নৈতিকতা আৰু আইন নিজে ভাল কাম কৰিছো, আনে বেয়া কাম কৰিছে বুলি কোনো লোকে দুখ কৰা অনুচিত। এজন মানুহে যদি সঠিক পথেৰে গৈছে, তেওঁ যদি ভাল কৰিছে তেন্তে তেওঁ অকলশৰীয়া হ’লেও কোনো কথা নাই। কিন্তু তেওঁ যদি ভুল কাম কৰিছে, গোটেই মানব জাতিয়ে ক’লেও সেইটো শুদ্ধ হৈ উঠিব নোরাৰে। -হেনবি ফিল্ডিং সকলোৱেই এই কথাত একমত হ’ব যে নৈতিকতা আৰু আইন একে বস্তু নহয়। কিবা এটা কার্য নৈতিক হ’লেও আইনসঙ্গত নহ’ব পাৰে। তেনেদৰে কিবা এটা কার্য আইনসঙ্গত হ’লেও ই নৈতিক নহ’ব পাৰে। উদাহৰণ কেইটামান দিয়া হ’ল:
- ১. এজন বীমা কর্মীয়ে অধিক কমিশ্যনৰ আশাত কোনো এগৰাকী ব্যক্তিক তেওঁৰ কামত অহা পলিচি এখন নিদি অনুপযুক্ত পলিছি এখন দিয়া কার্যটো আইনগত হ’ব পাৰে কিন্তু এই কাম কেতিয়াও নৈতিক নহয়।
- ২. এজন লোকে তেওঁৰ বেয়াকৈ জখম হোৱা সন্তানটো গাড়ীৰ পাছৰ আসনত বহুৱাই বিধিগত গতিবেগ নেওচি অতি বেগেৰে চিকিৎসালয়লৈ গাড়ীখন চলাই লৈ যোৱা কাৰ্যটো আইন বিৰোধী হ’লেও নৈতিক কিয়নো তেওঁ সন্তানক তৎকালীন চিকি ৎসাৰ প্ৰয়োজন। আইনৰ কথা ভাবি শিশুটিৰ জীৱন ৰক্ষা কৰিব পৰাকৈ তাক চিকিৎসা সাহার্য নিদিয়াটো নিশ্চয় অনৈতিক কাম। আইনে কিছুমান মানদণ্ড নিরূপণ কৰিছে। কিন্তু তাৰ বিপৰীতে নৈতিকতাই এই মানদণ্ডৰ উৰ্দ্ধলৈ গৈছে। নৈতিকতা আৰু মূল্যবোধৰ সততা আৰু ন্যায়ব লগত সম্পর্ক আছে। মানুহক ভাল বা বেয়া লগোৱাৰ লগত ইয়াৰ সম্পৰ্ক নাই।
জীৱনৰ উদ্দেশ্য
জীৱনত বহুধৰণৰ আকাংক্ষা আছে যেনে, সাফল্যৰ বাবে আকাংক্ষা, ব্যক্তিগত আনন্দৰ কথা বাদ দি কৰ্তব্য কৰাৰ আকাংক্ষা, এটা উদ্দেশ্য সাধনৰ আকাংক্ষা ইত্যাদি। নিজৰ প্ৰাণ পর্যন্ত আহুতি দিব পৰা কোনো কার্যই জীৱনটোক অর্থ প্রদান কৰে। আপুনি যদি গোটেই পৃথিৱীখন লাভ কৰি নিজৰ বিবেক হেৰুৱালে তাৰ পৰা কি লাভ হ’ব? এটা উদ্দেশ্যবিহীন জীৱন প্রকৃতাৰ্থত জীৱন্ত মৰণ। আপোনাৰ উদ্দেশ্য কি ? উদ্দেশ্যই আনে প্রবল আবেগ। আপোনাৰ কিবা এটা উদ্দেশ্যৰ সন্ধান কৰক আৰু সেই উদ্দেশ্য সাধনৰ বাবে উদ্দীপনা আৰু অধ্যবসায়েৰে আগবাঢ়ক। প্রতিদিনে আমি নিজকে এই প্রশ্নটো কৰা উচিতঃ “মই বাৰু মোৰ লক্ষ্যৰ ওচৰ চাপিব পাৰিছোনে? মই বাৰু এই ঠাই আগতে অধিকক ভাল কৰিব পাৰিছে নে? যদি এই প্রশ্ন উত্তৰ” নাই পৰা” হয়, তেন্তে মই জীৱনৰ এটা দিন নষ্ট কৰা হ’ল। জীবনে আমাৰ কৰ্মৰ বৰঙণি অনুপাতেহে পুৰস্কাৰ দিব। আমি যিমান সোনকালে জীৱনৰ বাবে এটা উদ্দেশ্য সন্ধান কৰিব পাৰো, সিমানে ভাল। জীবনৰ আটাইতকৈ মহত্বম প্রত্যাহ্বান হ’ল জীৱনৰ এটা উদ্দেশ্যৰ জিজ্ঞাসা। এই ব্যক্তিগত উদ্দেশ্যৰ লগত আমাৰ পৰিয়াল তথা সমাজ আৰু দেশখনৰ সম্পৰ্ক থাকে। এবাৰ আমাৰ উদ্দেশ্য আৰু মূল্যবোধ সুস্পষ্ট হ’লে, ব্যক্তিগত লাভা-লাভ আৰু সামাজিক দায়বদ্ধতাৰ মাজত থকা সংঘাটে নিজেই স্তিতিত বৈ যায়। আমি এটা পক্ষ ল’লে আত্ম সচেতন হওঁ। সেই সময়তে আমি হ্রস্বম্যাদী লাভা-লাভৰ বাবে ভুল সিদ্ধান্তবোৰ কৰাৰ বিপৰীতে দীর্ঘম্যাদী লাভা-লাভৰ বাবে শুদ্ধ সিদ্ধান্তবোৰ কৰো। জ্ঞান আৰু পৰিপক্কতাই জীৱনৰ ডাঙৰ কথাবোৰ বুজাত সহায় কৰে।
“আপুনি চিৰদিন থাকিম বুলি অধ্যয়ন কৰক। কিন্তু কালিলৈ মৃত্যু হ’ব পাৰে বুলি জীয়াই থাকক।” -মহাত্মা গান্ধী
আমি আনক সহায় নকৰাকৈ নিজকে সহায় কৰিব নোৱাৰো। আমি আনৰ জীৱনলৈ প্রাচুর্যতা ননাকৈ নিজৰ জীৱনলৈ প্রাচুর্যতা আনিব নোৱাৰো। আমি আনক উন্নত নকৰাকৈ নিজে উন্নত হ’ব নোৱাৰো। -জেনেট ক’ল , জেনেট ক’লে এবাৰ এনেদৰে কৈছিল, “মোক এজন নিম্ন মানত সন্তুষ্ট হোৱা লোক দেখুৱাই দিয়ক, মই আপোনাক এজন বিফল লোকক দেখুৱাই দিম।” আমাৰ জীৱনবোৰ খেল-পথাৰৰ প্রদর্শনী নহয়। খেল চাই থকাৰ দৰে আমাৰ জীৱনৰ ঘটনাবোৰ চাই গ’লে নহ’ব। আমাৰ জীৱনবোৰ আমি অর্থপূর্ণ কৰিব পৰা একোটা উদ্দেশ্য সন্ধান কৰিব লাগিব, লগতে সেই উদ্দেশ্য সফল কৰিবলৈ প্রচেষ্টাও কৰিব লাগিব।
একোটা উদ্দেশ্যৰেহে জীৱন
আমাক পৃথিবীলৈ একোটা উদ্দেশ্য সাধন কৰিবৰ বাবে পঠোৱা হৈছে। দৰাচলতে নৈতিকতা আৰু আইন আমি এখন বৃহৎ চিত্রব একোটা ক্ষুদ্র অংশ। কিন্তু অতি কম সংখ্যক লোকেহে তেওঁলোকৰ জীৱনৰ উদ্দেশ্য আবিস্কাৰ কৰিবলৈ সক্ষম হৈছে। আমি বহুজনেই জীয়াই থকাৰ খাটিৰত যেন জীয়াই আছো, আমি আমাৰ দিন গণনা কৰাতেই ব্যস্ত হৈ আছো। কিন্তু দিনে আমাক গণনা নকৰে। ডঃ এলবার্ট আইনষ্টাইনক এবাৰ সোধা হৈছিল, “আমি এই পৃথিবীত থকাৰ অৰ্থ কি?” তাৰ উত্তৰত তেখেতে এনেদৰে কৈছিল, “যদি বিশ্বব্রহ্মাণ্ড এটা দূর্ঘটনা, আমিবোৰো একোটা দূর্ঘটনা। কিন্তু যদিহে বিশ্বব্ৰহ্মাণ্ডৰো অৰ্থ আছে, আমাৰ জীৱনৰো অর্থ আছে।” তাৰলগতে তেখেতে ক’লে, “মই যিমানেই পদার্থ বিজ্ঞান অধ্যয়ন কৰো, মই সিমানেই অতিবিদ্যাৰদ্বাৰা আকৃষ্ট হৈছো।” এদিন বিফল হোৱা কাম এটাত সফল হোৱাতকৈ মই এদিন সফল হোৱা কাম এটাত প্রথমে বিফল হ’বলৈহে বেছি ভাল পাম। -উড্র’ উইলচন
আমাৰ প্ৰমূল্যবোৰ ক’ৰপৰা শিকো
অলপতে মই নিউ জার্চি ৰাজ্যৰ টিনেক নামৰ ঠাইখনত এজন শিক্ষকে বিদ্যালয়ত মূল্যবোধৰ শিক্ষাদান কৰা এটা কাহিনী পঢ়িছিলো। সেই শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে এহেজাৰ ডলাৰেৰে সৈতে এটা ধনৰ মোনা হেৰাই পালে। তেওঁ সেই মোনাটো প্রকৃত গৰাকীজনক ঘূৰাই দিলে। শিক্ষকগৰাকীয়ে ছাত্ৰী গৰাকীৰ এই কার্যটো সম্পর্কে আন আন ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত অভিমত বিচাৰিলে। শ্ৰেণীৰ প্ৰতিগৰাকী ছাত্র-ছাত্রীয়ে ক’লে যে ছোৱালীজনী প্রকৃততে মূর্খ। অধিকাংশ ছাত্র-ছাত্রীয়ে ভাবিলে যে ধনৰ মোনাটো হেৰুওৱা লোকজন অত্যন্ত অসাৱধান আৰু সেয়েহে তেখেতে শাস্তি পাবৰ যোগ্য। যেতিয়া শিক্ষক গৰাকীক সোধা হ’ল তেখেতে ছাত্র-ছাত্রীসকলক কি ক’লে, তেখেতে তেতিয়া এই বুলি জনালে, “আচলতে মই তেওঁলোকক একোকে নক’লো। মই তেওঁলোকৰ কাৰ্যটো ভাল হৈছে নে বেয়া হৈছে, সেই কথা ক’বলৈ গ’লে তেওঁলোকৰ ওপৰত মোৰ অভিমত জাপি দিয়া হ’ব। সেই কাম মই কৰিব নোখোজো।” আমি যদি আমাৰ পিতৃ-মাতৃ আৰু শিক্ষকৰপৰা মূল্যবোধ নিশিকো, তেন্তে কাৰপৰা শিকিম? তেওঁলোকে যদি আমাক মূল্যবোধ নিশিকায়, তেন্তে আমি নিজাববীয়াকৈ টেলিভিশ্যন বা অন্যান্য অবাঞ্চিত ঠাইৰপৰা কিছুমান মূল্যবোধ সংগ্ৰহ কৰো। সেয়েহে সমাজত বিশৃঙ্খলতাৰ সৃষ্টি হয়। ওপৰৰ উদাহৰণটোত দিয়া শিক্ষকগৰাকীয়ে কেৱল বিকৃত মূল্যবোধ লৈ নিজৰ দায়িত্বহীনতা প্রদর্শন কৰাই নহয়, তেওঁৰ শিক্ষাদান কাৰ্যৰ বাবে কোনো যোগ্যতাই নাই।

জয়লাভ আৰু বিজেতা
জয়লাভ আৰু বিজেতাৰ মাজত পাৰ্থক্য কি? জয়লাভ এটা ঘটনা। জয়লাভকৰাটো এটা উদ্যম। বিজেতা জনে নিজৰ মূল্যবোধ প্ৰক্ৰিয়াৰ ভিত্তিত সদায় জয়লাভ কৰি আহিছে।
তিনি গৰাকী অনুপ্ৰেৰণাদায়ক বিজেতা
- ১. অলিম্পিক এটা জীৱন জোৰা সাধনা। লৰেন্স লেম্যুবে নাওঁ চালনা প্রতিযোগিতাত অংশ গ্রহণ কৰি থাকোতে সহযোগী খেলুৱৈ এগৰাকী বিপদত পৰা দেখি নাওঁখন ৰখাই তেওঁক সহায় কৰিলে। তেওঁৰ বাবে খেলত জয়লাভ কৰা গুৰুত্বতকৈ আনৰ নিৰাপত্তাৰ প্রতি লক্ষ্য বখাটো অধিক গুৰুত্বপূর্ণ। তেওঁ খেলত জয় নহ’ল যদিও তেওঁ জয়লাভ কৰিলে। তেওঁক বিশ্বৰ ৰজা-মহাৰজা সকলে সন্মান জনালে এইবাবেই যে তেওঁ অলিম্পিক খেলৰ সত্তাটো জীয়াই ৰাখিলে।
- ২. মই ৰিউবেন গনজাৰ কাহিনীটো তেওঁ ৰেকেটবল প্রতিযোগিতাত অংশ গ্রহণ কৰি থাকোতেই শুনিছো। এই প্রতিযোগিতা অত্যন্ত গুরুত্বপূর্ণ আছিল আৰু তেওঁ বিশ্ব খিতাপৰ বাবে প্রতিযোগিতাত অংশ গ্রহণ কৰিছিল। চূড়ান্ত খেলত গনজাচ্ছে এটা ‘মেট পইন্ট’ বচাবৰ বাবে ‘চুপাৰ শ্বট’ এটা মাৰিলে। পৰিচালক আৰু লাইনমেন উভয়েই একমত হৈছিল যে বিউবেনে ভাল খেলিছিল আৰু তেওঁক বিজয়ী ঘোষণা কৰা হ’ল। কিন্তু গনজাল্ছে অলপ পৰ ৰৈ তেওঁৰ প্ৰতিদ্বন্দ্বী খেলুৱৈ জনব ওচৰ পালেগৈ। তেওঁ কৰমৰ্দ্দন কৰি খেলুৱৈজনক ক’লে, “শ্বটটো ত্রুটিপূর্ণ আছিল।” এই ঘোষণাৰে তেওঁ খেলখনত পৰাজিত হ’ল। সকলোরেই অবাক হ’ল। কোনেনো ভাবিছিল যে কর্তৃপক্ষৰ অভিমত তেওঁৰ অনুকূলে থকা সত্ত্বেও, জয় হৈ থকা খেলখনত নিজেই পৰাজিত ঘোষণা কৰিব। যেতিয়া তেওঁক সোধা হ’ল তেওঁ কিয় তেনে কৰিছে, গনজাল্ল্ফে উত্তৰত জনালে, “মোৰ সততা বজাই ৰাখিবলৈ তাৰ বাহিৰে কৰিবলগা মোৰ আন একো নাছিল।” তেওঁ খেলখনত পৰাজিত হ’লেও প্রকৃততে তেওঁ জয়লাভ কৰিলে।
- ৩. কেইগৰাকীমান ব্যৱসায়ীৰ দল এটাই এখন চহৰৰপৰা আন এঠাইলৈ এখন সভাত যোগদান কৰিবৰ বাবে গৈছিল। যাওঁতে তেওঁলোকে নিজৰ পৰিয়ালবৰ্গক জনাই গৈছিল যে তেওঁলোকে শুকুৰবাৰে ৰাতি খোৱাৰ সময়ৰ আগতে পাবহি। কিন্তু সভাবোৰত সাধাৰণতে যিটো হয়, সময়ত সভাখন শেষ কৰিব পৰা নগ’ল। তেওঁলোকৰ দেৰি হ’ল আৰু কোনোমতে দৌৰা দৌৰি কৰি বিমান বন্দৰ পালেহি। তেওঁলোকে হাতত টিকট লৈ প্লেনখনৰ ফালে দৌৰ দিওঁতে এজনে কিছুমান ফল দ’মাই ৰখা মেজ এখনত খুন্দা মাৰিলে। ফলবোৰ মেজখনৰ পৰা মজিয়াত বাগৰি পৰিল। কিন্তু লোককেইজনৰ ৰ’বলৈ তেতিয়া সময় নাছিল। এজনৰ বাদে আন সকলোৱেই প্লেনত উঠি স্বস্তিৰ নিশ্বাস পেলালে। তেওঁলোকৰ এজনে লগৰীয়া সকলৰপৰা বিদায় লৈ সেই মেজখনৰ ওচৰলৈ বুলি উভতি গ’ল। তেওঁ গৈ যি দেখিলে তেতিয়া তেওঁৰ উপলব্ধি হ’ল যে তেওঁ উভতি আহি ভাল কাম কৰিলে। সেই মেজখনৰ ওচৰত এগৰাকী ১০ বছৰীয়া অন্ধ ছোৱালী আছিল। সেই ছোৱালীজনীয়ে জীৱিকাৰ বাবে সেই ফলবোৰ বিক্ৰী কৰিছিল। তেওঁ ছোৱালীজনীৰ ওচৰলৈ গৈ এনেদৰে ক’লে, “আশা কৰো আমি তোমাৰ এই দিনটো নষ্ট কৰা নাই।” তেওঁ জেপৰ পৰা ১০ ডলাৰৰ নোট এখন উলিয়াই ছোৱালীজনীৰ হাতত তুলি দি ক’লে, “এই পইছাৰে তোমাৰ লোকচানখিনি পূৰাব পাৰিবা।” এই বুলি কৈ লোকজন গ’লগৈ। ছোৱালীজনীয়ে কি হৈছিল দেখা নাছিল। তাই কেৱল খোজৰ শব্দ তাইৰ ওচৰৰপৰা আঁতৰি যোৱা শুনা পাইছিল। খোজবোৰ আঁতৰি যোৱা শুনি তাই চিঞৰিলে, “আপুনি ঈশ্বৰ নেকি?” মানুহজনে প্লেনখন ধৰিব নোৱাৰিলে কিন্তু তেওঁ জয়লাভ কৰিছিল নে? নিশ্চয় কৰিছিল।