ৰাজধানী ভ্ৰমণত অদিতিৰ অতীতৰ স্মৃতি আৰু সোণৰ অসমৰ সপোন
গুণগুণাই গান গাই আছে সুকন্যাই। আঙুলিৰ আঙঠিৰে খিৰিকীৰ প্লাছত টুকুৰিয়াই টুকুৰিয়াই গানৰ তাল মিলাব চেষ্টা কৰিছে। তাল এফালে গৈছে- গান এফালে। নীৰৱে বহি আছে কাজৰি আৰু কস্তুৰী। অভ্যস্ত হাতেৰে ষ্টিয়াৰিং ধৰি অন্যমনস্কভাবে গাড়ী চলাই গৈছে অদিতিয়ে। বাটত এতিয়া গাড়ীৰ ভিৰ বেছি নাই। প্ৰায়বোৰ স্কুলেই ছুটী হৈছে। এইখিনি সময়ত এঘণ্টা-ডেৰঘণ্টামানলৈ গুৱাহাটীৰ বাটবোৰত এটা জিৰণি জিৰণি বতৰ নামি আহে। তাৰ পিছত আকৌ আৰম্ভ হৈ যায় সান্ধ্যকালীন ভিৰ। নতুনকৈ গঢ়ি তোলা ৰাজধানীৰ কাষেৰে আহি আছে অদিতিহঁত। আনফালে এম এল এ হোষ্টেলৰ পিছফালেৰে গণেশ মন্দিৰৰ সন্মুখেৰে ওলাই যায় অদিতি। আজি লাষ্টগেট, ছুপাৰ মাৰ্কেটৰ দিশেৰে বহুদিনৰ মূৰত আহিল। সুকন্যাৰ অনুৰোধত। নতুন ৰাজধানীখন চাই যায় বোলে। কথাটোত কাজৰি আৰু কস্তুৰীৰো সন্মতি থকা যেন লাগিছিল অদিতিৰ। তেওঁলোকৰ মুখবোৰ উজ্জ্বল হৈ যোৱা দেখিছিল অদিতিয়ে।
ৰাজধানী ভ্ৰমণ আৰু অদিতিৰ অতীতৰ স্মৃতি
ৰাজধানীৰ প্ৰায় ওচৰতেই থাকে যদিও গুৱাহাটীলৈ অহাৰ পিছত এদিনো এইফালে অহা নাই অদিতি। কাজৰি আৰু কস্তুৰীও অহা নাই। তেওঁলোকে জানে- এই ৰাজধানীখনৰ লগত জড়িত হৈ থকা অদিতিৰ অতীতটোৰ কথা। ভালদৰে সম্পূৰ্ণকৈ অৱশ্যে নাজানে। ছায়া ছায়া এটা ধাৰণাহে আছে সিহঁতৰ। অদিতিৰ পৰা লাভ কৰা, তেওঁলোকৰ জন্মৰ আগৰ অতীতৰ ছায়াছবি এখন সোমাই আছে তেওঁলোকৰ মনত। তেওঁলোকক অদিতিয়ে এনেকৈ গঢ়ি তুলিছে যে সেই দিনবোৰৰ সম্পৰ্কে কেতিয়াও কোনো প্রশ্ন উত্থাপন নকৰে। হাজাৰ কৌতূহলতো নকৰে। সেই কাৰণে ৰাজধানী উন্মোচনৰ কৌতূহল উদ্দীপক বাতৰিৰে বাতৰি কাকতৰ পৃষ্ঠা ভৰি থকা দেখাৰ পিছতো তেওঁলোকে এদিনো ৰাজধানীখন চাওঁ বোলা নাই। অদিতিয়ে বুজে কৈশোৰ উত্তীৰ্ণ হোৱা জীয়েক দুজনীৰ মনৰ জগৎখনৰ অধিকাংশই অদিতিয়ে দেখা পায়। যিখিনি নেদেখে, চাব খুজিলে সেইখিনিও চাব পাৰে। কিন্তু সেই ইচ্ছা অধিকাৰৰ সীমাৰ বাহিৰৰ বুলি ভাবে অদিতিয়ে। কৈশোৰৰ চপলতা অতিক্ৰম কৰি পৰিপক্ক হৈ উঠিব ধৰা দুয়োজনী জীয়েকৰ ভাবনাক স্বাধীনতা দিছে অদিতিয়ে। নিজে সিদ্ধান্ত ল’ব পৰা মানসিকতা গঢ়ি তুলিছে সিহঁতৰ মাজত। নির্দিষ্ট নিয়ম আৰু প্ৰমূল্যৰ সীমাৰে সিহঁতক আৱৰি ৰাখিলেও এই সীমা কঠোৰ একনায়কত্বৰ সীমা নহয়। বন্ধুত্ব আৰু বুজাবুজিৰে মুকলি মুকলি যেন লগাকৈ গঢ়ি তোলা এক আত্মীয় স্ব-গৃহ মাত্র। অদিতিয়ে সেই কাৰণে হয়তো দুয়োজনী জীয়েকৰ পৰা লাভ কৰিছে অগাধ আনুগত্য আৰু ভালপোৱা। এই আনুগত্য আৰু ভালপোৱাৰ মূল্য নাৰাখিব কিয় অদিতিয়ে? জীয়েকহঁতৰ ইচ্ছাক সম্মান নিদিব কিয়? সিহঁতেতো নাজানে- ৰাজধানী চৌহদৰ এটা ক্ষুদ্র অংশ চকুত পৰিলেও অদিতিৰ কেনে লাগে। কেনেকৈ শিল-বালি-ইটাৰে গঢ়া ঘৰবোৰে অদিতিক আঘাত কৰে। কেনেকৈ মনত পেলাই দিয়ে চন্দনক। চন্দনৰ লগত মিহলি হৈ থকা মুহূৰ্তবোৰক। কাজৰি আৰু কস্তুৰীয়ে অবাক হৈ চাৰিওফালে চাইছে। নতুন নতুন এটা উজ্জ্বল উজ্জ্বল পৰিবেশ। যেন উন্নত ৰাজ্য এখনৰ এখন গর্বিত ৰাজধানী। ষ্টিয়াৰিং ঘূৰাই গোলকৈ ঘেৰি থোৱা ঠাইডোখৰ পাৰ হৈ আহিল অদিতি। ঠাইডোখৰৰ মাজৰ পৰা ওলাই আহিছে গাখীৰৰঙী, ৰূপৱতী ফোৱাৰা। ৰাজধানীখন দেখিলে এনে লাগে যেন ক’তো দুখ নাই। ক’তো বঞ্চনা নাই। ক’তো দাৰিদ্ৰা নাই। ক’তো হতাশা নাই। তিল তিল সৌন্দর্যৰে তিলোত্তমা হৈ উঠিছে অসম। অদিতিহঁতৰ সপোনৰ সোণৰ অসম যেন সঁচাকৈয়ে গঢ়ি উঠিছে। পূর্ণ হৈছে সকলো আকাংক্ষা।
সোণৰ অসমৰ সপোন আৰু ৰাজধানীৰ বাস্তৱতা
কিন্তু প্রকৃততে সোণত সুৱগা চৰা ৰাজধানীখন সেই সপোনৰ প্রতীক হৈহে থিয় হৈ আছে। প্রতীক মাত্র। তাতকৈ বেছি একো নহয়। এই প্রতীকৰ চৌপাশে ৰাজ্যজুৰি জৰাজীৰ্ণ বাস্তৱতা। ব্যর্থ সপোনৰ শ্মশানঘাট। অনেক বছৰ আগতে, যিদিনা মন্ত্রী চন্দন ফুকনৰ পত্নী হিচাপে এই ৰাজধানী চৌহদত প্রথম ভৰি থৈছিল অদিতিয়ে, তেতিয়া এই ৰাজধানীও জৰাজীৰ্ণ আছিল। শাৰী শাৰী গুদামঘৰত চুণ-তেল দি গঢ়ি তোলা ‘জনতা ভৱন’ নামৰ আশা-ভবসাৰ থলীখনলৈ সপোনভৰা চকু তুলি চাইছিল অদিতিয়ে। অসম আন্দোলন শেষ হোৱা তেতিয়া এবছৰো হোৱা নাছিল। স্তব্ধ হৈ যোৱা নাছিল আন্দোলনৰ অপৰিমেয় আৱেগৰ ঢৌবোৰ। এখন সকলোফালে সুন্দৰ, উন্নত আৰু সুৰক্ষিত দেশৰ সপোন তেতিয়াও জ্বলমলাই আছিল প্রতিজন আন্দোলনকাৰীৰ চকুৰ মণিত। শত সহস্র আশাত বন্দী মানুহৰ আনন্দ-উজ্জ্বল চকুৰ আগেৰে, তেওঁলোকৰ হিয়াভৰা আশীৰ্বাদ শিৰত লৈ, তেওঁলোকৰ সামূহিক শক্তিৰে বলীয়ান হৈ আন্দোলনকাৰী এমুঠি তরুণে ৰাজধানী চৌহদত প্রৱেশ কৰিছিল। ওফৰাই পেলাইছিল যুগৰ পিছত যুগ ধৰি শাসনত বর্তি থকা এটা ৰাজনৈতিক দলক। যি দলটোৱে দমন আৰু শোষণ নীতিৰ অনুগত হৈ হেৰুৱাই পেলাইছিল অসমীয়া মানুহৰ মৰম। তীব্র ঘৃণাৰে তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰ কৰিছিল মানুহে। বঙা লাইট লগোৱা এম্বেছেডৰত, চন্দন ফুকনৰ ওচৰত বহি ৰাজধানী চৌহদত সোমাইছিল ন-কইনা অদিতি। তেওঁলোকৰ গাড়ীৰ আগে-পাছে আছিল পাইলট আৰু এছক’ট গাভী। ছাইৰেন আৰু ৰঙা লাইটৰ চমকনিৰে বাটৰুৱাক সচকিত কৰি পাইলট কাৰে তেওঁলোকৰ কাৰণে বাট মুকলি কৰিছিল। ৰঙা ফ্রেগ লগোৱা লাঠীৰে বাট এৰি দিব নোখোজা বাছবোৰৰ বডীত কোবাই কোবাই বাট উলিয়াইছিল। অস্বস্তি লাগিছিল অদিতিৰ। কেনেবা কেনেবা লাগিছিল। কেতিয়াও নেদেখা, কেতিয়াও নুশুনা কথা। নতুন অভিজ্ঞতা। সেই অভিজ্ঞতাই বিৰক্তি আৰু অস্বস্তিৰ বাহিৰে একো দিয়া নাছিল অদিতিক। তাই দ্বিধাৰে চন্দনলৈ চাইছিল। প্রভাৱশালী মন্ত্ৰীৰ গাম্ভীৰ্যৰে বাহিৰলৈ চাই আছিল চন্দনে। নির্বিকাৰ। চন্দনক আগতকৈও ব্যক্তিত্বশালী যেন লাগিছিল। সেইকেইটা দিনতে এখন দেশ চলাব পৰাকৈ তৈয়াৰ হৈ উঠিছিল চন্দন।
অসম আন্দোলনৰ স্মৃতি আৰু অদিতিৰ অন্তৰ্দ্বন্দ্ব
অদিতিৰ ভালো লাগিছিল। অস্বস্তিও লাগিছিল। সকলো মিলি কেনে লাগিছিল অদিতিয়ে নিজেই বুজা নাছিল। চন্দনৰ বুদ্ধিমত্তা, চন্দনৰ দায়বদ্ধতা আৰু যোগ্যতাৰ ওপৰত অসীম আস্থা আছিল অদিতিৰ। দেশৰ কাৰণে কাম কৰাৰ গধুৰ দায়িত্ব কান্ধ পাতি লোৱা চন্দনৰ সহযোগী হ’বলৈ পাই ভাল লাগিছিল। কিন্তু কিয় জানো কোনো কাৰণ নোহোৱাকৈ ক’ৰবাত যেন এডাল কাঁইটে বিন্ধিছিল। কোনো যুক্তি, কোনো কাৰণ নোহোৱাকৈ অদিতিব মনটোক বিন্ধিবলৈ আৰম্ভ কৰিছিল সংশযৰ এডাল অদৃশ্য কাঁইটে। তেতিয়াও অদিতিৰ মনৰ ভিতৰত প্ৰতিধ্বনিত হৈ আছিল আন্দোলনৰ শ্ল’গানবোৰ। কোনো কোনো একান্ত মুহূর্তত অগণন মানুহে যেন সমস্বৰে চিঞৰি উঠিছিল-
‘আহ ঐ আহ- ওলাই আহ।’
‘মৰে অসম জীয়ে কোন জীয়ে অসম মবে কোন।’
‘খেদ ঐ খেদ বিদেশীক খেদ।’
‘আঠচল্লিছ বছৰে পালো কি লাঠি, গুলী, চি আৰ পি।’ জনসভাবোৰত গোৱা গানবোৰ, প্রচেছনত গোৱা গানবোৰ এতিয়াও ধ্বনিত হৈ আছিল বুকুৰ ভিতৰত-
‘আই তোক কিহেৰে পূজিমে, আই তোৰ চৰণে দুখানি, আই অ’ কিহেৰে পূজিমে তোক, আই অ’ জীৱন দি পুজিমে তোক-‘
‘জননীৰ সন্তান, জাগা-‘
‘জুয়ে পোৰা তিৰাশীৰ নির্বাচনী বছৰ ভাইটি নোহোৱা হ’ল জাননে খবৰ-‘ আৰু অনেক অনেক গান। অনেক শ্ল’গান। অনেক স্মৃতি। উদ্দীপনাত তত্বগাই তুলিব পৰা স্মৃতি। চকুপানী বোৱাই আনিব পৰা স্মৃতি। ক্ষোভত উত্তপ্ত কৰি তুলিব পৰা স্মৃতি। সেই স্মৃতিৰ সৈতে চন্দনৰ পত্নী হৈ মন্ত্ৰীৰ আৱাসত প্রৱেশ কৰিছিল অদিতিয়ে। হাউঙ্গার্ডে সশব্দে ছেল্যুট দি গেট খুলি দিছিল। ফুল থোপাৰে অদিতিহঁতক আদৰিবলৈ বৈ আছিল পি এ, পি এছ, পিয়ন আদিব অচিনাকি এটা জুম। ড্রইংৰুমত সজাই থোৱা দামী ছোফাচেটত বহি আছিল ঐশ্বর্যশালী মানুহৰ তিব্বিৰণি বিকিৰিত কৰা তিনিজন ডেকা ল’ৰা আৰু তিনিগৰাকী আধুনিকা, কম বয়সীয়া মহিলা। চন্দনে তেওঁলোকৰ লগত অদিতিক চিনাকি কৰি দিছিল।
চন্দনৰ সৈতে নতুন সংসাৰ আৰু ৰাজনৈতিক বাস্তৱতা
‘এয়া ৰূপক, এওঁ ৰূপকৰ মিছেছ দীপা। সন্দীপ-ৰীতি, সুনয়না-জয়ন্ত।’ অদিতিয়ে তেওঁলোকক নমস্কাৰ জনাইছিল। তেওঁলোকক বহিবলৈ কৈ ভিতৰলৈ যাব নে বহি কথা পাতিব ঠিক কৰিব পৰা নাছিল অদিতিযে। নিজৰ সংসাৰত প্ৰৱেশৰ দিন। চন্দনৰ ঘৰৰ পৰা গুৱাহাটীলৈ বহুদূৰ বাট। ভাগৰ লাগিছে। নিজৰ কোঠালৈ গৈ অলপ জিৰাবলৈ মন গৈছিল। বিচিত্র অনুভূতিৰে থৌকিবাথৌ হৈ আছিল ভিতৰখন। সাধাৰণ, সংঘাতহীন, নিয়মানুগত জীৱন পাৰ কৰি সংসাৰত প্ৰৱেশ কৰা নাছিল অদিতিয়ে। অনেক ধুমুহা, অনেক যন্ত্রণা, অনেক বিচিত্র অভিজ্ঞতা পাৰ হৈ এটা নতুন জীৱনৰ পাতনি মেলিছিল। সহজ নাৰীৰ দৰে কমনীয়, লজ্জাৱনত নতুন কইনা নহয় অদিতি। অসমৰ ইমূৰ-সিমূৰ অকলে ঘূৰি ফুৰা, কাৰাবাস খটা, সংগ্রামী নাৰী। সেই সংগ্রামী সত্তাৰ লগত কইনাৰ সাজ পিন্ধা নাৰীসত্তাই তেতিয়াও সংঘাত পাৰ কৰি সন্তুলিত হৈ উঠা নাছিল। অদিতিক অলপ আহৰিৰ প্রয়োজন। চন্দনৰ লগত গৃহজীৱন আৰম্ভকৰিবলৈ প্ৰস্তুতিৰ প্রয়োজন। চন্দনৰ কোৱাৰ্টাৰত অদিতিক আদৰিবলৈ অনাত্মীয় বনকৰা মানুহ আৰু তলতীযা কৰ্মচাৰীৰ বাহিৰে কোনো নাছিল। সেই মুহূর্তত চন্দনৰ তিনিজন বন্ধু আৰু বন্ধুপত্নীক আপ্যায়ন কৰাত ব্যস্ত হ’ব নে নিজৰ শোৱা কোঠাটো থানথিত লগাব ঠিক কৰিব পৰা নাছিল অদিতিয়ে। বেগ, ছুটকেছবোৰ কোনোবাই ভিতৰলৈ লৈ গৈছিল। কৰ্মচাৰীবোৰে, ছিকিউৰিটিৰ মানুহবোৰে বাহিৰ-ভিতৰ কৰি চাহ বিলোৱাত আৰু খোৱাত লাগিছিল। কোনে চাহৰ যোগান কৰিছিল অদিতিয়ে নাজানে। অনেক খোৱা বস্তু। ডাইনিং টেবুলত ভৰি আছিল মিঠাইৰ পেকেটবোৰ। কোনোবাই অদিতিহঁতলৈও চাহ লৈ আহিছিল।
‘বহা অদিতি। চাহ খোৱা।’ চন্দনে কৈছিল।
অদিতিৰ নিঃসংগতা আৰু দায়িত্ববোধ
‘ৰাতি ৰান্ধিব নালাগে। নন্দনৰ পৰা লৈ আনিছোঁ আমি। অদিতিয়ে চাহ খাই ফ্রেছ হৈ লওক। তাৰ পাছত কথা পাতিম।’ জয়ন্তই কৈছিল। তাৰ পাছত আটাইবোৰে নিজৰ মাজত কথাত ব্যস্ত হৈ পৰিছিল। ইংৰাজী-অসমীয়া মিহলোৱা ভাষাত তেওঁলোকে কথা কৈছিল। গ্লিফ্লেছ ব্লাউজ পিন্ধা, ববকাট চুলিৰ তিনিওগৰাকী মহিলাই অদিতিক ঘেৰি লৈ ইটো-সিটো কথা সুধি ব্যতিব্যস্ত কৰি তুলিছিল। অদিতি বিউটি পার্লাৰলৈ যায়নে নাযায়, কি ফেচপেক লগায়, কলিকতা, দিল্লীলৈ গৈছেনে নাই- অদিতিয়ে কেতিয়াও নুশুনা, কেতিয়াও নভবা অজস্র প্রশ্ন। তেওঁলোকৰ মুখৰ পৰা ওলোৱা ইংৰাজী ভাষাৰ ধুমুহাত বিপর্যস্ত হৈ পৰিছিল অদিতি। কথাৰে, শৰীৰৰ ভংগীমাৰে তেওঁলোকে বুজাই দিছিল তেওঁলোক ধনী আৰু অতি উচ্চ সামাজিক স্তৰৰ মানুহ। অতি এৰিষ্ট’ক্রেটিক। অদিতিৰ বৌদ্ধিক ঔজ্জ্বল্য সেই বাহ্যিক উজ্জ্বলতাত স্নান হৈ পৰিছিল। অদিতিযে চন্দনলৈ চাইছিল। চন্দনে তেওঁলোকৰ লগত সমান গতিত ইংৰাজীত কথা পাতি আছিল। অদিতিৰ কাৰণে সি বোধহয় অস্বস্তি পাইছিল। অদিতিৰ আভিজাত্যহীনতা, অদিতিৰ বাহ্যিক সাধাৰণত্ব, অদিতিৰ আধুনিকতাবর্জিত ৰূপৰ লগত সি বোধকৰোঁ আন তিনিগৰাকীক তুলনা কৰিছিল। তাৰ মুখত অদিতিৰ প্ৰতি যেন অবজ্ঞা ফুটি উঠিছিল-তেনে লাগিছিল অদিতিৰ। অদিতি কুণ্ঠিত হোৱা নাছিল। সেই তৰাং আলোচনা শুনি, তৰাং মানসিকতা দেখি বিৰক্তহে হৈছিল।
অদিতিৰ মনৰ প্ৰশ্ন আৰু অতীতৰ পুনৰীক্ষণ
‘আপোনালোকে আন্দোলন কৰিছিল। হঠাৎ সুধি পেলাইছিল অদিতিয়ে?
‘আন্দোলন? নাই- ওলোৱা নহ’ল। এওঁ বিজনেছ লৈ ব্যস্ত। দিল্লী-কলিকতা ঘূৰি ফুৰে। ময়ো যাওঁ লগতে।’ বীতিয়ে কৈছিল।
‘ল’ৰা-ছোৱালী?
‘দুটা ল’ৰা। এই বছৰ বোর্ডিং স্কুলত থৈছোঁ।’
‘আপুনি?
‘এ নক’বা- দেউতাহঁতে ওলাবলৈকে নিদিলে। খুব ডাঙৰ ফেমিলিতো। এওঁৰ লগত বিয়া হ’লো। পাপা ডিচি। ক’ত আৰু ওলোৱা।’ বাদ দিয়ান। অদিতি আন্দোলনৰ কথা পিছত পাতিবা সকলোরে ইন্টাৰেষ্ট নাপায় নহয়। চন্দনে বিৰক্তি লুকুৱাই হাঁহি কৈছিল। নাই- নাই- ইন্টাৰেষ্ট নাপাম কিয়? ইনফেক্ট, তোমাৰ মিছেছৰ দৰে ডেডিকেটেড এজিটেচ নিষ্টৰ পৰা আন্দোলনৰ কথা শুনিবলৈ ভালেই লাগিব। কিমান ইন্টারেষ্টিং এক্সপিৰিয়েন্স আছে। আমাৰতো নাই- রি হ্যাভ আ ডিফেন্টে লাইফ, মাচ্ছ এরে ফ্রম মেইনস্ট্রিম আছামীজ ছ’চাইটি। ছামটাইম আই ফিল আই হ্যাভ মিছ্ড আ এক্সট্রিমলি ইন্টারেষ্টিং পিচ অৱ এক্সপিৰিয়েন্স, অৱ আ ছ’চিয়েল মুভমেন্ট। অদিতি- ৰিয়েলি যু হেভ ছেক্রিফাইছ্ড আ লট ফ’ দ্য কমিউনিটি। ৰিয়েলি য়্যু আ’ গ্রেট।’

‘বাইট য়্যু আ’। আ থ্রিলিং লাইফ। এতিয়া মিনিষ্টাৰৰ ৱাইফ হ’লা- হাইপ্রফাইল ছ’চাইটিত আহিলা-য়। রিল এনজয় দিছু লাইফ থ’ব ‘লিটু, আই আম শ্বিয়’। খুব বেলেগ লাগিব চাবা। চন্দনক আমি সোনকালে বিয়া পাতিবলৈ কৈয়েই আছিলো। আল্টিমেটলি বিয়া পাতিলে। এতিয়া আহিবলৈ ভাল লাগিব। সি আমাৰ পাৰ্টিলৈ গৈ থাকে। আমি নিজেই কেইবাবাৰো ইয়াত নিজে নিজে পার্টি কৰিলো। তুমি আহিলা- এতিয়া আৰু মজা হ’ব।’ ৰীতিয়ে কৈ গৈছিল। অদিতি থৰ লাগিছিল। তাই যেন এখন অচিনাকি জগতত সোমাই দিশহাৰা হৈ পৰিছিল। চন্দনে তাইৰ অস্বস্তি মন কৰিছিল হয়তো। সি সুৰুঙা উলিয়াই কৈছিল-
‘তুমি ফ্রেছ হৈ লোৱা অদিতি। এওঁলোকে ভাত খাই যাবতো। পিছতো কথা পাতিব পাৰিবা।’ অদিতিয়ে সকাহ পাই উঠি আহিছিল।
‘অদিতি একাচেকা কিন্তু। ইয়াত ড্রিংক নকৰিবা। বেয়া পাব।’
‘ঠিক আছে- গাড়ীতে বহি খাওঁগৈ।’ ভিতৰলৈ উঠি আহিবৰ সময়ত চন্দনে অনুচ্চ সুৰত কোৱা শুনিছিল অদিতিয়ে। ৰাতি এঘাৰটাত ভাত পানী খাই তেওঁলোক উভতি গৈছিল। উভতি যাওঁতে লগত লৈ গৈছিল গাড়ীত বহি খাই অহা দামী মদৰ ওকালি অহা গোন্ধ। পিছত অদিতিযে সুধিছিল-
‘কেনে বন্ধু সেইকেইজন? আজি মই বিয়া হৈ প্রথম ইয়ালৈ আহিছোঁ তেওঁলোকে বুজিব লাগিছিল। ইমান ৰাতিলৈ-‘
‘কি কৰিবা- মোৰো বেয়া লাগিছিল। কিন্তু তেওঁলোকক যা বুলিনো কওঁ কেনেকৈ? আমাৰ লগত খাম বুলি নিজেই খোৱা বস্তু লৈ আনিছে।’ চন্দনে কৈছিল।
সুকন্যাৰ কথাত জীৱনৰ নতুন অৰ্থ
‘কেনেকুৱা বন্ধু জানো। আগতে তোমাৰ মুখত নামেই শুনা নাছিলো।’
‘সিমান বেছি বন্ধুত্ব নাছিল। কিন্তু পার্টি গঠন হোৱা আগৰে পৰা সিহঁতে মোক বহুত সহায় কৰিছে জানা। মোৰ কাৰণে এখন গাড়ী ইলেকচন যোৱালৈকে ভাড়ালৈ লৈ দিছে। পার্টি গঠনৰ সময়ত যি হৈছিল, সিহঁত নথকা হ’লে মই টিকট পালোহেঁতেন নে নাই ঠিকেই নাই।’
‘তোমালোকেই দেখোন টিকট দিছিলা। তুমি নাপাবা কিয়?’ অদিতিযে আচৰিত হৈ সুধিছিল।
‘তুমি নাজানা- যি পলিটিক্স হৈছিল, মোৰ সমষ্টিত উঠিবলৈ তিনিজন কেন্ডিডেট ওলাইছিল। তিনিজনৰে বেকত পার্টিৰ প্ৰেছিডিয়ামৰ মানুহ আছিল। অন্য বহুত হেভিৱেটো আছিল। মোৰ লবী নাছিলতো। পইচাওতো নাছিল। লাষ্টত কাজিৰঙা আই বি-ত পাৰ্টিৰ পোষ্ট আক কেন্ডিডেটৰ লিষ্ট ফাইনেল হ’ব বুলি খবৰ পালো। কোনেও নাজানে। মাত্র ছয়জন বহিছে। জয়ন্তহঁতে দুয়োহাতে পইচা ঢালি কেনেকৈ যে মেনেজ কৰিলে- ময়ো চামিল হৈ গ’লো। সেই কাৰণে জয়ন্তহঁতক মই এভইড কৰিব নোৱাৰোঁ। সিহঁত নথকা হ’লে-‘
‘কিন্তু তেওঁলোকেতো আন্দোলন কৰাই নাছিল। পার্টি গঠনত, টিকট দিয়াত কেনেকৈ সোমাবলৈ পালে?’
‘এহ- সেইবোৰ বহুত ডাঙৰ খেল অদিতি। কিমান ফর্চ নামি গৈছিল- কিমান পলিটিক্স হৈছিল তুমি ভাবিবই নোৱাৰা।’ অদিতি কিয় জানো জই পৰি গৈছিল। তাই লাহেকৈ সুধিছিল-
‘তুমি কিয় ৰাজনীতিলৈ আহিলা চন্দন? আহিব নালাগিছিল। ৰাজনীতি ভাল নহয়, যি বুজিছোঁ।’
‘আহিব নালাগিছিল- ময়ো মাজে মাজে ভাবোঁ। কিন্তু আহিলো যেতিয়া থাকিব লাগিব। মানুহৰ বাবে কাম কৰাৰ ইমান ডাঙৰ সুযোগ পাইছোঁ ভাগ্যৰ কথা। মই খুব ভালকৈ কাম কৰিম। মোৰ বহুত ডাঙৰ ডাঙৰ কাম কৰাৰ প্লেন আছে। ইতিমধ্যে আৰম্ভকৰিছোঁও। ক’ম ৰ’বা। তোমাক ক’বলৈ লগেই পোৱা নাই। এতিয়া সেইবোৰ বাদ দিয়া। শোৱা। বহুত ৰাতি হৈছে। ভাগৰ লগা নাই। চন্দনে অদিতিক বুকুৰ মাজলৈ লৈ গৈছিল। অদিতিৰ সংসাৰৰ প্ৰথম নিশা পাৰ হৈ গৈছিল ক্লান্তি, অসন্তোষ আৰু অস্বস্তিৰ মাজেৰে। তাৰ পিছত- তাৰ পিছত আৰম্ভ হৈছিল আশ্চর্য, বিষাদ, ক্লান্তি, ক্রোধ, নিঃসংগতাৰ বা-মাৰলিৰ দৰে অহা দিনবোৰ। বিতর্ক, বাদ-প্রতিবাদ, ক্রোধ, অবিশ্বাস, অনাস্থা, দ্বন্দ্ব, সংশয়েৰে কণ্টকাকীর্ণ দিনবোৰ- ৰাতিবোৰ- দিনবোৰ। প্রতিটো পুৱা পূৰ নোহোৱা টোপনিৰ ক্লান্তিৰে বিছনাৰ পৰা উঠিছিল অদিতি। প্রতিটো নিশা তাই দুপৰ নিশালৈ অপেক্ষা কৰি থাকিছিল চন্দনলৈ। জনতা ভৱনৰ পৰা সাত-আঠ বজাত ঘূৰি আহি অদিতিক বজাৰলৈ নহ’লে জয়ন্ত, ৰূপক, সন্দীপ আৰু অন্য বহু নতুনকৈ গোট খোৱা বন্ধুৰ ঘৰলৈ যাবলৈ লগ ধৰিছিল চন্দনে। চন্দনৰ কাৰণে ৰওঁতে ৰওঁতে দুপৰীয়াৰ ভাত কেতিয়াও খোৱা নহৈছিল। গধূলি ঘৰলৈ উভতি অহা চন্দনক অকলে পাব খুজিছিল অদিতিয়ে। চন্দনে বিচাৰিছিল বজাৰ কৰি, বন্ধু-বান্ধৱৰ লগত কটাই আনন্দ কৰিবলৈ।
‘কিযে তুমি! কিয় লাগে নির্জনতা? তুমি ঘৰত থাকি থাকি কিবা হৈ গৈছা। ব’লা ওলাই ব’লা। ভাল লাগিব।’ চন্দনে বিৰক্তিবে কৈছিল। অদিতি কেতিয়াবা গৈছিল। গৈ ভাল লগা নাছিল। সেই ঘৰবোৰত অসম আন্দোলনৰ কোনো স্মৃতি নাছিল। দেশৰ প্ৰতি কোনো দায়বদ্ধতা নাছিল। আছিল মাত্র টুলুঙা, বিৰক্তিকৰ অত্যাধুনিকতা। শৰীৰ সৰ্বস্বতা। ভোগসর্বস্বতা। ব্যৱসায় সর্বস্বতা। সেই দিনবোৰত চন্দনৰ নামত প্রতিদিনে অগণন চিঠি আহিছিল। অসমৰ বিভিন্ন ঠাইৰ পৰা চিনাকি-অচিনাকি মানুহবোৰে ৰাজ্যৰ উন্নতিৰ বাবে বিভিন্ন আঁচনি, উপদেশ, পৰামৰ্শ আগবঢ়াইছিল। সেই চিঠিবোৰ চন্দনে নপঢ়িছিল। সময়ো নাপাইছিল। পঢ়িছিল অদিতিয়ে। আগ্রহেবে নিজেই আগবাঢ়ি গৈ চিঠিবোৰ পঢ়াৰ দায়িত্ব লৈছিল। চিঠিবোৰ পঢ়ি, আঁচনি, উপদেশ, অনুৰোধবোৰৰ ওপৰত দাগ দি চন্দনৰ টেবুলত চকুত পৰাকৈ সজাই থৈছিল। সেই দিনবোৰত সদায় অদিতিহঁতৰ কোৱাৰ্টাৰৰ সন্মুখত চন্দনক দেখা কৰিবলৈ অহা মানুহেৰে ঠাহ খাই পৰিছিল। কোৱাৰ্টাৰৰ বাহিৰত প্ৰখৰ ৰ’দত থিয় হৈ থাকিছিল দেখা কৰিবলৈ অহা মানুহবোৰ। ঘৰৰ ভিতৰত অস্বস্তিত ঘামি গৈছিল অদিতি।
প্ৰভাকৰ আৰু নিভা সৈতে পুৰণি সম্পৰ্ক
‘মানুহবোৰ ৰৈ আছে। যোৱানা। দেখা কৰাগৈ। খুব বেয়া হৈছে।’
‘যাম ৰ’বা। ৰওক। দিনটো কাম কৰোঁ। তেওঁলোকৰ কামেইতো কৰোঁ। সকলোবে কাম কৰি দিম। কাম নহ’লে ক’বা।’ চন্দনে মিছা কোৱা নাছিল। সঁচাকৈ সকলোৰে কাম কৰি দিছিল চন্দনে। সমস্ত মনোযোগ ঢালি, পৰিপূর্ণ আন্তৰিকতাৰে কাম কৰিছিল। এজন অত্যন্ত কর্তব্যনিষ্ঠ, যোগ্য মন্ত্রী হিচাপে চন্দনক সকলোৱে স্বীকৃতি দিছিল। তথাপি ঘণ্টাৰ পিছত ঘণ্টা চন্দনলৈ ৰৈ থকা মানুহবোৰৰ কাৰণে অদিতিৰ বেয়া লাগিছিল। নিজেই ওলাই যাবলৈ মন গৈছিল। সেই মানুহবোৰৰ সৰহভাগেই আন্দোলনকাৰী। সকলোৱে আশাৰে আহিছে। কেনেকৈ সেই মানুহবোৰক ঘৰৰ বাহিৰত থিয় হৈ থকা দেখিও নির্বিকাৰ হৈ থাকিব পাৰে চন্দন? খুব বেয়া লাগিছিল অদিতিব। কিন্তু ওলাই গৈ মানুহখিনিক দেখা কৰি মাত এষাৰ দিয়া উচিত বুলি ভাবিও থমকি ৰৈছিল। মানুহবোৰেতো আন্দোলনকাৰী নেতা চন্দনক দেখা কৰিবলৈ অহা নাই, আহিছে মন্ত্রী চন্দনক দেখা কৰিবলৈ। মন্ত্রী পত্নীৰ তাত কি কাম? অদিতি এতিয়া আন্দোলনকাৰী নহয়। তাই এতিয়া এজন মন্ত্ৰীৰ পত্নী। ঘৰৰ বাহিৰত ৰৈ থকা মানুহবোৰৰ ওচৰলৈ গৈ তেওঁলোকৰ কাম কৰি দিয়াৰ অধিকাৰ তাইৰ নাই। অনধিকাৰ চৰ্চা কৰিব কিয় অদিতিয়ে? তাই জানো চন্দনৰ ছাঁ? নিজৰ অধিকাৰৰ ক্ষেত্ৰৰ বাহিৰত খোজ দি, স্বামীৰ ক্ষমতা ব্যৱহাৰ কৰাৰ কোনো হাবিয়াস অদিতিৰ মনত জন্ম হোৱা নাছিল। সেই কথা ভাবিলে তাইৰ লাজ লাগিছিল। একেটা সময়তে নিজক প্রশ্ন কৰিছিল অদিতিয়ে-
‘মই কি কৰি আছোঁ? মোৰ এতিয়া কি দায়িত্ব? মই এতিয়া কি কৰিম? মই ক’লৈ আহিলো? ইয়ালৈ অহাটো জানো মোৰ উদ্দেশ্য আছিল?’ মন্ত্রীপত্নী হিচাপে লাভ কৰা সম্মান, প্রাচুর্য, সুযোগ-সুবিধা আৰু কালিলৈকে অদিতিক অবজ্ঞা কৰা আত্মীয়, পৰিচিতসকলৰ ঈর্ষা, সম্মান আৰু আনুগত্যই এই প্রশ্নবোৰ ঢাকি পেলাব পৰা নাছিল। তেতিয়াও অদিতিৰ ভিতৰত টবগাই আছিল এজনী যোদ্ধা নাৰীয়ে। অসম আন্দোলনত প্রাণক আগ কৰি যোগ দিয়া ভয়-ভীতহীন, আৱেগিক, মানুহমুখী নাৰীয়ে। এজনী সোণৰ অসমৰ সপোন দেখা বাস্তৱ-জ্ঞানহীন আন্দোলনকাৰীয়ে। কেইমাহনো পাৰ হৈছিল অসম চুক্তিৰ পিছত? গুৱাহাটীৰ দেৱালবোৰত লিখা শ্ল’গানবোৰ তেতিয়াও বিবর্ণ হৈ যোৱা নাছিল। ৰঙা লাইট লগোৱা গাড়ীত উঠি যাওঁতে তেতিয়াও অদিতিয়ে শ্ল’গানবোৰ পঢ়ি গৈছিল-
‘কিয়নো পাহৰা হে’ৰা অসমীয়া- চিৰকাল আছিলা স্বাধীন।’
“মোৰ দেশ, মোৰ মাটি, মোৰ অধিকাৰ।’ দীঘল দীঘল বছৰঙী মাফলাৰ, পোর্ট ফলিঅ’ বেগ, কাগজৰ নুৰা হাতত লৈ মলিয়ন আৰু পুৰণি কাপোৰ পিন্ধি গেটৰ সিপাৰে ৰৈ থকা মানুহবোৰৰ চকুবোৰত তেতিয়াও তিবিৰাই আছিল আস্থা, বিশ্বাস আৰু আশা। তেওঁলোকৰ গায়ে-মুখে নতুন মাৰুতিৰ বতাহ মাৰি সোমাই যোৱা উজ্জ্বল কাপোৰ পিন্ধা মানুহবোৰলৈ তেওঁলোকে অবাক হৈ চাইছিল। তেওঁলোকৰ চকুবোৰ তেতিয়াও ঘৃণা আৰু অশ্রদ্ধাত জ্বলি উঠিবলৈ শিকা নাছিল। তাৰ পিছত- বহুদিনৰ পিছত এদিন- নতুন মাৰুতিবোৰ, ধন্ধকীয়া বগা এম্বেছেডৰবোৰ আৰু বিবর্ণ মানুহবোৰৰ মাজেৰে বাট উলিয়াই অদিতি ওলাই আহিছিল অনিশ্চয়তালৈ।
‘পুৰণি আটাইবোৰ ঘৰ ভাঙি দিব নেকি মা?’ কাজৰিয়ে সুধিলে।
‘দিব হয়তো। প্লেন্ড বাজধানী। পুৰণি ঘৰবোৰ ৰখাৰ সম্ভাৱনা নাই।’ অদিতিয়ে অন্যমনস্কভাৱে উত্তৰ দিলে।
‘অলপ অলপকৈ ভাঙি ভাঙি বনাই যাব বোধহয়।’ কাজৰিয়ে ক’লে।
‘হ’ব পাৰে।’ অদিতিয়ে লাহেকৈ ক’লে।
‘সঁচা?’ পুৰণি ‘জনতা ভবন’টো, দর্শনার্থীক টিকট দিয়া ঘৰটো নাই। অফিচাৰ্ছ ক’লনিৰ অধিকাংশ ঘৰেই ভাঙি পেলোৱা হৈছে। সুপৰিকল্পিতভাবে গঢ়ি উঠিব ধৰিছে মুকলি মুকলি লগা এখন সুন্দৰ, সুসজ্জিত ৰাজধানী। মিনিষ্টাৰ্ছ ক’লনিটো খুব সম্ভৱ এতিয়াও আগৰ দৰেই আছে। বাহিৰৰ পৰা দেখি তেনে যেনেই লাগিল অদিতিৰ। হাউছ-গার্ড আছে নে নাই ভালদৰে বুজা নাযায়। অৱশ্যে দুটামান ঘৰৰ এছবেছটৰৰ চালকেইখন দেখি আহিছে অদিতিয়ে। এক নষ্টাল্কি আরেগে ছুই গৈছে অদিতিক। সেই দেখাত বিবর্ণ যেন লগা দেৱালকেইখনৰ সিপাৰে, সৰ্বসাধাৰণ মানুহে সম্পূর্ণকৈ নেদেখা এখন জগৎ আছে। সেই জগৎখন একালত খুব ওচৰৰ পৰা দেখিছিল অদিতিয়ে। দেখিছিল এক আন্দোলনকাৰীৰ দৃষ্টিৰে। এজন জননায়কৰ ঘৰৰ ভিতৰৰ পৰা, এজন মন্ত্ৰীৰ শোৱনি কোঠাৰ পৰা, এটা জনাকীর্ণ ভিজিটিং ৰুমৰ দুৱাৰমুখত থিয় হৈ, দিনত ৰাতি-বন্ধৰ দিনত ৰ’দৰ দিনত খোলা দিনত বৰষুণৰ দিনত। দিনৰ পিছত দিন। অনেক বিচিত্রবর্ণী স্মৃতি মিহলি হৈ আছে এইটো কেম্পাছৰ বাট-পথবোৰত। মাখনৰঙী, বৃহৎ আছাম টাইপৰ ঘৰ এটাৰ ভিতৰে বাহিৰে বিয়পি আছে অদিতিৰ জীৱনৰ এটা বিশেষ খণ্ডৰ মুহূৰ্তবোৰ।
অৰণ্যৰ স্মৃতি আৰু অদিতিৰ দোমোজা
‘ফ্লাই অভাৰবোৰ দেখিলে মোৰ কেনে লাগে জানে আণ্টি?’ গণেশগুৰি ফ্লাই অভাৰত উঠাৰ লগে লগে সুকন্যাই টুকুৰিয়াবলৈ আৰু গুণগুণাবলৈ এৰি কৈ উঠিল। গীয়েৰ সলাই অদিতিয়ে অন্যমনস্কভাবে সুধিলে-
‘কেনে লাগে?’
‘মানুহৰ লাইফৰ লগত মিল আছে যেন লাগে।’
‘মানুহৰ লাইফৰ লগত? কিয়?’ সামান্য অবাক আৰু সচকিত হৈ উঠি অদিতিয়ে সুধিলে।
‘মানুহৰ লাইফতো এনেকুৱাই। মাজে মাজে মাটিৰ ওপৰেৰে কিন্তু আকাশৰ তলেৰে ফ্লাই কৰি যায়। মানুহে ভাবে বহুত ওপৰেৰে উৰি আহিলো। আচলতে কিন্তু নুৰে। নামতহে ফ্লাই। মাটিৰ লগত লাগিয়েই থাকে। মাটিৰ পৰা অলপ ওপৰলৈ উঠে- শেষত মাটিলে নামি যায়। মাত্ৰ উৰা বুলি ভাবি এটা ছেটিছফেকচন পায় আৰু।’ অদিতি আশ্চর্যত স্তব্ধ হৈ গ’ল। গীয়েৰ ভালকৈ সলাব নোৱাৰিলে। অদ্ভুত এটা শব্দ কৰি, সৰু এটা জোঁকাৰণি মাৰি গাড়ীখন তললৈ নামিবলৈ আৰম্ভ কৰিলে। এই অকণমানি- সৌ সিদিনা মেট্রিক পাছ কৰা ছোৱালীজনীয়ে ইমান দকৈ জীৱনৰ কথা ভাবে? ভাবিব পাৰে? অবাক গৈ গৈছে কাজৰি আৰু কস্তুৰীও। কাজৰিয়ে বিৰক্তি পাহৰি উভতি চাইছে সুকন্যালৈ। নিজৰ আৱেগহীন স্বচ্ছ দৃষ্টিৰে যেন পৰীক্ষা কৰি চাব খুজিছে সুকন্যাক। কন্তুৰীয়েও অবাক হৈ চাইছে সুকন্যালৈ। কোনজনী সুকন্যাক সঁচা বুলি ভাবিৰ সেই কথা যেন ঠিক কৰিব পৰা নাই। মাজে মাজে সুকন্যাক অচিনাকি যেন লাগি যায় কস্তুৰীৰ। কিয় জানো তাইক বহুত দূৰৈৰ- ঢুকি নোপোৱা কোনোবা যেন লাগি যায়। মাজে মাজে এনেধৰণৰ অদ্ভুত কথা কৈয়েই থাকে সুকন্যাই। কিন্তু এনেকৈ কয় যে ধেমালি বুলি ধৰিব নে সুচিন্তিত মন্তব্য বুলি ধৰিব ঠিকেই কৰিব নোৱাৰে কস্তুৰীয়ে। তাইক সেইকাৰণেও ভাল লাগে কস্তুৰীৰ-খুব ভাল লাগে। সৌজন্যহীন আচৰণৰ কাৰণে প্ৰায়েই অস্বস্তি অনুভৱ কৰিলেও তাইৰ প্রতি কস্তুৰীয়ে সুতীব্র আকর্ষণো অনুভৱ কৰে। কোনে কি ভাবিছে সুকন্যাই লক্ষ্য কৰা নাই। তাই আকৌ আঙঠিৰে টুকুৰিয়াই টুকুৰিয়াই গুণগুণাবলৈ আবম্ভ কৰিছে। কি আছে সুকন্যাৰ মনত? কিয় এনে এষাৰ অদ্ভুত কথা ক’লে দেখাত টুলুঙা যেন লগা ছোৱালীজনীয়ে? অলকেশে কোৱা কথাই সঁচা নেকি? অদিতিহঁতে গম নোপোৱাকৈ সলনি হৈ গৈছে নেকি দেশখন? মানুহবোৰ। মানুহৰ মনবোৰ।
উন্নয়নৰ পৰিকল্পনা আৰু জনসাধাৰণৰ আশা
অদিতিহঁত স্থবিৰ হৈ বৈ আছে নেকি অসম আন্দোলনে জন্ম দিয়া আবেগ আৰু দায়বদ্ধতাৰ এক প্রাসংগিকতাহীন কলীয়াপানীত? হ’ব পাৰে। অলকেশে কোৱা কথাই হয়তো সঁচা। অদিতিহঁত সঁচাকৈয়ে হয়তো বিপ্ ভান রিংকলৰ দৰেই পুৰণি দিনৰ গাৰুত মূৰ থৈ শুই আছে। চকু মেলি চালেই অবাক হৈ যাব। অবাকতো হৈছেই। আজি যেন অদিতিৰ অবাক হোৱাৰেই দিন। পুৱাৰ পৰা এতিয়ালৈকে অদিতিক খুন্দিয়াই – গৈছেহি আশ্চর্য আৰু আৱেগৰ ঢৌবোৰে। অজস্র প্রশ্নই অনেক বছৰৰ মূৰত যেন আকৌ বিন্ধিবলৈ আৰম্ভ কৰিছে অদিতিক। প্রভাকৰে দি যোৱা প্ৰথমটো ঢৌরে অদিতিক অতীতলৈ টানি লৈ গৈছিল। মুহূর্ততেই যেন অদিতিৰ মনৰ ভিতৰত জমা হৈ থকা কিছু ছায়াছবি জীৱন্ত হৈ উঠিছিল। কলেজৰ ডিপার্টমেন্টত অনেক বছৰৰ মূৰত এটা কাম লৈ, শক্তিশালী ৰাজনীতিকেও কৰিব নোৱৰা কামৰ দাবী লৈ, প্রভাকৰে অদিতিৰ কাৰণে অপেক্ষা কৰি আছিল পুৰণি বন্ধুত্বৰ অধিকাৰত। মেট্রিকত কোনোমতে প্রথম বিভাগ পোৱা পুতেকৰ এড্মিছনৰ কাৰণে আহিছিল প্ৰভাকৰ। কলেজৰ কামখিনি কৰোঁতে তাই প্রভাকৰক সহায় কৰি দিছিল। কামৰ মাজে মাজে সিহঁতে দুই-এটা পুৰণি কথা পাতিছিল। হেলমেট নিপিন্ধা ল’ৰা এটাই প্রচণ্ড গতিৰে বাঁওফালেদি বিপজ্জনকভাৱে অভাৰটেক কৰি গুচি গ’ল। খপজপকৈ ষ্টিযাবিং ঘুৰাই মাজবাটলৈ আনি আকৌ বাঁওকাষলৈ গুচি গ’ল অদিতি।
পুৰণি ঘৰ আৰু সলনি হোৱা ৰাজধানী
‘ঐ-ঐ- স্টুপিড।’ সুকন্যাই হাত উলিয়াই চিঞৰি উঠিল। ল’ৰাটোৱে বোধকৰোঁ চিঞৰটো গুনিলে। এখন হাত মুঠি মাৰি আৰু বুঢ়া আঙুলিটো তল কৰি ডাউন দিয়াৰ ভংগী কৰি ল’ৰাটো বাইক চলাই গুচি গ’ল।
‘চিঞৰিছ কিয়?’ লাজ পাই কস্তুৰীয়ে ক’লে।
‘চিঞৰিছ কিয় মানে? ধৰিব পৰা হ’লে, কিক মাৰি তাক উইথ-বাইক পেলাই দিলোহেঁতেন। আণ্টিয়ে কন্ট্র’ল কৰিলে বুলিহে। নহ’লে কি হ’লহেঁতেন ভাবচোন। তাৰ বোধকৰোঁ মৰিলে কান্দিবলগীয়া কোনো নাই। সেই কাৰণে এনেকুৱা। মৰিবলৈ ভয় নাই। মৰে মৰক। আনক মাৰে কিয়? ভৰলু ভর্তি হৈ আছে। ফুটপাথত উঠি আস্তেকৈ মেনহোল এটাত চকাটো থ’লেই হয়। যমৰ দুৱাৰ খোলাই আছে। চিধা গৈ ভূতনাথ ঘাট ওলাবগৈ। লোকক আকৌ লগত নিব খোজে কিয়? ভূতনাথত এনেয়ো বাইক থকা লগ বহুত পাবই।’ কন্তুৰীয়ে প্রাণখুলি হাঁহি উঠিল। হাঁহো নাহাঁহোকৈ কাজৰিয়েও হাঁহি পেলালে। অদিতিয়ে হঁহ্য নাই। এক অচিনাকি কৌতূহলে অধিকাৰ কৰি পেলাইছে অদিতিক। চৌপাশৰ জগৎখনক নতুনকৈ যেন জানিবলৈ- বুজিবলৈ মন গৈছে। এই মনটো দি গ’ল প্রথমে প্রভাকৰে। কলেজ কেম্পাছৰ বাহিৰত গাড়ীত বহি থকা পুত্ৰৰ লগত চিনাকি কৰি দিবলৈ লৈ আনি এক নতুন ধৰণৰ অভিজ্ঞতাৰ মুখামুখি কৰি থৈ গ’ল প্রভাকবে।
প্ৰভাকৰ আৰু নিভাৰ সৈতে পুৰণি সম্পৰ্ক
কিমান বেলেগ যেন লাগিছিল প্রভাকৰক। ডিপার্টমেন্টত বহি থকা সপ্রতিভ, আত্মবিশ্বাসী আৰু নেতা নেতা লগা প্রভাকৰক দেখি অদিতি যিমান আচৰিত হৈছিল তাতকৈ বেছি আনন্দ পাইছিল। তেজৰ সম্পর্কহীন হ’লেও প্রভাকৰ অদিতিৰ কাৰণে আকাংক্ষিত আত্মীয়। অনেক অনন্য দিনৰ সহযোগী প্রভাকৰৰ প্ৰতি অদিতিৰ মনত অনেক স্নেহ আৰু শুভাকাংক্ষা ভৰি আছে। আছে সুগভীৰ আন্তৰিকতা। প্রভাকৰৰো আছে। অদিতিয়ে জানে। এনে আত্মীয়তা মৃত্যুহীন নহ’ব পাৰে- কিন্তু অনেক প্রতিকূলতাৰ মাজতো তিষ্ঠি থাকিব পৰাকৈ শক্তিশালী। প্রভাকৰ খুব সৎ- খুব আনন্দময়- অত্যন্ত কর্তব্যপৰায়ণ, দায়বদ্ধ ল’ৰা আছিল। কঠোৰ পৰিশ্ৰমী আৰু সৎ আন্দোলনকাৰী আছিল। অনেক বছৰৰ মূৰত দেখা পোৱা প্রভাকৰক হাঁহি আৰু চকুৰ চাৱনিত সেই দিনবোৰৰ ৰেঙণিৰ প্ৰতিবিম্ব দেখাত ভুল হোৱা নাছিল বুলি অদিতি নিশ্চিত। অফিচিয়েল কামবোৰ কৰি থকাৰ মাজে মাজে প্রভাকৰে যিকেইটা কথা কৈছিল সেইকেইটা কথা ভটিয়নী সোঁতত উটি যোৱা টুলুঙা মানুহে কোৱা কথাও নাছিল। কিন্তু কেম্পাছৰ বাহিৰলৈ অহাৰ লগে লগেই কি অদ্ভুত ধৰণে সলনি হৈ গৈছিল প্রভাকৰ। ঠিক যেন এটা মেৰুদণ্ডহীন সৰীসৃপৰ দৰেই বণ্ডৱা বাই চিচিকীয়া স্ক’ৰপিয়’খনৰ ওচৰলৈ আগবাঢ়ি গৈছিল প্রভাকৰ। গাড়ীৰ ফ্রন্ট ছীটত চিপছ খাই খাই ভৰি নচুৱাই নুচুৱাই বহি আছিল প্রভাকৰৰ পত্নী নিভা। অদিতিৰ পুৰণি চিনাকি নিভা। এতিয়াৰ সম্পূর্ণ অচিনাকি নিভা।
অসম আন্দোলনৰ সহযোদ্ধাসকলৰ পৰিৱৰ্তন
‘অদিতি বাইদেউ।’ আকর্ণ বিস্তৃত কিন্তু আধুনিক কায়দাৰ হাঁহি এটা মাৰি নিভা গাড়ীৰ পৰা নামি আহিছিল। অদিতিৰ এনে লাগিছিল যেন নিভা নহয়- গাড়ীৰ পৰা নামি আহিছে সময়ৰ ধূলি-বালি লাগি লেতেৰে হোৱা, সময়ৰ কোনো ওখোৰা-মোখোৰা সুৰংগত থেকেচনি খাই বিকৃত হোৱা এটা স্মৃতি। সেই সুবংগত প্ৰৱেশ কৰাৰ আগতেই নিভাক শেষবাৰ দেখিছিল অদিতিয়ে। প্রভাকৰ-নিভাৰ বিয়ালৈ গৈছিল অদিতি। অকলে। চন্দন তেতিয়া বিভাগীয় কোনো কামত দিল্লীলৈ গৈছিল। চার্কিট হাউছৰ ভি আই পি কমত দুৰাতি থাকি তাই প্রভাকৰৰ বিয়াত অংশগ্রহণ কৰিছিল। দুয়োখন ঘৰলৈয়ে যাব লগা হৈছিল অদিতি। একেখন চহৰৰ দুমুবে থকা দুখন বিয়াঘৰত মানুহৰ আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছিল অদিতি। সেই আকর্ষণত অসম আন্দোলনত ৰাইজৰ পৰা লাভ কৰা অবিমিশ্র ভালপোৱা নাছিল। আছিল আশাত উৎকণ্ঠিত, ঈর্ষাত দগ্ধ, কৌতূহলত চঞ্চল আৰু অনেক নামহীন অনুভূতি আৰু চিন্তাৰে সানমিহলি হৈ থকা সমীহ সমীহ একধৰণৰ ভালপোৱা। মানুবোৰৰ আদৰ-আপ্যায়নৰ মাজত অদিতিব উশাহ বন্ধ হৈ যাব খুজিছিল। পৰিৱৰ্তিত পৰিস্থিতিৰ বাস্তৱতাক উপলব্ধি কৰিব পাৰি অদিতি ঘামি গৈছিল। অৱশ্যে তাৰ মাজতো কিছু মানুহ একে আছিল। আগৰ দৰেই আছিল। বিয়াত উপস্থিত থকা আন্দোলনৰ সহকর্মী আৰু অন্তৰংগ বন্ধু বলোভদ্র, শুভংকৰ, প্ৰদীপ, কবিতা, ৰাসবিহাৰী, অনিমেষ, জুম্মা, ডাঃ নিশান্ত আৰু অনেকেই অদিতিৰ লগত নতুন পৰিস্থিতিক আঁতৰাই থৈ পাৰ হৈ অহা দিনবোৰৰ দৰে সহজভাৱেই কথা পাতিছিল। হাঁহি-ধেমালি কৰিছিল। আদিত্যও আছিল তাৰ মাজত। সশস্ত্র বিপ্লৱৰ পথেৰে অসমক স্বাধীন কৰাৰ শপত লৈ ঘৰ এৰি গুচি যোৱা অৰণ্য বৰুৱাৰ ভায়েক আদিত্য। অসম আন্দোলনত বহুবাৰ কাৰাবাস খটা, পুলিচৰ অত্যাচাৰত ঘুণীয়া হোৱা আদিত্য। অদিতিৰ আপোনৰো আপোন অৰণ্যৰ ভায়েক আদিত্য। তথাপি- তথাপি কিয় জানো অদিতিৰ ভাব হৈছিল ক’ৰবাত যেন ছন্দপতন হৈছে, ক’ৰবাত যেন কিবা এটা নোহোৱা হৈ গৈছে।
ৰাজধানীৰ পৰিৱৰ্তন আৰু মানুহৰ সপোন
তেওঁলোকৰ বাহ্যিক স্বাভাৱিকতা, আগ্রহ আৰু আন্তৰিকতাৰ মাজতো অদিতিয়ে যেন শুনিবলৈ পাইছিল আশাভংগৰ এক বিষাদ ধ্বনি। নিজকে কিয় জানো অপৰাধী অপৰাধী লাগিছিল অদিতিব। সহজ হৈ থকিব খুজিও বাৰে বাৰে অন্যমনস্ক হৈ পৰিছিল অদিতি। অপ্রতিভ হৈ পৰিছিল। দুখন বিয়াঘৰৰ অগণন মানুহৰ মাজত মাত্র তিনিজন মানুহে সেই অদিতিক দেখা পাইছিল। বিয়াঘৰৰ বাস্ততাৰ মাজতো একাষে মাতি নি প্রভাকৰে সুধিছিল- ‘তোমাৰ কি হৈছে অদিতি?’ অদিতিয়ে প্রশ্নটো এৰাই গৈছিল। কাৰণ প্ৰভাকৰক দিবলৈ অদিতিৰ হাতত তেতিয়া উত্তৰ নাছিল। উত্তৰটো জন্ম দিব পৰা অগণন প্রশ্নইহে তেতিয়া অদিতিৰ মনটোক আৱৰি ধৰিবলৈ আৰম্ভ কৰিছিল। শুভংকৰেও তাইক একেই প্রশ্নকেই কৰিছিল। শুভংকৰৰ প্ৰশ্নটোৰ পৰাও ফালৰি কাটি গৈছিল অদিতিয়ে। নিভাহঁতৰ ঘৰৰ ৰভাতলীত বহি থাকোঁতে ওচৰতে বহি থকা আদিত্যই সুধিছিল- আপোনাৰ কি হৈছে অদিতি বাইদেউ? পুৱাৰ পৰা দেখি আছোঁ আপুনি যেন কিবা এটা চিন্তা কৰি আছে। কিবা সমস্যা হৈছে নেকি বাইদেউ?’ তেতিয়া কইনাৰ পোছাকত নিভা আহি হোমৰ গুৰিত বহিছিল মাত্র। তাইৰ গুণাৰ বনকৰা কাপোৰসাজ আৰু গা-ভৰা গহনাত ভিডিঅ’ কেমেৰাৰ পোহৰ পৰি জিকমিকাই উঠিছিল। সেইফালে চাই চাই অদিতিয়ে চিন্তিতভাৱে লাহে লাহে কৈছিল- সমস্যা তেনেকৈ একো হোৱা নাই আদিত্য। কিছুমান কথা দেখি-শুনি চিন্তাত পৰিছোঁ। বুজাই ক’ব নোৱাৰিম। দিছপুৰলৈ আহিবাচোন, সময় লৈ কথা পাতিম।’সেইদিনা বহুদিনৰ মূৰত আদিত্যই ককায়েক অৰণ্যৰ নাম লৈছিল। সোধোঁ নোসোধোঁকৈ সুধিছিল-
‘দাদাই আপোনাক ফোন কৰিছিল?’ সেই প্রশ্নত অদিতি উচপ খাই উঠিছিল। ভিডিঅ’ কেমেৰাৰ পোহৰ নুমাই যোৱা কাৰণেই হয়তো পোহৰ-উজ্জ্বল ৰভাতল এন্ধাৰ হৈ যোৱা যেন লাগিছিল অদিতিৰ। ম্লান হৈ গৈছিল অদিতিও। কৈছিল-
‘অবণ্য য’ত আছে তাৰ পৰা ফোন কৰিব পাৰিব জানো?’
‘নাজানো নহয়। সেই যে গ’ল- তাৰ পিছত আৰু কোনো যোগাযোগ নাই। শুনিছোঁ কাচিনত আছে।’
‘অৰণ্যক এবাৰ লগ পোৱা হ’লে ভাল আছিল আদিত্য। তেওঁলোকৰ শেহতীয়া কিছু কিছু কথাই মোক দোমোজাত পেলাইছে। মইতো দিছপুৰত থাকোঁ- তোমালোকে নেদেখা বহুত কথা ওচৰৰ পৰা দেখিবলৈ পাওঁ।
‘মোৰ মনতো বহুত প্রশ্নৰ জন্ম হৈছে বাইদেউ। মই আহিম। আপোনাৰ লগত কথা পাতিম।’ আদিত্যই কৈছিল। অদিতিয়ে প্রভাকৰ আৰু নিভাৰ বিয়া চোৱাত লাগিছিল যদিও তেতিয়াও তাইৰ মনটো কেন্দ্রীভূত হৈ আছিল ‘অৰণ্য’ নামৰ বহুত দিন নেদেখা এজন বন্ধুৰ স্মৃতিত। হয়তো আদিত্যয়ো তেতিয়া অৰণ্যৰ কথাই ভাবি আছিল। দুজন পৰমাত্মীয়ৰ দৰে ওচৰা-উচৰিকৈ বহি আছিল আদিত্য আৰু অদিতি। যে অৰণ্য আৰু অদিতিৰ মাজত গঢ়ি উঠো উঠো হৈয়ো গঢ়ি নুঠা সম্পৰ্কৰ কথা জানিছিল সেই কথা সেইদিনা প্রথম গম পাইছিল অদিতিয়ে। বোধকৰোঁ ইচ্ছা কৰিয়েই জানিবলৈ দিছিল সি। কৈছিল-
‘দাদাই মোক আপোনাৰ খবৰ ৰাখিবলৈ কৈ গৈছে। মোক নিজৰ বুলি ভাব্বি বাইদেউ।’
অতীতৰ পৰা বৰ্তমানলৈ অদিতিৰ যাত্ৰা
‘বাইট টার্ন ল’ব লাগিব আন্টি।’ সুকন্যাৰ কথা শুনি স্মৃতিৰ অতলৰ পৰা উঠি আহি অদিতিয়ে ষ্টিয়াৰিং ঘূৰালে। জি এছ ৰোড এবি ৰাজগড়ৰ ফালে সোমাই গ’ল। অদিতি আকৌ অন্যমনস্ক হৈ গৈছে। তাই আকৌ উভতি গৈছে পুৰণি দিনলৈ- পুৰণি দিনৰ স্মৃতিয়ে আজি দুপৰীয়া দিয়া নতুন আঘাতৰ যন্ত্রণালৈ। কি অদ্ভুত লাগিছিল নিভাক। বিয়াঘৰৰ ৰভাতলীত দেখা কইনা নিভা আৰু আন্দোলনৰ কর্মী নিভাৰ লগত এই নিভাক মিলাবলৈ গৈ বিমূঢ় হৈ পৰিছিল অদিতি। আন্দোলন কালত কিমান বেলেগ আছিল নিভা। অৱশ্যে নিভা দেহে-কেহে লগা আন্দোলনকাৰী নাছিল। তাইৰ দেউতাক বিশ্বদের খনিকৰহে আছিল আন্দোলনব জিলা পৰ্যায়ৰ নেতা। নহয়- ঠিক নেতা নহয়- তেওঁ আছিল পরামর্শদাতা। তেওঁলোকৰ ঘৰখন জিলা পৰ্যায়ৰ নেতাসকলৰ ভাতঘৰ, জিৰণি ঘৰ আছিল। জিলাখনলৈ অহা আন্দোলনৰ কেন্দ্রীয় নেতৃবৰ্গৰো জিৰণিৰ ঠাই আছিল খনিকৰৰ ঘৰখন।
Frequently Asked Questions (FAQs)
1. অদিতি ৰাজধানীলৈ কিয় গৈছিল?
সুকন্যাৰ অনুৰোধত অদিতি বহুদিনৰ মূৰত লাষ্টগেট আৰু ছুপাৰ মাৰ্কেটৰ দিশেৰে নতুন ৰাজধানীখন চাবলৈ গৈছিল।
2. ৰাজধানীখন দেখি অদিতিৰ মনত কি জাগি উঠিছিল?
ৰাজধানীখন দেখি অদিতিৰ মনত অসম আন্দোলনৰ দিনবোৰ, চন্দনৰ সৈতে আৰম্ভ কৰা সংসাৰ আৰু সোণৰ অসমৰ সপোনৰ স্মৃতি জাগি উঠিছিল।
3. অদিতিৰ মনত সংশয়ৰ কাঁইট কিয় জন্ম হৈছিল?
চন্দনৰ বুদ্ধিমত্তা আৰু যোগ্যতাৰ ওপৰত আস্থা থাকিলেও মন্ত্ৰীৰ আৱাস আৰু ৰাজনৈতিক বাস্তৱতাৰ কিছু অভিজ্ঞতাই অদিতিৰ মনত অস্বস্তি আৰু সংশয়ৰ জন্ম দিছিল।
4. সুকন্যাই ফ্লাই অভাৰৰ সৈতে মানুহৰ জীৱনৰ কি মিল দেখিছিল?
সুকন্যাৰ মতে, মানুহৰ জীৱন ফ্লাই অভাৰৰ দৰে। মানুহে ভাবে যে তেওঁ ওপৰেৰে উৰি আহিছে, কিন্তু আচলতে মাটিৰ লগত লাগিয়েই থাকে আৰু শেষত মাটিলৈ নামি যায়।
5. প্ৰভাকৰৰ সৈতে অদিতিৰ সম্পৰ্ক কেনেকুৱা আছিল?
প্ৰভাকৰ অদিতিৰ বহুদিনৰ সহযোগী আৰু আকাংক্ষিত আত্মীয় আছিল। তেওঁৰ প্ৰতি অদিতিৰ মনত স্নেহ, শুভাকাংক্ষা আৰু গভীৰ আন্তৰিকতা আছিল।
6. অৰণ্য কোন?
অৰণ্য হৈছে অদিতিৰ পুৰণি বন্ধু, যি সশস্ত্ৰ বিপ্লৱৰ পথেৰে অসমক স্বাধীন কৰাৰ শপত লৈ ঘৰ এৰি গৈছিল। তেওঁৰ স্মৃতিয়ে অদিতিৰ মনত বহু প্ৰশ্নৰ জন্ম দিছিল।
7. লেখাটোৰ কেন্দ্ৰীয় বাৰ্তা কি?
লেখাটোৰ কেন্দ্ৰীয় বাৰ্তা হৈছে—অতীতৰ সপোন আৰু বৰ্তমানৰ বাস্তৱতাৰ মাজত থকা পাৰ্থক্যক বুজিবলৈ হ’লে স্মৃতি, অভিজ্ঞতা আৰু নতুন প্ৰজন্মৰ চিন্তাক নতুন দৃষ্টিৰে চাব লাগিব।