ইষ্ট ইণ্ডিয়া কম্পানী
প্রাচ্যৰ বাণিজ্যত পর্তুগীজ বণিকবিলাকৰ অদ্ভুদ সফলতা দেখি ইংৰাজ সদাগৰবিলাকেও এই লাভজনক ব্যৱসাযত হাত দিবলৈ মনস্থ কৰিলে। কিন্তু পর্তুগাল আৰু স্পেইনৰ নৌশক্তিৰ লগত প্রতিদ্বন্দ্বিতা কৰিবলৈ ষোল শতিকাৰ শেষ পর্যন্ত তেওঁলোকৰ সামৰ্থ হোৱা নাছিল।
ইংৰাজ নাবিকে ভাৰতলৈ অহাৰ বেলেগ সামুদ্রিক পথ বিচাৰি বৃথা চেষ্টা চলাইছিল। এনে উদ্দেশ্যৰেই অভিযান আৰম্ভ কৰি ফেন্সিচ দ্রেকে (Francheis Drake) ১৫৮০ খৃষ্টাব্দত সাগৰীয় পথেৰে পৃথিৱী পৰিভ্ৰমণ সমাপ্ত কৰে।
জেমছ লেংকাষ্টাৰে (Lancester) ১৫৯১-৯৩ খৃষ্টাব্দত কোমেৰিণ অন্তৰীপ আৰু পেনং পাইছিল।
১৫৯৯ খৃষ্টাব্দত মাইল্ডেহল (John Mildenhall) নামৰ এজন দুঃসাহসী ভাগ্য অন্বেষণকাৰী সদাগৰে-স্থলপথেদি আহি ভাৰতত প্ৰৱেশ কৰিছিল আৰু প্রাচ্যৰ দেশসমূহত সাত বছৰৰ কাল কটাই ইংলেণ্ডলৈ ঘূৰি গ’ল।
ইয়াৰ আগতে বালফ ফিটচে কোচবিহাৰকে ধৰি ভাৰতৰ বিভিন্ন ঠাই ভ্রমণ কৰিছিল।
এওঁলোকৰ দুজনৰ পৰা ইংলেণ্ডৰ মানুহে ভাৰতৰ ঐশ্বৰ্য্য বিভূতিৰ কথা বিতংভাৱে জানিব পাৰিছিল।
ইংলিছ ইষ্ট-ইন্ডিয়া কোম্পানী
১৫৮৮ খৃষ্টাব্দত স্পেইনৰ নৌশক্তি ধ্বংস কৰি ইংৰাজবিলাকে ভাৰতলৈ অহা জল পথ সুগম কৰি লয়। প্রাচ্যৰ দেশবিলাকৰ লগত বাণিজ্য চলাবৰ বাবে ইংৰাজ সদাগৰ কিছুমানে ১৫৯৯ খৃষ্টাব্দত ‘ইংলিছ ইষ্ট-ইন্ডিয়া কোম্পানী’ গঠন কৰে ১৬০০ খৃষ্টাব্দৰ ৩১ৰ ডিচেম্বৰৰ দিনা ৰাণী এলিজাবেথে (১৫৮৮-১৬০৩)
এই কোম্পানী সংগঠনটোক ১০ বছৰৰ কাৰণে প্ৰাচাৰ দেশবিলাকত বাণিজ্য চলাবলৈ চনদ প্রদান কৰে আৰু ৰাণী নিজেও ইয়াৰ অংশীদাৰ হয়। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্রথমে ইন্দোনেচিয়াৰ স্পাইচ আইলেণ্ডত বাণিজ্য চলাইছিল।
কিন্তু ১৬৩২ খৃষ্টাব্দত ওলন্দাজসকলৰ হাতত পৰাজয় হৈ ইন্দোনেচিয়াৰ বাণিজ্য ত্যাগ কৰি ভাৰতৰ লগত বাণিজ্য কৰিবলৈ আগবাঢ়ে।
গুজৰাটৰ চুৰাটত এটা বাণিজ্য কুঠী পতাৰ অনুমতি বিচাৰি ‘কোম্পানীয়ে’ ১৬০৮ খৃষ্টাব্দত কেপ্টেইন উইলিয়াম হকিন্সক মোগল সম্রাট জাহাঙ্গীৰৰ ওচৰলৈ পঠায়।
কিন্তু পর্তুগীজবিলাকৰ ষড়যন্ত্ৰত সেই অনুমতি নেপাই হকিন্স আগ্ৰাৰ পৰা খেদা খাব লগা হ’ল। ইয়াৰ পিছত পৰ্টুগীজবিলাকৰ লগত ইংৰাজৰ সংঘৰ্ষ হয়।
১৬১২ খৃষ্টাব্দত চুৰাটৰ ওচৰৰ ‘শ্বলী’ নামৰ ঠাইত হোৱা নৌযুদ্ধত ইংৰাজবিলাকে পটুগীজবিলাকক পৰাস্ত কৰে। ইয়াৰ অলপ দিনৰ পিছত সম্ৰাটৰ পৰা অনুমতি পোৱাত চুৰাটত ইংৰাজসকলে প্রথম বেপাৰৰ কুঠী পাতে। ইয়াৰ দুবছৰৰ পিছত আৰব সাগৰত হোৱা আনখন যুদ্ধত ইংৰাজবিলাকে পৰ্টুগীজবিলাকক পুনৰ পৰাভূত কৰে।
ইফালে লোহিত সাগৰ আৰু মক্কালৈ যোৱা ভাৰতীয় বণিক আৰু তীর্থযাত্ৰীৰ জাহাজবোৰক ইংৰাজবিলাকে নানা দুর্গতি কৰিছিল।
কোম্পানীক ৰাণী এলিজাবেথৰ চনদ প্ৰদান
এনে অৱস্থাত পৰাক্ৰমী ইংৰাজ নৌশক্তি ভবিষ্যতে নিজ শত্ৰুৰ বিৰোধে খটুৱাই আৰু বিদেশী ক্ৰেতাৰ মাজত প্রতিযোগিতা বাহাল ৰাখি ভাৰতীয় সদাগৰসকলক অধিক লাভৱান কৰাৰ উদ্দেশ্যে মোগল সম্রাট জাহাঙ্গীৰে ইষ্ট ইন্ডিয়া কোম্পানীক ভাৰতৰ পশ্চিম উপকূলত কেইবাটাও কুঠী পতাৰ অনুমতি দিয়ে।
কিন্তু ইমানতে সন্তুষ্ট নহৈ আৰু অধিক কুঠীপতাৰ অনুমতি বিচাৰি ইংলেণ্ডৰ ৰজা প্রথম জেমছে (১৬০৩-২৫) ১৬১৫ খৃষ্টাব্দত চাৰটমাচ ৰ’ক কটকী স্বৰূপে মোগল সম্ৰাটৰ ওচৰলৈ পঠায়।
তিনি বছৰ ধৰি ব’ই সম্রাটক নান কাকৃতি-মিনতি কৰি মোগলৰ নৌশক্তিৰ দুৰ্বলতাৰ সুযোগ লৈ নানা ভাবুকি দেখুৱাই মোগল সাম্ৰাজ্যৰ বিভিন্ন ঠাইত বেপাৰৰ কুঠী পতাৰ অনুমতি আদায় কৰে।
অনুমতি পোৱাৰ পাছত আগ্রা, আহমেদাবাদ আৰু ব্ৰচত ইংৰাজে কুঠী স্থাপন কৰে। এই সকলোবিলাক কুঠী চুৰাট বাণিজ্যিক কেন্দ্ৰৰ কাউন্সিলৰ দ্বাৰা পৰিচালিত হৈছিল। ইংৰাজবিলাকৰ কৃতকাৰ্য্যতাত ঈর্ষান্বিত হৈ পটুগীজবিলাকে তেওঁলোকৰ লগত পুনৰ যুদ্ধত নামে। এইবাৰো পৰ্টুগীজবিলাক পৰাজয় হয়।
ইয়াৰ পাছত ইংৰাজবিলাকে পটুগীজবিলাকৰ হাতৰ পৰা পাৰস্য উপসাগৰত অৱস্থিত বিখ্যাত ওৰমুজ বন্দৰ অধিকাৰ কৰে। ফলত ভাৰত মহাসাগৰত থকা পটুগীজবিলাকে ইংৰাজৰ লগত সন্ধি কৰি মিত্ৰতা স্থাপন কৰে।
ইন্দোনেছিয়াত ইংৰাজৰ বাণিজ্য
১৬৬১ চনত ইংলেণ্ডৰ ৰজা দ্বিতীয় চার্লচে (১৬৬০-১৭১৪) পৰ্টুগালৰ ৰজাৰ ভনীয়েক কেথৰিণক বিয়া কৰায়। বিয়াৰ যৌতুক স্বৰূপে দ্বিতীয় চার্লচে বোম্বাই বন্দৰ লাভ কৰে।
১৬৬৮ চনত বছৰি ১০ পাউণ্ড খাজনাত তেওঁ বোম্বাই বন্দৰ ইষ্ট ইণ্ডিয়া কোম্পানীক পট্রন দিয়ে। এনেকৈয়ে শেষত পর্তুগীজবিলাকে গোৱা, দমন আৰু দিউৰ বাহিৰে ভাৰতৰ সকলো কুঠী হেৰুৱায়।
ভাৰতবৰ্ষৰ উপনিবেশৰ কথা লৈ ওলন্দাজ আৰু ইংৰাজৰ মাজত ১৬৫৪ চনৰ পৰাই মাজে মাজে সংঘর্ষ লাগিছিল।
১৬৬৭ চনত তেওঁলোকৰ মাজত হোৱা সন্ধি অনুসৰি ইংৰাজবিলাকে ইন্দোনেছিয়াৰ বাণিজ্যত আৰু ওলনন্দাজবিলাকে ভাৰতৰ বাণিজ্যত হস্তক্ষেপ নকৰিবলৈ স্থিৰ কৰে।
১৭৯৫ চনত ইংৰাজবিলাকে ভাৰতত থকা ওলন্দাজ কুঠীবিলাক অধিকাৰ কৰি ভাৰতত ওলন্দাজবিলাকৰ অৱস্থিতি শেষ কৰি পেলায়।
ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰভাৱ
প্রথমতে অতি সাধাৰণভাৱে ইষ্ট ইন্ডিয়া কোম্পানীয়ে ব্যৱসায় আৰম্ভ কৰিছিল।
লাহে লাহে বাণিজ্য আৰু কুটনীতিৰ লগত বল প্রয়োগ কৰি তেওঁলোকৰ কুঠী থকা ঠাইবোৰ নিজৰ দখললৈ আনিছিল। টমাচ বয়ে ১৬১৯ চনত তেওঁৰ চৰকাৰক এই বুলি পৰামর্শ দিছিল যে, ‘মই নিশ্চিতকৈ ক’ব পাৰো যে, এহাতে তৰোৱাল আৰু
আনহাতে লাঠি লৈ আচৰণ কৰোৱাটোৱে হ’ব এই মানুহবিলাকৰ লগত সম্পৰ্ক ৰখাৰ আটাইতকৈ ভাল নীতি।’ প্রকৃতপক্ষে এই নীতিয়েই পাছৰ কালত ভাৰতত ইংৰাজী শাসন পৰিচালিত হৈছিল।
মোগলবিলাকে পৰিস্থিতি সাপেক্ষে ইষ্ট ইণ্ডিয়া কোম্পানী অথবা ইয়াৰ প্রতিদ্বন্দ্বী আন ইংৰাজ কোম্পানীৰ কাৰ্য্যত হকাবাধা কৰিব লগা হৈছিল।
উদাহৰণস্বৰূপে ১৬২৫ চনত যেতিয়া কোম্পানীয়ে চুৰাটৰ কুঠী সুৰক্ষীত কৰাৰ উদ্দেশ্যেত তাত এটা দুর্গ নির্মাণ কৰিবলৈ লয় তেতিয়া চুৰাটৰ মোগল কতৃপক্ষই চুৰাট কুঠীৰ ঘাই বিষয়াকেইজনক বন্দী কৰে।
আন এবাৰ আকৌ কোম্পানীৰ প্রতিদ্বন্দ্বী ইংৰাজ সংগঠন এটাই মোগল জাহাজ লুটপাত কৰা কাৰ্য্যৰ প্ৰতিশোধ ল’বলৈ মোগল কতৃপক্ষই চুৰাট কুঠীৰ কাউন্সিল সভাপতি আৰু সদস্যকেইজনক বন্দী কৰি ৰাখিছিল আৰু ১৮০০০ পাউণ্ডৰ বিনিময়তহে তেওঁলোকক মুক্তি দিছিল।
দক্ষিণ ভাৰতত অৱশ্যে ইষ্ট ইন্ডিয়া কোম্পানীয়ে বাধাৰ সন্মুখীন হ’বলীয়া হোৱা নাছিল। কাৰণ, তাত সেই সময়ত শক্তিশালী ৰাজশক্তি নাছিল।

১৫৬৫ চনত বিজয় নগৰ পতন হোৱাৰ পাছত তাৰ ধ্বংসস্তূপত কিছুমান সৰু সৰু ৰাজ্য গঢ়ি উঠিছিল। ইষ্ট ইন্ডিয়া কোম্পানীৰ কাৰ্য্যত হস্তক্ষেপ কৰিবলৈ এই ৰাজ্যবোৰৰ শক্তি নাছিল।
দক্ষিন ভাৰতত ইংৰাজীবিলাকে প্রথমে মুছলিপটুমত ১৬১১ চনত তেওঁলোকৰ বেপাৰৰ কুঠী নিৰ্মাণ কৰিছিল। কিন্তু ইয়াত ওলন্দাজবিলাকৰ শত্রুতাই
আৰু স্থানীয় কৰ্মচাৰীবিলাকৰ পৰা পোৱা আহুকালে তেওঁলোকক অশান্তি দি আছিল। সেই কাৰণে চন্দ্ৰগিৰিৰ ৰজাৰ পৰা বছৰি নিৰ্ধাৰিত খাজনাত বৰ্তমানৰ মাদ্রাজ মহানগৰী ঠাইখিনি পট্টন লৈ ১৬৩৪ চনত তাত এটা দুর্গ নির্মাণ কৰিছিল।
এই দুর্গ ‘চেল্ট জর্জ দুর্গ নামে জনাজাত। কিছুদিনৰ ভিতৰতে মাদ্রাজৰ প্ৰাধান্য বাঢ়ে আৰু কৰমণ্ডল উপকূলত থকা ইংৰাজ কুঠীবিলাকৰ ঘাই কেন্দ্ৰ হৈ পৰে।
ইয়াৰ পাছত ভাৰতৰ উত্তৰ পূব দিশত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ বাণিজ্যিৰ সম্প্ৰসাৰণ কৰিবলৈ মন মেলে। ১৬৩৩ চনত তেওঁলোকে উৰিষ্যাৰ বালাসৰত আৰু ১৬৫১ চনত বঙ্গদেশৰ হুগলীত বাণিজ্যিৰ কেন্দ্ৰ পাতে।
ইয়াৰ কিছুদিনৰ পাছত পাটনা, কাচিমবাজাৰ আৰু ঢকাতো তেওঁলোকৰ বেপাৰৰ কুঠী পাতে। বোম্বাই আৰু মাদ্রাজৰ দৰে কোম্পানীয়ে বঙ্গ দেশত এখন স্বাধীন উপনিবেশ পতাৰ চেষ্টা কৰে। ইতিমধ্যে ছেগ চাই কোম্পানীৰ বিষয়াসকলে নিজৰ মোট সলালে।
আবেদন-নিবেদনৰে বাণিজ্য আৰম্ভ কৰা বণিক ইংৰাজী কোম্পানীৰ বিষয়াসকলে কূটনীতি আৰু বল প্রয়োগেৰে সাম্রাজ্য স্থাপনৰ সপোন দেখিলে।
ভাৰতত তেওঁলোকৰ সহজলভ্য বাণিজ্যিক সাফল্যই বোম্বাই আৰু মাদ্রাজত থকা সুৰক্ষিত দুৰ্গই আৰু সেই সময়ত ভাৰতৰ দুৰ্বল ৰাজনৈতিক পৰিস্থিতিয়ে কোম্পানীৰ ইংৰাজ বিষায়াকলৰ সপোন দিঠকত পৰিণত হোৱাত ইন্ধন যোগালে।
মাৰাঠা শক্তি আৰু দাক্ষিণাত্যৰ আন আন ৰাজ্যবিলাকৰ লগত ঔৰঙ্গজেবৰ দীর্ঘকাল জোৰা সংগ্রাম, চুৰাটৰ মোগল কুঠীত মাৰাঠাসকলৰ লুণ্ঠন, বঙ্গদেশত মোগল শাসনকর্তাসকলৰ দুৰ্বলতা, মালৱাৰ উপকূলত জলদস্যুবিলাকে সৃষ্টি কৰা সংকট আদি ঘটনাই ইংৰাজ বণিকসকলৰ সাম্রাজ্যবাদী অভিলাষ আৰু সুদৃঢ় কৰি তুলিলে।
১৬৫৭ চনত ক্ৰমবেলৰ প্ৰধানমন্ত্ৰীত্বত বৃটিছ পার্লিয়ামেণ্টত গৃহীত হোৱা চনদখনে কোম্পানীক কিছুমান সুবিধা দিলে। প্রায় একে সময়তে এটা স্থায়ী জইন্ট ষ্টক বেংক স্থাপন হোৱাত টকা-পইচাৰ চিন্তাৰ পৰাও কোম্পানী প্রায় নিশ্চিত হ’ল।
এই সুযোগতে ভাৰতত ৰাজনৈতিক শক্তি প্রতিষ্ঠা কৰিব পাৰিলে স্বাধীনতাভারে বাণিজ্য চলোৱাৰ উপৰিও ‘ভাৰতৰ অৰ্থৰেই ভাৰত জয় কৰি’ ইংৰাজে ৰাজনৈতিক প্রাধান্য বিস্তাৰ কৰাৰ অভিলাষ ইংৰাজবিষয়াসকলে সেই সময়ত মুক্তভাৱেই ব্যক্ত কৰিছিল।
উদাহৰণ সৰূপে ১৬৬৯ চনৰে পৰা বোম্বাইৰ গবৰ্ণৰ আৰু চুৰাট কুঠীৰ সভাপতি হৈ থকা জেৰাল্ড আউংগিয়াৰে লণ্ডত থকা কোম্পানীৰ ডিৰেক্টৰসকললৈ লিখিলে- ‘হাতত তৰোৱাল লৈ বাণিজ্য চলোৱা সময় তোমালোকৰ পালেহি।’
এইনীতি সমর্থন কৰি ডিৰেক্টৰসকলে কেইবছৰমান পাছতে মাদ্রাজৰ গৱৰ্ণৰলৈ এই বুলি পৰমৰ্শ দিছিল যাতে তেওঁৰ অসামৰিক আৰু সামৰিক ব্যৱস্থাত প্ৰৱৰ্তিত নীতিয়েই এই দুই শক্তিৰ ভৰণ-পোষণৰ বিপুল অর্থসংগ্রহ কৰিব পাৰে আৰু ইয়াৰ ভিত্তিতে ভাৰতত ইংৰাজৰ এখন বিশাল, সুদৃঢ়, নিৰাপদ আৰু স্থায়ী সাম্ৰাজ্যৰভেটি গঢ়ি তুলিব পাৰে।
ভাৰতত ৰাজনৈতিক শক্তি প্রতিষ্ঠাৰ সপোন দেখিবলৈ লওঁতেই শুল্কৰ কথা লৈ মোগলৰ লগত ইংৰাজৰ কাজিয়া আৰম্ভ হয়।
ইংৰাজ বণিকবিলাকে ১৬৫১ চনত বঙ্গদেশৰ চুবাদাৰ চুলতান চুজাৰ পৰা দেশীয় সকলো শুল্কৰ বাবাদ বছৰি ৩০০০ টকা দিবলৈ এখন ফৰমান পাইছিল। কিন্তু সুলতান চুজাৰ পাছত শাসনকর্তা সায়েস্তাখাই এই সুবিধা ইংৰাজ বণিকক দিবলৈ মাস্তি নহ’ল।
ইয়াতে বিতুষ্ট হৈ ১৬৯০ চনত কোম্পানীয়ে হুগলী অৱৰোধ কৰি মোগল সম্রাট ঔৰঙ্গজেবৰ বিৰোধে যুদ্ধ ঘোষণা কৰিলে।
তেওঁলোকে মোগলক সহজেই পৰাজিত কৰিব পাৰিব বুলি ভাবিছিল যদিও সায়েস্তাখাৰ হাতত পৰাজিত হৈ হুগলীৰ কুঠী এৰি প্ৰথমতে চুটানটি আৰু পাছত হিজলি উপদ্বীপত আশ্রায় ল’ব লগা হয়।
সিফালে চুৰাট, মুচলিমপট্টম আৰু ভিজিগাপট্টমত থকা ইংৰাজ কুঠী আৰু বোম্বাইৰ সুৰক্ষিত দুর্গও মোগল সেনাই অবৰোধ কৰিলে। ইতিমধ্যে সম্রাট ঔৰংঙ্গজেবে তেওঁৰ সম্ৰাজ্যৰ পৰা সকলো ইংৰাজকে খেদি পঠাবলৈ আদেশ জাৰি কৰে।
কথা বিষম যেন দেখি ইংৰাজে পুনৰ বিনয়ী আবেদনকাৰীৰ ভূমিকা লৈ তেওঁলোকৰ অপৰাধ মার্জনা কৰিবলৈ সম্রাটক প্রার্থনা জনালে।
চতুৰ ইংৰাজবিলাকৰ বিনম্রতাত মুগ্ধ হৈ ঔৰঙ্গজেৱে ১,০০০.০০ টকা ক্ষতিপূৰণ হিচাপে লৈ তেওঁলোকক পূৰ্বৰ দৰে বাণিজ্য চলাবলৈ দিয়ে। ঔৰঙ্গজেৱে ভবা নাছিল যে অতি নিৰীহ যেন লগা এই বণিকবিলাকেই এদিন তেওঁৰ বিপৰ্যয় ঘটাব।
তেওঁ দেখিছিল যে বিদেশী বাণিজ্যৰ পৰা দেশীয় কাৰিকৰ আৰু সদাগৰবিলাকৰ ভাল লাভ হৈছে আৰু দেশৰ ধনৰ ভঁৰাল চহকী হৈছে। ইয়াৰোপৰি, ইংৰাজৰ লগত ভাল সম্পর্ক নাথাকিলে ইংৰাজ নৌশক্তিয়ে ভাৰত মহাসাগৰেদি ভাৰতীয় বণিকে আফ্রিকা আৰু এচিয়াৰ আন আন দেশৰ লগত কৰা বাণিজ্য ধ্বংস কৰিব পাৰে বুলি ঔৰঙ্গজেৱে শংকা কৰিছিল।
ইংৰাজৰ অভিকৰ্ত্তা বা এজেন্ট জব চার্ণকে বর্তমান কলিকতাত এখন ইংৰাজ উপনিবেশ পাতিবলৈ ১৬৮৫ চনৰ পৰাই চেষ্টা কৰিছিল। কিন্তু মোগলৰ লগত হোৱা সংঘৰ্ষৰ কাৰণে এই আঁচনি সাময়িকভাবে বাদ দিব লগা হয়।
উভয় পক্ষৰ লগত পুনৰ সৎভাৱ গঢ়ি উঠাত কার্ণকক চুটানটিত বেপাৰৰ কুঠী পাতিবলৈ দিয়া হ’ল। ১৬৯৮ চনত কম্পানীয়ে চুটানটি আৰু লগতে কলিকতা আৰু গোবিন্দপুৰ এই গাঁও তিনিখন কিনি লয় আৰু ইয়াতে তেওঁলোকৰ বাণিজ্য কেন্দ্ৰ পাতি ফর্ট উইলিয়াম দুর্গ নিৰ্মাণ কৰে।
এই গাঁওকেইখনৰ বুকুতেই সময়ত কলিকতা মহানগৰী গঢ়ি উঠিল; আৰু মদ্রাজ বোম্বাইৰ দৰে অচিৰেই এ এখন সমৃদ্ধিশালী চহৰত পৰিণত হ’ল। শাসন আৰু বাণিজ্যিৰ কেন্দ্ৰ এই চহৰবিলাকত চহকী সদাগৰ, পুঁজিপতি, বিভিন্ন বাৱসায়ী বিষয়া আদিয়ে বসতি কৰিবলৈ লোৱাত জনসংখ্যা তীব্র গতিত বৃদ্ধি পালে।
ওঠৰ শতিকাৰ মাজ ভাগত মাদ্রাজৰ জনসংখ্যা আছিল তিনি লাখ, কলিকতাত দুই লাখ আৰু বোম্বাইত সত্তৰ হাজাৰ মাত্ৰ। প্ৰতিখন চহৰেই সাগৰৰ কাষত অৱস্থিত। এই পৰিস্থিতিৰ কাৰণে জলপথেদি যোগাযোগ কৰা সুচল হৈ পৰিছিল।
এহাতে স্বদেশৰ পৰা অচিৰে এই চহৰকেইখন সাহায্য পোৱাটো সম্ভৱ আছিল আৰু আনহতে দেশীয় শক্তিৰ লগত হোৱা সংঘৰ্ষত প্রয়োজনবোধে ইয়াৰ পৰা সাগৰেদি পলাই যাব পাৰিছিল।
নৌশক্তিত বলবান ইংৰাজবিলাকে এই চহৰকেইখনৰ এইবোৰ সুবিধাৰওপত নিৰ্ভৰ কৰিয়েই সাম্রাজ্য স্থাপনত আগবাঢ়িব পাৰিছিল।
কোম্পানীৰ ৰাজনৈতিক অভিলাষ সিদ্ধিৰ প্ৰথম প্ৰচেষ্টা ব্যর্থ হ’ল যদিও ইয়াৰ বাণিজ্য পূর্ণপয়োভৰে চলি থাকিল। ১৭০৮ চনত কোম্পানীয়ে ভাৰতৰ পৰা ইংলেণ্ডলৈ ৰপ্তানি কৰা দ্ৰব্যৰ মূল্য আছিল ৫,০০০,০০০ পাউণ্ড, ১৭৪০ চনত এই পৰিমাণ ১৭,৯৫,০০০ পাউণ্ডলৈ বৃদ্ধি পায়।
সেই সময়ত ইংৰাজ চৰকাৰে দেশীয় তাঁত শীল্প উন্নয়ন আৰু ৰূপৰ ৰপ্তানি কৰিবলৈ ইংলেণ্ডত ভাৰতীয় কপাহী আৰু ৰেচন কাপোৰৰ ব্যাৱহাৰ কৰিছিল।
ইংলেণ্ডৰ সকলোবোৰ বাণিজ্য সংগঠনৰ ভিতৰত ইষ্ট ইণ্ডিয়া কোম্পানীয়েই আছিল আটাইতকৈ চহকী আৰু নামী। কিন্তু এই কোম্পানী আছিল এমুঠীমান লোকৰ একচেতীয়া সম্পত্তি।
ইয়াৰ অংশীদাৰ নোহোৱা কোনো লোকে কোম্পানীয়ে প্ৰাচাৰ দেশবিলাকৰ লগত বেপাৰ কৰিবলৈ দিয়া নাছিল। কোম্পানীৰ এই নীতিৰ বিৰোধীতা কৰি ইংলেণ্ডৰ অন্যান্য বাণিজ্যিক সংগঠন আৰু
সদাগৰবিলাকে প্ৰথমৰে পৰাই জোৰদাৰ প্ৰচাৰ চলাইছিল। সোতৰ শতিকাৰ ইংলেণ্ডৰ দীর্ঘকাল জোৰা গৃহযুদ্ধৰ ফলত সঘনে চৰকাৰ পৰিবৰ্তন হৈ আছিল আৰু সময়ে সময়ে চৰকাৰৰ নীতি কোম্পানীৰ স্বাৰ্থৰ প্ৰতিকূলে গৈছিল।
প্রতিদ্বন্দ্বী অন্যান্য সংগঠনৰ লগত ফেৰ মাৰি চৰকাৰক ভালৰি লগাই আৱশ্যেকীয় সাসুবিধা আদায় কৰি ল’বলৈ কম্পানীয়ে ইংলেণ্ডৰ সম্রাট আৰু প্ৰভাৱশালী ৰাজনৈতিক নেতাক বহুত ভেটি দিব লগা হৈছিল।
উদাহৰণ স্বৰূপে ১৬৩৯ চনৰ পৰা ১৬৭৬ চনৰ ভিতৰত কোম্পানীৰ ভাৰতস্থ কুঠীবিলাক সুৰক্ষিত কৰিবৰ কাৰণে দুৰ্গ সজাৰ, নিজস্ব সৈন্যবাহিনী গঠন কৰাৰ আৰু প্ৰাচাৰ দেশসমূহৰ লগত যুদ্ধ আৰু সন্ধি কৰিব পৰা ক্ষমতা থকাৰ অনুমতি আদায় কৰিবৰ কাৰণে সম্রাট দ্বিতীয় চালছক একলাখ সত্তৰ হাজাৰ পাউণ্ড ধাৰ দিব লগা হৈছিল।
গৌৰৱময় বিপ্লৱৰ পাছত যেতিয়া ইউলিয়াম আৰু মেৰী ইংলেণ্ডৰ সিংহাসনত বহিল, তেতিয়া প্রতিদ্বন্দ্বী অন্যান্য বাণিজ্যিক সংগঠন আৰু সদাগৰবিলাকক ৰজা অনুগ্ৰহৰ পৰা বঞ্চিৎ কৰিবলৈ কোম্পানীয়ে মাত্ৰ এবছৰৰ ভিৰততে ভেটিৰ বাবদ ৮০,০০০ পাউণ্ড খৰচ কৰিছিল আৰু ইয়াৰে দহ হাজাৰ পাউণ্ড স্বয়ং সম্রাটক দিবলগীয়া হৈছিল।
নিউ কোম্পানী
এনেকৈয়ে বিভিন্ন কৌশল খটুৱাই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বেপাৰ কৰিবলৈ অধিকাৰ দিছিল, তেতিয়া ইষ্ট ইণ্ডিয়াৰ কোম্পানীৰ প্ৰতিদ্বন্দ্বীসকলে ‘নিউ কোম্পানী’ নামৰ এটা সংগঠন প্রতিষ্ঠা কৰি চৰকাৰক বিশ লাখ পাউণ্ড ধৰলৈ দি ইয়াৰ প্রাধান্যত মাৰঘাট মাৰিছিল।
এনেকুৱা অৰিয়া-অৰিৰ ফলত দুয়োটা সংগঠনৰে বিস্তাৰ ক্ষতি সাধন হৈছিল। পিছত দুয়োটা সংগঠন চামিল হৈ ‘দি লিমিটেড কোম্পানী অৱ মার্চেন্টচ্ অব ইংলেণ্ড ট্রেডিং টু দি ইষ্ট ইন্ডিজ (The limited company of Merchants of England Trading of the East-India) নামৰ সংগঠন এটা হয়।
এই সংগঠনটো সাধাৰণতে ‘দি অনাৰেৱল ইষ্ট ইন্ডিয়া কোম্পানী’ আৰু চমুকৈ ‘ইষ্ট ইন্ডিয়া কোম্পানী’ নামেৰেই জনাজাত হ’ল।
নীতিগত বৈশিষ্ট্যমূল লক্ষ্য আৰু সাংগঠনিক প্রণালীত আমিল নথকাৰ উপৰিও পুৰণি সংগঠনটোৰ নামেৰেই নতুন সংগঠনটো জনাজাত হোৱাত দুই সংগঠনৰ মাজত খেলিমেলিবোৰত সাধাৰণতে গুৰুত্ব দিয়া নহয়।
তদুপৰি সম্মিলিত নতুন কোম্পানীটোৱেহে ভাৰতত বৃটিছ সাম্রাজ্যবাদ স্থাপন কৰিছিল।
