অভ্যাস সলনি কৰিব যেতিয়া ব্যক্তিয়ে নিজৰ নেতিবাচক অভ্যাস সম্পর্কে সচেতন হয়, তেওঁলোকে সেই অভ্যাস সলনি নকৰে কিয়? কাৰণ হ’ল তেওঁলোকে দায়িত্ব স্বীকাৰ কৰিব নোখোজে। তদুপৰি সেই অভ্যাস চলাই নিয়াৰ আনন্দ যিমান বেদনা তাতকৈ কম। তেওঁলোকৰ হয়তো:
- সলনিৰ বাবে আগ্ৰহৰ অভাৱ
- সলনিৰ বাবে অনুশাসনৰ অভাৱ
- সলনি হ’ব পৰা আত্মবিশ্বাসৰ অভাৱ
- সলনিৰ বাবে প্রয়োজনীয় সচেতনতাৰ অভাৱ
এই গোটেইকেইটা কাৰণতেই আমি আমাৰ নেতিবাচক অভ্যাস সমূহ বিসর্জন দিব নোৱাৰো। আমাৰ সকলোৰে একোটা নিজস্ব পছন্দ আছে। আমি নেতিবাচক আচৰণ সমূহ অৱহেলা কৰি এসময়ত এইবোৰ আঁতৰি যাব বুলি আশা কৰিব পাৰো। এইটো হ’ল উট পখীৰ পদ্ধতি। অথবা আমি সেই আচৰণ সমূহ প্রত্যাহ্বান স্বৰূপে লৈ আমাৰ জীৱনবপৰা সম্পূর্ণ আঁতৰ কৰিব পাৰো। আচৰণৰ সংশোধন আহে অহৈতুক ভীতিভাব আৰু আৰামদায়ক ভাবনা পৰিহাৰৰপৰা। মনত ৰাখিব ভয় বস্তুটো শিক্ষণৰ মাজেদি আয়ত্ব হোৱা এক প্ৰকাৰৰ আচৰণ, সেয়েহে এনে আচৰণ পৰিহাৰ কৰিবও পৰা যায়। আচৰণৰ সলনি আনিব নোখোজা সাধাৰণ অজুহাত এইকেইটা:
- ১. আমি সদায়েই এনেদবে কবি আহিছো।
- ২. আমি তেনেদৰে কাহানিও কৰা নাই।
- ৩. সেইটো মোৰ কাম নহয।
- ৪. তেনেদৰে কৰিলে কিবা এটা বেলেগ হ’ব বুলি মই নাভাবো।
- ৫. মই অতি ব্যস্ত।
ইতিবাচক অভ্যাস গঠন
সলনিৰ বাবে কেতিয়াও পলম হোৱা নাই। আমাৰ বয়স যিমানেই নহওক কিয়, আমাৰ অভ্যাস যিমানেই পুৰণি নহওক কিয়, এটা সচেতনতাৰে আৰু আমাৰ আচৰণ সংশোধন আনিব পৰা কৌশলৰ প্ৰয়োগেৰে সলনি আনিব পৰা যায়। আমি সচৰাচৰ এই কথা শুনা পাওঁ বুঢ়া কুকুৰক কি খেল শিকাবা। আমি কিন্তু কুকুৰ নহয়, আমি ব্যক্তিহে। আমি খেল শিকাৰ কথালৈও অহা নাই। আমি নিজৰ ধ্বংস আনিব পৰা আচৰণ পৰিহাৰ কৰি নতুন ইতিবাচক আচৰণ আয়ত্ব কৰিব পাৰো। আর্ল নাইটিংগেলে ক’বৰ দৰে সফল ব্যক্তিৰ গোপন কথাটো হ’ল তেওঁলোকে এনে কিছুমান কাম কৰাৰ অভ্যাস কৰিছে যি কাম বিফল ব্যক্তিয়ে কৰি ভাল নাপায় বা নকৰে। বিফল ব্যক্তিয়ে কৰিব নোখোজা কামবোৰৰ কথা ভাবকচোন। সেই একেবোৰ কাম সফল ব্যক্তি সকলেও কৰিব নুখুজিলেও কৰি পেলায়। উদাহৰণ স্বৰূপে বিফল ব্যক্তিজনে অনুশাসন, কঠোৰ শ্রম বা কথা ৰাখি ভাল নাপায়। সফল ব্যক্তিগৰাকীয়েও অনুশাসন অথবা কঠোৰ শ্ৰম ভাল নাপায়, তথাপিও তেওঁলোকে কঠোৰ শ্ৰম কৰে কাৰণ তেওঁলোকে এনে কিছুমান কাম কৰি ভাল পায় যি কাম বিফল ব্যক্তিয়ে কৰিব নোখোজে। (ক্রীড়াবিদ এগৰাকীয়ে নিতৌ কষ্টকৰ অনুশীলন কৰি ভাল নাপালেও সদায়েই সেই কাম কৰি আহিছে।)
সকলোবোৰ অভ্যাসেই খুউব সৰু ৰূপতেই আৰম্ভ হয় যদিও এটা সময়ত এৰাব নোৱাৰা অৱস্থা এটা পায়গৈ। মনোভাবো এক প্ৰকাৰৰ অভ্যাস আৰু ইয়াক সলনি কৰিব পাৰি। পুৰণি নেতিবাচক অভ্যাসবোৰক আঁতৰাই নতুন ইতিবাচক অভ্যাস আয়ত্ব কৰাটোৱেই এতিয়া মূল প্রশ্ন। বেয়া অভ্যাস এটা আঁতৰাই ৰখা যিমান সহজ, সেই অভ্যাস গুচোৱা সিমান সহজ নহয়। লোভ নিয়ন্ত্ৰণৰদ্বাৰা ভাল অভ্যাস আহিব পাৰে। সুখ বা দুখ প্রতিটোৱেই একোটা অভ্যাস। অবিৰাম সচেতন প্রচেষ্টাৰপৰা জন্ম হোৱা অভ্যাসৰ জৰিয়তে শ্রেষ্ঠত্ব আহে। অভ্যাস সৃষ্টিৰ বাবে প্ৰচুৰ অনুশীলনৰ প্রয়োজন।
আত্ম-পৰামৰ্শ
আত্ম-পৰামশ কি? আত্ম-পৰামৰ্শ হ’ল আপুনি কি হ’বলৈ বিচাৰে সেই বিষয়ে বর্তমান কালত কৰা একোটা মন্তব্য। আত্ম-পৰামৰ্শ যেন আপুনি নিজে, নিজৰ বিষয়ে নিজৰ বাবে ৰচনা কৰা একোটা বিজ্ঞাপন। এইবোৰে আপোনাৰ সচেতন অথবা অৱচেতন মনটো প্ৰভাৱান্বিত কৰে যাৰ জৰিয়তে আপোনাৰ মনোভাব আৰু আচৰণ প্ৰভাৱান্বিত হ’ব পাৰে।
- আত্ম-পৰামৰ্শৰ জৰিয়তে আপোনাৰ অৱচেতন মনটো নিয়ন্ত্রণ কৰিব পাৰি।
- আত্ম-পৰামৰ্শ ইতিবাচক অথবা নেতিবাচক হ’ব পাৰে।
- নেতিবাচক আত্ম-পৰামৰ্শৰ দুটামান উদাহৰণ হ’ল:
- মই ক্লান্ত।
- মই ক্রীড়াবিদ নহওঁ।
- মোৰ স্মৃতিশক্তি দুর্বল।
- মই গণিতত বেয়া।
আমি যেতিয়া নিজকে এটা নেতিবাচক আত্ম-পৰামৰ্শ দিওঁ তেতিয়া আমাৰ অবচেতন মনটোৱে সেই কথা বিশ্বাস কৰিবলৈ ধৰে আৰু পাছলৈ ই একোটা ভৱিষ্যত বাণী স্বৰূপ হৈ আমাৰ আচৰণত প্রতিফলিত হ’বলৈ ধৰে। উদাহৰণ স্বৰূপে, নিজকে নেতিবাচক আত্ম-পৰামৰ্শ দিয়া এজন মানুহক যেতিয়া নতুন এজন মানুহৰ সৈতে চিনাকি কৰি দিয়া হয়, তেতিয়া তেওঁ আনজন মানুহৰ নাম মনত ৰাখিবলৈ কোনো চেষ্টাই নকৰিব কিয়নো তেওঁ নিজকে ক’ব “মোৰ স্মৃতিশক্তি দুর্বল, গতিকে তেওঁৰ নামটো মনত ৰাখিবলৈ চেষ্টা কৰি কোনো লাভ নাই।” একেজন মানুহকে তেওঁ পিছৰবাৰ লগ পালে নিশ্চয় তেওঁ মানুহজনৰ নামটো মনত পেলাব নোৱাৰিব আৰু তেওঁ আকৌ এবাৰ নিজকে ক’ব “মোৰ স্মৃতিশক্তি দুর্বল।” এইটো কেতিয়াও শেষ নোহোৱা চক্র নিজে নিজে সঁচা প্রমাণিত হোৱা এটা ভবিষ্যদ্বাণী। যেতিয়া এজন ব্যক্তিয়ে এটা কথা পুনৰাবৃত্তি কৰি থাকে, তেতিয়া সেই কথাটো অৱচেতনৰ মাজত সোমাই পৰি বাস্তৱ হৈ পৰে। বাৰে বাৰে কৈ থকা মিছা কথা এটাও এটা সময়ত সত্য বুলিয়েই গ্রহণ কৰি লোৱা হয়।
ইতিবাচক আত্ম-পৰামৰ্শ ক্রীড়া আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰা হয়। আমি ইতিবাচক মন্তব্য কৰো কিয়? ইয়াৰ কাৰণ হ’ল আমি আমাৰ মনত আমি কি নিবিচাৰোতকৈ আমি কি বিচাৰো তাৰ এখন চিত্র সৃষ্টি কৰিবলৈ বিচাৰো। আমাৰ মনত দাঙি ধৰা যিকোনো এখন চিত্র বাস্তৱ হৈ পৰিব পাৰে। আত্ম-পৰামৰ্শ পুনৰাবৃত্তিৰ এটা প্রক্রিয়া। কোনো ব্যক্তিয়ে যেতিযা কোনো এটা উক্তি বহুত পৰ পুনৰাবৃত্তি কৰি থাকে, তেতিয়া সেই উক্তিটো অবচেতন মনত প্ৰৱেশ কৰে। উদাহৰণ স্বৰূপে আপুনি যদিহে নিজকে কষ “মই কোনো চিন্তা কৰিব লগীয়া নাই, মই শীতল মস্তিষ্কৰে আছো” তেন্তে এটা পৰিস্থিতিৰ প্রতি আপুনি শান্ত হৈ অর্থাৎ শীতল মস্তিষ্কবে প্রতিক্রিয়া প্রকাশ কৰিব।
আত্ম-পৰামৰ্শবোৰ নেতিবাচক ধৰণৰ হোৱা উচিত নহয়। কেতিয়াও নক’ব, “মই মানুহটো বৰ জধলা।” বৰঙ আপুনি ক’ব “মই এজন পরিপাটী মানুহ।
আত্ম-পৰামৰ্শত এটা নেতিবাচক শব্দ আহিলে, ই আমাৰ মনত এখন নেতিবাচক চিত্ৰৰ সৃষ্টি কৰে, যিখন চিত্র আমি এৰাই চলিব খোজো। মই যদি আপোনাক কওঁ “নীলা হাতীবোৰৰ কথা নাভাবিব”, খুব সম্ভব তৎক্ষণাৎ আপোনাৰ মনলৈ আহিব এটা নীলা হাতীৰ চিত্ৰ।
আত্ম-পৰামৰ্শ ইতিবাচক বিবৃতি হোৱা উচিত, কিয়নো আমি চিত্ৰবে চিন্তা কৰো, শব্দৰে নহয়। মই যদি “মা” শব্দটো কওঁ, আপোনাৰ মনলৈ কি আহে? আপোনাৰ মাৰ ছবিখন আহে নহয়নে? আপুনি বাৰু শব্দটো শুনি শব্দটোৰ গঠনটোৰ কথা ভাবিছিলনে, নিশ্চয় নাই ভবা। বর্তমান কালত কিয় আত্ম-পৰামৰ্শৰ বাক্যটো সাজিব লাগে? ইয়াৰ কাৰণ হ’ল আমাৰ মনটোরে এটা প্রকৃত অভিজ্ঞতা আৰু এটা কাল্পনিক অভিজ্ঞতাৰ প্রভেদ দেখা নাপায়। উদাহৰণ স্বৰূপে কোনো মাক-দেউতাকে তেওঁলোকৰ ল’ৰাজনক ৰাতি ৯ ৩০ বজাৰ ভিতৰত ঘৰ সোমোৱাটো বিচাৰে। কিন্তু ল’ৰাজন যেনিবা বাতি ১ বজালৈকে ঘৰ পোৱাহি নাই। মাক-দেউতাকৰ মনত কি ভাব আহে? তেওঁলোকে হয়তো আশা কৰিছে যে সকলো ঠিকেই আছে, “আশাকৰো ল’ৰাটোৰ কোনো দুর্ঘদুর্ঘটনা হোৱা নাই।” তেওঁলোকৰ ৰক্তচাপৰ অৱস্থা কি? ৰক্তচাপ বৃদ্ধি পাইছে। এইটো এটা কাল্পনিক অভিজ্ঞতা। বাস্তৱিকতে এনে হ’বও পাৰে ল’ৰাজনে কোনো পার্টিত যোগদান কৰি মচণ্ডল হৈ ঘৰলৈ কেতিয়া উভতিব লাগে সেই কথাটোও মনত বখা নাই।
এতিয়া চিত্রখন লুটিয়াই দিয়া হওক। ধৰি লওক ল’ৰাজন অতি দায়িত্বপূর্ণ আৰু তেওঁ প্রকৃততে ৯.৩০ বজাত ঘৰলৈ উভটিছিল। কিন্তু বাটত তেওঁৰ এটা দুর্ঘটনা হৈছিল আৰু ৰাতি ১ বজালৈকে ঘৰলৈ ওভতা নাছিল। মাক-দেউতাকৰ ৰক্তচাপৰ কি অৱস্থা হৈছিল। তেতিযাও ৰক্তচাপ বৃদ্ধি পাইছিল। প্রথম পৰিস্থিতিটো কাল্পনিক আছিল কিন্তু দ্বিতীয়টো বাস্তরিক আছিল। কিন্তু উভয় পরিস্থিতিতে শৰীৰৰ প্ৰতিক্রিয়া একেই আছিল। আমাৰ অবচেতন মনটোরে প্রকৃত আৰু এটা কাল্পনিক অভিজ্ঞতাৰ প্রভেদ বিচাৰি নাপায়।
অবচেতনটো প্রস্তুত কৰক
আমি নেতিবাচক অভ্যাস আঁতৰাই ইতিবাচক অভ্যাসৰ সৃষ্টি কৰিবলৈ আত্ম-পৰামৰ্শৰ প্ৰযোগ কৰিব পাৰো। আমি সকলোৱেই অবচেতনভাবে আত্ম-পৰামৰ্শৰ ব্যৱহাৰ কৰি আহিছো। উদাহৰণ স্বৰূপে আপুনি যেতিয়া পুৱাতে প্লেন ধৰিবলৈ যোৱাৰ কথা থাকে আপুনি স্বয়ংক্রিয়ভাবে নিজকে কয় যে আপুনি সোনকালে শুই উঠিব লাগিব। আৰু নিঃসন্দেহে আপুনি তাকেই কৰে (বহু সময়ত এলার্ম ঘড়ী এটা নোহোৱাকৈও আপুনি উঠিবলৈ সক্ষম হয়)। এটা সাজু হৈ থকা অবচেতন মনৰ কিছুমান অনুমান কৰিব পৰা ক্ষমতা থাকে। আত্ম-পৰামৰ্শ একপ্ৰকাৰে ভৱিষ্যতবাণী স্বৰূপ উক্তি সাজিবলৈ মনটোক নিয়ন্ত্ৰণ কৰা এটা ব্যবস্থা। আত্ম-পৰামৰ্শ এটা পুনৰাবৃত্তিৰ প্ৰক্ৰিয়া যাৰ জৰিয়তে আমি অৱচেতন মনটোক বাস্তৱত ৰূপান্তৰ কৰিবৰ বাবে কিছুমান ইতিবাচক মন্তব্য দিওঁ। একমাত্র পুনৰাবৃত্তি যথেষ্ট নহয় যদিহে ইয়াৰ লগত আবেগ অনুভূতিব সংমিশ্রণ নাথাকে।
কল্পনাবিহীন আত্ম-পৰামৰ্শৰপৰা সুফল পোৱা নাযায়। যেতিয়া প্ৰথমবাৰৰ বাবে আমাৰ মনটোৱে এটা আত্ম-পৰামৰ্শ লাভ কৰে, সেই আত্ম-পৰামৰ্শ ই প্রত্যাখ্যান কৰে। ইয়াৰ কাৰণ কি? ই এটা অপৰিচিত ভাৱনা, আমাৰ বিশ্বাস প্ৰক্ৰিয়াৰ লগত ইয়াৰ কোনো সাদৃশ্য নাই। মনোযোগ আৰু প্ৰক্ৰিয়াটোৰ পুনৰাবৃত্তিৰ ওপৰত ইয়াৰ সাফল্য নিৰ্ভৰ কৰিব।
কল্পনা
কল্পনা হ’ল আপুনি লাভ কৰিব খোজা বস্তুটো বা কৰিব খোজা কামটোৰ বা আপুনি হ’ব খোজা ব্যক্তগৰাকীৰ এখন মানস চিত্র তৈয়াৰ কৰা প্রক্রিয়া। কল্পনাৰ লগত আত্ম-পৰামৰ্শৰ ওতপ্রোত সম্পর্ক। কল্পনাবিহীন আত্ম-পৰামর্শ এক যান্ত্রিক পুনৰাবৃত্তি বাদে আন আন একো নহয়। এনে পুনৰাবৃত্তিৰপৰা কোনো লাভ নহয়। সুফল পাবলৈ হ’লে, আত্ম-পৰামৰ্শৰ লগত আবেগ অনুভূতি সংযোজিত হ’ব লাগিব।
সাৱধান। আত্ম-পৰামৰ্শ মনটোৱে প্রথমবাৰ গ্ৰহণ নকৰিব পাৰে যিহেতু ই এটা অপৰিচিত ভাৱ। উদাহৰণ স্বৰূপে যোৱা দশক কেইটাত মই যদি মোৰ স্মৃতিশক্তি দুর্বল বুলি কৈ আহি অকস্মাতে কৈ পেলাওঁ যে মোৰ এটা প্ৰখৰ স্মৃতিশক্তি আছে, মোৰ মনটোৱে এই মন্তব্যটো গ্রহণ নকৰে। মনটোৱে তেনে ক্ষেত্ৰত এইদৰে ক’ব: “মিছলীয়া ক’ৰবাৰ। তোমাৰ এটা দুর্বল স্মৃতিশক্তিহে আছে।” কাৰণ এই মুহূর্তলৈকে মনটোৱে আপোনাৰ স্মৃতিশক্তি সম্পর্কে এনেদৰেই ভাবি আছিল। এই ধাৰণা আঁতৰাবলৈ ২১ দিন লাগিব। কিয় ২১ দিন? ইয়াৰ কাৰণ হ’ল এটা অভ্যাস গঠন কৰিবলৈ ২১ দিনৰ সচেতন প্ৰচেষ্টাৰ প্রয়োজন হয়। আপুনি যদি ২১ দিন ধৰি এটা অডিঅ’ টেপ শুনে আৰু এদিন আপোনাৰ প্লেয়াৰটো বেয়া হৈ থাকিল-তেন্তে কোনটো সুৰ আপুনি গুণগুণাৱ এবাৰ ভাৱকচোন। ডাঙৰ প্ৰশ্নটো হ’ল: নিজৰ গোটেই জীৱন ভালটো পাবৰ বাবে ২১ দিনৰ এই প্রচেষ্টা আপুনি দিব লগীয়া হোৱা এটা ডাঙৰ মূল্য হ’ল নেকি? মুঠেই নহয়, কেৱল দায়বদ্ধজনেহে এই কাম কৰে, আত্ম-পৰামৰ্শ প্ৰক্ৰিয়াটো দেখাত সহজ যেন লাগে, কিন্তু ই সিমান সহজ নহয়, তথাপিও আপুনি এইটো কৰিব পাৰে, আত্ম-পৰামৰ্শক বাস্তৱ ৰূপ দিবলৈ পাছৰ অধ্যায়ত দিয়া কামবোৰ কৰক।
ইতিবাচক অভ্যাস গঠন কৰাৰ বাবে ২১ দিনীয়া কাৰ্যসূচী
আত্ম-পৰামৰ্শক বাস্তৱ ৰূপ দিয়া ধৰণ
- ১. আপুনি আমনি নোপোৱা ঠাই এটুকুৰালৈ যাওক।
- ২. দিনটোত অন্ততঃ দুবাবকে এই পরামর্শসমূহ পুনৰাবৃত্তি কৰক। শুই উঠিয়েই এবাৰ আৰু ব স্ত্রী দিনটোত অন্ততঃ এবাৰ। ইয়াৰ কাৰণ হ’ল ৰাতিপুৱা আমাৰ মনণ্টা সতেজ হৈ থাকে আৰু সহজে গ্রহণ কৰিব পাবে। আকৌ ৰাতি সেই ইতিবাচক চিত্রখন অবচেতন মনটোত ঠাই দিব পাৰি। সৰু সৰু টুকুৰা কাগজতো আপুনি প্রতিটো আত্ম-পৰামৰ্শ লিখি ৰাখিব পাৰে। সেইবোৰ এনেকুৱা ঠাইত থওক যাতে গোটেই দিনটো সেইবোৰৰ ওপৰত আপোনাৰ চকু পৰি থাকে (যেনে, গা-ধোৱা ঘৰৰ দাপোনত, গাড়ীৰ ডেচ-বৰ্ডত, ডায়েৰীৰ ভিতৰত, ডেস্ক ড্ৰয়াৰৰ ভিতৰত), গোটেই দিনটো এইবোৰ লিখা দেখি থাকিলে আপুনি আত্ম-পৰামৰ্শবোৰ বাৰে বাৰে আওৰাব লগীয়া হ’ব।
- 3. কেৱল আত্ম-পৰামৰ্শই কাম নকৰে। ইয়াৰ লগত কল্পনাৰ প্ৰয়োজন আছে।
- ৪. এই পৰামৰ্শবলী ২১ দিন ধৰি পুনৰাবৃত্তি কৰক যেতিয়ালৈকে ই এটা অভ্যাসত পৰিণত নহয়।