ব্যক্তিগত অভিমানৰ পৰা অসমীয়াৰ স্বাভিমানলৈ

Ahim saikia
17 Min Read

১মে’ৰ দিনা সেইবোৰ কথাকে ভাবি-গুণি গুৱাহাটীলৈ আহিবলৈ ওলাওঁতেই সোণাৰীৰ প্ৰখ্যাত কুইজ মাষ্টাৰ নৱজ্যোতি ভৰালী আহি মোৰ হোটেল পালেহি। লগত তেওঁৰ কন্যা আৰু পিতৃ শ্রীযুত যজ্ঞেশ্বৰ ভৰালী। প্রায় বলপূর্বকভাবে মোক তেওঁলোকৰ ঘৰলৈ নি লুচি-মাংসৰে খুৱাই আপ্যায়িত কৰিলে। আগৰাতিৰ সভাত নৱজ্যোতি ভৰালীও উপস্থিত আছিল। Click On Quiz নামৰ পেছাদাৰী কুইজ গোটটোৰ সঞ্চালক নৱজ্যোতিয়ে এতিয়ালৈকে প্রায় তিনিশৰো অধিক কুইজ প্রতিযোগিতা সঞ্চালনা কৰিছে। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত চৰাইদেউত অনুষ্ঠিত আহোমসকলৰ পৱিত্ৰ উমফা পূজাত মই উপস্থিত আছিলোঁ। তাতে নৱজ্যোতিয়ে কুইজ সঞ্চালনা কৰা প্ৰথম দেখিছিলোঁ। অসমীয়া আৰু ইংৰাজ দুয়োটা ভাষাতে সমান দখল থকা নৱজ্যোতিয়ে নিজৰ জাতিৰ স্বাভিমানৰ বাবেও নীৰৱে প্রচেষ্টা চলাই আছে। অসমৰ লোক-সংস্কৃতি, জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ আপুৰুগীয়া উপাদানবোৰক লৈ কুইজ চলোৱাৰ বাহিৰেও অসমীয়া জতুৱা ঠাচ, আপ্তবাক্য আদিক লৈও প্রতিযোগিতা পাতি নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সেইবোৰ সমলক জনপ্রিয় কৰিছে। বক্তৃতা প্রতিযোগিতা, তর্ক প্রতিযোগিতাৰ জৰিয়তেও সমগ্র উজনি অসমত ভাল কাম কৰিবলৈ চেষ্টা কৰা নৱজ্যোতিৰ দৰে যুৱক গুৱাহাটীৰ বাহিৰত থকাৰ বাবেই লোকচক্ষুৰ মাজলৈ অহা নাই। জাতিৰ স্বাভিমানৰ ধ্বজা উৰুওৱা নৱজ্যোতি ভৰালীৰ দৰে ইতিবাচক চিন্তাৰ যুৱকে আৰু প্ৰচাৰ পোৱা উচিত। অসমীয়া জাতিৰ মূল ভৰসা হ’ল নৱপ্ৰজন্মৰ প্ৰতিনিধিসকল। সেই নৱ-প্ৰজন্মক কেৰিয়াৰ সম্পর্কে পৰামৰ্শ দি নতুন ভবিষ্যতৰ পিনে আগবঢ়াই নিয়াত সদায় আগভাগ লোৱা আন এজন অসমীয়া যুবক হৈছে ড° বুলজিৎ বুঢ়াগোহাঁই। নিৰন্তৰভাৱে কৰি অহা কৰ্মৰ জৰিয়তে বুলজিৎ সচেতন অসমীয়া মহলৰ মাজত চিনাকি। বুলজিতক নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই। নৱজ্যোতি ভৰালীৰ কথা লিখোতে মই ভাবিলোঁ বুলজিতৰ কেতবোৰ ব্যতিক্ৰমী কামৰ সন্দৰ্ভত দুআষাৰ কোৱা যাওক। প্রতিজন সুস্থ মানুহেই নিজৰ ঠাইখনক ভাল পায়। কিন্তু আজিৰ পৰা ১২ বছৰ মানৰ আগতে বুলজিৎ বুঢ়াগোহাঁইৰ নামটো লৈ বহু লোকৰে মাজত কৌতূহলৰ সৃষ্টি হৈছিল। কিয়নো নিজৰ জন্মস্থান ধেমাজিৰ বুকুত এখন অভিযান্ত্রিক মহাবিদ্যালয় স্থাপনৰ দাবী উত্থাপন কৰি বুলজিতে নিজৰ জন্মস্থানৰ প্ৰতি থকা গভীৰ আনুগত্যৰ পৰিচয় দিছিল। এতিয়াও ধেমাজি, লখিমপুৰকেন্দ্ৰিক যিকোনো শিক্ষাসদী কামত তেওঁ জড়িত। চুটি চুটি বাক্যৰ বুলজিতৰ বিভিন্ন কাকত-আলোচনীৰ সম্পাদকলৈ চিঠি শিতানত প্রকাশ পোৱা চিঠি বোৰলৈ অসমৰ বহু লোকে অপেক্ষা কৰাৰ কথা মই বিভিন্ন স্থানত ভাগ লোৱা সভা-সমিতিত গম পাইছোঁ। সপ্তাহৰ নিদিষ্ট এটা দিনত প্রায় এঘণ্টা সময় নতুন প্ৰজন্মৰ কেৰিয়াৰ সম্বন্ধীয় প্ৰশ্নৰ উত্তৰত ব্যয় কৰা বুলজিৎ বৰ্তমান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেমট এণ্ড টেক’লজিৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক হোৱাৰ উপৰি ছাত্ৰ কল্যাণ বিভাগৰ ডীনৰ দায়িত্বতো আছে। কিন্তু মোব দৃষ্টিত বুলজিতে কৰা সকলোতকৈ ভাল কামটো অলপ বেলেগ। আজি প্রায় দহ বছৰ ধৰি অসম বা উত্তৰ-পূৰ্বাঞ্চল সম্পর্কীয় যি কোনো যোগাত্মক খবৰ ছ’চিয়েল মিডিয়া আৰু ইণ্টাৰনেটৰ বিভিন্ন গ্ৰুপৰ জৰিয়তে সমগ্ৰ বিশ্বৰ মাজত বিলোৱা মানুহজন হ’ল বুলজিৎ বুঢ়াগোহাঁই। জাতিৰ স্বাভিমান বৃদ্ধি কৰিব বিচাৰিলে নৱজ্যোতি, বুলজিতৰ দৰে প্ৰাণোচ্ছল যুৱকসকলক আওকাণ কৰা উচিত নহয়।

২০১৬ চনৰ ২৪ নৱেম্বৰ। দীঘলীপুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰ উদুলি-মুদুলি। চৌদিশে বিয়পি পৰিছে উজনি উজনি এক সুবাস। পৰাৰ কথাও। কিয়নো সেইদিনা আছিল লাচিত দিবস। যিজন বীৰৰ বৰ্ণনাতীত সাহস, দৃঢ়তা আৰু অতুলনীয় সামৰিক দক্ষতাই প্রতিজন অসমীয়াৰে শিৰ পোন কৰাত সহায় কৰিব পাৰে। তেওঁৰেই কীর্তিকলাপ স্মৰণৰ উদ্দেশ্যে ‘প্রতিদিন টাইম’ চেনেলৰ জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাই এটা অনুষ্ঠানৰো আয়োজন কৰিছিল। উপস্থিত আছিল সোণাৰী, মাহমৰা আৰু মৰাণ সমষ্টিৰ বিধায়কত্ৰয় ক্রমে তপন গগৈ, যোগেন মহন আৰু চক্ৰ গগৈ। অনুষ্ঠানটোত বহু চিনাকি মুখ দেখিলোঁ। কিন্তু প্রায়বোৰেই আহোম সম্প্ৰদায়ৰ। মনটো সেমেকি গ’ল। লাচিত-চ্যুকাফাক কেৱল আহোমে, চিলাৰায়-নৰনাৰায়ণক কেৱল কোঁচ-ৰাজবংশীয়ে বা সতী সাধনীক কেৱল চুতীয়সকলে স্মৰণ কৰিব লগীয়া এটা পৰিস্থিতি উদ্ভৱ হোৱা বাবে বৰ্তমানৰ অসমীয়াসকলৰ অধিকাংশই দায়ী নহয় জানো? বৃহত্তৰ অসমীয়া সমাজখনৰ গৌৰৱোজ্জ্বল স্বাভিমানৰ প্ৰতিচ্ছবিবোৰ মুজুৰা পৰি আজি স্বগোষ্ঠীৰ মাজতহে সীমাবদ্ধ হৈছে নেকি? এনে এখন সমাজৰ কথাটো জাতিটোৰ জনক শ্রীমন্ত শংকৰদেৱে কল্পনা কৰা নাছিল। অনুষ্ঠানটো চলি থাকোঁতে এনেবোৰ চিন্তাই মোক আমনি দি আছিল। তদুপৰি আন এটা কথা গম পাই মনটো আৰু বেয়া লাগিছিল। তাই আহোম যুৱ পৰিষদৰ আন এটা গোটে একেটা দিনতে শংকৰদেৱ কলাক্ষেত্ৰত লাচিত দিৱস পাতি বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোহাঁইক পুৰস্কাৰ প্ৰদান কৰিছে। দীঘলী পুখুৰীৰ সভাখনত ধেমাজিৰ বিখ্যাত পণ্ডিত ড° পুষ্প গগৈক পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে। দুজন যোগ্য আৰু সন্মানিত ব্যক্তিক একেটা দিনতে পুৰস্কাৰ প্ৰদান কৰা কথাটোত আপত্তি কৰিব লগীয়া নাথাকে। কিন্তু পুৰস্কাৰ প্ৰদান কৰা সংস্থা দুটাৰ নাম যেতিয়া সম্পূর্ণ একে হয় আৰু যেতিয়া দুয়োটা সংস্থাই নিজকে মূল সংগঠন বুলি দাবী কৰে, তেতিয়াই সৃষ্টি হয় অদৰকাৰী বিতৰ্কৰ। মনৰ মাজতে গুণা-গঁথা কৰি আছোঁ – লাচিত দিৱসৰ দিনাই এনোবোৰ কথা মুকলিকৈ কোৱা ভাল হ’বনে নাই।

দ্বিধাগ্রস্ততাৰ মাজত কেইটামান মুহূর্ত থকাৰ পাছতেই উত্তৰ পালোঁ এজন বিধায়কৰ পৰা। আগত উল্লেখ কৰা তিনিজনৰে মাজৰ এজন বিধায়কে মোক কাণে কাণে ক’লে- ‘আহোমসকলৰ মাজত প্রায় ত্রিশটাতকৈও অধিক সংগঠন আছে। পাৰিলে কেইটামান সংগঠন একত্রিত হ’ব লাগে আৰু নোৱাৰিলে এটাই আনটোৰ প্ৰতি সদর্থক দৃষ্টিভংগীৰে সৈতে আগবাঢ়িব লাগে’। মই তেওঁক সুধিলোঁ- আপুনি যে মোক কথাখিনি ক’বলৈ কৈছে নিজেনো নকয় কিয়? তাতে আপুনি আহোম সম্প্ৰদায়ৰ মানুহ আৰু মই জন্মগত ভাবে আহোম সম্প্ৰদায়ৰ নহয়। গতিকে মই ক’লে কোনোবাই ভুলো বুজিব পাৰে। তেওঁ ক’লে আপোনাৰ ক্ষেত্ৰত সেইটোৱেই ডাঙৰ সুবিধা আৰু ৰাজনীতিৰ মানুহে ক’লে সাধাৰণ ৰাইজে কেতিয়াবা ওলোটাকৈ বুজে। বিধায়কজনৰ কথাত যুক্তি দেখা পাই মই মোৰ ভাষণৰ সময়ত একেটা জনগোষ্ঠীৰ হিতৰ বাবে গঠিত বিভিন্ন সংগঠনৰ মাজত সম্ভাৱ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত কিছু কথা কৈছিলোঁ। একত্রিত হ’ব পাৰিলে বৃহত্তৰ অসমীয়া সমাজলৈ আৰু ভাল বার্তা যাব বুলিও দোহাৰিছিলোঁ। বিশেষকৈ তাই আহোম যুৱ পৰিষদৰ দুয়োটা গোটকে সমিলমিলেৰে আহি একত্রিত হোৱাৰ কথাটোত বিশেষ গুৰুত্ব দিছিলোঁ। দর্শক ৰাইজে হাত-চাপৰি মৰা দেখি বুজিলোঁ অধিকাংশ লোকে তেনে হোৱাটোৱেই বিচাৰে। স্বগোষ্ঠীৰ স্বাভিমান সুদৃঢ় কৰিম বুলি পণ লৈ আগবাঢ়ি অহা ডেকা শক্তিৰ মাজৰ একাংশক কেতিয়াবা অত্যধিক আৱেগ আৰু অভিমানে মূল লক্ষ্যৰ পৰা বিচ্যুত কৰে। তাই আহোম যুৱ পৰিষদৰ কোনটো গোটৰ গাত বেছি দোষ আছে আৰু কোনটো অধিক উদাৰ দৃষ্টিভংগীৰ, সেইকথা মই জনা নাছিলোঁ। সঁচা কথা ক’বলৈ গ’লে জনাৰ আগ্রহো নাছিল। সভাত গৈহে গম পাইছিলোঁ আনখন সভাৰ কথাটো। ব্যক্তিগত অভিমানক জাতিৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত কিছু পৰিমাণে ত্যাগ কৰিব লাগিব বুলি মই সদায় কৈ আহিছোঁ আৰু লাচিত দিৱসৰ দিনাও বীৰজনক সোঁৱৰাৰ লগতে সেইখিনি কথাৰো ব্যাখ্যা আগবঢ়াইছিলোঁ। আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক ড° ৰাজীৱ সন্দিকৈৰ লগত এনেবোৰ কথাকে আলোচনা কৰি কিছু এটা গধুৰ মন লৈ ঘৰলৈ উভতিছিলোঁ। এই বছৰৰ মাৰ্চ মাহৰ মাজতে সোণাৰীৰ টাই আহোম যুৱ পৰিষদৰ এজন উদ্যোক্তাৰ পৰা এটা ফোন আহিল। ৩০ এপ্রিল তাৰিখে বিশিষ্ট লেখক তথা শিক্ষাবিদ মৰাণৰ ড° সুখ বৰুৱাক যুৱ পৰিষদে সোণাৰীত আড়ম্বৰপূৰ্ণভাৱে পাতিবলৈ মনস্থ কৰা সভাত এইবাৰৰ মূলাগাভৰু বঁটা প্ৰদান কৰিব। কথাটো শুনি মই ভাল পালোঁ কিয়নো ড° সুখ বৰুৱাই নীৰৱে অসমীয়া সাহিত্যৰ উত্তৰণৰ হকে চলাই অহা প্রয়াসৰ বিষয়ে মই কিছু পৰিমাণে জানো। উদ্যোক্তাসকলে সেইটো অনুষ্ঠানলৈ মোক আমন্ত্রণ জনালে। লগে লগে মোৰ মনত পৰিল লাচিত দিৱসৰ সভাখনলৈ। তেওঁলোকক সেই বিষয়ে প্রশ্ন কৰাত বেছি বহলাই নক’লে যদিও কিবা এটা ভাল খবৰ ৰাইজে পাব বুলি ক’লে। মোৰ এটা ডাঙৰ শক্তি আৰু প্রাপ্তি হৈছে অসমৰ বিভিন্ন অঞ্চলত বসবাস কৰা মোৰ লেখাৰ পঢ়ুৱৈসকল। সোণাৰী অঞ্চলতো তেনে কেইবাজনো লোকৰ লগত মোৰ ফোনযোগে যোগাযোগ হয়। প্রায়খিনিয়েই নিৰপেক্ষ মানুহ। অসমীয়াৰ কিবা এটা ভাল হ’লে ভাল পোৱা সেই মানুহখিনিয়ে মোক দিয়ে অদম্য সাহস আৰু প্ৰেৰণা। মোৰ অনুৰোধত তেওঁলোকৰ মাজৰ দুজনমানে জনালে যে তাই আহোম যুৱ পৰিষদৰ দুয়োটা গোট একত্ৰিত হোৱাৰ সম্ভাৱনা এইবাৰ বেছ উজ্জ্বল। ৩০ এপ্ৰিলৰ ৰাতি আঠমান বজাত সভাস্থলী পালোঁহি। মানুহৰ সংখ্যা দেখি আচৰিত হ’লোঁ। কেইবাহাজাৰো মানুহ অত্যন্ত শৃংখলিতভাবে মূল অনুষ্ঠানৰ বাবে অপেক্ষা কৰিছে। মঞ্চলৈ উঠাৰ আগতেই লোহিত গগৈয়ে জনালে আগদিনা তেওঁলোকৰ সভাত একত্ৰীকৰণ প্ৰক্ৰিয়া প্ৰায় সম্পূর্ণ হৈছে। দুই-এজন নেতা বিক্ষুদ্ধ হৈ আছে যদিও অতি শীঘ্রে তেওঁলোকো আহি সংগঠনটো শক্তিশালী কৰিব বুলি তেওঁলোক আশাবাদী। মনটো আনন্দৰে ভৰি পৰিল। মোৰ বাবে তেওঁলোকৰ একত্ৰীকৰণ হ’ব বুলি ক’ব খোজা নাই। একত্রীকৰণ সম্ভৱ হৈছে কিয়নো দুয়োটাফালৰ বহু লোকে ইতিমধ্যে উপলব্ধি কৰিব পাৰিছে যে ভাগ ভাগ হৈ কাম কৰিলে নেতা হ’ব পাৰি, কিন্তু সংগঠনটোৰ মূল লক্ষ্যত উপনীত হ’ব নোৱাৰি। কিন্তু সেই প্রয়াসত লাচিত দিৱসৰ দিনা মই কোৱা কথাই অলপ ফল দিছে বুলি জানি ভাল লাগিল।

পৰিশেষত ক’বলৈ হ’লে তাই আহোম যুৱ পৰিষদৰ একত্ৰীকৰণে সাধাৰণ ৰাইজক কিছু সকাহ দিছে। কিন্তু সেই সকাহ স্থায়ী কৰিবলৈ হ’লে এনেবোৰ সংগঠন আৰু অধিক কর্মস্পৃহা আৰু উদাৰ দৃষ্টিভংগীলৈ আগবাঢ়িব লাগিব। জাতিৰ স্বাভিমান ৰক্ষার্থে সমর্পিত সেই যাত্রাক অধিক বর্ণময়, প্ৰেৰণাসঞ্চাৰী আৰু আকর্ষণীয় কৰিবলৈ হ’লে তেওঁলোকে অসমৰ বৰ্ণিল ইতিহাসৰ বুকুৰ পৰা ল’ব লাগিব আমাৰ সন্ত পুৰুষ আৰু বীৰ-বীৰাংগনাসকলৰ জীৱন গাথা। সহযাত্ৰী কৰিব লাগিব নৱজ্যোতি ভৰালী, ড° বুলজিৎ বুঢ়াগোহাঁইৰ দৰে যুৱকক। সেই যাত্রা তেতিয়া হৈ পৰিব অপ্ৰতিৰোধ্য। আমি তাৰেই অপেক্ষাৰত। দুসপ্তাহমানৰ আগতে মোৰ সৰু মামাৰ ল’ৰা দেৱাংগ বৈদ্য সপত্নীক ইউৰোপৰ তিনিখন দেশ ফুৰি আহিলগৈ। তেওঁলোকৰ ভ্ৰমণ কিছু দীঘলীয়া আছিল।

গুৱাহাটী পোবাহি পাছত কেনে পালে সোধাত তেওঁ দিয়া উত্তৰে মোক অলপ ভবাই তুলিলে। দেৱাংগৰ মতে সকলোবোৰ ঠিকে-ঠাকেই গ’ল। কিন্তু কিছু অভিজ্ঞতা ইমান বেছিকৈ ঠিকে-ঠাকে গ’ল যে শেষত অলপ আমনিদায়ক হ’লগৈ। যেনে- পশ্চিম ইউৰোপৰ কিছুমান স্থান ইমান বেছি শৃংখলিত আৰু পৰিষ্কাৰ যে, অধিকাংশ ভাৰতীয় মানুহেই অলপ অসুবিধাত পৰে, অলপ বিবুধিত পৰে।

প্রায় এবছৰ হওঁ হওঁ হোৱা সর্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰখনে লোৱা কেতবোৰ পদক্ষেপে মোক বহু ভাৰতীয় মানুহে পশ্চিমৰ উন্নত দেশত সম্মুখীন হোৱা ভিন্নধর্মী সমস্যাটোক চাবলৈ অনুপ্রাণিত কৰে। বিশুদ্ধ বিদ্যায়তনিক দৃষ্টিভংগীৰে চালে কথা দুটাৰ মাজত বেছি মিল নেদেখিব পাৰে। কিন্তু সৰ্বসাধাৰণ লোকে নিজৰ প্রাত্যহিক জীৱনৰ প্ৰিজমৰ মাজেদি চালে বহু সামঞ্জস্য দেখা পায়।

মোৰ অনুভৱ হয়- দিল্লীয়ে ভাবে অসমৰ খিলঞ্জীয়া লোকসকল কিছু লেতেৰা, কিছু পৰিমাণে অৰুচিশীল আৰু কিছু পৰিমাণে অসংস্কৃত। সেয়েহে যোৱা কেইটামান মাহত (বিশেষকৈ ভাৰতীয় জনতা পার্টীয়ে অসমত শাসনৰ বাঘজৰী লোৱাৰ পাছৰ পৰা) আমাৰ থলুৱা নেতাৰ প্ৰত্যক্ষ উচ্ছ্বাসপূর্ণ সহযোগিতাত বলীয়ান হৈ দিল্লীয়ে লৈছে আমাক ‘পৱিত্ৰ’ কৰি তোলাৰ অভিযান। সেই ‘পৱিত্ৰতাৰ ৰাজনীতি’ত লুতুৰি-পুতুৰি হৈ আছে কেৱল কিছু ক্ষমতাসর্বস্ব ৰাজনীতিৰ উপাদান। নানা ধৰণৰ শক্তিশালী আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হোৱা অসমীয়া জাতিটোৱে নিজৰ শ্রমবিমুখিতা আৰু সাংস্কৃতিক চেতনাশূন্যতাৰ বাবে বহু সময়ত নিজৰ অজ্ঞাতসাৰেই দিল্লীৰ তেনে প্রয়াসক উৎসাহিত কৰিছে।

ইয়াৰ ফলস্বৰূপে আমাৰ সন্মুখত অপ্রয়োজনীয়ভাবে জিলিকিবলৈ লৈছে ভাৰতীয় হিন্দী বলয়ৰ হিন্দু ধর্মকেন্দ্রিক সংস্কৃতিৰ একশৈলিক উপাদানবোৰ। অনৈক্যৰ মাজত ঐক্য আৰু বহুত্ববাদী চেতনাক উদ্যাপন কৰা দৃষ্টিভংগী ক্ৰমাৎ মুজুৰা পৰি আহিছে। ইয়াৰ লগতে মুজুৰা পৰিছে অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সোণসেৰীয়া সমলবোৰ। এই প্ৰক্ৰিয়াটোৰ কুফল বর্তমান দৃশ্যমান হৈছে যদিও ভবিষ্যতে ই কিমান ভয়ংকৰ হ’ব সেয়া বহু আৱেগিক অসমীয়াৰ মনলৈ অহা নাই। সেয়েহে কিছু কথা স্পষ্টকৈ কোৱাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবিছোঁ।

অলপতে লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ কেইবাজনো সচেতন মানুহে মোক ফোন কৰিছিল। তেওঁলোক খুব আনন্দিত যে দীর্ঘদিনীয়া দাবী অনুৰোধৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰখনে লখিমপুৰ নগৰত এখন মেডিকেল কলেজ স্থাপন কৰাৰ দিশে আগবাঢ়িছে। তেওঁলোকৰ আশা আৰু কিছু দিনৰ পাছত চিকিৎসাৰ বাবে গাঁঠিৰ ধন ভাঙি তেজপুৰ, ডিব্ৰুগড় বা গুৱাহাটীলৈ ঢপলিয়াব নালাগিব। কিন্তু তেওঁলোকৰ এটা কথাত ভীষণ আপত্তি। চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা সময়ত অসমীয়া সমাজৰ সম্পূৰ্ণ অচিনাকি প্রক্রিয়া এটা আমদানি কৰা হ’ল। সেই প্রক্রিয়াটোৰ নাম হ’ল ভূমিপূজন। কিছুদিন আগলৈ এই শব্দটো অসমৰ মাটিত আমি শুনিবলৈ পোৱা নাছিলোঁ। কিয়নো এনে বোৰ অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিব পৰা ধৰ্মীয় আৰু ধৰ্মমুক্ত থলুৱা পদ্ধতি আমাৰ সমাজত একাধিক আছে। কিন্তু তাকে নকৰি বিজেপি চৰকাৰখনে কেবল হিন্দীবলয়ৰ অনুষ্ঠান আৰু উৎসৱসমূহৰ মুকলি পৃষ্ঠপোষকতা কৰাত এচাম স্বাভিমানী অসমীয়া গভীৰভাবে অসন্তুষ্ট। তেওঁলোকৰ অসন্তুষ্টিৰ মাজত যুক্তিপূর্ণ চিন্তাৰ আভাস দেখিছোঁ বাবেই মই বিষয়টো উত্থাপন কৰিব বিচাৰিছো।

ভাৰতীয় সংবিধানৰ Preamble তে ৰাষ্ট্ৰৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ কথা উল্লেখ আছে। কংগ্রেছ দলে দীর্ঘ ধৰি এই ধৰ্মনিৰপেক্ষতাৰ বিষয়টোৰ অপব্যৱহাৰ

কৰি ধৰ্মীয় সংখ্যালঘু তোষণৰ যি নিকৃষ্ট ৰাজনীতি চলাই আহিছিল, তাৰ পৰিণতিত বহু লোকৰ দৃষ্টিত ছেকুলাৰিজম্ শব্দটোৱেই লেতেৰা হৈ পৰিছে। কিন্তু Preamble ৰ কথা বাদ দিলেও সংবিধানৰ নিদের্শাত্মক নীতিৰ মাজত দেশত বিজ্ঞানমনস্ক চিন্তাধাৰা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ কথাও স্পষ্টভাবে দিয়া আছে। কিন্তু কার্যক্ষেত্রত আমি দেখিছো কি? কেৱল বিজেপিৰ নেতাই নহয়, বৰং অসম

গণ পৰিষদৰ বহু নেতায়ো জনতা ভবন বা নিজৰ কাৰ্য্যালয়ত প্রবেশ কৰা-মুহূৰ্তবোৰত নানা পূজা-যজ্ঞ কৰি সমগ্ৰ পৰিবেশটো ‘পৱিত্ৰ’ কৰি তুলিব বিচাৰিছে। ফলত বহুতো ‘অপবিত্র’ অসমীয়াৰ মনলৈ আহিছে হাজাৰটা শংকা বা সংশয়।

প্রতীক হিচাপে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কথাটোৱেই লোৱা যাওক। ভূমিপূজনৰ সময়ত খোদ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্রী দুয়ো উপস্থিত। প্রশ্ন হয় ভূমিপূজনৰ বিকল্প জানো নাছিল? আন কি পদ্ধতিৰে মহাবিদ্যালয়খনৰ শুভাৰম্ভ কৰিব পৰা গ’লহেঁতেন? মোৰ ব্যক্তিগত মতটো অলপ ভিন্নধৰণৰ। মই ভাবো, চিকিৎসা মহাবিদ্যালয়খনৰ সম্পৰ্ক যিহেতু ধৰ্মৰ লগত নাই, বৰং আছে বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ লগতহে সেয়েহে ধর্মীয় কাৰ্যসূচীৰ ব্যৱস্থা নকৰি ধৰ্মমুক্ত কাৰ্যসূচীৰ জৰিয়তেহে অনুষ্ঠানটো পৰিচালিত কৰিব লাগিছিল। তেনে কৰা হ’লে দেশৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধাৰ ভাব পোষণ কৰা হ’লহেঁতেন। মোক ফোন কৰা লখিমপুৰৰ লোককেইজনৰ মাজৰ কিছুবে অৱশ্যে এই পৰামৰ্শটো গ্ৰহণ কৰিবলৈ অসুবিধা পাব। তেওঁলোকে ভাবে আমাৰ স্বকীয় ধর্মীয় পদ্ধতিৰেও সেই অনুষ্ঠানটো চলাব পৰা যায়। মোৰ নিজৰো সেই বিষয়টোত বেছি আপত্তি নাই। অসমৰ বহু চৰকাৰী-বেচৰকাৰী কাৰ্যসূচীত বৰগীত-সৰস্বতী বন্দনাৰে আৰম্ভকৰা পৰিলক্ষিত হয়। বন্তি প্রজ্বলনো তেনেবোৰ অনুষ্ঠানৰ অভিন্ন অংগ। সময়ে সময়ে নাৰিকল ভঙাও দেখা যায়। অর্থাৎ ধর্মীয় গণ্ডীৰ পৰা সম্পূৰ্ণ মুক্ত কৰিব নিবিচৰা লোকেও ভাবে যে বাহিৰৰ পৰা নতুন কাৰ্যসূচী আমদানি কৰাৰ আৱশ্যকতা নাই। কি মহাপুৰুষীয়া, কি শাক্ত, কি বৈদিক সকলো স্বাভিমান থকা খিলঞ্জীয়াই নিজৰ ধৰণেৰে অনুষ্ঠানটো পৰিচালনা কৰাহেঁতেন মনৰ ক্ষোভ প্রকাশ নকৰিলেহেঁতেন। তিনিওটাৰ মিশ্ৰণ কৰিও অসমত বহু অনুষ্ঠান পতা দেখা যায়। সাংস্কৃতিক আৰু ধর্মীয় স্বকীয়তা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনো অসমীয়াই আপত্তি নকৰে। কিন্তু তাকে নকৰি কেৱল হাইকমাণ্ডক সন্তুষ্ট কৰাৰ বাবেই হিন্দীবলয়ৰ পৰা নতুন নতুন ধর্মীয় আৰু সাংস্কৃতিক উপাদান আমদানি কৰা প্ৰৱণতাটোৱে জাতিটোৰ সাংস্কৃতিক ৰাজহাড়ডাল লেহুকা কৰি পেলাব।

ছ’চিয়েল মিডিয়াত সততে দলটোৰ হৈ মতামত দি থকা এচাম লোকক উদ্দেশ্য কৰি মই এটা আহ্বান জনাব বিচাৰোঁ। কিয়নো তেওঁলোকৰ মাজৰ একাংশই দলটোক সমালোচনা কৰিলেই ছলে-বলে-কৌশলে মূল বিষয়টো এৰি সমালোচকজনক ব্যক্তিগত আক্রমণ কৰাত নামি পৰে। মোৰ আপত্তি নাই। কিন্তু এচাম লোকে চৰকাৰৰ সকলো কথাই ঋণাত্মকভাবে দেখুৱাবলৈ কৰা প্ৰয়াসত মই নাই। সেইবাবেই সর্বানন্দ সোণোৱালে গ্রহণ কৰা দুর্নীতিবিৰোধী অভিযানক ‘আমি শলাগ লৈছোঁ। ড° হিমন্ত বিশ্ব শর্মাই অসমীয়া ভাষাটোৰ দশম শ্রেণীলৈকে চি বি এছ ই সমন্বিতে সকলো স্কুলতে বাধ্যতামূলক কৰা সিদ্ধান্ত মই আদৰণি জনাইছো। শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা এন আই এক্টৰ অধীনত বন্ধ ঘোষণা কৰিবলৈ মই জনাই অহা দীর্ঘদিনীয়া দাবী এই চৰকাৰে মানি লোৱাত প্রায় সকলো অসমীয়া লোক আনন্দিত হৈছে। কিন্তু একে সময়তে অপ্রয়োজনীয় কিছু পদক্ষেপ লৈ চৰকাৰখনে সৰ্বসাধাৰণ মানুহৰ মনলৈ হতাশা আনিছে। ‘ভূমিপূজন’ সেই অপ্রয়োজনীয় প্রক্রিয়াৰে এটা অংশ। জাতি, মাটি আৰু ভেটিৰ শ্ল’গানেৰে বহু ৰাইজৰ মন জয় কৰি এতিয়া নিজৰ মাটিকে বাহিৰৰ ধৰ্মীয় প্ৰণালীৰ দ্বাৰা ‘পৱিত্ৰ’ কৰিবলৈ চৰকাৰখনে প্রয়াস কৰে। মোৰ বিশ্বাস খুব সোনকালতে স্বাভিমানী (আবেগিক নহয়) অসমীয়াৰ মন-মননত নিনাদিত হ’ব এটাই বাক্য- আৰু পৱিত্ৰ নকৰিবা।

অনুষ্ঠানটোৰ মধ্যমণি ড° সুখ বৰুৱাৰ বাহিৰেও মঞ্চত আছিল জিলা উপাযুক্ত বিবেকানন্দ ফুকন, তপন গগৈ, যোগেন মহন, লুৰীণজ্যোতি গগৈ, পলাশ চাংমাই আৰু গুৱাহাটীৰ পৰা যোৱা তিনিজন সাংবাদিক ক্রমে মনোৰম গগৈ, অনুপম চক্ৰৱৰ্তী আৰু ৰাজদীপ বাইলুং বৰুৱা। বক্তা বহুত আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীও আছিল। সেয়েহে মূলতঃ এটা বিষয়ৰ ওপৰত মই বেছি গুৰুত্ব দিলোঁ। গণতান্ত্রিক ব্যৱস্থাত প্রতিটো জাতি জনগোষ্ঠীয়ে নিজ জাতি-জনগোষ্ঠীৰ সমস্যা সমাধানৰ বাবে সংস্থা/সংগঠন গঠন কৰিব পাৰে। কিন্তু জাতিভিত্তিক অনুষ্ঠানে বৃহত্তৰ অসমীয়া জাতিৰ সামূহিক উত্তৰণৰ কথাটোতো সমান শক্তিশালীভাবে যুঁজিব লাগিব। সংকীর্ণ চিন্তা পৰিহাৰ কৰি সুস্থ আৰু উদাৰ জাতীয়তাবোধক আপোন কৰিব পাৰিলে অসমীয়াই নিজেও স্বাভিমানেৰে সৈতে থাকিব পাৰিব। আহোম সংগঠনৰ নেতৃবৃন্দই চ্যুকাফা-লাচিতৰ কথা কোৱাৰ লগতে শংকৰদেৱ-চিলাৰায়ৰ কথাবোৰো সম গুৰুত্বৰে আৰু প্ৰয়োজনত অধিক গুৰুত্বৰে ক’ব পাৰিব লাগিব। সংগঠনটোৰ একাধিক নেতাই ‘ব্যক্তিগত অভিমান এৰি জাতিৰ স্বাভিমান ৰক্ষাৰ যাত্রা’ৰ বিষয়ে মই কোৱা কথাটো শুনি ভাল পোৱা শুনি মোৰো ভাল লাগিল।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *