“সেইবোৰ পিতায়েৰ থাকোঁতে তই ভাবিব নেলাগেচোন।” অপ্রিয় কথা ওলায় বুলি মাকে লৰালৰিকৈ উত্তৰ দিলে।
“সদ্যহতে দুশমান টকা ধাৰলৈ বিচাৰিব লাগিব। আঘোণ-পূহত ধান বেডি শোধাম।” ধৰণীৰ ঘৈণীয়েকৰ অলংকাৰ বন্ধকৃত থৈ ধাৰে লোৱা কথাটোৱে শুনদৰ মনত বৰকৈ খেলাইছিল। পুতেকৰ আগত তাকে উলিয়াই কথাটোৰ এটা হেস্ত নেস্ত কৰিবলৈ মন উচুপিচাই আছিল। অলপ পৰ বৈ শুনদে গহীনাই মাত দিলে, “মই ভাবিছোঁ ধৰণীৰ ঘৈণীয়েকে যে গহনা গাঁঠৰিখিনি থ’বলৈ দিছে তাৰে দুপদমান সদ্যহতে চান্দমল বাবুৰ তাত বন্ধকত থৈ দুশমান ৰূপ ধাৰলৈ লওঁ। আমাৰ তাত থকা যি, চান্দমল বাবুৰ চন্দুকত থকাও একে কথা। আঘোণ-পূহত ধান বেচি, বন্ধকি বস্তু মোকোলাই আনিম।” বাপেকৰ কথা শুনি মনোহবে পাটীত দীঘল দি পৰি থকাৰ পৰা ফেটিগোম সাপৰ দৰে ফেট তুলি বহি ফোঁচ-ফোঁচাই উঠি ক’লে, “নাই, নাই, ধৰণীৰ বৰ্ডৰ অলংকাৰ থোৱাৰ কথা নেভাবিরাই। সেইটো কেতিয়াও হ’ব নোৱাবে।”
“হেৰ তই ইমান উত্রাবল নহ বিচোন, ধৰণীৰ তিৰোতাৰ অলংকাৰ-পাতি আমি কিবা চুৰ কৰিবলৈকে গৈছোঁ নে বেচিবলৈকে গৈছোঁ? ধৰণী ঘুৰি নহালৈকে সেই আপদবোৰ লৈ তাইনো কি কৰিব? সেইহে মই কৈছোঁ বোলো মিতিৰো বওক, চাউলো সিজক। য’ৰে বস্তু ত’তেই থাকিব। মাজতে তোৰ বিযাখন পাতিব পাৰিম।”
“নেলাগে নেলাগে, পৰৰ বস্তু বন্ধকৃত থৈ মোৰ বিয়া পাতিব নেলাগে। এইবাৰ আহিনতনো মোৰ বিয়া কেনেকৈ পাতিবা? আহিনত মই হোজাইত নতুন মাটি ভাঙিবলৈ যাবলৈ ঠিক কৰিছোঁ।”
“বাৰু, তই যিখন মাটি ভাঙিবিগৈ, মই বুজিছোঁ। সেইবোৰ চিন্তা এৰ। বিয়াখন কেনেকৈ পাতিব পাৰি তাৰে দিহা কৰ। বৰ ল’ৰাৰ বিয়া পাতো পাতোঁ বুলি মাৰা বলিয়া হৈছে।” শুনদৰ কুটিল কুচক্ৰৰ লগত মাকো যোগ হৈছে বুলি মনোহৰৰ খং আগতকৈও চৰিল। মাকৰ পিনে মুখ ঘূৰাই উচ্চস্বৰে ক’লে, “ধৰণীৰ ঘৈণীয়েকৰ অলংকাৰ-পাতিৰ টোপোলাটো কাইলৈ উলিয়াই দিবি। মই ঘূৰাই দি আহিমগৈ। তহঁতৰ হাতত থাকিলে কোনদিন। বেচি-কিনি খার ঠিক নাই।”
“যা, যা, দি আহিবিগৈ রা। ধৰণীৰ অলংকাৰেৰে আমি চহকী বোলাবলৈ যোৱা নাই।” বাওৰ বান্ধটো টান হৈছেনে নাই চাবলৈ শুনদে খাহিটো মাটিত আছাৰি উঠি অহা খংটো শান্ত কৰিলে। ভাগ্যৰ নিষ্ঠুৰতম আঘাত আনন্দর মুহূর্ততহে আছে। পুতেকৰ পাতিব খোজা বিয়াখন আকৌ অনির্দিষ্ট কাললৈ স্থগিত হোৱাত মাকে হতাশৰ নিশ্বাস পেলালে।
চোতালত বহি থাকিলে বাপেক-পুতেকৰ উখনা-উখনি কুরুক্ষেত্রত পৰিণত হ’ব বুলি মাক গধুৰ মনেৰে আখললৈ ভাত বাঢ়িবলৈ উঠি গ’ল। অকস্মাতে সন্ধিয়াৰ শান্ত ঘৰুৱা পৰিবেশটো তিক্তভাবে পরিপূর্ণ হৈ পৰিল। নিদ্রালস আকাশৰ তৰাবোৰেও বেজাৰত এটা-দুটাকৈ চকু জপালে।
চাওঁতে চাওঁতে ক্লান্ত হৈ পৰা পুৰণি বছৰটোৱে নতুন ৰূপ ল’লে। সাত বৰণীয়া চেলেং গাত মেৰিয়াই গাঁৱৰ প্রকৃতিষে বহাগ বিহুক আদৰিবলৈ উখল-মাখল লগালে। গোটেইটো বছৰ ৰ’দ-বৰষুণত জৰ্জৰিত গছ লতিকা ব’হাগ বিহুৰ আগমনৰ পদধ্বনিত মুঞ্জবি উঠিল। ইমান দিন চকুত নপৰা আজাৰ জোপাই কপৌ ফুলৰ সাতসবি পিন্ধি অকস্মাতে গাভৰ ছোৱালীৰ সন্ধানী চকু আকর্ষণ কৰিলে। বাতিটোৰ ভিতৰতে সোণাৰৰ গোটেই দেহত কোনোবাই স্বর্ণমণি পিন্ধাই গ’লহি। মদাৰৰ গালে-মুখে আবিৰ ঘঁহিলে। বাটচ’ৰাৰ নাহৰৰ মুকুটত ৰূপালী বহণ পৰিল। নাহৰৰ গা মেৰিয়াই থকা মাধৈ-মালতী ৰঙতে ৰাঙলী হ’ল। ঘৰৰ চোতালত ঘৰচিৰিকাই চিৰিক কৰি পুৱতেই সমস্বৰৰ গীত জুৰিলে। আমগছৰ ডালে ডালে ডেও দি দেও দি কুলিজনীয়ে নাচোনৰ চেও দিলে। “সখি ক’ত, সখি ক’ত” বুলি প্রিয়জনক বিচাৰি খলক লগোৱা সখীয়তীব বিৰহী সুবে গাঁৱৰ বোৱাৰী জীয়াৰীৰ প্ৰাণত বুজাব নোৱৰা ব্যাকুলতাৰ সংকেত দি উৰা মাৰি গ’ল। যৌৱন-উন্মনা প্ৰকৃতিৰ পৰশত, বাংঢালি ৰঙালী বিহুৰ আগমনত দুখ দৈন্য প্রপীড়িত অভাব-অনাটনগ্রস্ত জৰা-মৃত্যু জৰ্জৰিত নিষ্প্রাণ গাঁৱলীয়া জীবনত দুদিনীয়াকৈ হ’লেও যৌৱনৰ সোণালী সপোন ভাহি উঠিল। বেৰত আঁৰি থোৱা ঢোল-পেঁপাই মন বলিয়া কৰা উদাস সুৰ টানিলে। পানী আনিবলৈ যোৱা গাভৰুৰ নাচোনৰ খোজ, দুখৰ হাঁহিয়ে, কলঙৰ পাৰৰ কহুৱাৰ বনত ফুল ফুলালে, কলঙৰ দুয়ো কুল বসন্ত সমাৰোহে ভৰপূৰ কৰি দিলে। শালে শালে দোপতিৰ খটখটনি, যতবে যতৰে মহুৰাৰ ঘৰঘৰণি, ঘৰে ঘৰে ঢেঁকীৰ চাব- নৃত্য ছন্দত নিনাদিত হ’ল, চাৰিওপিনে আনন্দৰ উদ্দীপনা, প্রকাশ অসমৰ্থ অন্তৰৰ বিৰাট আকুলতা।
উৎসৱ আনন্দৰ মাজত গাঁৱৰ সকলোবে মনত পৰিল আঁতৰত থকা আপোনজনলৈ। প্রায় ঘৰৰেই এজন নহয় এজন তেতিয়াও জেইলত। সেই সকললৈ বিহুৱান আৰু চিৰা, সান্দহ পঠাবলৈ তোলপাৰ লাগিল। তগৰৰ নিৰানন্দ জীৱনতো আনন্দৰ হাঁহি বিৰিঙিল। ধৰণীলৈ গামোচাত ফুল বাছিলে, চিবা-সান্দহ খুন্দিলে, পিঠা-পনা ভাজিলে। কমলিৰ লগত লগ লাগি সেই সকলোবোৰ ভাগ ভাগকৈ টোপোলা বান্ধিলে। এইবাৰ বস্তু কঢ়িয়াবলৈ মনোহৰ নাহিল। বাপেকৰ লগত কাজিয়া কৰি মনোহৰে ঘৰ এৰি বৰ্তমান হোজাইত পাম পাতিছে। ঘৰৰ লগত যোৱা ছমাহে দেখা-সাক্ষাতেই নাই। তগৰে ভেদোৰ মাজু পুতেক জইগোেক ধৰি-মেলি জা-জলপানৰ টোপোলাকেইটা দি উৰুকাৰ আগদিনাই ধৰণীৰ ওচৰলৈ পঠিয়ালে। বিহুৰ উৎসৱ অন্ত হোৱা নাই। কলঙৰ পাৰৰ মন উৰাই নিয়া মাদকতা এতিয়াও মাৰ যোৱা নাই। জীৱনত শত সহস্রবাৰ সাক্ষাৎ হোৱা কলঙৰ পাৰত কি যে অপৰিসীম বহস্য লুকাই আছে। দুপৰীয়া গধূলি ৰৈ বৈ অহা কলঙৰ পাৰৰ ঢোলৰ মাতে এতিয়া ডেকা-গাভৰুক আনন্দ বেদনাত উদাস কৰি তোলে। কাষৰ কলহ পাৰত থৈ পানী আনিবলৈ যোৱা গাভৰুক কলঙৰ পাৰে এতিয়াও ঢোলৰ চেৱত নাচ এপাক দিবলৈ বলিয়া কৰে। কলঙৰ পাৰৰ আঁহত গছজোপাৰ পৰা কপৌ ফুল পাহি লাহতী খোপাত ছোৱালীহঁতে এতিয়াও গুজি লয়। ব’হাগৰ বাচনী পানীত কলঙত নাদুৰিবলৈ ল’ৰাহঁতৰ যে কি উন্মাদনা। ইঘৰ-সিঘৰত বিহুৰ মিতিৰ খাবলৈ আহ-যাহ এতিয়াও চলি আছে। অতিকৈ চেনেহৰ ব’হাগৰ বিহুটোক এৰি দিওঁ দিওঁ কৰিও বুঢ়া ডেকা কাৰো এৰি দিবৰ সত যোৱা নাই। বিয়লি বেলা শুনদৰ ঘৰত বিহু খাই কমলিক লৈ ঘৰলৈ উভতিছে। চোতালত সোমাবলৈ ধৰোঁতেই জপনাৰ মুখত মিঠাৰাম পিয়নে সুধিলে, “তুমিয়েই ধৰণী মাষ্টৰৰ ঘৈণীয়েক তগৰ কলিতানী নোহোৱা জানো?” তগৰে তামোল পাগুলি থকা মুখখন এফলীয়া কৰি উত্তৰ দিলে, “হওঁ।”
“এইখন তোমাবেই চিঠি হবলা? মাষ্টৰৰ মাতত আহিছে।” মিঠাৰামে চিঠিখন, তগৰে আগবঢ়াই দিয়া হাতত তুলি দি ক’লে, “পঢ়িব পাৰা জানো?” মিঠাবামে ভাবিছিল তগবে চিঠিখন পঢ়িবলৈ তাক দিব। সেয়ে হ’লে সি ধৰণী মাষ্টৰৰ ঘৰলৈ অহা নতুন সম্বাদ গাঁৱত প্ৰচাৰ কৰিব পাৰিব। তগৰে মূৰ দুপিয়াই “ও” বুলি শলগাত মিঠাৰাম পিয়নে আচৰিত হৈ ক্ষন্তেক তগৰৰ মুখলৈ ৰ লাগি চাই গজ গজ কৰে আগলৈ খোজ বঢালে। লেফাফাটো ইলুটি-সিলুটি কৰি শিৰোনামটোত চকু ফুৰাই ফুৰাই জপনা মেলি তগৰ চোতালত থিয় হ’ল। পূর্বে অ’ৰ-ত’ৰ পৰা চিঠি পাইছে যদিও কোনো পৰিচিত হাতৰ আখৰৰ লগত এই চিঠিৰ আখৰৰ মিল তগৰৰ মনত নপৰিল। বাৰিষাৰ মাটিত এজাক বৰষুণ পৰিয়েই অলেখ গছ লতা ভৰ ভৰ কৰে গজি উঠাৰ দৰে তগৰৰ অন্তৰতো চিঠিখনিয়ে মুহূৰ্তৰ ভিতৰতে হাজাৰ-বিজাৰ ভয়-ভাবনাৰ সৃষ্টি কৰিলে। জীৱনটো যাৰ দুখ আৰু দুৰ্ভাবনাতেই গৈছে, মুখৰ হাঁহি যাৰ চকুৰ পচাৰতে চকুৰ পানীত উটি-ভাহি যায়, গছৰ পাত এখিলা সৰি পৰিলেও তাৰ অন্তৰ ভযত শিয়ৰি উঠা স্বাভাবিক। ভয়-উদ্বেগত মেলো মেলো কৰিও লেফেফাটো মেলিবলৈ সাহস হোরা নাই। লাহে লাহে কোণটো ছিৰি চিঠিখন উলিয়ালে- বুকুৰ পৰা জগদ্দল পাথৰ এটাহে যেন আঁতৰিল। প্রথমেই ওপৰৰ ঠিকনাটোত চকু পৰিল বৃন্দাবন। কত যুগ-যুগান্তৰৰ মধুৰ স্মস্মৃতি বৃন্দাবন নামটোত বিজড়িত হৈ আছে! কতজনে এই নামটো শুনিয়েই আনন্দত আত্মহাৰা, ভক্তিত গদ গদ হয়। তগৰে কিন্তু নিশ্চল হৈ চিঠিৰ শেষৰ স্বাক্ষৰটো পঢ়িলে- শ্রীবদনচন্দ্র শর্মা। নিশ্বাস নেপেলোৱাকৈ চিঠিখন পঢ়ি শেষ কৰি তগৰ চোতালত বহি পৰিল। মুখত কান্দোনৰ শব্দ নাই; ফজু-ধাৰাৰ দৰে চকুৰ পৰা জৰ্জৰকৈ পানী নিজৰিবলৈ ধৰিলে। কমলিয়ে মাকৰ গাত হাত দি মৰ্মৰ মূৰ্তিৰ দৰে অবাক হৈ থিয় দি ৰ’ল। মাকক কন্দুৱাবলৈ চিঠিখন আনি দিয়াত মিঠাৰাম পিয়নৰ ওপৰত কমলিৰ খং উঠিল। বাপুৰাম বৰাই কাশী, গয়া, হৰিদ্বাৰ, বদরিকাশ্রম, বৈদ্যনাথধাম আদি নানা তীর্থক্ষেত্র ভ্ৰমণ কৰি যোৱা কেইমাহ বৃন্দাৱনত বদন শৰ্মাৰ আশ্ৰয়ত আছিল। তেওঁৰ পৰা নাম কথাও লৈছিল। চ’তৰ পৰা তেওঁৰ জ্বৰ। ঘৰলৈ বা-বাতৰি দিবলৈ কোৱাত আত্মীয়-কুটুম্ব কেও কিছু নোহোৱা বুলি কৈছিল। বেমাৰ টান হোৱাত কৈ গৈছিল, যদি মৃত্যু ঘটে তেন্তে বাতৰিটো শ্রীধৰণী কলিতাৰ যোগে শ্রীমতী তগৰ কলিতানীক জনাবলৈ। মৰণত কোনো কষ্ট পোৱা নাই, অন্তিম সময়লৈকে মুখত অহৰহ হৰিনাম লৈয়ে আছিল। বাপুৰামৰ হাতৰ টকা কড়ি মৃতকৰ নির্দেশ মতে গোবিন্দজীৰ মন্দিৰত দান দিয়া হৈছে। বদন শৰ্মাৰ চিঠিৰ মৰ্ম এয়ে। বাপেকৰ প্রতি অন্তৰত বহু দিনৰে পৰা স্তূপীকৃত হৈ থকা ৰাগ, অভিমান, অবজ্ঞা, অশ্রদ্ধা, বিৰক্তি নিমিষৰ ভিতৰতে বালিৰ ঘৰৰ দৰে ধূলিসাৎ হৈ গ’ল। ইমান দিন তগৰে অন্তৰে অন্তৰে অনুভৱ কৰিছিল যে পিতাকে নিজৰ ভুল বুজিব পাৰি এদিন নহয় এদিন তগৰক বিচাৰি উলিযাবহি। আকৌ এদিন বাপেকৰ কোলাত মূৰ থৈ তগৰৰ চকুপানী টুকিবলৈ সৌভাগ্য ঘটিব। কিন্তু ইমান দিনৰ সঞ্চিত সপোন মৃত্যুৰ পৰিহাসত চুৰমাৰ হ’ল।
ভালেমান পৰ চকুপানী টুকি টুকি মূৰে-কপালে হাত দি চোতালত বহি বৈ সন্ধিয়াৰ লগে লগে তগৰ পাটীত পৰিল। মাক-জীয়েকৰ সেইনিশা খুদকণ এটাও পেটত নপৰিল। পাছদিনা পুৱা নাওৰাম পণ্ডিতক বুদ্ধি-পৰামৰ্শৰ কাৰণে মাতি পঠিয়ালে। পণ্ডিতক চোতালতে চকীখনতে বহিবলৈ দি পিতাক ঢুকুওৱাৰ বাতৰিটো দিলে। পণ্ডিতে বুজনি দি ক’লে, “বৃন্দাবনত দেহা পেলাইছে- তাতকৈ কিবা সৌভাগ্য আছেনে? অস্থিকণ গংগাত লগাবলৈ আমাৰ সামৰ্থ্য নাই- তোমাৰ পিতায়েৰাৰ গোটেই দেহ-অস্থিয়ে গংগাত লাগিল। কম পুণ্যবান পুরুষ নে? এনে মৰণ ব্ৰহ্মাৰ বাঞ্ছিত। হৰিষৰ বেলাত মিছাতে চকুপানী পেলাব নেপায়।” পণ্ডিতে আকৌ ক’লে, “উলিয়াই দিয়া জীয়ৰী ছোৱালীক হওঁতে অশৌচে নেপায়। তথাপি মাক-বাপেক গুৰুজনৰ মৃত্যুত উপবাস অনাহাৰে থকা গৃহস্থ ঘৰলৈ মংগল। চাওঁ চিঠিখন দিয়াচোন? কোন তাৰিখেনো ঢুকাল?” তগৰে হাতৰ চিঠিখন মাটিত থ’লে, পণ্ডিতে চিঠিখন তুলি লৈ ওপৰে ওপৰে চকু ফুৰাই নিজকে নিজে ক’লে, “ব’হাগৰ সাত তাৰিখ বুধবাৰে ঢুকাইছে, আজি হ’ল ব’হাগৰ একুবি দুদিন।” পণ্ডিতে আঙুলিৰ পাবত গণিলে, “সাত, আঠ, ন, দহ, এঘাৰব… একুৰি দুদিন।” গণনাৰ অন্তত তগৰৰ মুখলৈ চাই ক’লে, “আজি ধৰি যোল্লা দিন হ’ল। দেশান্তৰত মৃত্যুৰ অশৌচ তিনি দিনতে খেদোৱাৰ ব্যবস্থা শাস্ত্রত আছে। তোমালোকৰ চুৱা গ’লেই বুলি ধৰিবা। চক হাৰি পেলাই ভকত দুজনমানক মাতি নাম এষাৰ গোৱালেই শুদ্ধি। প্রেতকর্ম কৰাৰ সকাম নাই।”
ব’হাগৰ ভিতৰতে গিৰিয়েক আৰু জীয়েকৰ জন্মপত্রিকা পণ্ডিতৰ হতুৱাই গণাই ল’বলৈ বুলি তগবে ধৰণী আৰু কমলিব কুষ্ঠি দুখনো পণ্ডিতৰ আগত উলিয়াই দিলে। পণ্ডিতে এপিনে জন্মপত্রিকা আৰু এপিনে পঞ্জিকা মেলি লৈ বাশিচক্রৰ গণনাত লাগিল। জন্মপত্রিকাত চকু ফুৰাই ক’লে, “ধৰণীৰ বাশি হ’ল ধনু; নক্ষত্র পূর্বষাঢ়া।” বাশিচক্রত আঙুলি বুলাই জনালে, “বছৰৰ আগ ভাগত দেখোন ভালেই। ব’হাগত বন্ধন মুক্তিৰ যোগ।” গণনাৰ ফল শুনি তগৰৰ চকুরে-মুখে আনন্দৰ বেখা স্পষ্ট। কপালৰ মাজৰ শিৰসমূহ থুপ খুৱাই গণি গণি পণ্ডিতে গহীনাই ক’লে, “বছৰৰ শেষ ভাগত শনির দশা পৰিছে। স্বাস্থ্য ভংগ যোগ। বেমাৰপাতিয়ে বাৰুকৈয়ে ভোগাব।” তগৰে সকৰুণভাবে চোৱাত পণ্ডিতে পুনবাই ক’লে, “বেমাৰ আজাৰনো কাৰ নহয়? বেমাৰো আছে, বৈদ্যও আছে। দক্ষিণা কালীলৈ পূজা এভাগ আগবঢ়াবা, সকলো মংগল হ’ব।” পণ্ডিতৰ গণনাৰ ফলৰ পৰিচয় তগবে দুদিনৰ পাছতে পালে। জেইলব পৰা ধৰণীক এৰি দিয়াৰ বাতৰি আহিল। পিছে, ধৰণীৰ অসুখ, জিলাব পৰা ইমান বাট খোজকাঢ়ি আহিব নোৱাৰে। জেইলৰ দাৰোগাই গৰু গাড়ী এখন পঠিয়াবলৈ ঘৰলৈ বাতৰি পঠাইছে। খবৰ পায়ে তগৰে গাড়ী এখনৰ দিহা কৰিবলৈ শুনন্দক ধৰিলেগৈ।
“ৰ, পঠাওঁ বোলোঁতেইনো সন্ধিয়াতে গাড়ী এখন ক’ৰ পৰা পঠাওঁ। আমাবো গাড়ী আছে গৰু নাই, মৈ আছে ছৈ নাই। বঙা গৰুটোরে আজি দুদিন খাঁহ-পানী মুখত দিয়া নাই, তেনেই জলক মাৰি আছে।”
“মাঘীৰ গৰুহাল বিচাৰিলে নিদিব জানো?” তগবে ওৰণিখন দীঘলকৈ টানি মিহি মাতেৰে সুধিলে।
“নিদিব কিয়? দিব। পিছে, গাড়ীনো নিয়ে কোনে?”
“গাড়ী-গৰুৰ যোগাৰ হ’লে ভেদোৰ পুতেক জইগোকে কৈ-মেলি সন্ধিয়ালৈ পঠিয়াব পৰা হ’ব।” শুনদেনো নতুন কি আপত্তি তোলে শুনিবলৈ তগৰ উৎসুক হৈ বল।
“এঘৰৰ পাট-নাদ, এঘৰৰ জৰী, এঘৰে পানী তোলে ঘটং মটং কৰি। বাৰু, জইগোলৈ বতৰা পঠা, সিয়েই মাঘীৰ গৰুহাল খুজি আনি গাড়ী যুটি নিয়কহি। নতুন ঢাৰি দুটা আনি থোৱা আছে, তাৰেই মই ছৈখন বান্ধি দিওঁ। বেমাৰী মানুহ ছৈ নহ’লে ভব দুপৰখন কেনেকৈ আহিব?” শুনদে যে ইমান সহজে গাড়ী দিবলৈ মান্তি হ’ব তগৰৰ সন্দেহ আছিল। পাছ মুহূর্ততে কেনেবাকৈ কথা সলায় বুলি তগৰে শুনদৰ আশ্বাস পায়ে ভেদোৰ ঘৰলৈ যাবলৈ ওলাল।
“হঁয়ে, এটা কথা নহয়? গৰুহাল আজি গোটেই ৰাতিটো যাব, কালিলৈ দিনটো আহিব। দানা-পানীৰ যোগাৰ-পাতি লৈ যাব লাগিব নহয়?” অলপ পৰ ৰৈ আকৌ ক’লে, “তোৰ হাতত টকা-শিকা আছেনে নাই ?”
“কিমান বা লাগিব?”
“দোপোলামান ধানখেৰো দিব লাগিব, তুইগুডিও লাগিব। জয়গোক কিবা কিনি -কুটি খাবলৈ হাতত রূপ এটকামান দিলেহে হ’ব।” তগৰে প্ৰশ্নটোৰ সঠিক উত্তৰৰ কাৰণে তলমূৰ কৰি নীৰৱে থিয় হৈ ব’ল।
“তিনি টকামান নহ’লে নহ’ব হবলা। দিব পাৰিবি জানো?” তগৰৰ ইচ্ছা ৰাতিৰ ভিতৰতে কোনোবাই যেন ধৰণীক ঘৰলৈ উৰুৱাই আনে। টকাকেইটা হাতত পৰিলে শুনদে নিজেই যে সন্ধিয়াৰ ভিতৰতে গাড়ী পঠাবলৈ খৰখেদা লগাব তগৰে বঢিয়াকৈ বুজে।
“মই এতিয়াই দি যামহি।” কথাষাৰৰ লগে লগে তগৰে ঘৰলৈ ঢাপলি মেলিলে। তগবে টকা আনি পোৱাৰ লগে লগেই শুনদৰ গাড়ীত ছৈ বন্ধা শেষ হ’ল। ছিপিযাযোৰতো নতুনকৈ ৰছী লগালে। জইগোরেও ইতিমধ্যে পথাৰৰ পৰা বাহিৰে বাহিৰে মাঘীৰ গৰুহাল খেদি আনি গাড়ীত ফুটিলেহি। মানুহৰ জীৱনটো ল’ৰাৰ ধেমালি। এই গঢ়ে এই ভাঙে, এই পৰে, এই উঠে, এই হাঁহে, এই কান্দে। তগৰেও ৰাতিৰ সপোনত হাঁহি-কান্দোনৰ মাজতে নতুন সংসাৰ গঢিলে, পাতিলে।
বহাৰ চৰকাৰী ডাক্তৰখানা হৈছে নিৰাশ্ৰয়ৰ স্থল। চকৃত চামনি ধৰাৰ কাৰণে মৃত্যুক যি দেখা নাই, সেই বুঢ়া আহিছে চকুৰোগৰ অব্যর্থ মহৌষধ বিচাৰি, ডিঙিত গৰল লৈ যাৰ তিনিকাল গ’ল, তৃতীয় পক্ষৰ তাড়নাত সি বিচাৰিছে গৰলৰ দৰব, উত্তরাধিকাৰী সূত্রত পোরা মাটি কেইডৰাৰ দৰে যাৰ গোটেই গাতে খৰ, হাটলৈ আহোঁতে লগৰ লগত মনত পৰি সিও সোমাইছে অকণমান খজুৱতিৰ মলম বিচাৰি। পাতলিত ফুল বছাৰ দৰে যিজনী ছোৱালীৰ গায়ে-মুখে আইয়ে ফুল বাছিছে, বিয়াৰ যো-জা হোৱাত তাইকো বাপেকে লৈ আহিছে ডাক্তৰৰ কৃপাপ্রার্থী হৈ, সংসাৰৰ কদর্য চিত্র চাব নালাগে বুলি যিটোক বিধাতা পুৰুষে জন্মান্ধ কৰিছে, সিও আহিছে ডাক্তবৰ যাদু-মন্ত্ৰেৰে চকুৰ বান্ধ মোকোলাবলৈ, সন্তান জন্ম দিয়াৰ নিৰ্যাতনৰ পৰা যি বন্ধ্যাক ত্রাণ কৰা হৈছে, দৈৱৰ লগত যুঁজি তায়ো আহিছে সন্তানৰ মাক হ’বলৈ। গাঁৱৰ ডাক্তৰখানা জীবন্ত মানুহৰ যাদুঘৰ। তাত হাঁহি আছে, কান্দোন আছে, আনন্দৰ মধুৰ ৰোল উঠিছে, বিষাদৰ হা-হুমুনিয়াহৰ নিশ্বাস পৰিছে। আশা-আকাংক্ষাৰ উদয়াচল দেখা গৈছে, অস্তাচলৰ ছাঁ পৰিছে। মাকৰ অপৰিসীম সন্তান প্রীতি প্রকাশ হৈছে, ঘৈণীয়েকৰ স্বামী-স্নেহৰ নিদর্শন আছে। পাপীযে এই জন্মৰ পাপৰ শাস্তি ভূগিছে, নিষ্পাপীয়ে পূর্বজন্মৰ কৰ্মফলৰ বিৰুদ্ধে বিক্ষোভ প্রকাশ কৰিছে। সুখ-দুখ আশা-নিৰাশাৰে ভৰা অসম্পূর্ণ মানুহৰ এখনি সম্পূর্ণ সংসাৰ ডাক্তৰখানাৰ চাৰিবেৰৰ মাজত গঢ়ি উঠিছে।
বহা ডাক্তৰখানালৈ গোলাপ বৰুৱা ডাক্তৰ বদলি হৈ অহা প্রায় ছমাহেই হ’লহি। মানুহজন বাংঢালি, হোলগোজ বিধৰ। আগৰ ডাক্তৰজনৰ দৰে মানুহক মুখেৰে মাতিবলৈ ইচ্ছা নকৰা ভেম নাই। দৰব জাতি নিবলৈ যেযে আহে, তাবে লগতে হাঁহি-ধেমালি কবি কথা-বার্তা পাতে। মানুহৰ ঘৰত নৰিয়া চাবলৈ গ’লে টকা-কড়িৰ কাৰণে পীড়াপীডি নকৰে। কোনো কোনো স্থলত বেমাৰীৰ পৰা ফিজ লওক ছাবি, পথ্য কিনিবলৈ বেমাৰীক নিজৰ জেপৰ পৰা টকা-কড়িও দি আহে। এবার বেমাৰীৰ চিকিৎসাৰ ভাৰ ল’লে, বেমাৰী উঠিব পৰা নোহোৱালৈকে নেমাতিলেও পুরা-গধূলি বাতৰি লয়। বিনা নিমন্ত্রণে ঘন ঘনকৈ ৰোগীক চাবলৈ গ’লে ডাক্তৰৰ মূল্য হ্রাসৰ ভয় তেওঁৰ নাই। বেমাৰৰ উপশম হওক বা নহওক, ডাক্তৰ বেমাৰীৰ ওচৰলৈ আহিলে ঘৰ-ঘৰোৱাহে কিছু আশ্বাস পায় বুলি গোলাপ ডাক্তৰৰ বিশ্বাস।
গাঁৱৰ ডাক্তৰখানাত ঔষধৰ সদায়ে অভার। জেঠ মাহৰ মাজ ভাগ নৌ পাওঁতেই চিনকোনাৰ ষ্টক শেষ হ’ল। গোলাপ ডাক্তৰে চিভিল ছার্জনলৈ লিখিলে। বাইজৰ হতুৱাই গরর্ণমেন্টলৈ টেলিগ্রাম দিয়ালে। কিন্তু কাৰো পৰা চিনকোনা অহাৰ সম্ভাৱনা নাই। ইফালে পুরা ডাক্তৰখানাৰ দুৱাৰ নৌ খোলোঁতেই ল’ৰা-ছোৱালী, মতা-তিৰোতাই জুম পাতি হাস্পতাল আগুৰি ধৰেহি। প্রত্যেকৰ হাততে দুই-তিনিটাকৈ বঙা-নীলা দীঘল সক নানা ভাজৰ চিচা। প্রতিদিনেই পুৱাৰ পৰা সন্ধিয়ালৈ দৰব বিচাৰি অহা মানুহৰ লেখ-জোগ নাই। কোনোটো বেমাৰী নিজেই আহিছে, কোনোৱে ঘৰৰ এজনকে চিচাটো দি পঠিয়াইছে, কোনোরে বাটত এজনক ডাক্তৰখানালৈ যোৱা দেখা পাই নিজৰ ঘৰৰ বেমাৰীটোৰ কাৰণেও দাৱাই চাৰি পালিমান আনিবলৈ বটল এটাকে পঠিয়াই দিছে। কোনোটোৰে চাৰি দাগ ঔষধৰ কাৰণে হাল খতি কৰি পুৱাতেই চাৰি মাইল বাটকুৰি বাই আহিছে।
ডাক্তৰখানাত ঔষধ নাই বুলি ক’লে বেমাৰীয়ে মানিব কেলৈ? উপায় নেপাই গোলাপ ডাক্তৰে চিনকোনাৰ অভাৱত চিৰতা তিওৱা পানী দিবলৈ দিহা কৰিছে। মহেন্দ্র কম্পাউণ্ডাৰে কাম বঢ়াই লোৱা ডাক্তৰৰ ব্যৱস্থাটো ভাল পোৱা নাই। আগর ডাক্তৰসকলে ঔষধ নহ’লে ডিচপেনচৰি বন্ধ ৰাখে, তেওঁলোকৰ দিনত পুৱা আঠ, দুপৰীয়া চাৰি নেবাজিলে ডাক্তৰখানা খোলাৰ নিয়ম নাছিল। দুপৰীয়া বার আৰু সন্ধিয়া ছয় বাজিল নেবাজিল- ডিচপেনচবি বন্ধ। গোলাপ ডাক্তৰে পৰা হ’লে কিজানি বাতি দিন একেৰাহে ডাক্তৰখানা খুলিয়ে বাখিলেহেঁতেন। কম্পাউণ্ডারব খণ্ডৰ কাৰণ হৈছে, তেওঁ সন্ধিয়া ভালেখিনি পৰলৈকে ডিচপেনচৰিত থাকি চিৰতা খুন্দি পুৱাৰ নিমিত্তে টৌত তিয়াই থ’ব লাগে, আৰু ৰাতি পুরাল মাত্রকে তাক চেপি ডাঙৰ বটলত ভৰাব লাগে। চৰকাৰি চাকৰিত দৈনিক খাটনিৰ ধৰা-বন্ধা সময় আছে, নির্ধাবিত সময়তকৈ সৰহ পৰ খাটিলে ওপৰঞ্চি পায়। মহেন্দ্ৰ কম্পাউণ্ডাৰৰ ভাগ্যত সেয়ে ঘটা নাই। ডাক্তৰে বেছিকৈ খাটে খাটক। তাকে কৰি তেওঁ ৰাইজৰ মাজত সৰবৰহী হৈ গাঁৱত প্রেক্টিচ বচাওক, কিন্তু তেওঁৰ লগতে কম্পাউণ্ডাৰক খটাইছে কিয়? ছয় বাজি গ’ল। চহকালিৰ বেলি দেখিহে পোহৰ ভালেমান পৰলৈকে আছে। হাস্পতালত দৰব নিবলৈ অহা মানুহৰ সংখ্যা তেতিয়াও আঙুলিব মূৰত লেখিব পৰা হোৱা নাই। মানুহবোৰে গোলাপ ডাক্তৰক চাৰিওফালৰ পৰা আগুৰি ধৰিছে। ডাক্তৰে মুখেৰে প্রশ্ন শুধিছে, হাতেৰে খচাখচ্ প্রেচক্রিপছন লেখিছে, মাজে মাজে তালপাতৰ বিচনীখন মাৰিছে। চাৰিওফালৰ পৰা মানুহে জুমুৰি দি ধৰাত, গৰমত থাকিব নোৱাৰি ডাক্তৰে ডাবি মাৰি মানুহবোৰক আঁতৰি যাবলৈ কৈছে। কিন্তু তেওঁৰ ডাবিত ভয় খাব কোনে? সকলোরে ভাবিছে নিজৰ ব্যৱস্থাপত্ৰখন কেনেকৈ আগত লিখাই লৈ সোনকালে উভতিব পাবে।
ব্যৱস্থাপত্র লিখি লিখি ডাক্তৰৰ আঙুলিত বিষ ধৰিছে। প্রশ্ন সুধি সুধি আমনি লাগিছে। খন্তেকৰ কাৰণে কলমটো মেজৰ ওপৰত থৈ কামিজৰ ডিঙিৰ বুটামটো খুলি চকীত আওজি বহিছে। শৰীৰৰ ক্লান্তি অৱসাদ গুচাবলৈ মেজৰ ওপৰত থকা গুড়গুড়িব মলীডালত টোৰোক কৰে হোপা এটা মাৰিছে। গুড়গুড়িত যে শুদা চিলিমটোহে আছে ডাক্তৰৰ তালৈ ভ্ৰক্ষেপ নাই। ধূর্জটিয়ে কামদেৱক দগ্ধ কৰাৰ দৰে অঙঠাই ধপাতক কেতিয়াবাই পুৰি ছাই কৰি থৈছে। গুড়গুড়িৰ পানীত থকা ধপাতৰ অৱশেষ গন্ধকণকে নলীচাৰে গ্ৰহণ কৰি ডাক্তৰে আৰামদায়ক তৃপ্তিৰ নিশ্বাস পেলাইছে। ডাক্তৰে ব্যৱস্থাপত্র নেলেখি গুড়গুডিত হোপা মাৰি আৰাম কৰা সহিব নোৱাৰি কোনো ডেকাৰ ডাক্তৰৰ ওপৰত খং উঠিছে, “নেদেখিছা নবাবটোৰ ফিতাহি। ৰাইজৰ ৰাজহৰ টকাৰেই হাস্পতাল, আমাৰ ৰাজহৰ টকাকেই সি দর্মহা হিচাপে খাব লাগিছে। তাব আকৌ ইমান গপ-গাফিলি কিয়?” ডাক্তৰৰ কাৰ্যলৈ ঘনে ঘনে কটমটকে চাই ভাবিছে, “ব, আজিয়েই ‘অসমীয়া’ কাগজলৈ তোৰ উদ্ভণ্ডালিব সম্পর্কে বাতৰি এটা পঠিয়াম। ডাক্তৰ চাহাবলৈকো ৰাইজৰ হতুৱাই দখাস্ত এখন দিয়াম।” নিজৰ ব্যৱস্থাপত্র নিলিখিামানলৈকে কেনেকৈনো ডাক্তৰক এশিকনি দিব পাৰি ডেকাই মনে মনে তাকেই চিন্তা কৰিলে।
ঠেলাঠেলি কৰি কেইজনমানে ডাক্তৰৰ মেজত ভেজা দি থিয় হ’লহি। গোলাপ ডাক্তৰে কৃত্রিম খং প্রকাশ কৰি নাম লিখা বহীখন হঠাতে জপাই কলমটো মেজত শব্দ কৰি দলিমাৰি থ’লে। ক্ষন্তেকৰ কাৰণে গোটেই কোঠালিটো নিস্তব্ধ হ’ল, সকলোবে মূৰ তুলি ডাক্তৰৰ ক্লান্ত মুখখনলৈ মিনতিভাবে চালে। কান্দো কান্দোভাবে সমুখত থিয় দি থকা ৰুগীয়া ল’ৰাটোৰ কৰণ চাৱনিলৈ লক্ষ্য কৰি ডাক্তৰে পাছ মুহূর্ততে বহী মেলি হাতত কলম লৈ উদাসীনভাবে সুধিলে, “কি নাম? কি হৈছে? কিমান দিনৰ পৰা? বয়স কিমান?” একে উশাহতে কৰা আটাইকেইটা প্রশ্ন ল’ৰাটোৰ মনত নৰ’ল। যিকেইটা ব’ল তাৰ কোনটোৰ উত্তৰ আগেয়ে দিব, কোনটোৰ পাছত দিব ঠাৱৰ কৰিব নোৱাৰি অতি সন্তর্পণে ক’লে, “আঢ়ৈ কুৰি হ’ব পায়।” বহাৰ পৰা ওপৰলৈ মূৰ তুলি ল’ৰাটোৰ ফালে গভীৰভাবে চাই ডাক্তৰে ভেকাহি মাৰি ক’লে, “দগাবাজ, মোব লগত চুপতি মাৰিবলৈ আহিছ? তোব বয়স আঢ়ৈ কুৰি। যা, যা, আঁতৰ হ। ল’ৰাটোৰ উত্তৰলৈ বাট নেচাই ওচৰত থকা আন এজনৰ মুখলৈ চকু তুলি ডাক্তৰে সুধিলে, “কোৱা কি নাম? বয়স?” নাম আৰু বয়স বেজিষ্টাৰ বহীত লিখি আকৌ ওপৰলৈ মূৰ তুলি চালে। ডাক্তৰৰ অপ্রত্যাশিত ডাবিত ভয় খাই কি কৰিব কি নকৰিব ল’ৰাটোৱে ঠিক কৰিব পৰা নাছিল। পাছৰ বাৰ ডাক্তৰৰ চকুত চকু পৰাত সাহসত ভৰ দি সেপ ঢুকি ক’লে, “ডাক্তববাবু জ্বৰ মোৰ নহয়। পিতাইৰহে জ্বৰ।” ওচৰত থিয় দি থকা যিজনৰ ব্যৱস্থাপত্র লিখিবলৈ ডাক্তৰে ধৰিছিল, তেওঁ ল’ৰাটোলৈ কেৰাহিকৈ চাই ক’লে, “এৰা, তাকে নকৰ কিয়? ডাক্তৰৰ এনেয়ে উশাহ ল’বলৈ অৱসৰ নাই, তাতে তহঁতে খং তোলাই লর? ৰাইজৰ কপালৰ ফেৰতহে এখেতৰ দৰে ডাক্তৰ পাইছোঁহক।” কথাষাৰৰ সমর্থনৰ বাবে মুখ ঘূৰাই পিছফালৰ জুমটোলৈ চালে। অনাবশ্যকীয় প্রশংসা শুনিব নুখুজি, নিজৰ ভুলটো শুধৰাবৰ সহজ উপায়ত ঢেক ঢেককে হাঁহি ক’লে, “চোৱাইক, চোৱাইক, এই ফুলকুমলীয়া ল’ৰাটোৰ বোলে বয়স আঢ়ৈ কুৰি।”
হাত-পাত জোকাৰি ডাক্তৰৰ কথা কোৱাৰ ভংগিমালৈ চাই আটাইবোৰ মানুহে গির্জনি মানি হাঁহিলে। অলপ সময়ৰ কাৰণে বোগী নিৰোগী চিন্তাগ্রস্ত মানুহবোৰৰ মুখ আনন্দত উজ্জ্বল হৈ উঠিল। ওচৰৰে এজনে ল’ৰাটোলৈ ঘোপাকৈ চাই চাই সুধিলে, “হেব, তই ভেদোৰ ল’বা নহৱ?”
” বুলি মুব দুপিয়াই ল’ৰাটিয়ে শলাগিলে।
“ভেদোৰনো কেতিয়া আঢ়ৈকুৰি হ’ল অ’?” এই বুলি অলপ আঁতৰত থিয় দি থকা মিঠাৰামলৈ ডিঙি মেলি চাই সুধিলে, “হেৰ, মিঠাৰাম, ভেদো তোৰ যুৰীয়া নহয় জানো?”
“কিষ নহয়।”
“ক’চোন, তোৰনো বয়স কিমান হ’ল?”
“এস, বয়সনে। আকৌ কেলেই মনত ৰাখিছোঁ।” বয়স নির্ধাৰণৰ পূৰ্বেই ডাক্তৰৰ হাতৰ পৰা ব্যৱস্থাপত্ৰখন লৈ মানুহজনে পিছত থিয় দি থকা লোকসকলক ঠেলি বাহিৰ ওলাল। মিঠাৰামে সুবিধা বুজি সেই সুৰুঙাইদি সাউত কৰে মেজৰ কাষ চাপিল। তেতিয়াও ডাক্তৰে প্ৰেচক্রিপছন লিখি থকা দেখি কম্পাউণ্ডাৰৰ অসহ্য হৈছিল। ৰ’ব নোৱাৰি চিঞৰি ক’লে, “ডাক্তৰ বাবু, আপুনি বন্ধ কৰক, আন্ধাৰত এইফালে ড’জ ঠিক কৰা টান।” মানুহবোৰক উদ্দেশ্য কৰি ক’লে, “তোমালোক যোৱা, আজি আৰু নহ’ব। দুপৰ ৰাতিলৈকে লেম জ্বলাই গেলামাল বেচা দোকান এইখন নহয়।” ডাক্তৰখানা যে বন্ধ হ’ল তাব আভাস দিবলৈ কম্পাউণ্ডাৰে শব্দ কৰি জোৰেৰে ডিস্পেনচিং কমৰ খিৰিকীখন বন্ধ কৰিলে। ডাক্তৰেও “এই থ’লোঁ” বুলি কৈও নকৈ তিনিজনৰ ব্যৱস্থাপত্র লিখি ৰেজিষ্টাৰ বহীখন জপাই স্বস্তিৰ উশাহ টানি উঠিবলৈ খুজিলে। ব্যৱস্থাপত্র নোপোৱা সকলোৱেই আমন-জিমনকৈ কুঠৰীৰ পৰা ওলাল। সকলো আঁতৰ হোৱা দেখি একেবাবে শেহত থকা সৰু ছোৱালী এজনী ভয়ে ভয়ে মেজৰ কাষলৈ আগবাঢ়ি গ’ল। ক্ষীণ ছোৱালীজনী, বয়স সাত-আঠ বছৰ হ’ব। বুকুৰ হাড়কেইডাল ওলাই পৰিছে যদিও গোটেই মুখখনত সৰলতা আৰু কোমলতাৰ ভাব ফুটি পৰিছে। গাৰ কানি-কাপোৰ পৰিপাটি, জুটলা জুটুলি চুলি কেইডাল আঁচুৰি আহিছে। সন্ধিয়াৰ অস্পষ্টতাৰ পটভূমিত মলিন মুখখনিত মূর্ত অশ্রুহীন কাতৰতা প্রকাশ হৈ পৰিছে। “আহ আহ” বুলি হাতৰ সংকেতৰ নির্ভয় দি ডাক্তৰে ছোৱালীজনীক ওচৰলৈ মাতিলে। ছোৱালীজনীয়ে অতি সন্তর্পণে গৈ ডাক্তৰৰ চকীৰ সোঁফালে থিয় হ’লগৈ।
“চাওঁ হাতখন দে” বুলি ডাক্তৰে নাড়ী টিপি, পকা কঁঠালৰ দৰে পেটটো টুকুৰিয়ালে। ছোৱালীজনীৰ হাতৰ পৰা বটল এটা লৈ কম্পাউণ্ডাৰক ৰিঙিয়াই সুধিলে, “মহেন্দ্র, এই বটলটো নিয়াচোন, আধা আউন্স কেষ্টৰ অয়েল দিবা। আমাৰ কৈত ছেটুনাইন আছেনে?” ঔষধ-পত্র তৈয়াৰী কৰা মেজখন ফটাকানি এডোখবেৰে চাফ কৰি কম্পাউণ্ডাবে ঔষধৰ আলমাৰিত তলা মাৰিবলৈ উপক্ৰম কৰিছিল। ডাক্তৰে নতুনকৈ গ্রেচক্রিপছন লিখে বুলি কম্পাউন্ডাৰে লৰালৰিকৈ তলাটো মাৰি উত্তৰ দিলে, “ছেটুনাইন কেতিয়াবাই শেষ হ’ল, আপোনাক ইনডেন্ট দিবলৈ কৈছিলোঁরেই দেখোন।” কথাষাৰৰ লগে লগে ডিপেনচিং কমৰ দুৱাৰেদি বটলটো নিবলৈ আহি ছোৱালীজনীক দেখি ক’লে, “এইজনী দেখোন ধৰণী মাষ্টৰৰ ছোৱালী। দিনটো হবলা মাৰে দেৱাই নিবলৈ পঠিয়াবলৈ আজৰিকে নেপালে। যা. যা। যি লাগে কালিলৈ নিবিহি।” হাতত চাবি একোছা লৈ কম্পাউন্ডিং কোঠাৰ পৰা কম্পাউণ্ডাৰ ওলাই আহিল। বটলত কেষ্টৰ অয়েল দিয়া নহ’ল। কম্পাউণ্ডাৰৰ মেজাজ বুজি-বাজি ডাক্তৰে দুনাই একো নির্দেশ নিদি ছোৱালীজনীৰ হাতত গুডগুড়িটো দি ক’লে, “ল’ব পাৰিবি নহয়? ব’ল মোৰ ঘৰলৈ।” ডাক্তৰৰ বঙলা ডাক্তৰখানাৰ পিছফালে গাতে লগা। উৎফুল্লিতভাবে ডাক্তৰৰ পিছে পিছে ছোৱলীজনীয়ে খোজ দিলে। গুড়গুড়িটো ল’বলৈ পোৱাৰ অধিকাৰতেই ডাক্তৰৰ চেনেহ আৰু সহানুভূতিও লাভ কৰিলে বুলি ছোৱালীজনীৰ মুখ আনন্দ গৌৰৱত ৰঙচুৱা হ’ল। দীঘল ববৰৰ নলীচা লগোৱা গুড়গুডিটো কেনেবাকৈ হাতব পৰা খহি পৰে বুলি ছোৱালীজনীয়ে বুকুত লগাই দুই হাতেৰে হেঁচামাৰি ধৰিছে। খটখটি নামি ছোৱালীজনী আহিব পাৰিছেনে নাই, ডাক্তবে মুখ ঘূৰাই চালে। তেওঁৰ অকলশৰীয়া জীৱনৰ সহচৰ, ব্যস্তময় জীৱনৰ জুৰণি গুড়গুড়িটো ছোৱালীজনীয়ে পুতৌ কৰি বুকুত সুমুৱাই হেপোৰ-তেপোৰকৈ অনা দেখি ডাক্তৰৰ মুখত হাঁহি বিৰিঙিল। ছোৱালীজনীৰ মনৰ পৰা ভষ-সংকোচৰ শেষ ভাব দূৰ কৰিবলৈ ডাক্তৰে সুধিলে, “তোৰ নামটো কি?”
“কমলি।” কথাষাৰ কৈয়ে মিচিককৈ হাঁহি মাৰিলে।
“কমলি? মোৰ ছোৱালীজনীৰ নামো দেখোন কমলি?” হঠাতে কিবা চিন্তা কৰি ডাক্তৰৰ মুখখনি গহীন হ’ল। পাছ মুহূর্ততে সেই চিন্তাৰ ভাব দূৰ কৰিবলৈ চকুৱে-মুখে হাত ফুৰাই ক’লে, “বেছ হৈছে, মোৰ কমলি আহিলে তোৰ সৈতে সখি পতাই দিম।” কমলিয়ে “ইহ-হ” বুলি লাজতে তলমূৰ কৰিলে।