আমি যদি অজানিতে আমাৰ প্ৰমূল্য আৰু বিবেকৰ পৰিপন্থী কোনো এটা কাৰ্যৰ দায়বদ্ধতা প্রকাশ কৰোঁ তেতিয়া কি হ’ব? সেই উপলব্ধিৰ মুহূৰ্তটোতে আমি আগুৱাই যামনে নাযাম সেই সিদ্ধান্ত লোৱাটোৱেই আমাৰ সৰ্বশ্রেষ্ঠ দায়বদ্ধতা হ’ব।
প্ৰমূল্যৰ প্ৰতি নিষ্ঠা
আনুগত্য ক্ৰয় কৰা নাযায়, আদায কৰাহে যায়। আমাৰ আনুগত্য বাৰু কাৰ প্রতি আছে? ব্যক্তিৰ প্ৰতি নে অনুষ্ঠানৰ প্রতি? উত্তৰটো হ’ল-এই দুটাৰ এটাও নহয়। আমাৰ আনুগত্য প্রমূল্য আৰু মূল্যবোধৰ ওপৰত। যেতিয়া মূল্যবোধবোৰ বিশৃঙ্খল হয়, ব্যক্তিয়ে একেখন ঘৰত থাকিব নোৱাৰে অথবা একেটা অনুষ্ঠানত কাম কৰিব নোৱাৰে। যেতিয়া কোনো এজন লোকে ব্যক্তি বা অনুষ্ঠানৰ প্ৰতি আনুগত্য প্রকাশ কৰে, তেওঁ দৰাচলতে কি ক’বলৈ বিচাৰিছে? তেওঁ ক’বলৈ বিচাৰিছে, “মই আপোনাৰ পক্ষত আছো কাৰণ আপোনাৰ বিশ্বাসখিনিৰ ওপৰত মোৰ বিশ্বাস আছে।” ধৰি লওক এদিন গম পোৱা গ’ল মই আনুগত্য প্রকাশ কৰা ব্যক্তিগৰাকী শত্রু দেশৰ চোৰাংচোৱা কার্যত গোপনে লিপ্ত বা এজন মাদকদ্রব্য ব্যবসায়ী। তেতিয়া বাৰু মই আগেয়ে আনুগত্য ৰখাৰ বাবেই এতিয়াও সেই একেই আনুগত্য ৰাখিমনে? নিশ্চয় নাৰাখো। মই অনৈতিক বা বে-আইনী আচৰণৰ প্রতি আনুগত্য প্রদর্শন কৰিবৰ বাবে দায়বদ্ধ নহয়। পূৰণ কৰিব নোৱাৰা অঙ্গীকাৰৰ পৰা :
- ঘৰ ভাগিব পাৰে
- ল’ৰা-ছোৱালী পৰিত্যক্ত হ’ব পাৰে
- সম্পর্ক বেয়া হ’ব পাৰে
- দুঃচিন্তা বাঢ়িব পাৰে
- অপৰাধবোধ বাঢ়িব পাৰে
- জীবন অপূর্ণ হ’ব পাৰে
- ব্যৱসায়ত হানি হ’ব পাৰে
- নিঃসঙ্গ হ’ব পাৰে
- হতাশা আহিব পাৰে
- অঙ্গীকাৰ এটা কৰক আৰু সেইটো পূৰণ কৰিবলৈ চেষ্টা কৰক।
নৈতিকতা
জীৱনৰ বাচনিবোৰ বেয়া হোৱা বা নিম্নমানৰ জীৱন যাপন কৰাৰ বাবে বেয়া
পৰিস্থিতি অজুহাত হ’ব নোৱাৰে। মূল্যবোধ আৰু নৈতিকতা কেরল সু-দিনব বাবে নহয় কিন্তু বেয়া দিন বোধ কৰাৰ বাবেও ইয়াৰ প্রয়োজন আছে। এই মূল্যবোধ আৰু নৈতিকতা দেশৰ আইন-কানুনৰ দৰে যিবিলাক আইন-কানুন আমাৰ ভাল দিনত যেনেদৰে লাগে, বেয়া দিনতো তেনেদবে লাগে। আমাৰ জীৱনৰ প্রায় বিলাক পচন্দ নৈতিকতাৰ ভিত্তিত কৰা নহয়। আমি কি কাপোৰ কিনিম অথবা কি টেলিভিশান চেট কিনিম, সেইবোৰ আমাৰ একান্ত ব্যক্তিগত কথা। এই পচন্দবোৰ আমাৰ সুবিধা অনুসৰি কৰো। নৈতিকতাই আমাক এনেবোৰ পচন্দ কৰিবলৈ অনুপ্রাণিত নকৰে। ব্যক্তিগত পচন্দ বিলাক সাধাৰণতে বস্তুনিষ্ঠ হোৱাতকৈ ব্যক্তিনিষ্ঠহে হয়। এই পচন্দ নৈতিকতাৰ ভিত্তিত নহ’লেও এইলিাকতো দায়বদ্ধতা আছে। নৈতিকতাৰ পচন্দ বিলাকত শুদ্ধতা-অশুদ্ধতা প্রতিফলিত হয়। সেয়েহে আমি যেতিয়া অনৈতিক পচন্দ এটা কৰো আমাৰ বিবেকৰ তাড়না অনুভব কবো। কিন্তু যেতিয়া ব্যক্তিগত পচন্দটো ভুলো হয় তেতিয়া হ’লে তেনে এটা তাড়না অনুভর নকবো। কাৰণ নৈতিক বিষয়বোৰত এটা স্পষ্ট শুদ্ধ বিকল্প থাকে। গণিতৰ পৰীক্ষাত বহা কেইজনমান ছাত্রই দিয়া পৰীক্ষাৰ প্ৰশ্নবোৰ ভিন্ন ভিন্ন হ’ব পাৰে, কিন্তু উত্তৰটোৰ শুদ্ধতাৰ ফালৰপৰা বিকল্প বা পচন্দ সেই এটাহে হ’ব পাৰে। এজন ভদ্র মানুহ হোৱা আৰু এজন ভাল আৰু নৈতিক মানুহ হোৱা একে কথা নহয়। এজন লোক সামাজিক জীবনত ভদ্র হ’ব পাৰে কিন্তু তেওঁ এজন প্রবঞ্চকো হ’ব পাৰে। তেওঁ ভদ্র হ’লেও নৈতিকতাবিহীন এগবাকী ব্যক্তি হ’ব পাবে। ভদ্রতাই গ্রহণীয়তা সূচনা কৰে। কিন্তু ভদ্রতা মানে ভাল নুবুজায়। দুর্ভাগ্যক্রমে আমাৰ জীৱনৰ প্রায়বিলাক পচন্দই এইবিলাক কথাৰ ওপৰত প্রতিষ্ঠিত:
- ১. সা-সুবিধা, আৰাম আৰু আনন্দৰ প্রতি আমার আগ্রহ।
- ২. আমাৰ অনুভূতি-যিটো কৰি ভাল পাওঁ সেইটো কথা। মানদণ্ডটো হ’ল দায়িত্বপূর্ণ কিবা এটা কৰাতকৈ ভাল লগাটোহে কৰা।
- ৩. সামাজিক ঢং আৰু বিজ্ঞাপন-সকলোরেই যেতিয়া কৰিছে, মইনো নকৰো কিয়?
এটা সাধাৰণ বিশ্বাস যে নৈতিকতা আৰু নৈতিকতা ভিত্তিক পচন্দৰ মাজত বিভ্রান্তি আছে। ডাঙৰ প্রশ্নটো হ’ল-কাৰ বাবে? এই বিভ্রান্তি কেরল অস্পষ্ট দৃষ্টিকোণ থকা সকলৰহে আছে।
পৰিবেশিক নৈতিকতা
যিসকলে বিশ্বাস কৰে যে নৈতিকতা সাধাৰণ সংজ্ঞাত অর্ন্তভুক্ত কৰিব নোৱাৰিলেও কিন্তু পৰিস্থিতি সাপেক্ষে সালসলনি হয়, সেইসকল লোকে পৰিস্থিতি অনুসাৰে ভিন ভিন ব্যক্তিৰ সংস্পৰ্শত নিজৰ নৈতিকতা সলনি কৰি থাকে। এনে নৈতিকতাক পৰিবেশিক নৈতিকতা বোলা হয়। এনে নৈতিকতা প্রত্যযতকৈ সুবিধাৰ দ্বাৰাইহে নিয়ন্ত্রিত।
তীৰচিহ্ন
একেটা দিশলৈ মুখ কৰি থকা এটা নৈতিক কম্পাচৰদ্বাৰা পৰিচালিত হ’লে শৃংখলা আৰু আন্তৰিক শান্তি পোৱা যায়, লাগিলে সমাজৰ প্রচলিত ফেশান যিয়েই নহওক কিয়? -টেড ক’প্লেল আমাৰ কিয় মানদণ্ড থাকে? মানদণ্ডসমূহৰ একোটা জোখ ইউৰোপত এক মিটাৰ যিমান দীঘল, এচিয়াটো সিমানেই দীঘল। এক কিলোগ্রাম ময়দা মানে এক কিলোগ্রাম ময়দা আপুনি য’লৈকে নাযাওক লাগে। যিসকল ব্যক্তিয়ে নৈতিকতাৰ এটা মানদণ্ড গ্রহণ কৰিব নোখোজে, সেইসকলে নৈতিকতাৰ সংজ্ঞাটো সলনি কৰি থাকে। সেইসকলে ক’ব খোজে যে ভাল বা বেয়া বুলি কোনো বস্তু নাই-আমাৰ ভাবনাইহে ভাল বা বেয়াৰ ধাৰণাটো নিৰ্ণয় কৰে। তেখেতসকলে আচৰণতকৈ ব্যাখ্যাৰ ওপৰতহে বোজাটো দিয়ে। সেইসকলে এনেদৰেহে ক’ব খোজে, “মোৰ আচৰণ ঠিকেই আছিল, আপোনাৰ ব্যাখ্যাহে ঠিক হোৱা নাই।” হিটলাৰে নিজকে হয়তো শুদ্ধ বুলিয়েই ভাবিছিল। কিন্তু ডাঙৰ প্রশ্নটো হ’ল, “তেওঁ জানো প্রকৃততে শুদ্ধ আছিল?” ক্ষুধাতুৰজনক খাদ্য কিনিবৰ বাবে পইছা দিয়াটো ভাল কিন্তু মাদকদ্রব্য সেৱনৰ বাবে দিয়াটো ভাল কথা নহয়। একেদৰেই হত্যাকাণ্ড গর্হিত কার্য। এই মন্তব্যটো সাধাৰণ সত্য আৰু নৈতিকতাৰ মানদণ্ড। আত্মৰক্ষাৰ বাবে যদি এই হত্যাকাণ্ড সংঘটিত হয়, তেতিয়া অৱশ্যে কথাটো বেলেগ। অৱশ্যে এই কথাই নুবুজায় যে বতৰটো ভাল হ’লে হত্যাকাণ্ড সংঘটিত কৰিব পাৰি, বেয়া হ’লে নোৱাৰি। আমি পৰামৰ্শ লোৱা সকলৰ পৰা বা আমি ভিন ভিন লেনদেন কৰাসকলৰ লগত সম্পৰ্কৰ পৰাই আৰু আজৰি সময়বোৰ আমি কেনেকৈ কটাও আদি কথাবোৰৰপৰা আমাৰ নৈতিকতাৰ মানদণ্ড নিরূপিত হ’ব পাৰে। সংস্কৃতি ভেদে অভিমতৰো ভিন্নতা আহিব পাৰে। কিন্তু সততা, ন্যায়, নিষ্ঠা, দায়বদ্ধতা আদি মূল্যবোধসমূহ বিশ্বজনীন আৰু চিৰন্তন। এই মূল্যবোধ সমূহৰ লগত সংস্কৃতিৰ কোনো সম্পর্ক নাই। কোনো সমাজে বীৰত্বৰ বিপৰীতে কাপুৰুষালিক শ্রদ্ধা জনোৱা পৰিস্থিতি এটা কাহানিও অহা নাই।
নৈতিকতা আৰু ন্যায্যতাত এইকেইটা গুণাবলী থাকে:
- সহানুভূতি
- সততা
- আহতজনৰ প্ৰতি অনুকম্পা
- সামাজিক কাৰ্যত বৃহত্তৰ স্বাৰ্থ
বহুতো লোকে কোনো এটা কথাত একমত হোৱা মানেই সেই মতটো শুদ্ধ বুলি ভাবিব নোৱাৰি। ধৰি লোৱা হওক দহজন বিকৃত মনৰ লোকে লগ হৈ এজন নির্দোষ লোকৰ ওপৰত অত্যাচাৰ কৰিছে। দহজন লোক একেলগ হৈ কামটো কৰিছে বুলিয়েই কামটো শুদ্ধ হ’বনে? নিশ্চয় নহয়। মাধ্যাকৰ্ষণৰ তত্ব যেনেদৰে বিশ্বজনীন, ঠিক তেনেদৰে নৈতিকতাও বিশ্বজনীন। অনুশাসনবিহীন স্বাধীনতাই যেনেদৰে ধ্বংসহে আনিব পাৰে, ঠিক তেনেদৰে নীতি বহির্ভূত সমাজ এখন ধ্বংসৰ মুখলৈ গতি কৰে। মূল্যবোধ যদি আত্মবাদী বুলি ভবা হয় কোনো অপৰাধীয়ে জেললৈ যোৱাৰ কথাই নাথাকিব। ব্যক্তিব নৈতিকতাৰ প্ৰমূল্যৰ নিৰ্ভৰ কৰি কোনো এখন সমাজ ভাল বা বেয়া হ’ব পাৰে। এখন সমাজক শক্তিশালী কৰে কিছুমান নৈতিকতাৰ প্ৰমূল্যই। যিসকলে নৈতিকতাৰ আপেক্ষিকতাত বিশ্বাস কৰে, সেইসকলে প্রকৃতাৰ্থত নিজা মনবিৰোধিতাত বান্ধ খাই আছে। তেওঁলোকে ক’ব খোজে যে প্রতিটো বস্তুরেই আপেক্ষিক, সেইটোৱেই পৰম সত্য। দৰাচলতে শুদ্ধতা আৰু অশুদ্ধতাৰ মাজত প্রভেদ অথবা সাধুতা আৰু অসাধুতাৰ মাজত প্রভেদে এইসকলৰ অস্তিত্ব সূচনা কৰে। কেৱল নাম সলনি কৰিলেই বস্তু এটা বেলেগ হৈ নাযায়। মানুহে নতুন নামকৰণেৰে নৈতিক প্ৰমূল্যৰ সলনি কৰিছে। প্ৰচাৰ মাধ্যমে নৈতিকতাৰ ৰহণ সানিছে। মিছলীয়াক আজিকালি কল্পনাবিলাসী বহির্মুখী ব্যক্তি আখ্যা দিয়া হয়। নৈতিকতাৰ শিক্ষা নিদি এজন মানুহক মনৰ শিক্ষা দিয়াৰ অর্থই হ’ল এখন সমাজক বিপদ বা ভাবুকিৰ শিক্ষা দিয়া। -থিয়ড’ৰ কজভেল্ট যেতিয়া কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যক্ষ মাইকেল চর্ভানে ১৯৯৩ চনত পদত্যাগ কৰিছিল, এগৰাকী সাংবাদিকে তেওঁক প্রশ্ন কৰিলে, তেওঁ কিবা কাম অসম্পূর্ণভাৱে এৰি গৈছে নেকি। সেই প্রশ্নত চর্ভানে উত্তৰ দিলে “হয়! আপুনি শুনি হয়তো আচৰিত হ’ব, কিন্তু প্রকৃততে মোৰ এটা কার্য আধৰুৱা হৈ থাকিল।” তেওঁ নৈতিকতাৰ শিক্ষা লাভৰপৰা বঞ্চিত হোৱা কথাটো ক’লে। বেছিভাগ স্নাতক ছাত্রই এই দিশত কোনো শিক্ষা লাভকৰা নাই। বহুতো শিক্ষাবিদে এই বিষয়টোত হাত দিবলৈ ভয় কৰে। নৈতিক শিক্ষা পিতৃ-মাতৃৰ দায়িত্ব বুলি ধৰা হয়। ইয়াৰ ফলত এই দেশত আটাইতকৈ বেছিকৈ নৈতিক শিক্ষা প্রয়োজন হোৱা যুৱক-যুৱতীৰ সংখ্যা হ্রাস পাই আহিছে। নীতি আৰু নৈতিকতা আধ্যাত্মিকতা নহয়। এইবোৰ এখন সমাজত ভালদৰে চলিবৰ বাবে প্ৰয়োজন হোৱা কিছুমান আচৰণবিধি বুলিহে ক’ব লাগিব।