মানৱ সমাজৰ ক্ৰবিকাশে আমাক ভালদৰে বুজাই দিয়ে যে মানুহে অকলশৰে থাকিব নোৱাৰে। লগৰীয়া বা সমনীয়াৰ লগত লগ লাগি তেওঁলোকৰ সহজাত আবেগ-অনুভূতি বা সহজাত প্রবৃতিবিলাক সজীৱ কৰি ৰাখিবৰ বাবেই তেওঁলোকে সংঘবদ্ধ হৈ থাকিবলৈ বিচাৰে। মানুহৰ এনে প্রকৃতিদত্ত সহজাত স্বভৱেই একো একোটা পৰিয়াল, গোট বা খেল বা জাতি গঠন হৈ এখন ৰাষ্ট্ৰৰ প্ৰক্ৰিয়া আৰম্ভহৈছিল। ৰাষ্ট্ৰ গঠনৰ মূল লক্ষ্য বা উদ্দেশ্য আছিল যাতে মানুহে নিৰাপত্তা পায় আৰু শান্তিত বসবাস কৰিব পাৰে। সেই হেতুকেই কিছুমান অধিকাৰ আৰু ক্ষমতা ৰাষ্ট্ৰক দিয়াতো অতি অপৰিহাৰ্য হৈ পৰিছিল। দৰাচলতে এই অধিকাৰ আৰু ক্ষমতা কিছুমান নির্দিষ্ট মানুহৰ ওপৰত ন্যস্ত কৰা হৈছিল যাতে তেওঁলোকে নিৰ্দ্ধাৰিত নীতিৰ মাজেৰে পৰিচালিত হয়। সেইবাবে প্রশ্ন আহিল ৰাষ্ট্ৰৰ স্থিতি। ৰাষ্ট্ৰৰ স্থিতিৰ বাবে নীতি নিৰূপিত কৰা হ’ল। এই ৰীতি-নীতি পৰিচালনা কৰা বাবে অধিকাৰ প্ৰাপ্ত পদাধিকাৰী কেনে ধৰণৰ হ’ব লাগে, ক্ষমতা কেনে ধৰণেৰে প্রয়োগ কৰিব সেই সম্পৰ্কত প্রয়োজন হৈ পৰিল কিছুমান নিয়ম-নীতিৰ
- ১। ৰাষ্ট্ৰৰ ক্ষমতা প্রয়োগ কৰা পদাধিকাৰীসকল সামর্থবান হ’ব লাগিব।
- ২। ৰাষ্ট্ৰৰ ক্ষমতা কেনেধণেৰে প্ৰয়োগ কৰা হ’ব তাৰ বাবে নীতি নিদ্ধাৰণ।
- ৩। ৰাষ্ট্ৰৰ ক্ষমতাৰ বিপৰীতে ব্যক্তিৰ অধিকাৰ নিৰূপণ। ৪। ৰাষ্ট্ৰৰ তেনে ক্ষমতা প্রয়োগ কৰা নীতি।
সংবিধানৰ সংজ্ঞা:
ৰাষ্ট্ৰ সংগঠন এই চাৰিটা নীতিৰ দ্বাৰা পৰিচালিত হয়। অর্থাৎ এই নীতিসমূহেই সংবিধান ৰূপে গঢ় লয়। আন ভাষাৰে কবলৈ গ’লে- সংবিধান হ’ল কিছুমান আইন আৰু নিয়ম-নীতিৰ সমষ্টি যিবিলাকে ৰাষ্ট্ৰ সংগঠন, চৰকাৰ জনসাধাৰণ আৰু ইয়াৰ বিষয়বস্তুৰ লগত সম্বন্ধ আলোচনা কবে। ওৱাদে আৰু ফিম্পিচে কয় যে সংবিধান হ’ল এক বিশাল পবিত্র দলিল যিয়ে চৰকাৰৰ প্ৰধান প্রধান সংগঠন বিলাকৰ কাৰ্যপন্থা নির্ণয় কৰে আৰু লগতে সংগঠনবিলাক পৰিচালনাৰ বাবে নীতি ঘোষণা কৰে। সংবিধানৰ সংজ্ঞা এইদৰেও দিব পাৰি যে যি সন্নিবিষ্ট আইনে ৰাজনৈতিক সংগঠনৰ আদৰ্শ আৰু ৰাষ্ট্ৰৰ ভিন্ন অংশৰ লগত দেশৰ নাগৰিকৰ লগত সম্বন্ধ নিৰূপণ কৰি ৰাষ্ট্ৰ পৰিচালনা কৰে।
ভাৰতীয় সংবিধানৰ বিৱৰ্তন:
ঐতিহাসিক প্ৰচেষ্টাৰ ফলতহে ভাৰতীয় সংবিধানৰ জন্ম হ’ল। স্বাধীনতা সংগ্রাম কালত বিশিষ্ট নেতাসকলে কৈছিল যে তেওঁলোকে এনে কোনো কাম কৰা নাই যি হয়তো অ-সংবিধানিক যিহেতুকে তেতিয়া ভাৰতৰ সংবিধানেই নাছিল। ভাৰতৰ সংবিধান নোহোৱাকৈয়ে ভাৰতীয়
পৰিচালিত হৈছিল যদিও তেওঁলোকে কিন্তু আৰম্ভণীৰ পৰা স্বৈৰতন্ত্ৰ ৰোধ কৰিবলৈ যত্ন কৰিছিল আৰু সেই হেতুকেই হয়তো ক্রমান্নয়ে ভাৰতৰ এখন সংবিধান ৰচনা কৰা মনোভাৱ গঢ়ি উঠিল। নেতাসকলৰ এই মনোভাৱৰ পম খেদি গ’লে অর্থাৎ ভাৰতীয় সংবিধানৰ বুৰঞ্জীৰ পাত লুতিয়ালে আমি ১৬০০শ শতিকালৈ ঘূৰি যাব লাগিব। অতি চমু কথাত কবলৈ গ’লে ২৫০ বছৰৰ প্ৰচেষ্টাৰ ফলতহে ভাৰতৰ এখন নিজা সংবিধান হ’ল।
১৭৭৩ চনৰ নিয়ন্ত্রণকৰণ আইনে ইষ্ট ইণ্ডিয়া কোম্পানীক বৃটিছৰ সংসদৰ অধীনলৈ আনিলে আৰু তেতিয়াৰে পৰা ভাৰতবৰ্ষত বৃটিছ প্রশাসনৰ ভেটি দৃঢ় কৰি তুলিলে।
১৮৫৩ চনত বৃটিছ সংসদে এখন চনদ গৃহীত কৰি বৃটিছ ভাৰতত একত্রিত চৰকাৰ প্ৰতিষ্ঠা কৰিলে। এইখন চনদ আইনে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ সংবিধান কিছু পৰিবৰ্তন কৰি নতুন আইন ভাৰত চৰকাৰৰ প্ৰশাসন প্ৰণালীত সন্নিবিষ্ট কৰে। ই ভাৰতৰ সংবিধান ৰচনাৰ পথত তৃতীয় পর্যায় হিচাপে অভিহিত হৈছে।
ইয়াৰ পাছত চতুর্থ পর্যায় আৰম্ভ হয়। ১৮৫৮ চনৰ ভাৰত চৰকাৰ আইনে ইষ্ট ইন্ডিয়া কোম্পানীৰ ক্ষমতা বৃটিছ চৰকাৰলৈ হস্তান্তৰ কৰে। ইয়াৰ ফলত ইষ্ট ইন্ডিয়া কোম্পানীৰ শাসন ক্ষমতা লোপ পায়। অর্থাৎ ১৮৫৮ৰ ভাৰত চৰকাৰ আইনে ভাৰতবৰ্ষলৈ এক বৈপ্লবিক পৰিবৰ্তন আনিলে-যি পৰিৱৰ্তনে এক ৰাজকীয় কৰি পোনপ্ৰথমবাৰৰ বাবে লিখিত সংবিধানিক দলিল হিচাপে ভাৰতবৰ্ষত প্রযোজ্য হয়। ১৮৫৮ৰ আইনখনৰ ওপৰঞ্চি হিচাপে ১৮৬১ চনৰ ভাৰতীয় পৰিষদ আইনে ব্যৱস্থাপক একতিয়াৰ প্ৰদান কৰি আইনী প্রশাসন প্রচলন কৰে।
এই পাৰ্যায়ৰ পাছত ১৯০৯ চনৰ ভাৰতীয় ব্যৱস্থাপক আইনৰ অধীনত ক্রমান্নয়ে চৰকাৰী যন্ত্ৰৰ পৰিসীমা নিৰ্দ্ধাৰণ কৰি নিৰ্বাচন নীতি প্রচলন কৰে। মুঠতে, ১৮৬১ চনৰ ভাৰতীয় ব্যৱস্থাপক আইনৰ অধীনত পোন প্ৰথমবাৰৰ বাবে ৰাইজৰ প্ৰতিনিধিত্ব সংগঠন গঢ়ি উঠে। এইদৰে দহ বছৰৰ প্ৰশাসন চলাৰ পাছত ১৯১৯ চনত আন এখন আইন ৰচনা কৰা হয়। এই আইনখনক ‘ভাৰত চৰকাৰ আইন’ হিচাপে অভিহিত কৰা হৈছে। ভাৰত চৰকাৰ আইনখনে ভাৰতৰ প্ৰাদেশবিলাকত দ্বৈত্য শাসন প্ৰৱৰ্তন কৰে। এইখন আইনে মণ্টোগো চেফৰ্ড ৰিফৰ্মচ্ হিচাপে জনজাত-যিখন আইনে ভাৰতৰ সংবিধান ৰচনা কৰাৰ পথ সুগম কৰি তোলে। ই ক্রমাগতভাবে সংসদৰ পৰা নিৰ্বাচিত ভাৰতীয় ব্যৱস্থাপকলৈ শাসন হস্তান্তৰ কৰে। আইনখনে প্রাদেশিক চৰকাৰখনৰ অধিকাৰ দুভাগত বিভক্ত কৰে;- এটা হ’ল কাৰ্য্যকৰী সভা যিখন সংসদৰ ওচৰত দায়বদ্ধ থাকিব আৰু আনখন হ’ল মন্ত্রীসভা যিখন ভাৰতীয় ব্যৱস্থাপকৰ ওচৰত দায়বদ্ধ থাকিব।
সপ্তম পর্যায়ত অর্থাৎ ১৯৩৫ চনত আন এখন ভাৰত চৰকাৰ আইন ৰচনা কৰা হয়। এই আইনখনৰ অধীনত ভাৰতবৰ্ষত সাংবিধানিক প্রশাসন প্রচলন হয় আৰু দ্বৈত্য শাসনৰ অৱসান ঘটে। আইনখনৰ লক্ষ্য কৰিবলগীয়া দিশটো হ’ল যদিও, ১৯৩৫ চনৰ আইনখনে সদৌ ভাৰত যুক্তৰাজ্যৰ ব্যৱস্থা দিছিল কিন্তু সেইমতে কাৰ্যকৰী নহ’ল। কেৱল কেন্দ্রীয় ন্যায়ালয়, কেন্দ্রীয় লোকসেৱা আয়োগ আৰু কেন্দ্রীয় ৰে’ল-পৰিবহন প্ৰাধিকাৰীয়ে প্ৰকৃততে এই আইনখনৰ অধীনত কাৰ্য্য সম্পাদন কৰিবলৈ ধৰিছিল। ১৯১৯ চনৰ আইনৰ অধীনত গঢ়ি উঠা একক সমষ্টি বৃটিছ ভাৰতত ১৯৩৫ চনৰ আইনৰ অধীনত বিলোপ হৈ স্বায়ত্ত শাসিত ৰাজ্যত বিভিক্ত কৰি স্বাধীনচেতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ হস্তক্ষেপৰ অবিহনে কার্য্য সম্পাদন কৰিবলৈ সুবিধা আনি দিলে।
১৯৩৫ চনৰ ভাৰত আইনৰ আধাৰত গ্ৰহণ কৰা সাংবিধানিক কলা-কৌশল ১৯৪৭ চনলৈকে কাৰ্যকৰী হৈ আছিল। ইতিমধ্যে বৃটিছ সংসদে ভাৰতীয় স্বাধীনতা আইন পাছ কৰে। এই আইনখনক ‘ভাৰতীয় স্বাধীনতা আইন, ১৯৪৭’ বুলি জনজাত। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা এই আইনখন বলবৎ হৈ ভাৰতবৰ্ষৰ ওপৰত থকা বৃটিছৰ সাৰ্বভৌম কর্তৃত্ব বিলোপ হয়। ইয়াৰ ফলত নতুনকৈ গঠিত হোৱা ভাৰত আৰু পাকিস্তানৰ কর্তৃত্বই বিচৰা মতে নিজা নিজা সংবিধান ৰচনা কৰি লোৱাৰ অধিকাৰ পায়।
সংবিধান পৰিষদ:
১৯৪৬ চনৰ কেবিনেট মিচন আঁচনিৰ অধীনত সংবিধান পৰিষদ গঠন কৰা হয়। সংবিধান পৰিষদখনে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰে। ১৯৪৬ চনৰ ১ ডিসেম্বৰ তাৰিখে সংবিধান পৰিষদৰ প্ৰথমখন সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, ১৯৪৭ চনৰ স্বাধীনতা আইনখন গৃহীত হোৱাৰ আগলৈকে সংবিধান পৰিষদখন বিশেষভাবে উদ্যোগী হোৱাতো পৰিলক্ষিত নহয়। কিন্তু ভাৰত স্বাধীনতা আইনখন গৃহীত হোৱাৰ পাছতহে সংবিধান পৰিষদ উল্লেখনীয়ভাবে উদ্যোগী হয় আৰু স্মৰণীয়ভাবে কাৰ্য্য সম্পাদন কৰে। কেবিনেট মিচনটোত তিনিজন সদস্য আছিল। এই তিনিজনীয়া মিচনটোৰ মুখ্য সদস্য আছিল ভাৰত সচিব লর্ড পেথিক লৰেন্স আৰু বাকী দুজন হ’ল এ ভি আলেকজেণ্ডাৰ আৰু চাৰ ষ্টাফড ক্রিস্পচ। কেবিনেট মিচন আঁচনিৰ ফলশ্ৰুতিত ১৯৪৬ চনৰ জুলাই মাহত নির্বাচিন অনুষ্ঠিত হয়। এই নির্বাচনত কংগ্ৰেছে ২১০খন সাধাৰণ আসনৰ ভিতৰত ১৯৯খন আৰু মুছলিম লীগে মুছলিম আসনৰ ৭৮ খনৰ ভিৰতত ৭৩ খন আসন লাভ কৰে। বাকী আসনৰ সৰহ সংখ্যক কংগ্ৰেছ অথবা কংগ্ৰেছৰ সমর্থন দলে লাভ কৰিবলৈ সমৰ্থ হৈছিল। মুঠতে ২৯৬ জনীয়া সংবিধান পৰিষদৰ ২১১ জন সদস্য আনুগত্য কংগ্ৰেছ দলে লাভ কৰিছিল। কংগ্ৰেছৰ বিজয়ে জিন্নাক বাৰুকৈয়ে ক্ষুণ্ণ কৰা দেখা যায় আৰু সংবিধান পৰিষদ বহাৰ আগতেই লীগে পৰিষদ বৰ্জনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। এই ঘোষণাৰ মূল কাৰণ আছিল প্রদেশিক বিধান সভাৰ ক্ষমতালৈ উদ্ভব হোৱা মতানৈক্য। কংগ্ৰেছৰ মতে কেবিনেট মিচনৰ ঘোষণা অনুসৰি আঞ্চিলিক সমষ্টিত থকা নথকাটো প্রাদেশিক বিধান সভাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। লীগৰ মতে তেনে সিদ্ধান্ত আঞ্চলিক সমষ্টিৰ বিধান সভাইহে ল’ব পাৰিব। সংবিধান পৰিষদৰ প্ৰথমখন আৰম্ভণীৰ সভা নতুন দিল্লীত ১৯৬৪ চনৰ ৯ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হয়। এই সভা সেই বছৰৰ ২৩ ডিচেম্বৰলৈকে চলিছিল। ২০৭ গৰাকী সদস্যই সভাৰ অংশ গ্রহণ কৰিছিল কিন্তু মুছলিম লীগৰ কোনো সদস্যই সভাত অংশ গ্রহণ কৰা নাছিল। কেৱল কংগ্ৰেছৰ টিকটত জয়লাভ কৰা চাৰিজন মুছলিম সদস্যইহে সভাত অংশ গ্রহণ কৰিছিল। পৰিষদৰ বয়োজ্যেষ্ঠ সদস্য সচ্চিতানান্দ সিংহক অস্থায়ী সভাপতি নির্বাচিত কৰি সভাৰ কাৰ্য সম্পাদন কৰা হয়। ইয়াৰ পাছত ১৯৪৬ চনৰ ১১ ডিচেম্বৰ তাৰিখে ডাঃ ৰাজেন্দ্ৰ প্রসাদক সংবিধান পৰিষদৰ সভাপতি হিচাপে নির্বাচিত কৰে। সংবিধানৰ সকলো দিশ পুংখানুপুংখৰূপে পৰীক্ষা-নিৰীক্ষা, আলোচনা কৰি চালি-জাৰি চাবৰ ববে পৰিষদে কেইবাখনো উপ-সমিতি গঠন কৰে। ইয়াৰ ভিতৰত-
- ১। কর্ণধাৰ সমিতি,
- ২। কার্যব্যৱস্থা সমিতি,
- ৩। সংখ্যালঘু উপদেষ্টা সমিতি
- ৪। কেন্দ্রীয় ক্ষমতা সমিতিয়েই প্রধান।
এইদৰে সংবিধান খচৰা কমিটীকো পৰিষদে নিযুক্তি দিয়ে। সংবিধান খচৰা কমিটীত এই কমিটীসমূহৰ আকাৰ গঠন আদিৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত কৰাৰ অধিকাৰ প্ৰদান কৰে। সংবিধান খচৰা কমিটীখন ছয়জন পৰিষদৰ সদস্যৰ দ্বাৰা গঠিত হয়। সেই ছয়গৰাকী সদস্য হ’ল- এন গোপালস্বামী আয়েঙ্গাঁৰ, এলাদি কৃষ্ণস্বামী আয়েঙ্গাঁৰ, কে এম মুন্সি চৈয়দ মঃ চাদুল্লা, এম মাধাৱ ৰাও, দি পি খয়টান আৰু ডাঃ বি আৰ আম্বেদকাৰ। ডাঃ বি আৰ আম্বেদকাৰ খচৰা কমিটিখনৰ সভাপতি আছিল। কমিটীসমূহে দিয়া প্রতিদেনবিলাক বিবেচনা কৰি সংবিধান খচৰা কমিটীয়ে খচৰা সংবিধানখন ১৯৪৮ চনত পৰিষদত দাখিল কৰে। ইয়াৰ পাছত পৰিষদে খচৰা সংবিধানখন চলি-জাৰি চাই দিহা-পৰামৰ্শ আগবঢ়াবলৈ ভাৰতবৰ্ষ সকলো ৰাইজকে আহ্বান জনাই আঠ মাহ সময় দিয়ে। ৰাইজে দিয়া বহুতো পৰামৰ্শৰ মাজৰ পৰা কিছুমান পৰামৰ্শ পৰিষদে মানি লয়। খচৰা সংশোধন কৰি দ্বিতীয় খচৰা সংবিধানখন ১৯৪৮ চনৰ নবেম্বৰ মাহত পৰিষদত দাখিল কৰে। ইয়াৰ পাছত পৰিষদে খচৰা সংবিধানখন দফাই দফাই আলোচনা কৰি পৰাপক্ষত সশোধন ঘটাই চূৰান্ত খচৰা তৈয়াৰ কৰে। এই চূড়ান্ত খচৰা সংবিধানখন ১৯৪৯ চনৰ ৩ নৱেম্বৰ তাৰিখে পৰিষদত দাখিল কৰে অনুমোদনৰ বাবে। ২৬ নৱেম্বৰ, ১৯৪৯ তাৰিখে চূড়ান্ত খচৰাখন পৰিষদে গৃহীত কৰে। এই নতুন সংবিধানৰ দফা ৫, ৬, ৭, ৮, ৯, ৬০, ৩২৪, ৩৬৬, ৩৬৭, ৩৭৯, ৩৮০, ৩৮৮, ৩৯১, ৩৯৩ আৰু ৩৯৪ তৎকাৱলীনভাবে বলবৎ হয়। কিন্তু বাকী দফাবিলাক বা সংবিধান নির্বন্ধবিলাক ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰাহে বলবৎ হয়। কাৰণ, এই তাৰিখে পৰিষদৰ সভাপতি ডাঃ বাজেন্দ্র প্রসাদে সংবিধানখনক অনুমোদন জনাই স্বাক্ষৰ প্ৰদান কৰে। এই তাৰিখৰ পৰা ভাৰতৰ এখন নতুন সংবিধান হ’ল আৰু ভাৰতবৰ্ষই পালে পূর্ণ স্বৰাজ। সংবিাধন পৰিষদে মুঠ তিনি বছৰ কাল কার্য সম্পাদন কৰে। এই তিনি বছৰ কালৰ ভিৰত এঘাৰখন পৰিষদৰ সভা অনুষ্ঠিত হয়। খচৰা সংবিধানখন আলোচনা-বিলোচনা কৰি বিবেচনা কৰোঁতে মুঠ ১১৪ দিন লাগিছিল। এই নতুন সংবিধানখন গৃহীত হোৱাৰ সময়ত ৩৯৫টা অনুচ্ছেদ আৰু ৯টা অনুসূচী আছিল। ইয়াৰ পাছত ৪৪ তম্ সংবিধান সংশোধীনত ৪০৭টা অনুচ্ছেদলৈ বৃদ্ধি পায়। ১৯৮৫ চনত ৫২ তম্ সংসোধন; ১৯৯৩ চনত ৭৩তম্ সংশোধন আৰু ৭৫ তম্ সংশোধন কৰি মুঠ ১২টা অনুসূচী সংবিধানখনত সন্নিবিষ্ট কৰে। এই নতুন ভাৰতবৰ্ষৰ সংবিধান পৃথিৱীৰ ভিতৰত এক বৃহত্তম লিখিত সংবিধান। উল্লেখযোগ্য যে, ১৯৭৬ চনত ৪২তম্ সংশোধনী আইনে সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ’ শব্দকেইটো অন্তর্ভুক্ত কৰে। সেই অনুসৰি ভাৰতবৰ্ষ সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক গণৰাজ্য বুলি ঘোষিত হয়।
ভাৰতীয় সংবিধান উৎস:
পৃথিৱীৰ প্ৰখ্যাত দেশসমূহৰ সংবিধনবিলাক তন্ন-তন্নকৈ পৰীক্ষা-নিৰীক্ষা কৰি, তাৰ সাৰমৰ্ম লৈ আৰু তাৰ আৰ্হিৰ আধাৰত ভাৰতীয় সংবিধানখন প্রণয়ন কৰা হৈছে। সংবিধান পৰিষদৰ সংবিধানিক উপদেষ্টা চাৰ বি এন ৰাও ইয়াৰ কাৰণে আমেৰিকা যুক্তৰাজ্য, কানাডা, আয়াৰলেণ্ড, ইংলেণ্ড, জার্মান আদি দেশলৈ ব্যক্তিগতভারে বিস্তৃত ভ্ৰমণ কৰি সেই দেশৰ সংবিধানৰ বিশেষজ্ঞ, কর্তৃত্ব পক্ষৰ লগত আলোচনা কৰি ভাগে ভাগে কিছুমান টোকা প্রস্তুত কৰে আৰু কাৰ লগতে সংবিধানৰ সমস্যাবিলাক ভালদৰে উল্ দেখুৱায়। ঘূৰণীয়া মেজ-মেল বিলাকৰ অভিজ্ঞতাবিলাক ডাঃ আম্বেদকাৰ আৰু বি এন ৰাৱে আহৰণ কৰি সংবিধান ৰচনা কৰোতে ব্যৱহাৰ কৰে। সংবিধান পৰিষদৰ প্রধন সদস্য- ডাঃ শ্যামা প্রসাদ মুখাৰৰ্জী, চি ৰাজাগোপালাচাৰী, পণ্ডিত চিবি পণ্ট, বি আৰ খেৰ, বিশ্বনাথ দাস, ডাঃ কে এম মুন্সি আদিয়ে ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন প্ৰস্তুত কৰা অভিজ্ঞতাবিলাক সংবিধানখন প্রণয়ন কৰোঁতে এক সমল কৰি লয ভাৰতীয় সংবিধানখনৰ বহুতো অনুচ্ছেদ ১৯৩৫ চনৰ চৰকাৰ আইনখনৰ পৰা ধাৰ কৰি অনা হৈছে। ভাৰতীয় সংবিধানখনত এশৰো অধিক অনুচ্ছেদ অন্তভুক্ত কৰা হৈছে। ইয়াৰোপৰি কিছুমান প্রাথমিক নীতি যেনে বিধান ক্ষমতা বিতৰণ, বৃত্ত আদি ১৯৩৫ৰ ভাৰত আইনৰ পৰা ধাৰ কৰি অনা হৈছে। গতিকে ই সত্য যে আমাৰ সংবিধানখনৰ অধিকাংশ ১৯৩৫ৰ ভাৰত চৰকাৰ আইনৰ পৰা ধাৰ কৰা। কিন্তু এইটো ক’লে উচিত নহ’ব যে ই এখন নতুনকৈ লেখা পাণ্ডুলিপি নহয়। পৰিস্থিতি আৰু সময় সাপেক্ষে আইনখনৰ বহু অনুচ্ছেদ বাদ দিয়া হৈছে, বহু অনুচ্ছেদ সংশোধন কৰা হৈছে দেশৰ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ। এইটো উল্লেখযোগ্য যে মৌলিক অধিকাৰ আমাৰ সংবিধানত সন্নিবিষ্ট কৰোঁতে আমেৰিকা সংবিধানৰ আৰ্হিত কৰা হৈছে। ইংলেণ্ডৰ সংবিধানৰ পৰা অনা হৈছে সংসদীয় প্রথা। সেইদৰে ৰাজ্যৰ নিৰ্দেশক নীতি (directive Principles of state Policy) আয়াৰলেণ্ডৰ সংবিধানৰ পৰা আৰু জৰুৰীকালীন ব্যৱস্থা জার্মান সংবিধানৰ পৰা আনি ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰা হৈছে।
ভাৰতীয় সংবিধানখনৰ আকৰ্ষণৰ বিষেষত্বসমূহ হ’ল-
(১) ই পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দীঘলীয়া এখন লিখিত সংবিধান। ই আমেৰিকা যুক্তৰাজ্যৰ সংবিধানতকৈ পাঁচগুণে আৰু ফ্ৰান্সৰ সংবিধানতকৈ সাত গুণে ডাঙৰ। ভাৰতীয় সংবিধান খনৰ আকাৰৰ ওপৰত মন্তব্য কৰি এইচ ভি কামাথে সংবিধান পৰিষদত কৈছিল- ‘আমাৰ বিধান সভালৈ যি প্রতীক মূল সাৰমৰ্মবিলাক বাচনি কৰি বুটালি অনা হৈছে, সি এটা হাতী। আমাৰ সংবিধানত খাপ খোৱাকৈ এনে কাম কৰা হৈছে যি হয়তো পৃথিৱীৰ কতোবেই নাই।’ (The emblem and crest that we have selected for our constituion which in the bulkiest that the world ever produced) (CAD voll P 1042) সংবিধানখনৰ আকাৰ ইমান ডাঙৰ হোৱাৰ কাৰণসমূহ বিশ্লেষণ কৰিলে দেখা যায়।
- (ক) ভাৰত শাসনৰ বাবে বৃটিছ সংসদে গৃহীত কৰা ১৯৩৫ৰ ভাৰত চৰকাৰ আইনখন এখন দীঘলীয়া বিধি। এনে দীঘলীয়া বিধি বৃটিছ সংসদে আগতে কেতিয়াও কৰা নাছিল। এই খচৰা সংবিধানখনত ১৯৩৫ৰ ভাৰত চৰকাৰ আইনৰ ব্যৱস্থাৰ বুজন অংশ আমাৰ সংবিধানত পুনৰ অন্তৰ্ভূক্ত কৰা হৈছে।
- (খ) ভাৰতবৰ্ষ এখন বৈচিত্রপূর্ণ দেশ। এই দেশত ভিন্নমুখী ধর্মীয়, অর্থনৈতিক আৰু ৰাজনৈতিক লোকসকলে বসবাস কৰে। গতিকে ভাৰবৰ্ষ ভিন্নমুখী ধর্মীয়, অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক লোকসকলৰ এখন ৰম্যভূমি। সেই হেতুকে ভিন্নমুখী বা অনৈক্যৰ মাজত ঐক্য স্থাপন কৰিবৰ বাবে সংবিধান প্রণেতাসকলে চিন্তা-চৰ্চা কৰি কিছুমান ব্যৱস্থা সংবিধানখনত সন্নিবিষ্ট কৰিব লগা হৈছে। ইয়াৰ বাবে তেওঁলোকে কানাডাৰ সংবিধানৰ নমুনাত ‘যুক্তৰাজ্য ভাৰত চৰকাৰৰ’ ব্যৱস্থা আমাৰ সংবিধানখনত অন্তর্ভুক্ত কৰে। লগতে, কেন্দ্রীয় আৰু প্ৰদেশৰ মাজত সম্বন্ধ কেনেদৰে স্থাপন হ’ব, কেনেদৰে পৰিচালিত হ’ব তাৰো ব্যৱস্থা সংবিধানখনত দিয়া হৈছে।
- (গ) ভাৰতীয় সংবিধানখনত বিশদভারে মৌলিক অধিকাৰ তালিকাভুক্ত কৰিছে আৰু ইয়াৰ লগতে ‘ৰাজ্য নির্দেশক নীতি’ সন্নিবিষ্ট কৰি আমাৰ সংবিধানৰ সৌষ্ঠব বৃদ্ধি কৰিছে। এনে মৌলিক অধিকাৰসমূহৰ বহুতো অধিকাৰ পৃথিৱীৰ আন আন সংবিধানত পোৱা নেযায়।
- (ঘ) ভাৰতীয় সংবিধানত বহুতো নতুন নতুন ব্যৱস্থা অন্তর্ভুক্ত কৰা হৈছে যিবিলাক হয়তো ভাৰতৰ বাবে অগতানুগতিক। চৰকাৰী ভাষা, অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অনুন্নত সম্প্ৰদায়ৰ নিৰাপত্তা আদি ব্যৱস্থা সংবিধানখনত নতুনকৈ অন্তর্ভুক্ত কৰা হৈছে। ইয়াৰোপৰি, অনুসূচীত আৰু জনগোষ্ঠী এলেকাৰ শাসন ব্যৱস্থাৰ সম্বন্ধে পৃথিৱীৰ আন দেশৰ কোনো সংবিধানতে নাই কেরল ভাৰতীয় সংবিধানৰ বাহিৰে।
২। প্রস্তৱনা (Preamble): মুখবন্ধ বা প্রস্তাৱনাই সংবিধানখনৰ দিক্ নির্ণয় কৰিছে। অর্থাৎ উদ্দেশ্য-বিধেয় সম্পর্কে বুজাই দি এক গুরুত্বপূর্ণ ভূমিকা পালন কৰিছে। ইয়াত ঘোষণা কৰা হৈছে যে ভাৰতবর্ষ এখন সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক, গণৰাজ্য আৰু দেশৰ সকলো নাগৰিকে ন্যায় স্বতন্ত্র্য, সমতা আৰু ভাতৃত্বৰ নিৰাপত্তা পাব।
ন্যায়: সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক
স্বতন্ত্র্য: দৃষ্টিভংগী বা চিন্তাধাৰা, ভাব প্রকাশকৰণ, বিশ্বাস, ধৰ্মত আস্থা আৰু পূজা-উপাসনা।
সমতা: মর্যাদা আৰু সুবিধা, সকলোকে উন্নতকৰণ।
ভাতৃত্ব: ব্যক্তিৰ মৰ্য্যাদা আৰু দেশৰ ঐক্য অখণ্ডতাৰ ভৰষা
প্রস্তৱনাৰ গুৰুত্ব ভূমিকা বা আৱশ্যকতাৰ সম্পৰ্কে উচ্চতম ন্যায়ালয়ে কেইবাটাও গোচৰত আলোচনা কৰি সিদ্ধান্তত উনুকিয়াইছে যে, যদিও ই আদালতত প্রযোজ্য নহয়, তথাপি লিখিত সংবিধানৰ প্ৰস্তাৱনাই সংবিধানখনে কি প্রতিষ্ঠা কৰিব বিচাৰে, কেনেধৰণৰ উন্নতি সাধন কৰিব বিচাৰে তাৰ অভিপ্রায় নিৰূপিত কৰিছে। (GolaplanV state of Madrass, 1950 SCR88 (198), Union Of IndiaV Madan Gopal, 1954 SCR541(555) । প্রস্তাৱনাই সংবিধানৰ ব্যৱস্থাৰ আইন ব্যাখ্যা কৰাত সহায় কৰে। য’ত সংবিধানৰ ভাষা আৰু শব্দবিলাক দ্বি-অর্থক বা অস্পষ্টরূপে দেখা দিয়ে। (Re-Berubari A. 1960 SC 845 (846)।
- (ক) ই সংবিধানৰ কর্তৃত্বৰ উৎস উনুকিয়াইছে
- (খ) ই সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য নিৰূপণ কৰিছে।
৩। মঙ্গলকামী ৰাষ্ট্ৰ: ভাৰতীয় সংবিধানে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ চিত্ৰপট দাঙি ধৰিছে। পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ এখন সর্ববৃহৎ গণতান্ত্রিক দেশ। সমাজতান্ত্রিক সমাজ গঠনৰ ধাৰণাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমাৰ সংবিধানখনে ভালদৰে প্ৰয়াস কৰিছে আৰু মঙ্গলকামী ৰাষ্ট্ৰখন গঢ়ি তুলিবলৈ বিচাৰিছে য’ত সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, ন্যায় থাকিব- সকলোৱে স্বাধীনভাবে চিন্তাচৰ্চা আৰু প্ৰকাশ কৰিব পাৰিব, সকলো নাগৰিকে সমমর্যাদা আৰু সুযোগ সুবিধা পাব, সকলোৱে নিজা নিজা বিশ্বাসৰ ধৰ্ম-কর্ম কৰিব পাৰিব। দেশখনৰ সকলো নাগৰিকৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলি ব্যক্তিৰ মৰ্যাদা আৰু দেশৰ অখণ্ডতা ৰক্ষা কৰিবলৈ ভাৰতীয় সংবিধানে প্রতিশ্রুতি প্রদান কৰিছে।
৪। সংসদীয় রূপ চৰকাৰঃ ভাৰতীয় সংবিধানে কেন্দ্ৰ আৰু ৰাজ্যত একোখন সংসদীয় চৰকাৰ প্ৰতিষ্ঠা কৰিছে। এইটো লক্ষ্য কৰিবলগীয়া কথা যে সংবিধান পৰিষদে অতি দূৰদৰ্শিতাৰে সংসদীয় চৰকাৰ প্ৰতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰিছিল যাতে ভাৰতবৰ্ষত কোনো প্ৰকাৰে একনায়কতাবাদ গঢ়ি উঠিব নোৱাৰে তাৰ বাবে অহোপুৰুষাৰ্থ কৰা ভালদৰে পৰিলক্ষিত হয়। এনে উদ্দেশ্য আগত ৰাখি দেশৰ মুৰব্বীজনক সামান্য ক্ষমতা দিয়া হৈছে। প্রকৃততে ক্ষমতা মন্ত্রীসভাৰ ওপৰতে ন্যক্ত কৰিছে। মন্ত্রীসভাই এই ক্ষমতা উপভোগ কৰিব পাৰিব যেতিয়ালৈকে মন্ত্রী সভাখন সংসদৰ আস্থাভাজন হৈ থাকিব। অর্থাৎ দায়গ্রস্ত বা বিশ্বসযোগ্য আৰু লগতে জবাবদিহি এই দুয়োটা ব্যবস্থা সংবিধানত সন্নিবিষ্ট কৰা হৈছে।
৫। সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ ভাৰতীয় প্ৰতিগৰাকী পুৰুষ-মহিলাই যাৰ বয়স ১৮ বছৰৰ অধিক তেওঁলোকে ভোট দিয়াৰ অধিকাৰ পাইছে। অধিকাৰ দিয়া হৈছে তেওঁলোকৰ মনঃপুত প্রতিনিধি নির্বাচিত কৰি চৰকাৰ গঠন কৰাৰ। ভোটাধিকাৰৰ ক্ষেত্ৰত ধনী দুখীয়া প্রশ্ন আহিব নোৱাৰে- সা-সম্পত্তি বা কৰ-কাটল দিয়াৰ হিচাপ-পত্ৰৰে ভোটাধিকাৰ নিৰূপণ নহয়। অর্থাৎ ধনী মানুহ এজনৰ ভোটৰ মূল্য যিমান, অতি দুখীয়া মানুহ এজনৰ ভোটৰ মূল্য সিমান। পৃথিৱীৰ আন আন গণতান্ত্রিক দেশৰ নাগৰিকৰ ভোটাধিকাৰৰ তুলনাত ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিকক বহু বেছি ভোটাধিকাৰ প্ৰদান কৰিছে।
৬। বলিষ্ঠ সংযুক্ত কেন্দ্ৰীয় চৰকাৰ সংবিধান প্রদত্ত কেন্দ্ৰীয় চৰকাৰৰ দোষ-ত্রুটি নোহোৱা নহয়। এই ত্রুটিবিলাক দেখা যায় যেতিয়া দেশখন আন দেশৰ লগত যুদ্ধত লিপ্ত হয় বা দেশত জৰুৰীকালীন অৱস্থাই দেখা দিয়ে। এনে অৱস্থাত শক্তিশালী ক্ষমতাৰ প্ৰয়োজন হয়। সেই হেতুকে আমাৰ সংবিধানত জৰুৰীকালীন ব্যৱস্থা অন্তভুক্ত কৰা হৈছে। এই ব্যৱস্থা মতে সংযুক্ত প্রথা তল পৰি একক প্রথালৈ ৰূপান্তৰিত হয়। অর্থাৎ ৰাজ্য চৰকাৰৰ ক্ষমতা হ্রাস পায় আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত সকলো ক্ষমতা কেন্দ্রীভূত হয় যাতে কেন্দ্রীয় চৰকাৰে বলিষ্ট পদক্ষেপ গ্রহণ কৰিব পাৰে।
৭। শিথিল নে কটকটীয়া সংবিধান: ভাৰতীয় সংবিধান শিথিল বা লেহুকাও নহয় আৰু কটকটীয়াও নহয়। কিয়নো, সংবিধানৰ কিছু ব্যৱস্থা সংসদৰ সৰল (simple) সংখ্যাগৰিষ্ঠ ভোটাৰ দ্বাৰা সংশোধন কৰিব পাৰি। কিছুমান ব্যৱস্থা বিশেষ সংখ্যাগৰিষ্ঠ (special majoritry) ভোটৰ দ্বাৰা আৰু কিছুমান ব্যৱস্থা বিশেষ সংখ্যাগৰিষ্ঠ ভোটৰ উপৰিও আকৌ ৰাজ্যৰ বিধান সভাৰ বিধায়কসকলৰ আধা সদস্যৰ অনুমোদন লৈহে সংশোধন ঘটাব পাৰে। গতিকে, প্রথম দৃষ্টিত দেখা যায় যে ভাৰতীয় সংবিধান কটকটীয়া যি হেতুকে কিছুমান ব্যৱস্থা বিশেষ সংখ্যাগৰিষ্ঠ ভোটৰ উপৰিও বিধান সভাৰ আধাভাগ সদস্যৰ অনুমোদন লৈহে সংশোধন কৰিব পাৰে। সেয়েহে, ভাৰতীয় সংবিধানখন শিথিল আৰু কটকটীয়াৰ এক সংমিশ্রণ মাত্র। আমাৰ সংবিধান ইংলেণ্ডৰ সংবিধানৰ দৰে লেহুকাও নহয় আৰু আমেৰিকা সংবিধানৰ দৰে কটকটীয়াও নহয়। আমাৰ সংবিধান ৰচনা কৰা ৰাজনৈতিক বিজ্ঞ পণ্ডিতসকলে মধ্যম পথ অৱলম্বন কৰিছে যাতে সংবিধানখন শাসকীয় দলৰ হাতৰ পুতলা নহয় আৰু যিকোনো পৰিস্থিতিতে সংশোধন বা পৰিৱৰ্তন কৰিব নোৱাৰে।
৮। নাগৰিত্ব: ভাৰতীয় সংবিধানৰ এক অন্যতম বৈশিষ্ঠ হ’ল, ই দ্বি- নাগৰিকত্বৰ ব্যৱস্থা দিয়া নাই। এক নাগৰিকত্বৰহে ব্যৱস্থা দিছে। অর্থাৎ প্রদেশিক নাগৰিকত্ব নাই। গতিকেই, ভাৰতৰ প্ৰতিজন লোকেই ভাৰতীয় নাগৰিক। আমাৰ সংবিধানে নাগৰিকৰ বাবে কিছুমান মৌলিক অধিকাৰ প্ৰদান কৰিছে। কিন্তু প্রয়োজন সাপেক্ষে বা পৰিস্থিতি সাপেক্ষে এই মৌলিক অধিকাৰসমূহ নিলম্বিত কৰিব পৰা ব্যৱস্থাও সংবিধানখনে দিছে।
৯। নাগৰিকৰ কৰ্তব্য: লক্ষ্য কৰিবলগীয়া কথা যে সংবিধান ৰচনা কৰা সময়ত নাগৰিকৰ মৌলিক অধিকাৰৰ কথাহে বিবেচনা কৰা হৈছিল। কিন্তু দেশৰ প্ৰতি নাগৰিকৰ মৌলিক কৰ্তব্য সম্পর্কে বিবেচনা কৰা হোৱা নাছিল। সেই হেতুকে ১৯৭৬ চনত ৪২তম্ সংশোধনীয় আইনৰ জৰিয়তে নাগৰিকৰ মৌলিক কর্তব্য দেশৰ প্ৰতি মূলতে কি কি হোৱা উচিত তাক সংবিধানত অন্তর্ভুক্ত কৰা হৈছে। সংবিধানত সন্নিবিষ্ট কৰা মৌলিক কর্তব্যসমূহ হ’ল
- (১) জাতীয় পতাকা, জাতীয় সংগীতক সম্মান জনোৱা আৰু সংবিধানক মানি চলা।
- (২) মহৎ আদর্শবিলাক যিবিলাকে স্বাধীনতাৰ বাবে জাতীয় সংগ্ৰামক অনুপ্রাণিত কৰিছিল, তাক মনত ৰাখি অনুসৰণ কৰা।
- (৩) ভাৰতবৰ্ষৰ ঐক্য অখণ্ডাতা আৰু সার্বভৌম ৰক্ষা কৰা।
- (৪) দেশক ৰক্ষণা-বেক্ষণ দিয়া।
- (৫) ভাৰতৰ জনগণৰ মাজত সাধাৰণ ভাতৃত্ববোধ গঢ়ি তোলা।
- (৬) আমাৰ ঐতিহ্যমণ্ডিত বিচিত্র কৃষ্টি সংস্কৃতি সংৰক্ষণ কৰা।
- (৭) প্রাকৃতিক পৰিৱেশক ৰক্ষণা-বেক্ষণ আৰু উন্নতি সাধন কৰা।
- (৮) বৈজ্ঞানিক বৈশিষ্ট আৰু প্রকৃতি বিচাৰ বৃদ্ধি কৰা।
- (9) ৰাজহুৱা সা-ম্পত্তি ৰক্ষা কৰা।
- (১০) সমূহীয়া আৰু ব্যক্তিৰ উৎকর্ষ সাধনাৰ বাবে অহোপুৰুষাৰ্থ কৰা।
বিচিত্র কৃষ্টি-সংস্কৃতি (composite Culture) প্রকাশ কৰোতে ভূত প্রয়োগ কৰা হৈছে। এই ভুল বা অসার্থক প্রয়োগ আঁতৰ কৰা উচিত এই ক্ষত্ৰত উচ্চতম ন্যায়ালয়ে সন্তোষৰ গোচৰত (1994)6SCC579) আঙুলিয়াই দি কৈছে যে ভাৰতৰ বাৰেৰহণীয়া সংস্কৃতিৰ ভেটি হ’ল সংস্কৃত ভাষা-সাহিত্য যিটোরে এক এনাজড়িৰূপে বিশাল দেশখনৰ ভিন্ন ভিন্ন জনগণক গোষ্ঠিক, বান্ধি ৰাখিছে। সেয়েহে, শিক্ষা ব্যৱস্থাত সংস্কৃত ভাষা-সাহিত্যক অগ্রাধিকাৰ দিয়া উচিত।
সংবিধানত অন্তর্ভুক্ত কৰা নাগৰিকৰ কৰ্তব্যসমূহ যদি নাগৰিকে পালন নকৰে, বা উলংঘা কৰে তেতিয়া নাগৰিকক বাধ্য কৰিবলৈ সংবিধানত কোনো ব্যবস্থা পোনপটিয়াকৈ দিয়া নাই যদিও আদালতে ইচ্ছা কৰিলে বা, প্রয়োজনবোধ কৰিলে সংবিধানৰ ১৪ আৰু ১৯ অনুচ্ছেদৰ আলমত সিদ্ধান্ত দিব পাৰে। এই কর্তব্যবিলাক এজন নাগৰিকৰ বাবে বাধ্যতামূলক বুলি উচ্চতম ন্যায়ালয়ে বিবেচনা কৰিছে। লগতে ইয়াকো কৈছে যে একে উদ্দেশ্যত উপনীত হ’বলৈ দেশবো কর্তব্য হ’ল তাৰ বাবে অহোপুৰুষাৰ্থ কৰা। Ram Sharan V. Union of India A 1989 S. C. 549 (p.14) Rural Litigation V state of U.P. 1987 SC 359 (P.20), গোচৰ দুটা উচ্চতম ন্যায়ালয়ে নাগৰিকৰ কৰ্তব্য সম্পর্কে বিষয়াভাবে আলোচনা কৰি এই ঐতিহাসিক সিদ্ধান্ত দিয়ে। গতিকে অধিকাৰ উপভোগ কৰিবলৈ হ’লে কর্তব্যও পালন কৰিব লাগিব।