‘অসীম।’ ‘অসীম ? ‘হেই অসীম?’ চক খাই ধহমহাই অসীম শিলছটাত বহি পৰিছিল। গোটেই ঠাইখিনি আন্ধাৰে আৱৰি ধৰিছিল। অলপ আগতে কোহাল কৰি থকা চৰাইবোৰে৷ নীৰৱ হৈ পৰিছিল। বিৰাট নীৰৱতাত ‘অসীম’ শব্দটো পাহাৰত ঠেকা খাই প্রতিধ্বনিত হৈ কঁপি উঠিছিল। শব্দটো বহস্যময় যেন লাগিছিল অসীমৰ। গাঁৱৰ এমূৰে থকা পাহাৰখনলৈ এই সময়ত তাক বিচাৰি কোন আহিব পাৰে? চকুদুটা মোহাৰিলে সি। ‘এই আন্ধাৰত পাহাৰৰ তলত এনেকৈ শুই থাকেনে? ঠাণ্ডা লগা নাই?’ নির্মল। ‘শিলছটাত পৰি থাকোতে টোপনি আহি গ’ল অ’। গমেই নাপালো।’ ‘বাঘে খাই থ’লে গম পাবি।’- নির্মলে হাঁহি ক’লে। ‘বাঘে তোকতো খাব পাৰে। এইখিনি সময়ত অকলে আহিবলৈ ভয় লগা নাই?’- অসীমে নির্মলক ক’লে। ‘আহিছোতো কেতিয়াবাই।’ ‘ক’ত আছিলি?’ ‘শিলছটাত বহি আছিলো। তোৰ কাষতে। তোক জগাব ভাল লগা নাছিল।’ অসীম নীৰৱ হৈ গ’ল।
‘ইমান আন্ধাৰ হৈ আহিছিল। পৰিৱেশটো ইমান নির্জন, ইমান নীৰৱ হৈ পৰিছিল। কিবা ভয় ভয় লাগিবলৈ ধৰিছিল। সেইবাবে তোক উঠাই দিলো।’
‘তই যে এনেকৈ ইয়ালৈ আহিছ, ঘৰত তোক খং নকৰিব?’ অসীমে ভাল ঘৰৰ নিয়ম-নীতিবোৰ জানে।
‘মোৰ মা-দেউতা ইমান বেয়া নহয় দে।’- নিৰ্মলৰ কথাষাৰ শুনি অসীম যেন ছটফটাই উঠিল। নির্মলে বুজি পালে- দুখত ডুবি থকা মানুহবোৰ বৰ স্পৰ্শকাতৰ হৈ পৰে। কথা কওঁতে বহুত সাবধান হ’ব লাগে। অসীমৰ মনটো পাতল কৰিবলৈ নির্মলে ক’লে-
ইমান নির্জন। আন্ধাৰো। ক’তো একো শব্দ নাই। বতাহত জংঘলবোৰ মাজে মাজে কপি কঁপি উঠে। একদম কিতাপত পঢ়া ভূতৰ গল্পৰ দৰে পৰিৱেশ। তাতে তোৰ নাকৰ ঘোঘৰণিটো বাঘৰ গোঁজৰণিৰ দৰে লাগিছিল। মানুহে শুনিলে দূৰতে বাঘ বুলি পলাব।’
নির্মলৰ কথা শুনি অসীমে হাঁহিলে। নির্মলক তাৰ ভাল লাগে। আগতে তাৰ প্ৰতি অসীমৰ মনত একধৰণৰ সংকোচৰ ভাব আছিল। হয়তো এক ধৰণৰ ঈৰ্ষাৰ ভাবেও পোখা মেলিব খুজিছিল। কিন্তু নাই, এতিয়া অলপো ঈৰ্ষাৰ ভাবে তাক আমনি নকৰে। বৰং নির্মলৰ বহুত ভাল হোৱাটো সি বিচাৰে। ভাল হওক। নিৰ্মলৰ আৰু ভাল হওক।
কেতিয়াবা ঘৰৰ অশান্তিবোৰৰ মাজত সোমাই গৈ গৈ এসময়ত তাৰ মূৰটো গধুৰ হৈ যায়, উশাহ বন্ধ হৈ যোৱা যেন লাগে। তেতিয়া নির্মলৰ কথা মনত পৰিলে তাৰ মনটো ভাল লাগিব খোজে। আন্ধাৰ হৈ থকা বুকুখন পোহৰত উজলি উঠিব খোজে। তেতিয়া তাৰ নিৰ্মলক লগ ধৰিবলৈ মন যায়। তাৰ লগত কথা পাতিবলৈ মন যায়। কিবাকিবি কথা তাক ক’বলৈ মন যায়। বহুত কিবাকিবি। বাতি যেতিয়া খাটত সি পৰি থাকে, টোপনি নধৰে চকুত, আন্ধাৰৰ মাজৰ পৰা নিৰ্মলৰ কেইটামান শব্দ যেন তাৰ বুকুৰ গভীৰলৈ সোমাই আহে- ‘তোৰ কি হৈছে মোক ক’বি অসীম?’ তাৰ কি হৈছে নির্মলক ক’বলৈ মন যায় অসীমৰ। কিন্তু এইবোৰ কথা কেনেকৈ আৰম্ভ কৰিব লাগে, কেনেকৈ ক’ব লাগে অসীমে নাজানে।
‘কি ভাবি আছ?’ নির্মলৰ মাতত উচাপ খাই উঠে অসীম। কথাবোৰ ভাবোঁতে ভাবোঁতে সি যে অকলে নাই, নির্মলৰ লগতহে বহি আছে সেই কথাও সি পাহৰি গৈছিল। আজিকালি দেখোন কাৰোবাৰ ওচৰত থাকিলেও সি অকলশৰীয়া হৈ পৰে। কি যে হৈছে তাৰ।
‘একো ভবা নাই। এনেয়ে।’- অসীমে কিবা এটা ক’ব লাগে বাবেই ক’লে।
‘স্কুললৈ যোৱা নাই কিয়?’- কথাটো সোধোঁতে নির্মলৰ উশাহটো ঘন হৈ উঠে।
‘কালি দেখিলিয়েই দেখোন?’- গহীন হৈ তলমূৰকৈ অসীমে উত্তৰ দিলে। নিৰ্মলৰ মনত কালিৰ ঘটনাটো বেছ সজীৱ হৈ আছে। গতিকে সি অসীমৰ আওপকীয়া উত্তৰটো বুজি পালে। ধুৎ চাল্লা। প্রথম খোজতে উজুটি খালো- নির্মলে মনে মনে নিজকে কয়। সিতো গম পাইছে অসীমে কিষ স্কুল বাদ দিছে। কথাখিনি আৰম্ভ কৰিবৰ বাবেহে সি প্রশ্নটো কৰিছে। সেইটো কথাও গাধটোবে বুজি নাপায়নে? এইবিলাক কথা কেনেকৈ ক’ব লাগে, নির্মলে নাজানে। এইবিলাক কথা পতাতকৈ খেদাখেদি, মাৰামাৰি কৰা বেছি সহজ। নির্মলে ভাবে।
‘কাইলৈৰ পৰা আকৌ স্কুললৈ যাবি?’- নির্মলে কোমলকৈ সোধে।
‘নাযাও।’
‘যাবি দে।’ নির্মলৰ ধৈৰ্য কমি আহিছে।
‘নাযাও।’
‘যাবি দে অ’।’ নির্মলে অলপ জোৰেৰে ক’লে।
‘নাযাওঁ অ’।’- অসীম গর্জি উঠিল। বৃৎ। এই অসীমটোরে আলোচনা কেনেকৈ কৰিব লাগে নাজানে। নির্মলেতো নাজানেই, এই গাধটোরে তাতকৈও বেছি নাজানে। স্কুললৈ নাযায় কাৰণে নহয়, আলোচনা কৰিবলৈ নাজানে বাবে নিৰ্মলৰ অসীমৰ ওপৰত খং উঠি যায়।
নির্মলৰ মাতটো অলপ টানকৈয়ে ওলাল।
‘দেখা নাই?’- অসীমৰ মাতটো তাতকৈও টানকৈ ওলাল।
‘দেখিছো- শিলছটাত নাক বজাই শুই আছিলি। সেই বাবে নায়ার?’
‘দিনটো শুইছো নেকি? গধূলিহে শুইছো।’
‘ঠিক আছে। দিনত স্কুললৈ যাবি। গধূলি আহি শিলছটাত শুবি।’
‘দিনত শিল ভাঙিম।’ আৰু গধূলি ঘৰলৈ গৈ পইচাকেইটা বাপেৰক মদ খাবলৈ দিবি?’ এইবাৰ অসীম নীৰৱ হৈ পৰিল। সাহস পাই কেইছেকেণ্ডমান পিছত নির্মলে আকৌ ক’লে- ‘কি লাভ হৈছে কচোন? দিনটো কষ্ট কৰি শিল ভাঙ- গধূলি কষ্টৰ পইচাকেইটা দেউতাৰে কাঢ়ি লৈ যায়। তই শিল ভঙা আৰু নভঙাৰ মাজত পাৰ্থকাটো ক’ত? তই শিল ভাঙিলেও ঘৰৰ একো লাভ নহয়। ক্ষতিহে হ’ব। পইচা পাই দেউতাৰৰ মদৰ পৰিমাণটো বাঢ়িব। বেছি মদ, বেছি উৎপাত।’- ইমানখিনি কথা একেৰাহে ক’ব পাৰি নিৰ্মলৰ উৎসাহ বাঢ়ি গৈছিল। এটা দীঘল উশাহ লৈ সি আকৌ আৰম্ভ কৰিলে-
‘শিল নাভাঙিলে তোৰ বহুত লাভ। তই আকৌ স্কুললৈ যাব পাৰিবি। শিল নাভাঙিলে তোৰ দেহৰ কষ্ট কমিব। আৰু নিৰ্মল ৰৈ গ’ল।
‘আৰু কি?’- অসীমে শুনিবলৈ আগ্রহ প্রকাশ কৰিলে। নির্মলৰ ভাল লাগি গ’ল। সি অসীমৰ থেতেলা খোৱা আঙুলিটোলৈ দেখুৱাই ক’লে-
‘আৰু এইবিলাকো নহয়। কিবা ঔষধ খাইছ?’
অসীমে মূৰ জোকাৰিলে।
‘বন শেউলিৰ বস দিছো। ঠিক হৈ যাব।’- অসীমে জনালে।
‘কাইলৈৰ পৰা যাবি?’
‘ক’লৈ?’- অসীমে বুৰ্বকৰ দৰে সোধে।
‘স্কুললৈ আকৌ।’ অসীম নীৰৱে ৰয়। এইবাৰ অন্ততঃ পোনছাটেই নাযাওঁ বুলি কোৱা নাই- নির্মলে ভাবে। নির্মলে আকৌ সোধে-
‘যাবি?’
‘মোৰতো পঢ়া বহুত বেয়া হৈ গৈছে। আৰু ঘৰত ইমান সমস্যা- মই পঢ়ি জানো
কিবা লাভ হ’ব?’
‘চা অসীম- সমস্যাৰ পৰা পলালে সমস্যাৰ সমাধান নহয়।’- কথাষাৰ কৈ নির্মলে কেইছেকেণ্ডমান তভক মাৰি ব’ল। সি মনত পেলাবলৈ চেষ্টা কৰিলে কথাষাৰ সি ক’ৰবাত পঢ়িছিল নেকি। তাৰ পিছত অলপ লেনিয়াই সি লাহেকৈ সুধিলে- ‘যাবি?’ অসীমে গহীনাই ক’লে। ‘বাতিটো ভাবি চাওঁ দে। হ’ব। আজিলৈ এইখিনি হ’লেও হ’ব। কিতাপত আছে নহয়- ভুকুতে কলটো নপকে। ভালকৈয়ে আন্ধাৰ হৈছিল। সিহঁত বহাৰ পৰা উঠিল। বিজুলীবাতি আৰু লেম-চাকিৰ পোহৰত গাঁওখন ধুনীয়া দেখাইছিল। পাহাৰ তলিৰ আন্ধাৰৰ মাজৰ পৰা সিহঁতে দেখিছিল। সিহঁত গাঁৱৰ ফালে আগবাঢ়িল। কাৰো মুখত কথা নাই। অসীমৰ ঘৰৰ পদূলিমুখত দুয়ো ব’ল। আন্ধাৰ। ইয়াতেই দুয়ো এৰা-এৰি হ’ব। নির্মলে অসীমৰ হাত এখনত ধৰি লাহেকৈ ক’লে-
‘কাইলৈ স্কুলত মই তোৰ বাবে ৰৈ থাকিম। অসীমে একো কোৱা নাই। ‘তই যাবি। তোক ক্লাছত নেদেখিলে মোৰ বৰ বেয়া লাগে অ’ অসীম। অসীমে একো কোরা নাই। ‘বৰকৈ মনত পবে জান?’ অসীমে কান্দিছে। নির্মলে দেখা নাপালে। আন্ধাৰ। নির্মলে আশা এবি দিলে। সি খুব আশা কৰিছিল যে অসীম স্কুললৈ আহিব। কিন্তু নাহিল। স্কুলৰ প্রার্থনা হৈ গ’ল। এতিয়া ক্লাছ আৰম্ভ হ’বৰে হৈ গ’ল। বাৰাণ্ডাৰ পৰা গেটৰ ফালে বৰ আশাৰে চাই সি তাৰ বাবে ৰৈ আছিল। ইমান সময়ে আহি নাপালে যেতিয়া অহাৰ আৰু আশা নাই। স্কুলৰ ল’ৰা-ছোৱালীবোৰ প্রার্থনাৰ বহুত আগতেই স্কুললৈ আহে। প্রার্থনাৰ পিছত কেতিয়াও কোনো নাহে। নির্মলৰ মনটো নিৰাশাবে ভৰি পৰিল। নির্মলে বুজাওঁতে অসীম আকৌ স্কুললৈ আহিব যেনেই লাগিছিল। নির্মলে অসীমক তাৰ ঘৰৰ পদূলিত এৰি থৈ যোৱাৰ পিছত হয়তো অসীমৰ মনটো আকৌ ঘূৰি গ’ল। অসীমলৈ আৰু বৈ নাথাকি নির্মলে ক্লাছত সোমোৱাটোকে ঠিক কৰিলে। সকলোৱে কেতিয়াবাই নিজৰ নিজৰ ঠাইত বহিছে। নির্মলে তাৰ কাষতে অসীমৰ বাবেও ঠাই ৰাখি খৈছিল। প্রথম বেঞ্চতে। তাত কাকো বহিবলৈ দিয়া নাছিল। নির্মলে ক্লাছত সোমাবলৈ ওলাল। এনেতে সি দেখিলে- অসীম গেটখনেৰে সোমাই আহিছে। স্ফূর্তিত নিৰ্মলৰ চিঞৰি দিবৰ মন গ’ল। নির্মলে দেখিলে- বকুলজোপাৰ তলত অসীম অলপ পৰ ৰৈছে। বকুলজোপাৰ গাটো সি মৰম কৰাৰ দৰে হাতেৰে লাহেকৈ চুই দিছে। আৰু খুব লাহে লাহে গহীন খোজেৰে সি নির্মলৰ ফালে আগবাঢ়ি আহিছে। লাজ লাজকৈ সি নির্মলৰ ওচৰত ৰ’ল। ‘আহিলি?’ নির্মলে তাক মাত লগালে। অসীমে নীৰৱে মূৰ দুপিয়ালে। ‘ভাল কৰিলি।’বহুত দেৰি হ’ল অহাত।”একো নহয় দে। কাইলৈৰ পৰা সোনকালে আহিবি।”অ’।’ ‘এতিয়া ব’ল বহোগৈ।’ আগে আগে নির্মল আৰু পাছে পাছে অসীম ভিতৰলৈ সোমাই গ’ল। ক্লাছৰ কোনেও অসীমে যে স্কুল এৰিছিল সেই কথা গম পোৱা নাই। কেতিয়াবা তেনেকৈ বহুতেই এসপ্তাহ স্কুললৈ নোযোৱাকৈ থাকে। সকলোৱে ভাবিছিল অসীমে চাগৈ ক’ৰবালৈ ফুৰিবলৈ গৈছে। সেয়ে অসীম ভিতৰলৈ সোমাই যাওঁতে কোনেও বেছি কৌতূহল দেখুওৱা নাই। কথাটোত নির্মলে বৰ সকাহ পালে। তথাপি অসীমৰ অলপ অলপ লাজ লাগিল। অসীমে শেষ বেঞ্চৰ ফালে আগবাঢ়িব খুজিছিল, নির্মলে তাক প্রথম বেঞ্চত ৰখা ঠাইখিনি দেখুৱাই দিলে। অসীমে আচৰিত হৈ ভেবা লাগি তাৰ ফালে চাই ৰ’ল।
‘কি চাই আছ? বহ।’ ‘প্রথম বেঞ্চত?’- আজি দুবছৰ অসীমে প্রথম বেঞ্চত বহা নাই। ‘অ’।’ বাধ্য হৈ অসীম প্রথম বেঞ্চতে বহিল। নির্মলৰ কাষত। ‘প্রথম ক্লাছটো সাহিত্যৰ। প্রফুল্ল ছাৰৰ।’ নির্মলে অসীমক জনালে। অসীমে বৰ সকাহ পালে। প্রফুল্ল ছাৰক ভয় কৰিব লগা বিশেষ একো নাই। ‘কিতাপ এখনো অনা নাই। মাত্র বহী এখন আৰু কলমটো আনিব পাৰিছো।’- অসীমে নির্মলক কয়। ‘একো নহয় দে। কিতাপ-কাগজ অলপ লাহে লাহে গোটালেও হ’ব। মাজে মাজে মোৰ কিতাপকে ল’ব পাৰিবি।’- নির্মলে তাক সকাহ দিবলৈ চেষ্টা কৰিলে। প্রফুল্ল মাষ্টৰ ক্লাছলৈ সোমাই আহিল। সিহঁতৰ উপস্থিতি ল’লে। প্রথম বোল নম্বৰত নিৰ্মল আৰু শেষ নম্বৰত অসীমে উপস্থিতি দিলে। সেইখিনি সময়ত অলপ পৰৰ বাবে অসীমৰ মনটো অলপ বেয়া লাগিল। ক্লাছটো আৰম্ভ হোৱাৰ লগে লগে লাহে লাহে তাৰ মনটো ঠিক হৈ আহিল। আৰু এসময়ত তাৰ মনটো ভাল লাগি আহিবলৈ ধৰিলে। আহিব। সি স্কুললৈ আহি থাকিব।
কালি ৰাতি সি বহুত দেৰিলৈ কথাবোৰ ভাবিছিল। নির্মলে কোৱা কথাবোৰো ভাবিছিল। সি কোৱা কথাবোৰ তাৰ সঁচা যেনেই লাগিছিল। বহুত ভবাৰ অন্তত সি ঠিক কৰিছিল সি আকৌ স্কুললৈ যাব। স্কুল এৰি তাৰো ভাল লগা নাছিল। দিনক দিনে তাৰ মনটো বেয়াৰ পৰা আৰু বেয়া হৈ গৈ আছিল। মাত-কথা, স্বভাব-চৰিত্ৰও তাৰ বেয়া হ’বলৈ আৰম্ভ কৰিছিল। কথাটো সি নিজেই অনুভৱ কৰিছিল। আনকি তাৰ মুখত অশ্লীল শব্দও ওলাবলৈ আৰম্ভ কৰিছিল। প্রত্যেক ৰাতি শুবলৈ গৈ খাটত পৰি পৰি সি কথাবোৰ ভাবিছিল। সি গম পাইছিল যে সি লাহে লাহে বেয়া হ’বলৈ আৰম্ভকৰিছে। জনাৰ পিছতো সলনিবোৰ হৈ গৈ আছিল। কথাবোৰত যেন তাৰ নিয়ন্ত্রণ নাছিল। হয়তো নিৰ্মলৰ বাবেই সি ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰিব। হয়তো পঢ়াত ভাল কৰিব নোৱাৰিব। আগতে শিক্ষকসকলে কৰা মৰমবোৰৰ স্মৃতিয়ে এতিয়াও যেন তাক ভাল হৈ থাকিবলৈ সোঁৱৰাই দি থাকে। গোপনে। অহৰহ। নির্মলক তাৰ ভাল লাগে। খুব ভাল লাগে। তাক দেখিলে, তাক লগ পালে, তাৰ লগত কথা পাতিলে মনটো ফৰকাল হৈ যায়। দুখবোৰ পাতলি যায়। ভাল হৈ থাকিবলৈ মন যায়। আনকি পঢ়িবলৈও মন যায়। অন্ততঃ যিখিনি পাৰি। স্কুললৈ আহি থাকিলে সি নির্মলক সদায় লগ পাব। কথা পাতিব পাৰিব। সকলোবোৰ কথা ভাবি এটা সময়ত অসীমে সিদ্ধান্ত লৈছিল- সি আকৌ স্কুললৈ যাব। দৰকাৰ হ’লে সি স্কুল ছুটীৰ পিছত দুঘণ্টামান শিল ভাঙিব। আৰু ৰবিবাৰে আগৰ দৰেই দিনটো শিল ভাঙিব। তথাপি সি স্কুললৈ যাব। কিন্তু সমস্যা হ’ল- তাৰ দশম শ্ৰেণীৰ কিতাপ এখনো নাই। বহীৰ সমস্যাটো বাৰু সমাধান হ’ল। নবম শ্ৰেণীৰ বহীবোৰৰ লিখিবলৈ ৰৈ যোৱা কাগজবোৰ লগ লগাই সি ৰাতিপুৱা বহীখন কৰি উলিয়ালে। কামটোত বেছ কিছু সময় গ’ল। সেইবাবেও তাৰ স্কুললৈ যাওঁতে দেৰি হৈছিল। অৱশ্যে ৰাতি বহুত দেৰিলৈকে কথাবোৰ ভাবি ভাবি টোপনি খতি হোৱা বাবে উঠোঁতেও অলপ পলম হৈছিল।
সি যেতিয়া বহীখন আৰু পেনটো হাতত লৈ স্কুললৈ যাবলৈ ওলাইছিল, মাক আচৰিত হৈ গৈছিল। সুধিছিল- ‘ক’লৈ যার?’ ‘স্কুললৈ। কথাটো শুনি মাকে কান্দি দিছিল। মানুহে বোলে স্ফূর্তি লাগিলেও কান্দে- সি কিতাপত পঢ়িছিল। মাকৰো কিজানি বৰ স্ফূর্তি লাগিছিল। মূৰত হাত বুলাই দি মাকে কৈছিল- ‘ভাল কৰিলি বোপাই।’ সি বেগাবেগিকৈ মাকৰ ওচৰৰ পৰা গুচি আহিছিল- ডাঙৰ মানুহক কান্দিলে ইমান বেয়া দেখায়।
প্রথম ক্লাছটো ঠিকে-ঠাকে পাৰ হৈ গ’ল। অসীমে বৰ সকাহ পালে। নিৰ্মলৰো ভাল লাগিল- প্রফুল্ল মাষ্টৰে এসপ্তাহ খতি কৰা বাবে অসীমক অলপো বেয়াকৈ নক’লে। পিছে নিৰ্মলৰ চিন্তা হ’ল দ্বিতীয় ক্লাছটোৰ বাবে। কাৰণ সেইটো ক্লাছ মহেন্দ্র মাষ্টৰৰ। কথাটো গম পায়েই অসীমে বহীখন হাতত লৈ শেষৰ বেঞ্চখনলৈ যাবলৈ ওলাল। নির্মলে তাৰ হাতখনত থাপ মাৰি ধৰি ক’লে- ‘নালাগে। ইয়াতে থাক।’ কিন্তু নির্মলেও অনুভৱ কৰিলে- মহেন্দ্ৰ মাষ্টৰৰ ক্লাছটোত অসীম প্রথম বেঞ্চত নবহাটোবেই ভাল হ’ব। অলপ পৰ ভাবি নির্মলে অসীমক ক’লে- ব’ল।’ নির্মলেও তাৰ বহী-কিতাপ হাতত তুলি ল’লে। আচৰিত হৈ অসীমে ক’লে- ‘তয়ো যাবি?’ ‘অ’।’
অসীম অলপ পৰ তভক মাৰি ৰ’ল। নির্মলে তাৰ বাঁহৰ স্কেলডালেৰে অসীমৰ পেটত খোঁচ মাৰি দি ক’লে-
‘পলম নকৰিবি। ব’ল। ছাৰ আহি পাবই।’
দুয়ো দৌৰি গৈ শেষ বেঞ্চত বহিল। প্রায় লগে লগেই মহেন্দ্ৰ মাষ্টৰ ক্লাছলৈ সোমাই আহিল। শ্রেণীকোঠাটো কাঁহ পৰি জীন যোৱাৰ দৰে নীৰৱ হৈ পৰিল। আনকি
কাৰো উশাহৰ শব্দও যেন শুনিবলৈ নোহোৱা হ’ল।
মহেন্দ্ৰ মাষ্টৰে গোটেই শ্ৰেণীটোত এবাৰ চকু ঘুৰালে। শেষ বেঞ্চত তেওঁৰ চকুযুৰি থৰ হৈ ৰৈ গ’ল। অসীমৰ ফালে চাই তেওঁ গহীনকৈ ক’লে-
‘ধূমকেতু। এসপ্তাহৰ মূৰত আহিছ?’
নিৰ্মলৰ বুকুখন চিৰিংকৈ গ’ল। অসীমৰ বুকুখনো ধন্ধপাবলৈ ধৰিলে। তাৰ যেন উশাহ বন্ধ হৈ যাব। এসপ্তাহ আগৰ কাণতলীয়া চৰটোলৈ তাৰ মনত পৰিবলৈ ধৰিলে।
মহেন্দ্ৰ মাষ্টৰে এইবাৰ নিৰ্মলৰ ফালে ঘোপাকৈ চাই ক’লে-
‘তয়ো তাৰ লগ লাগিলি যে? শেষ বেঞ্চত বহিছ কিয়?’
ক’ৰ পৰাকৈ নিৰ্মলৰ হাতত কোনো উত্তৰ নাছিল। সি মনে মনে থাকিল। মহেন্দ্র
মাষ্টবে মন্তব্য দিলে-
‘ই নিজেতো অধঃপাতে গ’লেই, গোটেই ক্লাছটোকে এতিয়া অধঃপাতে নিব।’
নির্মলৰ অসীমলৈ বৰ দুখ লাগিল। সি অসীমৰ মুখৰ ফালে চাব পৰা নাই। সি তলমূৰকৈ ব’ল। অসীমো।
মহেন্দ্ৰ মাষ্টৰ বোৰ্ডখনৰ ফালে ঘূৰিল। তেওঁ বোর্ডখন মচিবলৈ আৰম্ভ কৰিলে।
একেবাৰে চিকুণকৈ। সেই সুযোগতে নির্মলে লাহেকৈ অসীমৰ পেটটোত হেঁচুকি দি ফুচফুচাই ক’লে-
‘মন বেয়া নকৰিবি।’ তথাপি লাহে লাহে অসীমৰ মন হতাশা আৰু গ্লানিৰে ভৰি পৰিল। তাৰ মনটো লাহে লাহে যেন কোঁচ খাবলৈ আৰম্ভ কৰিলে। মূৰটো গধুৰ হ’বলৈ ধৰিলে। গাটো বেয়া লাগিবলৈ ধৰিলে। আৰু এসমযত যেন যোৱা ৰাতিৰ টোপনিবোৰ তাৰ চকুৰ পতাত ভিৰ কৰিবলৈ ধৰিলে। মহেন্দ্ৰ মাষ্টৰে পঢ়োৱা কথাবোৰৰ এক বিন্দুও তাৰ মগজুৰ ভিতৰত নোসোমাল। গভীৰ অৱসাদেৰে তাৰ দেহ-মন ভৰি পৰিল। আৰু এসময়ত তাৰ চকুৰ পতা জাপ খাই আহিল। আঁৰ চকুৰে চাই নির্মলে দেখিলে- সর্বনাশ। আতংকিত হৈ সি অসীমৰ পেটটোত জোৰেৰে হেঁচুকি দিলে। অসীম খমককৈ সাৰ পাই গ’ল। কেতিয়া যে তাৰ চকু জাপ খাই গৈছিল সি গমেই পোৱা নাছিল। সি জোৰকৈ চকু মেলি থাকিবলৈ চেষ্টা কৰিলে। মহেন্দ্ৰ মাষ্টৰে কিবাকৈ দেখা পাব লাগিলে সর্বনাশ হ’ব। সি মহেন্দ্ৰ মাষ্টৰৰ কথাবোৰ মন দি শুনিবলৈ চেষ্টা কৰিলে। কিন্তু তাৰ ভয় ভয় লাগিবলৈ ধৰিলে। সময়বোৰ যেন আগ নাবাঢ়িবই। ঘণ্টা কেতিয়া পৰিব? তাৰ চকুৰ পতা আকৌ গধুৰ হৈ আহিবলৈ ধৰিলে। আৰু এসময়ত চকুৰ পতা আকৌ জাপ খাই গ’ল। লগে লগেই নির্মলে দেখিলে। অসীমৰ গাত হেঁচুকিবলৈ বুলি নির্মলে হাতখন দাঙোতেই অসীম মহেন্দ্র মাষ্টৰৰ শেন চকুত ধৰা পৰি গ’ল। মহেন্দ্ৰ মাষ্টৰে যেন সুযোগৰ অপেক্ষাতহে আছিল। তেওঁ ‘ঐ পাষণ্ড’ বুলি গর্জি উঠিল আৰু চোঁ মাৰি অসীমক খেদি আহিল। শেষ বেঞ্চৰ ওচৰলৈ আহি তেওঁ খঙত কঁপি উঠিল। তেওঁ দেখিলে- অসীমে এখনো কিতাপ অনা নাই। ‘পাষণ্ড। বুর্বক। গাধ। এসপ্তাহৰ মূৰত স্কুলত ওলাইছ। তাকো আহিছ হাতত বহী এখন লৈ? কলেজীয়া ছাত্র ওলাইছ?’ অসীমে থিয় দি তলমূৰকৈ থাকিল।
‘টোপনিয়াইছ কিয়?’
অসীমে একো কোৱা নাই।
‘কিতাপ অনা নাই কিয়?’
অসীমে একো কোৱা নাই। এসপ্তাহ ক’ত মৰিছিলি? অসীমে একো কোৱা নাই। ‘ছাব’- নির্মলে কিবা এটা ক’বলৈ মুখ মেলিলে। মহেন্দ্ৰ মাষ্টৰ গৰ্জি উঠিল- তই মনে মনে থাক।’ নির্মল নিশ্চুপ হৈ গ’ল। মহেন্দ্র মাষ্টৰে আকৌ অসীমক ধৰিলে- মুখেৰে নামাত কিষ পাষণ্ড?’ অসীমে একো কোরা নাই। নিজেতো অধঃপাতে গ’লিয়েই, এতিয়া নির্মলকো অধঃপাতে নিবলৈ ওলাইছ?’ অসীমে একো কোৱা নাই। মহেন্দ্ৰ মাষ্টৰৰ খং বাঢ়ি গৈয়েই থাকিল। এইবাৰ তেওঁ ওচৰতে থকা নিৰ্মলৰ বাঁহৰ গধপা স্কেলডাল দেখা পাই হাতত তুলি ল’লে- হাত পাত।’ অসীমে সোঁহাতখন মেলি দিলে। তাৰ বাঁওহাতৰ আঙুলি এটা দুদিন আগত হাতুৰীৰ কোবত থেতেলা খাই আছে। মহেন্দ্ৰ মাষ্টৰে গাৰ জোৰেৰে চাট চাটকে পাঁচটা কোব অসীমৰ সোঁহাতৰ তলুৱাত শোধাই দিলে। অসীমে কন্দা নাই। অসীমে হাতখন কোঁচ খুবায়ো নিয়া নাই। মহেন্দ্ৰ মাষ্টৰে নিজেই ক’লে- ইখন হাত পাত।’ অসীমে বাঁওহাতখন মেলি দিলে। মহেন্দ্ৰ মাষ্টৰে গাৰ জোৰেৰে চাট চটিকে পাঁচটা কোব অসীমৰ বাঁওহাতৰ তলুৱাত শোধাই দিলে। অসীমে কন্দা নাই। অসীমে হাতখন কোঁচ খুৱাই নিয়া নাই। অসীমৰ বাঁওহাতৰ থেতেলা খোৱা আঙুলিটো ফাটি গৈ তাৰ পৰা টোপ্ টোপকৈ তেজ সৰি পৰিব লাগিছে। মহেন্দ্ৰ মাষ্টৰে ভোৰভোৰাই বেগেৰে কোঠাটোৰ পৰা ওলাই গ’ল। তথাপি গোটেই শ্রেণীটো আতংকত নীৰৱ হৈ থাকিল। অসীমে দেখিলে- নিৰ্মলৰ গণিতৰ কিতাপখনৰ দুটা পৃষ্ঠা তাৰ হাতৰ আঙুলিৰ পৰা তেজ পৰি ভিজি গৈছে। সি নির্মলৰ ফালে চাই ক’লে- ‘তোৰ কিতাপখন নষ্ট হৈ গ’ল নির্মল।’ নির্মলে একো কোৱা নাই। নির্মলে কান্দিছে। অসীম বেঞ্চৰ পৰা বাহিৰ ওলাল। নির্মলে যেন কিবা বুজি পালে। সি অসীমক ক’লে- ‘তই মোক বেয়া নাপাবি অসীম।’ নাপায়। সি নির্মলক বেয়া নাপায়। কেতিয়াও নাপায়। অসীমে মূৰ জোকাৰিলে। তাৰ পিছত হঠাৎ অসীমে দৌৰ মাৰি কোঠাটোৰ বাহিৰ ওলাল। সি তাৰ বহীখন আৰু কলমটো হাতত তুলি লোৱাৰো প্রয়োজন অনুভৱ নকৰিলে। দৌৰি এসয়মত সি গেটৰ বাহিৰ হৈ গ’ল। আনকি তাৰ মৰমৰ বকুলজোপাৰ ওচৰতো থমকি নৰ’ল। নির্মলে অসীমে যিফালেৰে কোঠাটোৰ পৰা ওলাই গৈছিল, সেইফালে চালে। সি ওলাই যোৱা ঠাইখিনিত টোপাটোপে তেজ পৰি ৰৈছে। নির্মলৰ দৃষ্টি এইবাৰ সন্মুখৰ দুৱাৰমুখত থমকি ৰ’ল। আৰু সি হতভম্ব হৈ গ’ল।