জয়লাভ কৰা এটা ঘটনা, বিজেতা হোৱা এটা উদ্যম
এখন মাৰাথন দৌৰ প্রতিযোগিতাত এশজন অংশ গ্রহণকাৰীৰ মাজৰে তিনিজন আছিল। এই তিনিজনৰ এজনেও পদক নাপালে, পদকটো চতুর্থ এজন ব্যক্তিয়েহে পালে। তাৰ অৰ্থ এই তিনিওজন পৰাজিত হৈছিল নেকি? নিশ্চয় নহয়।
তেওঁলোক তিনিওজনে বেলেগ বেলেগ উদ্দেশ্য লৈ দৌৰ প্ৰতিযোগিতাত অংশ গ্রহণ কৰিছিল। প্ৰথমজন গৈছিল তেওঁৰ সহিষ্ণুতা পৰীক্ষা কৰিবৰ বাবে। তেওঁ নিজে আশা কৰাতকৈ অধিক সফল হৈছিল। দ্বিতীয়জনে আগৰ প্ৰচেষ্টা কিছু উন্নত কৰিব খুজিছিল। সেই ফালৰপৰা তেওঁ সফল হৈছিল। তৃতীয়জন লোকে জীৱনত কাহানিও মাৰাথন দৌৰত যোগদান কৰা নাছিল। তেওঁৰ উদ্দেশ্য আছিল দৌৰটো সমাপ্ত কৰি সমাপ্তি ৰেখা ডাল আহি পোৱা। তেওঁৰ সেই উদ্দেশ্য সফল হৈছিল। এই লোক তিনিজনৰ উদ্দেশ্যৰপৰা আমি কি বুজিলো? তিনিটা ভিন্ন উদ্দেশ্যৰে এই লোক তিনিজনৰ প্ৰতিজনেই জয়লাভকৰিলে। পদক নাপালেও তেওঁলোক বিজয়ী।
মার্ক টোৰেইনে কৈছিল যে সন্মান পাবৰ যোগ্যতা নথকাকৈও সন্মান পোৱাতকৈ সম্মান পাবৰ যোগ্যতা থাকিও সন্মান নোপোৱাটো বেছি ভাল। মর্যাদা প্রাপ্তিত নহয়, যোগ্যতাতহে প্রকাশ পায়।
যদি জয়লাভ কৰাটোবেই একমাত্র উদ্দেশ্য হয়, এজন ব্যক্তিয়ে জয়লাভৰ আনুষঙ্গিক পুৰস্কাৰ সমূহৰপৰা বঞ্চিত হ’ব। জয়লাভতকৈ অধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল স-সন্মানেৰে জয়লাভ কৰা আৰু জয়লাভৰ যোগ্যতা অর্জন কৰা। প্রবঞ্চনাৰে জয়লাভ কৰাতকৈ স-সন্মানেৰে পৰাজয় বৰণ কৰা অধিক শ্রেয়। সন্মানেৰে পৰাজিত হোৱাটোৱে প্ৰস্তুতিৰ অভাৱ সূচনা কৰিব পাৰে, কিন্তু প্রবঞ্চনাৰে জয়লাভে চৰিত্ৰহীনতা সূচায়।
এজন ব্যক্তিৰ চৰিত্ৰৰ প্ৰকৃত পৰীক্ষা হ’ল তেওঁ যেতিয়া জানে তেওঁ কোনোবা এটা কামত ধৰা নপৰে তেওঁৰ আচৰণ কেনে হ’ব? জয়লাভ কৰিবৰ বাবে নিজৰ মৰ্যাদা আপোচ কৰা বা জয়লাভৰ চমু বাট লোৱা অর্থহীন। তেনেদৰে আপুনি হয়তো কোনো এটা বঁটা লাভ কৰিব পাৰে, কিন্তু সেইদৰে লাভ কৰা বটাই কোনো আনন্দ দিব নোৱাৰে। বঁটা লাভ কৰাতকৈ গুৰুত্বপূর্ণ কাম হ’ল প্রকৃত মানুহ হোৱা। বিজেতা জনে প্রতিদিনে এনেদৰে কাম কৰে যেন তেওঁৰ জীৱনৰ সেইটোৱেই শেষ দিন। আমাৰ ইয়াৰে কোনোবা দিন এটা আমাৰ শেষ দিন হ’ব অথচ আমি নাজানো কোনটো সেই দিনটো। তেনে ব্যক্তি যেতিয়া যায়গৈ সফল ব্যক্তিরূপে যায়গৈ। এনে কিছুমান পৰাজয় আছে যিবিলাক পৰাজয় সাফল্যতকৈ অধিক জয়োল্লাসী হয়। -মাইকেল ডী মন্টেইন
সফল ব্যক্তি সদায়েই ক্ষমাশীল
মনত ৰাখিব, সফল ব্যক্তি সদায়েই ক্ষমাশীল। তেখেতসকলে নিজৰ বিষয়ে জাহিৰ নকৰে, তেখেতসকলে সহযোগী তথা প্রতিদ্বন্দ্বী উভয়কেই সন্মান কৰে আৰু প্রশংসা কৰে। বহুত লোকেই কেনেদৰে সফল হ’ব লাগে সেই কথা জানে। কিন্তু অতি কম সংখ্যকেহে সাফল্য পালে কি কৰিব লাগে তাক জানে।
সাফল্যৰ প্রতিচিত্র
আমি “সাফল্যৰ প্ৰতিচিত্র” নামৰ এখন তিনিদিনীয়া আলোচনা চক্র বিশ্বব্যাপি আয়োজন কৰোঁ। কেতিয়াবা প্রতিষ্ঠানৰ বাবে সেই প্ৰতিষ্ঠানৰ ভিতৰত বা কেতিয়াবা ৰাজহুৱা অনুষ্ঠান হিচাপে। এই আলোচনা চক্ৰৰ মূল সূত্ৰটো হ’ল “সফল ব্যক্তিয়ে বেলেগ বেলেগ কাম নকৰে, তেওঁলোকে কামবোৰ বেলেগ ধৰণে কৰে।”এইটো “সাফল্যই সকলো নহয়, সাফল্য একমাত্র লক্ষ্য” নামৰ সূত্ৰটোৰ বিপৰীতধর্মী এটা সূত্র। এই পাছৰ সূত্ৰটো যিসকলে সত্য জ্ঞান কৰে, সেই সকলৰ একনিষ্ঠাৰ প্ৰতি মোৰ সন্দেহ ভাব হয়। সেইসকলে “কিলাৰ ইন্সটিংক্ট” কথাষাৰৰ এটা বিকৃত অর্থ দিবলৈ বিচাৰে। আপুনি যদি বাটত লগ পোৱা কাৰোবাক এটা কথাষাৰৰ অৰ্থ সোধে বহুজনেই উত্তৰত ক’ব “কথাষাৰে চলে বলে কৌশলে জয়লাভ কৰাকে বুজাইছে” দৰাচলতে কথাষাৰৰ অৰ্থ সেইটো নহয়, সেইটো সুস্পষ্ট প্রবঞ্চনা। এজন ভাল খেলুৱৈৰ বাবে “কিলাৰ ইন্সটিংক্ট” কথাষাৰৰ অৰ্থ হ’ল:
- ১. আপুনি ১০০ শতাংশ চেষ্টা কৰিলে নহ’ব, বৰং ২০০ শতাংশ চেষ্টা কৰিব লাগিব।
- 2. জয় লাভ কৰিবলৈ হ’লে প্রতিদ্বন্দ্বী গৰাকীৰ ভুল খিনি চিনাক্ত কৰক। সেইখিনিত আপুনি নিজৰ আক্ৰমণটো কেন্দ্রীভূত কৰক। এনে কাম কৰা কোনো ভুল কথা নহয়। খেলত অন্যায় কৰাটো “কিলাৰ ইন্সটিংক্ট” হ’ব নোৱাৰে। ই অন্যায়েই। অসৎ ভাবে লাভ কৰা সাফল্যই ক্ষন্তেকৰ বাবে সাফল্যৰ আনন্দ দিলেও ই পূর্ণতা প্রদান নকৰে।
প্রকৃত কথাটো হ’ল জীৱনটো এটা প্রতিযোগিতা আৰু আমি সেই প্রতিযোগিতাত অংশ গ্রহণ কৰিব লাগিব। দৰাচলতে প্রতিযোগিতাই প্রতিযোগী লোকক বিকশিত কৰে। উদ্দেশ্যটো হ’ল জয়লাভ কৰা-সৎভাবে, পোনে পোনে, ভদ্রভাবে আৰু নিয়ম মানি জয়লাভ কৰা।
সফল ব্যক্তিয়ে এটা পৰম্পৰাৰ সৃষ্টি কৰে
মহান লোক সকলে কিবা অলপ এৰি যায়। সফল ব্যক্তিসকলে জানে যে কোনো লোকে অকলশৰে সফল হ’ব নোৱাৰে। যদিও সফল খেলুৱৈয়ে পদক লাভ কৰে, তেওঁলোকে এই কথা ভালদবে জানে যে তেওঁলোকৰ সফলতাৰ অন্তৰালত বহুত লোক আছে যিসকলৰ অবিহনে তেওঁলোকৰ সাফল্য সম্ভৱপৰেই নহ’লহেঁতেন। তেওঁলোকৰ শিক্ষক-শিক্ষয়িত্রী, পিতৃ-মাতৃ, প্রশিক্ষক, গুণমুগ্ধ সকল, পৰামৰ্শদাতা-এই সকলো বিলাকেই তেওঁলোকৰ সাফল্যত বৰঙণি যোগাইছে। সাফল্যৰ বাবে যিসকলে বৰঙণি যোগায়, সেইসকলৰ ঋণ পৰিশোধ কৰিব নোৱাৰি। এইসকলক কৃতজ্ঞতা জনোৱাৰ একমাত্র উপায় হ’ল তেখেতসকলৰ অনুগামী সকলক সহায় সহানুভূতি জনোৱা। তলত দিয়া কবিতাটোরে সেই কথাকে ব্যক্ত কৰিছে। চক্রেটিছে প্লেট’ক শিক্ষাদান কৰিছিল, প্লেট’ৱে এৰিষ্টটোলক আৰু এৰিষ্টটোলে মহাব্যক্তি আলেকজেণ্ডাৰক শিক্ষাদান কৰিছিল। জ্ঞানৰ মৃত্যু হয় যদিহে জ্ঞানৰ বিতৰণ নহয়। আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়বদ্ধতা হ’ল উত্তৰ পুৰুষে গৌৰৱ কৰিব পৰা পৰম্পৰা এটা এৰি যোৱা।
পৰিৱৰ্তনশীল প্রমূল্য-আজিৰ প্ৰমূল্য
পৰিৱৰ্তন অৱশ্যম্ভাবী। আমি ভালেই পাওঁ বা বেয়াই পাওঁ পৰিৱৰ্তন আহিবই। আমি বহুতো আত্মকেন্দ্রিক প্রজন্ম আৰু পৰিস্থিতি সাপেক্ষ নৈতিকতা পাই আহিছো। এইবিলাকে আমাৰ সমাজত ভাঙোন আনিছে। ইয়াত ধৰা পৰাৰ দুখ আছে বেয়া কাম কৰাৰ অনুশোচনা নাই।
১৯৫৮ চনৰ বিদ্যালয়ৰ অধ্যক্ষৰ এটা জৰীপত এই প্রশ্ন সোধা হৈছিল: “আপোনালোকৰ ছাত্ৰ-ছাত্ৰীৰ মূল সমস্যা কি?” উত্তৰটো আছিল:
- ১. ‘হোমৱৰ্ক’ নকৰা
- ২. সা-সম্পত্তিৰ প্ৰতি মোহৰ অভাৱ-যেনে কিতাপ পত্র দলিওৱা
- ৩. বিজুলী বাতি বন্ধ নকৰা, দুৱাৰ খিৰিকী বন্ধ নকৰা
- ৪. শ্রেণীত বস্তু দলিয়া-দলি কৰা
- ৫. শ্রেণীত অবাবত দৌৰাদৌৰি কৰা
ত্ৰিছ বছৰৰ পাছত (এক প্ৰজন্মৰ পাছত) ১৯৮৮ চনত সেই একে প্রশ্নৰে পুনৰ এটা জৰীপ কৰা হ’ল। উত্তৰ বিলাক আচৰিত ধৰণেৰে বেলেগ আছিল। আজিৰ দিনৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মূল সমস্যা এইবোৰ:
- ১. গর্ভপাত
- ২. এইডছ
- ৩. বলাৎকাৰ
- ৪. মাদক দ্রব্য সেৱন
- ৫. ভয়ানক মৃত্যু, হত্যা, গুলি বিদ্ধ হোৱা আৰু চুৰীৰ আঘাত প্ৰাপ্তিৰ ভয়।
পুৰণি প্ৰমূল্যবোৰ অচল হোৱা নাই
কিছুমান সর্বস্বীকৃত বিশ্বাস আৰু সৰ্বস্বীকৃত মানসিকতাই এখন ৰাষ্ট্ৰক ধৰি বাখে। আৰু ইয়াৰদ্বাৰাই তেওঁলোকে সামাজিক সংঘাতবোৰৰ উৰ্দ্ধলৈ উঠিব পাৰে। ইয়েই এখন ৰাষ্ট্ৰক দিয়ে ইয়াৰ প্ৰমূল্য, ইয়াৰ বস্তু, ইয়াৰ সততা, ইয়াৰ নৈতিকতা আৰু কষ্ট সহাৰ শক্তি। -জন গার্ডনাৰ
দায়বদ্ধতা, সততা, নিষ্ঠা, স্বদেশ প্রেম আদি প্রমূলাসমূহ কোনো কোনোৱে আওপুৰণি বুলি ক’ব খোজে। এই প্ৰমূল্যসমূহ পুৰণি হ’ব পাৰে, কিন্তু অচল হৈ গৈছে বুলি আমি ক’ব নোৱাৰো। এই প্রমূল্যসমূহ কালজয়ী ৰূপে প্রতিষ্ঠিত হৈ আছে আৰু চিৰদিনেই ইয়াৰ স্থিতি বৰ্ত্তমান হৈ থাকিব। নিউয়র্কতেই হওক বা নতুন দিল্লীতেই হওক অথবা নিউজিলেণ্ডতেই হওক, এই প্রমূল্যসমূহ সকলো ঠাইতে অর্থপূর্ণ। এই প্রমূল্যসমূহ বিশ্বজনীন। মই ইতিহাসৰ এনে কোনো কাল বা সংস্কৃতিৰ কথা নাজানো যিয়েই এই প্রমূল্যসমূহ শ্রদ্ধা নকৰে।
এই প্রমূল্যৰ সম্প্রতি মূল্য নিম্ন
যিকোনো এখন সমাজত মৌলিক অনৈতিকতা তথা অন্যায় অবিচাৰে হতাশা আনে। অনৈতিক ধৰণৰ আনন্দ বিচৰা লোভী আৰু অবিবেচক লোকসকলক প্ৰমূল্যৰ প্ৰতি শ্ৰদ্ধা থকা সকলে নিয়ন্ত্রণ কৰিব লাগিব। আমি পৰিৱৰ্ত্তনৰ প্ৰক্ৰিযাৰ পৰা অবাটে গতি কৰিছো।
যি সমাজে নৈতিকতাৰ পতন ঘটাইছে সেই সমাজ দূর্যোগৰ পথলৈ গতি কৰিছে। ইয়াৰ কাৰণ হ’ল ইতিহাসৰ সকলো পতনেই দৰাচলতেই নৈতিকতাৰেই পতন আছিল।
প্রায় অর্দ্ধশতিকা আগেয়ে আমেৰিকা এক ভয়ানক অর্থ সঙ্কটৰ মাজত আছিল। সেইখন দেশৰ এক তৃতীয়াংশ ৰাষ্ট্ৰীয় সম্পদ কেইমাহমানতে বিলুপ্ত হ’ল। প্রায় ৭৭% উৎপাদন হ্রাস হ’ল, এক চতুর্থাংশ শ্রমিক নিষ্কর্মা হৈ পৰিল। বহুতো মহানগৰ স্কুল চলাব পৰা অৱস্থাত নাছিল। নিউয়ৰ্কৰ বিছ শতাংশ স্কুলীয়া ছাত্র ছাত্রী পুষ্টিহীনতাত ভুগিছিল। এটা সময়ত ৩৪ নিযুত পুৰুষ, মহিলা আৰু ল’ৰা-ছোৱালীৰ কোনো ধৰণৰেই উপাৰ্জন নাছিল।
তথাপিও এই দূর্যোগৰ মাজতো, খাদ্য সংকট, অর্থ সংকট আৰু ক্ষধাৰ মাজতো ফ্রেংকলিন ৰুজভেল্টে ৰাষ্ট্ৰৰ উদ্দেশ্য দিয়া এটা অনাতাঁৰ বাৰ্ত্তাত কব পাৰিছিল, “ঈশ্বৰক ধন্যবাদ, আমাৰ সংকট সমূহ কেৱল বস্তুগত সম্পদৰহে।”
‘ভাল’ মানে কি ?
আমি যদি এটা পর্যবেক্ষণ কৰি ভিন ভিন লোকক এই প্রশ্ন কৰো “আপুনি ভালনে?” বহুতেই উত্তৰত ক’ব ‘নিশ্চয়’। তেওঁলোকক তেতিয়া যদি সোধা হয়, “আপুনি নিজকে কিয় ভাল বুলি ভাবে?” উত্তৰত তেওঁলোকে এনেদৰে ক’বঃ
- মই কাকো প্রবঞ্চনা নকৰো বাবে ভাল।
- মই মিছা কথা নকওঁ বাবে ভাল।
- মই চুৰ নকৰো বাবে ভাল।
ওপৰৰ উত্তৰকেইটা বিশ্লেষণ কৰিলে দেখা যায় যে মন্তব্যকেইটাত বৰ বিশেষ কথা নাই। ‘মই প্রবঞ্চনা নকৰো’ বোলা লোকজনৰ কথা ভাবকচোন। তেওঁৰ মন্তব্যৰ অৰ্থ হ’ল তেওঁ এজন প্রবঞ্চক নহয়। কোনো লোকে যদি কয় মই মিছা কথা নকওঁ বা মই চুৰ নকৰো তাৰ অৰ্থ হ’ল তেওঁলোক মিছলীয়া নহয় বা চোৰো নহয়। কোনো লোক মিছলীয়া বা চোৰ নহ’লেই তেওঁক নিশ্চয় ভাল বুলি ক’ব নোৱাৰি। এজন ব্যক্তিক ভাল বুলিব পাৰি যেতিয়া তেওঁ ভাল কিবা এটা কৰে। বেয়া কাম এটা নকৰিলে তেওঁক ভাল বুলিব নোৱাৰি। এজন প্রমূল্য সম্পন্ন ব্যক্তি বুলিলে এনে ব্যক্তিক বুজায় যিজনৰ সততা, অনুকম্পা, সাহস, আত্মনিষ্ঠা, সহানুভূতি, অমায়িকতা, আনুগত্য, শিষ্টাচাৰ-এই গুণবোৰ আছে। এনেবোৰ গুণসম্পন্ন ব্যক্তি এজনক কিহে ভাল মানুহ কবে? এনেবোৰ লোক মাজৰ অঞ্চলবোৰৰ লগত জড়িত। এইবোৰেই স্পষ্ট কবি দিয়ে কোনটো ভাল বা বেছি ভাল আৰু কোনটো বেয়া বা বেছি বেয়া। নিৰ্ভৰযোগ্য, তেওঁলোকে ন্যায়ৰ বাবে মাত মাতে, অভাৱগ্রস্ত জনক সহায় কৰে আৰু নিজৰ আৰু আনৰ জীৱনৰ গুণগত মান উন্নত কৰে। আমি ভাল গুণ এটা চিনাক্ত কৰিবলৈ হ’লে আমাক মানদণ্ডৰ প্রয়োজন হ’ব। মানদণ্ড নৈতিক অথবা আইনগত অথবা উভয়েই। নৈতিক মানদণ্ড ভুল-শুদ্ধ আৰু ভাল আৰু বেয়াৰ ।
আমাৰ নৈতিকতা কিমান উচ্চ
- ১. আপুনি জানে যে আপোনাৰ ঘৰৰপৰা বিমান কোঠলৈ টেক্সিৰ ভাড়া ৬৪ ডলাৰ। আপুনি আগেয়েও সেই ভাড়া দিছে আৰু সেইটোৱেই শুদ্ধ ভাড়া বুলি জান। এইবাৰ টেক্সি চালকজনে আপোনাক ৩২ ডলাৰ ভাড়া বিচাৰিলে আপুনি কি কৰিব?
- ২. আপুনি ৰেষ্টোৰাঁ এখনত চাৰিজনৰ বাবে আহাৰ বিচাৰিলে। কিন্তু আপুনি দেখিলে যে সহায়কজনে আপোনাক ভুলক্রমে তিনিজনৰহে বিল দিছে। আপুনি কি কৰিব?
- ৩. আপোনাৰ ঘনিষ্ঠতম বন্ধু গৰাকী দুৰাৰোগ্য ৰোগত ভুগিছে আৰু আপুনি এজন জীৱন বীমা কর্মী। বন্ধুজনে আপোনাক এক লাখ ডলাৰৰ এখন বীমা কৰিবলৈ বিচাৰিলে। আপোনাৰ বাহিৰে আন কোনেও নাজানে আৰু কোনেও জানিবও নোৱাৰিব যে আপোনাৰ বন্ধুজন মৃত্যুৰ দুৱাৰ দলিত আছে। আপুনি বীমা এখন দিব নে?
আপুনি আইনৰ সহায়ত নৈতিকতা প্রণয়ন কৰিব নোৱাৰে। এনে পৰিস্থিতিত আপোনাৰ সন্তানক আপুনি কি উপদেশ দিব। আপোনাৰ আচৰণৰ লগত আপুনি নিজৰ সন্তানক দিয়া উপদেশৰ সামঞ্জস্য আছে নে? আমি জন্মৰেপৰা আৰম্ভকৰি গোটেই জীবন নৈতিকতাৰ শিক্ষা গ্রহণ কৰো। আমি নৈতিকতাৰ আচৰণ সলাব পাৰিম নে? পাৰিম, আমাৰ নৈতিকতাৰ প্ৰশিক্ষণৰ প্ৰযোজন আছে।
নৈতিকতাৰ অন্তৰায় কি
- লোভ
- ভয়
- হেঁচা দিয়া
কোনোবাই কিবা এটা কাম কৰিবলৈ হেঁচা দিলেই আপুনি অনৈতিকতাৰ প্রশ্রয় লোৱাৰ যুক্তি নাথাকে। কাৰোবাক ভালদৰে আচৰণ দেখুৱা আৰু নিৰপেক্ষ আচৰণ দেখুৱা একে নহয়।
ব্যৱসায়ত নৈতিকতা
নৈতিকতাৰ প্ৰদৰ্শন অথবা নৈতিকতাৰ অভাৱ সকলো পেছাতে বিবাজমান। লোভী চিকিৎসকে অপ্রয়োজনীয় পৰীক্ষা-নিৰীক্ষা বা অস্ত্রোপচাৰ কৰে। অধিবক্তা এগৰাকীয়ে সত্যটো ঢাকিবলৈ চেষ্টা কৰে। পিতৃ-মাতৃ আৰু ল’ৰা-ছোৱালীয়ে বহু সময়ত গোকাট মিছা কথাক প্রশ্রয় দিয়ে। গাণনীক বিষয়া, কার্যালয় সহায়ক আদিয়েও প্রায়েই ভুলকৈ প্রতিবেদন দাখিল কৰে।
আমি যেতিয়া আমাৰ চাৰিওফালৰ লোকসকলক প্রবঞ্চনা কৰিবলৈ বিচাৰো, দৰাচলতে আমি নিজকহে প্রবঞ্চনা কৰিছো। আমি নিজকে প্রবঞ্চিত হ’বলৈ প্রস্তুত হৈছোঁ। ইয়াৰ বাহিৰেও, আমি যেতিয়া আনক প্ৰৱঞ্চনা কৰো, আমি ভাবিবলৈ আৰম্ভ কৰো যে আনেও আমাক তাকেই কৰিব আৰু আমি সন্দেহবাদী আৰু নিৰাশাবাদী হৈ পৰো। উন্নয়নে দায়িত্ব আনে। আমি নৈতিক আৰু সামাজিক গাঁথনিটো বিনষ্ট কৰি উদ্যোগ স্থাপন কৰিব নোৱাৰো।
নৈতিক আচৰণ অনুকৰণ নকৰাৰ পৰিণাম আৰু বিধিগত আচৰণ অনুকৰণ নকৰাৰ পৰিণাম একেই। কিছুমান মানুহে কেতিয়াও নৈতিকতাত মূল্য দিব নোখোজে। তেওঁলোকে ভাবে যে তেওঁলোকে সহজ পথটো গ্রহণ কৰিছে। বাস্তরিকতে এইটো জটিল পথহে। আপুনি আপোনাৰ মক্কেলজনক সুপৰামর্শ নিদিয়াৰ পৰিপ্ৰেক্ষিতত আপুনি সেই লোক গৰাকীৰ মুখামুখি হ’ব পাৰিবনে? আপুনি এই কথাটো নিজৰ ল’ৰা-ছোৱালীক ফুটনি মাৰি কৈ আনন্দ পাবনে? আপুনি যদি নোৱাৰে, তেন্তে সেই আচবণ অনৈতিক। কিছু ৰসিকতা আৰু কিছু কিছু গর্ববোধে এজন লোকক নিজৰ কক্ষপথৰপৰা আঁতৰিবলৈ নিদিয়ে।
সকলো মানুহে শ্রেষ্ঠত্ব অর্জন কৰিব নোৱাৰে কিয়? তাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল দূৰদৰ্শিতাৰ অভাৱ অথবা সীমিত দূৰদর্শিতা। আমি সম্ভৱপৰ পৰিধিৰ বাহিৰৰ স্বপ্ন দেখিব লাগিব। আজি আমি যি দেখিছো, এই বাস্তব এটা সময়ত স্বপ্ন আছিল। উৎসাহেৰে জীৱন অতিবাহিত কৰক, জীৱনটো উদ্দেশ্যধর্মী কৰক। আপোনাৰ বাৰু এটা স্বপ্ন আছেনে? আপোনাৰ স্বপ্ন কি? আপুনি অতিবাহিত কৰা প্ৰতিটো দিনে আপোনাক স্বপ্নৰ ওচৰ চপাব পাৰিছেনে? সফল ব্যক্তিৰপৰা সাফল্য সম্পর্কে সুপৰামৰ্শ লোৱা ভাল, বিফল ব্যক্তিৰপৰা নহয়।
যেতিয়া আপোনাৰ দৃষ্টি এটা বছৰত তেতিয়া ফুল ৰোপণ কৰক। যেতিয়া আপোনাৰ দৃষ্টি দহটা বছৰত তেতিয়া বৃক্ষ ৰোপণ কৰক। যেতিয়া আপোনাৰ দৃষ্টি অনন্ত কালত তেতিয়া মানুহ ৰোপণ কৰক।