চিন্তাবিমুখিতাৰ পৰা চিন্তাবিৰোধিতালৈ

Ahim saikia
8 Min Read

চিন্তাবিমুখিতা আধুনিক কালৰ অধিকাংশ শাসক গোষ্ঠীৰে পৰিচয় বহনকাৰী বৈশিষ্ট্য। সাধাৰণ ৰাইজক যিকোনো গুৰুত্বপূর্ণ বিষয়ৰ গভীৰ চিন্তাৰ পৰা মুকলি কৰি আনি সস্তীয়া আমোদ-প্রমোদৰ বেহুত ভৰাই ৰাখিব পাৰিলে শাসক গোষ্ঠীৰ দেশ চলাওঁতে বেছ সুবিধা হয়। জটিল তথা অস্বস্তিকৰ প্ৰশ্নৰ পৰা আঁতৰি আহি তেওঁলোক তেতিয়া ব্যস্ত হৈ পৰে নিজৰ ৰাজনৈতিক সমীকৰণ নিৰ্মাণ কৰা পথটোৰ জেং-জাবৰবোৰ গুচোৱাৰ কামত। ৰূপকাত্মক দৃষ্টিকোণৰ পৰা চালে ফটফটীয়া হৈ পৰে যিকোনো গণতান্ত্রিক সমাজতে তেনে ‘জেং-জাবৰ’ৰ অসীম গুৰুত্বৰ কথা। বৰ্তমানৰ ভাৰতবৰ্ষত কিছু লোকৰ অলক্ষিতে এটা ভিন্নধর্মী ‘স্বচ্ছ ভাৰত অভিযান’ চলিছে। ৰাষ্ট্ৰৰ প্ৰত্যক্ষ আৰু কেতিয়াবা পৰোক্ষ সহযোগত তেওঁলোকৰ অনুগত বাহিনীটো নামি পৰিছে সেই চাফাই অভিযানত। এই শক্তিটোরে অতি কৌশলেৰে ভাৰতীয় জাতীয়তাবাদক সংকীর্ণভাবে ব্যাখ্যা-সংজ্ঞায়িত কৰি চাফাই অভিযানটোৰ মূল চালিকা শক্তি কৰি লৈছে। যাৰ ফলত চাফাই অভিযানৰ প্ৰকৃত উদ্দেশ্য বা পদ্ধতিবোৰৰ সন্দর্ভত কিবা আহুকলীয়া প্রশ্ন উত্থাপন কৰিলেই দেশপ্ৰেমৰ পৰীক্ষাত ফেইল কৰা দেখুৱাই তেওঁলোকে বহু লোকক বিভ্রান্ত কৰি তোলে।

স্বাধীন চিন্তাৰ সংকট: ভাৰতত চিন্তাবিমুখিতাৰ পৰা চিন্তাবিৰোধিতালৈ

সুচতুৰ বাহিনীটোৱে জানে বিভ্রান্ত জনগণক কিদৰে নিজৰ পক্ষলৈ টানিব লাগে। সেই অভিযানটোক অধিক ফলপ্রসূ কৰি তুলিবলৈ তেওঁলোকৰ হাতত সকলো সমল আছে। অপর্যাপ্ত ধনবল আৰু জনবলৰ লগতে ঐছে ‘সুতীব্র দেশপ্রেমৰ শ্লোগান’। দেশপ্রেমৰ সেই শ্লোগানত কোনো বৈবিধ্যময় উপাদানৰ স্থান নাই। দেশৰ সীমামুৰীয়া অঞ্চলৰ ক্ষুদ্র ক্ষুদ্র জাতিসত্ত্বাবোৰক ছলে-বলে-কৌশলে বীর্যহীন কৰি তুলি তেওঁলোকে এখন একশৈলিক ভাৰতবৰ্ষৰ সপোন দেখে। ক্ষুদ্র ক্ষুদ্র জাতিসত্তাৰ বিয়াগোম নেতাই আজি স্বকীয় ইতিহাস আৰু পৰম্পৰাৰ গৌৰবোজ্জ্বল ধাৰাক পাহৰি সেই ভয়ংকৰ একশৈলিক মানসিকতাৰ এজেন্ট হৈ পৰিছে। এনে মানুহ বাজনৈতিকভাবে এটা দলৰ সদস্য বা নেতা হোৱাটোত কোনো গণতান্ত্রিক মূল্যবোধসম্পন্ন ব্যক্তিয়ে অস্বাভাবিক বুলি ক’বলৈ নাযায়। কিন্তু সেইজন নেতাই যদি নিজৰ ইতিহাস পাহৰি কেৱল ধর্মীয় সংখ্যাগুৰবাদৰ কৰ্কশ ঢোলটো বজাবলৈ লয় তেনেহ’লে গণতন্ত্রক সন্মান কৰা প্রতিজন ব্যক্তিয়ে সেই সন্দর্ভত প্রশ্ন তোলা উচিত। কিন্তু প্রশ্ন কৰিবলৈ কেৱল নির্ভেজাল সততা আৰু সাহসেই যথেষ্ট নহয়। প্রয়োজন কিছু জ্ঞান আৰু বোধৰ। সেই জ্ঞান আৰু বোধপ্ৰাপ্তিৰ অন্যতম পূর্বচর্ত হৈছে মানুহৰ মনৰ স্বাধীন চিন্তা।

চিন্তাবিমুখিতা কেনেকৈ সৃষ্টি হয়?

সেয়েহে স্বাধীন চিন্তাৰ প্ৰতি শাসক গোষ্ঠী কেৱল সন্দিহানেই নহয়, বহু সময়ত তেওঁলোক হৈ পৰিছে অসহিষ্ণু। ইয়াৰ মূলতে হ’ল নিজৰ অনুগত লাখ লাখ আৰক্ষী আৰু সেনাবাহিনীৰ নিঃচর্ত সমর্থনত বেপৰোৱাভারে মদমত্ত হৈ থকা ৰাষ্ট্ৰৰ মনৰ ভয়টো। সাম্প্রতিক সময়ত সেই ভয়ৰ ভাবটো ইমান ব্যাপক আৰু গভীৰ হৈ উঠিছে যে ৰাষ্ট্ৰই কেৱল জনগণক চিন্তাবিমুখ কৰিবলৈ কৰা চেষ্টাতে নিজকে সীমাবদ্ধ কৰা নাই। চিন্তাবিমুখিতাৰ ভাইৰাছে আক্রান্ত নকৰা লোকসকলৰ বাক্ আৰু চিন্তাৰ স্বাধীনতা হৰণ কৰিবলৈ ৰাষ্ট্ৰ নামি পৰিছে নতুন নতুন কৌশলৰ সন্ধানত। চিন্তাৰ স্বাধীনতাৰ প্ৰতি ৰাষ্ট্ৰই প্ৰকাশ কৰা প্ৰত্যক্ষ বিৰাগৰ কথা স্পষ্টভাৱে ক’ব পাৰিলে মই তুলি ধৰিব খোজা কথাখিনিৰ সত্যতা নিরূপিত হ’ব। তথাপি এটা কথা আৰম্ভণিতে স্পষ্ট কৰি নিদিলে মোকো হয়তো পক্ষপাতদুষ্টতাৰ অভিযোগটোরে চুব। সচেতন চিন্তাৰ বেছৰ পৰা সাধাৰণ মানুহক নিলগাই ৰাখিবলৈ ৰাষ্ট্ৰই কৰা ষড়যন্ত্ৰটো অসমতকৈ ভাৰতৰ মূল ভূখণ্ডত বেছি প্রকট। কিন্তু যোৱা কিছুদিনৰ পৰা অসমো লাহে লাহে তেনে দিশত গতি কৰিবলৈ আৰম্ভ কৰা যেন মোৰ অনুভৱ হৈছে। সেয়েহে সময় থাকোঁতেই মোৰ মনৰ শংকাবোৰ পঢ়ুৱৈ ৰাইজৰ ওচৰত বেকত কৰিব বিচাৰিছোঁ। মই বিশেষকৈ দুটা দিশত চৰকাৰৰ আক্রোশমূলক অত্যুৎসাহী পদক্ষেপবোৰ দেখিবলৈ পাই চিন্তিত হৈছোঁ।

শৈক্ষিক আৰু বৌদ্ধিক

প্রথমটো হ’ল বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু বৌদ্ধিক উত্তৰণৰ আভ্যন্তৰীণ বিষয়ত ৰাষ্ট্ৰৰ অহেতুক হস্তক্ষেপে তেনে অনুষ্ঠানৰ লগত জড়িত থকা লোকক ক্ষোভিত কৰিছে। জ্ঞানপ্রাপ্তি বা জ্ঞান আহৰণৰ প্ৰক্ৰিয়াৰ সৰ্বোচ্চ অনুষ্ঠানেই হ’ল দেশৰ বিশ্ববিদ্যালয়বোৰ। জ্ঞানার্জনৰ পথছোৱাৰ বাবে প্রয়োজনীয় বুলি বিবেচিত হোৱা বিষয়টোৱেই হ’ল বৌদ্ধিক স্বাধীনতা। বৌদ্ধিক স্বাধীনতাৰ লগত মানুহৰ চিন্তা স্বাধীনতাৰ কথাটো অত্যন্ত গভীৰভাৱে সংপৃক্ত। দেশৰ চৰকাৰে বিত্ত যোগান ধৰাৰ অজুহাতত যদি বিশ্ববিদ্যালয়ত নিজৰ মতামত জাপি দিবলৈ চেষ্টা কৰে, তেনেহ’লে একো একোখন বিশ্ববিদ্যালয় মুক্তচিন্তাৰ বধ্যভূমিলৈ ৰূপান্তৰিত হ’ব পাৰে। যোৱা এবছৰমানৰ ভিতৰত সংঘটিত হোৱা হায়দৰাবাদ কেন্দ্রীয় বিশ্ববিদ্যালয় আৰু জে এন ইউৰ ঘটনাৰাজিয়ে তেনে শংকাকে প্রমাণ কবে। বোহিত ভেমুলাব দৰে নতুনকৈ উঠি অহা দলিত সম্প্ৰদায়ৰ গবেষক ছাত্রই আত্মহত্যা কৰিবলগীয়া হোৱা পৰিস্থিতিৰ দায়িত্ব ভাৰতৰ বৰ্ণবাদী সমাজখন আৰু সেই সমাজক সাব-পানী যোগোৱা শক্তিটোকে দিব লাগিব। এনে নিদারুণ ঘটনাৰ পিছতো যেতিয়া বিশ্ববিদ্যালয়ৰ উপাচার্য আৰু আন জ্যেষ্ঠ বিষয়াৰ পৰা কোনো যোগাত্মক ভাষ্য শুনা নাযায়, সিয়ে প্রমাণ কৰে সেইসকল ব্যক্তিয়ে তেওঁলোকৰ কর্মজীৱনৰ উত্তৰণৰ বাটটো অধিক মসৃণ কৰি তুলিবলৈ নিজৰ চিন্তাৰ স্বাধীনতাক কাহানিবাই জলাঞ্জলি দিলে। ৰাষ্ট্ৰৰ দৃষ্টিত সেয়েহে তেওঁলোক দোষমুক্ত আৰু দৰকাৰী মানুহ। জে এন ইউৰ ছাত্রনেতা কানহাইয়া কুমাৰৰ ৰাজনৈতিক আদৰ্শটোৰ বিষয়ে সুস্থ বির্তকৰ অৱকাশ নিশ্চিতভাবে থাকিব পাৰে। কিন্তু যিটো ধৰণে কানহাইয়া কুমাৰক ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰতকৈও বাষ্ট্রবাদী এচাম সাংবাদিকে খলনায়করূপে প্রতিষ্ঠিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিলে, তাতেই প্রতিফলিত হ’ল স্বাধীন চিন্তাৰ প্ৰতি তেওঁলোকে পোষণ কৰা বিৰোধিতাৰ গভীৰতা। কোনোবাই ব্যক্তিগতভার ভাল পাওক বা বেয়া পাওক, কানহাইয়া কুমাৰৰ দৰে নৱপ্ৰজন্মৰ মেধাসম্পন্ন ছাত্রই যদি বিশ্ববিদ্যালয়ৰ চৌহদতে প্রথাগত চিন্তা-চেতনাৰ উর্ধ্বলৈ উঠিবলৈ চেষ্টা নকৰে, তেনেহ’লে ক’ত পাব সেই সুবিধা? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচৰাটো দূৰৰে কথা, বর্তমান সময়ত এনে ধৰণৰ প্ৰশ্নৰ বাবে ৰাষ্ট্ৰই খুব কৌশলেৰে শাস্তিহে দিব বিচাৰে। সেই প্ৰক্ৰিয়াৰ বিৰোধিতা কৰিলে বিৰোধীজনক দেশপ্রেম নথকা ব্যক্তি হিচাপে দেখুৱাবলৈ যত্ন কৰে। পিছৰ পৰ্যায়ত তেওঁক দেশদ্রোহীও সজোৱা হ’ব পাৰে। পুলিচ, মিলিটাৰী আৰু আইনৰ ভয় দেখুওৱাৰ কথা নক’লোৱেইবা।

কেন্দ্ৰীয় চৰকাৰৰ অপ্রয়োজনীয় হস্তক্ষেপত

কেইদিনমানৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ অপ্রয়োজনীয় হস্তক্ষেপত অপমানিতবোধ কৰি নালন্দা বিশ্ববিদ্যালয়ৰ আচাৰ্য আৰু ছিংগাপুৰৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জর্জ ইয়’ই নিজৰ পদবীৰ পৰা পদত্যাগ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সম্পূর্ণ একপক্ষীয়ভাবে বিশ্ববিদ্যালয়খনৰ গৱর্নিং ব’ৰ্ডৰ চাৰিজন সদস্যক অপসাৰণ কৰাৰ প্ৰতিবাদতে জর্জ ইয় ‘ই ইস্তফা দিয়ে। চৰকাৰে অপসাৰণ কৰা চাৰিওজন ব্যক্তি খ্যাতনামা হ’লেও বর্তমান চৰকাৰৰ ভাবাদৰ্শৰ লগত মিল নথকা বাবেই তেওঁলোকক বাদ দিয়া হয়। সেই চাৰিজন ব্যক্তি হ’ল নোবেল বঁটা বিজয়ী অর্থনীতিবিদ অমর্ত্য সেন, হার্ভার্ড বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুগত বোস, লর্ড মেঘনাদ দেশাই আৰু নিউয়র্ক নিবাসী চীনা ইতিহাসৰ বিশেষজ্ঞ তানসেন সেন। উল্লেখ্য যে চৰকাৰৰ কৰ্মপদ্ধতিত বিতুষ্ট হৈ যোৱা বছৰ অমর্ত্য সেনেও বিশ্ববিদ্যালয়খনৰ আচাৰ্য পদবীটোৰ পৰা পদত্যাগ কৰিছিল। অমর্ত্য সেনৰ পৰা দায়িত্বভাৰ লোৱাৰ সময়তে জর্জ ইয়’ক চৰকাৰৰ ফালৰ পৰা কোনো হস্তক্ষেপ কৰা নহ’ব বুলি প্রতিশ্রুতি দিয়া হৈছিল। কিন্তু চিন্তা কৰাৰ প্ৰতিক্ৰিয়াটোৰ প্রতি শ্রদ্ধাশীল নহয় বাবেই চৰকাৰে আনকি আচার্যজনক নোসোধাকৈয়ে সেই চাৰিজন শিক্ষাবিদক অতি দৃষ্টিকটুভাবে অপসাৰণ কৰে। চিন্তাৰ স্বাধীনতাক বিৰোধিতা কৰাৰ আন এক স্পষ্ট দৃষ্টান্ত হ’ল নতুনকৈ ন্যায়াধীশ নিযুক্তিৰ সময়ত চৰকাৰে উচ্চতম ন্যায়ালয়ৰ অনুৰোধৰ প্ৰতি দেখুওৱা অসন্মানজনক মনোভাব। ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যবোৰৰ ভিতৰত Sepa-ration of power অন্যতম। কিন্তু যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ নিযুক্তিকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শ উচ্চতম ন্যায়ালয়ে নাকচ কৰাৰ পিছৰে পৰা কেন্দ্ৰীয় চৰকাৰ আৰু ন্যায়পালিকাৰ মাজৰ সম্পৰ্ক দ্রুত অবনতি ঘটিছে। ন্যায়াধীশৰ অভাৱৰ বাবে মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰে প্ৰধান মন্ত্ৰীৰ সন্মুখতে কান্দিবলগীয়া অৱস্থা কেইমাহমানৰ আগতে সৃষ্টি হৈছিল। তাৰ পিছতো চৰকাৰৰ গা নলৰা দেখি ন্যায়ালয়ৰ মজিয়াতে উচ্চতম ন্যায়ালয়ে এটর্নী জেনেৰেলক ন্যায়ালয়সমূহ বন্ধ কৰিবলৈ ক’বলৈ বাধ্য হৈছে। অর্থাৎ বিশ্ববিদ্যালয়েই হওক বা উচ্চতম ন্যায়ালয়েই হওক কোনেও স্বাধীনভাবে চিন্তা কৰিব নোৱাৰিব। যদি কৰে তেনেহ’লে সেই চিন্তা শাসকীয় দলৰ ভাবাদৰ্শৰ লগত মিল থকা হ’ব লাগিব। আৰু যদি মিল নাথাকে তেনেহ’লে ছলে-বলে-কৌশলে সেই ব্যতিক্রমী চিন্তাক ধৰাশায়ী কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব। চিন্তাবিমুখিতাৰ পৰা চিন্তাবিৰোধিতালৈ হোৱা এই অৱক্ষয় বা স্খলনক সাৰ-পানী যোগোৱাৰ আঁৰৰ মূল শক্তি হ’ল ভাৰত ৰাষ্ট্ৰ। ৰাষ্ট্ৰৰ এই ভূমিকাই Idea of India ৰ মাজত নিহিত হৈ থকা উদাৰতা আৰু সংবেদনশীলতাৰ উপাদানবোৰক ইতিমধ্যে থানবান কৰিবলৈ আৰম্ভ কৰিছে।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *