গধূলি হৈছে। নির্মল পঢ়া মেজত বহিছে। তাৰ পঢ়াত অলপো মন বহা নাই। স্কুলৰ ঘটনাটোৰ কথা ভাবি তাৰ বৰ দুখ লাগি আছে। অসীমলৈ তাৰ বৰকৈ মনত পৰিছে। মহেন্দ্ৰ মাষ্টৰে বাঁহৰ স্কেলডালেৰে কোবাওঁতে অসীমে কিমান দুখ পাব পাৰে নিৰ্মলে সেই কথা অনুমান কৰিব পাৰে। অসীমৰ আনকি আঙুলি ফাটি তেজ ওলাই গৈছিল। তথাপি অসীমৰ মুখত যন্ত্রণাৰ অলপো চিন নির্মলে দেখা নাছিল। অসীমে কন্দাতো নাছিলেই। অসীম বহুত সলনি হৈ গ’ল। আচৰিত ধৰণে সলনি হৈ গ’ল। মানুহৰ গালি-শপনি, মাৰ-ধৰে তাক দুখ, যন্ত্রণা নিদিয়েনে? দিয়ে চাগৈ। দুখ লাগিলে মানুহে কান্দে, কিন্তু দুখবোৰ যেতিয়া বহুত বেছি হৈ যায় মানুহে চাগৈ নকন্দা হৈ যায়। নির্মলে দুখ লাগিলে মাক-দেউতাকৰ ওচৰত কান্দে, কিন্তু আনৰ ওচৰত সি কান্দিব নোৱাৰে। অসীমৰো তেনেকুৱা হয় কিজানি। অসীমে কিজানি আনকি মাক-দেউতাকৰ ওচৰতো কান্দিব নোৱাৰে। তাৰ কিজানি সকলো মানুহেই পৰ হৈ গ’ল। তাৰ নিজৰ বুলিবলৈ কোনো নাই। অসীম হয়তো আৰু কোনোদিন স্কুললৈ নাহিব। নির্মলে বহুত বুজাই-মেলি তাক স্কুললৈ আনিছিল। সি স্কুললৈ অহা দেখি নির্মলৰ খুব ভাল লাগিছিল। কিন্তু মহেন্দ্র মাষ্টৰৰ দহটা কোবত সকলো আশা, সকলো ভাল লগা শেষ হৈ গ’ল। অসীমেও নিশ্চয় সৰুকৈ হ’লেও আশা অলপ বুকুত বান্ধিয়েই আকৌ স্কুললৈ আহিছিল। তাৰ সেইকণ আশাও শেষ হৈ গ’ল।
ডাঙৰ মানুহবোৰ কিয় ইমান অবুজ হয়? অসীমহঁতৰ দুখবোৰ, সমস্যাবোৰ কিয তেওঁলোকে বুজিবলৈ চেষ্টা নকৰে? অসীমৰ দৰে ভাল ল’ৰাটো পঢ়াত কিয় ইমান বেয়া হৈ গ’ল, সেই কথা মহেন্দ্র মাষ্টৰহঁতে কিয় বুজিবলৈ চেষ্টা নকৰিলে? এসপ্তাহে অসীম কিয় স্কুললৈ যোৱা নাছিল, তাৰ যে কিবা কাৰণ থাকিব পাৰে সেই কথা তেওঁ কিয় নাভাবিলে? অসীমে কিতাপ কিয় নিয়া নাছিল সেইটো কথা বুজাটোও ইমান টাননে? জটিল জটিল অংকবোৰ নিমিষতে কৰিব পৰা, টান টান কথাবোৰ ভাবি উলিয়াব পৰা মানুহজনে ইমান সৰু সৰু কথাবোৰ কিয় ভাবি উলিয়াব নোৱাৰিলে?
নিৰ্মলৰ নিজকে বৰ দোষী দোষী লাগিল। তাৰ বাবেই অসীমে আজি আকৌ কষ্ট পাব লগা হ’ল। থেতেলা খাই ভাল হোৱা আঙুলিটো আকৌ ঘুণীয়া হ’ল। আঙুলিটো আকৌ ভাল হৈ যাব, কিন্তু অসীমে মনত পোৱা আঘাতখিনি বৰ সহজতে ভাল হ’বনে? অসীম-নির্মলহঁতৰো যে মান-অভিমান থাকিব পাৰে সেই কথা মহেন্দ্র মাষ্টৰহঁতে কিয় বুজি নাপায়? সমনীয়াৰ আগত বেয়াকৈ গালি পাৰিলে, মাৰ-পিট কৰিলে সিহঁতে যে লাজ পায় সেই কথাও তেওঁলোকে বুজি নাপায়নে? আজি যে মহেন্দ্র মাষ্টৰে অসীমক পিটিলে তাৰ বাবে অসীমে শ্ৰেণীত টোপনি নমৰা হ’বনে? কিতাপ যোগাৰ কৰিব পাৰিবনে? অংক জনা হ’বনে। স্কুল খতি নকৰা হ’বনে? নহয়। এইবোৰ একো নহয়। বৰং এইবাৰ সি ভালকৈয়ে, একেবাৰেই স্কুল বাদ দিব। নির্মলে বুজালেও সি আৰু কোনোদিন স্কুললৈ নাহে। নির্মলৰো আকৌ তাক বুজাবলৈ মন নাযাব। ঘূৰি ঘূৰি আকৌ একেটা কথাই তাৰ মনত খুন্দিয়াই থাকিল- ডাঙৰ মানুহবোৰে কিয় সৰু ল’ৰা-ছোৱালীবোৰৰ দুখবোৰ, সমস্যাবোৰ বুজি নাপায়? ডাঙৰবোৰে ভাবে সিহঁতে খেলিব লাগিব, পঢ়িব লাগিব আৰু হাঁহি থাকিব লাগিব। কেতিয়াবা যদি অসীমৰ দৰে কোনোবাই নেখেলা হয়, নপঢ়া হয়, নইহা হয় তেতিয়া ডাঙৰবোৰৰ মহেন্দ্ৰ মাষ্টৰৰ দৰে খং উঠি যায়। নির্মলে সম্মুখৰ গণিতৰ কিতাপখনলৈ চালে- কিতাপখনৰ পাত দুটাৰ তেজৰ দাগবোৰ শুকাইছে। দুয়োটা পৃষ্ঠাৰ তলৰ কেইবাটাও পৃষ্ঠাত তেজৰ দাগ বহিছে। দুয়োফালৰ ওপৰৰ পৃষ্ঠা দুটাৰ কেইটামান শাৰী তেজৰ দাগৰ বাবে পঢ়িব নোৱাৰা হৈ গৈছে। মহেন্দ্ৰ মাষ্টৰৰ মাৰ খাই অসীমে কন্দা নাছিল, আনকি উস্-আসো কৰা নাছিল। মাত্র সি নির্মলক কৈছিল- ‘তোৰ কিতাপখন নষ্ট হৈ গ’ল নির্মল।’ সঁচাই কিতাপখন নষ্ট হৈ গ’ল। এইখন কিতাপ সি নপড়ে। দেউতাকক কৈ সি এখন নতুন কিতাপ অনাই ল’ব। এইখন কিতাপ পঢ়িলে তেজৰ দাগবোৰে তাৰ মনটো নষ্ট কৰি পেলাব। আৰু মানুহৰ মনটো ইচ্ছা গ’লেই সলনি কৰিব পৰা কিতাপ নহয়।
মানুহৰ মনটো কিজানি কেতিয়াও শেষ নোহোৱা এখন বহীৰ দৰে। দিনে দিনে তাত নতুন নতুন কথা লিখা হৈ গৈ থাকে। এই বহীখন কেতিয়াও সলনি কৰিব নোৱাৰি। মন গ’লেও নোৱাৰি। খুব বেছি কাট-কুট কৰিব পাৰি। কিন্তু কাট-কুটৰ চিনবোৰ তাত থাকি যায়। যেনেকৈ আজি অসীমৰ মনৰ বহীখনত এটা কাট-কূট হৈ গ’ল। যোৱা ৰাতি হয়তো উজাগৰে কটাই আশাৰে লিখা কথা এটা আজি ৰাতিপুৱা অসীমে কাটি পেলাব লগা হ’ল। এই কাট-কূটটো এটা লেতেৰা দাগৰ দৰে থাকি যাব বহীখনত। এখন নতুন কিতাপ কিনি ল’লেও এই কিতাপখন নির্মলে সাঁচি থৈ দিব- এটা পাহৰিব নোৱৰা দিনৰ স্মৃতি হিচাপে। নির্মলে কিতাপখন জপাই থলে। বৰ অস্থিৰ অনুভৱ কৰিছে সি। কথাবোৰ তাৰ কাৰোবাক ক’বলৈ মন গৈছে। কিন্তু কাক ক’ব সি? তাৰ মনৰ ভিতৰত যি ধুমুহা
বলিছে সেই কথা সি কাৰো আগত ভালকৈ প্ৰকাশ কৰিব নোৱাৰিব। এটা বুজাব নোৱৰা খঙে তাক বিতত কৰি তুলিছে। সি উচপিচাবলৈ ধৰিছে। তাৰ কপালখন ঘামি উঠিছে। মূৰটো বিষাইছে। এই ঠাণ্ডাতো গাটো গৰম গৰম লাগিছে। তাৰ সন্মুখত,
মেজত বাঁহৰ গধপা স্কেলডাল পৰি আছে। এই স্কেলডাল সি নিজহাতে বৰ ধুনীয়াকৈ, মৰমেৰে মিহিকৈ বনাইছিল। আৰু তাৰ গাত সি লিখি দিছিল তাৰ নামটো। নির্মল। এই মুহূৰ্তত তাৰ এই স্কেলপটিক একেবাৰে লেতেৰা আৰু খহটা যেন লাগিল। স্কেলডাল হাতত লৈ সি বাহিৰলৈ ওলাই আহিল।
বাৰাণ্ডাত তাৰ মাকে জুই পুঁৱাই আছিল। সি মাকৰ কাষত গৈ বহিল। হাতত থকা স্কেলপাট সি জুইত সুমুৱাই দিলে। মাকে জানে এই স্কেলপাট সি বৰ যত্নেৰে, বৰ মনযোগেৰে নিজহাতে বনাইছিল। সেয়ে মাকে আচৰিত হৈ ক’লে-
‘ইমান ধুনীয়া স্কেলপাট জুইত সুমুৱালি কিয়?’
‘ক’তনো ধুনীয়া? দেখা নাই তাত তেজৰ দাগ?’- গর্জি উঠিল নির্মল।
হতবাক হৈ মাকে ভেবা লাগি তাৰ ফালে চাই ৰ’ল। ক্রমে ক্রমে আন্ধাৰবোৰ ঘন হৈ আহিব লাগিছে। কুঁৱলীৰ পাতল চাদৰখনো ডাঠ হ’বলৈ আৰম্ভ কৰিছে। মাজে মাজে বৈ অহা বতাহজাকত গাটো হাডলৈকে কঁপি উঠিছে। তথাপি অসীম কাঁথিতে বহি আছে। ঘৰৰ ভিতৰত সোমাবলৈ তাৰ মন যোৱা নাই। বাঁওহাতখনলৈ চালে সি। তেজ ওলাই থকা নাই। কিন্তু আঙুলিটো ফুলি প্রকাণ্ড হৈ উঠিছে। ঠাণ্ডা বঢাৰ লগে লগে বিষটোও বাঢ়ি আহিছে। আজি সি আঙুলিটোত বন শেউলিৰ ৰস লগোৱা নাই। কাপোৰেৰে বন্ধাও নাই। একো কৰিবলৈ তাৰ মন নগ’ল। এসময়ত নিজে নিজেই আঙুলিটোৰপৰা তেজ ওলোৱা বন্ধ হৈছিল। কাইলৈকে হয়তো আঙুলিটোও জামৰিবলৈ আৰম্ভ কৰিব। বিষো কমিব। যি হয় নিজে নিজেই হৈ থাকিব। তাৰ একো কৰিবলৈ মন নাই। এছটা কাঠৰ দৰে ক’ৰবাত এচুকত কাৰো চকুত নপৰাকৈ তাৰ পৰি থাকিবলৈ মন গৈছে।
তাৰ কি হৈছে সি নিজেই ক’ব নোৱাৰে। সি হাঁহিব নোৱাৰে, আনকি কান্দিবও নোৱাৰে। তাৰ মনটো ভালো নালাগে, বেয়াও নালাগে। একো নালাগে। একোরেই সি অনুভৱ কৰিব নোৱাৰা হৈ গৈছে। পেৰালাইছিছ হ’লে বোলে গাটো লৰচৰ কৰিব নোৱাৰা হয়, একো অনুভৱ কৰিব নোৱাৰা হয়। তাৰ মনটোৰো পেৰালাইছিছ হৈ গ’ল নেকি?
সি দিনৰ কথাখিনি যুকিয়াই ল’বলৈ চেষ্টা কৰিলে। আজিৰ ঘটনাটোৰ পিছত আৰু স্কুললৈ যোৱাৰ প্রশ্ন নুঠে। আচলতে সি স্কুল বাদেই দিছিল। নির্মলে বৰকৈ ধৰা বাবেহে সি আকৌ স্কুললৈ গৈছিল। বহুদিন, বছৰাতি ভাবি-চিন্তি সি স্কুল বাদ দিয়াৰ সিদ্ধান্ত লৈছিল। আৰু আকৌ স্কুললৈ যোৱাৰ সিদ্ধান্তটো লৈছিল মাত্র এটা ৰাতি ভাবি। নির্মলৰ জোৰত। অৱশ্যে আজি স্কুললৈ গৈ এটা ফালেদি ভালেই হ’ল। আগতে স্কুলৰ সম্মুখেৰে শিল ভাঙিবলৈ গ’লে, স্কুলখন দেখিলেই তাৰ বুকুখনত কিবা এটা হৈছিল। বকুলজোপা দেখিলেই তাৰ গাটো চুই চাবলৈ সি উদ্বাউল হৈ পৰিছিল। গছজোপাৰ প্রতি এক বুজাব নোৱৰা টান অনুভৱ কৰে সি। লগৰীয়াবোৰে সিহঁতৰ নিজৰ নিজৰ নামবোৰ গছজোপাৰ গাত খোদিত কৰিব খুজিছিল। কাকো সেই কাম সি কৰিবলৈ দিয়া নাছিল। আনকি পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনাখনো এই গছজোপাই তাৰ লগ আছিল। সি ক’ব নোৱাৰাকৈয়ে এই গছজোপাই, আনকি নির্জীর স্কুলঘৰটোৱেও তাৰ মনৰ ঠাই দখল কৰি লৈছিল। আজিৰ পৰা আৰু সেইবোৰ একো নহ’ব। মনৰ পৰা সেইবোৰ বাহিৰ কৰি দিবলৈ আজিৰ ঘটনাটোৰ দৰকাৰ আছিল। আঙুলি ফাটি ওলোৱা তেজখিনিয়ে তাৰ মনৰ ভিতৰৰ হাহাকাৰখিনি কমাব। ঘটনাটোৱে তাৰ স্কুল এৰাৰ কথাটোৰ এটা স্থায়ী ৰূপ দিলে। এতিয়া আৰু সংকোচ, দুখ- এইবোৰ একো অনুভৱ নহ’ব অসীমৰ। তাৰ মনটো অদ্ভুত ধৰণেৰে পাতল পাতল লাগিল। সি দীঘলকৈ উশাহ টানিলে।
‘আজি শিল ভাঙি কেইটকা পালি?’
অসীমে মূৰ তুলি চালে। তাৰ সন্মুখত বাপেক। বাপেকৰ পৰা অলপ দূৰত বৈ মাক। মাকে বাপেকৰ ফালে চাই আছে।
‘আজি শিল ভাঙিবলৈ যোৱা নাছিলো।’- অসীমে জনালে।
‘কিয়?’ গর্জি উঠিল বাপেক। অসীমে মনে মনে থাকিল।
‘মই সুধিছো শিল ভাঙিবলৈ নগ’লি কিয়?’- খঙত বাপেকে ফোঁপাবলৈ ধৰিছে।
অসীমে একো কোৱা নাই। অসীমৰ হৈ মাকেই মাত দিলে-
‘সি স্কুললৈ গৈছিল।’
‘কি?’- আচৰিত হৈ বাপেকে চিৎকাৰ কৰি উঠিল।
মাকেও সমানে চিঞৰি উঠিল-
‘অ’- সি সদায় স্কুললৈ যাব। আজিৰ পৰা আৰু সি শিল ভাঙিবলৈ নাযায়।’ প্রচণ্ড ক্রোধত মানুহজনে আর্তনাদ কৰি উঠিল। তেওঁৰ ধৈৰ্যৰ বান্ধ খুলি গ’ল।
কাঁথিত পৰি থকা বাঁহৰ কামিছটা হাতত লৈ তেওঁ অসীমৰ উদং পিঠিত গাৰ বলেৰে কোব এটা মাৰি দিলে। চাট্টকৈ শব্দ এটা বাহিৰ হ’ল। অসীমৰ পিঠিখন ফালি যোৱাৰ দৰে লাগি গ’ল। তথাপি সি একে ঠাইতে বহি থাকিল।
অসীমৰ মাক খণ্ডত কঁপি উঠিছে।
অসীমৰ পিঠিত বাঁহৰ কামিৰ আৰু এটা কোব পৰিল। তাৰ পিঠিখন এইবাৰ ফালি ছিৰাছিৰ হৈ যোৱা যেন লাগিল। তথাপি সি কেঁত-কুত নকৰিলে। একে ঠাইতে সি বহি থাকিল।
অসীমৰ মাকে খঙত ফোঁপাই উঠিছে। অসীমৰ বাপেকে তৃতীয়টো কোব মাৰিবলৈ কামিছটা ওপৰলৈ তুলিলে। মাকে দৌৰি আহি একেথাপে কামিছটা কাঢ়ি লৈ গ’ল। দুহাতেৰে কামিছটা ভাঁজ কৰিলে। ঠচকৈ শব্দ কৰি কামিছটা দুটুকুৰা হৈ গ’ল। গাৰ সমস্ত শক্তিৰে প্ৰচণ্ড খঙেৰে টুকুৰা দুটা তেওঁ চোতাললৈ দলিয়াই দিলে। তাৰ পিছত অসীমৰ বাপেকৰ সন্মুখত থিয় হৈ বাপেকৰ চকুলৈ চাই গর্জি উঠিল- ‘অ’ সি স্কুললৈ যাব। সি আৰু শিল নাভাঙে।’
মাকৰ ৰণচণ্ডী ৰূপ দেখি বাপেক হতভম্ব হৈ একে ঠাইতে থিয় দি থাকিল।
আন্ধাৰেৰে ভৰি পৰা, কুঁৱলীৰে আৱৰা কাঁথিখন হঠাৎ নীৰৱ হৈ পৰিল। মাত্র
মাকৰ উশাহৰ ঘন ঘন শব্দবোৰ শুনা গৈছে। মেকুৰী এটা নীৰৱে আহি কাঁথিখনতে নেজ পাৰি বহিছে। ঠাণ্ডা বতাহ এছাটি কাঁথিখনলৈ বৈ আহিছে।
‘মই আৰু স্কুললৈ নাযাওঁ। কাইলৈৰ পৰা আকৌ শিল ভাঙিবলৈ যাম।’ অসীমে লাহেকৈ তলমূৰকৈ থাকিয়েই কথাষাৰ ক’লে। অসীমৰ মাতটোত খং নাই, দুখ নাই, ক্ষোভ নাই। একো নাই। একো নাই।
নির্মলৰ পঢ়া-শুনা ভালদৰেই চলিছে। এই বছৰ সি মেট্রিক দিব। গতিকে প্রথমৰ পৰাই সি ভালদৰে পঢ়িছে। আজিকালি সিহঁতৰ প্ৰতিমাহতে পৰীক্ষা হয়। এতিয়ালৈ দুমাহত দুটা পৰীক্ষা হৈ গ’ল। দুয়োটা পৰীক্ষাই সি ভাল কৰিছে। স্কুলৰ শিক্ষকবোৰে মেট্ৰিকত তাৰ পৰা ভাল ফল আশা কৰিছে। সিও কষ্ট কৰিছে।
মাজে মাজে নির্মলৰ অসীমলৈ মনত পৰে। তেতিয়া তাৰ মনটো দুখ আৰু হতাশাৰে ভৰি পৰে। কিন্তু সি কৰিব পৰাখিনি কৰিও অসীমক সহায় কৰিব নোৱাৰিলে। গতিকে কথাবোৰ মনত পৰিলে নির্মলে বৰ অসহায় অনুভৱ কৰে।
অসীমৰ শিল ভঙাত হাত আহি গৈছে। আজিকালি সি কম সময়তে বহুত শিল ভাঙিব পাৰে। গতিকে তাৰ উপাৰ্জন আগতকৈ বাঢ়িছে। ইফালে বাপেকৰো মদৰ পৰিমাণ আগতকৈ বাঢ়িছে। তর্জন-গর্জন, কাজিয়া-অশান্তিও সেই অনুপাতে বাঢ়ি গৈছে। অসীমৰ পৰা দাবী কৰা টকাৰ পৰিমাণো বাঢ়ি গৈছে। গতিকে অসীমৰ উপার্জন বাঢ়িলেও ঘৰৰ অৱস্থা ভাললৈ অহা নাই। অৱস্থাটো ভাবিলে অসীমৰ বহুদিন আগতে কৰা চৌবাচ্চাৰ অংকটোৰ কথা মনত পৰে। সেই যে এটা চৌবাচ্চাৰ দুটা নলীৰ এটাৰে পানী সোমায় আৰু এটাৰে ওলাই যায়।
অসীমৰ মনত স্কুলৰ কথাবোৰ লাহে লাহে পুৰণি হৈ যাবলৈ ধৰিছে। কথাবোৰ আজিকালি তাৰ কমকৈ মনত পৰে। কেতিয়াবা মনলৈ আহিলেও সি কথাবোৰ মনৰ পৰা উলিয়াই দিবলৈ চেষ্টা কৰে। সি স্কুল এৰা কথাটো মাকেও এতিয়া গ্ৰহণ কৰি লৈছে। এই পৰিৱৰ্তনবোৰ সকলোৱে যেন মানি লৈছে। সি স্কুল বাদ দিয়া, শিল ভঙা, বাপেকে মদ খোৱা, ঘৰত অত্যাচাৰ কৰা- এই সকলোবোৰ কথা ঘৰৰ সকলোৰে বাবে চিনাকি, পুৰণি হৈ গ’ল। কিন্তু এদিন এটা নতুন ঘটনা ঘটিল- ঘৰৰ কোনেও সহজে গ্রহণ কৰিব নোৱৰা এটা ঘটনা। শিল ভাঙি অসীম গধূলি পাহাৰৰ তলিৰ পৰা ঘৰলৈ বুলি আহি আছিল। লগত আছিল বতন আৰু ৰমেন। দূৰৈৰ পৰাই সিহঁতে দেখিছিল স্কুলৰ সম্মুখত মানুহৰ জুম। বতন আৰু ৰমেনে ৰোমাঞ্চকৰ কিবা এটা ঘটনা দেখাৰ আশাত পুলকিত হৈ পৰিছিল। সিহঁতে খোজৰ বেগ বঢ়াই দিছিল। অসীমৰ একোৰে প্ৰতি আগ্ৰহ নাইকিয়া হৈ গৈছিল। মাত্ৰ ৰতন আৰু ৰমেনৰ সৈতে তাল মিলাবলৈ সিও খোজৰ বেগ বঢ়াই দিছিল।
সিহঁতে স্কুলৰ সন্মুখ পাই দেখিলে- স্কুলৰ বকুলজোপাৰ তলত কিবা এটা ঘটিছে। মানুহবিলাক বকুলজোপাৰ তলত দুর্গা পূজাৰ প্ৰতিমাৰ সন্মুখত ভিৰ কৰাৰ দৰে ভিৰ কৰিছে। এক উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে চৌদিশে। সকলোৱে হাঁহি-খিকিন্দালি, চিঞৰ-বাখৰেৰে পৰিৱেশটো উত্তাল কৰি তুলিছে।
অসীম যেতিয়া স্কুলৰ গেটৰ সন্মুখত ৰ’ল, মানুহৰ চিঞৰ-বাখৰ কমিল, তাক আগবাঢ়িবলৈ সকলোৱে বাট এৰি দিলে। দুই-এজনে আনকি ‘ঐ অসীমক যাবলৈ দে’ বুলিও ক’লে। অসীম বৰ আচৰিত হ’ল। মানুহবোৰে তাক ইমান গুৰুত্ব দি বকুলজোপাৰ তললৈ যোৱাৰ বাট উলিয়াই দিছে কিয়? অসীমৰ মনত পৰিল- গাঁৱৰ কাৰোবাৰ ঘৰত কোনোবা ঢুকালে ঘৰৰ বাহিৰত থকা কোনোবা আত্মীয় আহি পদূলিত উপস্থিত হ’লে এনেকুৱা হয়- মানুহৰ গুণগুণনি বন্ধ হয়, শৰ ওচৰলৈ যাবলৈ মানুহবোৰে বাট উলিয়াই দিয়ে। অসীমে কি হৈছে একো অনুমান কৰিব পৰা নাই। তথাপি তাৰ বৰ ভয় লাগিল। সি বকুলজোপাৰ তললৈ আগবাঢ়িল। দৃশ্যটো দেখি অসীম চক খাই উঠিল। তাৰ উশাহ-নিশাহ বন্ধ হৈ যোৱাৰ দৰে লাগিল। বুকুখন খুব জোৰেৰে ধন্ধপাবলৈ ধৰিলে। ভৰি দুখন কপিবলৈ ধৰিলে। মূৰটোও ঘূৰোৱাৰ দৰে লাগিল তাৰ। অসীমে দেখিলে গাঁৱৰ মানুহবোৰে তাৰ বাপেকক বকুলজোপাৰ তলত কাণত ধৰাই আঁঠু কঢ়াই থৈছে। আৰু গাঁৱৰ নাপিতজনে বাপেকৰ চুলিবোৰ ঘপাঘপ কাটিবলৈ ধৰিছে। চুলি কাটি কাটি ইতিমধ্যে বাপেকক টকলা কৰি পেলাইছে। তেতিয়াও একোছা চুলি কাটিবলৈ বাকী আছিল। কাটিবলৈ বুলি নাপিতজনে বাঁওখন হাতেৰে চুলিকোছা মুঠি মাৰি ধৰিছে, এনেতে
কোনোবাই ক’লে- ঐ পুতেৰ আহিছে চা।’ নাই, বাপেকে মূৰ তোলা নাই। আন এজনে ধমক দি ক’লে- ‘ঐ মূৰ তোল।’ বাপেক তলমূৰকৈয়ে থাকিল। অধৈর্য মানুহবোৰৰ এজনে খঙতে বাপেকৰ পিঠিত গোৰ মাৰি দি ক’লে- ‘চাল্লা মদপীৰ লাজটো চা।’ অসীমৰ কান্দি দিবৰ মন গ’ল। এইবাৰ নাপিতজনে কাটিবলৈ লোৱা চুলিকোছাত জোৰেৰে ধৰি বাপেকৰ মূৰটো ওপৰলৈ দাঙি দিলে। লগে লগে অসীম আৰু বাপেকৰ চকুৱে চকুৱে পৰিল। দুয়োটাই একেলগে মুৰ দুটা তললৈ নমাই দিলে।
অসীমে কাকো একো নক’লে। কি ক’ব লাগে, কাক ক’ব লাগে, কি কৰিব লাগে অসীমে একো নাজানে। সি একোৱেই নাজানে। আচলতে সি বহুদিনৰ পৰাই ঘটনাবোৰ মাথোঁ চাই গৈছে নীৰৱে। ঘটনাবোৰ নিয়ন্ত্ৰণ কৰিব পৰাৰ শক্তি, বুদ্ধি, অভিজ্ঞতা তাৰ নাই।
অসীমে বাপেকক বকুলজোপাৰ তলতে মানুহবোৰৰ হাতত এৰি থৈ আঁতৰি আহিল। তাৰ পিছত নীৰৱে, ধীৰ খোজেৰে সি ঘৰলৈ গুচি আহিল। ঘৰলৈ আহি অসীমে দেখিলে- আজলীক বুকুত সাবটি মাক খাটত পৰি আছে। সাৰ-সুৰ নাই। যেন এটা মৃতদেহ। অসীমে বুজি পালে- কথাবোৰ ইতিমধ্যে মাকৰ কাণত পৰিছে। খঙত কাৰোবাক গালি পাৰিব পৰাকৈ, দুখত কান্দিব পৰাকৈ মাকৰ মনৰ শক্তি শেষ হৈ গৈছে। অসীমৰো তেনেকুৱাই হৈছে। অসীমো তাৰ খাটত শুই পৰিল।
আজি বহুত দিন ধৰি দেউতাকৰ লগত অসীমৰ একধৰণৰ দূৰত্বৰ সৃষ্টি হৈ গৈ আছে। দেউতাক অসীমৰ পৰা আঁতৰি গৈছেনে, অসীম দেউতাকৰ পৰা আঁতৰি গৈছে- সি নাজানে। মাথোঁ সি জানে- দেউতাকে মদ খাবলৈ আৰম্ভ কৰাৰ পৰাই সি দেউতাকৰ ওচৰত আগৰ দৰে সহজ অনুভৱ নকৰে। অথচ এসময়ত দেউতাক তাৰ বন্ধুৰ দৰে আছিল। দেউতাকে তাৰ লগত মন খুলি কথা পাতিছিল। একেলগে মাছ মাৰিবলৈ গৈছিল। শাক আৰু কবিৰ খেতি কৰিছিল। দেউতাকে তাক আৰু ভনীয়েক আজলীক পাহাৰৰ তলিলৈ প্ৰায়েই ফুৰাবলৈ নিছিল। উভতি আহোঁতে বজাৰত কেতিয়াবা সিহঁতক চিঙৰা-চাহো খুৱাইছিল। দেউতাকে কেতিয়াও সিহঁতৰ গাল-মূৰ পিহি হয়তো স্নেহ প্রদর্শন কৰা নাছিল, মৌ সৰা মাতেৰে বোপা, আইটি বুলি মতা নাছিল- তথাপি সিহঁতে বাপেকৰ মৰমখিনি ঠিকেই অনুভৱ কৰিব পাৰিছিল। এতিয়াৰ এই মানুহজনক দেখি আগৰ সেই মানুহজনৰ কথাবোৰ সপোন সপোন যেন লাগে। অতীতৰ সেই কথাবোৰ সঁচা আছিল বুলি কল্পনা কৰিবলৈও টান হয়। ঠিক কেতিয়া কেনেকৈ সেই মানুহজনক অসীমহঁতে হেৰুৱাবলৈ আৰম্ভ কৰিছিল অসীমে নাজানে।
কথাবোৰ কাৰোবাক ক’বলৈ অসীমৰ বৰ মন যায়। কাক ক’ব সি? কথাষাৰ ভবাৰ লগে লগেই তাৰ কাণত বাজি উঠে বুকুৰ ভিতৰত সযতনে সাঁচি থোৱা কেইটামান Hel
‘তোৰ কি হৈছে মোক ক’বি অসীম?’
তাৰ দুখবোৰৰ কথা যদি পৃথিৱীৰ কাৰোবাক ক’ব পাৰি সেইজন হৈছে নির্মল। বহুদিন তাক দেখা নাই। স্কুলৰ সেই ঘটনাটোৰ দিনাখনৰ পৰা আৰু সিহঁত ক’তো মুখামুখি হোৱা নাই। অসীমৰ কথা এতিয়াও মনত পৰেনে নির্মলব? তাক লগ পাবলৈ মন যায়নে নির্মলৰ? অসীমৰ নিজৰ নিৰ্মলক লগ পাবলৈ মন যায়। বৰ মন যায়। আজি যে বাপেকক গাঁৱৰ মানুহবোৰে কাণত ধৰাই আঁঠু কঢাই থৈছে, মূৰৰ চুলি খুৰাই টকলা কৰি দিছে সেই খবৰ নির্মলে পায়নে? কি ভাবিছে বাৰু নির্মলে? তাক সান্ত্বনা দিব পৰাকৈ নিৰ্মলৰ কিবা কথা আছেনে? দূৰৈৰ পৰা মানুহৰ চিঞৰ-বাখৰৰ শব্দ ভাহি আহিছে। সংকুচিত মনেৰে ভয়ে ভয়ে অসীমে কাণ উনাই থাকিল। শব্দবোৰ লাহে লাহে ডাঙৰ হৈ ওচৰ চাপি আহিবলৈ ধৰিছে। অসীমৰ বুকুখন আকৌ ধন্ধপাবলৈ ধৰিছে। ইতিমধ্যে গধূলি ভাগি সন্ধিয়া হৈছে। আন্ধাৰবোৰ বাঢ়ি আহিবলৈ ধৰিছে। মাকে চাকিগছি জ্বলোৱা নাই। সিহঁতৰ ঘৰখন আন্ধাৰেৰে ভৰি পৰিছে। অসীমৰ এনে লাগিছে যে পৃথিৱীৰ যত যিমান আন্ধাৰ আছে গোটেইবোৰ আহি সিহঁতৰ ঘৰখন ভৰি পৰক। কোনেও দেখা নোপোৱাকৈ আন্ধাৰবোৰে লুকুৱাই ৰাখক সিহঁতক। অসীমে এইবাৰ স্পষ্টকৈ শুনিবলৈ পালে মানুহৰ হাহাকাৰ- হাঁহি-খিকিন্দালি-চিৎকাৰ। এটা যেন সমদল আগবাঢ়ি আহিছে সেয়া এজনে চিঞৰি চিঞৰি কৈছে- ‘মদপীৰ শাস্তি চাই লওক’। তাৰ পিছত বহুত মানুহে সমস্বৰে চিঞৰিছে- ‘চাই লওক, চাই লওক।’ অসীমে স্পষ্টকৈ বুজি পালে- সমদলটো সিহঁতৰ পদূলিত ৰৈছে আৰু মানুহবোৰে দুগুণ উৎসাহেৰে চিঞৰিছে। আন্ধাৰৰ মাজতো অসীমে লাজতে চকু দুটা বন্ধ কৰি দিলে। হঠাৎ অসীমৰ এনেকুৱা লাগিল- মাকে কিজানি উচুপিবলৈ ধৰিছে। হয়, হয়-মাকে কান্দিছে। প্রথমে মনে মনে, লাহে লাহে। কোনেও গম পাব নোৱাৰাকৈ। আৰু এসময়ত সংযমৰ বান্ধ ভাঙি জোৰে জোৰে বুকুত ভুকুৱাই, কপালত চপৰিয়াই। কান্দিবলৈ আৰম্ভ কৰিছে আজলীয়েও। চিঞৰি চিঞৰি। অসীমে দুয়োকাণত ফটা কথাখন হেঁচা মাৰি ধৰিলে আৰু চকু দুটা বন্ধ কৰি পৰি থাকিল লৰচৰ নকৰাকৈ।