জয়ন্তা ৰাজ্য খাচী আৰু জয়ন্তীয়া পৰ্বত

hazarikanikita465@gmail.com
13 Min Read

খাচী (১) আৰু জয়ন্তীয়া পৰ্বত শাৰীয়েই আদি জয়ন্তা ৰাজ্য। পাচত জয়ন্তীয়া পৰগণা নামেৰে ভৈয়ামৰ এক অংশ তাত লগ লগোৱ হয়। সেই অংশ এতিয়া ছিলট জিলাৰ ভিতৰত। কছাৰী ৰজাৰ দৰেই জয়ন্তীয়া বজাৰো লিখিত বুৰঞ্জী নাছিল। আনকি, জয়ন্তীয়া বজা সম্বন্ধীয় কিম্বদন্তীও ভৈয়ামৰ জয়ন্তীয়া প্ৰজাৰ মুখেহে শুনিবলৈ পোৱা যায়। কিন্তু সিবিলাকৰ লিখা ভাষা আছিল, আৰু আজিকালি খাচীয়া ভাষাই বিশ্ববিদ্যালয়ত ঠাই পাইছে। তথাপি, বুৰঞ্জী ৰাখিবলৈ যত্ন নোহোৱাৰপৰা বুজা যায় যে তেতিয়া সেই ৰাজ্যত সভ্যতাৰ পোহৰ ভালকৈ পৰা নাছিল। এতিয়াও, আহোম-বুৰঞ্জীৰ সংলগ্নতহে জয়ন্তীয়া ৰজাৰ বুৰঞ্জীমূলক তথ্য কিঞ্চিৎমান পাবলৈ আছে।আনবিলাক পৰ্বতীয়া জাতিৰ দৰে, জয়ন্তীয়া জাতিৰ মাজতো অসংখ্য খেল আৰু খেলেপতি একোজন গাম্ বা গাওঁবুঢ়া কিম্বা গণ-ৰজা আছিল। সেই গণ বিষয়াবিলাকৰ ভিতৰত সততে বিবাদ চলিছিল, আৰু ‘যাবে বল, তাৰে স্থল’ প্ৰথাৰে সিবিলাকৰ শাসনকাৰ্য্য নিৰ্বাহ হৈছিল। খাচীয়া আৰু জয়ন্তীয়া দুয়োৰে একে ভাষা, একে আচাৰ-ব্যৱহাৰ আৰু একে ৰীতি-নীতি। সিবিলাকৰ ভিতৰত উত্তৰাধিকাৰীৰ স্বত্ব পুত্ৰৰ নাই, কন্যাৰহে পিতৃ-সম্পত্তিৰ ওপৰত অধিকাৰ।

জয়ন্তীদেবী বা বাণীসিংহ

অতিপূৰ্বত কেদাৰেশ্বৰ ৰাই, ধনেশ্বৰ ৰাই, কন্দর্প ৰাই, মাণিক বাই, জয়ন্ত ৰাইকে শেহ ধৰি জয়ন্তাত অনেক ব্রাহ্মণ বজা হৈ যায়। শেহৰ জন্য জয়ন্তীয়া ৰজা জয়ন্ত অপুত্রক আছিল। বহু সাধনাৰ ফলত, জয়ন্তৰ সৰ্বসুলক্ষণী এটি কন্যা লাভ হোৱাত, কন্যাৰ নাম জয়ন্তী বখা হয়। পিচে, জয়ন্তী যুৱতী হোৱাত, তেওঁলৈ চণ্ডবৰ পুৰোহিতৰ পুতেক লাণ্টাবৰক চপাই লোৱা হয়। কালত, বাণীসিংহ নামেৰে জয়ন্তীদেরী জয়ন্তাৰ অধিশ্বৰী হয়।মুঠতে, এই কেইজন জয়ন্তীয়া ৰজাব কিম্বদন্তীমূলক নাম-চিন্ পোৱা যায়:-বৰগোহাঁইৰাই, বৰপৰ্বতৰাই, বিজয়মাণিক, ৰামধৰমাণিক, ধনমাণিক, যশমাণিক, সোন্দৰৰাই, সৰুপৰ্বতৰাই, যশমতবাই, মানচিং, প্রতাপচিং, লক্ষ্মীচিং, বামচিং (২)। সিবিলাকে ১৫০০ খ্রীষ্টাব্দৰপৰা ১৭০৭ খ্রীষ্টাব্দলৈকে বাজত্ব কবে। সিবিলাকৰ মাজৰ ধনমাণিকৰ নাম আহোম বুৰঞ্জীত সংলগ্ন আছে। আৰু কছাৰী বজা শত্রুদমনৰ ৰাজত্বৰ বর্ণনাত তেওঁৰ বিষয়ে উল্লেখ কৰি অহা হৈছে।

যশমাণিক

:ধনমাণিকৰ পুত্ৰ যশমাণিকৰ কথাও কছাৰী বজাৰ ৰাজত্বত উনুকিয়া গৈছে। যশমাণিক এজন বুদ্ধিমান বজা আছিল। আহোম আৰু কছাৰী ৰজাৰ মাজত কন্দল লগাই দি, তেওঁ মাজতে ক্ষমতা লাভ কৰিছিল। যশমাণিকে কোঁচবিহাৰৰ লক্ষ্মীনাৰায়ণ ৰজাৰ জীয়েকক বিয়া কৰায়। তেওঁ জয়ন্তেশ্বৰী মূৰ্ত্তি এখন আনি জয়ন্তীপুৰত স্থাপন কৰে। যশমাণিকে ১৬১২ খ্রীষ্টাব্দৰপৰা ১৬২৫ খ্ৰীষ্টাব্দলৈকে ১৩ বছৰ ৰাজত্ব কৰে। তেওঁৰ পাচত, সুন্দৰ ৰায় আৰু ছোট প্রতাপ বায় নামেৰে দুজন ৰজাই ১৬৪৭ খ্রীষ্টাব্দলৈকে ৰাজত্ব কৰাৰ প্ৰমাণ পোৱা যায়। ছোট প্রতাপ বায়ে ১৬৪৭ খ্রীষ্টাব্দত বুদ্ধিস্বৰ্গনাৰায়ণ বা প্রতাপসিংহ স্বৰ্গদেৱৰ ওচৰলৈ মিত্রতা স্থাপনৰ অর্থে সন্দেশ-পত্র দি কটকী পঠিয়াইছিল। ওপৰত নাম লোৱা কেইজনৰ পাচত, যশমন্তৰায়, বাণচিং, প্রতাপচিং আৰু লক্ষ্মীনাৰায়ণ এই কেইজন জয়ন্তীয়া ৰজাই ১৬৪৭ খ্রীষ্টাব্দৰপৰা ১৬৯৪ খ্রীষ্টাব্দলৈকে ৰাজত্ব কৰে। আহোম স্বৰ্গদের চক্রধ্বজসিংহৰ ৰাজ্যাভিষেক উৎসৱত যোগ দিবলৈ বাণচিং ৰজা আহোম ৰাজধানীলৈ ১৬৬৩ খ্রীষ্টাব্দত আহিছিল। লক্ষ্মীনাৰায়ণ ৰজাই জয়ন্তা ৰাজ্যত এখন সুন্দৰ নগৰ পাতিছিল, তাৰ চিন্ আজিলৈকে তেওঁৰ নামে সৈতে ৰৈছে।

বামচিং

লক্ষ্মীনাৰায়ণৰ পাচত, ৰামচিং জয়ন্তা ৰাজ্যৰ ৰজা হয়। তেওঁ ১৬৯৫ খ্ৰীষ্টাব্দৰপৰা ১৭০৮ খ্রীষ্টাব্দলৈকে এজন বিখ্যাত বজা আছিল। কছাৰী ৰজা তাম্ৰধ্বজৰ ৰাজত্বৰ বৰ্ণনাত তেওঁৰ বিষয়ে উনুকিৱা হৈছে। ৰামচিং বজাৰ দিনত কছাৰী ৰজা তাম্ৰধ্বজে ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ লগত কন্দল লগাই পলাই জয়ন্তীয়া ৰজাৰ আশ্ৰয়ত আছিলগৈ, সেই আপাহতে কছাৰী আৰু জয়ন্তীয়া ৰজা দুইকো ধৰাই অনাৰ অভিপ্রায়ে মহাৰজা ৰুদ্ৰসিংহ স্বৰ্গদেৱে বৰবৰুৱা আৰু পানীফুকনক দুফালৰপৰা সসৈন্যে পঠিয়াই জয়ন্তা ৰাজ্য আক্ৰমণ কৰায়, ফলত, দুয়ো ৰজাক ধৰি আনি বিশ্বনাথ দৰবাৰত উপস্থিত কৰাই ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ শৰণাগত কৰোৱা হয়। সেই আলমতে কছাৰী ৰাজ্য আৰু জয়ন্তা ৰাজ্য আহোম স্বৰ্গদেৱৰ খাচ দখলত পৰে। ৰামচিঙ্গৰ পাচত জয়নাৰায়ণ, বৰগোসাঁই, ছত্রচিং, বিজয়নাৰায়ণ আৰু দ্বিতীয় ৰামচিং এই কেইজন জয়ন্তীয়া ৰজাই ১৭০৮ খ্ৰীষ্টাব্দৰপৰা ১৮০২ খ্রীষ্টাব্দলৈকে, আহোম স্বৰ্গদেৱৰ শৰণীয়া ৰজা ৰূপে ৰাজত্ব কৰে। ইবিলাকৰ ভিতৰৰ বৰগোসাঁই ৰজাই, ৪০ বছৰ ৰাজত্ব কৰাৰ পাচত, ৰাজ্যভাৰ স্ব-ইচ্ছাৰে পৰিত্যাগ কৰি, সন্ন্যাসীৰ জীৱন যাপন কৰে। তেওঁৰ দিনত দান কৰা দেৱোত্তৰ ভূমি এতিয়াও জয়ন্তীপুৰ দেৱলীয়া বা দেৱালয়-ৰখীয়া লোকসকলে ভোগ কৰিব লাগিছে।

শ্রীহট্টৰ ৰজা

শ্রীহট্ট এখন পুৰণি বাজা। এই ৰাজ্যৰ আদি নাম গোৰ বা গৌৰ। এই বাজাৰ নাম মহাভাৰততো উল্লিখিত আছে। কিন্তু, শ্রীহট্টৰ কোনো লিখিত ভাল বুৰঞ্জী পাবলৈ নাই। শ্রীহট্ট সম্বন্ধে আজিলৈকে বুৰঞ্জীমূলক তথ্য যি কিঞ্চিৎমান আহৰণ কৰিব পৰা গৈছে, সি কেরল জনশ্রুতিহে। অতি পুৰণি কালত শ্রীহট্ট কামৰূপৰ অধীনত আছিল। ইয়াৰ উত্তৰ আৰু দক্ষিণ প্ৰান্তৰ মানুহে বদোভাষা কোৱালৈ চাই, শ্রীহট্টৰ আদি বজাবিলাক কছাৰী ৰজাৰ সম্বন্ধীয়া আছিল বুলিব পাৰি। বিখ্যাত বল্লালসেনৰ দিনৰপৰা শ্ৰীহট্টৰ উত্তৰ অঞ্চল বঙ্গদেশৰ সেনবংশী ৰজাবিলাকৰ অধীনত থকাৰ প্ৰমাণ পোৱা যায়। সেই সময়ত ইয়াৰ দক্ষিণ ভাগ ত্ৰিপুৰাৰ ৰজাৰ দখলত আছিল। শ্রীহট্টৰ পুৰণি স্বাধীন ৰজাৰ আখ্যান পাবলৈ নাই। তথাপি, খ্রীষ্টীয় দ্বাদশ আৰু ত্রয়োদশ শতিকাত খৰৱান, গকুল, নাৰায়ণ, গোবিন্দদের বা কেশরাদের, ঈশানদের প্রভৃতি কেইজনমান ৰজাৰ নাম পোৱা যায়। এই তালিকাৰ শেহৰ দুজনৰ নামেৰে দান কৰা তামৰ ফলিও পোৱা গৈছে, তাত ১২৪৫ খ্রীষ্টাব্দৰ কথা উল্লেখ আছে। খ্রীঃ চতুৰ্দ্দশ শতিকাৰপৰা শ্রীহট্ট মুছলমান ৰজাৰ অধীনলৈ যায়। মোগল সম্রাট সকলে, ঢাকাৰ নবাবৰ অধীনত থৈ, শ্রীহট্ট ৰাজ্য শাসন কৰিছিল। শ্রীহট্টৰ অন্তৰ্গত লাউৰ ৰাজ্য আকবৰ সম্ৰাটৰ দিনত মোগল ৰাজ্যৰ ভিতৰত পৰে। আওৰেংজের পাৎছাই শ্রীহট্টৰ ৰজা গোবিন্দদেরক দিল্লীলৈ মতাই নিয়াইছিল, তাতে তেওঁ মুছলমান ধৰ্ম্ম গ্ৰহণ কৰে। মোগল সম্ৰাটৰ দিনত শ্রীহট্টৰ শাসনকৰ্ত্তাবিলাকৰ খিতাপ ‘আমিল’ আছিল। আমিলবিলাক ঢাকাৰ নবাবৰ অধীনে চলিছিল। সিবিলাকৰ ভিতৰত ফাজাদ খাঁ নামেৰে এজন আমিল প্রখ্যাত আছিল। তেওঁ ১৬৭৩ খ্রীষ্টাব্দত এখন সাঁকো নিৰ্ম্মাণ কৰাইছিল, শ্রীহট্টত সি আজিও তেওঁৰ নাম ৰাখিছে। ১৬৭৫ খ্ৰীষ্টাব্দৰপৰা শ্রীহট্ট বৃটিচ গবর্ণমেণ্টৰ খাচ দখলত পৰে। তেতিয়ালৈকে শ্রীহট্টত ৰূপৰ টকা আৰু তামৰ পইচাৰ প্ৰচলন নাছিল। বৃটিচ আমোলৰ আৰম্ভণত শ্রীহট্টৰ ২৫০০০০ টকা ৰাজহ উঠিছিল, আৰু সেই গোটেইখিনি ৰাজহ কড়িৰে সৈতে শোধোৱা হৈছিল। মণিপুৰ এখন অতি পুৰণি ৰাজ্য। ইয়াৰ নাম মহাভাৰততো পোৱা যায়। মহাভাৰতৰ মতে, মণিপুৰীয়া ৰজা তৃতীয় পাণ্ডৱ অর্জুনৰ পুত্ৰ বক্ৰবাহনৰ বংশধৰ বুলি জনা যায় (১)। সেই যুক্তিৰেই, মণিপুৰীয়াবিলাকে ক্ষত্রিয় বুলি চিনাকি দিয়ে। মণিপুৰী মানুহবিলাকৰ সামাজিক নিয়ম-কাৰণ আৰু আচাৰ-ব্যৱহাৰলৈ চাই, সিবিলাকক শুদ্ধ বৈষ্ণৱ হিন্দু বুলি ধৰা যায়। সি যি হওক, লেফটেনেন্ট পেমবৰ্টনৰ মতে, মণিপুৰীয়া আতিগুৰি তাতাৰত হে ওলাইছে গৈ, আৰু সিবিলাকৰ প্ৰথম প্ৰখ্যাত ৰজাজনক নগাবংশী মানুহ বুলিহে চাৰ এডোৱাৰ্ড গেইটে ঠাৱৰাইছে। পুৰণি মণিপুৰৰ অসমীয়া নাম ‘মগলাও’। মণিপুৰ পুৰণি ৰাজ্য বুলিও, ইয়াৰ আগছোৱাৰ সত্য তথ্য আৰু বহল বিৱৰণ পাবলৈ নাই। ব্রহ্মাদেশৰ অন্তৰ্গত আভা নগৰত হে ইবিলাকৰ বুৰঞ্জী ৰখা হৈছিল। সেইমতে খ্ৰীষ্টাব্দ আৰম্ভণৰ ৩০শ বছৰৰপৰা মণিপুৰীয়া ৰজাৰ নাম পোৱা যায়। তেতিয়াৰপৰা খ্ৰীঃ ১৭১৪ চনলৈকে ৪৭ জন ৰজা হোৱাৰ লেখ পোৱা যায় (২)।

গৰীবনেৱাজ

পাম্‌হাইবা নামেৰে এজন নগা-নেতাই ১৭১৪ খ্ৰীষ্টাব্দত মণিপুৰ দখল কৰে। তেওঁ মণিপুৰত ৰজা হৈয়ে হিন্দুধৰ্ম্ম গ্রহণ কৰি, গৰীবনেৱাজ নাম লয়। তেওঁ এজন বৰ প্ৰতাপী ৰজা আছিল। গৰীবনেৱাজে কেইবাবাৰো ব্ৰহ্মদেশ আক্রমণ কৰি তাৰ দাঁতিয়লীয়া ৰাজ্যৰ ভালেখিনি নিজৰ ৰাজাৰ ভিতৰ কৰি লৈছিল। আন কি, তেওঁ আভা নগৰ দখল কৰিবলৈকো হাত মেলিছিল, এনেতে নিজৰ পুতেক আগতচাহ বা কাকীলাল ঠাবাৰ চক্রান্তত তেওঁ দেশান্তৰিত হয়। সদৌশেহত, সেই পুতেকৰ হাততে তেওঁৰ অপমৃত্যু ঘটে। আগাহ বা কাকীলাল ঠাবাঃ পিতৃক বধ কবি, সিংহাসন কাঢ়ি লৈ, কাকীলালে ১৭৫০ খ্ৰীষ্টাব্দৰপৰা মণিপুৰৰ ৰাজপাটত বহে। কিন্তু, বছৰচাৰেকলৈ মাথোন তেওঁ নাম-মাত্র ৰজা আছিল। তাব পাচত, ১৭৫৫ খ্রীষ্টাব্দত ব্রহ্মাৰ বজাই মণিপুৰ আক্ৰমণ কবি, আগেয়ে গৰীবনেৱাজে দখল কৰা ৰাজ্য আকৌ কাঢ়ি ল’লে, কাকীলাল দেশ এবি পলাব লগাত পৰিল।

জয়চিং

১৭৬৫ খ্রীষ্টাব্দত জয়চিং মণিপুৰৰ ৰজা হয়। তেওঁ ৰজা হৈয়ে বৃটিচ গৱৰ্ণমেণ্টৰ লগত সন্ধি স্থাপন কবে। সেই মতে, ব্রহ্মা বজাই কাঢ়ি লোৱা ৰাজা উদ্ধাৰ কৰি দিবলৈ বৃটিচ গবর্ণমেন্টে মাস্তি হৈছিল, কিন্তু, জয়চিঙে বৃটিচ সেনাক খৰছ যোগাবলৈকো অপাৰগ হোৱাত, সেই প্রস্তাৱ এৰা পৰিল। তাৰ পাচত, ১৭৬৫ খ্রীষ্টাব্দত ব্ৰহ্মা ৰজাৰ সেনাই আকৌ মণিপুৰ আক্ৰমণ কৰেহি। সেই আক্রমণতে জয়চিং ঠাৱৰিব নোৱাৰি কাছাৰলৈ পলাইছিল, কিন্তু, ব্ৰহ্মা ৰজাৰ সেনা উলটি যোৱা মাত্রকে তেওঁ মণিপুৰলৈ উভতি আহি সিবিলাকে পাতি থৈ যোৱা ৰজাক ভাঙি আকৌ নিজে ৰজা হ’ল। এই বার্তা পাই ব্রহ্মাৰ ৰজাই আকৌ ১৭৬৮ খ্রীষ্টাব্দত মণিপুৰ আক্ৰমণ কৰায়। এইবাৰ জয়চিং পলাই কাছাৰ ৰাজ্যত সোমালগৈ। তাৰ পাচত, আহোম মহাৰজা ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ সাহায্যত মণিপুৰৰ ৰাজসিংহাসন তেওঁ পুনঃ লাভ কৰে (১)। কিন্তু, তাৰ পাচতো তেওঁ কেইবাবাৰো খেদা খাব লগাত পৰিছিল। সদৌশেহত, তেওঁ ব্রহ্মা ৰজাৰে সৈতে মিত্ৰতা কৰিবলৈ বাধ্য হয়। ১৭৯২ খ্রীষ্টাব্দত জয়চিঙে ৫০০ ঘোঁৰা-ৰণুৱা আৰু ৪০০০ মাটি-ৰণুৱাৰে সৈতে গৌৰীনাথসিংহ স্বৰ্গদেৱক মোৱামৰীয়াৰ তৃতীয় বিদ্ৰোহৰ সময়ত সহায় কৰিছিল। এইদৰে ৩৪ বছৰ ৰাজত্ব কৰাৰ পাচত, ১৭৯৯ খ্রীষ্টাব্দত তীর্থলৈ যাওঁতে বাটতে জয়চিং ৰজাৰ অকাল মৃত্যু হয়।

হর্ষচন্দ্ৰ আৰু মধুচন্দ্ৰ

জয়চিঙৰ পাচত, তেওঁৰ বৰপুত্ৰ হর্ষচন্দ্ৰ ১৭৯৯ খ্রীষ্টাব্দত বজা হয়। দুবছৰমান বাজত্ব কৰোঁতেই তেওঁক চক্রান্তৰ ওপৰত বধ কবি, ভায়েক মধুচন্দ্র ১৮০০ খ্ৰীষ্টাব্দত ৰজা হয়। কিন্তু, তেওঁৰো সেই একে দশাই মিলিল, দুবছৰমানৰ পাচতে ভায়েক চৌৰজিতচিঙৰ হাতত তেওঁৰ অকাল মৃত্যু হয়।

চৌৰজিতচিং

ককায়েক মধুচন্দ্ৰক বধ কৰি, ১৮০৩ খ্রীষ্টাব্দত চৌৰজিতচিং মণিপুৰৰ বজা হয়। কিন্তু, তেওঁ কেইবছৰমান ৰাজত্ব কৰোঁতেই ভায়েক মার্জিতচিঙ্গই আভা ৰাজ্যৰ বজাৰ সহায় লৈ, ১৮১২ খ্রীষ্টাব্দত ককায়েকক ভাঙি নিজে ৰজা হ’লহি। চৌৰজিতচিঙে জয়ন্তা ৰজাৰ সদনত আশ্রয় ল’লেগৈ।

মার্জিতচিং

১৮১৮ খ্রীষ্টাব্দত মার্জিতচিঙে কাছাৰ ৰাজ্য আক্ৰমণ কৰিছিল। কিন্তু, পূৰ্বৰ শত্রুতা মনত কৰি চৌৰজিতচিঙে কাছাৰৰ ৰজা গোবিন্দচন্দ্রক সহায় কৰাত, মার্জিতচিঙৰ উদ্দেশ্য সফল নহ’ল। মার্জিত উলটি অহাৰ পাচত, চৌৰজিতচিং কাছাৰৰ এক অংশৰ অধিপতি হৈ থাকিল। তাৰ পাচত, ১৮১৯ খ্রীষ্টাব্দত ব্রহ্মদেশৰ ৰজাই আকৌ মণিপুৰ আক্ৰমণ কৰে। মার্জিতচিং ঠাবৰিব নোৱাৰি কাছাৰলৈ পলাল। কাছাৰত তেওঁ ককায়েক চৌৰজিতবে সৈতে মিল হৈ, গোবিন্দচন্দ্রক উলিয়াই খেদি, কাছাৰ ৰাজা দুইৰো ভিতৰত ভগাই ল’লে। সিফালে, ১৮১৯ খ্ৰীষ্টাব্দৰপৰা ১৮২৩ লৈকে মণিপুৰৰ ৰাজপাট শূন্য পৰি বয়।

পীতাম্বৰ

ইফালে কাছাৰত গোলমাল চলি থাকোতেই, সিফালে চৌৰজিতসিঙৰ ভতিজাক পীতাম্বৰে ১৮২৩ খ্ৰীষ্টাব্দত মণিপুৰ আক্ৰমণ কৰেগৈ, আৰু ব্রহ্মদেশী সেনাই পাতি যোৱা ৰজাক ভাঙ্গি নিজে বজা হয়। সেই সংবাদ শুনি আকৌ চৌৰজিতৰ ভায়েক গম্ভীৰচিং ভতিজাক পীতাম্বৰক ভাঙ্গি নিজে বজা হ’বলৈ গ’ল। পীতাম্বৰ পলাই আভা নগৰত সোমালগৈ।

গম্ভীৰচিং

ভতিজাকক ৰাজ্যৰপৰা খেদি গম্ভীৰচিং মণিপুৰৰ ৰজা হ’ল। কিন্তু, ওপৰা-উপৰি ৰাজবিপ্লৱত দেশৰ এনে দুৰৱস্থা ঘটিল যে তেওঁৰ সৈন্যবিলাক পুহিবলৈকো যুগুত উপায় কৰিব নোৱাৰি, গম্ভীৰচিং আকৌ কাছাৰলৈ উলটি আহিব লগাত পৰিল। কাছাৰলৈ উলটি আহি গম্ভীৰচিঙে আকৌ ককায়েক চৌৰজিতব ওপৰত আক্রমণ বহালে। চৌৰজিতে কাছাৰত তেওঁৰ অধিকাৰ “ইষ্ট-ইণ্ডিয়া কোম্পানীক” এৰি দি, শ্রীহট্টলৈ গুচি গ’ল। গম্ভীৰচিং দক্ষিণ কাছাৰৰ গৰাকী হৈ ৰ’ল, তাৰ কিছুমান দিনৰ পাচত, বৃটিচ গৱৰ্ণমেণ্টৰ সহায়ত ১৮২৩ খ্রীষ্টাব্দত গম্ভীৰচিং আকৌ মণিপুৰৰ ৰজা হয়গৈ। তাৰ পাচত, ব্ৰহ্মা ৰজাৰ সেনাই মণিপুৰ, কুৰো উপত্যকা আৰু তাৰ ওচৰৰ ঠাইবিলাক এৰি দি, লাহে লাহে আঁতৰি যাবলৈ ধৰিলে। ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত হোৱা “ইয়াণ্ডাবু সন্ধি”ৰ সুত্র অনুসৰি (১) ব্ৰহ্মা ৰজাই গম্ভীৰচিণ্ডক মণিপুৰৰ ৰজা বুলি স্বীকাৰ কৰিলে।

চন্দ্ৰকীৰ্ত্তিচিং

গম্ভীৰচিঙৰ লোকান্তৰ হোৱাত, তেওঁৰ দুবছৰীয়া নাবালক পুত্র চন্দ্রকীর্তিচিং পিতৃ-সিংহাসনত ৰজা হয়। তেওঁ ১০ বছৰমান নামত মাথোন ৰজা হোৱাৰ পাচত, দদায়েক নৰজিতচিঙৰ লগত বিবাদ কৰি, ১৮৪৪ খ্রীষ্টাব্দত কাছাৰলৈ পলাই যায়। নৰজিতচিং আৰু দেবেন্দ্রচিং: চন্দ্রকীর্ত্তিচিং আপুনি দেশান্তৰিত হোৱাত, নৰজিতচিং ৰজা হয়। নৰজিতচিঙে সাত বছৰ নিৰ্বিবাদে ৰাজত্ব কৰাৰ পাচত, ১৮৫১ খ্রীষ্টাব্দত ভায়েক দেবেন্দ্রচিঙে তেওঁক বধ কৰি নিজে ৰজা হয়।

চন্দ্ৰকীৰ্ত্তিচিং

দেবেন্দ্ৰচিঙে চাৰি বছৰ মাথোন ৰাজত্ব কৰোঁতেই, চন্দ্রকীৰ্ত্তিচিঙে ৰণবল গোটাই লৈ মণিপুৰ আক্ৰমণ কৰেহি। দদায়েক দেবেন্দ্রচিঙে সেই আক্রমণ সহিব নোৱাৰি কাছাৰলৈ পলাই যোৱাত, চন্দ্রকীৰ্ত্তিসিঙে পিতৃ-সিংহাসান পুনঃ লাভ কৰে। তাৰ পাচত, দেবেন্দ্ৰচিং কেইবাবাৰো মণিপুৰ আক্ৰমণ কৰি বিফল মনোৰথ হয়। চন্দ্ৰকীৰ্ত্তিচিং এজন বৰ সুদক্ষ ৰজা আছিল। ১৮৭৯ খ্রীষ্টাব্দত তেওঁ ২০০০ মণিপুৰী সেনাৰে সৈতে নগা পৰ্বতৰ ‘খনমা ৰণত’, বৃটিচ গৱৰ্ণমেণ্টক সহায় কৰিছিল। চন্দ্ৰকীৰ্ত্তিচিঙে ১১ গৰাকী মহিষীৰপৰা ১০ পুত্ৰ আৰু ৯ গৰাকী কন্যা লাভকরে।

সুৰন্দ্ৰচিং

চন্দ্ৰকীৰ্ত্তিচিঙৰ লোকান্তৰ হোৱাত, তেওঁৰ বৰপুতেক সুৰচন্দ্ৰচিং বজা হয়। তেওঁ প্রথম ভায়েক কুলচন্দ্ৰক যুৱৰাজ আৰু তৃতীয় ভায়েক টিকেন্দ্রজিতক ঘাই সেনাপতি পাতে। তেওঁৰ ৰাজত্ব তিনিবছৰমান হওঁতেই ভ্রাতৃবিৰোধ উপস্থিত হয়, আৰু তাৰ ফলস্বৰূপে, ১৮৯১ খ্রীষ্টাব্দত মণিপুৰত এটা ভয়ঙ্কৰ বিদ্রোহ ঘটে। সেই বিদ্রোহ থমাবলৈ লওঁতে, মণিপুৰত অসমৰ চীফ্-কমিচনাৰ অনৰেবোল মিঃ কুইণ্টন আৰু পলিটিকেল এজেন্ট মিঃ গ্রিমউড্ প্রমুখ্যে পাঁচজন বৃটিচ কৰ্ম্মচাৰীক ছলকৈ ঠেকত পেলাই হত্যা কৰাৰ অপৰাধত, সুৰচন্দ্ৰক দেশান্তৰিত কৰি, কুলন্দ্ৰক আন্দামানলৈ নিৰ্বাসন কৰা হয়, টিকেন্দ্ৰজিত আৰু টঙ্গাল জেনেৰেলৰ ফাঁচি হয়।

চূড়াচন্দ্রচিং

সুৰচন্দ্ৰচিং আৰু তেওঁৰ ভায়েকসকলৰ ভিতৰত পূৰ্বাপৰ ভ্ৰাতৃদ্রোহ চলি থকা হেতুকে, বৃটিচ গৱৰ্ণমেন্টে সিবিলাকৰ ফৈদৰ বংশধৰক ছাত্ পেলাই দদায়েক নৰজিতচিঙক পাঁচ বছৰীয়া নাতিকোঁৱৰ চূড়াচন্দ্ৰক ১৮৯১ খ্রীষ্টাব্দত মণিপুৰৰ বজা পাতে। তাৰপৰা ৪৫ বছৰমান পাচত, চূড়াচন্দ্রচিং মণিপুৰৰ বৰ্তমান বজাক “মহাবজা” খিতাপেৰে বিভূষিত কৰা হৈছে।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *