ইয়াত ‘অসমৰ’, ‘অসমীয়াৰ’ আৰু ‘অসমীয়া’ শব্দকেইটা সচেতনভাবেই প্রয়োগ কৰিছো। হাজাৰ হাজাৰ বছৰীয়া বিৱৰ্তনৰ মাজেৰে যিবোৰ উৎসৱ অসমীয়া মানুহে জন্ম দিছে আৰু পালন কৰি আহিছে, সেইবোৰেই অসমীয়া উৎসৱ। এনে উৎসৱৰ ভেটিটো নিশ্চিতভাবেই অস্ট্রো-মংগোলয়ড, তাৰ আ-অলংকাৰহে আৰ্য। অসমীয়া মানুহে বিশেষ প্রয়োজনত আন কেতবোৰ উৎসবো নিশ্চিভাবে পালন কৰিব। এনে প্রয়োজন কেতিয়াবা বৃত্তিগত আৰু কেতিয়াবা সামাজিক হ’ব পাৰে। এনে উৎসৱৰ কোনোবাটো দীর্ঘকাল ধৰিও অসমত উদ্যাপিত হৈ থাকিব পাৰে, যদিও ই মূলতে আমদানিকৃত আৰু সমাজত জাপি দিয়া। এনেবোৰ উৎসৱ ‘অসমীয়াৰ উৎসৱ’ বুলি আখ্যায়িত হ’ব পাৰে। বৃত্তিগত বা আন কাৰণত ভালেমান লোক অসমলৈ আহে বা আহিব লগা হয়। এনে লোকসকল ‘অসমীয়া’ নহয়। এওঁলোকৰো নিজস্ব কোনো উৎসব থাকিব, যি সময়ৰ দাবীত অসমতে পালন কৰিব। অসমীয়া মানুহেও এনে উৎসৱত অংশ ল’ব, উদ্যাপনতো সহযোগ কৰিব। এইবোৰ হ’ব অসমৰ উৎসৱ। অসমৰ উৎসৱ আৰু অসমীয়াৰ উৎসবে যিহেতু অসমীয়াৰ সাংস্কৃতিক মনটো প্রকাশ নকৰিব, এতেকে চৰকাৰী বন্ধ-সুবিধা আদিৰ পৰা এইবোৰক বাহিৰত ৰখাটোৱেই জাতীয় চৰকাৰৰ দায়িত্ব হ’ব। উৎসৱৰ অসমীয়া-অনাঅসমীয়া বিচাৰ কৰোঁতে আমি জ্যোতিপ্রসাদ আগৰৱালাৰ চিন্তাৰ সহায় ল’ব পাৰো। জ্যোতিপ্রসাদে দ্বিধাহীনভাবে কৈছিল- ‘মহাভাৰতীয় সংস্কৃতিৰেই অসমীয়া সংস্কৃতি পূৰ্বভাৰতীয় প্রকাশ’। তেওঁৰ মতে ভাৰতীয় সংস্কৃতিৰ মধ্যযুগীয় যি প্রকাশ পূর্বভাৰতীয় সংস্কৃতিত প্রতিফলিত হৈছিল, সিয়েই হৈছে অসমীয়া সংস্কৃতি। তেওঁ অসমক পথ দিছে এনেকৈ ‘ভাৰতত যেনেকৈ নানা জাতিৰ আৰু নানা সাংস্কৃতিক আদৰ্শৰ সংমিশ্ৰণ আৰু সমন্বয় হৈ পাছৰ ভাৰতীয় সংস্কৃতিৰ এটা ৰূপ জিলিকিল-ঠিক সেইদৰে অসমতো সংস্কৃতিৰ গঢ় হ’ল। সেই কাৰণেই আজিৰ অসমীয়া সংস্কৃতিব বিষয়ে কিছু বিশ্লেষণমূলক তথ্য পাবলৈ হ’লে আমি যি প্রাচীন সাংস্কৃতিক ধাৰাবোৰৰ সংঘাতৰ পৰা ইয়াৰ বৰ্তমান ৰূপ হ’ল তাকো আলোচনা কৰি চাব লাগিব। ভাৰতীয় সংস্কৃতিৰ ৰূপান্তৰৰ পিচত যিবোৰ তথ্য আছে অসমীয়া সংস্কৃতিৰ আধুনিক রূপলৈ ৰূপান্তৰতো সেইবোৰেই বর্তমান।’ (ৰচনাৱলী; প্রকাশন পৰিষদ, পৃ. ৩৭৭, ১৯৯৯) তেওঁ স্পষ্টকৈ কৈছে যে নতুন দিনৰ অসমীয়া সংস্কৃতি গঠনৰ আদর্শ হ’ব পাৰে মহাপুৰুষ শংকৰদেৱ-কাৰণ, তেওঁৰ ভাষাত ‘মহাপুৰুষ শংকৰদেৱ অসমীয়া সংস্কৃতিৰ পূৰ্ণ ৰূপ দিওঁতা’: ‘ভাৰতীয় মধ্যযুগীয় সাংস্কৃতিক আন্দোলনে শংকৰ প্রতিভাত যি প্রতিক্রিয়া কৰিছিল, তাৰে পৰাই ফুলে-পাতে বিকশি উঠিল অসমীয়া সংস্কৃতি।’ জ্যোতিপ্ৰসাদৰ মতে অসমীয়াক অসমীয়া কৰিছিল মহাপুৰুষ শংকৰদেৱে ‘আজিলৈকে অসমীয়াক অসমীয়া কৰি ৰাখি থৈছে কোনে? আমাৰ তাহানিৰ স্বাধীন আৰু অসমৰ ৰাষ্ট্ৰক্ষমতা থকা ৰজাসকলে, পাত্র-মন্ত্রীসকলে নে বৰফুকন, বৰবৰুৱা, বৰুৱা-ফুকন বিষয়াসকলে। আমাক আজি অসমীয়া বুলি আমাৰ জাতীয় সভ্যতা-সংস্কৃতিৰে বিশিষ্টভাবে এটা প্রগতিশীল জাতিকৈ ৰাখি থৈছে অসমীয়া সংস্কৃতি সৃষ্টি কৰি দি যাওঁতা, অসমীয়া সুকুমাৰ কলাক এটা নিজস্ব বৈশিষ্ট্য দি যাওঁতা, অসমীয়া সামাজিক জীৱনক এটা বিশিষ্ট গঢ় দি যাওঁতা, অসমত এনে সাংস্কৃতিক ৰাষ্ট্র প্রতিষ্ঠা কৰি থৈ যাওঁতা অসমীয়া জীৱনৰ মহাকলাকাৰ, শিল্পীৰো শিল্পী মহাপুৰুষ শংকৰদেৱে।’ শংকৰদেৱে যি কৰিছিল, আজিৰ অসমীয়ায়ো নতুন সংস্কৃতি গঠনৰ বাবে তাকেই কৰিব লাগিব-এয়া আছিল জ্যোতিপ্ৰসাদৰ দৃষ্টিভংগী। শংকৰদেৱে কেনেকৈ সংস্কৃতি গঢ়িছিল? ‘মহাপুৰুষে যদিও ভৈয়ামত থকা অসমীয়াৰ সৈতে এটা সাংস্কৃতিক সংগঠনলৈ মিৰি, মিকিৰ, গাৰোসকলক আনিছিল তথাপিও তেওঁলোকৰ জাতীয় ৰীতি-নীতি যি খাপৰ সংস্কৃতি আছিল, তাৰ বৈশিষ্ট্য নষ্ট হ’বলৈ নিদিয়াকৈ সেই সংগঠনত সুমুৱাইছিল।’ শংকৰদেৱক ‘কপি’ কৰাৰ কথা জ্যোতিপ্রসাদে কোৱা নাই, তেওঁ কৈছে সংস্কৃতি গঠনত শংকৰদেৱৰ বৈজ্ঞানিক দৃষ্টিভংগীটোৰ অনুসৰণ কৰিবলৈ-‘এদিন বৈপ্লবিক মনোবৃত্তিবেই মহাপুৰুষ শংকৰদেৱে আমাক যি নতুন সংস্কৃতি দি গৈছিল-পুৰণিক আঁতৰাই আৰু পুৰণিৰ ভিতৰত যিখিনিক আমি নতুনৰ সৈতে খাপ খুৱাব পৰা আৰু তাৰ ভিতৰৰ চিৰনতুন বস্তুখিনি আছিল তাক লৈ সেই সময়ৰ নৱতম সংস্কৃতি গঢ়ি দি গ’ল, আজি আমিও আমাৰ এই যুগৰ নতুন সংস্কৃতি গঢ়াৰ দিনতো শ্রীশংকৰদেৱৰ সেই বৈপ্লবিক মনোবৃত্তি আৰু তেওঁ যিবোৰ নতুন সংস্কৃতি গঢ়াৰ সময়ম্বৰ প্রিন্সিপ্স নীতি লৈছিল তালৈকে আমি মন কৰিব লাগিব। (ৰচনাৱলী, প্রকাশন পৰিষদ, পৃ. ৩৭৪, ১৯৯৯)। এইপথেৰেই গৈ কাম কৰিলেহে আমি অসমৰ আৰু অসমীয়া উৎসৱ বিশেষক অসমীয়া উৎসৱ কৰিব পাৰিম। এই ক্ষেত্রত জ্যোতিপ্ৰসাদৰ এই সতর্কবাণী আমি সততে মনত ৰাখিব লাগিবঃ ‘আজি নতুন অৱস্থাত শংকৰদেৱে দি যোৱা সাংস্কৃতিক সম্পদতকৈও তেওঁৰ বৈপ্লবিক মনোবৃত্তি আৰু সংস্কৃতি সৃষ্টিৰ দৃষ্টিকেইহে আমি ল’ব লাগিব।’
জাতীয় পৰিচয়
জাতীয় পৰিচয় (national identity) এটা ব্যাপক সমাজবৈজ্ঞানিক বিষয়। দীর্ঘকাল ধৰি এই বিষয়টোত অধ্যয়ন আৰু গৱেষণা কৰি আছে সমাজবিজ্ঞানীসকলে। বিষয়টোৰ অধ্যয়নে দীঘলীয়া সময় আৰু বহু ব্যক্তি জড়িত কবি ৰাখিছে, ইমানৰ পাছতো ইয়াৰ প্রকৃত সংজ্ঞা নিৰূপণ কৰিব পৰা হোৱাগৈ নাই। অৱশ্যে সমাজবিজ্ঞানীসকলে ইয়াৰ কেতবোৰ উপাদান নিৰূপণ কৰিছে। বিষয়টোত আলোকসন্ধানী অধ্যয়ন কৰা কেইগৰাকীমান সমাজবিজ্ঞানীৰ নাম আমি এইখিনিতে ল’ব পাৰোঁ। তেওঁলোক হ’ল-ডিউছ (K Deutsh Nationalism and Social Communication, 1953), নেইবুৰ (R. Neibuhr: The Social Myths of Cold War, 1967), গেলনাৰ (E. Gelner: Nations and Nationalism, 1983), ব্লুম (W. Bloom Personal identity, national identity and international relations, 1990), স্মিথ (A Smith, Theories of Nationalism, 1971), এণ্ডাৰছন (B. Anderson, Imagined Communities, 1991), শ্লেছিংগাৰ (P Schleshinger Media, the political order and national identity 1991), বিভেনবার্গ (N.K. Rivenburgh: Social identity and news portrayals of citizens involved in internal affairs, 2000), আৰু কোট্টামদ্বয় (M&R Cottam Nationalism and Politics, 2001)। বিষয়টোৰ আলোচনাত বিশেষভাবে উল্লেখ কৰিবলগীয়া দুগৰাকী সমাজবিজ্ঞানী হ’ল, যাৰ চিন্তাধাৰাই আমাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে, ক্রমে- ৰূপার্ট এমাৰছন আৰু এৰিক হবফ্রম। এণ্ডাৰছনে স্পষ্টকৈয়ে কৈছিল- জাতীয় পৰিচয় স্বতঃজাত প্রপঞ্চ নহয়, বৰং ইয়াক নিৰ্মাণ কৰা হয় (National indentity is not an inborn trait and it is essentially socially constructed)। নিৰ্মাণৰ কথাটো যিহেতু আহিল, আমি নিশ্চিত হ’ব পাৰোঁ যে জাতীয় পৰিচয়ৰ উপাদানবোৰৰ নিৰ্বাচন ‘সতর্কতা আৰু সচেতনতাবে কৰা’ হয় আৰু এই প্রক্রিয়াটো ‘কোনোবাই’ পৰিচালনা কৰে। এইখিনিতে কৈ থওঁ-‘জাতীয় পৰিচয়’ থাকে ‘জাতি’ৰহে। আমাৰ অধ্যয়নত উল্লিখিত পূর্বসূৰী সমাজবিজ্ঞানীসকলৰ পথকে অনুসৰণ কৰি, জাতি মানে জাতিৰাষ্ট্রকে (nation state) বুজাবলৈ বিচৰা হৈছে, এইক্ষেত্রত অৱশ্যে সার্বভৌমত্বক অনিবার্য উপাদান হিচাপে বখা হোৱা নাই। জাতীয় পৰিচয় গঢ়ি উঠে জাতি এটাৰ বুৰঞ্জী, পুৰাকাহিনী বা জনশ্রুতি (লোককথা-সাধুকথা), প্রতীক, সংস্কৃতি আৰু ভাষাৰ আধাৰত। এটা জাতিৰ জনসমষ্টিৰ সাধাৰণ (common) বুৰঞ্জী-প্রতীক-ভাষা-সংস্কৃতিয়ে জাতীয় পৰিচয় গাঢ় দিয়ে। এখন সার্বভৌম ৰাষ্ট্ৰৰ (sovereign state) ভিতৰতে কেইবাটাও জাতি (nation) থাকিব পাৰে, যাক সময় আৰু প্রয়োজনবিশেষে জাতীয়তা (nationality) বোলা হয়। এই সার্বভৌম ৰাষ্ট্ৰখন জাতিৰাষ্ট্ৰ (nation state) হ’ব পাৰে অথবা বহুত্ববাদী ৰাষ্ট্ৰ (plural state) হ’ব পাৰে। বুৰঞ্জী-প্রতীক-ভাষা-সংস্কৃতিৰ আধাৰত এটা জাতিৰ জাতীয় পৰিচয় গঢ়ি উঠিব পাৰে- এই সিদ্ধান্তক বিৰোধিতা নকৰিও আধুনিক জাতি-গৱেষকসকলে আন কেইটামান উপাদান নিরূপণ কৰিছে- সেইকেইটা হ’ল ঔদ্যোগিকীকৰণ, উদীয়মান পুঁজি-অর্থনীতি আৰু স্থানীয় ভাষাত ছপা হোৱা গ্ৰন্থ আৰু বাতৰিকাকত।
লোককথা: ইতিহাসৰ অমল সমল
কম বেছি পৰিমাণে আমাৰ সকলোৰে সাধুকথা শুনাব অভ্যাস আছে। আহাৰ/শাওণ মাহৰ গৰমত নিশা ওপৰত পৰিষ্কাৰ নীলা আকাশত হাতীপটি চাই চাই আইতাৰ বা ককাদেউতাৰ হাতৰ বিচনিৰ বা লৈ সাধুকথা শুনাৰ আমেজ কি- সেইটো তেনে অভিজ্ঞতা থকা জনেহে উপলব্ধি কৰিব পাৰে। সেই শৈশবত আমিও তেনেকৈয়ে হেৰাই গৈছিলোঁ সপোন ৰাজ্যত, ককাদেউতাৰ মুখৰ বৰ্ণনাত সজীব হৈ পৰা কোনোবা ৰাজকোঁৱৰৰ লগত পাখি মেলি কোনোবা স্বর্ণ উপত্যকালৈ গুচি গৈছিলোঁ, নদীত নামি জলকুঁৱৰীৰ সৈতে কথা পাতিছিলোঁ, বাৰীকোঁৱৰৰ দুখত ম্রিয়মান হৈ পৰিছিলোঁ, ইত্যাদি ইত্যাদি। সেই তেতিয়াৰে পৰাই সাধুকথাৰ প্ৰতি এটা চেনেহৰ, প্ৰাণৰ টান আমাৰ থাকিয়ে গ’ল। সময়ে আমাক সাধুকথা শুনা বয়সৰ পৰা আঁতৰাই আনিলে। [প্রকৃততে আজিৰ শিশুৰ সাধুকথা শুনাৰ বয়সেই নাই, শুনাবলৈ কোনো আইতাক-ককাদেউতাকো ঘৰত নাই। সময়ে আমাক সাধুকথাৰ পৰা সমাজৰ বাবে কিবাকিবি কৰাৰ বয়স এটা দিলে। গতিকে সাধুকথাক লৈ আমাৰ পৰ্যবেক্ষণ আৰম্ভ হ’ল। শিৰোনামত আমি লোককথা শব্দটো ব্যৱহাৰ কৰিছোঁ, সাধুকথাবিলাক লোককথাৰ অন্তর্ভুক্ত বুলি পিছত আমি দেখুৱাম। প্রথমে লোককথাৰ পৰা আমি পর্যালোচনা আৰম্ভ কৰিম। লোককথানো কি? লোককথা এবিধ গুৰুত্বপূৰ্ণ, পৰম্পৰাগত, ঐতিহ্যপূর্ণ সাংস্কৃতিক সম্পদ। মানুহৰ জন্মৰ দৰেই লোককথাৰ জন্মও অতি প্রাচীন কালৰ আৰু আঁতি-গুৰিবিহীন। আখৰ আৱিষ্কাৰ নৌহওঁতেই মানৱ সমাজত সৃষ্ট কাহিনীবোর পৰম্পৰাগতভাৱে মুখে মুখে চলি আহিছিল। এইবোৰ বিনোদনৰ এটা বিশিষ্ট মাধ্যম আছিল।
অইন সকলো লোকসম্পদৰ দৰে লোককথাৰো স্রষ্টা কোনো এজন বিশিষ্ট ব্যক্তি নহয়, ই সমষ্টিগত সৃষ্টি। গতিকেই লোককথাত ব্যক্তিগত ইচ্ছা-আকাঙ্খা-কচিবোধ ফুটি উঠা দেখা নাযায়, বৰং ই এখন সমাজকহে প্রতিনিধিত্ব কৰে। যুগৰ পিছত যুগ ধৰি পৰম্পৰাগতভাৱে চলি আহি থাকোঁতে লোককথাই বিভিন্ন যুগৰ বিভিন্ন বাসিন্দাৰ বিশ্বাস, ইচ্ছা, আকাঙ্খা, কচিবোধ তথা আর্থ-ৰাজনৈতিক পৰিৱেশৰ বৰ্ণনা কঢ়িয়াই আনে। আকৌ পৰম্পৰাগতভাৱে চলি অহা এই লোককথাবোৰত বিভিন্ন সময়ৰ সামাজিক চিন্তা প্রতিবিম্বিত হোৱাৰ লগতে মানৰ-সমাজৰ অৱদমিত আকাঙ্খা ফুটি উঠে। নৈতিক শিক্ষা, হাস্যৰস, ধর্মীয় বিশ্বাস, বিনোদন, ঐতিহ্য সচেতনতা ইত্যাদি বিবিধ বিষয় লোককথাই সামৰি লৈছে। লোককথাই যিহেতু কোনো এখন নির্দিষ্ট যুগৰ সমাজৰ সাক্ষ্যকেই বহন নকৰে, বিভিন্ন পৰিৱেশৰ লোক-বিশ্বাস, পৰম্পৰা তথা সাংস্কৃতিক ঐতিহ্যও বহন কৰে, সেয়ে ই এখন সমাজৰ সামাজিক আৰু সাংস্কৃতিক ইতিহাসৰ মূল্যবান দলিল হ’বলৈ বাধ্য। গ্যেটেৰ দৰে চিন্তাবিদে মত প্রকাশ কৰিছে যে সাধুকথা বিলাকেই গদ্য আৰু কাহিনী সাহিত্যৰ পিতৃপুৰুষ। গতিকে লোককথাৰ প্ৰণালীবদ্ধ আৰু কালানুক্রমিক (systematic and chronological) অধ্যয়নৰ গুৰুত্ব অপৰিসীম। এডাল শিকলিৰে বান্ধ খোৱা। অসমৰ কেইবাটাও অঞ্চল আৰু জনগোষ্ঠীৰ মাজত সাধাৰণতে চকুত পৰা এটা পৰম্পৰা হ’ল গৰখীয়া পূজা। অৱশ্যে বিভিন্ন জনগোষ্ঠীৰ মাজত ইয়াক বিভিন্ন নামেৰে জনা যায়- যথা, কামৰূপত ‘গুৰখ্যা সেৱা’, উজনিত ‘গৰখীয়া সবাহ’, সোণোৱালসকলৰ মাজত ‘বাইথ পূজা’, তিৱাসকলৰ মাজত ‘বখিয়া পূজা’ ইত্যাদি। এই আটাইবোৰ জনগোষ্ঠীৰ মাজত একোখন ‘গৰখীয়া থান’ আছে, যথা- ডিমৰীয়াৰ ঢৌমাৰা পাহাৰৰ ‘গৰখীয়া কটা শিল’ (তিৱাসকলৰ), ডাঙৰী অঞ্চলৰ বৰপথাৰৰ ‘বাইথশাল’ (সোণোৱাল কছাৰীসকলৰ), যোৰহাটৰ ভোগদৈ পৰীয়া গাঁৱত ‘গৰখীয়া দ’লৰ থান’ তথা কামৰূপৰ বিভিন্ন ঠাইত থকা ‘গুৰখ্যাথান’বোৰ। এই আটাইকেইখন স্থানৰ উৎপত্তিৰ বাবে একে ধৰণৰ জনশ্রুতি লক্ষ্য কৰা যায়-যিটো লোককথা ৰূপে চলি আহিছে। এইটো হ’ল- পথাৰত গৰু চৰোৱাৰ সময়ত গৰখীয়াই ফৰিং বলি দিয়া আৰু ফৰিঙৰ অবর্তমানত গৰখীয়াকে বলি দিয়া। এই জনশ্রুতিমূলক সাদৃশ্যই আমাক এটা কথা ভাবিবলৈ অৱকাশ দিযে, সেইটো হ’ল-সম্প্রতি বিভিন্ন স্থানাধিবাসী এই জনগোষ্ঠীবিলাক এসময়ত একেলগে একে ঠাইতে বাস কৰিছিল আৰু তেওঁলোকৰ জীৱিকাও একে আছিল। কালক্রমত তেওঁলোকে বিভিন্ন ঠাইলৈ প্রব্রজন কৰিলে।
দ্বিতীয়টো উদাহৰণেৰে আমি কেইবাটাও ভাষাক (পৃথিৱীৰ বিভিন্ন স্থানৰ) সামৰি লৈছোঁ। অসমীয়া ‘উপকাৰীক অজগৰে খায়’ সাধুটো কম-বেছি পৰিমাণে আমি সকলোরে জানোহঁক। ইযাত উদ্ধাৰ হোৱাৰ পিছত বাঘ এটাই উদ্ধাৰকৰ্তা ব্রাহ্মণক খাবলৈ উদাত হয়। কামটোৰ ঔচিত্য-অনৌচিত্য বিচাৰি ব্ৰাহ্মণজন গছ, নাঙল আৰু জাপিৰ ওচৰ চপাত সিহঁতে বাঘক আগৰ ফান্দতে সুমুৱাই ব্রাহ্মহ্মণক ৰক্ষা কৰে। এনেধৰণৰ সাধু ভাৰতৰ আন ভাষাতো পোৱা যায়। সংস্কৃত ‘কথাসৰিৎ সাগৰ’ত আছে এনে এটা সাধু-য’ত এজনী ছোৱালীৰ পাণি প্রার্থী চাৰিজন হয় আৰু চাৰিওজনেই চাৰিটা বিশেষ বিষয়ত পণ্ডিত। ছোৱালীজনীযে বাছি ল’ব কাক? পঞ্চতন্ত্রত থকা সাধু এটাত চাৰিজন বাৱসায়ীৰ তিনিজন মহা বিদ্যান, চতুর্থজন অলগদ্ধ, প্রথম তিনিজনে নিজ নিজ জ্ঞান জাহিৰ কৰিবলৈ গৈ মৰা সিংহ এটা জীয়াই সিংহৰ হাতত প্রাণ দিয়ে। সেই সময়ত চতুর্থজনে গছত উঠি প্রাণ ৰক্ষা কৰে। এনেধৰণৰ সাধু অসমীয়াতো আছে।
এনেধৰণৰ সাধুকথাক সমস্যামূলক সাধু (Dilemma tales) বোলে। সমস্যামূলক সাধু পৃথিৱীৰ সৰ্বত্ৰ পোৱা যায় আৰু সেইবোৰ এডাল এনাজৰিৰে বান্ধ খাই থকা কথাটো অনুমান কৰিব পাৰি। এই পৰিঘটনাই সমাজ বিজ্ঞানী সকলক মানুহৰ প্ৰব্ৰজনৰ ইতিহাস ৰচনাৰ সমল দিয়ে। আৰু মানুহৰ প্ৰব্ৰজনৰ ইতিহাসৰ লগততো মানুহৰ সাংস্কৃতিক ইতিহাসৰ সম্পৰ্ক ওতঃপ্রোত। এনে সাধুৰ অধ্যয়নে সাংস্কৃতিক আৰু তাৰ লগে লগে সামাজিক ইতিহাস ৰচনাৰ সমল দিব পাৰে। এডাল শিকলিৰে বান্ধ খাই আছে। অধ্যয়নৰ সুবিধাৰ বাবে এইবোৰক বিভিন্ন ভাগ-বিভাগত ভগাই লোৱাৰ প্ৰয়োজন আছে। প্রথমতেই আমি লোককথাবোৰ নিম্নলিখিত চাৰি ভাগত ভাগ কৰিব পাৰোঁ (১) লোকসাহিত্য-
এই ভাগত লোককথাৰ লোক সাহিত্যিক তাৎপর্য আৰু বৈশিষ্ট্যসমূহ অধ্যয়ন কৰা হ’ব, (২) সামাজিক লোকায়ত ৰীতি-নীতি- এইভাগত লোককথাই নির্দেশ কৰা বিবিধ সামাজিক আচাৰ-আচৰণক চিনাক্ত কৰা হ’ব, (৩) লোকায়ত পৰিবেশ্য কলা-এই ভাগত লোককথাৰ পৰিবেশন পদ্ধতি আলোচনা কৰা হ’ব আৰু (৪) বস্তুগত লোকায়ত জীবন- লোককথাৰ বস্তুগত উপাদানবোৰ পৃথকে এই ভাগত আলোচনা কৰা হ’ব। এই কাহিনীবোৰৰ চৰিত্ৰ বেলেগ বেলেগ। সুশৃংখলিত অধ্যয়নৰ বাবে লোককথাৰ কাহিনীক তিনিটা ভাগত ভগাব পাৰি- (১) পুৰা কাহিনী (Myth)- ভূত-প্রেত, দেৱ-দেৱী আদিব উৎপত্তি সংশ্লিষ্ট লোককথা, (২) জনশ্রুতি ৰা কিংবদন্তী (Legend)- যিবোৰ লোককথাৰ কাহিনীবোৰ প্ৰমাণ নোহোৱাকৈয়ে সঁচা বুলি বিশ্বাস কৰা হয় আৰু (৩) সাধুকথা (Folk tale)- এইবোৰ এনে কাহিনী-যাৰ লগত স্থান অথবা কালৰ কোনো সম্পর্ক নাই। ইয়াৰ অধ্যয়নত বিশেষভাবে লক্ষ্য কৰিবলগীয়া হ’ল ইয়াব কাহিনীবোৰৰ সংযোগ (Contact), ৰূপতত্ত্ব (Form) তথা অনুষঙ্গ (Content)!
ইতিহাস বা বুৰঞ্জী বুলিলে আমি এতিয়াও বজা-মহাৰজাৰ, শাসকৰ কথা থকা, যুদ্ধ-বিগ্রহৰ কথা থকা এবিধ পুথিকেই বুজি আহিছোঁ। প্রাচীন বুৰঞ্জী লেখোতাসকল তেওঁলোকৰ ৰচনাত সাধাৰণ মানুহৰ জীৱন যাত্ৰাৰ বৰ্ণনা দিয়াৰ প্রতি আগ্রহী নাছিল। ভাৰত এই ক্ষেত্ৰত অলপ বেছি দুখীয়া। বিদেশী পরিব্রাজক কেইগৰাকীয়ে লিখাৰ বাহিবে কোনো গ্রন্থতে সেইবোৰ সময়ৰ আর্থ-সামাজিক বর্ণনা পাবলৈ নাই। কিন্তু ইতিহাসৰ সৃষ্টি বা সমাজৰ পৰিৱর্তন-বিবর্তন কোনো বাজ্য বা সেনাপতিৰ নির্দেশত হোৱা নাই। ইতিহাসৰ স্রষ্টা সাধাৰণ মানুহ। ইতিহাসত সেয়ে সাধাৰণ মানুহৰ কথা থকা উচিত। আজিৰতো লাগিবই, আনকি যি সময় আমি এৰি আহিলোঁ, সেই সময়বো একোখন ‘সামাজিক ইতিহাস’ থকা উচিত। মন্দিৰ-মছজিদ বা ৰাজপ্রাসাদৰ ধ্বংসাৱশেষ অধ্যয়নেৰে সাধাৰণ মানুহৰ খবৰ পোৱা নাযায়, সাধাৰণ মানুহৰ খবৰ পোৱা যাব তেওঁলোকে নিজ বুদ্ধিমত্তাৰে সৃষ্টি কৰা লোককথা বা সাধুকথাতহে। সেয়ে লোককথাৰ প্রণালীবদ্ধ আৰু কালানুক্রমিক অধ্যয়ন কৰাতো অত্যন্ত গুরুত্বপূর্ণ। লোককথাৰ মাজত থকা সাংস্কৃতিক উপাদানখিনিও বাহিৰ কৰি আমি নতুন সাংস্কৃতিক ইতিহাসৰ ভেটি ৰচিব লাগিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগ এটা আছে, এই বিভাগটোবে এই কামত হাত দিব লাগে- অন্ততঃ পি এইচ ডিব গবেষণা মাধ্যমেৰেও এই কামত যথেষ্ট আগবঢ়া যায়। তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়েও এই কামটো হাতত ল’ব পাবে। অসম সাহিত্য সভাই নৱকান্ত বৰুৱাৰ সভাপতিত্বৰ কাৰ্যকালত এখন আঁচনি হাতত লৈছিল, তেতিয়াই ‘পৃথিৱীৰ লোককথা কর্মশালা’ এখনৰো আয়োজন কৰিছিল। তাৰ পিছৰ সময়ছোৱাত সেই দিশত কিবা কাম হৈছে নেকি জনা নাযায়। সভাই সেই আঁচনিখন এতিয়াও কাৰ্যকৰী কৰিব লাগে, লগতে লোক সংস্কৃতি চৰ্চাৰ বাবে থকা সংগঠনবিলাকে নিজাববীয়াকৈ কিছু কাম হাতত ল’ব লাগে। আমি মনত ৰাখিব লাগে : লোককথাবোৰ ইতিহাসৰ অমূল্য সমল। ইয়াৰ অৱলুপ্তি আমাৰ ইতিহাসৰো অবলুপ্তি।
সংস্কৃতি: জাতীয় পৰিচয়ৰ নির্বিকল্প উপাদান
জাতীয় পৰিচয় এটা গঢ়ি উঠিবলৈ জাতীয় সংস্কৃতিৰো প্রয়োজন। ‘অসমীয়া’ যদি ‘জাতি’, ইয়াৰ ‘সংস্কৃতি’ কি? বব ডাঙৰ, আৰু ক’ব পাৰি, সমাধানহীন প্রশ্ন। কিন্তু মই ভাবো ‘অসমীয়াত্ব’ৰ চিনাকি দিবলৈ আমাক সংস্কৃতিৰ ৰূপটো নিশ্চিত কৰাৰ প্ৰযোজন। বিষয়টোৰ বিশেষ চর্চা চকু পৰা নাই, যদিও ‘অসমৰ লোকসংস্কৃতি’ এটা বৃহৎ বিষয় হিচাপে ৰাজ্যখনৰ বিদ্বৎ মণ্ডলীয়ে যোৱা প্রায় এশ বছবে আলোচনা আৰু অধ্যয়ন কৰি আহিছে। বিষয়টোত তাহানি বাজমোহন নাথে (অসমীয়া সংস্কৃতিৰ পটভূমি) আৰু ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই (দেড়শ বছৰৰ অসমীয়া সংস্কৃতিত এভুমুকি। বিশেষভারে আলোচনাও কৰিছিল যদিও ‘অসমীয়াৰ ইতিহাস’ লিখিবলৈ গৈ ড’ নগেন শইকীয়াই ইয়াক ‘জাতীয়’ দৃষ্টিকোণৰ পৰা ব্যাখ্যা কৰিছিল। আমাৰ বিবেচনাত ড° শইকীয়াৰ ব্যাখ্যাই এই দিশত সর্বাপেক্ষা বিজ্ঞানসম্মত। তেওঁ কৈছিল- জাতীয় জীৱনৰ ইতিহাসত উৎসৱ অনুষ্ঠানসমূহৰ গুৰুত্ব অনস্বীকার্য। তাব প্রধান কাৰণ হ’ল উৎসৱ-অনুষ্ঠানৰ লগতে একোটা অঞ্চলৰ ভৌগোলিক তথা নৈসর্গিক জীৱন, অর্থনৈতিক জীৱন আৰু জীৱন-যাপনৰ পদ্ধতি, মানুহৰ আশা-আকাংক্ষা আৰু হর্ষ-বিষাদ, বিশ্বাস আৰু সংস্কাৰ অবিচ্ছেদ্যভাবে জড়িত হৈ থাকে। উৎসৱ-অনুষ্ঠানসমূহৰ মাজেদি সমষ্টি জীৱনৰ মনোবৃত্তি, হৃদয়-বৃত্তি, আধ্যাত্মিক-নৈতিক-সামাজিক মূল্যবোধ, সৌন্দর্যবোধ, প্রতিভা আৰু দক্ষতাৰো প্ৰকাশ ঘটে। লোক জীৱনৰ মাজতেই উৎসৱ-অনুষ্ঠানৰ জন্ম আৰু বিকাশ ঘটে আৰু সভ্যতাৰ অগ্ৰগতিৰ লগে লগে এনে অনুষ্ঠানবিলাকৰ বাহিৰৰ ৰূপত পৰিৱৰ্তনো ঘটি গৈ থাকে। অসমীয়া লোক-উৎসব বিশেষভাবে সমৃদ্ধ আৰু বর্ণাঢ্য। ইয়াৰ গুৰিতে ব্ৰহ্মপুত্ৰ উপত্যকাত প্রাগ ঐতিহাসিক কালৰেপৰা সাম্প্ৰতিক কাললৈকে প্রব্রজন কৰি অহা বিভিন্ন নৃগোষ্ঠী আৰু ভাষাগোষ্ঠীৰ বৰঙণি। বিভিন্ন মূলৰ পৰা অহা এই বৈশিষ্ট্যসমূহ ৰূপান্তৰিত হৈ বা কেতিয়াবা সম্পূর্ণ লীন গৈ এই উৎসৱ-অনুষ্ঠানসমূহক সমৃদ্ধ কৰি তুলিছে। অসমীয়া জাতীয় জীৱনৰ এই সাংস্কৃতিক অধ্যাযটো জাতীয় জীৱনৰ সম্মিলন, সংমিশ্ৰণ আৰু সমন্বয়ৰ ইতিহাসে ধৰি ৰাখিছে”।
উৎসৱ আৰু সংস্কৃতি
উৎসৱবোৰ সংস্কৃতি নহয়, কিন্তু উৎসৱৰ মাজেদি সংস্কৃতি প্রকাশ পায়। একোটা জনসমষ্টি তথা জাতিৰ সাংস্কৃতিক কচিবো প্রকাশ ঘটে উৎসৱৰ জৰিয়তে। ‘সাংস্কৃতিক উৎসব’ একোটা সংশ্লিষ্ট জাতি-জনসমষ্টিৰ সামূহিক কচিৰ চিনাকি, চানেকিও। একোটা উৎসরে সংশ্লিষ্ট জাতি-জনসমষ্টিৰ ভৌগোলিক অবস্থান তথা নৃতাত্ত্বিক পৰিচয় দাঙি দবে। কোনো জনসমষ্টিয়ে জাতি হিচাপে চিনাকি দিয়াৰ অনিবার্য চর্ত হ’ল নিজস্ব উৎসব থকা। জাতিব বৈশিষ্ট্য প্রকাশক উৎসৱবোৰক জাতীয় উৎসৱ বোলে। উৎসৱৰ জৰিয়তেহে জাতি একোটাৰ বৈশিষ্ট্য বা চিনাকি প্রকাশ পায় বাবেই উৎসৱকে সংস্কৃতি বুলি ভবা হয়। এই অর্থতে উৎসৱ আৰু সংস্কৃতি একাকাৰ হৈ পৰে। গান এটা হ’বলৈ গীত এটা, তাত সুৰ-তাল, বাদ্য-যন্ত্র লাগে। এইবোৰত প্ৰাণ সঞ্চাৰ কৰিবলৈ লাগে এটি সুৱদী কণ্ঠ। ইয়াৰে প্রতিটোকে গানটোৰ অংগ বা উপাদান বুলিব পাৰি। তেন্তে সংস্কৃতিৰ অংগ বা উপাদান কি কি? অর্থাৎ কি কি অংগ বা উপাদান থাকিলে ‘বস্তু’ এটা ‘সংস্কৃতি’ হ’ব? আকৌ সংস্কৃতিনো কেনে ‘বস্তু’? বিজ্ঞানৰ দৃষ্টিত স্পর্শন অস্তিত্বসম্পন্ন, ওজন-আয়তন থকা পদার্থবোৰেই ‘বস্তু’-ইয়াৰ বাহিৰৰ সকলো বস্তুবেই ‘অপদার্থ’। সাধাবণ দৃষ্টিতো ‘বস্তু’ব ব্যাখ্যা সেয়াই। কিন্তু সংস্কৃতিব স্পর্শন অস্তিত্ব থাকেনে? ইয়াব ওজন আয়তন বাৰু থাকেনে? অনুসন্ধানে দুয়োটা প্রশ্নৰে নেচিবাচক উত্তৰহে দিয়ে। দৰাচলতে পদার্থ-অপদাৰ্থৰ সংজ্ঞাই চুব পৰা পৰিসৰৰ বাহিৰৰ এবিধ Virtual বস্তু হ’ল সংস্কৃতি। (এই Virtual শব্দটোৰ উপযুক্ত অসমীয়া প্রতিশব্দ কি হ’ব নাজানো বাবেই তেনেকৈয়ে ব্যৱহাৰ কৰা হ’ল।) সংস্কৃতিক এবিধ Virtual বস্তু বুলি সংজ্ঞায়িত কৰাৰ পিছত ইয়াৰ অংগ বা উপাদানবোৰ বিচৰাৰ যত্ন কৰা হওক। উত্তৰ-আধুনিক অধ্যয়নে সংস্কৃতিৰ ভিতৰত সামৰি লয় ‘the whole of sociology and anthropology, a great deal of politics, geography, social policy, social scientific methodology, some of economics as well as a sizeable part of history’ (Mark Smith, Vina, 2005)। আমাৰ ৰাজ্যৰ বিদ্যায়তনিক অধ্যয়নত অৱশ্যে সংস্কৃতিক ইমান বহলকৈ চোৱাৰ দস্তুৰ আৰম্ভ হোৱা নাই। ইয়াত সংস্কৃতি এতিয়াও the whole of sociology and anthrology-য়ে হৈ আছে।
অসমীয়া উৎসৱ, অনা-অসমীয়া উৎসৱ
জ্যোতিপ্রসাদে কৈছিল যে অসমীয়া এটা সংমিশ্ৰণৰ পৰা হোৱা জাতি। ভূপেন হাজৰিকাই কৈছিল যে বিভিন্ন জাতি-উপজাতি-জনজাতিৰ মিলনত সৃষ্টি হোৱা অসমীয়া এটা মহাজাতি। আন বহুজন সংস্কৃতিবিদেও এই সুৰতে কথা কৈছে। এতিয়া এইদৰে ধৰি লোৱা হৈছে যে বা এই সিদ্ধান্ত কৰাই হৈছে যে অসমীয়া এটা বহুবর্ণ (plural) জাতি। এনে এটা জাতিৰ সংস্কৃতিও হ’ব সংমিশ্ৰণৰ পৰা সৃষ্ট, মিলনৰ পৰা উদ্ভুত, বহুবর্ণ। উৎসৱ যিহেতু সংস্কৃতিৰ উপৰিসৌধ, এতেকে অসমীয়া উৎসৱবোৰো হ’ব সংমিশ্রিত, বহুবর্ণ। এনে অৱস্থাত উৎসৱৰ অসমীযা-অনাঅসমীয়া বিভাজন কৰা টান কামেই। জাতিক আৰু ইয়াৰ সংস্কৃতিক যিহেতু উৎসৱৰ জৰিষতেহে চিনি পোৱা যায়, এতেকে অসমীয়া জাতিক চিনি পাবলৈ ইয়াৰ উৎসৱবোৰো চিনাক্ত হ’ব লাগিব। অর্থাৎ কেতবোৰ সুনির্দিষ্ট ‘অসমীয়া উৎসব’ থাকিবই লাগিব, যিবোৰৰ জৰিয়তে যিকোনো ব্যক্তিষে-তেওঁ য’ৰে পৰাই নাহক লাগিলে, ঘপকৈ ‘অসমীয়াত্ব’ উপলব্ধি কৰিব পাৰিব। ‘অসমীয়াৰ সংজ্ঞা’ বিচৰাৰ যি বাজনৈতিক কছৰৎ, আমি ভাবো তাৰ এটা সাংস্কৃতিক বুনিয়াদো থকাৰ দৰকাৰ। এই বুনিযাদেই অসমীয়া উৎসৱৰো পৰিচয লিপি হৈ পবিৰ।
সংমিশ্ৰণৰ পৰা উদ্ভুত হ’লেও অসমীয়া মানুহৰ এটা নির্দিষ্ট নৃতাত্ত্বিক পৰিচয আছে। নৃতত্ত্ববিদসকলে এই সন্দর্ভত দিয়া সিদ্ধান্ত সমাজবিজ্ঞানীসকলে ইতিমধ্যে মানি লৈছে। এইটো নিশ্চিত হৈছে যে ‘অসমীয়া মানুহ নৃতাত্ত্বিকভাবে মংগোলীয়। স্বাভাবিকভাবেই অসমীয়া সংস্কৃতিৰ মূল আধাৰো মংগোলীয়। পিচে অসম ভূখণ্ডৰ প্রথম অধিবাসীসকল আছিল দ্রাবিড়, তাব পিছত আহিছিল অস্ট্রিকসকল। এই দুয়োটা নৃতাত্ত্বিক সম্প্রদায়বে উপস্থিতি এই ভূখণ্ডত একেবাৰেই নাই বুলিব নোৱাৰিলেও চকুত পৰাকৈ আছে বুলিবও নোৱাৰি। পিছে, দীর্ঘকাল এই ভূখণ্ডত এই দুই সম্প্রদায়ে ওচৰা-উচৰিকৈ বসবাস কৰিছিল আৰু পাছৰ কালত প্রধান প্রভাবী নৃতাত্ত্বিক সম্প্রদায় মংগোলীয়সকলক তেওঁলোকে লগ পাইছিল, সেইবাবে মংগোলীয় মূলৰ সংস্কৃতিত এই দুই সম্প্রদায়ৰ বিশেষ প্রভাৱ থাকি গৈছে। মংগোলীয়সকলৰ পিছত এই ভূখণ্ডলৈ অহা প্রভারী সম্প্রদায় আছিল আর্যসকল। এই ভূখণ্ডৰ প্ৰধান ভাষা অসমীয়াৰ ওপৰত আর্য প্রভার অপৰিসীম আৰু ভাষাৰ মাধ্যমেৰেই এই ভূখণ্ডৰ অধিবাসীৰ সংস্কৃতিত মহাভাৰতীয় প্ৰভাৱ পৰে। অসমীয়া ভাষাৰ ভেটিটোহে অস্ট্রো-মংগোলয়ড, ইয়াৰ আ-অলংকাৰ কিন্তু আর্য। সংস্কৃতিৰ ক্ষেত্ৰতো একেটা কথাই খাটে। সেইবাবেই ইয়াৰ উৎসৱ-পার্বণত মহাভাৰতীয় চৰিত্ৰ এটা দেখা যায়। শিৱৰ প্রাতিষ্ঠানিক বা বৈদিক পূজা পদ্ধতি এনে আর্য প্রভাৱৰে ফচল। শক্তি পূজাৰ ক্ষেত্ৰতো এই প্রভাৱ লক্ষ্য কৰিব পাৰি। অসমৰ আদি-শক্তিরূপ কামাখ্যা আৰু কেঁচাইখাতীহে, দুর্গা-কালী রূপ দুটা আর্য প্রভাৱৰ ফচল। ইতিহাসে এই সাক্ষ্য ধৰি ৰাখিছে যে কোচ ৰাজ্যলৈ পঠিওৱা আহোম কটকীয়ে শাৰদীয় দুর্গা পূজাৰ জাক-জমক দেখি আহি জনালত, আহোম স্বৰ্গদেউ বিশেষে খনিকৰ খেলৰ লোক সিৰাজ্যলৈ পঠিয়াই প্রশিক্ষণ লোৱাইছিল আৰু তেনেদৰেই প্রতিমা সজাই দুর্গা পূজা পাতিছিল। প্রায় চাৰে তিনিশ বছৰ ধৰি অসমত দুর্গা পূজা উৎসৱৰূপে পালিত হৈছে। আনহাতে মঞ্চ বিহুক উৎসৱৰূপে পালন কৰাৰ বয়সে ছটা দশকহে অতিক্রম কৰিলে। ইয়াৰে প্ৰথমটোৱে এতিয়াও সম্পূর্ণরূপে অসমীয়া উৎসৱৰূপে সার্বজনীন ৰূপ পোৱা নাই, দ্বিতীয়টোরে কেতিয়াবাই সার্বজনীন ৰূপ ল’লে। ‘অসমৰ জাতীয় উৎসৱ বিহু’ বুলি ক’লে ঘপৰাই মঞ্চ বিহুৰ চিত্ৰ এখনকে যে সকলোৰে মনলৈ আহে সিয়েই ইয়াৰ প্রমাণ। উৎসৱ এটা অসমীয়া নে অনা-অসমীয়া চিনি পাবলৈ এই উদাহৰণটো যথেষ্ট।