আমি জানো যে ১৮২৬ খ্রীষ্টাব্দত মান আৰু ব্ৰিটিছৰ মাজত স্বাক্ষৰিত ইয়াণ্ডাবু চুক্তিৰ ফলশ্রুতিতেই অসম নামৰ ভূখণ্ডটোৱে আৰু বিশেষকৈ আহোম ৰাজ্যই ৰাজনৈতিক স্বাধীনতা হেৰুৱায়। ব্ৰিটিছৰ সাম্রাজ্যবাদী শাসন ব্যৱস্থাৰ কিছু কাল যোৱাৰ পাছতহে অসমীয়া ভাষাক কেন্দ্ৰ কৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহৰ মাজতে কম বেছি পৰিমাণে এটা জাতিগত চেতনা গঢ় লৈ উঠে। ১৮২৬ খ্ৰীষ্টাব্দতো ইতিহাসৰ মাইলৰ খুঁটি হিচাপে বিবেচনা কৰা হয় বাবে ১৮২৮ খ্রীষ্টাব্দত নকছাৰী অঞ্চলত গমধৰ কোঁৱৰৰ নেতৃত্বৰ বিদ্রোহীকেই প্রথম সাম্রাজ্যবাদবিৰোধী বিদ্রোহ বুলি ধৰা হৈছিল। কিন্তু অতি সম্প্রতি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক তথা চিন্তাশীল লেখক ড° ৰক্তিম বঙান শইকীয়াই ১৭৮৮ চনতে গোৱালপাৰা অঞ্চলৰ মেচপাৰাৰ জমিদাৰ ৰণৰাম চৌধুৰীয়ে ব্ৰিটিছৰ বিৰুদ্ধে (অর্থাৎ ইষ্ট ইন্ডিয়া কোম্পানীৰ বিৰুদ্ধে) প্রথম সশস্ত্র প্রতিবাদ কৰাৰ তথ্য পোহৰলৈ আনিছে। অৱশ্যে গোৱালপাৰা জিলা কাহানিও আহোম ৰজাৰ দখলত নথকা বাবেই উজনিৰ বুৰঞ্জীত এনেবোৰ কথা সন্নিবিষ্ট হোৱা নাছিল। এইটো অঞ্চলত পোনতে কোঁচসকলৰ আৰু পাছত মোগলৰ শাসন চলিছিল। তদুপৰি পশ্চিম অসমত ইতিহাস চর্চা আপেক্ষিকভাবে দুর্বল আছিল বাবেও বহু কথা এতিয়াও অনালোচিত হৈ আছে। ১৭৮৮ খ্রীষ্টাব্দৰ ২২ নৱেম্বৰ তাৰিখে ৰণৰাম চৌধুৰীৰ নেতৃত্বত থকা ৫০০ বৰকান্দাজে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰঙামাটিত অৱস্থিত চৌপাশে দেৱালেৰে ঘেৰা কাৰখানাত আক্ৰমণ কৰে। পাছত যুদ্ধৰ পৰা পলায়ন কৰিবলগীয়া হোৱা ৰণৰাম চৌধুৰীৰ ১৭৯০ খ্রীষ্টাব্দৰ ফেব্ৰুৱাৰীত মৃত্যু হয়। কিন্তু গুৰুত্বপূৰ্ণ কথা হ’ল ৰণৰাম চৌধুৰীৰ সেই প্ৰতিৰোধ আছিল সমগ্ৰ ভাৰতৰ ভিতৰতে প্ৰথমাৱস্থাৰ সাম্রাজ্যবাদবিৰোধী বিক্ষিপ্ত সংগ্ৰামৰ মাজৰ এটা গুৰুত্বপূৰ্ণ অংগ। অসমীয়াৰ বাবে পৰম গৌৰৱৰ কথা যে সেই ৰণৰাম চৌধুৰীৰ আজো নাতিৰ নাতি আছিল অসম সাহিত্য সভাৰ ১৯৩১ চনৰ শিৱসাগৰ অধিৱেশনৰ সভাপতি নগেন্দ্ৰ নাৰায়ণ চৌধুৰী।
মন্ত্ৰিাম দেৱান প্রথমাৱস্থাত ব্ৰিটিছৰ সহযোগী আছিল বাবে এনেবোৰ বিদ্ৰোহৰ বিৰোধিতাহে কৰিছিল। কিন্তু খুব সোনকালেই মণিৰামে চতুৰ ব্ৰিটিছৰ শোষণৰ ৰেহৰূপবোৰৰ বিষয়ে ধাৰণা কৰিব পাৰিলে। ১৮৪৪ খ্রীষ্টাব্দত তেওঁ আসাম কোম্পানীৰ দেৱান দায়িত্বৰ পৰা অব্যাহতি লয়। নিজাববীয়াকৈ চাহ বাগিচা খুলিবলৈ সক্ষম হোৱা মণিৰামৰ কৌশলী ব্যবসায়িক বুদ্ধি দেখি ব্রিটিছ শাসক ভিতৰি ভিতৰি বিতৃষ্ট হৈয়ে আছিল। মণিৰামবো ব্রিটিছৰ বিৰুদ্ধে ক্ষোভ বৃদ্ধি পালে। চিপাহী বিদ্রোহৰ সময়তে মণিৰাম দেৱানে অসমৰ পৰা ব্ৰিটিছক উৎখাত কৰি পুনৰ কন্দপেশ্বৰ সিংহক ৰজা পতাৰ ষড়যন্ত্র কৰে। শেষত তেওঁ বন্দী হ’ল আৰু ব্রিটিছে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২৬ ফেব্ৰুৱাৰীত মণিৰাম আৰু তেওঁৰ সহযোগী পিয়লি বৰুৱাক যোৰহাটত ফাঁচি দিয়ে। মণিৰাম দেৱানৰ মৃত্যুৰ পাছতে তেওঁৰ বিষয়ে অসমৰ সাধাৰণ মানুহে বহু গীত ৰচনা কৰে। সেইবোৰ গীতে তেওঁৰ জনপ্ৰিয়তাৰ লগতে ব্রিটিছ শাসকৰ প্রতি যে সাধাৰণ ৰাইজ ক্ষোভিত হৈ উঠিছিল তাৰ ইংগিত বহন কৰে। সাধাৰণ মানুহৰ তেনে ধৰণৰ সহজাত ক্ষোভ, বিৰক্তিৰ আঁৰতো যে তেওঁলোকৰ স্বাভিমানে ক্রিয়া কৰে, সেই কথা বুজাতো কষ্টসাধ্য নহয়। মণিৰাম দেৱানে আহোম ৰাজতন্ত্র পুনঃপ্রতিষ্ঠাৰ বাবে প্রচেষ্টা চলাইছিল যদিও অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ কথা লৈ খুব উদ্বিগ্ন হোৱাৰ বাতৰি পোৱা নাযায়। ইতিমধ্যে ১৮৩৭ খ্রীষ্টাব্দতে ব্রিটিছে অসমত অসমীয়াৰ সলনি বাংলা ভাষা প্ৰৱৰ্তন কৰিছিল। সেইসময়ত অসমীয়া ভাষা পুনঃপ্রতিষ্ঠাৰ বাবে মূল সেনাপতিৰ ভূমিকা লৈছিল সম্ভ্রান্ত পৰিয়ালৰ এজন ডেকাই। তেওঁৰ নাম আছিল আনন্দৰাম ঢেকিয়াল ফুকন। পৰৱৰ্তী সময়ত তেওঁৰ চিন্তাৰ সহযোগী হৈছিল গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা। এই ত্রিমূর্তিয়ে ব্ৰিটিছ শাসনৰ জৰিয়তে অসমলৈ শান্তি আৰু সুস্থিৰতাৰ বাতাৱৰণৰ লগতে শিক্ষাৰ পোহৰো পৰিব বুলি বিশ্বাস কৰিছিল। এওঁলোকক সহায় কৰিছিল আমেৰিকাৰ পৰা অহা বেপ্তিষ্ট মিছনেৰীসকলে। ইয়াৰ ভিতৰত ৰেভাৰেণ্ড নাথান ব্রাউন আৰু মাইলছ ব্ৰনছনৰ নাম দুটা খুবেই তাৎপর্যপূর্ণ।
অসমীয়া ভাষাটোক কেৱল নিজৰ স্বাভিমানৰ প্ৰতীক কৰিয়েই ঢেকিয়াল ফুকন ক্ষান্ত থকা নাছিল। তেওঁ ভাবিছিল নিজৰ ভাষাৰ জৰিয়তে শিক্ষাৰ পোহৰ নিবিলালে অসমীয়া মানুহবোৰ আন সভ্য জাতিৰ লগত ফেৰ মাৰিব নোৱাৰিব। মাত্র ২৯ বছৰ বয়সতে মৃত্যু বৰণ কৰা আনন্দৰামে নিজৰ জীৱন কালত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰয়োগ হোৱা নেদেখিলে। কিন্তু অদূৰ ভবিষ্যতে ভাষাটোক পুনঃপ্রতিষ্ঠা কৰাৰ হকে সকলো কাম পাৰ্যমানে কৰি গ’ল। জন্মসূত্রে অসমীয়া নহ’লেও আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলৰ চিন্তা চেতনা এটা সময়ত অসমীয়াৰ দৰে হৈ পৰিছিল। ১৮৩৬ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত নাথান ব্রাউন আৰু অলিভাৰ টি কট্টৰ পত্নীসহ অসমলৈ আহে। ইয়াৰ পাছতে অসমলৈ আহে মাইলছ ব্রনছন, জেকব টমাছ, এ.কে. গার্নী আৰু এ.এইচ. ডেনফর্থ আদি মিছনেৰীসকল। তেওঁলোকৰ মূল উদ্দেশ্য আছিল খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা। কিন্তু সেই সময়ত অসমত চলা বাংলা ভাষাৰ দ্বাৰা কথাবোৰ প্ৰচাৰ কৰিবলৈ যাওঁতে তেওঁলোকে অনুভৱ কৰিলে যে সেই ভাষাটো সৰ্বসাধাৰণ ৰাইজৰ মুখৰ ভাষা নহয়। তাৰ পাছৰ পৰা অসমীয়া ভাষা পুনৰুদ্ধাৰৰ সংগ্ৰামত তেওঁলোক নামি পৰিল। ১৮৪৬ খ্রীষ্টাব্দত তেওঁলোকৰ প্ৰচেষ্টাতে শিৱসাগৰৰ পৰা প্ৰথমখন অসমীয়া সংবাদপত্র ‘অৰুনোদই’ প্রকাশ পায়। কথিত আছে যে কাকতখনৰ প্রথমজন সম্পাদক নাথান ব্রাউনৰ পত্নী এলিজা ব্রাউনে অসমীয়া ভাষাটো ভালদৰে শিকি লৈ বুজিছিল ভাষাটো কিমান স্বকীয় উপাদানেৰে সমৃদ্ধিশালী। সংবাদপত্ৰখনৰ নামকৰণটোও তেওঁ নিজে কৰা বুলি শুনা যায়। ব্রাউনে অসমীয়া ভাষাৰ দ্বিতীয়খন ব্যাকৰণ ‘Grammatical Notices of the Assamese Lan-guage’ ১৮৪৮ খ্রীষ্টাব্দত লিখি উলিয়ায়। মাইলছ ব্ৰনছনে বাৰ বছৰৰ কঠোৰ পৰিক্ৰমাৰ অন্তত ১৮৬৭ খ্রীষ্টাব্দত চৈধ্য হেজাৰ শব্দ সম্বলিত অসমীয়া – ইংৰাজী অভিধানখন প্রণয়ন কৰে। অসমীয়াৰ বাবে আনন্দৰ কথা যে তাৰ আগতে জাদুৰাম ডেকা বৰুৱাই প্ৰণয়ন কৰা অভিধানখনে ব্রনছনক যথেষ্ট সহায় কৰিছিল। সাম্প্রতিক সময়ত আন এখন অসমীয়া অভিধানৰ সম্ভেদ পোৱা গৈছে। বৰ অম্ৰ আৰু লতি অম্ৰ নামৰ অভিধানখন প্রণয়ন কৰিছিল টেঙাই মহনে। ব্রনছনে অসমীয়া মানুহৰ লগত এনে আত্মীয়তা গঢ়ি তুলিছিল যে ১৮৭৯ খ্রীষ্টাব্দত স্বদেশলৈ উভতি যোৱাৰ সময়ত তেওঁ দুখত ভাগি পৰিছিল। তদুপৰি নগাঁওত গঠিত অসমীয়া মানুহৰ প্রতিনিধি সংগঠনৰ তেওঁ সভাপতিও নির্বাচিত হৈছিল। কলিকতাৰ পৰা প্ৰকাশিত ‘Friend of India’ কাকতত ব্রনছনে ১৮৫৫ খ্রীষ্টাব্দতে অসমীয়া ভাষাৰ হকে কলম চলাইছিল। নিজৰ মূল উদ্দেশ্য সম্পূৰ্ণ কৰিব নোৱাৰিব বুলি জনাৰ পাছতো এক অবর্ণনীয় অসম প্রেমেৰে ব্রাউন-ব্রনছন আদি মিছনেৰীসকলে অসমীয়া ভাষাৰ হৈ সংগ্রাম কৰিছিল। তেওঁলোকৰ বৌদ্ধিক সততাও আছিল বর্তমান সময়ত অকল্পনীয়।
অসমীয়া জনজীৱনৰ লগত সম্পৰ্ক থকা বিভিন্ন বিষয়ে ঊনবিংশ শতিকাত গুৰুত্ব পাইছিল। ইয়াৰ বহুমাত্রিক প্রভাবে সকলো মানুহকে সমানে প্ৰভাৱান্বিত কৰিব পৰা নাছিল। কাৰোবাক যদি কোনোবা এটা দিশে বেছিকৈ আকৰ্ষিত কৰিছিল, আন কাৰোবাৰ মনত অন্য বিষয় কিছুমানে চিন্তাৰ উদ্রেক ঘটাইছিল। বহু সাধাৰণ মানুহ নির্বিকাৰ হৈও আছিল। আন কোনোবাই নিজৰ ব্যক্তিগত মেধা, পৰিশ্ৰম আৰু দক্ষতাৰ জৰিয়তে জাতিৰ মান-সম্মান বৃদ্ধি কৰিছিল। ভাৰতৰ পঞ্চমজন আই চি এছ বিষয়া আনন্দৰাম বৰুৱাক আমি শেষৰ শ্ৰেণীটোত ৰাখিব পাৰো। তদুপৰি তেওঁ কোনো এখন জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি পোৱা প্ৰথম ভাৰতীয় আছিল। ব্ৰিটিছ শাসকৰ অধীনত চাকৰি কৰিলেও আনন্দৰাম বৰুৱাই নিজৰ স্বাভিমান কেতিয়াও বিসর্জন দিয়া নাছিল। তদুপৰি সংস্কৃত সাহিত্যৰ অগাধ পণ্ডিত আনন্দৰামে কেইবাখনো গ্রন্থ ৰচনা কৰি জাতিৰ নাম উজ্জ্বল কৰি গৈছে। আনন্দৰাম বৰুৱাৰ বিলাত যাত্ৰাৰ কেইবছৰমানৰ পাছত চৰকাৰী জলপানি লৈ ইংলেণ্ডলৈ যোৱা আন এজন অসমীয়া আছিল যোৰহাট নতুন বালিবাটৰ আব্দুল মজিদ। বিলাত যাত্ৰাৰ সময়ত জাহাজত তেওঁৰ সংগী আছিল মহাত্মা গান্ধী। প্রথম অসমীয়া ছেছন ন্যায়াধীশ হোৱাৰ উপৰিও তেওঁ কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু প্ৰথম অসমীয়া বিধান পৰিষদৰ ৰাইজৰ দ্বাৰা মনোনীত প্রতিনিধি আছিল। ১৯২১ চনতে আব্দুল মজিদক ‘Grant of Insignia’ বে সন্মানিত কৰা হয়। ব্ৰিটিছ চৰকাৰে ‘নাইটহুডৰ’ বাবে তেওঁৰ নাম বিবেচনা কৰি থকা অৱস্থাতে ১৯২৫ চনৰ ২২ নৱেম্বৰত তেওঁৰ মৃত্যু হয়। তেওঁৰ বৰপুত্ৰ ইনামূল মজিদ অসমৰ দ্বিতীয়জন আই চি এছ বিষয়া আছিল আৰু শেহত আন্দামানৰ মুখ্য আযুক্ত হৈছিলগৈ।
ঊনবিংশ শতিকাৰ শেষার্ধত আৰু বিংশ শতিকাৰ আৰম্ভণিৰ কালত অসমৰ বিভিন্ন স্থানত হোৱা কৃষক বিদ্রোহবোৰেও জাতিৰ স্বাভিমানৰ কথা প্রমাণ কৰে। তেওঁলোকৰ বিদ্ৰোহৰ মূল লক্ষ্য জাতীয়তাবাদৰ বিকাশ ঘটোৱা নাছিল, লক্ষ্য আছিল নিজে সম্মুখীন হোৱা শোষণ-নিষ্পেষণৰ অন্ত পেলোৱাটোহে। তথাপি আওপকীয়াকৈ হ’লেও তেনেবোৰ বিদ্রোহে অসমীয়াত্বৰ ধাৰণাটোক আৰু নিমজ কৰি তুলিছিল। ১৮৬১ খ্রীষ্টাব্দত নগাঁও জিলাৰ ফুলগুৰিত আফু খেতি নিষিদ্ধ কৰা আৰু তামোল-পাণৰ ওপৰত কৰ বঢ়োৱাৰ বাবে কৃষকসকলে ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰে। ফুলগুৰি ‘ধেৱা’ বুলি খ্যাতি লাভ কৰা এই বিদ্রোহ পাছত ব্ৰিটিছে নির্বাপিত কৰে যদিও ব্ৰিটিছৰ লেফটেনেন্ট ছিংগাৰকে মুখ্য কৰি তিনিজন চিপাহী নিহত হয়। কৃষকসকলৰ মাজতো বহু লোক পুলিচৰ অত্যাচাৰত মৃত্যুবৰণ কৰে। হঠাতে খাজনা বৃদ্ধি কৰা ব্ৰিটিছৰ এই হৃদয়হীন নীতিৰ প্রতি কামৰূপ আৰু দৰং অঞ্চলতো বহু কৃষক বিদ্রোহ হোৱা বাতৰি পোৱা যায়। এনে সকলোবোৰ বিদ্ৰোহ বা আন্দোলনৰ আঁৰত ‘ৰাইজমেল’ শব্দটো জড়িত হৈছিল। অর্থাৎ ৰাইজমেলসমূহত লোৱা সিদ্ধান্তক ৰাইজে পালন কৰি নিজৰ প্রতিবাদ সাব্যস্ত কৰিছিল। এইখিনিতে পথৰুঘাটৰ কৃষক বিদ্রোহ, সৰুক্ষেত্ৰী মৌজাৰ লাচিমাৰ কৃষক বিদ্ৰোহৰ উপৰিও ৰঙিয়া আৰু পাঠশালা অঞ্চলতো কৃষক ৰাইজ জাগ্ৰত হোৱাৰ বাতৰি পোৱা যায়। হিন্দু-মুছলমানৰ সমন্বয়ে শক্তিশালী কৰি তোলা পথৰুঘাটৰ কৃষক ৰণে অসমৰ সাধাৰণ ৰাইজৰ চিন্তা যে ভাৰতৰ আন ঠাইতকৈ বেছি আগবঢ়া আৰু প্ৰগতিশীল সেই কথা প্রমাণ কৰে। এই বিদ্রোহত উচ্চ বৰ্ণৰ হিন্দুয়ে হেলাৰঙে মুছলমান কৃষক নেতাৰ অধীনত হাতে-কামে লাগি পৰা দেখা যায়। সাধাৰণ প্ৰজাই সাহসেৰে ব্ৰিটিছৰ বিৰোধিতা কৰিছিল যদিও শিক্ষিত অসমীয়া শ্ৰেণীটোৰ পৰা বিশেষ সমর্থন পোৱা নাছিল। অৱশ্যে শিক্ষিত অসমীয়া লোকৰ সংখ্যাও বেছি নাছিল আৰু তাৰ মাজতে থকাসকলেও ব্রিটিছ অনুগ্রহতে চাকৰি বা সৰু-সুৰা ব্যৱসায় আদি কৰিছিল বাবে ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস কৰা নাছিল। অৱশ্যে এনেবোৰ বিদ্ৰোহৰ আগতেই চৰকাৰী উচ্চপদস্থ বিষয়া হৈও আনন্দৰাম ঢেকিয়াল ফুকনে মোফাট মিলছক দিয়া স্মাৰক পত্ৰত মাটিৰ খাজনা বৃদ্ধি নকৰিবলৈ আৱেদন কৰিছিল। সৰ্বভাৰতীয় পৰ্যায়ৰ সাম্রাজ্যবাদ বিৰোধী সংগ্রামে অসমক প্রভাৱান্বিত কৰাৰ আগতেই ইয়াৰ ডা-ডাঙৰীয়াসকলে আৰু কৃষক তথা সাধাৰণ ৰাইজে ঠায়ে ঠায়ে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল। বিদ্ৰোহৰ কাৰণবোৰ আছিল ভিন্ন। কিন্তু দুয়োধৰণৰ বিদ্ৰোহতেই অসমীয়া স্বাভিমানৰ কিছু বেশ দেখা পোৱা যায় । অসমীয়াৰ পূৰ্বৰ স্বাধীনতাৰ কথা সুঁৱৰি ৰচনা কৰা ফুকনৰ ‘কিয়নো পাহৰা হেৰা অসমীয়া’ গীতটো অসমীয়া স্বাভিমানৰ এটা অন্যতম ওখ কীর্তিস্তম্ভ। তদুপবি শংকৰদেৱ সন্দৰ্ভত তেওঁ কোৱা এটা বিশেষ কথাই জাতিটোক মহাপুৰুষজনৰ চিন্তাৰ শ্ৰেষ্ঠত্বৰ বিষয়ে সোঁৱৰাই দিয়ে। ৰাধানাথ ফুকনৰ মতে শংকৰদেৱে পুথি-পাঁজিসমূহ অসমীয়া ভাষাত নিলিখি সংস্কৃত ভাষাত ৰচাহেঁতেন সমগ্ৰ ভাৰতৰ ভিতৰতে এজন বিখ্যাত পণ্ডিত বুলি জনাজাত হৈ পৰিলেহেঁতেন। ফুকনৰ কথাটো এইবাবেই বেছি তাৎপর্যপূর্ণ কিয়নো ধর্মীয় দিশৰ পৰা তেওঁলোক শংকৰদেৱৰ অনুগামী নাছিল। সম্পূর্ণ শাক্ত পৰিৱেশত ডাঙৰ-দীঘল হোৱা ফুকনৰ দৰ্শনশাস্ত্ৰৰ ওপৰত থকা গভীৰ দখলৰ বাবে শংকৰদেৱৰ মহত্ত্ব চিহ্নিত কৰাত অসুবিধা হোৱা নাছিল।
ব্রাহ্ম সমাজৰ প্ৰতিষ্ঠাতা ৰাজা ৰামমোহন ৰায়ে বহু প্রগতিশীল কথা কৈ বা লিখি গৈছে যদিও ব্যক্তিগত জীৱনত কেতবোৰ সংস্কাৰৰ পৰা তেওঁ মুক্ত হ’ব পৰা নাছিল। বিদেশলৈ যাওঁতে তেওঁ ব্রাহ্মণ ৰান্ধনি লগত লৈ গৈছিল। ইয়াৰ বিপৰীতে ধর্মাশ্রিত ব্রাহ্মণ্য আচাৰনীতিৰ কঠোৰতাত বিৰক্ত হৈ হেমচন্দ্রই মুক্তমনেৰে শূদিৰ ৰান্ধনিয়ে ৰন্ধা খাদ্য গ্রহণ কৰিছিল। সেইবোৰ কাৰণতে তেওঁক কোনো কোনোৱে আচাৰভ্ৰষ্ট অব্রাহ্মণ আখ্যা দি সমাজচ্যুত কৰিছিল। আনকি মৃত্যুৰ সময়তো প্রথমাৱস্থাত বহু লোকে তেওঁৰ মৃতদেহ সৎকাৰ কৰিবলৈ মান্তি হোৱা নাছিল। মৰাশ সৎকাৰৰ বিষয়েও হেমচন্দ্রই লিখি থৈ গৈছিল। তেওঁৰ মতে মৃতদেহ খৰি দিলে গছ-গছনি কাটি প্রকৃতি ধ্বংস কৰিব লগীয়া হয়। মাটিত পেলালে কাষৰ মানুহৰ স্বাস্থ্যত কু-প্ৰভাৱ পেলাব পাৰে। পানীত পেলালে মানুহৰ খোৱাপানী দূষিত হ’ব পাৰে। সেয়েহে মৰাৰ পাছত মৃতদেহটো গৰু গাড়ীত তুলি নি বহু দূৰত পেলাই দিয়াৰহে তেওঁ পোষকতা কৰিছিল। তেওঁৰ পৰামৰ্শ বাস্তৱধর্মী আছিল নে নাই, সেয়া এক সুকীয়া প্রসংগ। কিন্তু অযুক্তিকৰ পুৰাতনীয়া ভাবাদৰ্শৰ পৰা শতযোজন দূৰত অৱস্থান কৰা মনোভাব হেমন্দ্রই সেই দিনতে পোষণ কৰিছিল। মানুহৰ ধৰ্মমতৰ কথা সুধিলে হেমচন্দ্ৰ বৰুৱাই হাঁহি হাঁহি নিজকে সংশয়বাদী বুলি কৈ গৈছিল। হিন্দুৰ সাংখ্য দর্শনৰো দোহাই তেওঁ দিছিল। যাৰ নৈতিক চৰিত্ৰ ভাল তেৱেঁই ধার্মিক বুলি মুক্তমনেৰে আৰু সততাৰে ক’বলৈ সক্ষম হোৱা হেমচন্দ্ৰ বৰুৱা আছিল অসমীয়া স্বাভিমান আৰু উদাৰতাৰ অন্যতম ভোটাতৰা।
ব্ৰিটিছ শাসন কালত যোৰহাট বালিবাটৰে ইমদাদ আলীয়ে Imperial Police Service লৈ নির্বাচিত হৈছিল। CRPF লৈ বৈপ্লবিক পৰিৱৰ্তন অনা আলীয়ে গুজৰাটৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপেও কার্যনির্বাহ কৰিছিল। বিদেশলৈ ৰাষ্ট্ৰদূত হিচাপে যোৱা আৰু ৰাষ্ট্ৰপতিৰ ADC হোৱা প্ৰথম আৰক্ষী বিষয়া আছিল ইমদাদ আলী। তেওঁ য়েমেনৰ ৰাষ্ট্ৰদূত আছিল। অসমৰ স্বাভিমান বৃদ্ধি কৰাত যোৰহাটৰ নতুন বালিবাটৰ এই দুয়োটা পৰিয়ালৰ ভূমিকা কম নাছিল। যোৰহাট তথা অসমৰ আন এক সুসন্তান তথা অসমৰ প্ৰথমজন স্নাতকোত্তৰ ডিগ্রীধাৰী ৰাধানাথ ফুকন আছিল দর্শনশাস্ত্ৰৰ অগাধ পণ্ডিত। তেওঁ দেশপ্রেমমূলক গীতো ৰচনা কৰি অসমীয়া মানুহক অনুপ্ৰেৰণা জনাই গৈছে।
১৮২৮ খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত পূৰ্বৰ আহোম ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে আহোম ৰাজবংশীয় কোঁৱৰ গমধৰে ব্ৰিটিছৰ বিৰোধিতা আৰম্ভ কৰে। গমধৰ কোঁৱৰৰ লগত আছিল ধনঞ্জয় আৰু পিয়লি বৰগোহাঁই। অৱশ্যে অতি সোনকালেই ব্ৰিটিছে এনেবোৰ প্ৰতিৰোধ দমন কৰিবলৈ সক্ষম হ’ল। অতি সাধাৰণ প্ৰস্তুতিৰে আৰম্ভ কৰা যুদ্ধত প্রথমে গমধৰে পলায়ন কৰে আৰু পাছত আত্মসমর্পণ কৰে। ১৮৩০ চনত ধনঞ্জয় বৰগোহাঁইৰ নেতৃত্বত হোৱা বিদ্রোহো বেছি দিন চলা নাছিল। এই বিদ্ৰোহত বদন বৰফুকনৰ পুত্ৰ পিয়লি ফুকনেও যোগ দিছিল। পাছত গোমধৰ কোঁৱৰৰ কাৰাদণ্ড হয় আৰু পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ ফাঁচি হয়। পূৰ্বৰ স্বাধীন আহোম ৰাজ্যৰ ডা-ডাঙৰীয়াসকলৰ বিদ্ৰোহ অতি সহজেই ওৰ পৰিছিল যদিও স্বাধীনতাৰ প্ৰতি থকা আমাৰ হেঁপাহক সূচাইছিল। অৱশ্যে তেওঁলোকে সাম্রাজ্যবাদৰ স্বৰূপ বা গতি-প্রকৃতি বুজি উঠা নাছিল। বৰং বাহিৰৰ ‘বগা বঙালে’ আহি দমনমূলক শাসন আৰম্ভ কৰা দেখি আৰু নিজৰ স্বাৰ্থত ব্যাঘাত হোৱা বাবে তেওঁলোক জাগি উঠিছিল।
সাম্প্রতিক সময়ত একাংশ চেতনাশূন্য মধ্যবিত্ত অসমীয়ালোকৰ (যিসকলে নিজৰ সতি-সন্ততিয়ে অসমীয়া নাজানে বুলি কৈ গৌৰৱ কৰে) কথা-কাণ্ড দেখিলে মোৰ মনলৈ আহে এলিজা আৰু নাথান ব্রাউনৰ কথা। আৰু আহে মাইলছ ব্ৰনছনৰ কথা। আমেৰিকাৰ চাহাবে উনৈশ শতিকাৰ মাজভাগতেই অসমীয়া ভাষা শিকি-বুজি লৈ গভীৰ আগ্ৰহ আৰু ঈর্ষনীয় পাণ্ডিত্যৰে অসমীয়া ব্যাকৰণ আৰু অভিধান ৰচনা কৰাৰ বিপৰীতে আজিৰ একাংশ অসমীয়াই ভুৱা ভেমত ওফন্দি নিজৰ ভাষা-সাহিত্য-সংস্কৃতিৰ প্রতি অনীহা প্রকাশ কৰাতো বৰ্তমান সময়ৰ এটা প্রধান সংকট বুলি বিবেচনা কৰোঁ। অসমীয়াৰ স্বাভিমান যুক্তিসিদ্ধ ভাৱে বৃদ্ধি কৰিব পৰা ব্ৰনছনৰ এটা লেখাৰ কিছু কথা উল্লেখ নকৰি নোৱাৰিলোঁ। অসমত খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰাত তেওঁলোকৰ বিফলতাৰ কাৰণ উল্লেখ কৰি ব্ৰনছনে কলিকতাৰ “Friend of India” কাকতত লিখিছিল। ব্রনছনৰ সেই লেখাটোত অসমীয়া জনজীৱনত শংকৰদেৱৰ প্ৰভাৱ কিমান গভীৰ আৰু সুদূৰপ্ৰসাৰী আছিল সেই কথা প্রকাশ পাইছে। তেওঁ লিখিছে- “শংকৰদেৱে ৰাইজৰ মাজলৈ নামি আহি পবিত্র হিন্দু ধর্ম শাস্ত্ৰৰ কিছুমান গ্রন্থ মূল সংস্কৃতৰ পৰা অনুবাদ কৰি সেইবোৰ নিজ ভাষাত প্রকাশ কৰিলে। তেতিয়াৰ পৰা মানুহে আচহুৱা ভাষা আৰু কঠিন পৰিভাষাৰ পৰা মুক্ত হৈ ল’ৰালিৰ চিনাকি ভাষাত ঈশ্বৰৰ গুণ-গান কৰিব পৰা হ’ল। বনজুইৰ দৰে বিয়পি পৰি এই ৰচনাবোৰ সকলোৱে প্রিয় হৈ পৰিল। ইয়াৰ জনপ্রিয়তা আজিও আছে আৰু ক্ৰমাৎ বৃদ্ধিহে পাইছে।” ব্ৰনছনৰ বিফলতাৰ স্বীকাৰোক্তি স্বৰূপ উক্ত লেখাই অসমীয়া সত্ত্বাটো কিমান চহকী সেই কথা প্ৰমাণ কৰে।
আমেৰিকান মিছনেৰীসকলে যি কথাত নিজৰ ভুল হোৱা বুলি অনুভৱ কৰিছিল কাহানিও তাক শুদ্ধ ৰূপত প্ৰকাশ কৰিবলৈ সংকোচ কৰা নাছিল। ১৮৫৯ খ্রীষ্টাব্দত হেমচন্দ্ৰ বৰুৱাই সংস্কৃত ব্যাকৰণৰ আৰ্হিত প্ৰথমখন অসমীয়া ব্যাকৰণ লিখি প্রকাশ কৰাৰ পাছত মিছনেৰীসকলে পূৰ্বৰ ‘অৰুনোদই’ৰ স্থানত ‘অৰুনোদয়’ বানানটো ব্যৱহাৰ কৰিছিল। অৰুনোদয় প্রকাশ হোৱাৰ প্ৰায় ৪০ বছৰৰ পিছত সেইসময়ৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ দত্তদের গোস্বামীয়ে অসমত দ্বিতীয়টো ছপাশাল পাতি ‘আসাম বিলাসিনী’ কাকত প্রকাশ কৰে। মাজুলীৰ দৰে ঠাইত সেই কালতে ছপাশাল পাতি সংবাদপত্র প্রকাশ কৰিবলৈ সাহস কৰা কথাটোৰ লগতো অসমীয়াৰ স্বাভিমানী মনটো সংযুক্ত হৈ আছে।
১৮৫৭ খ্রীষ্টাব্দত গুণাভিৰাম বৰুৱাৰ দ্বাৰা ৰচিত ‘ৰাম নৱমী’ নাটকখনত বৈধব্যৰ সমস্যাৰ কথাটোত গুৰুত্ব দিয়া হৈছে। গুণাভিৰামে যি সাহস আৰু সততাৰে অসমীয়া বৰ্ণহিন্দু সমাজৰ কেতবোৰ প্ৰথাক নাটকখনৰ মাজেদি সমালোচনা কৰিছিল, নিজৰ ব্যক্তিগত জীবনতো তাক প্রয়োগ কৰি কথা-কামৰ মাজত সামঞ্জস্য ৰাখিছিল। প্রথম পত্নীৰ বিয়োগৰ পাছত তেওঁ ১৮৭০ খ্রীষ্টাব্দত বিধৱা বিষ্ণুপ্রিয়া দেবীক বিয়া কৰায়। সেই সময়তে আভিধানিক জাদুৰাম ডেকাবৰুৱায়ো বিধৱা বিবাহ কৰে। কিন্তু নাৰীৰ অধিকাৰ, ঈশ্বৰ বিশ্বাস আৰু অন্যান্য কিছু বহুল প্রচলিত জনবিশ্বাসৰ ক্ষেত্রত আটাইতকৈ প্রগতিশীল ভূমিকা গ্রহণ কৰিছিল ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই। তেওঁ প্রণয়ন কৰা ‘হেমকোষ’ অভিধান যিদৰে অসমীয়া জাতিৰ স্বাভিমানৰ প্রতীক, ঠিক তেনেদৰে তেওঁৰ অন্যান্য প্রগতিশীল চিন্তা-চেতনাও আছিল সেই যুগতকৈ বহু আগবঢ়া। সেয়েহে তেওঁক আধুনিকতাৰ অগ্রদূত বুলি কোৱা হয়। আমোদজনক কথা উনবিংশ শতিকাৰ মধ্যভাগৰ ত্রিমূর্তি আনন্দৰাম, গুণাভিৰাম আৰু হেমচন্দ্ৰৰ ভিতৰত প্রত্যক্ষভাবে বংগীয় নৱজাগৰণৰ সান্নিধ্য নোপোৱাজনেই আছিল হেমচন্দ্ৰ বৰুৱা। কাহানিও অসমৰ বাহিৰলৈ নোযোৱা হেমচন্দ্ৰৰ মনটো কিন্তু আছিল আটাইতকৈ যুক্তিবাদী আৰু উদাৰ। তেওঁৰ কেইটামান কথা আমাৰ জাতিৰ স্বাভিমানৰ ভঁৰালটোৰ মূল অংগ। হেমচন্দ্ৰৰ ৩০ বছৰ হওঁতে তেওঁৰ পত্নী বিয়োগ হয়। পুনৰ বিয়া নকৰোৱাৰ যুক্তি দি তেওঁ লিখিছে “মোৰ ভাৰ্যাৰ নহৈ মোৰ মৃত্যু হোৱা হ’লে তেওঁৰ কি অৱস্থা হ’লহেঁতেন? তেওঁ মৰিছে, তথাপি মোৰ ইচ্ছা হ’লেই মই এটা কিয়, তিনিটা বা অধিক বিয়া কৰিব পাৰোঁ, কিন্তু বিধৱা হোৱাৰ পিছত পুনৰ বিয়াৰ নাম লোৱা মাত্রেই তেওঁৰ জাতি গ’লহেঁতেন, সমাজে বর্জিলেহেঁতেন আৰু তেওঁ জীবন্ততে মৰা যেন হৈ থাকিলেহেঁতেন। ই কেনে অসংগত, কেনে অযুগুত।” তদানীন্তন ভাৰতীয় সমাজত আনবোৰ ঠাইত ইমান প্রগতিশীল চিন্তা প্রায় অকল্পনীয়।
যি ধৰণে প্রতিফলিত হৈছিল তাৰ কিছু আলোচনা কৰিলোঁ। তাৰ পৰা পোনে পোনে ব্ৰিটিছ সাম্রাজ্যবাদীৰ শোষণৰ বিৰুদ্ধে জাগ্রত হোৱা থলুৱা লোকসকলৰ সংগ্ৰামৰ বিষয়টোলৈ আহিব বিচাৰিছোঁ যদিও ইয়াৰ মাজৰ সময়খিনিতো আমাৰ স্বাভিমান শক্তিশালী কৰিব পৰা পদক্ষেপ জীৱনৰ প্ৰায়বোৰ ক্ষেত্ৰতে দৃশ্যমান হৈছিল। ইতিহাসৰ লগত সম্পৰ্ক থকা মানুহৰ বাবে ই নতুন কথা নহয়। কিন্তু আমাৰ লক্ষ্য যিহেতু ইতিহাসৰ বৰ্ণনাত্মক বিৱৰণ নহয়, বৰং অসমীয়াৰ স্বকীয়তা তুলি ধৰিব পৰা ঐতিহাসিক সমলবোৰৰ মাজৰ গুৰুত্বপূৰ্ণখিনিক উদ্ভাসিত কৰাহে, সেয়েহে সময়ৰ কিছু ব্যৱধান থকা সত্ত্বেও পোনে পোনে ওঠৰ শতিকাৰ শেষলৈ আহিব বিচাৰিছোঁ। দৰাচলতে প্রতিজন সচেতন অসমীয়াই জানে যে আমাৰ ইতিহাসৰ পাতে পাতে স্বাভিমান বৃদ্ধি কৰিব পৰা ঘটনা-উপঘটনা বহু আছে। মোৰ এই বক্তব্য কোনো আৱেগিক অতিশয়োক্তি নহয়। বৰং নির্মোহ সত্যানুসন্ধানৰ ফলত স্বতঃস্ফূর্তভাৱে মনলৈ অহা যুক্তিসংগত মনোভাবহে।