গোলাপ ডাক্তৰৰ জীৱনৰ দুখ-যন্ত্ৰণা

Mirnal Gogoi
9 Min Read

সন্ধিয়া ডাক্তৰখানাৰ পৰা ওলাই কিছু সময় জিৰণি লোৱা গোলাপ ডাক্তৰৰ পৰম বিলাস। তেওঁ অহাৰ পূৰ্বেই চাকৰ শাওনাই ঘৰৰ সমুখৰ চোতালত মেজ মাচিয়া পাতি থয়। কমলিক গুড়গুডিটো নমাই থ’বলৈ নির্দেশ দি, পাতি থোৱা কেনভাচৰ আৰামী চকীখনৰ উদং কোলাত ডাক্তৰে শ্রান্ত দেহটো এৰি দিলে। ওচৰত থকা টুলখনত ভৰি দুটা মেলি দি ‘অস’ বুলি আৰামৰ নিশ্বাস টানিলে। গোটেই দিনটোৰ অৱসাদ, অৱসন্নতা, এটি উশাহৰ লগতে উৰি গ’ল। হাত দুখন বহলকৈ মেলি দি শাওনাক চিঞৰি তেওঁ আহি পোৱাৰ জাননী দিলে। শাওনাই ওলাই আহি ডাক্তৰৰ কোনো আদেশলৈ অপেক্ষা নকৰি মেজত থকা বেতৰ বিচনীখন ডাক্তৰৰ হাতলৈ আগবঢ়াই দি, গুড়গুড়িৰ পৰা চিলিমটো সোলোকাই ভিতৰ সোমাল। ডাক্তৰে লাহে লাহে বিচনীখন ঘূৰোৱা দেখি কমলিয়ে কাষ চাপি নিজৰ হাতখন আগবঢ়াই দি ক’লে, “ডাক্তৰ বাবু, বিচনীখন মোক দিয়ক, মই বিচোঁ।” কৃত্রিম ক্রোধৰ ভাব দেখুৱাই ডাক্তৰে ডাবি মাৰি ক’লে “বেৎ এইজনী। ডাক্তৰখানাতহে মই ডাক্তৰবাবু। ঘৰত মোক দেউতা বুলিবি।” ডাক্তৰবাবু আৰু দেউতা সম্বোধনৰ পাৰ্থক্য বুজিব নোৱাৰি কমলিয়ে ক্ষন্তেকলৈ থতমত খাই ৰ’ল। ছোৱালীজনীৰ হাতত বিচনীখন দি দুছাটিমান বা খাই জুৰ ল’বৰো মন গৈছে- বেমাৰী ছোৱালীটিৰ খৰিকা হেন হাত দুটালৈ লক্ষ্য কৰি তাইৰ হাতত বিচনীখন দিববো সত যোৱা নাই। বিচনীখন দিবলৈ ইতস্ততঃ কৰি ডাক্তৰে ক’লে, “অকণমান ছোৱালী, তই মোক কি বিচিবি?” নিজৰ সামৰ্থ্যৰ পৰিচয় দিবলৈ ব্যগ্র হৈ কমলিয়ে উত্তৰ দিলে, “ইস্ কেলৈ নো ৱাৰিম? পিতাইক দেখোন মই সদায়ে বিচি থাকোঁ।” ওচৰলৈ চাপি অহা কমলিৰ হাতত বিচনীখন এৰি দি সম্পূৰ্ণভাৱে বিচনীৰ বাত গা শাঁত পেলাবলৈ ডাক্তৰে চকুহাল জপাই ধ্যানমগ্ন হ’ল। কমলিয়ে আৰামী চকীৰ পিছফালে থিয় হৈ দুই হাতেৰে ধৰি বিচনী ঘূৰালে। শাওনাই গুড়গুড়িটোৰ মুখত চিলিমটো লগাই নলীচাডাল ডাক্তৰৰ হাতত দিলে। ডাক্তৰে নলীচাত দীঘলকৈ দুটামান টান মাৰি খ্যককৈ এথোপা খেকাৰ গলৰ পৰা উলিয়াই ক’লে, “শাওনা, যাচোন মেজত থকা দৰবৰ সৰু চামৰাৰ বাকচটো উলিয়াই আনগৈ। ডাঙৰ নীলা ঔষধৰ বটলটোও আনি,বি।” পিঠিফালে থিয় দি থকা কমলিৰ মূৰটো দেখাকৈ চকুহাল ওপৰলৈ তুলি সুধিলে, “কমলি, তোৰনো ঘ-বত কোন কোন আছে?”

“আই পিতাই দুয়ো আছে।”

‘ভায়েৰ ককায়েৰ নাই?”

“ওহো’ বুলি কমলিয়ে মূৰ জোকাৰিলে।

“দিতায়েবে কি করে? খেতি-পথাৰ?” এবণীক গাঁরত উইভিং-মাউব, চুম্বকতে মাষ্টৰ বুলিয়েই জানে। কমলিয়ে পিতাকৰ পৰিচয় দিবলৈ পাই উৎসাহেৰে ক’লে, ‘নহয়, পিতাই আগেয়ে তাঁতশালব মাষ্টৰ আছিল। পিছে ফাটেকৰ পৰা আহি বেমাৰত পাটীতে পৰি আছে।” ডাক্তৰে আচৰিত হৈ সুধিলে, “ফাটেকত পৰিছিল? চুৰ কৰিছিল নে কি?” ক্ষন্তেক থমকি বৈ, প্ৰতিবাদৰ সুৰত ক’লে, ‘ইস, পিতায়ে চুৰ কৰিবলৈ যাব কিয়? কংগ্রেছৰ ভলান্টিয়াৰ হওঁতে পুলিচে ধৰি ফাটেকত দিছিল।” দেশসেৰক এজনব বিপক্ষে অনুচিত অপ্রিয় মন্তব্য প্রকাশ কৰি ডাক্তৰে লাজ পালে। অপ্রিয় প্রশ্নটোৰ ওপৰত পাহৰণিৰ পর্দা তৰিবলৈ চল কৰি ডাক্তৰে লৰালৰিকৈ সুধিলে, “পিতায়েবৰ নো কি বেমাৰ হৈছে?” কথা কোৱাৰ উৎসাহ কমলিৰ কমি গ’ল; বিচনীৰ গতিও ধীৰ হ’ল। ফাটেক খটা যে দোষৰ কথা- তাক কমলিয়ে সমনীয়া ল’ৰা-ছোৱালীহঁতৰ কথা-বতৰাৰ পৰা বুজিব পাৰিছিল। ব্যপেকে ফাটেক খাটি আহিছে বুলি চুবুৰীয়া মণ্ডলৰ জীয়েকহঁতে কমলিক সদায়ে ঠাট্টা-ইতিকিং কৰে। ফাটেকত পৰা বেমাৰীক চাবলৈ যে চৰকাৰী ডাক্তৰ নেযাব, সেই কথা অনুমান কৰি কমলিয়ে বেজাৰত মুখ ওন্দোলাই পেলালে।

“পিতায়েৰৰ বেমাৰ হ’বৰ কিমান দিন হ’ল?”

“ফাটেকৰ পৰা অহা দিনাৰে পৰা।” ডাক্তৰে বুজিলে কমলিয়ে মাহ দিনৰ গণনা কৰিব পৰা হোৱা নাই। কেনেকৈনো পাৰিব। তেওঁৰ কমলিও তেও এতিয়া ক-খ মানতহে।

“ঔষধ-পাতি খাইছেনে নাই?”

“আগেয়ে কন্দর্প কবিৰাজৰ ঔষধ খাইছিল। একো গুণ নধৰাত এতিয়া দৰব জাতি নাই খোরা; আজি দুদিনমানৰ পৰা কাহটো বেছি হৈছে। সেয়েহে আয়ে আজি আপোনাব ওচৰলৈ পঠিয়াইছিল।”

“ও” বুলি ডাক্তৰে উশাহ এটা টানি শলাগিলে। আশাপূর্ণ উত্তৰ নেপাই কমলিৰ চকুৱেদি পানী বাগৰি গ’ল। ইতিমধ্যে শাওনাই বাকচটো আনি মেজত থ’লেহি। ডাক্তৰে পিঠিখন পোনাই বহি ক’লে, “তই হবলা ডাঙৰ বটলটো নানিলি। মেজতে আছে, আনগৈ যা।” শাওনা ডাক্তৰৰ বহুদিনীয়া চাকৰ। ডাক্তৰৰ ঘৈণীয়েক ঢুকুৱা চাৰি বছৰৰ ওপৰ হ’ল। ডাক্তকনীয়েই শিকাই বুজাই শাওনাক ঘৰুবা কামত লগাইছিল; তেতিয়া সি আছিল সৰু ল’ৰা। তেতিয়াৰ পৰা শাওনাই ডাক্তবৰ লগত খুলি ফুৰিছে। খেণীয়েক মধ্যৰ পৰা আত্মাভোলা ডাক্তৰ সকলো বিষয়তে উদাসীন। মোমায়েকহঁতে ছোৱালীজনী তুলিবলৈ নিয়াত, সেই এটা সাংসাৰিক বান্ধোনৰ পৰাও ডাক্তৰ মুক্ত। ডাক্তৰৰ অনন্ত খামখেয়ালিৰ লগত শাওনা সুপৰিচিত। ডাক্তৰবাবু সম্বোধনটো ডাক্তবখানাত এৰি থৈ আহিলেও বেমাৰী আৰু দৰবৰ সম্বন্ধটোরে ডাক্তৰক ঘৰতে যে নেবে, শাওনাই সদায় দেখি আহিছে।

“ও আনোঁগৈ, কানি-কাপোৰ সোলোকাওক। গা-ধোৱা ঘৰত ধুতি-গামোচা থৈ আহিছোঁ।” ভিতৰ সোমাই, ডাক্তৰে শুনা-নুশুনাকৈ শাওনাই ভোৰ-ভোৰাই কৈ গ’ল, “ঘৰলৈকে ডাক্তৰখানাটো তুলি আনিলেহে হয়। এই স্বভাৱটোরেই নগ’ল।”

গুড়গুড়িৰ নলীচাডাল চকীত লগাই থৈ, ঔষধব বাকচটো মেলি ডাক্তবে ছেটুনাইনব পুৰিয়া এটা মেৰালে। কমলিক মেজৰ কাষলৈ মাতি পুৰিয়াটো তাইৰ হাতত দি নির্দেশ কৰিলে, “ভাত খাই শুবৰ সময়ত গুড অকণেৰে মিহলাই এই পূৰিযাৰ ঔষধ গিলি খাবি। বটলত জুলাপৰ ঔষধ দিম। পুৱা শুই উঠি সুদা পেটত খাবি। সেই ঔষধ খাই আৰৈ চাউল এমুঠি চোবাবি, নহ’লে বাঁতি আহিব। চাৰি-পাঁচবাৰমান শৌচ নহালৈকে একো নাখাবি। গক মেলি দিয়াৰ পাছত দুপৰীয়া তাকৰকৈ গাখীৰেৰে ভাত দুটামান খাবি।”

গুড়গুড়িত আকৌ এটা হোপা মাৰি খন্ধককৈ মুখৰ কফখিনি পেলাবলৈ ডাক্তৰ থিয় হ’ল। শাওনাই বটলটো আনি মেজত থ’লেহি। ডাঙৰ বটলটোৰ মুখখন সৰু বটল এটাৰ মুখত লগাই ডাক্তবে শাওনাৰ ফালে চাই ক’লে, “যাচোন কল আছে যদি দুটা লৈ আহগৈ।” হঠাতে কিয় কলৰ প্রয়োজন হ’ল শাওনাই বুজিলে। বেমাৰী ছোৱালীজনীক দৰব-জাতি দি নোহোৱালৈকে যে ডাক্তৰৰ গা-ধোরা, চাহ-খোৱা নহয়, ‘তাক সি বঢ়িয়াকৈ জানে। দ্বিরুক্তি নকৰি শাওনা লৰালৰিকৈ ৰান্ধনি ঘৰ পালেগৈ, আপদটো বিদায় দিব পাৰিলেই বক্ষা। মেজত থকা খবৰ কাগজৰ টুকুৰা এডোখৰেৰে বটলটোৰ মুখত ঠিলা মাৰি কমলিৰ হাতত দি ডাক্তৰে ক’লে, “হোঁ ধৰ্য ভালকৈ নিবি। পুৰিয়াটো ক’ৰবাত পেলাবি আকৌ, চাবি। এইবোৰ দৰবৰ বৰ দাম একা?” ডাক্তৰে গহীনাই কমলিৰ মুখলৈ চালে। চৰকাৰী হাস্পতালৰ পৰা বিনামূল্যে নিয়া ঔষধৰ গুণ নাই বুলি বহুতবে বিশ্বাস। কোনোৰ ধাৰণা যে গরর্ণমেন্টে দিয়া ভাল ঔষধবোর ডাক্তৰে নিজলৈ বাখি, পানী সোপা বেমাৰীক দিয়ে। সেই কাৰণেই সুবিধা পালেই তেওঁ দিয়া ঔষধৰ যে মূলা

আছে, সেই কথাটো ডাক্তবে মানুহক সোঁৱৰাবলৈ নেপাহবে। পুৰিয়াটো মেখেলাৰ খোচনাত সুমুৱাই, দৰবৰ চিচাটো টানকৈ মুঠিত ধৰি কমলি যাবলৈ ওলাল। ডাক্তৰে অলপ পৰ বৈ অন্যমনস্কভাবে ক’লে, “সন্ধিয়া লাগিল, তই জানো অকলে যাব পাবিবি?” কমলিয়ে হিহিকৈ হাঁহি উত্তৰ দিলে, “ইহ, একে লবে এতিয়াই ঘৰ ওলামগৈ। আমাৰনো ঘৰ কিমান দূৰ বুলি ভাবিছে? নাৰায়ণ মণ্ডলৰ ঘৰৰ কাষৰ বেলজোপাৰ ওচৰতে।” ইতিমধ্যে কল দুটা লৈ শাওনা উপস্থিত হ’লহি, ডাক্তব আৰু ছোৱালীজনীৰ কথা-বার্তা সি শুনিলে। নতুন উপদ্ৰৱৰ আশংকাত শাওনাই লৰালৰিকৈ আগবাঢি ছোৱালীজনীৰ হাতত কল দুটা দিবলৈ গৈ ডাক্তৰৰ ফালে চাই সুধিলে, “কল এইকে দিমনে কি?” ডাক্তৰে মূৰ দুপিয়াই সম্মতি জনোৱাত, শাওনাই কমলিৰ হাতত কল দুটা গুজি দিলে। ডাক্তৰে কমলিলৈ চাই ক’লে, পুৰিষাৰ দৰব গুড়ৰ লগত খাব নেলাগে, কলৰ লগত খাবি।” কথাষাৰ কৈ শাওনাৰ মুখলৈ ডাক্তৰী চাহনিচ্ছে চালে। কলকেইটা মৰমত দিয়া নাই, ঔষধব অনুপান স্বরূপেহে দিছে- এই অর্থ প্রকাশৰ চাহনি। চৰিত্ৰৰ দুর্বলতা ঢাকিবলৈ যোৱা ডাক্তৰৰ কটাক্ষলৈ লক্ষা নকবি, ছোৱালীজনীক কিজানি ঘৰত আগবঢ়াই থৈ অহাৰ নির্দেশ হয়, সেই আগন্তুক বিপদ খণ্ডাবলৈ শাওনাই চল কৰি সুধিলে, “নাবাষণ মণ্ডলৰ বেলব ওচৰত দেখোন ধৰণী মাষ্টৰৰ ঘৰ।”

“ওঁ, সেয়েতোন আমাৰ ঘৰ,” কমলিয়ে মূৰ জোকাৰি শলাগি ক’লে।

“তেনেহ’লে তহঁতৰ ঘৰ সৌ কেঁকুৰিটোৰ কাষতে?” দূৰত্ব পাতলাবলৈ অনিশ্চিত দিশলৈ শাওনাই হাতটো মেলি দেখুৱালে। ডাক্তৰৰ পিনে চাই ক’লে, “দেউতা সিদিনা মই যে বেল আনিছিলোঁ- সেই বাৰমহীয়া শ্রীফলজোপাৰ ওচৰতে ইহঁতৰ ঘৰ।” ডাক্তৰৰ উত্তৰলৈ অপেক্ষা নকবি, ছোৱালীজনীলৈ পোন্দোৱাকৈ চাই ক’লে, “সন্ধিয়া হোৱাই নাই, তোৰ আকৌ কিহব ভয়খন লাগিল? ভয় নাই যা মই ইয়াৰ পৰা চাই আছোঁ।”

“”ই পাৰিমতোন যাব।” উত্তৰৰ লগে লগেই কমলিয়ে মুখেৰে “উ, উ” কৈ চিঞৰি বাটলৈ লৰ ধৰিলে। মেজৰ ওপৰৰ বাকচ আৰু বটলটো লৈ শাওনা ভিতৰ সোমাল। ডাক্তৰে পুনৰ হেলনীয়া চকীত দেহাটো দীঘলাই এৰি দিলে। স্নান মুখ সন্ধিয়াৰ শীতল বা-ছাটিয়ে কর্মক্রান্ত শৰীৰৰ সকলো অৱসাদ আঁতৰাই নিলে, লগে লগে প্রশান্ত স্নিগ্ধতাত অন্তব উপচি পৰিল। শান্তি আৰু সহজ সন্তুষ্টিৰ কাৰণেই গোলাপ ডাক্তৰে ডাক্তৰী পঢ়িছিল। কিন্তু কর্মময় ব্যস্ত জীৱনত এদিনলৈকো শান্তিৰ মনোমোহা ৰূপটোৰ লগত তেওঁৰ পৰিচয় নঘটিল। ৰোগ, মৃত্যু, যন্ত্রণা, দৰিদ্ৰতাৰ প্রেমমূর্তিয়ে গোলাপ ডাক্তৰৰ চাৰিওফালে অহর্নিশে ধেই ধেই তাণ্ডব নৃত্য কৰিব লাগিছে।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *