আইনৰ অৰ্থ

Mirnal Gogoi
21 Min Read

‘আইন’ ইংৰাজী ভাষাত ল’ (Law) বুলি কোৱা হয়। এই শব্দটোৰ অৰ্থ ইমান বিশাল যে ইয়াৰ সূত্র বা সংজ্ঞা দিয়া অতি কঠিন কাম। অতি পুৰণি কালৰে পৰা আইন শাস্ত্ৰৰ ব্যক্তি আৰু পণ্ডিতসকলে ইয়াৰ প্ৰকৃত সংজ্ঞা দাঙি ধৰিবলৈ যত্ন কৰি আহিছে। আইন শাস্ত্ৰজ্ঞসকলৰ ভিতৰত ব্লেকষ্টন, হমচ্, চালমন্দ, হবচ্ অষ্টিন, মনষ্টেচকো আৰু গ্ৰীণৰ নাম উল্লেখ্যযোগ্য। আইন হ’ল গতিশীল। সমাজৰ প্ৰয়োজন আৰু সময় সাপেক্ষে ইয়াৰ পৰিৱৰ্তন ঘটি আহিছে। মানুহৰ জ্ঞানৰ পৰিধি বৃদ্ধি হোৱাৰ লগে লগে আইনৰ পৰিৱৰ্তন হোৱাটো ভালদৰে পৰিলক্ষিত হৈছে। মানৱ সমাজৰ ইতিহাসে আমাক ভালদৰে বুজাই দিয়ে যে, বৰ্তমানৰ গছজোপাৰ শিপাবিলাক অতীত দিনৰে।’ আদালতৰ কথাও প্রায় একেধৰণেই। মানুহৰ পূৰঠ অভিজ্ঞতাৰে বছৰৰ পাছত বছৰ ধৰি গৱেষনাৰ প্ৰচেষ্টাৰ ফলত সৃষ্টি হোৱা আইন বর্তমানে বিদিত আৰু স্বীকৃত। থোৰোতে ক’বলৈ গ’লে বৰ্তমানৰ ‘আইন’ আৰু ‘আদালত’ অতীতৰ ক্ৰমবিকাশে মাথোন। আইনৰ সংজ্ঞা দঙি ধৰি ব্লেকষ্টনে কয় যে, “মাধ্যাকর্ষণ শক্তিয়ে কাম কৰাৰ দৰে আইনে মানুহৰ কৰ্ম পদ্ধতি নিয়ন্ত্ৰণ কৰে আৰু নির্বিচাৰে সকলো ধৰণৰ কামতে প্রযোজ্য হয়, সি লাগে প্রণৱন্তই হওক বা প্রাণহীনেই হওঁক-বিচাৰ বুদ্ধি নথকা অর্থাৎ মূর্খয়েই হওক।” বেন্থামৰ মতে, “আইন হৈছে আলোচনাৰ অংশ বিশেষ- যিটোরে তৎপূর্যপূৰ্ণভাৱে প্ৰকাশ কৰি সকলো ক্ষেত্রতে প্রযোজ্য হোৱাকৈ স্থায়ী মীমাংসা কৰে।” আইনজ্ঞ চালমন্দে কয়, যে ‘আইন হৈছে কিছুমান নীতি-নিয়মৰ সমষ্টি-যিবিলাক ন্যায় বিচাৰৰ বাবে প্রযোজ্য আৰু যাক সার্বভৌমত্বই গ্রহণ কৰে।” পণ্ডিত অষ্টিনৰ মতে আইন “সাৰ্বভৌমত্বৰ আদেশ, যি আদেশত ব্যক্তি আৰু সমাজ বাধিত হৈ পৰিচালিত হয়।” আইন শাস্ত্রজ্ঞ ককে কয়, যে “আইন হৈছে ঈশ্বৰ প্ৰদত্ত আৰু ঋষি-মুনিৰ সিদ্ধান্ত।” আনহাতে হলেণ্ডে কয়, যে “বাহ্যিক ৰূপত দেখা পোৱা মানুহৰ কাৰ্যকলাপবিলাকৰ ব্যৱস্থাৰ নিমিত্তে গ্রহণ কৰা নীতি-নিয়ম, যিবিলাক নীতি-নিয়মক ৰাজ সমাজে স্বীকৃতি প্রদান কৰে।”

‘আইন’ আৰু ‘আদালত’ শব্দ দুটা ভাৰতীয় ভাষা নহয়। ‘আইন’ শব্দটো ফার্চী আৰু ‘আদালত’ শব্দটো আৰবীয় ভাষা পৰা আহি ভাৰতীয় ভাষা  অসমীয়া ভাষাত সোমাই পৰিছে। দুয়োটা শব্দ ইটোৰ লগত সিটোৰ ওতঃ প্রোতঃ সম্বন্ধ আছে এটা টকাৰ ইপিঠি-সিপিঠিৰ দৰে। সাধাৰণতে ‘আইন’ শব্দটোৰ অৰ্থ হ’ল অনুশাসন, বিধি-বিধান। ইফালে ‘আদালত’ শব্দটোৰ অৰ্থ হ’ল বিচাৰালয় বা ন্যায়ালয়।

ইংৰাজী ভাষাত আইনক কোৱা হয় Lex, ফ্রান্স ভাষাত Jus, জার্মান ভাষাত Droit আৰু লেটিন ভাষাত Retch বুলি কয়। Lex শব্দৰ অৰ্থ হ’ল বিধান মতে হোৱা অর্থাৎ ন্যায়সংগ। আইনৰ পণ্ডিত অষ্টিনে আইনক দুটা ভাগত ভাগ কৰি কয়, যে আইন সাধাৰণতে মানুহৰ বাবে এক নির্দেশনা মাত্র। ই ভগৱানৰ নিৰ্দেশনা আৰু মানুহৰ বাবে প্ৰস্তুত কৰা বিধি। এই বিধানসমূহ প্রচলিত ৰীতি-নীতি বা সমাজ দস্তুৰ আদি। ইয়াৰ ভিতৰত ৰূপক বা উপমা-অলংকাৰ আইন (metaphor) বুলিও ক’ব পাৰি। এই আলোচনাৰ পৰা বুজা যায় যে আইনৰ ভাগ দুটা। এটা হ’ল আচল বা বাস্তর আইন আনটো হ’ল মিশ্রিত হৈ বান্ধখোৱা আইন। আচল বা প্রকৃত আইন হ’ল অধ্যাদেশ, বিধান সভাত বা সংসদত গৃহীত হোৱা বিধান অর্থাৎ লিখিত আইন। হিন্দু বা মুছলিম আইন বর্তমান মিশ্রিত হৈ বান্ধ খোৱা আইন। বিভিন্ন সময়ত বিভিন্ন পণ্ডিতসকলে দাঙি ধৰা আইনৰ সংজ্ঞাবিলাক আলোচনা কৰি আমি মত পোষণ কৰিব পাৰোঁহক যে, আইন হৈছে কিছুমান নিয়ম-নীতিৰ সমষ্টি- যিবিলাক নিয়ম-নীতি প্রচলিত হৈ আহিয়েই হওক বা সংসদ নাইবা বিধান সভাত গৃহীত হোৱায়েই হওক যিবিলাক নিয়ম-নীতিয়ে ব্যক্তি, সমাজ আৰু দেশ এখনক শৃঙ্খলাবদ্ধভাৱে পৰিচালিত কৰে। এই নিয়ম-নীতিবিলাকক সমাজে স্বীকৃতি দিয়ে। স্বীকৃতিপ্রাপ্ত নিয়ম-নীতিবিলাক উলংঘা কৰিলে শাস্তি প্রদান কৰা হয়। চমুকৈ ক’বলৈ গ’লে যিবিলাক নিয়ম-নীতি প্রযোজ্য হয় আৰু তাক উলংঘা কৰিলে শাস্তি প্রদান কৰা হয় তাকেই আইন বুলি ক’ব পাৰি। আনহাতে, যিবিলাক নিয়ম-নীতি প্রযোজ্য (enforce) নহয় আৰু ইয়াক উলংঘা কৰিলে শাস্তি বিহা নহয় তাক আইন বুলি ক’ব নোৱাৰি।

আইন আৰু ধৰ্ম

এতিয়া কথা হ’ল আইনৰ মুখ্য উদ্দেশ্য বা লক্ষ্য কি? মূলতঃ আইনৰ মুখ্য উদ্দেশ্য হ’ল ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰক শৃঙ্খলাবদ্ধভাৱে পৰিচালিত কৰা আইন সকলোৰে বাবে সমান। বর্তমান আইন মানুহে ৰচনা কৰে মানুহৰ বাবে। আইন নীতি-শাস্ত্ৰৰ ওপৰত প্রতিষ্ঠিত। মানুহে কি কৰা উচিত বা কি কৰা অনুচিত তাকেই নীতি-শাস্ত্রই জ্ঞান দিয়ে। যি আইন মানুহ তথা মানৱ সমাজৰ উপকাৰত আহে তাক ভাল আইন বুলি কোৱা হয়। দেশৰ নাগৰিকসকল বাধিত হ’লেহে সমাজ আৰু ৰাষ্ট্ৰ এখন সূচাৰুৰূপে পৰিচালিত হ’ব পাৰে।

সমাজক কেৱল আইনৰ জৰিয়তেই সুচাৰুৰূপে পৰিচালিত কৰি আহিছেনে? ইয়াৰ উত্তৰত ক’ব লাগিব যে কেতিয়াও নহয়। মানৱ সমাজক শৃঙ্খলাবদ্ধ কৰি ৰখাত ধৰ্মৰ বৰঙণি অতি বেছি। ধর্মই মানৱ সমাজক ভালদৰে শৃঙ্খলাবদ্ধ কৰি ৰাখিছে। তেতিয়াহ’লে ধৰ্মৰ অৰ্থ কি? বা ধর্ম বুলি ক’লে আমি কি বুজো। মানুহে বিশ্বাস কৰে যে বিশ্বব্রহ্মাণ্ডখন ভগৱানে সৃষ্টি কৰিছে। তেওঁ অদৃশ্য। কিন্তু ভগৱানে আমাক দেখি আছে। তেৱেঁই আমাক পৰিচালিত কৰি আছে। ই হ’ল মানুহৰ এক গভীৰ বিশ্বাস। ভগৱানক কেন্দ্ৰ কৰি কিছুমান নিয়ম-নীতিৰ সৃষ্টি কৰা হ’ল সেই বিশ্বাসৰ মানুহক পৰিচালিত কৰিবৰ বাবে। বেয়া কাম কৰিলে পাপ হ’ব। অর্থাৎ ভগবানে শাস্তি দিব। গতিকেই, মানুহে ধৰ্মৰ নিয়ম-নীতিবিলাক ভালদৰে মানি চলে। এতিয়া আপুনি প্রশ্ন কৰিব পাৰে যে ধৰ্মৰ নিয়ম-নীতিবিলাক যদি সেই বিশ্বাসৰ নাগৰিকে মানি নচলে তেতিয়াহ’লে তেওঁলোকৰ বিৰুদ্ধে আদালতত গোচৰ তৰিব পৰা যাবনে? উত্তৰ ক’ব লাগিব যে, তেওঁলোকৰ বিৰুদ্ধে আদালতত গোচৰ তৰিব নোৱাৰে। তেতিয়াহ’লে দেখা গ’ল যে, ধৰ্মৰ নিয়ম-নীতিবিলাকক আইন বুলি ক’ব নোৱাৰি। ধৰ্মৰ নিয়ম-নীতিবিলাক নাগৰিকসকলৰ ওপৰত জাপি দিব নোৱাৰে বা জাপি দিয়া নহয়। ইফালে আইন নাগৰিকৰ ওপৰত জাপি দিয়া হয়। যদি ধৰ্মৰ নিয়ম-নীতিবিলাক নাগৰিকৰ ওপৰতন জাপি দিয়া নহয়, তেতিয়া হ’লে এই নিয়ম-নীতিবিলাক নাগৰিকে মানি চলে কিয়? ইয়াৰ উত্তৰৰ পম খেদি গ’লে আমি কি পাওঁ ?

ভাৰতীয় আইন

ভাৰতবৰ্ষৰ আইন বুৰঞ্জীৰ পাত লুতিয়ালে আমি পাওঁ যে, ইষ্ট ইন্ডিয়া কোম্পানী ভাৰতবৰ্ষলৈ আগমন হোৱাৰ তাৰিখৰ পৰাহে ভাৰতবৰ্ষৰ আইন বুৰঞ্জী গণনা কৰা হয়। অর্থাৎ ১৬০০ খৃষ্টাব্দৰ পৰাহে ভাৰতবৰ্ষৰ আইন বুৰঞ্জী পোৱা যায়। প্রশ্ন হয় যে, এই তাৰিখৰ আগতে ভাৰতবৰ্ষত ন্যায় বিচাৰ হোৱা নাছিল নেকি? উত্তৰত আমি ক’ব পৰো যে, ভাৰতবৰ্ষত ন্যায় বিচাৰ হৈছিল। ভাৰতীয় বিচাৰ পদ্ধতি বৰ্তমানৰ পৰা প্ৰায় ৫০০০ হাজাৰ বছৰৰ পুৰণি। এই যুগত ন্যায়-বিচাৰ কৰা হৈছিল ধৰ্ম শাস্ত্ৰৰ নীতি কথাৰ জৰিয়তে। হিন্দু ৰজাসকলে সকলো ধৰণৰ বিষয় (Civil, Criminal and Revenue)ৰ গোচৰসমূহ ন্যায়ালয়ত নিষ্পত্তি কৰিছিল। অশোক, চন্দ্রগুপ্ত মৌর্য্য, কনিষ্ক, হর্ষবর্দ্ধন, আদি হিন্দু ৰজাসকলৰ ৰাজত্বকালত, বিচাৰ পদ্ধতি দৃঢ় আৰু শৃংখলাবদ্ধ আছিল। ভাৰতবৰ্ষৰ ন্যায় বিচাৰ পদ্ধতি কিমান পুৰণি আৰু কেনে ধৰণৰ ন্যায় প্রদান কৰা হৈছিল তাক আলোচনা কৰিলে ৰামায়ণ আৰু মহাভাৰত যুগৰ পৰা আলোচনা কৰিব লাগিব।

মহাকাব্য যুগঃ

হিন্দু লৌকিকতা মতে ৰামায়ণ আৰু মহাভাৰত দুয়োখন মহাকাব্য খৃষ্টপূর্ব ৩০০০ চনৰ ভিতৰত লিখা হৈছিল। ৰামায়ণ ৰচনা কৰা হৈছিল মহাভাৰততকৈ আগত। ত্রেতাযুগত ৰামায়ণ আৰু দ্বাপৰ যুগত মহাভাৰত ৰচনা কৰা হৈছিল। আধুনিক বুৰঞ্জীবিদসকলৰ মতে বৈদিক আৰু বৌদ্ধিক যুগৰ ভিতৰত মহাকাব্য দুখন ৰচনা কৰ হৈছিল। তেওঁলোকে যুক্তি দি কয় যে দুয়োখন মহাকাব্যৰ ভাষা আৰু সূত্র/শ্লোকবিলাকত সাদৃশ্য দেখা যায়। বুৰঞ্জীবিদ ওৱেইটাৰৰ মতে বর্তমান গঠনত পোৱা ৰামায়ণ বাল্মীকিয়ে খৃষ্টপূর্ব ৩য় শতিকাত ৰচনা কৰিছিল। আনহাতেদি পাগীটাৰৰ মতে মহাভাৰতৰ যুদ্ধ খৃষ্টপূর্ব ৯৫০ চনত আৰু ইয়াৰ ওচৰে-পাজৰে মহাভাৰতৰ ৰচনা হয়। সেইফালৰ পৰা দেখা যায় যে ৰামায়ণ ইয়াৰ বহু আগতে ৰচনা কৰা হৈছিল। প্ৰখ্যাত বুৰঞ্জীবিদ ড° আৰ কে মুখ্যজীয়ে মত প্রকাশ কৰে যে মহাকাব্য দুখন খৃষ্টপূর্ব ৬০০ আৰু খৃষ্টপূর্ব ১৫০০ চনৰ মাজত ৰচনা কৰা হৈছিল। ড° মুখার্জীৰ মতে ৰামায়ণত বিন্ধ্যা পৰ্বতৰ সিফালৰ বর্ণনা পোৱা নেযায়। ইফালে মহাভাৰতত গোটেই ভাৰতবৰ্ষকে সামৰি লোৱা হৈছে। মহাভাৰত বেদব্যাসে ৰচনা কৰিছিল। প্ৰফেচাৰ হপকিন্‌চৰ মতে মহাভাৰত এজন ব্যক্তিৰ দ্বাৰা লিখা হোৱা নাই। এই কাব্যখন কেইবাপুৰুষ ধৰি ব্যাসৰ নামতে লিখা পৰিলক্ষিত হয়।

এই দুয়োখন মহাকাব্যই বৈদিক যুগৰ সামাজিক পৰিস্থিতি আৰু ব্যৱস্থাৰ কথা ভালদৰে বুজাই দিয়ে। ড° আৰ চি মজুমদাৰৰ মতে ৰামায়ণৰ যুগত দেখা যায় যে আর্য্য সংস্কৃতি উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈ বিয়পি পিৰিছিল। দ্রাবিড় সভ্যতা-সংস্কৃতি আৰ্য্যসকলৰ সভ্যতা-সংস্কৃতিতকৈ কোনো গুণে নিম্নখাপৰ বুলি ক’ব নোৱাৰি। কেৱল যুদ্ধত জয়লাভ কৰিবৰ নিমিত্তেই বিবেকহীনভাৱে ৰাম আৰু লক্ষ্মণে বালি আৰু ইন্দ্ৰজিতক বধ কৰিবৰ বাবে অসৎ কৌশল অবলম্বন কৰা দেখা যায়। সীতাৰ প্ৰতি ৰাৱণৰ ব্যৱহাৰে দ্রাবিড়সকলৰ নৈতিকতা যে অতি উচ্চখাপৰ আছিল তাকেই প্ৰমাণ কৰে।

বৌদ্ধ ধর্ম আৰু জৈন ধৰ্ম আৰম্ভ হোৱাৰ আগতে অৰ্থাৎ বৈদিক যুগৰ শেষৰ ফালে মহাকাব্য দুখনৰ পৰা সেই সময়ৰ ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাৰ সম্পৰ্কে যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰি। মাহাকাব্য দুখনত পোৱা যায় যে, ক্ষুদ্র ক্ষুদ্র জনজাতিৰ ৰাজ্যবিলাকক শক্তিশালী কৰাত ডাঙৰ ৰাজশক্তিয়ে সহায় কৰিছিল। সেইবিলাক ৰাজ্যৰ ভিতৰত পাঞ্চাল, পাণ্ডব, কোশল্যা, কাঁচী ৰাজ্য উল্লেখযোগ্য। এই সাম্রাজ্যবিলাকৰ পৰিধি বৈদিক যুগৰ ৰাজ্যবিলাকতকৈ ডাঙৰ আছিল। দেখা যায় যে, এই ৰাজ্যৰ ৰজাসকলে সম্রাট হিচাপে অধিষ্ঠিত হৈছিল। এইটো অতি লক্ষ্য কৰিব লগা কথা যে, সেই সময়ত এই অন্তর্ভুক্ত গাওবিলাকে সম্পূর্ণ স্বায়ত্বতা উপভোগ কৰিব পাৰিছিল। ইয়াৰ পৰা এইটো স্পষ্ট হয় যে মহাকাব্য যুগত ৰাজতন্ত্র বা ৰজাৰ একছত্রী শাসন প্রচলিত আছিল যদিও গণতান্ত্রিক পদ্ধতিও অবলম্বন কৰাটোও পৰিলক্ষিত হয়। ৰাজতন্ত্ৰত চৰকাৰৰ সকলো শাসন ক্ষমতা ৰজাৰ ওপৰতে ন্যস্ত থাকে। সেই সময়ত ৰজা স্বেচ্ছাচাৰী বা স্বৈৰাচাৰী শাসক হোৱাটো পৰিলক্ষিত নহয়। প্ৰজাই ৰাজ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰিছিল। ৰামক যুৱৰাজ পাতিবৰ সময়ত ৰজা দশৰথে প্ৰজাৰ লগত আলোচনা কৰিছিল। সেইদৰেই প্ৰজাসকলে ৰাম আৰু ভৰতৰ অনুপস্থিত আন এজনক ৰজা পাতিবলৈ পৰামৰ্শ আগবঢ়াইছিল। দুষ্ট বা ভ্ৰষ্টাচাৰী ৰজাক প্ৰজাই সিংহাসনচ্যুত কৰা অধিকাৰ আছিল। সেই সময়ত ৰজাই যদি ক্ষমতা অপব্যৱহাৰ কৰি দেশৰ অনিষ্ট সাধন কৰিছে, তেতিয়াহ’লে প্ৰজাই ৰজাক পগলা কুকুৰ মৰাদি মাৰি পেলায়। ৰজাই দেশৰ প্রচলিত ধৰ্ম, আচাৰ-ৰীতি-নীতি মানি চলিবলৈ বাধ্য। মন্ত্রী-পৰিষদ আৰু গণপৰিষদে ৰজাৰ ক্ষমতা প্রয়োগ কৰাত প্রভুত্ব বিস্তাৰ কৰিব পাৰিছিল। চমু কথাত ক’বলৈ গ’লে যেনেকৈ ব্রাহ্মণে বেদক, পত্নীয়ে পতিক, গৰু-ম’হ-জীর-জন্তুৱে বৰষুণৰ ওপৰত নিৰ্ভৰশীল, সেইদৰেই ৰজাই মন্ত্ৰী পৰিষদ আৰু গণ পৰিষদৰ ওপৰত নিৰ্ভৰশীল আছিল।

ন্যায় বিচাৰ পদ্ধতি:

ন্যায় বিচাৰ সাধাৰণতে ৰজাৰ ওপৰতে ন্যস্ত। কিন্তু ন্যায় বিচাৰ পৰিচালনা কৰাত মন্ত্ৰী পৰিষদ আৰু চাৰিটা জাতিয়ে (ব্রাহ্মণ, ক্ষত্রিয়, শূদ্র, বৈশ্য) গঠিত পৰিষদে সহায় কৰিছিল। সাক্ষীবাদী গ্রহণ কৰা ব্যৱস্থা আছিল অপৰিহাৰ্য হিচাপে। অবশ্যে উকিল অর্থাৎ কোনো পক্ষ লৈ ওকালতি কৰা প্ৰথা বা ব্যৱস্থাৰ কথা পোৱা নাযায়। কোনো বিচাৰ মীমাংসা কৰোতে মধ্যস্থতাকাৰি নিয়োগ কৰা দেখা যায়। দোষীক উপযুক্তৰূপে শাস্তি প্রদান কৰিছিল। ধনী মানুহক বহু পৰিমানে জৰিমণা কৰিছিল আৰু দুখীয়া দোষী মানুহক ফাটেকত দিছিল। জুই-পানী আদিৰে দোষী-নির্দোষীক পৰীক্ষা কৰা ব্যৱস্থা প্রচলিত আছিল।

ধর্মশাস্ত্র যুগ:

খৃষ্টীয় কল্পাৰাম্ভণি আৰু খৃষ্টপূর্ণ ৪ র্থ বা ৫ম শতিকাৰ মাজ ভাগৰ পৰাই ধৰ্মশাস্ত্ৰৰ যুগ বুলি নিৰ্দ্ধাৰণ কৰা হৈছে। এই যুগতেই অনেক ধর্মশাস্ত্ৰ আৰু আইনৰ তথ্যৰ উৎস থকা শাস্ত্ৰ ৰচনাকৰা হয়। ধর্মশাস্ত্রসমূহ প্রায়বিলাকেই শ্লোক বা পদ্যত ৰচনা কৰা দেখা যায়। নাৰদস্মৃতি, বিষ্ণুস্মৃতি, যজ্ঞবাল্কসমূহ স্মৃতি আৰু মানৱ ধৰ্ম ৰচনায়েই প্রধান। উক্ত শাস্ত্রসমূহ ক্ষুদ্র ক্ষুদ্র স্মৃতি, নিবন্ধ আৰু মিতাকস্বৰাৰ নিচিনা ভাষ্য ৰচনা কৰা হৈছিল। এই শাস্ত্রসমূহ আৰু নিবন্ধ আদিৰ পৰাই সেই যুগত প্রচলিত ধর্ম, ৰাজনীতি, অর্থনীতি আৰু সমাজ মহাকাব্য যুগৰ পিছতেই ধর্মশাস্ত্ৰ যুগ আৰম্ভ হৈছে। এই যুগত ধৰ্মৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়। ইয়াৰ কাৰণসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে, ৰামায়ণৰ যুগৰ সমাজ ব্যৱস্থা আৰু মহাভাৰত যুগৰ সমাজ ব্যৱস্থাৰ ভিতৰত বহুতো পার্থক্য দেখা যায়। ৰামায়ণৰ যুদ্ধ হৈছিল আৰ্য্য আৰু অনাৰ্য্যৰ মাজত। আৰ্য্যসকলে অনাৰ্য্যৰ লগত বৈবিহাকি সমন্ধ স্থাপন কৰা দেখা নাযায়। শূর্পনখাই লক্ষ্মণৰ ওচৰত প্রেম নিবেদন কৰিবলৈ আহোতে লক্ষ্মণে শূর্পনখাৰ নাক-কান কাটি পেলালে যাৰ ফলত ৰাৱণে পোতক ল’বৰ বাবে সীতাক হৰণ কৰি নিলে। তাৰ বাবেই হ’ল ৰাম-ৰাবণৰ যুদ্ধ। পৱিত্ৰতাৰ ওপৰত ৰামৰ সন্দেহ হোৱাৰ হেতুকে ৰামে সীতাক ত্যাগ কৰিলে। ইফালে মহাভাৰতৰ যুগত সমাজ ব্যৱস্থা বহুত শিথিল হোৱা দেখা যায়। দ্রৌপদীয়ে পাঁচজন পতি বৰণ কৰে। ভীম উত্তৰ-পূব ভাৰতলৈ আহি নগা ছোৱালী হিৰিম্বাৰ যৌৱন উপভোগ কৰি এৰি গুচি গ’ল-জন্ম হ’ল ঘটোৎকচৰ। অর্জুন মণিপুৰলৈ আহি চিত্ৰাংগদাৰ যৌৱন উপভোগ কৰি এৰি গুচি গ’ল-জন্ম হ’ল বক্ৰবাহনৰ। মহাভাৰতৰ যুদ্ধক্ষেত্ৰতহে এই দুযো পিতা-পুত্ৰৰ পৰিচয় হয়। সমালোচকসকলে ক’ব বিচাৰে যে মহাভাৰতৰ যুদ্ধৰ পিছত ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা ইমান বিশৃংখল হৈ পৰিছিল যে, বাপেক-পুতেকৰ সমন্ধ ককাই-ভাই, ভাই-ভনী, পতি-পন্তীৰ সম্বন্ধ চিন্ন-ভিন্ন হৈ ইতৰ জগতৰ লেখিয়া সমাজ এখনৰ ফালে ঢাল খাবলৈ ধৰিলে। তেতিয়া মনীষীসকলে বেদ, পুৰাণ, উপনিষদৰ উপদেশ উল্লেখ কৰি এখন মানুহৰ সমাজ গঠন কৰিবলৈ চেষ্টা কৰা দেখা যায়। সমাজৰ বান্ধোন-পৰিয়ালকেন্দ্রীক সমাজ গঠনত গুৰুত্ব আৰোপ কৰে। যি নিতি-নিয়ম যুগুত কৰি স্মৃতি ৰচনা কৰিছিল তাকেই মনুসংহিতা বুলি অভিহিত কৰা হৈছে। মানুহ হিচাপে পৃথিৱীত জীয়াই থকাৰ পথ প্রদর্শক প্ৰচাৰ কৰা নীতি-নিয়মবিলাককে মানৱ ধর্ম হিচাপে পৰিগণিত হৈছে।

বৈদিক যুগ আৰু ইয়াৰ পাছৰ অৱস্থা :

পুৰণি ভাৰতবৰ্ষত (বৈদিক যুগৰ পৰা কুশান বংশলৈকে) ন্যায়িক ব্যবস্থা সভ্যতাই অগ্রগতি লাভ কৰাৰ লগে লগে পৰীক্ষামূলকভাৱে পৰিৱৰ্তন ঘটা ভালদৰে পৰিলক্ষিত হয়। বৈদিক যুগত পূর্ব প্রচলিত মাতৃ পূজাৰ প্ৰভাৱ থকা দেখা যায়। বৈদিক সাহিত্যত এই কথা পৰিষ্কাৰ ৰূপে পোৱা যায়। কোনো ঋষিৰ পৰিচয় মাতৃৰ পৰিচয়ৰ দ্বাৰা দিয়া হৈছে। কিন্তু আর্য্য সমাজ ব্যবস্থা যে পিতৃপ্রধান অর্থাৎ পিতৃশাসিত আছিল সেই বিষয়ে কোনো সন্দেহ নাই। আর্য্যপূর্ব সমাজত মাতৃশাসিত সংহতিৰ যি যি প্ৰভাৱ আছিল সেই নিদর্শন বর্তমানলৈকে দক্ষিণ ভাৰতৰ কোনো কোনো অঞ্চলত দেখিবলৈ পোৱা যায়। বৈদিক অ্যাৰ্য্যসকলৰ ওপৰত এনে সমাজ ব্যৱস্থাৰ প্ৰভাৱ যে পৰা নাছিল সেই কথা ন-দি ক’ব নোৱাৰি। যি কি নহওক নানা দিশ পর্যালোচনা কৰিলে দেখা যায় যে আৰ্য্য আৰু অনাৰ্য্যসকলৰ কৃষ্টি-সংস্কৃতিৰ মিলন বাৰে বাৰে আমাৰ ইতিহাসত বর্ণিত আছে।

বৈদিক সাহিত্য:

বেদ আৰ্য্যসকলৰ বৌদ্ধিক বিকাশৰ উৎকৃষ্ট নিদর্শণ। ই কলাজ্ঞান পুষ্ট মৌলিক সাহিত্যৰ ভৰাল স্বৰূপ। ‘বিদ’ শব্দৰ পৰাই ‘বেদ’ শব্দৰ উৎপত্তি হৈছে।

বেদ হ’ল চাৰিখন- (ক) ঋকবেদ (খ) সামবেদ (গ) যর্জুবেদ আৰু অথর্ববেদ।

বেদাংগ

বেদৰ বিষয় বস্তু হৈছে কল্প- যাগ-যজ্ঞৰ বিষয় বিধি-বিধান হ’ল ইয়াৰ উপজীব্য। নির্ভুলভাবে পঠন-পাঠন আৰু বৈদিক যাগ-যজ্ঞৰ ৰীতি-নীতি চমু মর্ম হিচাপে পাছৰ কালছোৱাত ছয়খন বেদাংগ ৰচনা কৰা হয়। সেইকেইখনহ’ল জ্যোতিষ, শিক্ষা, ছন্দ, ব্যাকৰণ, নিৰুক্ত আৰু কল্প। জ্যোতিষ শাস্ত্রই যজ্ঞৰ বেদী কাল নিৰ্ধাৰণ ইত্যাদি বিষয়ে জ্ঞান দিয়ে। শিক্ষা (উচ্চাৰণ বিজ্ঞান) আৰু ছন্দ-বিজ্ঞানৰ পৰা বেদৰ স্তোত্ৰ মন্ত্ৰবোৰ নির্ভুলভাৱে উচ্চাৰণ কৰি পঢ়িবলৈ শিক্ষা দিয়ে। ব্যাকৰণৰ পৰা বেদৰ কাব্য ৰচনাৰ নিয়মবোৰ শিকা হয়। নিৰুক্ত (শব্দ বিজ্ঞান) শাস্ত্ৰই বেদৰ ব্যৱহৃত শব্দৰ মূল আৰু ক্ৰমবিকাশৰ বুৰঞ্জী শিকাই আৰু কল্প শাস্ত্ৰই ধৰ্মকাৰ্য্যবোৰ নিভুল ধৰণেৰে পালন কৰিবলৈ শিক্ষা দিয়ে। এই ছয়বিধ বেদাংগ ভাল ধৰণৰে শিকিলেহে বেদ নির্ভুলভাবে শিকিব আৰু বেদ বিহিত ধৰ্মকাৰ্য্যবোৰ নির্ভুলভাৱে পালন কৰিব পাৰে। বেদাংগ বিজ্ঞান বিষয়ক গ্রন্থও বুলি কোৱা হয়। এই বেদাংগ কেইখনৰ পৰা আমি পুৰণি আৰ্যসকলৰ সমাজত প্রচলিত বিজ্ঞান চৰ্চাৰ বিষয়ে ধাৰণা কৰিব পাৰোহক।

ব্রাহ্মণ

বেদৰ ব্ৰাহ্মণ অংশত যাগ-যজ্ঞ কৰাৰ উদ্দেশ্য ব্যাখ্যা কৰা হৈছে। সেইবোৰ স্থাপনৰ নিয়ম উল্লেখ কৰা আছে। যজ্ঞৰ পাঠ কৰা মন্ত্ৰবোৰৰ বিষয়য়েও ইয়াত ব্যাখ্যা কৰা হৈছে। ধামিক ৰাজা সকলৰ কীৰ্তি বর্ণনা কৰা আৰু সৃষ্টিৰ পাতনিৰ বিষয়ে কিছুমান আখ্যানো ইয়াত পোৱা যায়। ব্রাহ্মণ শাস্ত্র প্রধানতঃ গদ্যত ৰচনা কৰিছিল কিন্তু পদ্য আকাৰে লিখা কিছুমান আখ্যানো আছে। ভিন্ন ভিন্ন বেদৰ একাধিক ব্রাহ্মণ আছে। এইবিলাকৰ ভিতৰত ঋকবেদৰ ঐতৰেয় ব্রাহ্মণ, যজুবেদৰ তৈত্তিৰীয় আৰু শতপথ ব্রাহ্মণ আৰু অথর্ববেদৰ গোপথ ব্রাহ্মণ আদিয়েই প্রধান।

আৰণ্যক

যিসকল আৰ্যই সংসাৰৰ বিষয়-বাসনা পৰিহাৰ কৰি অৰণ্যত গৈ আধ্যাত্মিক চিন্তাত মগ্ন আছিল সেই সকলেই অৰণ্যক ভাগ কৰিছিল। আৰণ্যকবোৰৰ ভাষা আৰু লিখন পদ্ধতি ব্রাহ্মণবিলাকৰ দৰে আছিল যদিও ইয়াত যাগ-যজ্ঞৰ নিয়মবোৰত অধিক গুৰুত্ব দিয়া হোৱা নাই। ইয়াত বেদৰ সূত্ৰবোৰৰ আৰু যাগ-যজ্ঞবোৰৰ গুঢ় অর্থ ব্যাখ্যা কৰা হৈছে। আৰণ্যবাসী সন্যাসীসকলে জন্ম, মৃত্যু আৰু পৰকালৰ বিষয়ে যিবোৰ আধ্যাত্মিক চিন্তা-চৰ্চা কৰিছিল সেইবিলাক আৰণ্যকসমূহত সন্নিবিষ্ট কৰা হৈছে।

উপনিষদ

আৰ্য্যসকলে ব্রহ্ম (ঈশ্বৰ), আত্মা, পৰকাল, পুনৰজন্ম আদি গভীৰ আধ্যাত্মিক তত্ববিলাকৰ বিষয়ে যিবোৰ উচ্চ চিন্তা কৰিছিল, সেইবোৰ উপনিষদবিলাকত প্রকাশ কৰা হৈছে। এতিয়ালৈকে এশতকৈও অধিক উপনিষদ পোৱা গৈছে। বর্তমান মানুহৰ কাৰণে বেদৰ সংহিতা ভাগত বহুতো সূক্ত নিৰৰ্থক হৈছে। কিন্তু পুৰণি আৰ্য্যসকলে উপনিষদবোৰত যিবোৰ গভীৰ আধ্যাত্মিক চিন্তা প্রকাশ কৰি থৈ গৈছে সেইবোৰেই বৰ্তমান যুগলৈকে পৃথিৱীৰ সকলোবোৰ সুসভ্য দেশতে যুগে যুগে মানুহৰ মন মুগ্ধ কৰি আহিছে। ১৮১২ খৃষ্টাব্দত কেইখনমান উপনিষদ লেটিন ভাষালৈ অনুবাদ কৰা হৈছিল। বিখ্যাত জার্মান দার্শনিক চোপেনহাৱেৰে লেটিন ভাষাত উপনিষদকেইখন পঢ়ি কৈছিল-“… উপনিষদৰ অধ্যয়ন যেনেকুৱা উপকাৰী আৰু ইয়াৰ অধ্যায়নে যেনেকুৱা কৈ মানুহৰ মনত উচ্চ ভাবৰ সঞ্চাৰ কৰে পৃথিৱীৰ অন্য কোনো অধ্যয়নেই এনেকুৱা উপকাৰী নহয় নাইবা তেনেকুৱাকৈ মানুহৰ মনত উচ্চ ভাবৰ সৃষ্টি কৰিব নোৱাৰে। এই অধ্যায়নে মোক জীৱনত আনন্দ দিছে আৰু মৃত্যুৰ সময়তো ই মোক আনন্দ দিব।” কিছুমানত দুর্বোধ দার্শনিক চিন্তা আছে আৰু কিছুমানত কবিত্বপূর্ণ ভাষা আছে। পাছৰ যুগৰ উপনিষদৰ এই মতবোৰৰ ওপৰত ভিত্তি কৰি হিন্দু দৰ্শনৰ অতুলনীয় উন্নয়ন সাধন কৰা হৈছিল।

শ্রুতি

আৰ্য্য ঋষিসকলে ধ্যানৰ বলত ভগৱানৰ পৰা বেদৰ কথাবোৰ পাইছিল বুলি কথিত আছে। সেইকাৰণে তেওঁলোকে বেদক শ্রুত বা ভগৱানৰ পৰা শুনা বাণী বুলি কৈছিল। পুৰণি আৰ্য্যসকলে বেদৰ কথাবোৰ মুখে মুখে শুনি মুখস্ত কৰিছিল। বাপেকৰ মুখৰ পৰা পুতেকে আৰু গুৰুৰ মুখৰ পৰা শিষ্যই বেদৰ কথাবোৰ শুনি মনত ৰাখিছিল। সেয়েহে বেদবিলাকৰ অন্য নাম শ্রুতি অর্থাৎ কাণেৰে শুনি অন্তৰস্থ কৰা, লিখিত নহয়।

সূত্র সাহিত্য

কল্পনামৰ বেদাংগ ভাগৰ প্রভাৱ আৰ্যসকলৰ সংস্কৃতিক জীৱনত সবাতোকৈ বেছি আছিল। কাৰণ সূত্র সাহিত্যবোৰ তিনি ভাগত বিভক্ত, যেনে-শ্রৌতসূত্র, গৃহ্যসূত্র আৰু ধর্মসূত্র।

শ্রৌতসূত্র

যাগ-যজ্ঞাদি অনুষ্ঠানৰ বিধি নিয়মৰ সংকলন এই সূত্ৰত পোৱা যায়।

গৃহ্যসূত্র

গৃহস্থৰ গতানুগতিক জীৱন-জাপন ৰীতি-নীতি, নামকৰণ, উপনয়ন, বিবাহ ইত্যাদি ধর্মানুষ্ঠানৰ নিয়মাবলী এই সূত্রত পোরা যায়।

ধর্মসূত্র

ইয়াত সমাজ, ৰাষ্ট্ৰশাসন বিষয়ৰ আলোচনা বর্ণিত আছে। এই ধৰ্মসূত্ৰবোৰৰ ওপৰত ভিত্তি কৰি ‘মনুসংহিতা’ নামৰ ধর্মগ্রন্থ ৰচনা হৈছিল। এই ধর্মশাস্ত্রখনক ‘মনুস্মৃতি’ বুলিও জনাজাত।

উক্ত তিনিবিধ সূত্ৰৰ ভিতৰত গৃহ্যসূত্ৰই হিন্দু সমাজ গঠনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল। হিন্দুসকলে জন্মৰ পৰা মৃত্যুৰ সময়লৈকে যিবোৰ কৰ্তব্য পালন কৰিবলগীয়া হয়, সেই আটাইবোৰেই গৃহ্যসূত্ৰত পৰিপাটিকৈ কৰি দিয়া আছে। প্রতিবিধ কর্তব্য পালনৰ সম্পৰ্কত কৰিবলগীয়া ধৰ্ম কাৰ্য্যবোৰো এই গৃহ্যসূত্ৰত শৃখলাবদ্ধভাৱেই নির্দিষ্ট কৰি দিয়া আছে। মাক-বাপেকে সন্তানৰ জন্মৰ আগতে কি কি ধৰ্মকাৰ্য্য কেনেদৰে পালন কৰিব লাগে, সন্তান জন্মাৰ পাছত নামকৰণ, বিদ্যাৰম্ভ, উপনয়ন, বিবাহ আদি জীৱনৰ প্ৰধান কামবোৰৰ কাৰণে কি কি ধৰ্মসংস্কাৰ কেনেদৰে কৰা উচিত- এই সকলবোৰ গৃহ্য সূত্ৰত নিৰ্ধাৰিত কৰি দিয়া আছে। দৰাচলতে গৃহ্যসূত্রই হিন্দু গৃহস্থৰ সাংসাৰিক জীৱন-যাপনৰ এটি সুনিয়ন্ত্রিত পদ্ধতি ৰচনা কৰিছিল আৰু এই পদ্ধতিটোৰে হিন্দু গার্হস্থ্য যি নিয়মানুবর্তিতা প্রতিষ্ঠা কৰিলে সি বর্তমান যুগলৈকে হিন্দু সমাজত সেই নিয়মানুবর্তিতাতই চলি আছে।

মনুসংহিতা

মনুসংহিতা বা মানৱ ধৰ্মশাস্ত্ৰ ভৃগু ঋষিৰ ৰচনা বুলি অনুমান কৰা হয়। ইয়াৰ ৰচনাকাল খৃষ্টপূর্ব দ্বিতীয় শতিকা বুলি ধৰি লোৱা হৈছে। আগৰ আলোচনাত কোৱা হৈছে যে মহাভাৰতৰ যুদ্ধৰ পাছত ভাৰতীয় সমাজখন অতি বিশৃংখল হৈ পৰিছিল। ইতৰ জগতৰ স্বভাৱৰ লগতমানৱ সমাজৰ স্বভাৱৰ পার্থক্য প্রায় নোহোৱা হৈছিল। তেনে এক পৰিস্থিতিত মনীষীসকলে পুৰাণ, উপনিষদ আদি ধর্মপুথিত উল্লেখিত নীতি-নিয়মসমূহ একত্ৰিত কৰি এক নিয়মাৱলী প্ৰৱৰ্তন কৰে আৰু হিন্দু সমাজৰ বান্ধোন কটকাটীয়া কৰি তোলে। এই নিয়মাৱলীক ‘মানৱ ধর্মশাস্ত্র’ বা ‘মনুসংহিতা’ বুলি অভিহিত কৰা হৈছে। ই হিন্দু সমাজৰ ভেটিস্বৰূপ। যাজ্ঞবল্ক্য স্মৃতিআৰু নাৰদ স্মৃতি ধর্মশাস্ত্ৰসমূহো এই শ্রেণীভূক্ত কৰা হয়। ইয়াত ধর্ম, দর্শন, প্রায়শ্চিত্ত, কর্মফল, আচাৰ, নিষ্ঠা আদি পাণ্ডিত্বপূর্ণ সমালোচনা আছে। ‘মনুংসহিতা’ ভাৰতবৰ্ষৰ প্ৰথম আইনৰ পুথি হিচাপে গণ্য কৰা হয়। আদালতত মনুসংহিতাৰ নীতি প্রসংগক্রমে বর্তমানো প্রযোজ্য।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *