অসমীয়া লিপিৰ ইতিহাস: প্ৰাচীন শিলালিপিৰ পৰা বিকাশৰ যাত্ৰা

Mirnal Gogoi
14 Min Read

ভাৰত উপ-মহাদেশৰ উত্তৰ-পূব কোণত অৱস্থিত, প্রাচীন সভ্যতা-সংস্কৃতিৰ দিশত সুসমৃদ্ধ প্রাগজ্যোতিষ-কামৰূপ তথা অধুনাকালৰ অসমত প্রচলিত ভাষা আৰু লিপি হৈছে অসমীয়া ভাষা আৰু লিপি। খ্রীষ্টীয় সপ্তম শতিকাত এই ভূখণ্ডত ভ্রমণ কৰা প্রচলিত লেখন কলাৰ সবিশেষ জানিব পৰা যাব। এই সম্ভাবনা যে অনুমানৰ ওপৰত নহয়, যুক্তিৰ ওপৰত প্রতিষ্ঠিত সেই কথাৰ সপক্ষে ক’ব বিগত শতাব্দীৰ সপ্তম দশকৰ ভিতৰত একেখন আমবাৰীত আবিষ্কৃত খ্রীষ্টীয় ত্রয়োদশ শতিকাৰ নৃপতি সমুদ্রপালৰ শিলালিপিয়ে

বসুন্ধৰ বৰ্মনৰ ডুৰৰাণি শিলালিপি

১৯৯৫ চনৰ কোনোবা এটা দিনত গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ডুববাণি গাঁৱৰ ফণী দেৱনাথ আৰু প্রতাপ দেৱনাথ নামৰ ব্যক্তি দুজনে নিজৰ চৌহদত গাঁত খান্দোতে পুৰণি লিপিসম্বলিত শৈলখণ্ড এটা উদ্ধাৰ কৰে। ১৯৯৭-৯৮ সময়ছোৱাত জিলাখনত প্রত্ন সম্পদৰ উদ্‌ঘাটনৰ কামত আত্মনিযোগ কৰোঁতে ৰাজ্যৰ পুৰাতত্ত্ব বিভাগৰ উদঘাটন বিষয়া ড° হেমেন্দ্র নাথ দত্ত এই শৈললেখব বিষয়ে অবগত হয় আৰু ১৯৯৭ চনৰ ২১ অক্টোবৰৰ দিনাখন তেওঁ শিলালিপিখন উদ্ধাৰ কৰে। ইয়াৰ পাছতে বিদ্বৎ সমাজে ফলিব পাঠোদ্ধাৰ কৰ্তা ড° দত্তৰ ইংৰাজী নিবন্ধৰ পৰা জানিব পাবে নথিখনত নাম লিপিবদ্ধ থকা শ্রীবসুন্ধৰ বৰ্মন আৰু প্রাচীন অসমৰ ইতিহাসত তেওঁৰ স্থানৰ বিষয়ে। ৰজা বসুন্ধব বর্মন আৰু সমসাময়িক ইতিহাসৰ ব্যাখ্যা কৰাৰ প্রসংগতে তেওঁ মাত্র এশাৰী আখৰৰ চমু অথচ মূল্যৱান নথিবিধৰ লিপিতাত্ত্বিক দিশৰ ওপৰত আলোকপাত কৰাটো সন্তোষৰ বিষয়। একেখন শৈলশাসন সম্পর্কে গৱেষণা নিবদ্ধ এট। ভাৰতীয় লিপিতাত্ত্বিক সংস্থাৰ মুখপত্ৰত প্ৰকাশ কৰিছে ড° ধৰ্মেশ্বৰ চুতীয়াই। পাছত একেটা নিবন্ধ, শেষৰফালে সামান্য পৰিৱৰ্তন-পৰিবৰ্ধনসহ, কামৰূপ অনুসন্ধান সমিতিৰ মুখপত্ৰৰ ‘অধ্যাপক হেৰম্বকান্ত বৰপূজাৰী স্মাৰক সংখ্যাত’ প্রকাশিত হোৱাটো উল্লেখযোগ্য। সমীক্ষকদ্বয়ে তলত দিয়াধরণে ফলিৰ পাঠ নিৰ্ণয় কৰিছে-অক্ষয় দত্তি উৎসৃষ্ট শ্রীববসুন্ধৰ বৰ্মনা।” বসুন্ধৰ বৰ্মনৰ সবিশেষ পৰিচয় দানৰ বাবে ড° দত্ত আৰু চুতীযাই বিস্তৰ পর্যালোচনাত প্রকৃত হৈছে। বিশেষকৈ এই শিলালিপিৰ সমসাময়িক নগাজৰী খনিকৰ গাঁৱৰ শৈললেখৰ দ্বিতীয় খণ্ডত বসুন্ধৰ বৰ্মনৰ নাম থকালৈ লক্ষ্য কৰি আৰু ১৪।১২।১৯৯৫ তাৰিখে একে অঞ্চলবে আলিছিগা-টেঙানিত উদ্ধাৰ হোৱা পোৰা মাটিৰ মোহৰত উপৰিউক্ত কথাখিনিয়েই উৎকীর্ণ হোৱালৈ চাই প্রথমজনে ধাৰণা প্রকাশ কৰিছে যে বসুন্ধৰ বৰ্মনে খ্রীষ্টীয় চতুর্থ শতিকাত দৈয়াং-ধনশিৰি অঞ্চলত ৰাজ্য শাসন কৰিছিল।” দ্বিতীয়জনে আকৌ এইজনা বজাক প্রাচীন প্রাগজ্যোতিষপুৰ-কামবৰূপৰ সুখ্যাত ভৌম-নৰক বংশৰ শাসনকর্তা বুলি অভিমত দিছে। গবেষকজনাই বসুন্ধৰ বর্মনক প্রাচীন অসমৰ এটা সুকীয়া শাসক বংশৰ ৰজা বুলিও সন্দেহ প্রকাশ কৰিবলৈ এৰা নাই।” ফলিৰ বক্তব্যই বজা বসুন্ধৰ বৰ্মনৰ কিবা অক্ষয় বা স্থায়ী দানৰ কথা বুজোৱাৰ সম্ভাবনা আছে। শিলালিপি খোদিত কৰোঁতা বসুন্ধৰ বৰ্মনৰ পৰিচয় যি নহওক লাগিলে, এই চমু শিলালেখৰ আলোকচিত্র পর্যবেক্ষণ কৰাৰ পাছত ইয়াৰ ঐতিহাসিক গুৰুত্বৰ উপৰি লিপিতাত্ত্বিক তাৎপৰ্যৰ বিষয়েও ধাৰণা কৰিব পৰা গৈছে। প্রথম কথা, প্রাচীন অসমৰ মূল্যৱান শিলালেখ নগাজৰী-খনিকৰ গাঁৱৰ প্ৰস্তৰ লিপিৰ দুয়োটা ভাগৰ অক্ষৰৰ লগত বর্তমান শিলালিপিৰ আখৰৰ সাদৃশ্য চকুত লগা। সেয়েহে ডুবৰাণি শৈললেখক সহজে চতুর্থ-পঞ্চম শতিকাত থাপিব পাৰি। দ্বিতীয়তে ফলিখনৰ ১৬টা অক্ষৰৰ ভিতৰত অ, ক, ত, দ আৰু য আখৰৰ দ্বিতীয়/তৃতীয় শতিকাৰ ব্ৰাহ্মী লিপিৰ অক্ষৰৰ লগত সাদৃশ্য দেখা যায়। তৃতীয়তে, বর্তমানলৈ প্রাপ্ত প্রাচীন অসমৰ সকলো শিলালেখৰ অক্ষৰতকৈ আলোচ্যমান নথিৰ আখৰ অধিক মনোহাৰিত্বপূর্ণ, ইয়াৰ কলাত্মক বিকাশ চমকপ্রদ। চতুৰ্থতে, পুৰণি কামৰূপৰ যিমান নথি বর্তমানলৈ আৱিষ্কাৰ হৈছে সিবিলাকৰ প্রায় সকলোৰে আৰম্ভণিতে আছে মাংগলিক ‘আঞ্জী’ চিহ্ন। ইয়াৰ বিপৰীতে ডুবৰাণি শিলালিপিৰ আৰম্ভণিসূচিত হৈছে শৈৱ ধৰ্মৰ প্রতীক এপাট ত্রিশূলেৰে। আটকধুনীয়া এই ত্রিশূলৰ মাজত খোদিত আছে পৰশু কুঠাৰ আৰু তলমূৰত মংগল কলশী। ত্রিশূলৰ চিত্ৰ অংকিত থকা বাবে বসুন্ধৰ বৰ্মনক শৈৱধর্ম মতত বিশ্বাসী বুলি ধৰাৰ যুক্তি আছে। ‘আঞ্জী’ চিহ্ন প্ৰৱৰ্তনৰ পূৰ্বৰ বুলি ধৰি লৈ শিলালিপিখন বর্তমানলৈ আৱিষ্কৃত অসমৰ সবাতোকৈ পুৰণি শৈললেখ বুলি আমি ধাৰণা কৰোঁ। ব্যাপক তথা প্রণালীবদ্ধ অধ্যয়নৰ জৰিয়তে বজা বসুন্ধৰ বৰ্মন আৰু তেওঁৰ ডুবৰাণি শাসনৰ বিষয়ে প্রকৃত তথ্য উদ্‌ঘাটন হ’ব বুলি আশা কৰিব পাৰি। নক’লেও হ’ব, গ্রন্থরূপত ডুবৰাণি শৈললেখৰ বিষয়ে বর্তমান লেখকৰ সমীক্ষাই প্রথম প্রচেষ্টা।

নগাজৰী খনিকৰ গাঁৱৰ শিলৰ ফলি

১৯৭২ চনত বর্তমান গোলাঘাট জিলাৰ সৰুপথাৰ অঞ্চলৰ খনিকৰ গাঁৱৰ লুডুৰাম শইকীয়াৰ ঘৰত গৱেষক, দেৱৰাজ বয় কলেজ (গোলাঘাট)ৰ অধ্যক্ষ ড° মোহিনী কুমাৰ শইকীয়াই এখন খণ্ডিত শিলালিপি আৱিষ্কাৰ কৰে। জানিব পৰামতে লুডুৰাম শইকীয়াই আকৌ ফলিখন সংগ্রহ কৰিছিল নগাজৰী অঞ্চলৰ কিছুমান ভগ্নাৱশেষৰ মাজৰ পৰা। উদ্ধাৰৰ সময়ৰে পৰা ফলিখন সংৰক্ষণ কৰি ৰখা ডি আৰ কলেজ কর্তৃপক্ষই ১৯৮৮ চনৰ আৰম্ভণিতে অসম ৰাজ্যিক সংগ্ৰহালয়ক দান কৰা অংশটো খণ্ডিত শিলালিপিখনৰ প্ৰথম ভাগহে। পৰৱৰ্তী কালত শাসনখনৰ দ্বিতীয় খণ্ডটোও উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ বিষয়ে তলত কোৱা হ’ব। নিমজ শৈলখণ্ডদ্বয়ত খোদিত অক্ষৰগুচ্ছ অতি স্পষ্ট। আখৰসমূহ একৰ পৰা দুই ইঞ্চিপর্যন্ত ডাঙৰ, দুই-এটা তাতকৈও ডাঙৰ আছে। পাঁচোটা শাৰীবিশিষ্ট প্রথম খণ্ডটোৰ প্ৰথম শাৰীৰ কেইবাটাও অক্ষৰৰ ওপৰ অংশ নষ্ট হৈছে। আটাইকেইটা শাৰীৰে সোঁফালটোও ভগা। সেইদৰে পঞ্চম তথা শেষ শাৰীৰ ছন্দোবন্ধ ৰচনাৰ বাহিৰত আছে ‘উক্তঞ্চ’ শব্দটো। শাৰীটোৰ এই তিনিটা আৰু মূল শাৰীৰ সাতোটাৰ বাহিৰে বাকী আখৰৰ বিষয়ে জানিব পৰা নাযায়। ড° প্রতাপ চন্দ্র চৌধুৰী, ড° দীনেশ চন্দ্ৰ সৰকাৰ আদি কৃতবিদ্য পণ্ডিত-গৱেষকে ফলিখন সম্পর্কে বিচাৰ-বিবেচনা কৰাৰ পাছত এই প্রসংগত তথ্যসমৃদ্ধ অভিমত আগবঢায় যশস্বী পুৰালিপিতত্ত্ববিদ অধ্যাপক ড° মুকুন্দ মাধর শর্মাই।

  • ১। নন চৰা
  • ২। মাহত্তৰো ব্রহ্মাদত্তঃ বাজিশ্চেহ্যতি
  • ৩। পূর্বেণ দিক্রমুখণ্ডঃ সীমা পশ্চিমতো
  • ৪। নাগ্রোধপাদপশ্চায়ম কীর্ত্যতং
  • ৫। উক্তঞ্চ যাবৎকীৰ্ত্তিৰ্ম্মনুষ্য।

অসমীয়া লিপিতত্ত্ব অধ্যয়নৰ কাৰণে নগাজৰী-খনিকৰ গাঁৱৰ শিলালিপিৰ গুৰুত্ব অপৰিসীম। বসুন্ধৰ বৰ্মনৰ ডুবৰাণি শিলালিপি উদ্ধাৰ হোৱাৰ পূৰ্বৰ সকলো সমীক্ষাতে এইখন শাসনে অসমৰ প্ৰাচীনতম অভিলেখৰ মৰ্যাদা পোৱাটো উল্লেখনীয়। অসমীয়া লিপিৰ ঊষা লগ্নব ই অন্যতম নিদর্শন। নানা সীমাবদ্ধতাৰ মাজতো ড° মুকুন্দ মাধৱ শৰ্মাই শিলালিপিৰ যি পাঠ দিছে সেয়া প্রায় সকলো সমীক্ষকে মানি লৈছে। তথাপি ড° শর্মাদেরে কোৱাৰ দৰে প্ৰাপ্ত পাঠৰ পৰা ‘এটাও ম্পূর্ণ বাক্য ওলাই নপৰে’, ‘বৰ্তমানৰ লিপিখনৰ কোনো অনুবাদ কৰা সম্ভৱ নহয়’ আদি উক্তি মনত ৰাখিবলগীয়া। শিলালেখখনৰ ৰচনা-ৰীতি, ভাষা, লিপিৰ গঠন আদিব প্রতি লক্ষ্য ৰাখি আৰু প্ৰাচীন অসমৰে ঠিক পৰৱৰ্তী কালৰ শাসনৰ লগত তুলনামূলক অধ্যয়ন কৰি পুৰাতত্ত্ববিদজনাই নগাজৰী খনিকৰ গাঁও শিলিলিপিক অসমৰ সৰ্বপ্ৰাচীন অভিলেখৰূপে চিনাক্ত কৰিছে। পাঠোদ্ধাৰকৰ্তাব ধাৰণা সত্য হ’লে শিলালিপিখনব সময় খ্রীষ্টীয় চতুর্থ শতিকাৰ শেষ অথবা পঞ্চম শতিকাৰ আৰম্ভণি হ’ব পাৰে। অসমীয়া লিপিতত্ত্ব অধ্যয়নকাৰীৰ বাবে সৌভাগ্যৰ বিষয় যে নগাজৰী খনিকৰ গাঁৱৰ ভগ্নপ্রাপ্ত শৈললেখৰ দ্বিতীয় খণ্ডটোও উদ্ধাৰ হৈছে। বিগত শতাব্দীৰ অন্তিম দশকৰ মাজভাগৰ পৰাই ই অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্রতুলেখ-বীথিকাত স্থান লাভকৰিছে। উল্লেখ নিষ্প্রযোজন যেন প্রথম খণ্ডৰ সৈতে দ্বিতীয় খণ্ডৰ আখৰৰ গঢ় হুবহু একে। অক্ষৰৰ শৈলী চকুত লগা। দ্বিতীয় খণ্ডৰ তিনিশাৰী আখৰৰ বাহিৰে অৱশিষ্ট অংশ বিচ্ছিন্ন হৈ গৈছে। এই খণ্ডৰ পাঠোদ্ধাৰ কৰাত কৃতিত্ব অৰ্জন কৰিছে ড’ ধৰ্মেশ্বব চুতীয়াই। ড’ চুতীয়াৰ মতে ফলিৰ পাঠ নিৰূপণ অসম্ভৱপ্রায়। তথাপি তেওঁ এই খণ্ডিত অংশৰ পৰা বসুন্ধৰ বৰ্মন নামৰ নৃপতি আৰু এই নৃপতিয়ে গৌৰীবাটক নামৰ ঠাইত ভূমিদান কৰাৰ বিষয়ে তথ্য লাভ কৰিছে। নগাজৰী খনিকৰ গাঁৱৰ শিলালিপি যে অসমীয়া লিপিতত্বৰ লগতে ৰাজ্যখনৰ ভাষা-সাহিত্য-সংস্কৃতি আৰু ইতিহাস অধ্যয়নৰ বাবে এপদ অতিশয় মূলাৱান সমল এই বিষয়ে সন্দেহ নাই।

৩। সুৰেন্দ্ৰ বৰ্মনৰ উমাচল শিলালেখ

গুৱাহাটীৰ কামাখ্যা বা নীলাচল পাহাৰৰ উত্তৰ-পূব দিশত আনুমানিক প্রায় ৩০০ ফুট উচ্চতাত এই শিলালিপি খোদিত আছে। ১৯৫৫ চনৰ জুন মাহত উমাচল আশ্রমব স্বামী শিৱানন্দৰ পৰা পোৱা সংবাদমর্মে তৎকালীন অসম অভিযান্ত্রিক প্রতিষ্ঠান (Assam Engineering Institute, Guwahati)ব অধ্যক্ষ প্রত্নতাত্ত্বিক বাজমোহন নাথে শাসনখনি আৱিষ্কাৰ কৰে। বিদ্বৎ সমাজব আগত এই ফলি উন্মোচিত হোৱাৰ সংবাদটি তলত দিয়া ধৰণে প্রকাশিত হৈছিল: (The above is photograph of a rock inscription which has been recently discovered by Sri Raj Mohan Nath, a well known archaeologist at the foot of the Kamakhya Hill near Gauhati )অসমৰ ৰাজ্যিক সংগ্ৰহালয়ৰ তৎকালীন অধীক্ষক প্ৰেমধৰ চৌধুৰী ডাঙৰীয়াই নির্ণয় কৰা পাঠো একেটা বাতৰিৰ লগতে বোমান লিপিত মুদ্রিত হৈছিল। পাছত ফলিৰ পাঠ চূড়ান্তভাবে উদ্ধাৰ হয় ভাৰত চৰকাৰৰ লিপিতত্ত্ববিদ অধ্যাপক দীনেশ চন্দ্র সৰকাৰ আৰু অধ্যক্ষ চৌধুৰীৰ যৌথ প্রচেষ্টাত।” চাৰিটা শাৰী আৰু প্রতি শাৰীত

  • ১। মহাৰাজাধিবাজ শ্রী
  • ২। সুৰেন্দ্ৰ বৰ্ম্মণা কৃতম
  • ৩। ভগৱতঃ বলভদ্র
  • ৪। স্বামিনায় ইদং গুহং

হিচাপে। ভগবান বলভদ্ৰৰ পূজা-অর্চনাৰ বাবে নির্মিত এই গুহা মন্দিৰ খ্ৰীষ্টীয় পঞ্চম শতিকাৰ অসমত প্রচলিত বলভদ্র বন্দনাৰ শক্তিশালী সাক্ষ্য। লিপিতত্ত্বৰ দিশৰ পৰা উমাচল শিলালেখ এখন মূল্যৱান নথি। কিয়নো ইয়াত উৎকীর্ণ অক্ষৰগুচ্ছ গুপ্তলিপিৰ প্ৰাচ্য শৈলীব নিদর্শন।

ভূতিবৰ্মাৰ বৰগংগা শৈলশাসন

বর্তমান কাৰবি আংলং জিলাৰ বৰগংগা নৈৰ পাৰত থকা এটা দণ্ডায়মান শিলব গাত খোদিত হৈছে এই শিলালেখ। তিনিটা সম্পূর্ণ শাবী আৰু দুটা শব্দব এটা শাবী মুঠ চাৰি শাৰীত বিন্যস্ত হৈছে শিলালিপিখনব বিষয়বস্তু। শৈলশাসনখনে প্রাচীন কামৰূপৰ বিখ্যাত ভৌম নৰক বংশৰ নৃপতি ভূতিবর্মা (৫১০-৫৫৫)ব গৌৰৱগাথা ঘোষণা কৰি আছে। এই অভিলেখৰ বিষয়ে প্রথম বিদৎ সমাজক অৱগত কৰে অভিযন্তা-প্রত্নতাত্ত্বিক বাজমোহন নাখে। পাছত তেওঁ যোগান ধৰা আলোকচিত্ৰ আৰু ছাপৰ সহায়ত বিখ্যাত লিপিবিশাব্দ নলিনী কুমাৰ ভট্টশালিয়ে ফলিখনৰ পাঠ প্রাথমিকভাবে নির্ণয় কৰে। ইয়াতো সন্তুষ্ট নাথাকি ভট্টশালি মহাশয় নিজে বৰগংগালৈ আহে আৰু শাসনব পাঠোদ্ধাৰত সফল হয়। তেওঁৰ পাছত অধ্যাপক দীনেশ চন্দ্র সবকাৰে তলত দিয়াধৰণে নথিৰ পাঠ চূড়ান্তভাৱে নিৰূপণ করে:

  • ১। স্বস্তি শ্রীপৰমদৈৱত পৰম ভট্টাৰক মহাৰা
  • ২। বিৰাজাশ্বমেধয়াজিনঃ শ্রীভূতিবৰ্ম্মস্য পাদান
  • ৩। আয়ুষ্কামং বিষয়ামাতা অৱগুণস্য
  • ৪। ইদং আশ্রমং

শাসনখনত গুপ্তাব্দ ২৩৪ (অর্থাৎ খৃঃ ৫৫৩-৫৫৪) উৎকীর্ণ থকাৰ কথা দুই-এগৰাকী সমীক্ষকে দৃঢ়তাবে কয় যদিও এই অভিমত বিতৰ্কৰ ঊর্ধ্বত নহয়। সংস্কৃত গদ্যত ৰচিত এই শিলালিপিও প্রাচীন কামৰূপত প্রচলিত লিপিৰ আন এটা নিদর্শন। সুৰেন্দ্ৰ বৰ্মনৰ উমাচল শিলালিপিৰ লগত বৰগংগা লিপিব অক্ষৰ ৰিজাই চালে দুয়োবিধ নথিৰ আখৰৰ মাজত চকুত লগা সাদৃশ্য দেখা যায়।

ভাস্কৰ বৰ্মাৰ ডুবি তাম্রশাসন

প্রাচীন অসমৰ সমাজ আৰু সংস্কৃতি অধ্যয়নৰ বাবে ভাস্কৰ বৰ্মা (৬০৬-৬৪৮/৪৯) ডুবি তাম্রফলক এপদ অতিশয় মূল্যবান দলিল। ১৯৫০ চনব কোনো এদিনাখন বৰ্তমানৰ বৰপেটা জিলাৰ পাঠশালা বে’ল ষ্টেচনৰ পৰা ৩ কিলোমিটার দক্ষিণে অৱস্থিত, পৰিহৰেশ্বৰ দেৱালয়-খ্যাত ডুবি গাঁৱত এজন বনুৱাই মাটি খান্দোতে আমার আলোচ্য তাম্রশাসন আবিষ্কাৰ কৰে। পাছত অসম বাজ্যিক সংগ্রহালয়ত শাসনখন সংবক্ষণ কৰা হয়। ডুবি তাম্রফলকত মুঠতে ৬টা পাত আছিল যদিও শেষব পাতটো ফলি উদ্ধাৰৰ সময়তে বিচ্ছিন্ন হৈ গৈছে। প্রাচীন অসমব নৃপতিবর্গব তাম্রফলকসমূহ যিদৰে হাতীৰ চিত্ৰ অংকিত মোহবেবে একেলগ কবি বন্ধা থাকে সেই শাসনখনো একেদৰে সংলগ্ন কৰা আছে। প্রচলিত পৰম্পৰা অনুযায়ী একাধিক ফলকযুক্ত শাসনব প্রথমখনৰ বাহিৰৰ ফাল উকা বাখি ভিতৰৰ ফালে আৰু শেষ ফলকবো অন্তিম পিঠি বাদ দি ভিতৰৰ ফালে লেখা হয়। সেই হিচাপে বর্তমান তাম্রশাসনৰ পাঁচোটা ফলকত আমি ন পিঠি আখৰ পাইছোঁহঁক। আখৰৰ মুঠ শাৰীৰ সংখ্যা ১১৭। ডুবি তাম্রশাসনৰ পাঠ প্ৰথমতে উদ্ধাৰ কৰে প্ৰেমধৰ চৌধুৰীয়ে আৰু ইয়াক প্রকাশ কৰে কামৰূপ অনুসন্ধান সমিতিৰ মুখপত্রত। তাব পাছত ভাৰত চৰকাৰৰ লিপিতত্ত্ববিদ অধ্যাপক দীনেশ চন্দ্র সৰকাৰে শাসনখনৰ অধিক উন্নত পাঠ দিয়াৰ বিষয়ে জানিব পৰা যায়। অধ্যাপক মুকুন্দ মাধব শর্মা আৰু অধ্যাপক ডিম্বেশ্বৰ শৰ্মাব গ্রন্থ দুখনত তামৰ ফলিব সম্পূর্ণ পাঠৰ লগতে মোহববো লেখা সন্নিবিষ্ট হৈছে।” পুৰাকালৰ পূব ভাৰতৰ অমিত বিক্রম নৃপতি ভাস্কৰ বর্মাব ডুবি তাম্রলেখ অসমব সবাতোকৈ পুৰণি তামৰ ফলি। ইয়াৰ পূব দলিলকেইখন আছিল তেনেই চমু একোখন শিলালিপি। ডুবি তাম্র শাসনৰ লিপি ব্রাহ্মীব উত্তব ভাৰতীয় শৈলীব নিদর্শনরূপে স্বীকৃত হৈছে। লিপিতাত্মিক দিশৰ বিশেষ লক্ষ্য কৰিবলগীয়া এয়ে যে ফলিত ‘শ’ আৰু ‘স’ৰ মাজত কোনো প্রভেদ বখা হোৱা নাই। ‘ব’ আৰু ‘ব’ৰ মাজতো প্রভেদ দেখা নাযায়।

ভাস্কৰ বৰ্মাৰ নালন্দাত আবিষ্কৃত মৃণ্ময় মোহৰ

প্রাচীন অসমৰ ইতিহাস অধ্যয়নৰ বাটত লাভ কৰা আন এটা গুৰুত্বপূর্ণ সমল হ’ল নালন্দাত আবিষ্কৃত কুমাৰ ভাস্কৰ বৰ্মাৰ মৃণ্ময় মোহৰকেইটি। ১৯১৭-১৮ আৰু ১৯২৭-২৮ চনত ড° স্পুনাৰে পোৰা মাটিৰ ভগ্ন মোহৰকেইটি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সংস্কৃত গদ্যত ৰচনা কৰা মোহৰসমূহে প্রাচীন অসমৰ ৰাজন্যবর্গৰ বিষয়ে জনাব বেলিকা তথ্যৰ যোগান ধৰিছে। ৰাজ্যৰ বাহিৰৰ ভালেকেইগৰাকী পণ্ডিতৰ উপৰি বুৰঞ্জীবিদ কনকলাল বৰয়া আৰু অধ্যাপক মুকুন্দ মাধর শর্মাই নিজ নিজ গ্রন্থত মোহৰৰ পাঠত অন্তর্ভুক্ত করাটো সন্তোষব বিষয়।

ভাস্কৰ বৰ্মাৰ নিধনপুৰ তাম্রশাসন

ভাস্কৰ বৰ্মাৰ নিধনপুৰ তাম্রলেখ অকল প্রাচীন কামৰূপৰ বিষয়ে অধ্যয়নৰ বাবেই নহয়, ই সমসাময়িক ভাৰত বুৰঞ্জীৰ কাৰণেও এপদ গুরুত্বপূর্ণ সমলৰূপে স্বীকৃত হোৱাৰ যোগ্য। বিশেষভাৱে মনত ৰাখিবলগীয়া বিষয় এয়ে যে প্রাগজ্যোতিষবাজে ব্রাহ্মণক ভূমিদান কৰা এই শাসন স্বাক্ষৰ কৰিছিল তেওঁৰ বিজয় শিবিৰ, গৌডৰ বাজধানী কর্ণসুবর্ণৰ পৰা। সব নিধনপুৰ তামৰ ফলিৰ আবিষ্কাৰ কাহিনীবো আছে এক দীঘলীয়া ইতিহাস। এই অধ্যায় তথা প্রমাণসহ পদ্মনাথ ভট্টাচার্যই সবিস্তাৰ বৰ্ণনা কৰি গৈছে। ১৩১৯ সাল অর্থাৎ ১৯১২ চনত বাংলাদেশৰ শ্রীহট্ট জিলাৰ পঞ্চখণ্ড পৰগণনাৰ নিধনপুৰ নামে গাঁৱত সাতোটা ফলকবিশিষ্ট তামৰ ফলিখন আৱিষ্কাৰ হোৱাৰ পাছত কিছুদিন ফলককেইটা হাত বাগৰি ফুৰাৰ অন্তত ছটাকৈ ফলক বেলেগ বেলেগ সময়ত উদ্ধাৰ হয়। কিন্তু পদ্মনাথ ভট্টাচার্যৰ দৰে সূক্ষ্মদর্শী পণ্ডিতৰ প্ৰচুৰ প্রচেষ্টাৰ প্রতি ভেঙুচালি প্রদর্শন কবি পঞ্চমখন ফলক চিৰদিনৰ কাৰণে লুক্কায়িত হৈ ব’ল। তামৰ ফলিখনৰ বিষয়ে সুকীয়া সুকীয়া পত্রিকাত ভিন ভিন সময়ত আলোচনা হ’লেও সদ্য উল্লিখিত পণ্ডিতজনাই কেওখনি ফলকৰ পাঠোদ্ধাৰৰ অন্তত সম্পাদনা কৰি তেওঁৰ ‘কামরূপ শাসনাবলী’ত অন্তর্ভুক্ত কৰাটো উল্লেখযোগ্য। এই মূল্যৱান অনুশাসনৰ চতুর্থ বা পঞ্চম আৰু ষষ্ঠ ফলক অসম ৰাজ্যিক সংগ্ৰহালয়ত আৰু মোহৰটোৰে সৈতে প্রথম, দ্বিতীয়, তৃতীয় আৰু সপ্তম পাত আৱিষ্কাৰৰ পাছতে সেইবোৰ ক্ৰয় কৰোঁতা বাংলাদেশৰ শ্রীহট্ট জিলাৰ স্বর্গীয় বাবু পবিত্র নাথ দাসৰ পুত্ৰৰ হাতত সংৰক্ষিত থকাৰ বিষয়ে জানিব পৰা যায়।” ভাস্কৰ বৰ্মাৰ ডুবি আৰু নিধনপুৰ তাম্রশাসন দুখনৰ পাঠ মিলাই চালে দেখিবলৈ পোৱা যায় যে একেজন বজাৰ শাসনকালত খোদিত কৰা দুখন দলিলৰ মাজত কিছু কিছু অক্ষৰৰ ক্ষেত্ৰত যিদৰে সাদৃশ্য দেখা যায় কিছুমানৰ বেলিকা তেনেদৰে পাৰ্থক্যও চকুত পবে। দুয়োখন শাসনতে ‘ব’ আৰু ‘র’ব প্রভেদ নাই। পিছব ফলিত ‘য’ আৰু ‘স’ব ভিন্নতা নাই বুলিবই পাৰি। ইয়াৰ ‘হ’ অক্ষৰ দেৱনাগৰী লিপিৰ একেটা অক্ষৰৰ দবে। আছে পৰৱৰ্তী নৃপতি হর্জব বর্মাব হায়ুংখল আৰু বনমাল বর্মা (৮৩৫-৮৬৫)ৰ তেজপুৰ আৰু পৰ্বতীয়া শাসনৰ লগত। ঘণ্টালিপিৰ পাঠ কেইবাখনো গ্রন্থত সন্নিবিষ্ট হোৱাটো সন্তোষৰ বিষয়।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *