অৱচেতন মন আৰু অভ্যাস: সফল জীৱনৰ গোপন চাবিকাঠি

Ahim saikia
17 Min Read

ইতিবাচক আচৰণ আৰু চৰিত্ৰ গঠন

বাৰে বাৰে আমি কৰা কামটোৱেই আমাৰ পৰিচয়। শ্রেষ্ঠত্ব এটা কাম নহয়, ই এটা অভ্যাস। এবিষ্ট টল আমি সকলোবেই সফল জীবন যাপন কৰিবৰ বাবে জন্ম গ্রহণ কৰিছো। কিন্তু আমাৰ অবস্থাই আমাৰ জীৱনলৈ বিফলতা আনিছে। আমি জয় লাভ কৰিবৰ বাবে জন্ম হৈছো, কিন্তু পৰাজয়ৰ বাবে নিয়ন্ত্রিত হৈছো। আমি প্রায় এনেধৰণৰ মন্তব্য শুনা পাওঁ: এই লোকজন সঁচাকৈয়ে ভাগ্যবান, তেওঁ ক্লেড স্পর্শ কৰে আৰু সেই ক্লেড সোণলৈ ৰূপান্তৰ হয়। একেদৰে আমি কওঁ, এই লোকজন সঁচাকৈয়ে দুর্ভগীয়া, তেওঁ সোণ স্পর্শ কৰিলেও সেই সোণ ক্লেডলৈ ৰূপান্তৰিত হয়। কিন্তু দৰাচলতে এই কথা সঁচা নহয়। আপুনি যদি দুয়োজনবে কর্ম পদ্ধতি বিশ্লেষণ কৰে আপুনি দেখিব যে সফল ব্যক্তিজনে প্রতিবাবতে শুদ্ধতাবে কার্য এটা সম্পন্ন কৰিছে। অন্যহাতে বিফল ব্যক্তিজনে প্রতিবাৰতে নিজৰ ভুল বিলাককে পুনৰাবৃত্তি কৰিছে। মনত বাখিব অনুশীলনহে নিখুঁত হোৱাটো সূচনা নকৰে। কেৱল নিখুঁত অনুশীলনেহে নিখুঁত হোৱাটো সূচনা কৰে। অভ্যাসে প্রতিবাৰতে যিটো কৰা হয় সেইটো স্থায়ী কৰে। কোনো কোনো লোকে নিজৰ ভুলবোৰৰ পুনৰাবৃত্তি কৰে আৰু তেওঁলোক এই কার্যত পাকৈত হৈ পৰে। সেয়েহে তেওঁলোকৰ ভুলবোৰ নিখুঁত আৰু স্বতঃস্ফূর্ত হৈ পৰে।

অনুশীলন কাৰ্যটো পথাৰ এখন চহোৱাৰ দৰে। সময়ৰ প্ৰয়োজন হয়। ই অভ্যন্তৰৰপৰা উদ্ভৱ হ’ব লাগিব। এটা অভ্যাসে অন্য অভ্যাসৰ জন্ম দিয়ে। অনুপ্ৰেৰণাই এজন লোকৰ কামৰ আৰম্ভ কৰে, আগ্রহে তেওঁক কক্ষপথত ৰাখে আৰু অনুশীলনে কার্যৰ্যটো স্বতঃস্ফূর্ত কৰে।

বিপদৰ সন্মুখত সাহস দেখুৱাব পৰা দক্ষতা, প্রলোভনৰ সন্মুখত আত্ম-সংযম দেখুৱাব পৰা দক্ষতা, কষ্টৰ মাজৰপৰা আনন্দ বুটলিব পৰা ক্ষমতা, হতাশাৰ মাজত চৰিত্ৰ দেখুৱা, বাধাৰ মাজতো সুযোগ বিচাৰি পোৱা এই গুণাবলী আকস্মিক ভাবে ব্যক্তিয়ে আহৰণ নকৰে। এই গুণাবলী আয়ত্ব কৰিবৰ বাবে প্রয়োজন হয় উভয় শাৰীৰিক আৰু মানসিক অবিৰাম আৰু অবিৰত প্রশিক্ষণ। দুর্যোগৰ সন্মুখত আমি যি আচৰণ প্ৰদৰ্শন কৰোঁ, ইতিবাচকেই হওক বা নেতিবাচকেই হওক সেই আচৰণৰ অন্তৰালত থাকে আমাৰ অনুশীলন আৰু প্রশিক্ষণ। আমি যেতিয়া নেতিবাচক গুণাৱলীৰ অনুশীলন কৰো, যেনে কাপুৰুষালি বা সৰু সৰু কামৰ মাজত অসভ্যালি দেখুৱাওঁ, তেতিয়া আমি আশা কৰা মতে ডাঙৰ কামবোৰত ইতিবাচক আচৰণ প্রদর্শন কৰিব নোৱাৰো কাৰণ আমি ইতিমধ্যে নেতিবাচক অনুশীলনহে কৰি আছো।

আমি যেতিয়া এবাৰ হ’লেও মিছা কথাক প্রশ্রয় দিও, দ্বিতীয়বাৰ বা তৃতীয়বাৰ মিছা কথা কোৱা সহজসাধ্য হৈ পৰে। এনেদৰে মিছা কথা কোৱাটো অভ্যাসত পৰিণত হয়। কিবা এটা ধৰি ৰখা আন কিবা এটা এৰি দিয়া দৰ্শনৰ মাজতেই সাফল্য সোমাই থাকে। যিটো ধৰি ৰখাৰ প্ৰযোজন সেইটো ধৰি ৰাখক, যিটো বৰ্জন কৰা প্রয়োজন সেইটো বৰ্জন কৰক। মানৱ জাতি সাধাৰণতে বিবেচকতকৈ অধিক আবেগপ্রবণ। উভয় সততা আৰু নিষ্ঠা আমাৰ বিশ্বাস প্রক্রিয়া আৰু অনুশীলনৰ ওপৰত নিৰ্ভৰশীল। আমি এটা দীঘলীয়া সময় ধৰি যিহকে অনুশীলন নকৰো লাগে, সি আমাৰ মনৰ মাজত সাঁচ বহুৱাই যায আৰু অভ্যাসত পৰিণত হয়। যি ব্যক্তি সকলো সময়তে সৎ, সেই ব্যক্তিজনে প্ৰথমবাৰ মিছা কথা কওঁতে ধৰা পৰি যায়। একেদৰে সদায় মিছা কথা কোৱা জনে প্ৰথমবাৰৰ বাবে সঁচা কথা কওঁতেই ধৰা পৰি যায়।

নিজৰ প্ৰতি বা আনৰ প্ৰতি প্ৰদৰ্শন কৰা সততা বা অসততা ব্যক্তিৰ অভ্যাসত পৰিণত হয়। আমাৰ চিন্তাৰ প্ৰবাহটো অভ্যাসৰদ্বাৰা নিয়ন্ত্রিত। আমি অভ্যাস গঠন কৰো আৰু অভ্যাসে চৰিত্ৰ গঠন কৰে। আপোনাৰ কিবা এটা অভ্যাস আছে বুলি নিজে উপলব্ধি কৰাৰ আগতে অভ্যাসটোবে আপোনাক নিয়ন্ত্রিত কৰি পেলাব। কোনোবাই এদিন কৈছিল, “আমাৰ চিন্তা-ভাৱনাই কর্মলৈ লৈ যায়, কর্মই অভ্যাসলৈ লৈ যায় আৰু অভ্যাসে চৰিত্ৰলৈ লৈ যায়।” চৰিত্ৰই আমাৰ ভাগ্য নির্ণয় কৰে। আমি উচিতভাবে চিন্তা কৰিব পৰা অভ্যাস গঠন কৰিব লাগিব।

সজ অভ্যাস গঢ়ক

আমাৰ বহুবিলাক আচৰণেই অভ্যাসৰপৰা জন্মে। এই আচৰণ নভব। নিচিন্তাকৈ স্বতঃস্ফূর্ত ভাবে আহে। আমাৰ আচৰণৰ যোগফলেই চৰিত্ৰ। যদি ব্যক্তি এজনৰ ইতিবাচক আচৰণ থাকে তেন্তে তেওঁ এজন ইতিবাচক চৰিত্ৰৰ লোক। অন্যহাতে যদি ব্যক্তি এজনৰ আচৰণ নেতিবাচক হয়, তেন্তে তেওঁ এজন নেতিবাচক চৰিত্ৰৰ লোক। যুক্তি বা বিবেচনাতকৈ অভ্যাস অধিক বলবান। প্রথম পর্যায়ত অভ্যাস অনুভৱ কৰিব নোৱাৰাকৈ দুৰ্বল, কিন্তু পাছলৈ এৰাব নোৱাৰাকৈ সবল হয়। আন বিকল্প নথকাৰ বাবে বা দৃঢ়তাৰ বাবে অভ্যাসে গঢ় লয়। আমি যদি কি অভ্যাস কৰিব সেই বিষয়ে সিদ্ধান্ত নলও তেন্তে আন বিকল্প নথকাত আমাৰ বেয়া অভ্যাস গঢ় লৈ উঠে।

আমি কেনেদৰে অভ্যাস গঠন কৰো

বাৰম্বাৰ কিবা এটা কৰিলে সি অভ্যাসত পৰিণত হয়। আমি কাম এটাৰ মাজেদি শিকো। সাহসিকতা প্রদর্শন কৰি আমি সাহসৰ বিষয়ে শিকো। সততাৰ অনুশীলন কৰি আমি সৎ হ’বলৈ শিকো। আমি অনুশীলনৰ মাজেদি এই গুণাবলী আয়ত্ব কৰো। একেদৰে আমি যেতিয়া অসততা, অন্যায় আচৰণ বা অনুশাসনহীনতা আদি নেতিবাচক কথাবোৰ শিকি পেলাওঁ, আমাৰ আচৰণো তেতিয়া নেতিবাচক হ’ব। মনোভাবেই আমাৰ অভ্যাস। এইবিলাকেই আমাক নিয়ন্ত্ৰণ কৰে আৰু আমাৰ অভ্যাস গঠনত বৰঙণি যোগায়।

নিয়ন্ত্রণ

নিয়ন্ত্রণ এনে এটা মনোবৈজ্ঞানিক প্রক্রিয়া যাৰ জৰিয়তে আমি একেলগে সংঘটিত কিছুমান নির্দিষ্ট ঘটনাত অভ্যস্ত হৈ পৰো (বা সেইবোৰৰদ্বাৰা নিয়ন্ত্রিত হওঁ)।

এই নিয়ন্ত্ৰণৰ সৰ্বশ্রেষ্ট উদাহৰণ হৈছে পাভলভৰ কুকুৰকেইটা। ৰাচিয়াৰ বৈজ্ঞানিক পাভলভে প্রত্যেকবাৰ তেওঁৰ কুকুৰকেইটাক খাবলৈ দিয়াৰ আগতে এটা ঘণ্টা বজাই দিছিল। আগত খাদ্য দেখি কুকুৰকেইটাৰ জিভাৰ পানী পৰিছিল। এই একেটা কামকে পাভলভে কিছুদিন ধৰি কৰি থাকিল। এদিন পাভলভে ঘণ্টাটো বজাই দিলে হয় কিন্তু একো খাদ্য নানিলে। তথাপিও কুকুৰকেইটাৰ জিভাৰ পানী পৰা দেখা গ’ল কিয়নো খাদ্যৰ আগে আগে ঘণ্টাৰ মাত শুনাত সিহঁত অভ্যস্ত হৈ পৰিছিল। আমাৰ প্ৰায়বোৰ আচৰণেই এই ধৰণৰ নিয়ন্ত্ৰণৰ ফল। আমি সকলোৱেই আমাৰ পাৰিপাৰ্শ্বিকতা আৰু প্ৰচাৰ মাধ্যমৰদ্বাৰা অবিৰতভাবে নিয়ন্ত্রিত হৈ আহিছো আৰু আমি যন্ত্ৰ মানৱৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰো। আমি নিজকে ইতিবাচক ভাবে নিয়ন্ত্রণ কৰাটো আমাৰ দায়িত্ব। আমি কিবা এটা ভাল কৰিব খুজিলে, সেইটো স্বয়ংক্রিয়ভাবে আহিবই লাগিব। আমি যদি সচেতনভারে ভাল কাম এটা কৰাৰ কথা ভাবিব লাগে, তেন্তে আমি কামটো কেতিয়াও ভালকৈ কৰিব নোৱাৰিম। অর্থাৎ আমি এইটো আমাৰ অভ্যাস কৰি ল’বই লাগিব।

মই যেতিয়া ৰণ-কলা বা ‘মার্শ্বেল আর্ট’ৰ ছাত্ৰ আছিলো, মই লক্ষ্য কৰিছিলো যে আনকি ‘ব্লেক বেল্ট’ বিলাকেও মৌলিক কৌশলবোৰৰ অনুশীলন কৰিছিল। ঘোঁচা মৰা, ঘোঁচা বাধা দিয়া-এনে কৌশলবোৰ তেওঁলোকৰ সকলো সময়তে প্রয়োজন আছিল বাবে স্বয়ংক্রিয়ভাবে এই কৌশলবোৰ প্ৰয়োগ কৰিব লগা হয়।

বৃত্তিধাৰীসকলে তেওঁলোকৰ কামবোৰ তেনেই সহজ কৰি তোলে কিয়নো তেওঁলোকে কৰা যিকোনো কামৰে মৌলিক কথাবোৰ তেওঁলোকে খুব ভালকৈ আয়ত্ব কৰি লয়। বহুত মানুহে ভাল কাম কৰে পদোন্নতিৰ আশাত। কিন্তু ভাল কাম কৰাটো যিসকল লোকৰ অভ্যাসত পৰিণত হৈছে তেওঁলোকৰ পদোন্নতিৰ যোগ্য।

সহজ অভ্যাস আহৰণ কৰা টান। কিন্তু এনে আচৰণৰ গৰাকীৰ লগত বাস কৰাটো সহজ। বদ-অভ্যাস আহৰণ কৰা সহজ। কিন্তু এনে আচৰণৰ গৰাকীৰ লগত বাস কৰা কঠিন।

আমি কেনেদৰে নিয়ন্ত্রিত হওঁ

শুঁৰডালেৰে এক টনৰ অধিক ওজন দাঙিব পৰা হাতী এটাৰ কথা ভাবকচোন। মাউতজনে এডাল সৰু ৰচি আৰু এডাল মাৰিৰে কেনেকৈ হাতীটো নিয়ন্ত্রণ কবে? পোৱালি অৱস্থাত হাতীটো শিকলি এডালেৰে ডাঙৰ গছ এজোপাত বান্ধি ৰখা হয়। পোৱালিটো দুর্বল কিন্তু শিকলিডাল আৰু গছজোপা বেচ শক্তিশালী। পোৱালিটো এনেদৰে বান্ধোনত থকা অভ্যস্ত নহয়। সেয়েহে সি প্রাণে পনে টনা আঁজোৰা কৰি থাকে। কিন্তু তাৰ সকলো প্রচেষ্টা নিষ্ফল। এটা সময়ত পোৱালিটোৱে বুজি উঠে যে এনেদৰে টনা আজোৰা কৰাটো অ বৈ দিয়ে। এতিয়া পোৱালিটো নিয়ন্ত্রিত।

এটা সময়ত যেতিযা এই পোৱালি হাতীটো প্রকাণ্ড দৈত্যকায় হাতী হয়গৈ, তেতিযা হাতীটো এডাল দুর্বল ৰচিৰে এটা সৰু খুটিত বান্ধি ৰখা হয়। হাতীটোবে একেটা আজোৰত ৰচিডাল চিঙি গুছি যাব পাৰে। কিন্তু ই ক’লৈকো নাযায় কাৰণ হাতীটো নিয়ন্ত্রণাধীন। সচেতনভাবে হওক বা অবচেতনভাবেই হওক, মানুহ সকলো সময়তে বিভিন্ন প্রকাৰে নিয়ন্ত্রিত হৈ আহিছে। সেইটো নির্ভৰ কৰে তলত দিয়া কথাবোৰৰ ওপবত:

  • আমি কেনে ধৰণৰ কিতাপ পঢ়ো
  • আমি কেনে ধৰণৰ কথাছবি বা টেলিভিশান অনুষ্ঠান উপভোগ কৰো
  • আমি কেনে ধৰণৰ সঙ্গীত শুনো
  • আমি কেনে ধৰণৰ সঙ্গ লওঁ

গিগ’ নীতি

কম্পিউটাৰ পৰিভাষাৰ পৰা GIGO ধাৰণাটো ইয়াত খাপ খায়। GIGO ব অর্থ হল garbage in garbage out-অর্থাৎ জাবৰ সোমালে জাবৰহে ওলাব। একেদবে আমি ক’ব পাৰো-

  • নেতিবাচক সোমালে নেতিবাচক ওলাব
  • ইতিবাচক সোমালে ইতিবাচক ওলাব
  • ভাল সোমালে ভাল ওলাব

ইয়াৰ তাৎপর্য হ’ল-আমি যি আহৰণ কৰো, আমি তাকেই বিকিৰণ কৰো। আমাৰ অৱচেতন মনটোরে পৃথক কৰিব নোৱাৰে। আমি অবচেতন মনটোত যিহকে দিওঁ, মনটোৱে তাকে গ্রহণ কৰিব আৰু আমাৰ আচৰণ ঠিক তেনেদৰে প্রতিফলিত হ’ব। ভালৰ বাবে হওক বা বেয়াৰ বাবেই হওক, আমাৰ নৈতিকতা, আমাৰ চিন্তাধাৰা আৰু সংস্কৃতিক টেলিভিশানে বিশেষভাবে প্রভাৱান্বিত কৰিব পাৰে। এহাতেদি টেলিভিশানে যেনেদৰে বহুতো প্রয়োজনীয় তথ্যৰ যোগান ধৰিছে, তেনেদ ‘বে ই আমাৰ ৰুচিবোধ নিম্নগামী কৰাত বা নৈতিকতাৰ স্খলন ঘটোৱাত বা যুব উশঙ্খলতা বৃদ্ধি কৰাতো সমানে বৰঙনি যোগাইছে। টেলিভিশ্যনৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে এইয়া যথেষ্ট মূল্যৰ পৰিশোধ হৈছে। ১৮ বছৰ বয়সলৈকে কিশোৰে টেলিভিশ্যনত কমেও ২,০০,০০০ সংখ্যক হিংসাত্মক ঘটনা চোৱাৰ সুবিধা পায়।”

গ্রাহকক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত বিজ্ঞাপনদাতাসকল সিদ্ধহস্ত। বিভিন্ন প্রতিষ্ঠান একোটাই টেলিভিশানৰ কোনো বিশেষ কাৰ্যসূচীৰ মাজতো হাজাৰ হাজাৰ টকা খৰছ কৰি মাত্র ৩০ ছেকেণ্ড যোৱা একোটা বিজ্ঞাপন প্রদর্শন কৰে। নিশ্চয় এই প্রতিষ্ঠান সমূহে বিজ্ঞাপনৰপৰা সুফল পাইছে। আমি কোনো এবিধ পানীয় অথবা দন্তমঞ্জন বিজ্ঞাপনৰপৰাই অনুপ্রাণিত হৈয়েই কিনো। আমি অন্য কোনো পানীয় নিবিচাৰো, কেৱল বিজ্ঞাপনত দেখুৱা পানীয় বিধহে বিচাৰো। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হ’ল আমাৰ মনবোৰ এই বিজ্ঞাপনবোৰে নিয়ন্ত্ৰণ কৰি পেলাইছে। আমি যেতিয়া টেলিভিশ্যনৰ কাৰ্যসূচী চাওঁ বা অনাঁতাৰ বিজ্ঞাপন এটা শুনো, আমাৰ সচেতন মনটোৱে কথাখিনি হয়তো গ্রহণ নকৰিব পাৰে, কিন্তু অবচেতন মনটোরে দেখা বা শুনা প্রতিটো কথাই গ্রহণ কৰি পেলায়। কেতিয়াবা বাৰু আপুনি টেলিভিশ্যনৰ লগত প্রতিবাদ কৰিছেনে? নিশ্চয় নাই কৰা। কথাছবি এখন চাই আমি কেতিয়াবা হাঁহো, কেতিয়াবা কান্দো। কিয় এনে কৰোঁ? তেওঁলোকে আসনবোৰত কিবা ৰাখি থয় নেকি যে মনটোৱে যিহকে আয়ত্ব কৰিছে, মনটোবে তাকে প্রকাশ কৰিছে। আয়ত্ব কৰাখিনি সলনি কৰিলে প্রকাশ কৰাখিনিও বেলেগ হ’ব।

চেতন আৰু অবচেতন মন

আমাৰ চেতন মনটোৰ ভাৱনা শক্তি আছে। ই গ্রহণ কৰিব পাৰে, পৰিত্যাগো কৰিব পাৰে। কিন্তু অবচেতন মনটোৱে কেরল গ্রহণহে কৰে। গ্রহণ কৰাখিনিৰ বিষয়ে ই কোনো প্রভেদ নাৰাখে। আমাৰ মনটোৱে যদি ভয়, সন্দেহ আৰু ঘৃণা ভাব গ্রহণ কৰে, অবচেতন মনটোৱে এই আৱেগসমূহৰ বাস্তর রূপ দিব।

অৱচেতনটো যেন তথ্যৰ ভঁৰাল। চেতন আৰু অৱচেতনৰ ভিতৰত অবচেতনটো অধিক শক্তিশালী। অৱচেতনটো গাড়ী এখনৰ দৰে, চেতনটো গাড়ী চালকৰ দবে। শক্তিটো গাড়ীখনত আছে। কিন্তু নিয়ন্ত্ৰণটো চালকজনৰ হাততহে আছে। অবচেতন মনটোবে আমাৰ সপক্ষে বা বিপক্ষে ক্ৰিয়া কৰিব পাৰে। এই ক্ৰিয়াৰ কোনো ব্যাখ্যা দিয়া সম্ভৱপৰ নহয়। আমি যদি সফল হ’ব পৰা নাই, তেন্তে আমি অবচেতন মনটোক নতুনকৈ গঢ় দিব লাগিব।

অবচেতন মনটো এখন বাগিছাৰ লগত তুলনা কৰিব পাৰি। এই বাগিছাখনত আপুনি কি লগাইছে সেই কথাটো বাগিছাখনৰ চিন্তনীয় নহয়। বাগিছাখন এই ক্ষেত্ৰত নিৰপেক্ষ, কি কলে ভাল হ’ব সেইটো আপুনিহে ঠিক কৰিব। অৱশ্যে আপুনি যদি ভাল শস্য লগায় আপুনি নিশ্চয় এখন ভাল বাগিছা পাব। অন্যথাই আপুনি বাগিছাখনত এগাল অপতৃণহে পাব। মই আৰু এখোজ আগুৱাই গৈ এই কথাটো ক’ম যে আপুনি ভাল বীজ ৰোপণ কৰিলেও বাগিছাখনত বন গজিবই। এই অপতৃণসমূহ আঁতৰোৱা কামটো অবিৰত ভাবে চলি থাকিব লাগিব। মানুহৰ মনটো ওপৰত আলোচনা কৰা বাগিছাখনতকৈ কোনো গুণে বেলেগ নহয়। এই কথাষাৰ মনত ৰাখক যে ইতিবাচক আৰু নেতিবাচক ভাৱনাই একে সময়তে মনত ঠাই পাব পাৰে। সফল হ’বলৈ হ’লে আমি ইতিবাচক ধৰণেৰে আমাৰ মনবোৰ নিয়ন্ত্রিত কৰিব লগা হ’ব।

আমি কেনেদৰে নিয়ন্ত্রিত হওঁ

আমি প্রথমে চাইকেলখন চলাবলৈ কেনেকৈ শিকিলো সেই কথাটো ভাবকচোন। দৰাচলতে এই শিকা কাৰ্যটোৰ চাৰিটা পর্যায় আছে। প্রথম পর্যায়টো হ’ল অচেতন অযোগ্যতা। এই পর্যায়টোত আমি কিবা এটা নাজানো বুলি নাজানো। শিশু এটাই চাইকেলখন চলোৱাটো কেনেকুৱা, সেই কথাটো নাজানে (অচেতন), তেওঁ চাইকেলখন চলাবও নাজানে (অযোগ্যতা), এই পর্যায়টোবেই অচেতন অযোগ্যতাৰ পৰ্যায়।

দ্বিতীয় পর্যায়টোক সচেতন অযোগ্যতা বুলি কোৱা হয়। এই পর্যায়টোত এটা শিশুবে ডাঙৰ দীঘল হৈ চাইকেল এখন চলাবলৈ কেনেকুৱা সেই ভাৱটো আহে। আন কথাত চাইকেলখন চলোৱাৰ বিষয়ে সি সচেতন। কিন্তু সেই কাৰ্যটো কৰিবলৈ সি বহুত চিন্তা কৰে কিন্তু চলাব নোৱাৰে। সি সচেতনভারে অযোগ্যতা প্রদর্শন কৰিছে।

তৃতীয় পর্যায়টো হ’ল সি চাইকেলখন চলাবলৈ শিকা পর্যায়টো। সেই পর্যায়টোত সি সচেতনভাবে যোগ্যতা প্রদর্শন কৰিছে। এই পর্যায়টোত সি চাইকেল এখন চলাব পাৰে যদিও সি অত্যন্ত সচেতনভাৱেহে কামটো কৰে। এই সচেতনতাবে সি এই কার্যত যোগ্যতা প্রদর্শন কৰে।

চতুর্থ পর্যায়টো হ’ল অচেতন যোগ্যতা। এই পর্যায়টো আহে যেতিয়া শিশুটোৱে অতি সচেতনভাবে চাইকেল চলোৱা কাৰ্যটোৰ অনুশীলন কৰিলে যে সি নভবা নিচিন্তাকৈ এই কাৰ্যটো কৰিব পাবে। ই তেতিয়া এটা স্বয়ংক্রিয় প্রক্রিয়া হৈ পৰে। সি চাইকেল চলাই যাওঁতে মানুহৰ লগত কথা পাতিব পাৰে অথবা হাত জোকাৰি অভিবাদন জনাবও পাৰে। ইয়াৰ অৰ্থ হ’ল সি সম্প্রতি এটা অচেতন যোগ্যতাৰ পৰ্যায়ত উপনীত হৈছে। এই পর্যাযত কার্যটো সম্পন্ন কৰিবৰ বাবে কোনো মনোযোগৰ প্ৰয়োজন নাথাকে কাৰণ তাৰ আচৰণ ইতিমধ্যে স্বয়ংক্রিয় হৈ পৰিছে। আমাৰ ইতিবাচক আচৰণ সমূহ এই পর্যায়ত উপনীত হোৱাটো আমি বিচাৰো। দুখৰ কথা, আমাৰ কিছুমান নেতিবাচক অভ্যাসো আছে। এই নেতিবাচক অভ্যাসসমূহ এটা অরচেতন অযোগ্যতাৰ পৰ্যায়ত আছে বাবেই ই আমাৰ উন্নয়নৰ বাবে অন্তৰায় হৈ পৰিছে।

প্রকৃতি শূন্যতাৰ বিদ্বেষী

মোৰ দুজন ভাগিন আছে। দুয়োজনেই টেনিছৰ প্রতি আসক্ত। এদিনাখন তেওঁলোকৰ দেউতাকে মোক ক’লে, “এই খেলখন বৰ খৰচী হৈ পৰিছে। ল’ৰাকেইটাই ৰেকেট, বল, লনৰ ফিজ আদিৰ বাবে খৰছ কৰাৰ উপৰিও এইবাৰ এজন প্ৰশিক্ষকৰ বাবেও খৰছ কৰিব লগা হৈছে। বহুত পইছা যায়।”

মই তেওঁক সুধিলো, “কিহৰ লগত তুলনা কৰি আপুনি কথাষাৰ ক’লে?” তেওঁ হয়তো খেলা বন্ধ কৰি খৰছটো নাইকিয়া কৰিব পাৰে। কিন্তু খেলা বন্ধ কৰিলে, স্কুলৰপৰা অহাৰ পাছৰ সময়খিনি সিহঁতে কেনেদৰে অতিবাহিত কৰিব। সিহঁতৰতো বহুত সময় আৰু শক্তি আছে যিখিনিৰ সদ্যব্যৱহাৰ এই সময়খিনিত কৰিব পাৰিব। তেওঁ অলপপৰ বৈ কথাটো চিন্তা কৰিলে আৰু এনেদৰে ক’লে, “মই তেওঁলোকক খেলাটো চলাই থাকিবলৈ দিম। এইটো সেইফালৰপৰা বেছি সস্তাহে।” তেওঁ ল’ৰাকেইটা ইতিবাচক কার্য এটাত মনোনিবেশ কৰাৰ গুৰুত্বটো উপলব্ধি কৰিব পাৰিলে। ইয়াৰ অন্যথাই তেওঁলোকে নেতিবাচক কার্যত লিপ্ত হ’ব কিয়নো প্রকৃতি শূন্যতাৰ বিদ্বেষী। আমি ইতিবাচক অথবা নেতিবাচক কোনো এটা পক্ষ ল’বই লাগিব। এই দুয়োটাৰ মাজত আন একো কথা থাকিব নোৱাবে।

চৰিত্ৰ গঠন এটা অনুশীলন হ’ব লাগে। আমি যদি এটা আকর্ষণীয় চৰিত্ৰ গঠন কৰিব খোজো, আমি আমাৰ আচৰণসমূহ সূক্ষ্মভাৱে পৰীক্ষা কৰিব লাগিব। এটা সাময়িক প্রশ্রয় পাছলৈ স্থায়ী ত্রুটিলৈ ৰূপান্তৰ হ’ব পাৰে। আপুনি নিজকেই এই কেইটা প্রশ্ন কৰক:

  • ১ আপুনি আপোনাৰ কামৰ মান নিম্নগামী হ’বলৈ দিয়ে নে?
  • ২ আপুনি বাজে কথা পাতি সময় নষ্ট কৰে নে?
  • ৩ হিংসা আৰু অহংভাব আপোনাৰ সহযোগী নে?
  • 8 আপোনাব অনুভূতি প্রয়োজনতকৈ কম নেকি?

আমি অনুশীলনব সৃষ্টি। এইটো ভালৰহে লক্ষণ কাৰণ আমি যদি যিকোনো কিবা এটা কৰাৰ আগতে চিন্তা কৰিব লগা হয়, আমাৰ একোৱেই কৰা হৈ নুঠিব। আমাৰ অভ্যাসসমূহ আমি চিন্তা ভাবনাত আত্মসংযম আৰু অনুশাসনৰ মাজেদি নিয়ন্ত্রণ কৰিবলৈ বিচাৰো। আমি অৱচেতন মনৰ শক্তিখিনি নিয়ন্ত্রণ কৰাৰ প্রয়োজন দেখোঁ। বয়সৰ লগে লগে চৰিত্ৰ গঠনত সহায় হোৱা অভ্যাস সমূহ আমি বাল্যকালতেই আয়ত্ব কৰিব লাগিব। জীৱনৰ আদি অৱস্থাতে সজভাব সমূহ আয়ত্ব কৰাৰ ব্যৱস্থা কৰক। এই ভাব সমূহ আয়ত্ব কৰাৰ বাব কেতিয়াও দেৰি নহয়। ইতিবাচক আৰু নেতিবাচক প্ৰমূল্যৰ প্ৰভেদ সুস্পষ্ট। নতুন অভ্যাস আয়ত্ব কৰিবলৈ সময় লাগে। কিন্তু এবাৰ আয়ত্ব হোৱা ইতিবাচক অভ্যাসে জীবনক নতুন অর্থ প্রদান কৰে।

আশাবাদ আৰু নিব শাবাদ প্রতিটোৱেই একোটা অভ্যাস। অভ্যাস মূলতঃ আনন্দ আৰু বেদনাৰ নীতিৰ অন্তৰ্গত। আমি কোনো এটা কাৰ্য বেদনাৰপৰা উপশম বিচাৰি অথবা আনন্দ বিচাৰি সম্পন্ন কৰিবলৈ বিচাৰো। যেতিয়ালৈকে লাভৰ ভাগটো কষ্টৰ ভাগতকৈ অধিক হয়, তেতিয়ালৈকে আমি সেই কাৰ্যটোৰ অনুশীলন কৰোঁ। কিন্তু যেতিয়া লাভতকৈ কষ্ট অধিক হয় আমি তেতিয়া সেইটো বাদ দিওঁ। উদাহৰণ স্বৰূপে যেতিয়া চিকিৎসক এগৰাকীয়ে ধূমপানকৰা জনক ধূমপান এৰিবলৈ কয়, তেওঁ তাৰ উত্তৰত জনায়, “মই নোৱাৰো, মোব এইটো এটা অভ্যাস যাৰপৰা মই আনন্দ লাভ কৰিছো।” এই বুলি কৈ তেওঁ ধূমপান কৰিয়েই থাকে। ইয়াত বেদনাতকৈ আনন্দ অধিক। কোনোবা এদিনা যেতিয়া মানুহজন এটা ডাঙৰ বেমাৰত পৰে আৰু ডাক্তৰে যেতিয়া কয়, “আপুনি জীয়াই থাকিব খোজে যদি ধূমপান বন্ধ কৰক,” তেতিয়া অৱশ্যে তেওঁ ধূমপান বন্ধ কৰে। কিয়? ইয়াত আনন্দতকৈ বেদনাৰ মাত্রাটোহে অধিক।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *