শুভেচ্ছা প্রদান আৰু দায়িত্ব গ্ৰহণ কৰিবলৈ শিকক কাৰোবাক শুভেচ্ছা জ্ঞাপন কৰাৰ সুযোগটো নেহেৰুৱাব। মনত ৰাখিব-মূল শব্দটো হ’ল নিষ্ঠা। কোনোবাই আপোনাক শুভেচ্ছা জনালে নিষ্ঠাৰে গ্রহণ কৰক আৰু কৃতজ্ঞতা জনাওক এটা শব্দবে ‘ধন্যবাদ’। ই অমায়িকতাৰ চিন।
শুভেচ্ছা প্রদান আৰু দায়িত্ব গ্ৰহণ কৰক
আমাৰ আচৰণ আৰু কাৰ্যৰ বাবে আমি দায়িত্ব গ্রহণ কৰিব লাগে। লগতে আমি অজুহাতৰপৰা বিৰত থাকিব লাগে। শিক্ষক গৰাকীক ভাল নোপোৱা বা বিষয়টো ভাল নোপোৱাৰ বাবে পৰীক্ষাত ফেল কৰা ছাত্ৰ গৰাকীৰ দৰে হ’বলৈ নিবিচাৰিব। তেওঁ আটাইতকৈ অধিক মনোকষ্ট বাৰু কাক দিছে? আমি দায়িত্ব গ্রহণ কৰিব লাগিব আৰু আনক দোষাৰোপ কৰাৰপৰা বিৰত থাকিব লাগিব। তেতিয়া আমি সৃষ্টিশীল হ’ব পাৰিম আৰু জীৱনৰ গুণগত মানৰ উন্নয়ন সাধন কৰিব পাৰিম। আমাৰ দায়িত্বতকৈ আমাৰ অধিকাৰ অধিক হ’ব নোৱাৰে। আমাৰ অধিকাৰ সংৰক্ষণৰ কথাটো আমাৰ দায়িত্ববোধ আৰু কাৰ্যৰ ওপৰত নিৰ্ভৰশীল। -জন এফ কেনেডী অজুহাতে সমস্যাটো অধিক গুৰুতৰ হে কৰে।
আমাৰ দায়িত্ব আছে
- নিজৰ প্ৰতি
- পৰিয়ালৰ প্ৰতি
- কৰ্মৰ প্ৰতি
- সমাজৰ প্ৰতি
- পৰিবেশৰ প্ৰতি
আমি বৃক্ষ ৰোপণ কৰি, ভূমি স্খলন ৰোধ কৰি আৰু প্ৰাকৃতিক সৌন্দর্য সংৰক্ষণ কৰি সেউজ বিপ্লৱৰ আংশীদাৰ হ’ব পাৰো। আমাৰ যেন গুচি যাবলৈ অন্য এখন পৃথিবী আছে, তেনে মনোভাব লৈ এই পৃথিৱীত থাকিব নোৱাৰো। এই পৃথিৱীখন বসবাসৰ বাবে উপযুক্ত কৰিবলৈ কিবা এটা কাম দৈনন্দিন কার্যৰূপে আমি কৰা উচিত। উত্তৰ-পুৰুষৰ প্ৰতি আমাৰ দায়িত্ব আছে। আমি দায়িত্ব সহকাৰে কাম নকৰিলে উত্তৰ-পুৰুষে আমাক কেনেকৈ ক্ষমা কৰিব? যদি এজন লোকৰ আয়ুস গড়ে ৭৫ বছৰ হয় আৰু আপোনাৰ যদি ইতিমধ্যে ৪০ বছৰ হৈছেই, আপোনাৰ মাত্র (৩৬৫ x ৩৫) দিন জীয়াই থাকিবলৈ আছে। নিজকে এই প্রশ্নটো কৰক, এই সময়খিনিৰে আপুনি কি কৰিব? আমি যদি দায়িত্ব গ্রহণ কৰো বা নতুন দায়িত্ব লওঁ, তেন্তে আমাৰ মূল্য বৃদ্ধি হ’ব। নহ’বনে?
অনুশাসনৰ অনুশীলন কৰক
আত্ম-অনুশাসনে আনন্দ বিনাশ নকৰে, বৰং আনন্দ গঢ়েহে। আপুনি অনেক প্রতিভাবান আৰু দক্ষ ব্যক্তি দেখা পাব কিন্তু তেওঁলোক সফল ব্যক্তি নহয়। তেওঁলোকে হতাশাগ্রস্ত, তেওঁলোকৰ আচৰণে তেওঁলোকৰ কাম-কাজত, স্বাস্থ্যত আৰু আনৰ লগত সম্পর্কত প্রভাৱ পেলায়। তেওঁলোক অসন্তুষ্ট আৰু তেওঁলোকে সদায় নিজৰ ভাগ্যকে দোষাৰোপ কৰে। তেওঁলোকে এই কথাটো বুজি নাপায় যে তেওঁলোকে সৃষ্টি কৰা সমস্যা মূলতঃ অনুশাসনৰ অভাৱতেই হৈছে।
নির্দিষ্ট লক্ষ্য
সু স্পষ্ট লক্ষ্যই ব্যক্তিক এটা দিশ দিয়ে। তেওঁ যেতিয়া লক্ষ্যত উপনীত হয় তেওঁ সফলতাৰ আনন্দ অনুভৱ কৰে। লক্ষ্যতকৈও গুৰুত্বপূর্ণ বস্তু হ’ল উদ্দেশ্য আৰু অন্তর্দৃষ্টি। ই জীৱনত অর্থ আৰু পূর্ণতা প্ৰদান কৰে। লক্ষ্যত উপনীত হৈ কি লাভ কৰিলো সেইটো ডাঙৰ কথা নহয়, আমি কি হ’লো সেইটোহে ডাঙৰ কথা। কিবা এটা হ’ব পৰাটোৱে আমাক এটা আনন্দৰ ভাব দিয়ে। এইটোৱেই আত্ম-নিষ্ঠা। আমি লক্ষ্য স্থিৰ কৰোতে বাস্তৱবাদী হ’ব লাগে। অবাস্তব লক্ষ্যত কেতিয়াও উপনীত হ’ব পৰা নাযায়। তাৰ ফলত দুৰ্বল আত্ম-নিষ্ঠাবোধৰ জন্ম হয়। অন্যহাতে বাস্তববাদী লক্ষ্যই উচ্চ আত্ম-নিষ্ঠাবোধৰ জন্ম দিয়ে।
উচ্চ নৈতিক চৰিত্ৰৱান ব্যক্তিৰ লগত সহযোগিতা কৰক
আপুনি যদি আপোনাৰ মৰ্যাদাক মূল্য দিব খোজে সদায়ে উচ্চ নৈতিক চৰিত্ৰৱান ব্যক্তিৰ লগত সহযোগিতা কৰিব। বেয়া সঙ্গতকৈ অকলে থকা বহু গুণে শ্রেয়। -জর্জ বাশিংটন
বন্ধুত্বৰ পৰীক্ষা
সদায়েই সমনীয়াৰ তাগিদাৰপৰাই নেতিবাচক প্ৰভাৱ আহে। এজনে ক’ব, “তুমি মোৰ বন্ধু নহয় জানো?” মনত ৰাখিব, প্রকৃত বন্ধুৱে নিজৰ বন্ধুৰ অনিষ্ট নিবিচাৰে। মই যদি কোনো এজন বন্ধুরে অধিক মাত্রাত মদ্যপান কৰা দেখো, তেওঁক মই গাড়ী চলাবলৈ বাধা দিম। বন্ধু এজন হেৰোৱাতকৈ মই বন্ধুত্বকে হেৰুৱাবলৈ সাজু। বহু সময়ত নিজকে আনৰ ওচৰত গ্ৰহণযোগ্য হ’বলৈ মানুহে ভুল কাম কৰা দেখা যায়। কিন্তু এই ভুল কামে পাছলৈ ভয়ানক অৱস্থাৰ সৃষ্টি কৰিব পাৰে। সমনীয়াৰ তাগিদা বহু সময়ত বন্ধুত্বৰ পৰীক্ষা হৈ পৰে। আপোনাৰ বিপদ হ’লে আপোনাৰ বন্ধুবোৰ ক’ত থাকিব? তেওঁলোকে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব নে? আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল-তেওঁলোকৰ যদি আজি নৈতিক চৰিত্ৰ নাই, কালি আপোনাক সহায় কৰিবলৈ চৰিত্ৰ থাকিব নে? উচ্চ নৈতিক চৰিত্ৰৱান ব্যক্তিৰ লগত সহযোগিতা কৰিলে আত্ম-নিষ্ঠা সৃষ্টি হয়
সমনীয়াৰ তাগিদা
যেতিয়া জাকটোৰ বাবে থিয় হোৱাতকৈ জাকৰ মাজৰে এজন হৈ থকাৰ ইচ্ছা প্রবল হয়, নিঃসন্দেহে যিটো বস্তুৰ অভাৱ পৰিলক্ষিত হৈছে, সেইটো হ’ল সৎসাহস আৰু চৰিত্ৰ। জাকৰ মাজৰে এজন হৈ থাকিলে বিতর্কিত ব্যক্তি হোৱাৰ ভয় নাথাকে। তদুপৰি সমনীয়া সকলো সুখী হৈ পৰে। তেওঁ ভাবে তেওঁক কোনেও হাঁহিব নোৱাৰে। এইটোৱেই উচ্চ আত্ম-নিষ্ঠা আৰু নিম্ন আত্ম-নিষ্ঠাৰ মাজত সীমাৰেখা। এইটোৱে কর্মীক নিষ্কর্মীৰপৰা পৃথক কৰে। উদাহৰণ-
- স্কুলৰ ল’ৰা ছোৱালীয়ে সমূহৰ লগত মিলিত হয়, কিয়নো তেওঁলোকে হাঁহিয়াতৰ পাত্ৰ হ’ব নোখোজে।
- তেওঁলোকে কোনো উত্তৰ নিদিয়ে জানোচা আনে তেওঁলোকক উপহাস কৰে।
- কলঘৰৰ কৰ্মীয়ে উৎপাদন সীমিত ৰাখি সহকর্মীক সুখী কৰি বাখে।
পৰিমিত কৰা
বহুজনে কয়, “অকণমান জুতি চোৱাটো একো বেয়া কথা নহয়। মই অলপ জুতি চালো, তাৰ পাছত বাদ দি দিলো।” প্রশ্ন হয়-জুতি চাবলৈ হ’লেও এই তলৰ কথাখিনি ভালনে?
- কাৰোবাক প্রবঞ্চনা কৰা
- চুৰ কৰা
- অবৈধ সম্পৰ্ক ৰখা।
- মিছা কথা কোৱা
- মাদক দ্রব্য সেৱন কৰা
কোনো কোনোরে সততে এনেদৰে কয়, “মন গ’লেই মই এৰিব পাৰো।” তেওঁলোকে এই কথা নাভাবে যে ইচ্ছা-শক্তিতকৈ নেতিবাচক প্রভার অধিক শক্তিশালী।
আন্তৰিকভাবে নিয়ন্ত্রিত হওক, বাহ্যিকভাৱে নহয়
এদিন যদি কোনোবাই শুই উঠি মোক এনেদৰে নিষ্ঠাৰে কয়, “আপোনাৰ সমান ডাঙৰ নাই। আপুনি বহুত ভাল কাম কৰিছে। আপোনাক বন্ধু জ্ঞান কৰি মই সম্মানিত বোধ কৰিছো।” মোৰ বাৰু কেনে লাগিব? নিশ্চয় বৰ ভাল লাগিব। কিন্তু পাছ দিনা তেওঁ যদি ফোনত মোক এনেদৰে কয়, “আপুনি এজন চয়তান, প্রবঞ্চক। আপুনি চহৰৰ আটাইতকৈ ডাঙৰ ভণ্ড।” এইবাৰ আপোনাৰ কেনে লাগিব? অতি বেয়া লাগিব নিশ্চয়। যেতিয়া প্রথমদিনা তেওঁ কয়, “আপোনাৰ সমান কোনো নাই।” মোৰ বৰ ভাল লাগে। কিন্তু পাছদিনা যেতিয়া তেওঁ মোক দুষ্ট বোলে মোৰ বৰ বেয়া লাগে। মোৰ জীৱনটো বাৰু কোনে নিয়ন্ত্রণ কৰিছে? আগদিনা একধৰণে কোৱা আৰু পাছদিনা মোৰ বিষয়ে অন্য ধৰণে কোৱা সেই ব্যক্তিজন নহয় নে? মই বাৰু জীৱনটো এনেদৰে অতিবাহিত কৰিম নে? নিশ্চয় নকৰো। বাহ্যিকভাৱে মোক সেইয়া নিয়ন্ত্রণ কৰা হৈছে। মই আন্তৰিকভাৱে নিয়ন্ত্রিত হোৱাটো বিচাৰো। যেতিয়া ব্যক্তিজনে মোক প্রশংসা কৰে মই তেওঁৰ কথাবোৰ শুনি ভাল পাওঁ। কিন্তু তেওঁ মোক সেই শব্দ কেইটা নক’লেও মোৰ নিজৰ হিচাপ মতে মই তেতিয়াও এজন ভাল মানুহ। পাছদিনা তেওঁ যেতিয়া মোক থকা-সৰকা কৰে মই কিন্তু ভাগি নপৰো। কিয়নো মোৰ হিচাপত মই তেতিয়াও এজন ভাল মানুহ। যেতিয়া কোনোরে কয়, “আপুনি মোৰ খং তোলাইছে।” তেতিয়া নিয়ন্ত্রণটো বাহ্যিক, কিন্তু মই যদি কওঁ মোৰ খং উঠিছে তেতিয়া নিয়ন্ত্রণটো আন্তৰিক। আপোনাৰ অনুমতি নোলোৱাকৈ কোনেও আপোনাক হীন কৰিব নোৱাৰে। -ইলিয়েনৰ কজভেল্ট প্রাচীন কালৰ এজন ভাৰতীয় ঋষিৰ বিষয়ে এটা কাহিনী আছে। এই ঋষিজনক এজন বাটৰৱাই বেয়া কথা কৈছিল। ঋষিজনে অলপো বিচলিত নোহোৱাকৈ তেওঁৰ ককৰ্থনা শুনি থাকিল। এটা সময়ত তেওঁৰ শব্দৰ ভাণ্ডাৰ শেষ হ’ল। তেতিয়া ঋষিজনে বাটৰুৱা জনক সুধিলে, “যদি কোনো অর্থ গ্রহণ নহয়, তেতিয়া সেই অৰ্ধৰ কি হয়?” বাটৰুৱাজনে উত্তৰ দিলে, “অর্থ যচা জনলৈ সেই অর্ঘ উভতি যায়।” ঋষিজনে ক’লে, “মই আপোনাৰ অৰ্থ গ্রহণ কৰা নাই।” এই বুলি কৈ ঋষিজন তাৰপৰা আঁতৰি গ’ল। ইজন মানুহ ঋষিৰ কথাত অবাক হ’ল। ঋষিজন আন্তৰিকভাবে নিয়ন্ত্রিত আছিল। যেতিয়ালৈকে আমি আনক দোষাৰোপ কৰি থাকো, আমাৰ দুখ দুর্গতি বাঢ়ি থাকিব আৰু আমি অসহায় অনুভৱ কৰি থাকিম। আমাৰ অনুভূতি আৰু আচৰণৰ
বাবে আমি দায়িত্ব নোলোৱা পর্যন্ত সলনি হ’ব নোৱাৰো। প্রথম পদক্ষেপত আমি এই প্রশ্ন সুধিব পাৰো-
- মোৰ কিয় অশান্তি লাগিছিল?
- মোৰ কিয় খং উঠিছে?
- মোৰ নৈৰাশ্য কিয় আহিছে?
তেতিয়া আমি সেই ভাববোৰ কেনেকৈ নোহোৱা কৰিব পাৰি সেই বিষয়ে প্রাথমিক ধাৰণা কৰিব পাৰো। আনন্দ মূলতঃ ইতিবাচক আত্ম-নিষ্ঠাৰ ফল। আপুনি যদি কাৰোবাক সোধে, তেওঁলোকক কিহে সুখী কৰিছে, আপুনি বহু ধৰণৰ উত্তৰেই পাব। কোনো কোনোৱে উত্তৰত বস্তু বাহানিৰ কথা ক’ব। কিন্তু বস্তুবে মানুহক আনন্দ নিদিয়ে। মানুহে জীৱনত সকলো বস্তু পায়ো সুখী নহ’ব পাৰে। অন্যহাতে একো নথকাকৈও মানুহ সুখী হ’ব পাৰে। আনন্দ সত্বাৰ বস্তু। আনন্দ এটা পখিলাৰ দৰে। যিমানেই আনন্দৰ পিছে পিছে দৌৰিব, সিমানেই ই আপোনাৰপৰা আঁতৰি যাব। আপুনি যদি স্থিৰ হৈ থাকে, ই আহি আপোনাৰ বাহুত বহেহি।
আনন্দৰ বাবে মনটো নিয়ন্ত্ৰণ কৰক
তিক্ততা হ’ল হতাশাৰ ফল। তিক্ততাই আমাৰ শুভ কাম কৰিব পৰা কৰ্মক্ষমতা বিনষ্ট কৰে। নিজৰ মান নিজে নিৰূপণ কৰক। নিজৰ প্ৰতি সৎ হওক। নিজৰ লগতে প্রতিযোগিতাত অবতীর্ণ হওক। এনে বিলাক কাম কৰক।
- প্রতিজন ব্যক্তি আৰু প্ৰতিটো পৰিস্থিতিৰ মাজত থকা ইতিবাচক খিনি বিচাৰক।
- সুখী হ’বলৈ সঙ্কল্প গ্রহণ কৰক।
- নিজৰ মান নিজে নিৰূপণ কৰক।
- নেতিবাচক সমালোচনাৰ উৰ্দ্ধত থাকক।
- সৰু সৰু বস্তুৰ মাজত আনন্দ বিচাৰিবলৈ শিকক।
- মনত ৰাখক সময় সমানে নাযায়। উত্থান-পতন জীৱনৰ অংশ।
- প্রতিটো পৰিস্থিতিৰে সদব্যৱহাৰ কৰক।
- নিজকে গঠনমূলক কার্যত লিপ্ত ৰাখক।
- আপোনাতকৈ কম সৌভাগ্যৱানক সহায় কৰক।
- সমস্যা সমাধান কৰিবলৈ শিকক। চিন্তা কৰি নাথাকিব।
- নিজকে আৰু আনকো ক্ষমা কৰক। কাকো দোষ ধৰি নাথাকিব বা ঈর্ষা নকৰিব।
নিজকে সদায়েই ইতিবাচক পৰামৰ্শ দিয়ক
নিজৰ চিন্তা ভাবনাবোৰ ইতিবাচক কৰাৰ অভ্যাস কৰক। নিজকে সজ পৰামৰ্শ দিয়া অভ্যাসটোরে আমাৰ অবচেতন মনটো প্রভাবিত কৰি আমাৰ বিশ্বাস প্রক্রিয়াত পৰিবৰ্তন আনে। আমাৰ আচৰণে আমাৰ বিশ্বাস প্ৰক্ৰিয়াক প্রতিফলিত কৰে। সেয়েহে আত্ম-পৰামৰ্শই আমাৰ বিশ্বাস প্রক্রিয়াক প্রভাবিত কৰি আমাৰ আচৰণৰ ক্ষেত্ৰত পৰিৱৰ্ত্তন আনিব পাৰে। ইয়াৰ ফলত আমি এনেবোৰ কথা আগতিয়াকৈ ক’ব পাৰো-
- মই এইটো চম্ভালিব পাৰিম।
- মই এইটো কৰিব পাৰিম।
- মই গণিতত ভাল।
- মোৰ স্মৃতিশক্তি ভাল।
আমাৰ চৰম সবলতাই আমাৰ চৰম দুৰ্বলতা হ’ব পাৰে
যিকোনো শক্তিৰে অধিক প্রয়োগ দুর্বলতা হ’ব পাৰে। উদাহৰণ স্বৰূপে বেচা-কিনা বৃত্তিত কথন দক্ষতা এটা শক্তি। অধিক কথন-দক্ষ ব্যৱসায়ী এগৰাকীয়ে বিক্ৰী কাৰ্য্যত যেনেদৰে সফল হ’ব পাৰে, তেনেদৰে অধিক কথা কোৱাৰ হেতুকে গ্রাহক হেৰুৱা ঘটনাটোও দেখা যায়। তেওঁলোকৰ কথন দক্ষতাই যেনেদৰে ব্যৱসায়ত সাফল্য আনে, তেনেদৰে সেই দক্ষতা অধিক প্ৰসাৰণ হ’লে কিন্তু বিফলতাহে আহিব পাৰে। শ্রবণ এক প্ৰকাৰৰ শক্তি। ইয়াৰ অধিক প্ৰসাৰণে অৱশ্যে এনে এটা কথাহে সূচায় যে ব্যক্তি গৰাকীয়ে যিমান শ্রবণ কৰে সিমান কখনত কিন্তু তেওঁ নাই। অকল শুনি থাকিলেই নহয়, ক’বও লাগে। এনে ক্ষেত্রত শ্ররণ দুর্বলতা স্বৰূপ হৈ পৰে।
আমাৰ চৰম দুর্বলতাই আমাৰ চৰম সবলতা হ’ব পাৰে
ক্রোধ এটা দুর্বলতা। এই দুর্বলতা কেনেদৰে সবলতালৈ ৰূপান্তৰ কৰিব পাৰি। এগৰাকী ভদ্র মহিলাই এই কথাটো হৈ MADD দেখুৱালে। MADD শব্দটো Mothers against drunk driving কথাষাৰৰপৰা সৃষ্টি হৈছে। এই মহিলা গৰাকীয়ে এজন মাতাল গাড়ীচালকৰ বাবে নিজৰ সন্তানটো হেৰুৱাব লগা হ’ল। মহিলা গৰাকী এই ঘটনাটোত ইমানেই ক্রোধান্বিত হ’ল যে তেখেতে এনে সামাজিক আচৰণ সহ্য নকৰিবলৈ দৃঢ় প্রতিজ্ঞ হ’ল। তেখেতে সমগ্র যুক্তৰাষ্ট্ৰতে মাতাল গাড়ী চালকৰ বিৰুদ্ধে এক জাগৰণ আনিছে। আজি তেখেত আৰু তেখেতৰ হাজাৰ হাজাৰ সদস্যভুক্ত সংগঠনটো এক গুৰুত্বপূৰ্ণ শক্তি। এই সংগঠনটোৱে আনকি চৰকাৰী নীতি নিয়মত সংশোধন অনাৰ ক্ষেত্ৰত প্রবল হেঁচা দিবলৈ সক্ষম হৈছে। এইয়া ক্রোধৰ দৰে এক নেতিবাচক আবেগ ইতিবাচক শক্তিলৈ ৰূপান্তৰ কৰাৰ এক স্পষ্ট উদাহৰণ।
ধৈর্য ধৰক
ধৈর্যই সৃষ্টি কৰে আত্মবিশ্বাস, সিদ্ধান্ত গ্রহণৰ ক্ষমতা আৰু এটা যুক্তিসংগত দৃষ্টিভংগী, যি শেষত সফলতা আনে। -ব্রায়ান আডাম্বহু সময়ত আমি এনে একোটা কথা শুনিবলৈ পাওঁ যে নেতিবাচক বা ইতিবাচক পৰিস্থিতি এটাৰ সান্নিধ্যই দৰাচলতে ব্যক্তিক কোনো ধৰণেৰে প্ৰভাৱান্বিত কৰিব নোৱাৰে। এই কথা কিন্তু সঁচা নহয়। প্রভেদটো হয়তো লগে লগে চকুত নপৰিব পাৰে। কিন্তু কিবা এটা আচলতে ঘটিছে। চীন দেশত এবিধ বাঁহ গছ ৰোৱা হয়। এই বাঁহ গছজোপা প্রথম চাৰি বছৰ ধৰি পানী দিয়া হয়, সাৰ দিয়া হয়, কিন্তু বাঁহজোপাৰ চকুত পৰা কোনো পৰিৱৰ্ত্তন দেখা নাযায়। বাঁহজোপা ডাঙৰ হোৱাৰ কোনো লক্ষণেই দেখা নাযায়। কিন্তু পাঁচ বছৰত এটা আচৰিত ধৰণৰ পৰিৱৰ্ত্তন চকুত পৰে। বাঁহজোপা ৬ সপ্তাহতে প্রায় ৯০ ফুট বাঢ়ি যায়। প্রশ্নটো হ’ল: বাঁহজোপা আচলতে ৬ সপ্তাহতে ইমান বাঢ়ি গ’ল নে চকুত নাই পৰা যদিও আচলতে বাঁহজোপাক এনেদৰে হঠাৎ ডাঙৰ হ’বলৈ পাঁচ বছৰ লাগিল? যদিও চকুত পৰাকৈ একো বিকাশ দেখা নগৈছিল তলে তলে বাঁহজোপাই শিপাই আছিল। চকুত পৰাকৈ কোনো বিকাশ নেদেখি কোনোরে যদি বাঁহজোপাক পানী দিবলৈ বা সাব দিবলৈ বন্ধ কৰে, তেতিয়া এই ঘটনাটো সংঘটিত হ’ব নে? নিশ্চয় নহয়। বাঁহজোপা হয়তো মৰি থাকিলহেঁতেন। আমি প্রকৃতিৰপৰা এই শিক্ষা ল’ব লাগে, শিক্ষাটো অতি স্পষ্ট। ধৈর্য ধৰক, বিশ্বাস ৰাখক আৰু উচিত কার্যটো কৰি থাকক। যদিও ফলাফলটো সদায়েই চকুত পৰা নহয়, আচলতে কিবা এটা হৈ আছে। সতর্কতা: ধৈর্য আৰু এলাহৰ মাজত আমি পার্থক্য ধৰিব পাৰিবই লাগিব। কেতিয়াবা কিছুমান মানুহ খুব এলেহুৱা হয় কিন্তু তেওঁলোকে ভাবিব পাৰে যে তেওঁলোকে আচলতে ধৈর্য ধৰি আছে। ভালকৈ আৰম্ভ কৰিলে ভালকৈ শেষো হয়।-ইংৰাজী প্রবাদ হিচাপ লওক: আপোনাৰ সবলতা আৰু দুৰ্বলতাৰ এখন তালিকা প্রস্তুত কৰক সফল ব্যক্তিয়ে তেওঁলোকৰ দুৰ্বলতাৰ প্ৰতি সচেতন কিন্তু তেওঁলোকে নিজৰ সবলতাৰেই ভেটি গঢ়ি লয়। আমি যদি আমাৰ সবলতাখিনিৰ প্ৰতি সচেতন নহওঁ, তেন্তে কেনেকৈনো সেই সবলতা ভেটি স্বৰূপে ল’ব পাৰিম? আপুনি আচলতে কি কৰিব খুজিছে আৰু কি হ’ব খুজিছে সেই দিশটোৰ প্ৰতি সূক্ষ্মভাৱে মনোনিবেশ কৰক। আপুনি যিটো হ’ব খোজা নাই সেই কথাটো ইয়ালৈ নানিব।
“হে পৃথিবী! মোৰ পুত্ৰই আজিৰপৰা স্কুললৈ যাব”
হে পৃথিৱী। মোৰ পুত্ৰক হাতত ধৰি আগুৱাই নিয়া-সি আজিৰপৰা স্কুললৈ যাব! তাৰ বাবে কিছু ক্ষণৰ বাবে সকলোবোৰ কথাই আচহুৱা হৈ পৰিব। মই আশা কৰো তুমি যেন মৰমেৰে তাক ব্যৱহাৰ কৰা। তুমি মন কৰিছা, আজিলৈকে সি ঘৰখনৰ ৰজা হৈ আছিল। সি পাছ চোতালৰ বৰ মতা! তাৰ যিকোনো সমস্যা সমাধানৰ বাবে মই সদায়েই আছিলো। তাৰ মনত সান্ত্বনাৰ বাবেও মই আছিলো। কিন্তু আজিৰপৰা কথাবোৰ বেলেগ হ’ব। আজি ৰাতিপুৱা সি চিৰিয়েদি নামি যাব, আমালৈ হাত জোকাৰি এটা নতুন দুঃসাহসিক যাত্ৰাৰ পথত অগ্ৰসৰ হ’ব। এই যাত্রাপথত অনেক কিবা কিবি পাব। হয়তো যুদ্ধও পাব, দুখ-দুর্গতিও হয়তো পাব।
এই পৃথিৱীত বাস কৰিবলৈ আস্থা লাগে, ভালপোৱা লাগে আৰু সাহস লাগে। সেয়েহে হে পৃথিৱী। মই আশাকৰো তুমি যেন তাৰ ফুল কোমল হাতখন ধৰি লোৱা আৰু সি জানিব লগা কথাবোৰ তুমি শিকাই দিয়া। শিকোৱা-কিন্তু যিমান পাৰা মৰমেৰে শিকোৱা।
মই জানো সি এই কথাও শিকিব লাগিব যে সকলো মানুহেই সৎ নহয়, সকলো পুৰুষ-মহিলা সত্যৱান নহয়। তুমি এই কথাটো শিকোৱা যে প্রতিটো খল নায়কৰ বিপৰীতে এজন নায়ক আছে, প্রতিজন শত্ৰুৰ বিপৰীতে এজন বন্ধু আছে। তেওঁ অতি সোনকালে এই কথাটো শিকক যে দন্দুৰা মানুহকেই বশ কৰা আটাইতকৈ সহজ।
তাক তুমি কিতাপৰ বিস্ময়ৰ কথা শিকোৱা। তাক তুমি কিছু নীৰৱ সময় দিয়া যাতে সি আকাশত উৰি ফুৰা চৰাই জাকৰ, ৰ’দত উৰি ফুৰা মৌ-মাখিটোৰ বা সেউজীয়া পাহাৰত ফুলি থকা ফুলখিনিৰ চিৰন্তন ৰহস্যক উপলব্ধি কৰিব পাৰে। তাক এই কথা শিকোৱা যে প্রবঞ্চনা কৰাতকৈ বিফল হোৱা অধিক গৌৰৱময়। তাক এই কথা শিকোৱা যেন তাৰ নিজৰ চিন্তা ভাবনাৰ ওপৰত আস্থাভাব ৰাখে। আনে তাৰ ভাবনাবোৰ ভুল বুলি ক’লেও সি যেন নিজৰ বিশ্বাস নেহেৰুৱায়।
মোৰ পুত্রক এনে এক শক্তি দিয়া সি যেন জাকৰুৱাক অনুকৰণ নকৰে। তেওঁক আনৰ কথা শুনিবলৈ শিকোরা, কিন্তু লগতে এই কথাটোও শিকোৱা যে শুনা কথাবোৰ সত্যৰ চেকনীৰে চেকি কেরল ভালখিনিহে যেন লয়। তুমি যেন এই কথাও শিকোৱা সি যেন নিজৰ সত্বাৰ এটা দাম ধার্য নকৰে।
তাক শিকোৱা সি যেন জাকৰৱাৰ কোলাহলক কর্ণপাত নকৰে। তাক নিজে শুদ্ধ বুলি ভবা কথাটোৰ বাবে প্রয়োজন হ’লে তাক যুঁজিবলৈও শিকোৱা। তাক মৰমেৰে শিকোৱা হে পৃথিৱী। কিন্তু তাক আলসুৱা নকৰিবা কিয়নো জুইয়ে পুৰিলেহে সোণ উজলি উঠে।
তোমাৰপৰা মই বহুত বিচাৰিছো পৃথিবী। চোৱা তুমি কিমানখিনি কৰিব পাৰা। ই যে কি মৰমৰ পুত্র।
-স্বাঃ আব্রাহাম লিঙ্কন