জেঠ মাহৰ জোনাক — এখন সৰু গাঁৱৰ কাহিনী

Nipusaikia
19 Min Read

জেঠ মাহটো বৰ খৰৰ কাৰণে প্রসিদ্ধ। এই মাহটোরে দুইফালে ধাব থকা কটাৰীৰ দৰে কাটে। বহাগৰ প্ৰথম বৰষুণৰ লগে লগেই কলংপাৰৰ গাঁওবোৰত মেলেৰিয়াই দেখা দিয়েহি। গ্রহণী, বসন্ত পার্শ্বচৰ স্বৰূপে লগতে লাগি আহে, ঘৰে ঘৰে এটি নহয় এটিয়ে সন্নিপাত জ্বৰত চিটলং পটলং দিয়ে। গেৰেলাৰ মাক মুহিতাই ৰাতিৰ সাজৰ কাৰণে ঢেঁকীয়া এমুঠি বিচাৰি আলিৰ কাষলৈ গৈছে। ঢেঁকীয়া বুটলি বুটলি ভেদোৰ পদূলি মূৰ ওলালগৈ। আজি তিনি দিন ভেদোৰ বৰ ল’ৰাটোৱে জ্বৰত চট্‌ফটাব লাগিছে। সন্ধিয়া জুৰ পৰা দেখি আগচোতালত ঢাৰি এখন পাৰি বাপেকে পুতেকক বাহিৰত শুৱাইছে। মুহিতাই ভু-ল’বলৈ দীঘল দি পৰি থকা নবিয়াৰ কাষ চাপিল। চোতালৰে এমুৰে গৰ এডালত বহি ভেদোরে হাতোরাঁহখনেৰে বাঁহখৰি এডাল কঁহিয়াই মুহিতাৰ লগত কথা পাতিছে।

“এৰা, তাপটো আজি কিছু পৰিমাণে কম। পিছে গাহে তেনেই দুর্বল।”

“দুদিনমান পানী-পোটোকাৰে সৈতে ভালকৈ ভাত দুটামান খুৱাই দিলেই গা আপুনি শাঁত পৰি যাব।”

“কালিলৈ তাকেহে দিম বুলি ভাবিছোঁ। সি সোনকালে গাটো টঙাব নোৱাৰিলে, খেতিৰ ফালে আমার এইবাৰ মুদাই মৰিব। কঁকালৰ বিষটোৰ পৰা ময়ো হালত ধৰিব নোৱাৰা হ’লোঁ।” ঢেঁকীয়ামুঠিৰ গুৰিব বুটা পাতকেইটা চিঙি মুহিতাই ক’লে, “এই ভব জেঠ মহীয়ানো হালখতি কৰিব পাৰিনে?” মুহিতাৰ কথা শেষ হওঁতে নৌহওঁতেই মাঘী ওলালহি। মাঘীযে মুহিতাৰ কথাতে যোগ দি ক’লে, “পিছলৈ পানী উঠিব লাগিলে খেতি কৰোৱাব ভালকৈয়ে। ইফালে তোমাৰ মাটিখিনিও হ’ল দ পথাৰত।” মাঘীয়ে মেলত যোগ দিয়াহি দেখি মুহিতাই এখোজ-দুখোজকৈ বাটৰ পিনে খোজ ল’লে। ভেদোৱে খৰি কেইছটা চপাই থৈ মাঘীৰ ফালে মূৰ ঘূৰাই ক’লে, “কিনো কৰিম কোৱাচোন? আজি এই পোন্ধৰ দিন ধৰি দৰব জাতি কৰিলোঁ, তথাপি একেটা জ্বৰেই এৰিব নেপায়নে?”

“দীঘলদৰিৰ বুঢ়া বেজৰ পৰা দৰব এপালি আনিব পৰা হ’লে পাল জ্বৰ হওক ডোম জ্বর হওক- তেখেতৰ এপালি দৰবেই জইন মাৰিলেহেঁতেন।” ভেদোৰে হতাশভাৱেৰে ক’লে, “তালৈকে এতিয়া যাব পাৰিলেহে হয়। অকলশৰীয়া মানুহ। গৰুৱে-গাইয়ে আটাইসোপা মোৰ ঢেঁটুতেই।”

“মাজুটোৰ জানো কিবা বা-বাতৰি পাইছা? কেতিযামানে বা মেদ ওকলে?”

“দিওঁতে বছৰকেই দিছিল। এতিযা শুনিছোঁ, জেইলত ঠাই নোহোৱা দেখি মেদ নৌ পূৰ হওঁতেই বহুতকে খালাচ দিছে। আমাৰ জইগোও কালি আজিতে ওলায়হি কিজানি।”

“এৰা, উধত ধৰণীযে ভাল গাঁৱত কলিৰ উৎপাতখন সুমুৱালে। অনাহকতে ডেকা ল’ৰামখাক জেইললৈ পঠালে।”

“ধৰণীক নো কি দোষ দিবা? গোটেই দেশ জুৰি বানপানীৰ দৰে আন্দোলনৰ ঢল, তাক ধৰণীয়েই বা আমিষেই কেনেকৈ বাধা দিম। কেরল তোমাৰ মোৰ ল’বাইহে জেইললৈ গৈছেনে? কলিৰ শেষত কল্কি অৱতাৰ। কিজানি গান্ধী অৱতাৰৰ দিনতে আমাৰ দৰিদ্ৰ প্ৰজাৰ দুখ-দুর্গতি মোচন হয়ে বা।” মাঘীয়ে আচলতে ভেদোৰ হালৰ গৰু দুটাহে দুদিনমানলৈ বিচাৰি আহিছিল। আন্দোলনৰ কথা এৰি ভেদোক ভালৰি লগাই মাঘীয়ে কালে, “বৰা ধানৰ কঠীয়া দুটামান বিচাৰি ময়ে দীঘলদৰিলৈ যাওঁ যাওঁ কৈ আছোঁ। মাটিডৰাৰ লেঠাটো মাৰিব পৰা নাই দেখিতে যাব পৰা নাই। তোমাৰ গৰুহাল কালিলৈ পালে পৰহিমানে বোধহয যাবই পাৰিম।” পুতেকৰ দৰবৰ আশাত ভেদোৱে গৰুহাল মাঘীক বাবলৈ দিবলৈ সহজতে মাস্তি হ’ল। বিধৱা ফেচেউৰ বৰটো ল’ৰা সন্নিপাত জ্ববতেই ঢুকাইছে। সৰুটোকো এতিয়া সেই একে জ্বৰেই ধৰিছে। বৰ ল’ৰাটোক বন দৰব খুৱাওঁতেই মৰিল। সেই কাৰণে এইবাৰ ফেচেউরে তাত বিশ্বাস এৰি কন্দর্প কবিৰাজৰ শৰণাপন্ন হৈছে। কবিৰাজে দয়া কৰি বড়ি চাইটা দিছে। কিন্তু তাৰ লগত অনুপান বিচাৰি নেপাই বেচাৰীয়ে হতাশ হৈ মূৰে-কপালে হাত দি পুতেকৰ ওচৰত বহিছে। মেদেউ, পিতিকি, ভেকোলাৰ ঘৈণীয়েকে আবেলি ফেচেউৰ পুতেকৰ খবৰ ল’বলৈ আহিল। তিনিওজনীয়ে নিজে নিজেই ডুখৰি পীৰা এডুখৰি বিচাৰি ফেচেউৰ চোতালত মেল পাতিছে। ফেচেউবে কটাৰীখন আৰু তামোলৰ বটাটো আগবঢ়াই দিলে। আটাইকেইজনীৰ ভিতৰত ভেকোলা বেপাৰীৰ ঘৈণীয়েকেই বয়সত ডাঙৰ, চুলি এডালি দুডালি পকিছে। তেওঁৰ নিজা নাম কোনেও নেজানে, জানিবৰো ইচ্ছা নকৰে। অন্যান্য সম্পদৰ দৰে মাক-বাপেকে দিয়া নামটোৰ মোহ বহু গাঁৱলীয়া তিৰোতাই বিসর্জন দি হয় স্বামীৰ নহয় পুত্রব নামত নিজকে বিলোপ কৰি দিয়ে। ভেকোলাৰ ঘৈণীয়েকে তামোলটো খুন্দিয়াই ফেচেউৰ পিনে চাই ক’লে, “বুজিছ ফেচেউ, অকল কবিৰাজৰ দৰবৰ ওপৰত ভৰসা কৰি নেথাকিবি। দৰব জাতি খুৱাই এটাৰতোন মূৰ খালিয়েই। তেও বুজ হোৱা নাইনে?” ভেকোলাৰ ঘৈণীয়েকৰ পোনপটীয়া কথাই ফেচেউৰ মনত একো আঘাতে বহুৱাব নোৱাৰিলে। জীৱনৰ প্রতি পদে পদে, প্রতি পলে পলে দুখে যাক বৰণ কৰে, দুখৰ নগ্ন ৰূপক সি ভাষাৰ আৱৰণেৰে ঢাকিবলৈ চেষ্টা নকৰে। উলংগ সন্তানক বুকুত সাবটি ধৰি বিধৱাই অন্তৰৰ পোৰণি নুমুৱাবলৈ চেষ্টা কৰাৰ দৰে, চিৰ পৰিচিত দুখৰ নগ্ন মূর্তিক লাজ, ভয় শংকাবিহীন হৈ জীবনত গ্রহণ কৰিব পৰাটোৱেই তেওঁলোকৰ শান্তি। কুন্দোৱা তামোলটো চাৰিখন কৰি, পাণ-চুণেৰে সৈতে তিনিজনাক তিনিখন দি, এখন নিজৰ মুখত সুমুৱাই ভেকোলাৰ ঘৈণীয়েকে পুনৰ ক’লে, “কি ক’ব পিতিকি, জৰা-ফুকাবো দিহা কৰা ভাল নহয় জানো?” অলপ চুঁচৰি গৈ হাতখন হাকুটি মেলি বটাৰ টেমিৰ পৰা আঙুলিৰে ঘোঁকা মাৰি এজেবা চুণ আনি দাঁতত লগাই মূৰ দুপিয়াই পিতিকিযে উত্তৰ দিলে, ‘ক’বহে লাগিছেনে? ভাল বেজৰ হাতত পৰিলে একে ফুঁতেই জ্বৰৰ ভিখাচন ভাঙিব।” মূৰটো ঘূৰাই পিৰালিটোৰ ফালে মুখৰ পিক পেলাই পিতিকিয়ে আকৌ মাত দিলে, “গুণাইৰ মাজিউটি ল’ৰাৰ সন্নিপাত চৰি যাই যাই অৱস্থা নহৈছিলনে? কুৰুৱাবাহীৰ বুঢ়া বেজক লগাই একে নিশাই জ্বৰ এৰুৱালে দেখোন?”

“তেওঁলৈকে তামোল পাণ এটাৰে মাননি ধৰি কাৰোবাৰ আগত বতৰা দি নপঠার কিয়?” ভেকোলাৰ ঘৈণীয়েকে ফেচেউৰ মুখলৈ চালে। পুতেকৰ নৰিয়া উপশম উপদেশত ফেচেউৰ মুখৰ পূৰ্বৰ নিৰ্বিকাৰ ভাবৰ সলনি নহ’ল। জন্মদিনৰে পৰা দুখ আৰু মৃত্যুৱে তাইক ঘেৰি আছে। সৰুতে মাক-বাপেকৰ মূৰ খালে, ল’ৰা দুটা চুঁচৰি বাগৰি থকা অৱস্থাতেই গিৰিয়েক ঢুকাল। তাৰ পাছত সিদিনা দহবছৰীয়া ল’ৰাটো চকুৰ আগতেই মাতে কথাই গ’ল, সৰুটো যে জীয়াই থাকিব, তাৰো আশা ফেচেউৰ নাই।

“গড়মূৰৰ ভগৱতীৰ তালৈ দধিৰাম গৈছে। তাৰে হাততে ধৰমীৰ ঘৈণীয়েকৰ পৰা খুজি আনি পইচা চাইটাই তামোল পাণ এযোৰাই দি পঠাইছোঁ। সি আজি আহি পোৱাৰ কথা। ভগৱতীয়ে কি কয় তাকে চাই-চিতি জৰা-ফুকা কৰাব লাগিব।” পিতিকিয়ে গহীনাই ক’লে, ‘অ’ এৰা দধিৰ ঘৈণীয়েকৰ ভালেদিনৰে পৰা অসুখ। হাগনিত পৰি মানুহজনীৰ অবস্থাই নোহোৱা হৈছে। আগৰ তিনিটা মুনিহৰ বল থকা মানুহজনীয়ে এতিয়া পাটীৰ পৰা চুঁচৰি বাগৰিহে বাজ-ভিতৰ কৰিছে।”

“এনেবোৰ বেমাৰৰ আগেয়ে গাঁৱত নাম-গোন্ধেই নাছিল। এতিয়ানো ক’ৰ পৰা সোমালহি?” মেদেউৱে লেনীয়া মাতেৰে ক’লে। “গাঁৱত কিবা কলি সোমাবলৈ বাকী ৰৈছেনে? মৰাটো মৰিবই। পিছে, জীয়াই থকাটোকো যে ৰজাই মৰিয়াই মাৰিছে। ভেদোৰ বৰ ল’ৰাটোৰ নৰিয়া, মাজুটো ভলন্টিয়াৰ হৈছিল। তাকো পুলিচে ধৰি নি জিলাত বগাভাত খুৱাইছেগৈ। বন্দে মাতৰম্ বুলি চিঞৰিলেই বোলে বজাৰ দায় লাগে? এনে কথানো ক’ত শুনিছা? খেতিপথাৰৰ এই ভৰ দিনত অনাজগৰত ল’ৰাহঁতক ফাটেকত সুমুৱাই থ’লে দেশত আকাল নহৈ কি হ’ব? ৰজাই দুখীয়া ৰাইজক তৰাওক ছাৰি যিমানে পাৰে সিমানে যন্ত্রণা দি বংহে চাইছে।” ভেকোলা বেপাৰীৰ দোকানত পূৱা-গধূলি নিতৌ ৰাজনীতিৰ চৰ্চা হয়। ওলাওঁতে-সোমাওঁতে ভেকোলাৰ ঘৈণীয়েকৰ তাৰে এষাৰ-দুষাৰ কাণত পৰে। বিজ্ঞৰ সুৰত কথাখিনি কৈ ভেকোলাৰ ঘৈণীয়েক যাবলৈ থিয় হ’ল। লগে লগে বাকীকেইজনীও উঠিল। মানুহ উঠি যোৱাৰ লগে লগে বটাটো ভিতৰলৈ তুলি নিওঁতে ফেচেউরে মন কৰিলে যে পুৱা ধৰণীৰ ঘৈণীয়েকৰ পৰা অনা তামোল দুটাৰ এখনিও বটাত নাই। নৰিয়াৰ ওচৰত পৰ দিওঁতে বাতি কি চোবাই টোপনিৰ হাত সাৰিব ফেচেউৰ সেই এটা চিন্তা বাঢিল।

জেঠ মাহৰ জোনাক। সন্ধিয়াব লগে লগেই দীপান্বিতাৰ বস্তিৰ দৰে অজস্ৰ তৰা আকাশত জিলিকি উঠিল। চৌদিশে দিন যেন পোহৰ। চোতালত বহি শুনদে আধা সজা খৰাহি এটা সম্পূর্ণ কৰিবলৈ কাঠি তুলাইছে। ওচৰতে জীয়েক পুতলি আৰু পুতেক কণল’ৰাই ঢৰা এখনত শুই দবৰা-দবৰি লগাই মাজে মাজে তিৰবিৰাই থকা আকাশৰ তৰা এটা-দুটাকৈ গণিছে। ঘৈণীয়েকে ৰন্ধা-বঢ়া শেষ কৰি আখলৰ পৰা ওলাই ল’ৰা-ছোৱালীৰ লগতে চোতালত পাটীত বহিলহি। ঘুৰঘূৰি লগোৱা হাতৰ বিচনী ঘূৰাই নিজে বা লোৱাৰ লগে লগে ল’ৰা-ছোৱালী দুটাকো বিচি দিছে। হাতখন দীঘলাই শুনদৰ পিনে এছাটি-দুছাটি মাৰিছে। পিঠিৰ পিনে ৰিহাখনৰ গলধনৰ গুৰিলৈকে তুলি জীয়েকক ক’লে, “পুতলি, পিঠিখনত হাত ফুৰাই দেচোন। ঘামচি কেইটামানে পিপিৰাইছে।”

“ওহোঁ” বুলি পুতলিয়ে ভায়েক কণল’ৰাৰ লগত আকৌ টনা-আঁজোৰাত লাগিল। দুবাৰ তিনিবাৰ কোৱা সত্ত্বেও জীয়েক কাষলৈ নোযোৱাত শুনতে ডাবি মাৰি ক’লে, “নিদিয় কিয় হয়?”

পিতাকৰ একেটা ভেকাহিতে সুৰ সুৰকৈ উঠি গৈ পুতলিয়ে মাকৰ পিঠিত ওথোর-গোথোৰকৈ হাত ফুৰাবলৈ লাগিল। মাকে কণল ‘বাকো মাতিলে, “আহচোন, ওচৰ চাপি আহ, তেহে বিচ পাবি।” কথাৰ লগে লগে শুনদৰ গালৈকো বহলাই বা এছাটি মাৰিলে।

গোহালিত গৰু পোৱালি এটাই হেম্বেলিয়াইছিল। মাকে চিঞৰিলে, “হেৰ সৰুধন, চাকিটো লৈ গোহালিলৈ যাচোন, মুগীজনী ওলোৱাহি নাই, পোৱালিটোরে হেম্বেলিয়াই আছে, কিজানিবা নঙলাব মুখতে আছেহি। আহিছে যদি গোহালিত সুমুৱাই একেবাৰে বান্ধি থৈ আহগৈ।”

সৰুধনে বৰঘৰত পঢ়ি আছিল। আপত্তিৰ সুৰত উত্তৰ দিলে, “ওহোঁ, মই যাব নোৱাৰোঁ। সংস্কৃত ব্যাকৰণ আওৰাইছোঁ।” মাক-বাপেকে শুনাকৈ সৰুধনে আওরালে, “অভবৎ, অভবতাম্, অভবন।”

“আহচোন আহ, গৰুজনী সুমুৱায়ে যাবিহি।” সৰুধনে পূৰ্বতকৈ ডাঙৰকৈ চিঞৰিলে, “অভবঃ, অভবতম্, অভবত গৰু পোৱালিটিয়ে সৰুধনৰ লগতে সুৰ মিলাই বেঁ বেঁকৈ চিঞৰিলে। “হেবৌ, খন্তেক পঢ়া এৰি আহিলে একো খতি নহয়। আহ।”

“কালিলৈ পঢ়া দিব নোৱাৰিলে মইহে মাষ্টৰৰ বেতৰ কোব খাম। কণল’ৰা দেখোন চোতালতে আছে, সি নেযায় কিয়?”

“কণল’ৰাৰ লগত বগিয়াবগি ধৰিব নেলাগেচোন। সি অকলে গোহালিলৈ যাবলৈ ভয় কৰে। তই চাকিটো লৈ ওলাই আহচোন।” সৰুধনে মাথোন উত্তৰ দিলে, “অভবম্, অভবাব, অভবাম।” পুতেক উঠি নহা দেখি শুনদে নির্দেশৰ সুৰত চিঞৰিলে, “হেব, কিনো বৰ পঢ়াটো ওলাইছ? এটাই তেনেকৈ ঘৰৰ কুটা এগছ লৰচৰ নকৰি পটোতে পটোতে মাইনৰটোকে পাৰ হ’ব নোৱাৰিলে, তোৰো সেয়ে গতি হ’ব হবলা?” টান মাটি পালে বিড়ালীয়েও নোখোচবে। মুখেৰে ভোৰ-ভোৰাই হাতত কেৰাচিন তেলৰ চাকিটো লৈ সৰুধন অগত্যা ওলাই আহিবলৈ বাধ্য হ’ল। চোতালত ভৰি দিওঁতে নিদিওঁতেই শুনদে ক’লে, “কণল’ৰাৰ হাতত চাকিটো দি তই গৰুজনী সুমুৱাগৈ। চাঙৰ পৰা খেৰ একোমুঠিও খীৰতী কেইজনীৰ মুখত দি আহিবি, মই আৰু উঠি নেযাওঁ।” ফৰিং ফুটা জোনাক, চাকিৰ প্ৰযোজন নাছিল। অপ-দেৱতাৰ ভয়তহে চাকিটো দুয়ো পুতেকে লৈ গৈছে। নগুলাৰ মুখত মুগী গাই নাই। মাঘীহঁতৰ দমৰাটোৱেহে নঙলাত মূৰ সুমুৱাই নঙলা মেলি গোহালিত সোমাবলৈ চেষ্টা কৰিছিল। সৰুধনহঁতক হঠাতে নঙলাৰ মুখত দেখি সিয়ো উভতি লৰ মাৰিলে। পৰি থকা বাঁহ এচটা তুলি লৈ সৰুধনে গৰুটোলৈ ফর্মুটিয়ালে। তাৰ পাছত গোহালিত সোমাই গাইকেইজনীৰ মুখত ধানখেৰ একোমুঠি দি দুয়ো চোতাল পালেহি।

“নাই, মুগী অহা নাই। মাঘীহঁতৰ দমৰাটোৱেহে নঙলা মেলিবলৈ বিচাৰিছিল।” সৰুধনে কথাষাৰ কৈ মাকৰ ওচৰত বহিল।

“সেইটোৰে সদায় আহি ধানখেৰত মুখ দিয়েহি। গিৰিহঁতে নেবান্ধেও নেছাটেও। মাঘীক কালিলৈ সঁকিয়াবহে লাগিব।” সৰুধনলৈ চাই ক’লে, “তই আকৌ ইয়াত বহিলহি পঢ়িবলৈ নেযার কিয়।” সৰুধনৰ হৈ মাকেই উত্তৰ দিলে, “অলপ জুৰ লওকচোন, সেই ফুট গধূলিৰ পৰা ভিতৰত সোমাই গৰমত গেলি আছে।” ল’ৰা-ছোৱালীকেইটা কাষত চপাই লোৱাৰ আনন্দই মাকৰ কথাত প্রকাশ পালে। লগে লগে সৰুধনৰ গালৈ দীঘল বা এছাটি মাৰিলে। অলপ পৰৰ পাছত পোৱালিটোৱে পুনৰ হেম্বেলিয়ালে। শুনদে ঘৈণীয়েকৰ পিনে মূৰ তুলি ক’লে, “গৰুজনী ওলাবহি নেলাগিলে পোৱালিটোৱে ওবে ৰাতি বেবায়ে থাকিব। মনোহৰনো কলৈ গ’ল? সি ওলোৱাহিহেঁতেন কাৰ বাৰীত আছে বিচাৰি-খোচৰি আনিবই পাৰিলেহেঁতেন। বাতিখননো সি যায় ক’লৈ?”

“গাঁও ভাল কৰা সভা হৈছে বোলে? আমাৰ মনোহৰকো তাৰ মেম্বৰ কৰিছে।” পিছৰ কথাষাৰ মাকে গর্ব উৎফুল্লৰেই ক’লে।

“সিনো কিহৰ সভা-সমিতিৰ মেম্বৰ হ’বলৈ গৈছে। ধৰণীৰ লগতে সিদিনা আটাইখনকে হাতকেৰেয়া লগাই নিয়া নাছিল নে? এই ধৰণীটোৱেই গাঁৱৰ সকলো অনিষ্টৰ মূল। সিয়েই গোটেই বিহৰ কঠীয়া সিঁচি থৈ গ’ল। পালে নহয় তাৰ পোটক, দুবছৰ বগাঘৰৰ ভাতৰ জুতি লৈ আহিব এতিয়া।” কথাৰ লগে লগে খচখচকৈ কাঠী ভৰোৱাত লাগিল।

“ধৰণীকে অকলে শালৰ মাজত শিঙি পাতিছে কিষ? গাঁৱৰ সকলোরেই দেখোন ৰজাই খাজনা বঢ়াই ৰাইজক শোহিলে বুলি কৈছিল। ধৰণীযে তাকেহে মুখ পাতি লৈছিল।”

“হয়ে ঢাৰিৰ আগত ৰজাকো চর্চে। সেই বুলি মিটিং পাতি খাজনা নিদিবলৈ ৰাইজক উচটাব লাগিছিল নে?”

“মিতিৰৰ আগত ক’বা, হাতীৰ কপালত খুচিবা। যি কৰা দেখাদেখিকৈ কৰাই ভাল। মিছাতে পেটতে গুজৰি গুমৰি থকাৰনো কি লাভ?”

“তই দেখোন একেবাৰে ভলন্টিয়াৰৰ দৰে কথা ক’বলৈ শিকিলি।” পেংলাইৰ সুৰত শুনদে ক’লে। বিচনীখন বেছিকৈ ঘূৰাই ঘৈণীয়েকে ক’লে, “পোনপটীয়া কথা ক’লেই জগৰ লাগেনে?”

“জগব লাগে নেলাগে পুলিচে যেতিয়া ঘৰ খানাতালাচ কৰিবহি তেতিয়াহে বুজিবি।” পুলিচৰ নাম শুনি ভয়তে আটাইকেইটা ল’ৰা-ছোৱালীয়ে কেৰমেৰাই উঠিল। অলপ পৰ ৰৈ গণি গণি কাঠিকেইটা ভৰাই শুনদে ক’লে, “আজিলৈকে জানিবা আমাৰ ঘৰখনকে পুলিচে লুৰুকিবলৈ অহা নাই। ভাগ্যে হালোৱা গাঁৱৰ লম্বোদৰ থানালৈ হেড্ কনিষ্টবল হৈ আহিছে। আমাৰ ঘৰৰ লগত তাহানিৰে পৰা আহ-যাহ থকা মানুহ। সেই গুণেহে ৰক্ষা পৰি আছোঁইক, মনোহৰকো তেওঁহে সৰুৱাই আনিছে বুলিব লাগে।”

“এস, ৰজাৰ হাতত ক্ষমতা থাকিলে যেতিয়াই যেনেকৈ মন যায উঠা-বহা কৰোৱাব। আপুনি আমি তাক কেনেকৈ বাধা দিম।” দীঘল নিশ্বাস পেলাই ঘৈণীয়েকে উত্তৰ দিলে।

“সেইবোৰ ৰাজ ভগনৰ বৰ বৰ কথা থ. পিছে, আমাৰ মনোহৰক এই সভা সমিতিৰ পৰা আঁতৰিবলৈ ক’বি। ৰাতিলৈকে চৰকাৰৰ বিপক্ষে দল পকোৱা মিটিং মাৰিবৰ সকাম নাই, ভলন্টিয়াৰো হ’ব নেলাগে। আজি-কালি যিহে চোৰাংচোৱাৰ ঘিটঘিটনি কেতিয়া কাক ধৰেহি ঠিক নাই।” কোনোবা ক’ৰবাত ওলাইছেহি বুলি শুনদে মূব তুলি চাবিওপিনে চালে। “ল’ৰা বৰ হ’ল, উদং ঘৰখনত এতিযা মন বহিব কিয়? সি হোজাই নে যমুনামুখলৈ মাটি ভঙাবলৈ যাবলৈ ভৰি ডাঙিয়েই আছে। আজি দুবছৰেও পাতো পাতোঁ বুলি তাৰ ঘৰখনকে পাতিব নোৱাৰিলোঁ।” কথাৰ লগত হুমুনিয়াহ পেলাই ক’লে।

“পাতো বুলিয়েই বিয়াখন পাতিব পাৰিনে? ছোৱালী মনে-পুতে লাগিলেহে খোজ-বঢা কৰিব পাৰি।”

“ছোৱালীনো কম কেইজনী চোৱা হ’লনে? আপুনিয়েই দেখোন এটা নহয় এটা ছিদ্র উলিয়াই আটাইকেইজনীকে এঙালে।”

“হঁয়ে, তয়ে ক’চোন, দীঘলদৰিৰ ছোৱালীজনী আনিব পাৰি জানো? ছোৱালীক হওঁতে কাজ কামত, স্বভাৱ চৰিত্ৰত ওচৰ-চুবুৰীয়াই ভালকে বুলিছে। পিছে বাপেক-মাকৰ গৰু গোহালিৰ দৰে এপাল ল’ৰা-ছোৱালী, ইফালে খেতি-পথাৰ নাই। সেই ঘৰৰ ছোৱালী আনিলে হস্কিলে-মস্কিলে সহায় হওক ছাৰি- দিব থ’বহে লাগিব।”

“তেনেহ’লে তেতেলীসৰাৰ ভূঞাৰ ঘৰৰ ছোৱালীজনীকে খোজা বঢ়া নকৰে কিয়? জাতে-কুলেও ভাল, সা-সম্পত্তিৰে ভৰপূৰ ঘৰ।”

“বাপেকে আকৌ ছকুৰি গা-ধন নহ’লে নিদিয়ে। দে বোলোঁতেই ছকুৰি চিকা ৰূপ ক’ৰ পৰানো উলিয়াই দিওঁ?”

“ধান খঋণ কবি হ’লেও আমি থাকোঁতেই মনোহৰৰ বিয়া পাতি ঘৰখন থানখিত লগাই যাব পাৰিলে ভাল। ইপিনে চাওঁতে চাওঁতে পুতলিকো উলিয়াই দিয়াৰ চিন্তাই খাই মাৰিব।” মাকৰ কথাযাৰত ৰহস্য পাই কণল’বাই পুতলিৰ গাত টিপতে চিকোট মাৰি দিলে। পুতলিয়ে তেঁ কৈ চিঞৰি কণল’ৰাৰ ওচৰৰ পৰা আঁতৰি গ’ল।

“যদি ল’ৰাৰ বিয়া পাতিবলৈ ইমানেই হাউচ তেন্তে ভূঞাৰ ছোৱালীজনীকে ধৰোঁ। ভূঞাই আমাৰ ঘৰলৈ ছোৱালী দিবলৈ না নকৰে। পিছে সিটো কৰাইচ কৃপণ মানুহ, ছকুৰিৰ এটা ফুটা কঢ়িও কম নকৰিব।” অলপ পৰ বৈ ক’লে, “টকাব দিহাটোরে এতিয়া কেনেকৈ কৰোঁ। এই জেঠ মাহত ধানৰ দাম বাঢক ছাৰি দিনক দিনে পৰিহে গৈছে। ভঁৰালৰ ধান বেচি এই বছৰ বিয়াৰ টকা উলিওৱা টান হ’ব।” অলপ পৰ চিন্তিত হৈ সুধিলে, “ধৰণীৰ ঘৈণীয়েকে অলংকাৰ আমাৰ ঘৰত থৈছে নহয়?”

“থৈছে।”

“তাবে এপদ-দুপদ গহনা চান্দমল বাবুৰ গোলাত বন্ধকত থৈ রূপ দুশমান আনিব পৰা নহ’ব জানো?” শুনদে হাতৰ কাঠীকেইটা মাটিত থৈ ঘৈণীয়েকৰ উত্তৰলৈ উৎসুকভাবে অপেক্ষা কৰিলে।

“পৰৰ বস্তু, লাগ বুলিলেই ঘূৰাই দিব লাগিব। সেইবোৰ কেঞাৰ গোলাত বন্ধক দিবলৈ যাব কিহৰ জগৰত?” ঘৈণীয়েকে আপত্তিৰ সুৰত উত্তৰ দিলে।

“আকৌ ঘুৰাই আনিব পৰা হ’ব, ব’চোন। দিন পালে খেণ পায়, খেণ পালে অজৰ অমৰ হয়। ধৰণী ফাটেকৰ পৰা ওলাবলৈ দুবছৰ বাকী, সি ফাটেকৰ পৰা ওলাই নাহে মানে ঘৈণীয়েকেনো সেই গলগ্রহসোপা কেলৈ বিচাৰিব। আমাৰ ভগা ঘৰত থকাতকৈ চান্দমল বাবুৰ লোহাৰ চন্দুকত নির্বাপদেহে থাকিব।”

ঘৈণীয়েকে শুনদৰ নিশ্বাসবো অর্থ বুজে। এই ক্ষেত্রত গিবিয়েকে মনত কি পাঙিছে ঘৈণীয়েকৰ বুজিবলৈ সৰহ পৰ নেলাগিল। আলোচনা আগবাঢ়িবলৈ দিলে

বিষম ফল হ’ব বুলি ঘৈণীয়েকে ল’ৰালৰিকৈ সামৰণি মাৰি ক’লে, “ৰ’ব, ব’ব, মনোহৰক নোসোধাকৈ একো কৰিব নোৱাৰি। ধৰণীৰ ঘৈণীয়েকে তাৰ হাততহে সেইবোৰ থ’বলৈ দিছিল, সি বোলে প্রথমে চুবই নুখুজিছিল। ধৰণীৰ ঘৈণীয়েকে চোৰ-চাৰিব কাৰণে নিজৰ ঘৰত ৰাখিবলৈ ভয় কৰি বৰকৈ কৈ-মেলিহে তাৰ হাতত দিছে। আমাৰ ল’ৰাও যিহে অজয় ভতৰা। সি আকৌ আপোনাৰ এইবোৰ কথা শুনিব লাগিলে কি অথন্তৰ ঘটাই ক’ব নোৱাৰি।”

“বাৰু, তই মন বুজি মনোহৰৰ আগত কথাটো উলিয়াবিচোন। মোৰ মনেৰে তাৰে দুই-এপদ বস্তু বন্ধকত থ’ব পাৰিলে অহা আহিন বা মাঘত মনোহৰৰ বিয়াখন পাতিব পৰা হ’ব।” ঘৈণীয়েকে একো উত্তৰ নিদি বিচনীখন মাত্র সঘনে ঘূৰাই আপত্তিজনক পৰিস্থিতিটো আঁতৰাবলৈ চেষ্টা কৰিলে, শুনদেও খবাহিৰ কামী বছাত মৌন মনোযোগ দিলে। আকাশত শান্ত স্তব্ধতাৰ পৰিবেশ। কিছু সময়ৰ পাছত সকলো স্তব্ধতা ভাঙি গোহালিৰ নঙলাৰ মুখৰ পৰা মনোহৰৰ চিঞৰ শুনা গ’ল, “হেৰৌ সৰুধন, চাকিটো লৈ আহচোন; মুগীজনীক নামঘৰৰ ওচৰতে পাই খেদি লৈ আহিছোঁ।” বাতি পলমকৈ ঘৰ সোমালে বাপেকে গালি-শপনি পাৰিব, গৰুজনীক বিচাৰি লগত লৈ আহিছে সেই শাক্তিৰ পৰা ৰক্ষা পাবলৈ। মাকৰ হেম্মেলনিৰ লগে লগে পোৱালিটোৱে পুনৰ দীঘলীয়াকৈ বেবালে। সৰুধনে আহি নঙলা মেলি দিয়া মাত্রকে মুগীয়ে ঢপলিয়াই গোহালিত সোমাই পোৱালিৰ মুখত ওহাৰখন লগাই দিলে। ইতিমধ্যে মনোহৰে মুগীৰ ডিঙিত পঘা মেৰালে। কেইমিনিটমান বাটকেইটা পোৱালিটোক চুহিবলৈ এৰি দি তাৰ পাছত মুগীক টানি নি তাইৰ নিজা খুঁটিটোত বান্ধি খেৰ কেইডালমান মুখত দি দুয়ো চোতাল পালেহি।

“ইমান নিশাখনলৈকেনো তই ক’ত ফুৰিছিলি? মোৰ ভাত-পানী কেতিয়াবাই হ’ল। তোলৈহে আমি ৰখি আছোঁ। পুতলিহঁতৰ টোপনিয়েই আহিল হবলা।” কথাৰ লগতে মাকে পুতলিৰ গাটো হেঁচুকি দিলে।

“চাওঁ, ভৰিটো নে” বুলি কণল ‘বাৰ আঁঠুটো আঁতৰাই মনোহৰ ঢৰাতে বহিল।

“উঠ, উঠ, পুতলি, তযে কণল’ৰাই গৈ মজিয়াখন আঁতাই পিটাই পীৰা পাৰগৈ।”

“মোৰো খৰাহিটো ওলালেই বাওটোত আৰু দুটা গাঁঠি বান্ধিলেই হ’ল।” পুতলিক লক্ষ্য কৰি ক’লে, “যা, যা, মোকো ভৰি-হাত ধুবলৈ পানী এলোটা উলিয়াই দেগৈ।” কণল’ৰা আৰু পুতলিৰ টোপনি ধৰিছিল, লৰালৰিকৈ দুটামান খাই-বৈ পাটীত পৰিব পাৰিলেই ৰক্ষা। মাকৰ মাতত দুয়ো গিৰিস কৰে উঠি ৰান্ধনি ঘৰ সোমালগৈ। সৰু ল’ৰা-ছোৱালী দুটাক আঁতৰাই পঠিয়াই মনোহৰৰ গাত কেইছাটিমান বিচনীৰ বা দি মাকে ক’লে, “আমি তোৰ বিয়াখন তেতেলীসৰাৰ ভূঞাৰ ছোৱালীৰ লগতে পাতিম বুলি ভাবিছোঁ। মানুহঘৰো গোৰাই গুৰিয়ে ভাল, ছোৱালীও দেখনিয়াৰ। টকা-পইচা সকলোপিনৰ পৰা সা-সুবিধা হ’লে পিতায়েৰে অহা আহিনতে দিন-বাৰ চোৱাব খুজিছে।” কিছুপৰ তিনিও নিমাত। প্রথমে মনোহৰেই মৌনতা ভাঙিলে, “ছোৱালীৰ বাপেকে গান্ধন লওঁ বুলিছিল নহয় ?”

“ওঁ ল’বতো, ছোৱালী ডাঙৰ-দীঘল কৰি উপযুক্ত কৰি তুলিছে যেতিয়া গা-ধন নোলোৱাকৈ এনেয়ে-শুদা হাতত দিবনে?” কথাষাৰ কৈয়ে শুনদে ঠক্ ঠককৈ নালীয়া কটাৰীৰ গাদীৰে বাওত বন্ধা বেতৰ সূতৰ গাঁঠিত কোবালে।

“গা-ধনৰ টকানো ক’ৰ পৰা পাবি?”

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *