়াৰ আছে নে নাই আৰু লগতে প্রাদেশীক আদালত গঠনৰ বৈধতাৰ প্ৰশ্ন আহি পৰেল। এই গোচৰটোৰ বিচাৰ বেলিকা উচ্চতম ন্যায়ালয় আৰু উচ্চতম কাউন্সিল (চৰকাৰ)ৰ মাজত এক্তিয়াৰ, ক্ষমতাৰ প্ৰশ্নলৈ পুনৰ প্ৰবল সংঘাত আহে।

গোচৰটোৰ প্ৰকৃত ঘটনা হ’ল- কাবুলৰ চাহবাজবেগম খান ভাৰতলৈ আহে আৰু কোম্পানীৰ সাময়িক বাহিনীত কাম কৰি অৱসৰ গ্ৰহণ কৰে। তেওঁ পাটনাৰ নিগাজী বাসিন্দাৰ আছিল। চাহবাজে যথেষ্ট সা-সম্পত্তি ঘটিছিল আৰু নাদিৰা বেগমক বিয়া কৰাইছিল।

বিয়াৰ পাছত তেওঁলোকৰ কোনো সন্তান নহ’ল কাৰণে চাহাবাজে তেওঁৰ ভাতিমা বাহাদুৰ বেগক কাবুলৰ পৰা মাতি আনি তেওঁৰ লগত থাকিবলৈ দিয়ে। চাহবাজবেগ খানে বাহাদুৰ বেগক তেওঁলোকৰ তোলনীয়া পুত্ৰ কৰি তেওঁলোকৰ সা-সম্পিত্তিৰ উত্তৰাধিকাৰী কৰা ইচ্ছা আছিল।

কিন্তু তেওৰ ইচ্ছা কাৰ্য্যকৰী কৰা আগতে ১৭৭৬ চনৰ ডিচেম্বৰ মাহত চাহবাজবেগ খানৰ মৃত্যু হয়।

চাহবাজবেগ খানৰ মৃত্যুৰ পাছত তেওঁৰ সম্পত্তিখিনি ভতিজাক বাহাদুৰ বেগ আৰু বিধবা পত্নী নাদিৰা বেগমৰ মাজত টনা-আজোৰা হয়। প্রতিজনে চাহবাজবেগ খানৰ গোটেই সম্পিত্তিখিনি দাবী কৰে। চাহবাজবেগৰ তোলনীয়।

পুত্র হিচাপে ভতিজাক বাহাদুৰ বেগে চাহবাজবেগৰ গোটেই সম্পত্তিখিনি দাবী’ কৰি পাটনাৰ প্ৰদেশিক কাউন্সিলত এটা মোকদমা ৰজু কৰিলে।

লগতে তেওঁ আদালতত আবেদন কৰিলে যে, চাহবাজৰ বিধবা পত্নী নাদিৰা বেগমে আত্মসাৎ কৰা সম্পিত্তিখিনি ৰক্ষণা-বেক্ষণা কৰিব লাগে আৰু মুছলমানৰ স্থানীয় আইন বিষয়া মুফটি আৰু কাজিক দায়িত্ব দি তেওঁৰ সম্পত্তিখিনি নিশ্চিত কৰিব লাগে।

আনহাতে নাদিৰা বেগমে দাবী কৰিলে যে তেওঁৰ স্বামীয়ে তিনিখন দলিল-মোহৰনামা (dower deed), হিবানামা (gift deed) আৰু ইক্ৰাৰনামা (acknowledgement) যোগে গোটেই সম্পিত্তিখিনি তেওঁক দি থৈ গৈছে।

বাহাদুৰ বেগমৰ আবেদন পোৱাৰ পাছত পাটনাৰ প্ৰাদেশিক আদালতে কাজি আৰু মুফটিক আদেশ দিলে চাহবাজবেগ খানে এৰি যোৱা সা-সম্পত্তিৰ এখন তালিকা বনাই সংগ্ৰহ কৰি মোহৰ লগাই দিব লাগে, যেতিয়ালৈকে আদালতে নির্দিষ্ট আইনগতভাৱে সিদ্ধান্ত নিদিয়ে।

লগতে স্থানীয় বিষয়া দুগৰাকীক দুয়োপক্ষৰ দাবী-দাৱা সম্পর্কে আদালতত এটা সবিশেষ প্রতিবেদন দাখিল কৰিবলৈ আদালতে নির্দেশ দিয়ে। এইদৰে প্রাদেশিক আদালতখনে প্রতিবাদী পক্ষক অর্থাৎ বিধবা নাদিৰা বেগমক কোনো ধৰণৰ জাননী নিদিয়াকৈ

একপক্ষীয়াভাৱে গোচৰ শুনা আৰম্ভ কৰিলে। এনেকুৱা কাৰ্য্য সম্পাদন কৰি আদালতে দেখ-দেখকৈ স্বাভাৱিক নীতি (principles of natural justice) ভঙ্গ কৰিলে। কিন্তু সেই কালত আদালতে কেতিয়াও স্বাভাৱিক নীতি সম্পর্কে কাণসাৰেই কৰা নাছিল।

গোচৰ

প্রাদেশিক আদালতৰ আদেশ অনুসৰি কাজি আৰু মুফটিয়ে মৃতক (চাহাবাজবেগ খান)ৰ ঘৰলৈ গৈ তেওঁ এৰি যোৱা সা-সম্পত্তি তালিকা এখন যুগুত কৰিলে। অনুসন্ধান কৰি থকা অৱস্থাত তেওঁলোকে নাদিৰা বেগমক বেয়া ব্যৱহাৰ কৰিলে, যাৰ কাৰণে বেগমে নিজা ঘৰ এৰি দুৰ্গাহত আশ্রয় ল’ব লগা হ’ল।

এই গোচৰটোত আইন বিষয়া দুগৰাকীয়ে নীতি-বিগর্হিত কাম কৰা পৰিলক্ষিত হয়। গোচৰটো অনুসন্ধান কৰি কাজিয়ে ১৭৭৭ চনৰ ২০ জানুৱাৰী তাৰিখে প্রতিবেদন দিলে যে বিধবা গৰাকীৰ প্ৰতিনিধি (উকিল)য়ে মোহৰণা দলিল দাখিল কৰিব নোৱাৰিলে।

গতিকে, বাহাদুৰ বেগৰ দাবী ভুল বুলি প্রমাণিত হয় যে, ১২০০/- টকা মোহৰ মৃতকে নাদিৰা বেগমক তেওঁৰ জীৱিত কালতে দি যোৱা নাছিল বুলি। বাকী দুখন দলিল জিবা আৰু ইক্ৰাৰনামা জাল কৰা।

গতিকেই দুয়োখন দলিল অচল। সেই কাৰণে মৃতকৰ সা-সম্পত্তি মুছলিম আইন অনুসৰি চাৰিভাগ কৰিব লাগে। তাৰে তিনি ভাগ বাপেকৰ প্ৰতিনিধি হিচাপে বাহাদুৰ বেগে পাৰ আৰু বাকী ভাগ নাদিৰা বেগমে পাব বুলি বিষয়া দুগৰাকীয়ে পৰামৰ্শ আগবঢ়ায়।

পাটনাৰ প্রাদেশিক আদালতে কাজি আৰু মুফটিৰ প্ৰতিবেদন গ্রহণ কৰি সম্পত্তিখিনি সেইদৰে ভাগ কৰিবলৈ আদেশ কৰিলে। নাদিৰা বেগমে আদালতৰ এই আদেশত সন্তোষ হ’ব নোৱাৰি কলিকতাৰ সদৰ দেৱানী আদালতত আপীল বজু কৰিলে।

আপীল বহু দিন আদালততে পৰি থাকিল। শুনানী নহ’ল। ওবাৰেণ হেষ্টিংচে কেৱল প্রাদেশিক আদালতৰ মুখ্য ন্যায়ধীশ ইভান ল’ৰ পৰা কৈফিয়ৎহে তলব কৰিলে।

সেই হেতুকে, নাদিৰা বেগমে বাহাদুৰ বেগ, কাজি আৰু মফটিৰ বিৰুদ্ধে তেওঁৰ ঘৰত জোৰ কৰি অনাধিকাৰ প্ৰবেশ, সতীত্ব নষ্ট কৰা, গাৰ কাপোৰ টনা-আজোৰা কৰা, মিছতে আবদ্ধ কৰি ৰখা অপৰাধত অভিযুক্ত কৰি ছয় লাখ টকা ক্ষতিপূৰণ বিচাৰি উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিলে। উচ্চতম

ন্যায়ালয়ে গোচৰ শুনি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ হুকুমনামা (writ of capias) জাৰী কৰিলে। হুকুমনামাত অভিযুক্ত অপৰাধী জামিনত যাব পৰা কথাও উল্লেখ কৰিলে। সেই বাবে বাহাদুৰ বেগ, কাজী আৰু মুফটিক গ্ৰেপ্তাৰ কৰি পাটনাৰ পৰা কলিকতালৈ অনা হ’ল। কিন্তু লগে লগে তেওঁলোকক জামিনত নিদিলে। কিছুদিনৰ পাছতহে কাজি আৰু মুফটিক জামিনত এৰি দিলে।

এই গোচৰটো দহ দিন শুনাৰ পাছত উচ্চতম ন্যায়ালয়ে ১৭৭৯ চনৰ ৩ ফেব্ৰুৱাৰীত বিচাৰৰ ৰাযদান কৰে। এই ৰায়দানৰ পাছত বাহাদুৰ বেগে উচ্চতম ন্যায়লয়ৰ এক্তিয়াৰৰ প্রশ্ন তোলে।

ন্যায়ালয়ে বাহাদুৰ বেগৰ প্ৰশ্ন খণ্ডন কৰি কয় যে যিহেতুকে বাহাদুৰ বেগ বিহাৰৰ কোনো নির্দিষ্ট গাঁৱৰ ৰাজহ দিয়া কৃষক আৰু তেওঁ পৰোক্ষভাৱে কোম্পানীৰ কাম কৰিছে গতিকেই তেওঁৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ এক্তিয়াৰ আছে।

কাজি আৰু মুফটিয়ে তেওঁলোকৰ প্ৰতিবাদী যুক্তি দর্শায় কয় যে তেওঁলোকক প্রাদেশিক আদালতে ক্ষমতা প্রদান কৰিছে আৰু সেই ক্ষমতা প্রয়োগ কৰি ন্যায়িক প্ৰশাসনৰ অধীনত তেওঁলোকে কার্য্য সম্পাদন কৰিছে।

আদালতে তেওঁলোকক যুক্তি নাকচ কৰি সিদ্ধান্ত দিয়ে যে পাটনা আদালত নিজেই কোম্পানীৰ প্ৰতিনিধি হিচাপে ক্ষমতা প্রয়োগ কৰিছে। গতিকেই, সেইখন আদালতে প্রতিনিধি ক্ষমতা পুনৰাই আনৰ দিব নোৱাৰে। সুপ্রতিষ্ঠিত নীতি অনুসৰি এজন প্ৰতিনিধিয়ে আনক প্রতিনিধিত্ব কৰিব নোৱাৰে।

(“Delegatus non potest delegare,” Meaning delegate cannot delegate-the person to whom an office or a duty is delegated cannot lawfully devolve the duty upon another, unless he be expressly authorised so to do.)

গতিকে, আইন বিষয়া কাজি আৰু মুফটিৰ কাৰ্য্যক্রমণিকা সম্পূর্ণ বে-আইনী আৰু অবাঞ্ছনীয়। এই গোচৰৰ বিচাৰত ন্যয়ালয়ে সিদ্ধান্তদি কয় যে প্রাদেশিক আদালতে নিজে কোনো ন্যায়িক কার্য্য সম্পাদন নকৰি বিষয়টো আইন বিষয়ালৈ এৰি দিলে যিটো অতি অশুদ্ধ আৰু অনিয়মন।

মুখ্য ন্যায়ধীশ ইম্পেইয়ে গোচৰটো পুংখাপুংখৰূপে বিচাৰ কৰি প্ৰমাণ পালে যে আইন বিষয়া দুগৰাকীয়ে বিধবা নাদিৰা বেগমক নিষ্ঠুৰভাৱে ব্যৱহাৰ কৰিছিল আৰু সেই কাৰণে আদালতে

তেওঁলোকক তিনি লাখ টকা নাদিৰা বেগমক ক্ষতিপূৰণ দিবলৈ আদেশ দিলে। প্রতিবাদী কাজি, মুফটি আৰু বাহাদুৰ বেগে ক্ষতিপূৰণ দিব নোৱাৰা বাবে তেওঁলোকক জেলেত দিলে।

তেওঁলোকক কলিকতালৈ পঠোৱা হ’ল আৰু তেওঁলোক জেলত ১৭৮১ চনলৈকে অর্থাৎ ১৭৮১ চনৰ স্থিৰীকৰণ আইনখন (Act of settlement, 1781) গৃহীত নোহোৱালৈকে। স্থিৰীকৰণ আইনৰ অধীনত তেঁওলোকক মুক্তি দিয়া হয়। বৃদ্ধ কাজিগৰাকী কলিকতালৈ অনাৰ পথত মৃত্যু হয়।

১৭৮১ চনৰ স্থিতিকৰণ আইনৰ অধীনত প্রতিবাদীয়ে উচ্চতম ন্যায়ালয়ৰ আদেশৰ বিপৰীতে ১৭৮৪ চনৰ ২৮ জুলাইত আপীল কৰিলে, কিন্তু সেই আপীলো ১৭৮৯ চনত বাতিল হ’ল।

১৭৭৯ চনত নাদিৰ বেগমে তেওঁৰ উকিলক নির্দেশ দিলে পাটনা প্রদেশিক কাউন্সিলৰ সদস্যসকলৰ বিৰুদ্ধে তেওঁক অনাহকত আবদ্ধ কৰি বাহাদুৰ বেগৰ ওপৰত দিয়া গোচৰ উঠাই ল’বলৈ জোৰ কৰা অপৰাধত মোৰ্কদমা ৰজু কৰিবলৈ। উচ্চতম ন্যায়লয়ে গোচৰটো বিচাৰ কৰি সিদ্ধান্ত দিয়ে যে গোটেই পাটনা প্রাদেশিক কাউন্সিলৰ কাৰ্য্যক্ৰমণিকা সম্পূর্ণ বে-আইনী, অনিয়ম আৰু দুর্নীতিৰে পৰিপূৰ্ণ।

গতিকেই প্রাদেশিক কাউন্সিলৰ সদস্যসকলক আদেশ দিলে বিধবা নাদিৰ বেগমক ১৫,০০০/-হাজাৰ টকা ক্ষতিপূৰণ দিবলৈ। ইয়াৰ পাছত প্রাদেশিক কাউন্সিলে অপৰাধী সাব্যস্ত কৰিবলৈ নাদিৰ বেগমৰ বিৰুদ্ধে উচ্চতম ন্যায়লত গোচৰ ৰজু কৰিলে।

জালকৰণ অপৰাধত উচ্চতম ন্যায়ালয়ে গোচৰটো বাতিল কৰিলে। কাৰণ নাদিৰ বেগম কোম্পানীৰো কৰ্মচাৰী নহয় আৰু নহয় কলিকতাৰ বাসিন্দাৰ।

নিৰপেক্ষভাৱে পাটনাৰ গোচৰটো বিশ্লেষণ কৰিলে দেখা যায় যে প্রাদেশিক আদালতে বিচাৰ পৰিচালনা কৰোতে বহুতো অনিয়ম কৰে। আইন বিষয়াৰ কর্তব্য হ’ল আইন ব্যাখ্যা কৰা আৰু গোচৰৰ সত্যতা বা মূল ঘটনা নিৰ্ণয় কৰা। কিন্তু আদালতে তেওঁলোকৰ ওপৰত অনুসন্ধান কৰাৰ সম্পূৰ্ণ দায়িত্ব অর্পণ কৰিলে।

সাক্ষী-বাদী লোৱা জেৰা কৰাৰ দায়িত্ব প্রাদেশিক কাউন্সিলৰ ন্যায়ধীশৰহে, কিন্তু জেৰা কৰিলে আইন বিষয়া দুগৰাকীয়ে। তেওঁলোকক আদালতৰ ন্যায়িক কাৰ্য্যবিলাক কৰিবলৈ দিয়া হৈছিল এই কাৰণেই যে, কোম্পানীৰ ইংৰাজ ন্যায়ধীশসকলে স্থানীয় পৰম্পৰা ৰীতি-নীতি, দেশাচাৰ

আৰু আইনৰ কোনো সম্যক জ্ঞান নাছিল। শপত গ্রহন নকৰোৱকৈ সাক্ষীক জেৰা কৰে আৰু বাহাদুৰ বেগৰ বক্তব্য পুণৰ সাক্ষীৰ উক্তি লিপিবদ্ধ নকৰাকৈ গ্ৰহণ কৰা হ’ল।

পাটনা গোচৰটোৱে কোম্পানীৰ ন্যায়িক প্ৰশাসনৰ দুৰ্বলতা উদঙাই দিলে।

কলিকতাৰ সদৰ দেৱানী আদালতৰ কৰ্মকর্তা অর্থাৎ গৱৰ্ণৰ জেনেৰেল, কাউন্সিলৰ সদস্যবিলাকে আদালতৰ কামত কোনো বিশেষ মনোযোগ দিয়া নাছিল-আপীল শুনাৰ বাবে তেওঁলোকৰ সময়ত নাছিল।

তেওঁলোকে আন আন কামতে ব্যস্ত আছিল। তেওঁলোকৰ মাজত অৰিয়াঅৰি, বাগিয়াবাগি আৰু প্রতিশোধ লোৱাতে তেওঁলোকে বেছিভাগ সময় খৰচ কৰিছিল।

উচ্চতম ন্যয়ালয়ে পাটনা গোচৰত দিয়া সিদ্ধান্তই মাটিৰ খাজানা সংগ্ৰহ কৰা কৃষকৰ মাজত সন্ত্রাস আৰু পেপুৱা লগালে। কাৰণ এই সিদ্ধান্ত মর্মে এই কৃষকসকল কোম্পানীৰ চাকৰীয়াল।

গতিকে, উচ্চতম ন্যায়ালয়ৰ এক্তিয়াৰৰ ভিতৰত। সেইবাবে বেঙ্গল, বিহাৰ আৰু উৰিষ্যাৰ বহুতো কৃষকে প্রাদেশিক কাউন্সিলত আবেদন জনালে যে তেওঁলোকক ৰাজহ সংগ্ৰহ কৰা কামৰ পৰা অব্যাহতি দিব লাগে।

তেওঁলোকে সেই কাম কৰাত অপৰাগতা প্রকাশ কৰিলে কাৰণ তেওঁলোকৰ ভয় হ’ল কিজানিবা আনহাতে তেওঁলোকৰ ওপৰতো মামলা-অনাহকত মোকদমা চলাব পাৰে।

যি কি নহওক লাগে, উচ্চতম কাউন্সিল আৰু উচ্চতম ন্যায়ালয়ৰ মাজত হোৱা সংঘর্ষবিলাক ১৭৮১ চনত স্থিৰীকৰণ আইনে আঁতৰ কৰি দিলে।

Share This Article
Follow:
Nipu Saikia is a writer and contributor to AXOMORKOTHA, writing on Assamese literature, culture, history, society, religion and various topics of knowledge and information. Explore articles and stories by Nipu Saikia published on AXOMORKOTHA.
1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *