আধুনিক অসমত কৃষিচর্চা (পথাৰতেই হওক বা বৌদ্ধিক ক্ষেত্রখনতে হওক) হৈ পৰিছে এক ব্যাখ্যাতীত অনীহাব কেন্দ্রবিন্দু। বহু সংবেদনশীল-সচেতন মানুহেও কৃষি বিষয়ক আলোচনাৰ গভীৰতালৈ যাবলৈ ইচ্ছা নকৰে। অসমৰ কৃষকৰ ক্রমবর্ধমান সমস্যাৰ অন্তহীন লানিৰ বিপৰীতে দেখা যায় ‘বিজ্ঞ’জনৰ চৰম উদাসীনতা। ইয়াৰ ফলত সৃষ্টি হৈছে এনে এক নেতিবাচক ভাবমণ্ডলৰ, য’ৰ পৰা সহজ নহয় অসমৰ কৃষিৰ উন্নয়নৰ বাস্তৱমুখী পৰিকল্পনা নির্মাণ কৰাটো। ইংৰাজী নতুন এটা বছৰ আদৰাৰ সময়তে আমাৰ মাজৰ সচেতন চামে কিছু সহজাত বদঅভ্যাস জলাঞ্জলি দি কৃষিক্ষেত্ৰখনৰ যোগাত্মক উন্নয়নৰ বাবে ভাবিবৰ হ’ল।
কৃষিক্ষেত্ৰৰ উন্নয়নৰ জৰিয়তে জাতি ৰক্ষা
এটা কথা কোনেও পাহৰি যোৱা অনুচিত যে ২০১৭ বছৰটো যদি অসমৰ কৃষকৰ বাবে ঋণাত্মক বছৰ হয়, ইয়াৰ কুফলে সকলো মানুহকে খুব সোনকালে বিপদলৈ ঠেলিব। মধ্যবিত্তীয় ভণ্ডামি এৰি আমাৰ মাজৰ একাংশই কৃষিকৰ্ম বা কৃষিকেন্দ্রিক বিজ্ঞানসন্মত চর্চালৈ মনোযোগ দিয়া ভাল, অন্ততঃ নিজৰ ভৱিষ্যতৰ কথা ভাবি। আমাৰ কৃষি তথা আনুষংগিক ক্ষেত্ৰখনৰ সমস্যা দেধাৰ। সমস্যাবোৰক মূলতঃ তিনি ভাগত ভগাব পাৰি। বেংকসম্বন্ধীয়, চৰকাৰ সম্বন্ধীয় আৰু কৃষকৰ লগতে নাগৰিকৰ মানসিকতা সম্বন্ধীয়। প্রথমতে আহোঁ বেংকৰ বিষয়টোলৈ। বছৰটো যেনেতেনে পেটে-ভাতে চলি থাকিবলৈ কৃষক এজনক বেছি পুঁজিৰ দৰকাৰ নহয়। যৎসামান্য নিজৰ সঞ্চয়ৰ পুঁজিৰ জৰিয়তে অতি সীমিতভাবে পৰম্পৰাগত পদ্ধতিৰে অসমৰ বহু ক্ষুদ্ৰ আৰু উপান্ত কৃষকে খেতি কৰি আহিছে। বহুক্ষেত্ৰত কষ্টৰ তুলনাত লাভৰ মুখ নেদেখা একাংশ নতুন প্ৰজন্মৰ ল’ৰাই বাপেকৰ দিনৰ পথাৰলৈ নগৈ বেংগালুৰু, হায়দৰাবাদত ছিকিউৰিটী গার্ড হৈছেগৈ। ইয়াৰ সমস্ত দোষ কিন্তু সেই ল’ৰাজন বা কৃষক পৰিয়ালটোক দিব নোৱাৰি। কৃষিক সম্মানজনক বৃত্তি বুলি আন্তৰিকতাৰে বিশ্বাস নকৰা নাগৰিক সমাজখনৰে। এইক্ষেত্রত বহু কৰণীয় আছে। এই বিৰাট প্রত্যাহ্বানটোৰ দ্বাৰা সন্ত্রস্ত নহৈ কৃষিৰ জৰিয়তে নিজৰ ভৱিষ্যৎ গঢ়িবলৈ আগবাঢ়ি অহা যুৱকো আমাৰ প্ৰতিখন গাঁৱতে আছে। কিন্তু তেওঁলোকৰ মাজৰ যিখিনি কৃষকে অলপ বহল ভিত্তিত খেতি কৰি স্বাৱলম্বী হ’ব বিচাৰে, প্রথমটো গতিৰোধক দৃশ্যমান হয় বেংকৰ বিষয়া-কর্মচাৰীৰ নিৰুৎসাহজনক মনোভাবৰ মাজত। এইটো কথা কোনেও নুই কৰিব নোৱাৰে যে বেংকে ঋণ আগবঢ়োৱাৰ আগতে নূন্যতম কেতবোৰ কথা চালিজাৰি চাবলগীয়া হয়। বিশেষকৈ বৰ্তমান প্ৰজন্মৰ কৃষকৰ আগৰ চামটোৱে পূৰ্বতে বেংকৰ পৰা পোৱা ঋণৰ টকা অপব্যৱহাৰ কৰা দৃষ্টান্ত হয়তো আমাৰ প্ৰতিখন গাঁৱতে আছে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। কেতিয়াবা কেতিয়াবা বেংকৰ আচৰণত ‘এবাৰ সাপে খালে লেজুলৈকে ভয়’ কথাষাৰ ফুটি উঠে। কিন্তু আন বহুবোৰ ক্ষেত্ৰত কিছুমান বেংকে নতুন প্ৰজন্মৰ নতুন মন আৰু পণ লৈ আগুৱাই অহা কৃষকৰ মনৰ ভিতৰলৈ জুমি চাবলৈ যত্ন নকৰা কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। নানান নীতি-নিয়মৰ কথা কৈ কৈ আগ্রহী কৃষকক অপ্রয়োজনীয়ভাবে ব্যতিব্যস্ত কৰাৰ নিদৰ্শনো বহু আছে। ইয়াৰ ফলত বেংকিং ব্যৱস্থাটোৰ প্ৰতি গাঁৱৰ মানুহৰ বিশ্বাস এতিয়াও গভীৰ নহয়। ২০১৪ চনৰ পৰা অৱশ্যে প্রধানমন্ত্রী জনধন যোজনাৰ অধীনত বেংকৰ লগত গাঁৱৰ দুখীয়া আৰু অশিক্ষিত মানুহৰো কিছু সম্পর্ক গঢ়ি উঠিছে। কিন্তু ঋণ লাভৰ বেলিকা বেংকে সাধাৰণ ৰাইজক আশ্বস্ত কৰিব পৰা নাই বাবে বহু লোকে অধিক সুতত মাইক্র’ফাইনেন্স সংস্থা বা মহাজনৰ পৰা ঋণ ল’বলগীয়া হৈছে। অর্থাৎ পুঁজিৰ অভাৱত যেনে-তেনে কৃষিকর্মত নিয়োজিত হৈ থকাসকলৰ উৎপাদনশীলতা কমি গৈ আছে আৰু সাময়িকভাবে কৃষিক্ষেত্ৰখনত Capital Formation হোৱা নাই। ফলত এটা চূড়ান্ত গতানুগতিক পদ্ধতিৰে আন কোনো বিকল্প কৰ্মৰ অভাৱত বুজনসংখ্যক লোক নিয়োজিত হৈ থাকি নিজেও বিশেষ উপকৃত হোৱা নাই আৰু কৃষিক্ষেত্ৰখনকো উজলাই তুলিব পৰা নাই। ইয়াৰ মাজতো যিসকলে সফলতা লাভ কৰিছে, সেয়া এক উজ্জ্বল ব্যতিক্রমহে।
বেংকৰ ঋণ ব্যৱস্থাৰ অসুবিধা
চৰকাৰ বুলি ক’লে সাধাৰণ খেতিয়ক ৰাইজৰ আশা-প্রত্যাশা বাঢ়ি আহে। বিভিন্ন ৰাজনৈতিক দলে ভোট লাভৰ স্বাৰ্থতেই হওক বা আন কিবা কাৰণতে হওক, গাঁৱৰ ৰাইজৰ আগত প্ৰায়েই বিভিন্নধৰণৰ প্ৰতিশ্রুতি প্রদান কৰে। ফলত ৰাইজৰ আশা বাঢ়ে। বিভিন্ন ধৰণৰ ৰাজসাহায্যৰ আশাত একাংশ কৃষকে নিজৰ মূল কর্ম পাহৰি জিলা সদৰত অৱস্থিত কৃষি কার্যালযত ভিৰ কৰেগৈ। দুখৰ কথা, স্থানীয় ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতা নাথাকিলে তেনেবোৰ সুবিধা পোৱাও সহজ নহয়। কাৰণ যিটো হাৰত হিলদ’ল ভাঙি মানুহ আহে তাৰ তুলনাত ৰাজসাহায্যৰ পুঁজি কম থাকে। ফলত দুর্নীতিয়ে পোখা মেলিবলৈ সুবিধা পায়। কার্যালয়লৈ তাত-বাটি কৰি কৰি সুবিধা নোপোৱা কৃষকসকল হতাশ হৈ পৰে। বহুক্ষেত্রত আকৌ দেখা যায়, কিছুমান প্রগতিশীল কৃষকে চৰকাৰী বিষয়াৰ পাল্লাত পৰি কৃষিকৰ্ম বাদ দি মধ্যভোগী হৈ পৰে। বীজকে আদি কৰি আনবোৰ প্ৰয়োজনীয় সামগ্ৰী কৃষকৰ মাজত বিতৰণ কৰাৰ সময়তো কৃষক চিনাক্তকৰণৰ সুস্থিৰ মাপকাঠী দেখা নাযায়। ফলত কেতিয়াবা কেতিয়াবা পাবলগীয়াই নাপায় আৰু নাপাবলগীয়াই সদায় পোৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হয়। বাতৰি কাকতত পঢ়িবলৈ পোৱা কৃষি বিভাগৰ অকর্মণ্যতা, দুর্নীতি আৰু আন অপকৰ্মৰ সত্যাসত্য বিচাৰ কৰাটো বিশেষ কঠিন নহয়। সূক্ষ্ম দৃষ্টিৰে আৰু বস্তুনিষ্ঠভাৱে অসমৰ কোনো এখন গাঁৱৰ কৃষিকেন্দ্ৰিক ৰেহ-ৰূপবোৰ লক্ষ্য কৰিলেই সকলো কথা ফটফটীয়া হৈ পৰে। যোৱা এটা দশকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত শক্তিশালী হৈ উঠা কৃষকৰ অধিকাৰ সম্বন্ধীয় আন্দোলনটোৰ আঁৰত কৃষকৰ ভূমি অধিকাৰৰ কথাটোৰ লগতে উল্লিখিত বিষয়কেইটাৰো যথেষ্ট ভূমিকা আছে। কৃষকৰ নামত আঁচনি বহুত, কৃষকৰ হৈ কাম কৰা চৰকাৰী-বেচৰকাৰী অনুষ্ঠানো বহুত। কিন্তু প্ৰকৃত কৃষকৰ বন্ধু বিচাৰি উলিওৱাটো পর্বতত কাছকণী বিচৰাৰ দৰে হৈছেগৈ। বহুক্ষেত্রত আকৌ অসমীয়া মানুহৰ আন এক ভয়ংকৰভাৱে ক্ষতিকাৰক মানসিকতায়ো এচাম কৃষকক আক্রান্ত কৰিছে। গাঁৱৰে হওক চহৰৰে হওক, বহু অসমীয়া আজিৰ সময়ত বন্ধপ্রিয়, উৎসৱপ্রিয়, চান্দাপ্রিয় আৰু অভিযোগপ্রিয় হৈ পৰিছে। সেইচাম কর্মবিমুখ অসমীয়াক (মাজত বহুতো কৃষকো আছে) অধিকাৰৰ লগতে নিজৰ কৰ্তব্যৰ বিষয়েও সচেতন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ইয়াৰ অন্যথা কঠোৰ পৰিশ্ৰমৰ পৰা দূৰত থাকি দুই-এজনে নিজৰ বৈষয়িক সমৃদ্ধি বঢ়াব পাৰিব, কিন্তু সামগ্রিকভাবে কৃষিক্ষেত্রলৈ কোনো বৰঙণি আগবঢ়াব নোৱাৰে।
বিজ্ঞানসন্মত কৃষিৰ প্ৰয়োজনীয়তা
এনে এক পৰিমণ্ডলত থাকিও যিকেইজন মুষ্টিমেয় কৃষকে নিষ্ঠা, শ্রম, ধৈৰ্য আৰু দৃঢ়তাৰে অসমৰ কৃষিক্ষেত্ৰখন পোহৰ মুখী কৰি তুলিছে তেওঁলোক সকলোৰে আর্হিস্বৰূপ হোৱা উচিত। আমি আশা ৰাখিম, নতুন বছৰত নতুন উদ্যমেৰে আমাৰ কৃষকে কাম কৰিব আৰু সেই কৰ্মক কৃষিৰ লগত জড়িত নথকা কিন্তু অত্যন্ত প্রভাৱশালী অসমৰ নাগৰিক সমাজে যথাযোগ্য মান্যতা আৰু সন্মান দিব। নাগৰিক সমাজৰ সহযোগিতা লৈ আগবাঢ়িলে কৃষক ৰাইজেও বেংকেই হওক বা চৰকাৰেও হওক সকলোবে মনোযোগ আকৰ্ষণ কৰিব পাৰিব। একবিংশ শতিকাৰ দ্বিতীয় দশকত প্রযুক্তিবিদ্যাৰ অভূতপূর্ব উত্তৰণৰ সময়ত বিজ্ঞানসন্মত পদ্ধতিবে কৃষিকর্ম অব্যাহত ৰখা কৃষকজনক সন্মানৰ চকুৰে চাবলৈ নাগৰিক সমাজক ক’বলগীয়া হোৱা পৰিস্থিতিয়ে প্ৰমাণ কৰে আমাৰ বিফলতাৰ কথা। সেই বিফলতাক অস্বীকাৰ নকৰি মুকলি মন লৈ আগবাঢ়িলেহে কৃষক সমাজক কিবা এটা আহ্বান জনোৱাৰ নৈতিক অধিকাৰ থাকিব। নতুন বছৰৰ প্ৰথম দিনটোত সততাৰে নিজৰ সীমাবদ্ধতাক ঢাকি নথ’লেই হয়তো কৃষকৰ বাবে অধিক আশাব্যঞ্জক এটা পৰিৱেশ উন্মোচন কৰাৰ দৰে হ’ব। সময়ে কিন্তু নির্মোহভাৱে বিচাৰ কৰিব আমাৰ সফলতা বা বিফলতাৰ কথা-কাণ্ডবোৰ।