অসমীয়া ভাষাৰ বৃদ্ধিৰ প্ৰক্ৰিয়া

Mirnal Gogoi
18 Min Read

অসমৰ আহোম শাসনৰ শেষৰফালে সংঘটিত হোৱা দুটা ডাঙৰ ঐতিহাসিক ঘটনাই অসমব জনসংখ্যা সাংঘাতিকভাবে হ্রাস কৰিছিল। এই দুটা ঘটনাৰ প্ৰথমটো আছিল মোৱামৰীয়া কৃষক অভ্যুত্থান (১৭৬৯-১৮০৬)। অসমত হোৱা এই দীর্ঘস্থায়ী গৃহযুদ্ধই অভ্যুত্থানৰ ৰূপ পাইছিল আৰু ইয়াত হোৱা যুঁজ-বাগৰ, ৰজাঘৰীয়া সন্ত্রাস, হত্যা আদিত বহু মানুহৰ মৃত্যু হোৱাই নহয়, দেশৰ সমাজ গাঁথনি, আৱাস থানবান কবি পেলাইছিল আৰু বহু মানুহ নিজৰ থকা ঠাই এবি দিহিঙে-দিপাঙে পলাই গৈছিল। অসমৰ জনসংখ্যা, বিশেষকৈ গৃহযুদ্ধই কঁপাই তোলা উজনি আৰু মধ্য অসমত প্রায় আধালৈ কমি আহিছিল বুলি পুৰণি বুৰঞ্জীবোৰৰ পৰা জনা যায়। দ্বিতীয় ঘটনাটো আছিল মোৱামৰীয়া অভ্যুত্থান শেষ হোৱাৰ কেইটামান বছব পাছতে আৰম্ভ হোৱা মানৰ (বার্মিজসকলৰ) তিনিটা আক্রমণ। এই সময়তো খুঁজ-বাগৰ, আক্রমণকাৰীসকলে আৰম্ভ কৰা নৃশংসতা আৰু গণহত্যাত বহু মানুহৰ মৃত্যু হৈছিল আৰু বহু লোক দেশ এৰি চুবুৰীয়া দেশবোৰলৈ পলাই গৈছিল। বহু লোকক মানসকলে যুদ্ধবন্দী দাস হিচাপে নিজৰ দেশলৈকো লৈ গৈছিল। এই ঘটনা দুটা আৰু ইয়াৰ পাছতে হোৱা প্রাকৃতিক দুর্যোগ (কাকতি ফবিঙব বাৰম্বাৰ আক্ৰমণ) আৰু আকাল তথা লগতে দেখা দিয়া ব্যাপক মাৰিমৰকত অসমৰ জনসংখ্যা প্রায় এক চতুর্থাংশলৈ কমি গৈছিল বুলি অনুমান কৰা হৈছে। গৃহযুদ্ধৰ পৰা মানৰ আক্ৰমণ, মাৰিমৰকলৈ এই কালছোৱাত জনসংখ্যা কমি যোৱাৰ লগতে যিটো ডাঙৰ ঘটনা ঘটিছিল সেইটো হৈছে সমাজৰ নেতৃত্বকাৰী চামটো, শাসকসকল, শিক্ষিত শ্ৰেণীটো, ধর্মাধিকাৰসকল অৰ্থাৎ এক কথাত এলিট শ্রেণীটো থানবান হৈ যোৱাটো। বহু মৰিছিল, বহু সর্বস্বান্ত হৈছিল আৰু বহুতেই দেশ এৰি আন দেশলৈ, বিশেষকৈ পশ্চিম ইষ্ট ইন্ডিয়া কোম্পানীৰ অধীনৰ এলেকালৈ পলাই গৈছিল। ধর্ম, শিক্ষা আৰু সামাজিক নৈতিক নেতা হিচাপে স্বীকৃত সত্ৰাধিকাৰসকল, ভাল ভাল বিষয়া-ডাঙৰীয়া, ব্রাহ্মণসকল হয় মৰিছিল নহ’লে পলাই গৈছিল। অসমৰ প্ৰতিখন প্রধান সত্ৰৰ বুৰঞ্জীত (আউনীআটী, দক্ষিণপাট, কমলাবাৰী) মানৰ আক্ৰমণৰ সময়ত পলাই যোৱাৰ কথা পোৱা যায়। অসমৰ সমাজত বাজনৈতিক, সামাজিক, শৈক্ষিক আৰু ধর্মীয় নেতৃত্বৰ ক্ষেত্ৰত এটা ডাঙৰ সংকটে দেখা দিছিল।

অসমীয়া ভাষাৰ বৃদ্ধিৰ প্রক্রিয়াটো ঐতিহাসিকভাবে চাবলৈ গ’লে অত্যন্ত বিস্ময়কৰ আক সামাজিকভারে অত্যন্ত শিক্ষাগ্রদ। এক বিশেষ জনসমাজ এখনৰ উদ্ভৱ আৰু বিকাশৰ বিষয়ে, এটা জাতিৰ গঠন প্ৰক্ৰিয়াৰ বিষযে, তথা সেই জাতি গঠন প্রক্রিয়াৰ ‘আইডিয়ল’জি’- জাতীয়তাবাদৰ বিকাশৰ বিষয়ে ই আমাক গুৰুত্বপূর্ণ দিশৰ সম্ভেদ দিয়ে।

১৮২৬ চনত সম্পাদিত হোৱা ইয়াণ্ডাবু চুক্তিৰ ধাৰামতে অসমখন বিজয়ীৰ অধিকাৰ হিচাপে গণ্য হৈ বার্মিজসকলৰ হাতৰ পৰা ব্ৰিটিছ ইষ্ট ইন্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ যোৱাৰ পাছৰ পৰাহে যুঁজ-বাগৰ আদিবোৰৰ অৱসান ঘটি ক্রমান্বয়ে অসমৰ সমাজলৈ সুস্থিৰতা আৰু অনিশ্চয়তামুক্ত পৰিৱেশ ঘূৰি আহিছিল। অসমত ঔপনিবেশিক শাসন-প্রতিষ্ঠাৰ সময়ত অসমৰ প্রকৃত জনসংখ্যা কিমান আছিল তাক নিশ্চিতভাবে ক’ব পৰা নাযায়। আগৰ পৰা জনপিয়লৰ পৰম্পৰা এটা অসমত আছিল যদিও ই বেছ সীমাবদ্ধ আছিল যেন অনুমান হয় আৰু ইয়াৰো কোনো প্রামাণ্য নথি আদি পাবলৈ ক’তো নাই। ব্রিটিছ অহাৰ পাছত সম্পাদিত প্রথম লোকপিয়লত অসমৰ জনসংখ্যা পোৱা গৈছিল। পাহাৰকে ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাত ১৮২৬ চনত ব্রিটিছ অহাৰ সময়ত অসমৰ জনসংখ্যা ২৫-৩৫ লাখতকৈ বেছি হ’ব বুলি কোনোমতে কোৱা নাযায়। ইয়াৰ ভিতৰত অসমীয়াভাষীৰ সংখ্যা কিমান হ’ব সেইটোও এটা বিচাৰ কৰিবলগীয়া বিষয়।

কিন্তু অসমত অসমীয়া ভাষাৰ বিপত্তি এইখিনিতেই শেষ নহ’ল। ব্রিটিছ কোম্পানীৰ শাসন প্রতিষ্ঠা হোৱাৰ দহটা বছৰৰ ভিতৰতেই ঔপনিৱেশিক প্রশাসকসকলে অসমত চৰকাৰী প্ৰশাসন, আদালত আৰু শিক্ষাৰ মাধ্যম হিচাপে অসমীয়া ভাষাক অপসাৰণ কৰি তাৰ ঠাইত বাংলা ভাষাৰ প্ৰৱৰ্তন কৰিলে। ইয়াৰ পাছত সুদীর্ঘ ৩৬ বছৰকাল আছিল অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ কাল। মুষ্টিমেয় শিক্ষিত অসমীয়া লেখক-সাহিত্যিক, ৰাজকৰ্মচাৰী আৰু অন্যান্য লোকে এমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ সহায়ত বহু প্রচেষ্টা, আপীল-আৱেদনৰ অন্ততঃ ১৯৭২-৭৩ চনত অসমত শিক্ষাৰ মাধ্যম হিচাপে আৰু আদালত আৰু প্ৰশাসনৰ ভাষা হিচাপে অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল। এই ঘটনাই কিন্তু অসমীয়া ভাষাক এক আধুনিক জাতীয় ভাষা হিচাপে বিকশাই তোলাৰ প্ৰচেষ্টা আৰম্ভ কৰিলে আৰু ইয়াক জোৰদাৰ কৰিও তুলিলে। অসমীয়া ভাষাত স্কুলীয়া পাঠ্যপুথি লিখাৰ প্ৰয়াসৰ পৰা আৰম্ভ কৰি আধুনিক অভিধান, ব্যাকৰণ, ইত্যাদি আদি ৰচনাৰ সমগ্ৰ কাম-কাজ আৰম্ভহ’ল। এলিট শ্ৰেণীটোৰ মাজত এক প্রবল ভাষিক সচেতনতা, দেশপ্রেমৰ জন্ম দিলে। ভাষাভিত্তিক জাতীয়তাবাদৰ আৰম্ভণিৰ বিন্দু হিচাপে আমি এই ঘটনা আৰু ১৮৩৬ চনকেই (বা ১৮৩৬-১৯৭৩ এই সময়ছোৱাক) চিহ্নিত কৰিব পাৰোঁ। (ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ১৯০৫ চনৰ বংগভংগ আন্দোলন আৰু পূর্ববংগক অসমৰ লগত সংলগ্ন কৰা ঘটনাই অসমীয়া জাতীয়তাবাদী চেতনাত ভৌগোলিক সীমাৰ ধাৰণাটো- ভৌগোলিক জাতীয়তাবাদক সবল কৰি তুলিলে। সেয়া অন্য প্রসংগ)।

১৮২৬ চনত যদি অসমৰ জনসংখ্যা পাহাৰ অঞ্চলকে ধৰি ২৫-৩৫ লাখ আছিল বুলি ধৰি লওঁ, তেতিয়াহ’লে এই কথা নিশ্চিত যে এই সকলো লোক কিন্তু অসমীয়াভাষী নাছিল। এনে হোৱাটো সম্ভৱপৰ নহয় কাৰণ, সেই সময়ত অসমীয়া ভাষা আছিল মূলতেই কথিত ভাষা, যদিও এই ভাষাৰ লিখিত সাহিত্যৰ এক শক্তিশালী ঐতিহাসিক পৰম্পৰা আছিল। কিন্তু সেই সময়ত আধুনিক অসমীয়া ভাষাৰ সাৰ্বজনীন ৰূপটো নির্মাণ হৈ উঠাই নাই আৰু ই এক সার্বজনীন শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ মাধ্যম হিচাপে সমাজত বহলকৈ আৰু দকৈ শিপাই পৰিব পৰাই নাই। এই কালটো আহিছে বহু পাছত। আনকি ধর্মীয় দিশ হিচাপেও শংকৰদেৱ-মাধৱদেৱৰ লিখনিবোৰ লৈ কীর্তন-ভাগৱতৰ পাঠ আৰু শ্রুতিৰ মাজেৰে ভাষাটোৰ সাৰ্বজনীন ধর্মীয় ৰূপটোও ল’ব পৰা নাই। ইও পৰৱৰ্তীকালৰ বিকাশ। অর্থাৎ ২৫-৩৫ লাখ অসমবাসীৰ ভিতৰত অসমীয়া ভাষা কোৱা আৰু ব্যৱহাৰ কৰা লোকৰ সংখ্যা বাস্তৱিকতে বহুত কম হ’ব। হয়তো এই সংখ্যা ১৫-২০ লাখব ভিতৰতহে হ’ব লাগে বা ইয়াতকৈ সামান্য বেছি হ’ব পাৰে।২০ লাখ অসমীয়াভাষীৰ পৰা প্রায় দুশ বছৰৰ পাছত ২০১৮ চনত অসমীয়াভাষীৰ সংখ্যা কেনেকৈ ইমান বেছি হ’ল বিশ্বৰ ৫৭ সংখ্যক বৃহত্তম ভাষা হৈ পৰিল? কেরল অসমীয়া ভাষা কোৱা মূল ১.৫৪ কোটি আৰু দ্বিতীয় তথা তৃতীয় ভাষা হিচাপে অসমীয়া কোৱা মানুহক লৈ মুঠ ২.৬৭ কোটি মানুহ কেনেকৈ ওলাল? ২০ লাখ জনসংখ্যাৰ পৰা স্বাভাৱিক প্রজনন আৰু জনসংখ্যা বৃদ্ধিৰ জৰিয়তে ১ কোটি ৫৪ লাখ মূল অসমীয়াভাষীয়েই ওলাব নোৱাৰে, মুঠ অসমীয়াভাষীৰ সংখ্যাটো সুকীয়াই। অর্থাৎ অসমীয়াভাষীৰ বৃদ্ধি আভ্যন্তৰীণ জনসংখ্যা বিকাশৰ জৰিয়তে হোৱা নাই ঐতিহাসিকভাবে ই সম্ভৱ হৈছে বাহ্যিক কাৰণতহে। বাহিৰৰ পৰা ইয়ালৈ চামে চামে মানুহ আহি অসমীয়া ভাষা গ্রহণ কৰাৰ কাৰণেহে ই সম্ভৱ হৈছে। প্রথমে কেৱল কোৱাৰ বাবে আৰু পাছত লিখিবলৈ, শিক্ষাৰ মাধ্যম হিচাপে পঢ়িবলৈ, দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিবলৈ, ভাবপ্রকাশৰ মাধ্যম হিচাপে লোৱাৰ জৰিয়তে, আনকি সাহিত্যিক, সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্রতো এই ভাষাকে মূলতে ভাবপ্রকাশ আৰু কাম-কাজৰ ভাষা হিচাপে লোৱাৰ জৰিয়তে অসমীয়া ভাষা গ্ৰহণৰ প্রক্রিয়াটো সম্পূর্ণ হৈছে আৰু মূল অসমীয়াভাষী তথা অসমীয়া ভাষাক দ্বিতীয় আৰু তৃতীয় ভাষা হিচাপে লোৱা সকলোকে লৈ মুঠ অসমীয়াভাষীসকলৰ বৃদ্ধি সম্ভৱপৰ হৈছে।

অসমীয়া ভাষাটোক এনেধৰণৰ বৃদ্ধি আৰু বিকাশত অৰিহণা যোগালেহি সেই কথা এইবাৰ আমি চোৱাটো প্রয়োজন। এই বিষয়টোৰো দুটা প্রধান দিশ আছে। প্রথমটো হ’ল আভ্যন্তৰীণ আৰু দ্বিতীয়টো হ’ল বাহ্যিক বিকাশৰ দিশ- ভিতৰৰ আৰু বাহিৰৰ।

ভাষাৰ বিকাশৰ আভ্যন্তৰীণ দিশ

আভ্যন্তৰীণ বিকাশৰ দিশ বুলি ক’লে আমি বিকাশৰ সেই স্বাভাবিক প্রক্রিয়াটোক বুজোঁ, যি প্রক্রিয়াত অসম উপত্যকাৰ প্ৰাচীন বাসিন্দাসকলে, তেওঁলোক আর্যভাষী, মংগোলীয় বা অন্যান্য যি মূলৰ লোকেই নহওক কিয়, যি প্রাচীন কালৰ পৰা ইয়াত বসবাস কৰি আহিছে আৰু পৰস্পৰৰ লগত আদান-প্রদান তথা যোগাযোগৰ মাজেদি এই ঠাইখনৰ অধিবাসী বুলি পৰস্পৰে পৰস্পৰক স্বীকৃতি দিয়াই নহয়, এই সামাজিক প্ৰক্ৰিয়াৰ জৰিয়তে এক উমৈহতীয়া কথ্য (পাছত লিখিত) ভাষা গঢ়ি তুলিছে আৰু তেওঁলোকে কালক্রমত এই উমৈহতীয়া অসমীয়া ভাষাক নিজৰ মাতৃভাষা, প্রধান ভাষা হিচাপে গ্রহণ কৰি লৈছে। এইটো এটা স্বাভাৱিক প্রক্রিয়া। সমাজ বিকাশৰ স্বাভাৱিক নিয়ম অনুসৰিয়েই এখন ঠাইৰ জনসমাজে এটা ভাষাক নিজৰ প্রধানতম ভাবপ্রকাশৰ ভাষা হিচাপে গ্রহণ কৰি লয় আৰু সেই ভাষিক সমাজখনৰ এৰাব নোৱৰা অংশ হৈ পৰে। এই প্রক্রিয়াত অতীজতে নিজৰ কথ্য ভাষা কিবা যদি আছিলো তেনে ভাষাও এটা সময়ত এৰা পৰেগৈ। কথ্য ভাষাৰ উপৰি লিখিত ভাষা থাকিলেও সি বিভিন্ন সামাজিক, সাংস্কৃতিক, ধর্মীয় আৰু ৰাজনৈতিক কাৰণত এৰা পৰেগৈ। মই ইয়াত অসমৰ ক্ষেত্ৰত নির্দিষ্ট উদাহৰণ ইচ্ছা কৰিয়েই দিব খোজা নাই। পাঠকসকলে কথাটো নিজে চিন্তা কৰক আৰু অসমৰ কোনবোৰ জনসমষ্টিয়ে এনেদৰে ভাষিক সমাজ গঠনৰ স্বাভাবিক আভ্যন্তরীণ বা ভিতৰুৱা প্রক্রিয়াটোত অংশ লৈ উমৈহতীয়া

ভাষা এটা বিকাশৰ বাহ্যিক দিশ

অসম- ব্রহ্মপুত্র উপত্যকালৈ ইতিহাসৰ বিভিন্ন সময়ত, বিভিন্ন কাৰণত, বিভিন্ন ঠাইৰ পৰা, সুকীয়া সুকীয়া নৃগোষ্ঠীমূলৰ লোকৰ প্ৰব্ৰজন ঘটিছে। আমি মূলতেই বাহ্যিক বা বাহিৰৰ কাৰণ বুলি কওঁতে উপনিবেশিকতাৰ যুগৰ পাছত হোৱা প্ৰব্ৰজনবোৰক গ্ৰহণ কৰিম। অর্থাৎ আমি ১৮২৬ চনৰ পাছৰ কালৰ প্ৰব্ৰজনবোৰকহে গ্রহণ কৰিম। এনে কৰাৰ সংগত কাৰণ আছে। আন্তর্জাতিক আইন আৰু নীতি-নিয়ম অনুসৰি এখন ঠাইত পশ্চিমীয়া ঔপনিবেশিক শাসন আৰু হস্তক্ষেপৰ আগত যিসকল লোকে সেই অঞ্চলটোত বাসিন্দা হিচাপে আছিল তেওঁলোকক ‘ইন্ডিজেনাছ পিপল্ল’ (Indegenous people- চাবেকী অধিবাসী, ভূমিপুত্র, খিলঞ্জীয়া) বুলি কোৱা হয়। অসমীয়াত ইণ্ডিজেনাছ পিপ্লৰ ঠিক উপযুক্ত প্রতিশব্দ মই বিচাৰি পোৱা নাই, সেয়ে এই আলোচনাত ১৮২৬ৰ সময়সীমা গ্রহণ কৰিছোঁ। এই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে ঔপনিবেশিক হস্তক্ষেপৰ পাছত অসম উপত্যকালৈ প্ৰব্ৰজন কৰি আহি ইয়াত বসবাস কৰিবলৈ লোৱা মূল জনসমষ্টিবোৰ ধৰণৰ ইয়াৰ আগতেও এনে কিছু লোক সীমামূৰীয়া এলেকাত বিশেষকৈ অসম-বংগৰ সীমাৰ অবিভক্ত গোৱালপাৰা আৰু দক্ষিণৰ কাছাৰ তথা এনে কিছুমান ঠাইতো এনে লোক আহি বসতি কৰাটো আচৰিত কথা নহয়। কিয়নো সমগ্র ব্রহ্মপুত্র উপত্যকা একে ৰাজনৈতিক প্রশাসনৰ অধীনত নাছিল। পশ্চিমৰ অবিভক্ত গোৱালপাৰা জিলাৰ এক বৃহৎ অংশ কোচ, মোগল আৰু কোম্পানীৰ প্ৰশাসনত আছিল, য’লৈ মানুহৰ অহা-যোৱা আৰু য’ত বসতি স্থাপন কৰাটো সহজ নাছিল। কিন্তু এনে লোকৰ সংখ্যা খুব বেছি নহ’ব বাবে সামগ্রিক বিচাৰত ই গুৰুত্বপূৰ্ণ নহয়। এইবাৰ এটা এটাকৈ আমি গোটবোৰ চাবলৈ চেষ্টা কৰোঁ। ধৰণৰ ইয়াৰ আগতেও এনে কিছু লোক সীমামূৰীয়া এলেকাত বিশেষকৈ অসম-বংগৰ সীমাৰ অবিভক্ত গোৱালপাৰা আৰু দক্ষিণৰ কাছাৰ তথা এনে কিছুমান ঠাইতো এনে লোক আহি বসতি কৰাটো আচৰিত কথা নহয়। কিয়নো সমগ্র ব্রহ্মপুত্র উপত্যকা একে ৰাজনৈতিক প্রশাসনৰ অধীনত নাছিল। পশ্চিমৰ অবিভক্ত গোৱালপাৰা জিলাৰ এক বৃহৎ অংশ কোচ, মোগল আৰু কোম্পানীৰ প্ৰশাসনত আছিল, য’লৈ মানুহৰ অহা-যোৱা আৰু য’ত বসতি স্থাপন কৰাটো সহজ নাছিল। কিন্তু এনে লোকৰ সংখ্যা খুব বেছি নহ’ব বাবে সামগ্রিক বিচাৰত ই গুৰুত্বপূৰ্ণ নহয়। এইবাৰ এটা এটাকৈ আমি গোটবোৰ চাবলৈ চেষ্টা কৰোঁ।

১। অসমৰ চাহ বাগানত কৰিবলৈ অনা বিভিন্ন নৃগোষ্ঠীমূলক ‘গিৰমিটিয়া’ শ্রমিকসকল আৰু তেওঁলোকৰ সতি-সন্ততি। এনে লোকসকল ভাৰতৰ বিভিন্ন ঠাইব, বিভিন্ন সামাজিক বর্গব আৰু বিভিন্ন নৃগোষ্ঠীৰ মূলৰ। দাৰিদ্ৰকে ধবি বিভিন্ন বাজনৈতিক, আর্থ-সামাজিক কাৰণত এওঁলোকক চাহ বাগানত কাম কৰাবৰ বাবে অনা হয়। ব্রহ্মহ্মপুত্র উপত্যকার এনে লোকসকলৰ প্ৰায় সকলোৱেই সামাজিক, অর্থনৈতিক কাৰণত অসমীয়া ভাষা ক’ব পাৰে, কয়, ব্যৱহাৰ কৰে আৰু শিক্ষাৰ মাধ্যম হিচাপেও গ্রহণ কৰিছে। এওঁলোকৰ মাজত এটা ডাঙৰ অংশ সম্পূর্ণভারে অসমীয়াভাষী হৈ পৰিছে। অতি অৱহেলিত, শোষিত এই জনসমাজব মাজত শিক্ষা আৰু সাক্ষৰতাৰ হাৰ আজিও অতি কম বাৰে অসমীয়া ভাষা পঢ়িব আক লিখিব পৰা লোকৰ সংখ্যা স্বাভাৱিকতে কম।

২। পূৰ্বৰংগৰ পৰা যোৱা প্রায় ১০০ বছৰৰ ওপৰকাল ধৰি প্ৰব্ৰজন কৰি অসমত বসবাস কৰা মুছলমান আৰু হিন্দু সম্প্রদায়ৰ লোকসকল। ইয়াবে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুছলমানসকলে ইতিমধ্যেই দ্ব্যর্থহীনভাবে অসমীয়া ভাষা গ্রহণ কৰিছে। ইছলাম ধর্মলৈ ৰূপান্তৰিত হোৱা স্থানীয় লোকসকল তথা দ্বাদশ শতিকাৰ পৰা আৰম্ভ কৰি উপত্যকাত সোমাই বসবাস কৰা গৰিষ্ঠসংখ্যক ইছলামধর্মী লোক ইতিমধ্যেই ভাষিক, সামাজিক, সাংস্কৃতিক দিশত অসমীয়া। বাঙালী হিন্দুসকলৰ মাজতো তথাকথিত তলৰ জাতৰ বুলি গণ্য হোৱা আৰু অর্থনৈতিকভাৱেও অত্যন্ত পিছপৰা আৰু দৰিদ্র মাছমৰীয়া সম্প্রদায়, নমশূদ্র আদি লোকে অসমীয়া ভাষাক বিভিন্ন পর্যায়লৈ গ্রহণ কৰিছে আৰু বহল সমাজখনত বঙালী মধ্যবিত্ত, নিম্ন মধ্যবিত্ত উচ্চজাতব লোকসকলতকৈ অধিক ঘনিষ্ঠভাবে মিলি পৰিছে।

৩। বহু যুগৰ পৰা আহি অসমত স্থায়ীভাবে বসবাস কৰিবলৈ লোৱা নেপালীসকল। ইংগ-নেপাল যুদ্ধ আৰু চুক্তিবোৰৰ ফলত হিমালয়ৰ পাদদেশৰ (তৰাই অঞ্চলৰ) বহু এলেকা ব্রিটিছ ভাৰতৰ অংশ হৈ পৰে তাৰ অধিবাসীসকলৰ সৈতে। তাৰ পাছৰ পৰাই দাৰিদ্রপীড়িত নেপালী লোকসকলৰ প্ৰব্ৰজনো দ্রুত হাৰত আৰম্ভ হয়। মূলতেই খেতিয়ক, গো-পালক এই লোকসকলৰ বেছিভাগ গাঁও অঞ্চলত থাকি তাৰ স্থানীয় মানুহৰ ভাষা ক’বলৈ, পঢ়িবলৈ আৰম্ভ কৰে। বহু নেপালী লোকৰ সতি-সন্ততিয়ে হয়তো প্ৰথমবাৰৰ বাবে অসমীয়া মাধ্যমত শিক্ষা আৰু সাক্ষৰতা লাভ কৰে। জীৱিকাৰ সন্ধানত চহৰলৈ অহা নেপালী সম্প্রদায়ৰ লোকসকলেও এই ভাষা আয়ত্ত কৰি লয়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ গৰিষ্ঠসংখ্যক নেপালী লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে।

৪। দেশ বিভাজনৰ সময়ত পূর্ববংগৰ পৰা অসমলৈ আহি বসবাস স্থাপন কৰা গাৰো, চাকমা, হাজং, ৰাজবংশী, মেছ, বড়ো আদি বিভিন্ন জনজাতীয় হিচাপে পৰিগণিত লোকসকল।

৫। ভাৰতৰ আন আন অঞ্চল বা ৰাজ্যৰ পৰা জীৱিকাৰ সন্ধানত অহা লোকসকল। ব্রিটিছ অহাৰ পাছৰ পৰাই ভাৰতৰ আন আন অঞ্চল আৰু ৰাজ্যৰ পৰা অসমলৈ মানুহ আহি স্থায়ীভাবে বসতি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এনে লোকৰ ভিতৰত বাঙালী, বিহাৰী, ৰাজস্থানী, মাবোৱাৰী আৰু আনকি কমসংখ্যক হ’লেও পাঞ্জাবী, তামিল, মালয়ালী আদি লোকো আছে। স্থায়ীভাবে বসবাস কৰিবলৈ লোৱা এনে বেছিভাগ লোকেই অসমীয়া ভাষাক নিজৰ দ্বিতীয় বা তৃতীয় ভাষা হিচাপে কোৱাত ব্যৱহাৰ কৰে আৰু বহুতেই ইয়াক পঢ়িব-লিখিবও পাৰে। এই পাঁচটা মূলৰ লোকেই অসমত ঔপনিবেশিক যুগ আৰম্ভ হোৱাৰ পাছত আহি বসবাস স্থাপন কৰা মূল জনসমষ্টি। অসমীয়া শিখসকলব প্রসংগটোও বোধকৰোঁ উল্লেখ কৰা প্রযোজন হ’ব। ঔপনিৱেশিক যুগৰ আগতে মানৰ আক্ৰমণৰ সময়ত মহাবাজ ৰঞ্জিত সিংহই অসমৰ আমন্ত্রণক্রমে পঠিওৱা শিখ সৈনিকসকলৰ এটা দলে অসমত স্থায়ীভারে বসবাস কৰিবলৈ লয় আৰু স্থানীয়ভাবে বিয়া-বাৰু কৰাই অসমৰ জনসমাজৰ লগত মিলি যায়। তেওঁলোকে সম্পূর্ণভারে অসমীয়া ভাষাক গ্রহণ কৰিছে। এওঁলোক হ’ল শিখ ধর্মাবলম্বী অসমীয়া। পৰৱৰ্তী যুগতো ভাৰতৰ আন ঠাইৰ পৰা ব্যৱসায়-বাণিজ্য আদি বিভিন্ন কামত আহি পাঞ্জাবী শিখ বহু লোকে অসমত স্থায়ী বসতি স্থাপন কৰিছে। এওঁলোকৰ সংখ্যাগৰিষ্ঠই স্থানীয় অসমীয়া ভাষা ক’ব পাৰে, কয় আৰু ব্যৱহাৰ কৰে।

ইতিহাসৰ বিভিন্ন সময়ত এনেদৰে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অসমত স্থায়ীভাবে বসবাস কৰিবলৈ লোৱা এই মানুহখিনিয়ে অসমীযাভাষীৰ সংখ্যা বঢ়াই তুলি অসমীয়া ভাষাক সমৃদ্ধ কৰিছে। এওঁলোকেই অসমীয়া ভাষা বৃদ্ধি আৰু বিকাশৰ স্বাভাবিক ক্ষেত্র আৰু অসমীয়া জাতি গঠনৰ আধাৰ। পুনকল্লেখৰ আশংকা থাকিলেও এই কথাটো বোধকৰোঁ উত্থাপন কৰা সমীচীন যে আধুনিক জাতি গঠন এটা প্রকল্প আৰু ই এটা বিকাশমান প্রক্রিয়া। ই কেবল নৃগোষ্ঠীগত মূল, খিলঞ্জীয়া চৰিত্ৰ, ধৰ্ম এইবোৰৰ ওপৰত নিৰ্ভৰশীল নহয়। এনে হ’লে ই আজিৰ পৃথিৱীত স্বাভাৱিকতে অতি সংকীর্ণ আৰু দুৰ্বল হৈ পৰিবলৈ বাধ্য। কিন্তু এনে জাতি গঠন ভাষা আৰু ভৌগোলিক আধাৰ- এই দুটা চৰ্তৰ ওপৰত নিৰ্ভৰশীল। ভৌগোলিক আধাৰৰ কথাটো বহুদূৰ ৰাজনীতিৰ ওপৰতে নিৰ্ভৰশীল। সাধাৰণতে তেনে সীমা এখন প্রদেশ হয়। কেতিয়াবা হয় একোটা স্বায়ত্তশাসিত অঞ্চল। এই ভৌগোলিক এলেকাৰ ৰাজনৈতিক আৰু প্রশাসনিক ক্ষমতাৰ প্ৰশ্নটো ইয়াৰ লগত জড়িত হৈ থাকে। সেয়ে এনে এক প্রেক্ষাপটত ভাষাই হ’ল সচৰাচৰ বিভিন্ন মূলৰ পৰা অহা মানুহবোৰক ঐক্যবদ্ধ কৰাৰ এটা শক্তিশালী আধাৰ।

ভাষা কিন্তু জোৰকৈ জাপি দিয়া নাযায়। তেতিযা হিতে বিপৰীত হয়। ভাষা এটা স্বাভাৱিকভাৱে গ্ৰহণ কৰাৰ পৰিৱেশ আৰু পৰিস্থিতি সৃষ্টি কৰিব পাৰিব লাগে। ইয়াৰ ভিতৰত সেই ভাষাটোত এক সার্বজনীন, উন্নত, বিনামূলীয়া শিক্ষা ব্যবস্থা গঢ়ি তোলাটো অতি গুৰুত্বপূৰ্ণ কথা। ভাষাটোক লৈ এক শক্তিশালী ভার্নেকুলাৰ সংবাদ মাধ্যম (ছপা আৰু বৈদ্যুতিন মাধ্যম) গঢ়ি তোলা, ভাষাটোত উন্নত সাহিত্যিক পৰিমণ্ডল গঢ়ি তোলা আৰু অন্য ভাষামূলৰ লোকক এই ভাষা লিখাত প্রোৎসাহন যোগোৱা, মাতৃভাষাকেন্দ্রিক আৰু নৃগোষ্ঠীকেন্দ্রিক সংকীর্ণতাৰ পৰা ওপৰলৈ উঠি ভাষাটোৰ আৱৰ্তৰ মাজত সকলো মূলৰ মানুহক আঁকোৱালি লোৱা, ধর্মক জাতি গঠন, ভাষা গ্ৰহণৰ বিষয়টোৰ পৰা কঠোৰভাৱে আৰু সচেতনভাবে দূৰত বখা, প্রশাসন, চৰকাৰী কাম-কাজ, আইন-আদালত (তলৰ পৰ্যায়ৰ হ’লেও) আদিত এই ভাষা ব্যৱহাৰ হোৱাটো সুনিশ্চিত কৰা ইত্যাদি, এইবোৰ হ’ল ভাষা এটাৰ জৰিয়তে জাতি গঠনৰ দিশ আগবাঢ়ি যোৱাৰ স্বাভাৱিক প্রক্রিয়া। আজিৰ পৃথিৱীত ইয়াৰ বিকল্প নাই।

এটা সক উদাহৰণেৰে আলোচনাৰ এই প্ৰসংগটো শেষ কৰিব খুজিছোঁ। মোব কেইজনমান সহপাঠী আৰু বন্ধুৰ ভিতৰত নেপালী (নেপালৰ নাগৰিক), ভূটানৰ নাগৰিক, কেনিয়াৰ কৃষ্ণাংগ লোক, মবিছাছৰ ক্ৰিয়ল (বগাচাহাব আৰু স্থানীয় লোকৰ সংমিশ্রিত লোক) আৰু ইটালীৰ এক বগাচাহাব ধর্মযাজকো আছিল, যিসকলে অসমত থাকি সলসলীয়াকৈ অসমীয়া ক’ব পৰা হৈছিল আৰু নেপালীকেইজনে আৰু ইটালিয়ানজনে পঢ়িবলৈ আৰু লিখিবলৈকো আনকি শিকিছিল। স্বাভাৱিকতে অসমীয়া ভাষা ক’ব পৰা লোকৰ লেখৰ ভিতৰত তেওঁলোকো পৰিব। তেওঁলোক বাৰু অসমীয়া নেকি? নহয়। কিন্তু তেওঁলোক যদি অসমীয়া হ’ব বিচাবে, তেনেহ’লে তেওঁলোকক আমি আমাৰ মাজত কোনো আঁব-বেৰ নথকাকৈ আঁকোৱালি লোৱাৰ আৰু ল’ব পৰাৰ মানসিকতা আৰু পৰিপক্কতা থাকিব লাগিব। একেসময়তে আমি তেওঁলোকৰ সকলো বিভিন্নতা আৰু মানৱ অধিকাৰক মর্যাদা দিব পাৰিব লাগিব। আমি সৰু থাকোঁতে নগাঁৱৰ মৰিগাঁৱত এজন এমেৰিকান নিগ্রো লোকে বাস কৰিছিল। দ্বিতীয় মহাযুদ্ধৰ সময়ত এমেৰিকান সেনাৰ লগত অহা এই লোক যুদ্ধৰ পাছত থাকি গৈছিল। সুদক্ষ মেকানিক এই লোকজনে মৰিগাঁও অঞ্চলৰ ধানৰ মিলবোৰৰ যন্ত্রপাতি মেৰামতি কৰা আৰু চলাই ৰখাত সহায় কৰিছিল আৰু বিয়া-বাৰু কৰি অসমতে থাকি গৈছিল। সলসলীয়াকৈ তেওঁ অসমীয়া কৈছিল। তেওঁ অসমীয়া হয় নে নহয়? সেই আমাৰ ইয়াত নোহোৱা-নোপজা এমেৰিকাৰ কৃষ্ণাংগ লোকজন? দ্ব্যর্থহীনভাৱে তেওঁ অসমীয়া। অসমীয়া জাতিৰ সন্মানিত অংশীদার। অসমীয়া ভাষা কোৱা কিন্তু পঢ়িব-লিখিব নজনা বেলেগ মূলব লোক এজন অসমীয়া জাতিৰ অংশীদাৰ হ’ব পাৰে নে নোৱাৰে? পাৰে ।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *