আপোনাক আনে কেনেদৰে মনত ৰখাটো বিচাৰে

Ahim saikia
13 Min Read

আপোনাক আনে কেনেদৰে মনত ৰখাটো বিচাৰে উদাহৰণস্বৰূপে প্রায় এশ বছৰৰ আগতে এজন লোকে পুৱাৰ বাতৰি কাকতখন পঢ়িবলৈ মেলি লৈছিল। তেওঁ ভয় আৰু বিস্ময়েৰে তেওঁৰ নামটো “মৃত্যুত শ্রদ্ধাঞ্জলি” শিতানত দেখা পালে। সাংবাদিক গৰাকীয়ে ভুলকৈ ব্যক্তি গৰাকীৰ মৃত্যুৰ বাতৰিটো পৰিবেশন কৰিলে। তেওঁৰ প্রথম প্রতিক্রিয়া আছিল এটা প্রচণ্ড চক! তেওঁ সঁচা নে বাতৰিখন সঁচা? তেওঁৰ যেতিয়া বিস্ময়টো আঁতৰিল, মানুহে তেওঁৰ বিষয়েনো কি ভাবে সেই কথাটো জানিবৰ বাবে এটা প্রবল আগ্রহ হ’ল। বাতৰিটোত এনেদৰে তেওঁৰ বিষয়ে কোৱা হৈছিল, “ডিনামাইটৰ সম্ৰাটৰ মৃত্যু”। লগতে কোৱা হৈছিল, “তেওঁ আছিল মৃত্যুৰ সদাগৰ।” এই লোকজনেই আছিল ডিনামাইটৰ আবিস্কাৰক। যেতিয়া তেওঁ “মৃত্যুৰ সদাগৰ” কথাখিনি পঢ়িলে, তেওঁ নিজকে প্রশ্ন কৰিলে, “এনেদৰেই বাৰু আনে মোক মনত ৰাখিব নেকি?” তেওঁ সিদ্ধান্ত কৰিলে যে তেওঁ নিশ্চয় এনেদৰে মানুহৰ মনত ৰৈ যোৱাটো নিবিচাৰে। সেই দিনাৰপৰা তেওঁ শান্তিৰ বাবে কাম কৰাত লাগি গ’ল। তেওঁৰ নাম আছিল আলফ্রেড নোবেল। তেওঁক আজি নোবেল বঁটাৰ জৰিয়তে মানুহে চিনি পায়। যেনেদৰে আলফ্রেড নোবেলে তেওঁৰ অনুভূতিখিনি জুকিয়াই চাই তেওঁৰ প্ৰমূল্য সমূহৰ নতুন সংজ্ঞা দিলে আমিও ঠিক একেদৰে আমাৰ কাম কাজ জুকিয়াই চাই আমাৰ প্ৰমূল্যবোৰ নিৰূপণ কৰিব লাগিব। আপোনাৰ উত্তৰাধিকাৰ কি? আপোনাক কেনেদৰে মনত ৰখাটো আপুনি বিচাৰে? আপোনাৰ বিষয়ে আনে ভালকৈ ক’বনে? আপোনাক মৰম আৰু শ্ৰদ্ধাৰে আনে মনত ৰাখিবনে? আপোনাৰ অভাৱ কোনোৱে অনুভব কৰিবনে?

সৰু সৰু বস্তুবোৰেই ডাঙৰ প্রভেদ আনে

এজন মানুহে এদিন সাগৰৰ পাৰত ৰাতিপুৱা ফুৰিবলৈ গৈছিল। তেওঁ লক্ষ্য কৰিলে যে পুৱাৰ জোৱাৰত শ শ তৰা মাছ পাৰত পৰিছেহি। জোৱাৰটো উভটি যাওঁতে তৰা মাছবোৰ বালিত পৰি ৰ’ল। পুৱাৰ ৰ’দ জাকত এই গোটেই মাছবোৰ মৰিব। মানুহজনে দেখোতে জোৱাৰত অহা মাছবোৰ তেতিয়াও জীয়াই আছিল। মানুহজনে কেইখোজমান আগুৱাই গৈ তৰামাছ এটা তুলি লৈ পানীলৈ দলিয়াই দিলে। তেওঁ এই কামটো বাৰে বাৰে কৰি থাকিল। তেওঁৰ পিছে পিছে আন এজাক লোক আহি আছিল। তেওঁ এই মানুহজনে মাছবোৰ কিয় এনেদৰে পানীলৈ দলিয়াইছে বুজা নাছিল। তেওঁ মানুহজনৰ ওচৰলৈ আহি সুধিলে, “আপুনি কি কৰিছে? ইয়াত দেখোন শ শ তৰা মাছ আছে। আপুনি কেইটাকনো সহায় কৰিব? ইয়াৰপৰা নো কি লাভ হ’ব?” মানুহজনে কোনো উত্তৰ নিদিলে। তেওঁ দুখোজ আগুৱাই গৈ আৰু এটা মাছ তুলি লৈ পানীলৈ দলি মাৰি পঠালে। তেওঁ ক’লে, “এই সক মাছটোৰ বাবে কিন্তু বহুত প্রভেদ হ’ব।” আমি কি প্রভেদ অনাৰ কথা ভাবিছো? সেই প্রভেদ ডাঙৰেই হওক বা সৰুৱেই হওক, সেইটো ডাঙৰ কথা নহয়। প্রত্যেকেই যদি সৰু সৰু কিবা প্রভেদ আনিবলৈ প্রয়াস কৰে, সেই সৰু সৰুবোৰ লগ হৈ বিৰাট ডাঙৰ প্রভেদ এটা হ’বগৈ।

আপোনাৰ জীৱন ৰক্ষাৰ যোগ্য নে?

এজন ল’ৰা নদীত পৰি সহায় বিচাৰি চিঞৰিবলৈ ধৰিলে। তেওঁৰ চিঞৰ শুনি বাটৰুৱা এজনে পানীত জপিয়াই ল’ৰাজনক উদ্ধাৰ কৰি জীৱন বচালে। মানুহজন যাবলৈ লওঁতে ল’ৰাজনে ক’লে “ধন্যবাদ”। তেতিয়া মানুহজনে প্রশ্ন কৰিলে, “কিহৰ বাবে ধন্যবাদ দিছা?” ল’ৰাজনে উত্তৰ দিলে, “মোৰ জীৱন বচোৱাৰ বাবে।” মানুহজনে ল’ৰাটোৰ চকুলৈ চাই ক’লে, “বোপাই, যেতিয়া তুমি ডাঙৰ হ’বা তোমাৰ জীৱন ৰক্ষা কৰাৰ সাৰ্থকতা নিশ্চিত কৰি দিবা।” এতিয়া চিন্তা কৰাৰ সময় আহি পৰিছে। এয়া জাগৰণৰ বাবে আহ্বান। পূর্ণতাবিহীন সাফল্য অর্থহীন। আপুনি যিমানেই সম্মান অর্জন নকৰক লাগে, যিমানেই ধন নঘটক লাগে বা যিমানেই মান-পত্র নাপাওক লাগে, এটা অর্থবোধ আৰু উদ্দেশ্যবোধৰ অবিহনে জীবনটো অন্তঃসাৰশূন্য আৰু অসুখী। আপোনাৰ স্বাস্থ্য, টকা-পইছা, পৰিয়াল তথা সমাজ সম্পর্কে আপোনাৰ ব্যক্তিগত সাফল্যৰ দৰ্শন বিকশিত কৰাৰপৰাই সাফল্য আৰম্ভ হয়। এটা সুস্পষ্ট উদ্দেশ্য আৰু দৰ্শনৰ অবিহনে জীৱনটো কিছুমান অলীক স্বপ্নই আৱৰি ৰাখিব। যদি ব্যক্তিৰ সাফল্যৰ দৰ্শন নাথাকে, তেওঁলোকে অলক্ষিতে বিফলতাৰ দৰ্শন ৰচনা কৰিছে।

দায়বদ্ধতা

মানৱ প্ৰমূল্যৰ এটা অপৰিহাৰ্য অঙ্গ হ’ল দায়বদ্ধতা। যেতিয়া আমাৰ প্ৰমূল্য ব্যৱস্থাটো সুস্পষ্ট হয়, তেতিয়া সিদ্ধান্ত লোৱা আৰু দায়বদ্ধতা প্রকাশ কৰা সহজ হৈ পৰে। উদাহৰণ: আপুনি শত্রু দেশক গোপন তথ্য বিক্ৰী কৰি দেশৰ প্ৰতি আপোনাৰ দায়বদ্ধতা প্রকাশ কৰিব নোৱাৰে। বন্ধু এজনে গোপনে কোৱা কথা এষাৰ আনৰ আগত মেলি দি আপুনি বন্ধুত্ব বজাই ৰাখিব নোৱাৰে। আপুনি কৰণীয়খিনিতকৈ বহু কম পৰিমাণৰ কাম কৰি আপুনি নিজৰ কামটোৰ প্ৰতি দায়বদ্ধতা ৰাখিব নোৱাবে। পালন কৰিব নোৱাৰা কোনো দায়বদ্ধতাই ব্যক্তি এগৰাকীৰ অসৎ আচৰণৰ প্রতিফলন কৰে। ব্যক্তিগত অথবা পেছা সম্পর্কীয় যিকোনো সম্পৰ্ক কেনেদৰে কাৰ্যকৰী হ’ব এই কথাটো মই বুজি নাপাওঁ যেতিয়া মানুহে এনেদৰে ক’বলৈ ধৰে:

  • মই চেষ্টা কৰিম কিন্তু কথা দিব নোৱাৰো।
  • মই কামটো কৰিম কিন্তু মোক হিচাপত নধৰিব।
  • মই পাৰিলে যাম কিন্তু বৰ এটা আশা নকৰিব।
  • মই তালৈ যাম যদি তুমি ভাল কৰিব পাৰা।
  • তোমাৰ স্বাস্থ্য পাতি ঠিক থাকিলে মই যাম।
  • মোৰ আনত কিবা এটা সুবিধা নহয় মানে ইয়াত থাকিম বাৰু।

যেতিয়া তলত দিয়া তালিকাৰ এগৰাকীয়ে আনগৰাকীৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে, পৃথিৱীত বাৰু কেনেদৰে কাম চলিব?

  • পিতৃ-মাতৃ / সন্তান
  • স্বামী / স্ত্রী
  • ছাত্র / শিক্ষক
  • গ্রাহক / বিক্রেতা
  • মালিক / কর্মী
  • বন্ধু / বন্ধু

এইবোৰ সম্পৰ্কৰ মূল নীতিবোৰ মানি চলিবলৈ লগা সামৰ্থৰ ক্ষেত্ৰত দেখা দিয়া এনে অনিশ্চয়তাই উন্মাদনা আনিব। আমাৰ আটাইতকৈ শক্তিশালী -সম্পৰ্কবোৰ দায়বদ্ধতা নামৰ এক অদৃশ্য কিবা এটাৰে বান্ধ খাই আছে। আজি এটা অঙ্গীকাৰ ভঙ্গ কৰাটো হয়তো বৰ ডাঙৰ ঘটনা নহয়। কিন্তু দায়বদ্ধতা ভঙ্গ হ’লে আমাৰ সকলো সম্পর্ক বেয়া হৈ পৰে। দায়বদ্ধতাৰ অভাৱে সম্পৰ্কবোৰ অস্থিৰ কৰিব পাৰে। ইয়াৰপৰা নিৰাপত্তহীনতা আহিব। এজনে আনজনক বিশ্বাসত নল’ব পাৰে।

দায়বদ্ধতাই এই কথাকেইটা সূচায়:

  • ১. নিৰ্ভৰযোগ্যতা
  • ২. বিশ্বাসযোগ্যতা
  • ৩. বোধগম্যতা
  • ৪. দৃঢ়তা
  • ৫. সযত্নতা
  • ৬. অনুভবতা
  • ৭. কৰ্ত্তব্যপৰায়ণতা
  • ৮. একনিষ্ঠতা
  • ৯. চৰিত্ৰদৰ্শিতা
  • ১০. সততা
  • ১১. আনুগত্যতা

যদি ইয়াৰে কোনো এটা গুণো কমি থাকে, দায়বদ্ধতাটো শিথিল হৈ যায়। যেতিয়া কোনো এগৰাকী ব্যক্তিয়ে কাৰোবাক কিবা এটা কথা দিয়ে, তাৰ অৰ্থ হয়, “আপুনি মোৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে, লাগে যিয়েই নহওক।” অথবা “আপুনি বিচাৰিলে মই গৈ ওলামগৈ।” চৰ্তবিহীন দায়বদ্ধতাৰ অৰ্থ, “এটা অনিশ্চিত ভৱিষ্যতত মোৰ আচৰণ কিন্তু নিশ্চিত।”ভবিষ্যতটো কিহে অনিশ্চিত কৰে? আপোনাৰ জীৱন আৰু পৰিস্থিতিৰ পৰিৱৰ্তন

বাহ্যিক পৰিস্থিতিৰ পৰিৱৰ্তন

অনিশ্চয়তা সত্ত্বেও, দায়বদ্ধতাই কয়, “আপুনি মোৰ ওপৰত আস্থা ৰাখিব পাৰে।” কোনো এজন ব্যক্তিয়ে যেতিয়া এটা কথা দিয়ে, তেওঁ সেই কথা ৰাখিবলৈ বহুতো ত্যাগ স্বীকাৰ কৰিব লগা হ’ব। কিহৰ বাবে এই ত্যাগ স্বীকাৰ? উত্তৰটো সুস্পষ্ট। তাৰ পুৰস্কাৰ অমূল্য। দায়বদ্ধতাই কয়:

  • ১. মই ত্যাগ কৰিবলৈ প্রস্তুত যিহেতু মই আনক বুজো।
  • ২. মই এজন সৎ মানুহ মোৰ ওপৰত আপুনি ভৰসা বাখিব পাৰিব।
  • ৩. মই কেতিয়াও আপোনাক হেয় প্রতিপন্ন নকৰো।
  • ৪. কষ্টকৰ হ’লেও মই কথাটো ৰাখিমেই।
  • ৫. সুখে-দুখ মই আপোনাৰ লগত আছো।

দায়বদ্ধতা আইনৰ সহায়ত প্ৰৱৰ্তন কৰিব পৰা এখন বিধিগত চুক্তি নহয়। ইয়াৰ ভেটি এখন স্বাক্ষৰিত কাকত নহয়, ইয়াৰ ভেটি চৰিত্ৰ, পূর্ণতা আৰু অনুভবতা। দায়বদ্ধধতা মানে উপায় নাথাকিলে কিবা এটা লাগি থকাটো নুবুজায়। বৰং ইয়াৰ অৰ্থ হ’ল অন্য উপায় থকা সত্ত্বেও কিবা এটাত লাগি থকা। ওপৰৰ বৈশিষ্ঠ্যখিনিৰ অবিহনে কোনেও আনৰ ওচৰত নিষ্ঠাবানভাবে কথা দিব নোৱাৰে। দায়বদ্ধতা পালন কৰাৰ সাৰ্থকতা কি? ই আনে:

  • নিশ্চয়তা।
  • নিৰাপত্তা।
  • ব্যক্তিগত উৎকর্ষতা।
  • ব্যক্তি আৰু সমাজৰ মাজত সমন্বয়তা।
  • ব্যক্তিগত আৰু পেছাগত সম্পৰ্কৰ স্থায়িত্ব।

আনকি দস্যু অথবা প্রবঞ্চকেও দায়বদ্ধতাসম্পন্ন সমর্থক বিচাৰে। দায়বদ্ধতা এখন বিশাল অৰণ্যৰ মাজত এডোখৰ মুকলি ঠাই স্বৰূপ। এখন নিৰাপত্তাহীন পৃথিৱীত ই এক গভীৰ নিৰাপত্তা। দায়বদ্ধতা স্বীকাৰ কৰিব পৰাটো অতি মূল্যবান কার্য। দায়বদ্ধতাই আনৰ ব্যক্তিগত প্রয়োজনৰ খাটিৰত নিজৰ ব্যক্তিগত প্রয়োজন বিসর্জন দিয়া কথাটো বুজায়। এই কথাটো মনত ৰাখিব যে অভাৱতকৈ প্রয়োজনৰ তাগিদা বেছি। উদাহৰণ স্বৰূপে:

  • ১. বন্ধুত্বৰ প্ৰতি দায়বদ্ধতাই গোপনীয়তা ৰক্ষা সূচনা কৰে।
  • ২. গ্ৰাহকৰ প্ৰতি দায়বদ্ধতাই ভাল সেৱা আগবঢ়োৱাৰ সূচনা কৰে।
  • ৩. বিবাহৰ প্রতি দায়বদ্ধতাই বিশ্বাস সূচনা কৰে।
  • ৪. ভদ্রতাৰ প্রতি দায়বদ্ধতাই অভদ্রামিৰপৰা আঁতৰি থকাটো সূচনা কবে।
  • ৫. স্বদেশৰ প্রতি দায়বদ্ধতাই আত্মত্যাগ সূচনা কৰে।
  • ৬. পেছাৰ প্রতি দায়বদ্ধতাই নিষ্ঠাৰ সূচনা কৰে।
  • ৭. সমাজৰ প্ৰতি দায়বদ্ধতাই দায়িত্ববোধ সূচনা কৰে।

দায়বদ্ধতা পৰিপক্কতাৰ চিন। দায়বদ্ধতাই প্রথম সুযোগতে পলায়ন কৰাৰপৰা বিৰত থকা বুজায়। বলিষ্ঠ দায়বদ্ধতাসম্পন্ন ব্যক্তিয়ে বলিষ্ঠ সমাজ ৰচনা কৰে। সম্পৰ্ক গঢ়াৰ বাবে কেৱল ওচৰত থাকিলেই বা ঘনিষ্ঠতাই যথেষ্ট নহয়-দায়বদ্ধতাৰ প্ৰয়োজন আছে। এজন ব্যক্তি কাৰোবাৰ লগত ঘনিষ্ঠ হ’ব পাৰে বা তেওঁ ওচৰতে থাকিব পাৰে, তথাপিও তেওঁৰ দায়বদ্ধতা নাথাকিব পাৰে। সামাজিক প্ৰমূল্যবোৰৰ আজি ইমানেই অভাৱনীয় পৰিৱৰ্তন হৈছে যে দায়বদ্ধতা নথকা সম্পর্ককো আজি ভাল বুলি ধৰা যায়। বহুতে দায়বদ্ধতাক আবদ্ধতা বুলি ভুল কৰে। বহুতে দায়বদ্ধতা প্রকাশ কৰিব নোখোজে। তেওঁলোকে ভাবে যে তেওঁলোক এতিয়াও সাজু হোৱা নাই। কিন্তু ইতিমধ্যে বছৰৰ পাছত বছৰ ধৰি তেওঁলোকে এজনে আনজনক যিমান পাৰি সিমান আদায় কৰি আহিছে। তেওঁলোকৰ অজুহাত হ’ল, “আমি এতিয়াও দায়বদ্ধতা প্রকাশ কৰিব পৰা হোৱা গৈ নাই, আমি এতিয়াও বিবেচনা কৰিহে আছো।” তেওঁলোকে ইমান দিনে বিবেচনা নকৰাকৈ থকা কিনো এতিয়াও বিবেচনা কৰিবলৈ বাকী হৈ আছে? মোৰ বোধেৰে তেওঁলোক প্রত্যেকেই স্বাৰ্থপৰ ৰঘুমলা যি সুযোগ গ্রহণ কৰাতহে ব্যস্ত। তেনেলোক সমাজৰ বাবে বোজা স্বৰূপ। মানুহৰ মাজত থকা সম্পৰ্ক হেৰাই যায় আবেগ বা ভালপোৱা হেবাই যোৱাৰ বাবে নহয়। দায়বদ্ধতা আৰু অনুভৱতাৰ অভাবৰ বাবেহে সেই সম্পর্ক হেৰাই যায়। দায়বদ্ধতাই অন্য লোকৰ প্ৰয়োজনক ব্যক্তিগত প্রয়োজনৰ আগত বাখে। কেতিয়াবা ভাল মানহেও ভাল অভিপ্রায় থকা সত্ত্বেও দায়বদ্ধতাৰ সংঘাতৰ সম্মুখীন নোহোৱাকৈ নাথাকে। উদাহৰণ স্বৰূপে:

  • ১. এজন আৰক্ষীয়ে মৃত্যু শয্যাত থকা তেওঁৰ পত্নীৰ চিকিৎসা বা চোৱাচিতাৰ বাবে দায়বদ্ধ। কিন্তু তেনে সময়ত চহৰৰ আনমূৰে সংঘটিত হোৱা আন এটা ঘটনা তেওঁ চম্ভালিব লগা পৰিস্থিতি আহিব পাৰে য’ত দহজন লোকৰ জীৱন বিপদাপন্ন। তেনে পৰিস্থিতিত তেওঁ কি কৰিব?
  • ২. এগৰাকী চিকিৎসকে তেওঁৰ জীয়েক স্নাতক হোৱালৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেওঁ এই জীৱনত এবাৰ মাত্ৰ হোৱা এই ঘটনাটোৰ উদ্যাপনৰ বাবে দায়বদ্ধ। তেওঁ বিভিন্ন আলহী-অতিথি নিমন্ত্ৰণ কৰি এটা উৎসৱৰ আয়োজন কৰিলে। কিন্তু উৎসৱটো আৰম্ভহ’বলৈ কেৱল ২০ মিনিট থাকোতে তেওঁক এগৰাকী দুর্ঘটনাত পতিত হোৱা লোকৰ জৰুৰী অস্ত্রোপচাৰ কৰিবলৈ মতা হ’ল। তেওঁ এতিয়া কি কৰিব?

দুটা বিকল্পৰ মাজৰপৰা এটা বাচি লোৱা কাৰ্যটোৱে আনটোৰ প্ৰতি দায়বদ্ধতা নথকাটো নুবুজায়। দুটা দায়বদ্ধতাৰপৰা যিকোনো এটা দায়বদ্ধতা বাচি লোৱা কার্যই কোনো এটাক অগ্রাধিকাৰ দিয়া দায়বদ্ধতা আৰু কৰ্তব্যৰ কথা কয়। প্ৰমূল্যৰ ওপৰত আধাৰিত প্ৰমূল্যই আমাক কোনে অপৰাধবোধ নোহোৱাকৈ এটাতকৈ আন এটা অগ্রাধিকাৰৰ ওপৰত অগ্রাধিকাৰ দিবলৈ সহায় কৰে। সম্ভৱতঃ চিকিৎসক গৰাকীয়ে সেই মুহূৰ্তত কৰিবলৈ বিচৰা আটাইতকৈ ভাল কামটো আছিল জীয়েকৰ স্নাতক ডিগ্রী পোৱাৰ আনন্দ উৎসৱত যোগদান কৰা। কিন্তু তেখেতে কি কৰি আনন্দ পাব সেইটো সেই মুহূৰ্তত ডাঙৰ কথা নহয়। তাতকৈ ডাঙৰ কথা হ’ল, কৰ্তব্যৰ প্ৰতি তেখেতৰ নিষ্ঠা। আগেয়ে উল্লেখ কৰা ১১ টা কাৰ্যৰ জৰিয়তে ব্যক্তিৰ কৰ্তব্য নিষ্ঠা প্রকাশ কৰিব পাৰি। কাৰ্যৰ প্রতি দায়বদ্ধতা দেখুৱাব পৰাটোৱে চৰিত্ৰৰ সবলতা প্রদর্শন করে। ইয়েই আমাক আনৰ প্ৰয়োজনসমূহৰ ওচৰত আমাৰ নিজৰ আকাংখ্যাসমূহ লঘু কৰিবলৈ শিকায়, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি আনৰ খেয়াল-খুচি মতে চলিম। ব্যক্তিৰ প্ৰয়োজনবিলাক পূৰণ কৰাটো গুৰুত্বপূর্ণ। এটা কথা ঠিক যে মানুহৰ বাসনাৰ বা প্রয়োজনৰ পৰিধি নাই। প্রয়োজনৰ গুৰুত্বৰ সিদ্ধান্তৰ বেলিকা সংঘাত আহিলে ব্যক্তিয়ে দায়বদ্ধতা আৰু কর্তব্যনিষ্ঠাক প্রাধান্য দিব লগা হ’ব। বৈবাহিক সম্পর্কই দুগৰাকী ব্যক্তিৰ মাজত দায়বদ্ধতা আনে। ধৰা হওক, এনে দুগৰাকী ব্যক্তিৰ এগৰাকী বিয়াৰ এবছৰৰ পাছত কৰ্কট ৰোগত আক্রান্ত হ’ব। তেনে এটা পৰিস্থিতিত আনগৰাকীয়ে নিজকে প্রবঞ্চিত হ’লো বুলি ভাবিব পাৰেনে? ব্যক্তিগৰাকীয়ে আনগৰাকীক নিজৰ জীৱনটো ধ্বংস কৰা বুলি অভিযুক্ত কৰিব পাৰেনে? তেনে অভিযোগ যদি আনিব খোজে ইয়াৰপৰা বুজিব লাগিব এগৰাকী আনগৰাকীৰ ওচৰত দায়বদ্ধ নহয়। ইয়েই স্বাৰ্থপৰতা। দায়বদ্ধতাৰ আটাইতকৈ যন্ত্রণাদায়ক দিশটো হ’ল দায়বদ্ধতাৰ ভঙ্গ হোৱা। তেনে এটা ভাঙোনে দৰাচলতে দায়বদ্ধতা অস্বীকাৰ নকৰে। কিন্তু দায়বদ্ধতা কিয় ভঙ্গ হ’ব লগা হ’ল, সেই কথাৰ মূল্যায়নৰ প্ৰয়োজন হ’ব। ব্যক্তিৰ দায়বদ্ধতাৰ ভঙ্গ ভুলক্রমে হ’লে অনুকম্পা আৰু ক্ষমাৰ যোগ্য। কিন্তু তাৰ বিপৰীতে যদি ইচ্ছাকৃত হয়, তেন্তে সেই পৰিস্থিতিত অনুকম্পা বা ক্ষমাৰ কথা নাহে। “মোক এবাৰ প্রবঞ্চনা কৰি তোমাৰ লাজ ভাব আহিব লাগিছিল; কিন্তু তুমি মোক দুবাৰ প্রবঞ্চনা কৰিলে মোৰ নিজৰ বাবেহে লজ্জাজনক কথা হ’ব।” ক্ষমা নোহোৱাকৈ দায়বদ্ধতা কদাচিতহে ৰাখিব পাৰি। কিছুমান সম্পর্কত, যি কাৰণতেই বিশ্বাস ভংগ নহওক কিয়, সেই বিশ্বাস ঘূৰাই আনিব পাৰি ক্ষমাৰে। উদাহৰণ স্বৰূপে, এটা সন্তানে মিছা কথা কৈ বা ঠগি মাক-দেউতাকৰ বিশ্বাস ভংগ কৰিব পাৰে, তেওঁলোকে সেই সন্তানক ক্ষমা কৰিবই লাগিব (তেওঁক শুদ্ধ পথ দেখুৱাওক আৰু মিছা কথাৰ ফল কি বুজাই দিয়ক)। আকৌ ক্ষমা আছে বুলি জানি যি স্ব-ইচ্ছাৰে বিশ্বাস ভংগ কৰে সেই ব্যক্তি অসৎ। ক্ষমাক এটা অজ্ঞাত পৰিমাণ ধনৰ ‘একাউণ্টৰ’ নামত দিয়া উকা ‘চেক’ বুলি জানো গণ্য কৰিব পাৰি? সম্ভৱতঃ নোৱাৰি।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *