অসীমৰ জীৱনত শিক্ষাৰ গুৰুত্ব

Nipusaikia
15 Min Read

শিক্ষা, দৰিদ্ৰতা আৰু অসীমৰ জীৱন

অসীমৰ কি হৈছে জানো? নির্মলৰ পৰা সিহঁতক নতুন মাষ্টৰে দিয়া অংক তিনিটা শুনাৰে পৰা বাৰে বাৰে মনটো অংককেইটাৰ ফালে গৈ থাকে।

এটা অংক সি লগে লগেই কৰিব পাৰিছে। বাকী দুটা অংকও যেন ভাবিলে কৰিব পাৰিব- তাৰ তেনেকুৱা অনুভব হৈছে। কিন্তু পিছ মুহূর্ততে সি নিজকে জোৰকৈ বুজাইছে- তাব দৰে স্কুল এৰা, শিল ভঙা ল’ৰা এজনে শিক্ষকে স্কুলত কৰিবলৈ দিয়া অংকৰ কথা ভাবি কোনো লাভ নাই।

কিন্তু তাৰ পিছতো মাজে মাজে অংক দুটাই আহি তাৰ মগজুত কুটকুটাবলৈ ধৰে।

সিদিনা নির্মলে তাক অংককেইটাৰ কথা কৈ থাকোঁতে, সি বৃত্তৰ অংকটোৰ কথা ভাবি থাকোঁতে সি পাহৰিয়ে গৈছিল যে সি স্কুল এৰা বহুদিনেই হ’ল। আৰু যেতিয়া সি বৃত্তৰ প্ৰশ্নটোৰ উত্তৰ উলিয়াব পাৰিছিল তাৰ বিৰাট স্ফূর্তি লাগিছিল।

সকলো দুখ-কষ্ট পাহৰি মুহূৰ্তৰ বাবে সি হৈ পৰিছিল জুৱেল- মহেন্দ্ৰ মাষ্টৰৰ মৰমৰ জুবেল। পিছ মুহূর্ততে সি নির্মম বাস্তৱত উফৰি পৰিছিল।

এতিয়াও শিল ভাঙি থাকোঁতে নির্মলে কোৱা মৌলিক সংখ্যাৰ প্রশ্নটোৱে তাক আমনি কৰিব লাগিছে। ১ৰ পৰা ৯লৈ অংকবোৰ প্ৰতিটোক এবাৰকৈ ব্যৱহাৰ কৰি তৈয়াৰ কৰিব পৰা নটা অংকবিশিষ্ট সংখ্যাবোৰৰ কিমানটা মৌলিক সংখ্যা হ’ব?

সপ্তম শ্রেণীমানলৈ সি পঢ়াত ভালেই আছিল। মৌলিক সংখ্যা, যৌগিক সংখ্যাৰ কথা সি পঞ্চম শ্রেণীতে পাইছিল। গতিকে অংকটোৰ কথা ভাবিবলৈ তাৰ সমস্যা হোৱা নাই।

তাৰ সমস্যা হৈছে অংকটোক মূৰৰ পৰা খেদিবলৈহে। আজি সি একেবাৰে শিল ভাঙিব পৰা নাই। লগৰ ৰমেনহঁতে ইতিমধ্যে কেইবাটিনো শিল ভাঙিলে। অসীমৰ নিজৰ ওপৰতে মস্ত খং উঠিল- তাক অংকই খুৱাবনে হাতুৰীয়ে খুৱাব? শিল ভঙা কামত সি ওস্তাদ হৈ গৈছে।

লাহে লাহে সি কুঁৱেৰীৰ আন আন কামতো হাত দিব। দুই-এদিনতে শিলত বোমা দিয়া কামটো সি আৰম্ভ কৰিব। অংকৰ কথা জোৰকৈ দলিয়াই পেলাই সি খৰকৈ শিল ভঙাত মন দিলে।

কেতিয়া যে তাৰ মনটো আকৌ অংকটোৱে দখল কৰি পেলাইছিল তালৈ অসীমৰ খেয়ালেই নাছিল। হঠাৎ যেন বিজুলীয়ে চমকাই তাৰ মগজুৰ অন্ধকাৰ গহ্বৰ পোহৰাই তুলিলে।

১ৰ পৰা ৯লৈ প্ৰতিটো অংক এবাৰকৈ, মাত্ৰ এবাৰকৈহে ব্যৱহাৰ কৰিলে, নটা অংকবিশিষ্ট যি সংখ্যাই তৈয়াৰ কৰা নহওক কিয়, তেনে সংখ্যাবোৰৰ অংকবোৰৰ সমষ্টি হ’ব ১+২+৩++৯ অর্থাৎ ১০×৯+২=৪৫। আৰু ৪৫ সংখ্যাটো ৯ৰে বিভাজ্য।

গতিকে মূল সংখ্যাবোৰো ৯বে বিভাজ্য। অর্থাৎ তেনেকৈ তৈয়াৰ কৰা

প্রতিটো সংখ্যাই যৌগিক। গতিকে সেই সংখ্যাবোৰৰ এটাও মৌলিক নহয়। অসীমে তাৰ যুক্তিখিনি আকৌ এবাৰ পৰীক্ষা কৰি চালে। নাই, তাৰ ক’তো ভুল হোৱা নাই। উত্তেজনা আৰু উৎসাহত তাৰ যেন উশাহ বন্ধ হৈ যাব।

হাতুৰীটো সি শিলৰ দ’মটোলৈ দলিয়াই দি কাকো একো নোকোৱাকৈ বহাৰ পৰা উঠি দৌৰিবলৈ ধৰিলে। স্কুল ছুটী হ’বৰ হৈছে- নির্মলক সি নিশ্চয় স্কুলৰ গেটৰ বাহিৰত লগ পাব।

দৰিদ্ৰতা আৰু শিক্ষা মাজত অসীম

ৰমেনহঁতে আচৰিত হৈ অসীম যোৱাৰ ফালে চাই ব’ল।

অসীমে স্কুলৰ গেটৰ পৰা অলপ দূৰত অস্থিৰভাৱে পায়চাৰি কৰি আছে। সময়বোৰ যেন একে ঠাইতে বৈ গৈছে। কেতিয়া স্কুল ছুটী হ’ব?

উস্ আজি স্কুল ছুটী নহ’বই নেকি। বাৰে বাৰে সি বেঙা মেলি স্কুলৰ চৌহদৰ ভিতৰলৈ চাইছে।

হঠাৎ অসীম চক্ খাই উঠিল। সেয়া ঢং ঢংকৈ ছুটীৰ ঘণ্টা বাজিছে সেয়া ল’ৰা-ছোৱালীৰ কোহাল শুনা গৈছে- সেয়া ল’ৰা-ছোৱালীবোৰ শ্ৰেণীকোঠাৰ পৰা ওলাই আহিছে- সিহঁত গে’টৰ ফালে আগুৱাই আহিছে- নির্মল?

নির্মল ক’ত? নির্মল ক’ত?- সৌরা- সৌটো জাকত নির্মল- জাকটো গেটৰ ফালে আহি আছে-জাকটো গে’ট পাইছে- জাকটো গে’টেৰে ওলাই আহিছে- অসীমে চিঞৰিলে-

‘নির্মল-

নির্মল অসীমৰ ফালে আগুৱাই গ’ল। অসীম নির্মলৰ ফালে দৌৰি যোৱাৰ দৰে গ’ল। সিদিনা নতুন মাষ্টৰক লগ নিদিয়াৰ বাবে গালি পাৰিবলৈ নির্মলে মুখ মেলাৰ আগতেই অসীমে তাক ক’বলৈ ধৰিলে-

‘বুজিছ- সেই যে অংকটো?- মৌলিক সংখ্যা কিমানটা হ’ব?- এটাও মৌলিক সংখ্যা নহ’ব বুজিছ? প্রতিটো সংখ্যাই নৰে বিভাজ্য হ’ব। কেনেকৈ চা–অসীমে একে উশাহতে কথাখিনি ক’বলৈ গৈ ফোপাবলৈ ধৰিলে।

‘বৰ- মোক কোৱাতকৈ তই অনুভৱ ছাৰক ক’লেহে ভাল হ’ব। তেখেতেহে তোৰ অংকটো হৈছেনে নাই ক’ব পাৰিব।’- একেই উত্তেজনা আৰু উৎসাহেৰে নির্মলে অনুভৱ মাষ্টৰক মাতিবলৈ স্কুলৰ ভিতৰলৈ দৌৰি গ’ল।

অনুভৱ মাষ্টৰ আৰু নিৰ্মল গে’টেৰে বাহিৰলৈ ওলাই আহি দেখে যে অসীম নাই। ইটোৱে সিটোৰ ফালে চাই দুয়ো নির্বাক হৈ ৰ’ল। অলপ পিছত নির্মলে কৈ উঠিল-

‘গৰুটো পলাল।’

‘কি বুলি কৈছিল গৰুটোরে?’- অনুভৱ মাষ্টৰে নিৰ্মলক নকল কৰি সুধিলে।

‘কৈছিল যে সংখ্যাবোৰৰ এটাও মৌলিক নহয়। প্রতিটো সংখ্যাই হেনো ৯ বে

বিভাজ্য হ’ব। নির্মলে ক’লে।

উজ্জ্বল চকু-মুখেৰে অনুভৱ মাষ্টবে যেন চিঞৰি উঠিল-

‘ই এটা মস্ত গৰু।’

অসীমৰ জীৱন সংগ্ৰামৰ কাহিনী

নির্মলে হি হি হিকৈ হাঁহিবলৈ ধৰিলে।

যেন অপৰাধীক ধৰাৰ বাবে সেনাৰহে অভিযান।

অসীমক বিচাৰি অনুভৱ মাষ্টৰ আৰু নিৰ্মল লগে লগে পাহাৰৰ তলি পালেগৈ।

অসীমৰ লগৰীয়া সকলোরে শিল ভঙাত ব্যস্ত। সকলোবে ভঙা শিলগুটিৰ দ’মবোৰ বহুত ওখ ওখ হৈ পৰিছে। নির্মলে অনুভব মাষ্টৰক অসীমৰ নির্দিষ্ট ঠাইটুকুৰা দেখুৱাই দিলে-

এটা চাপৰ শিলৰ দ’মত অসীমব হাতুৰীটো পৰি আছে- কিঞ্চিৎ দূৰলৈ দেখা গৈছে দ ‘মটোৰ পৰা ছিটিকি যোৱা কেইটামান শিলগুটি- অসীমহে তাত নাই।

লাহে লাহে গৰম পৰিবলৈ আৰম্ভ কৰিছে। ভাত-পানী খাই অনুভৱ আজৰি হৈ লৈছে। ভাত খাই উঠি অনুভর লগে লগেই বিছনালৈ নাযায়। তেনেকৈ তেওঁৰ টোপনি নাহে।

কিবা এখন কিতাপ পঢ়াৰ পাছত মনটো এক ধৰণৰ প্রশান্তিৰে ভৰি পৰে। তাৰ পিছতহে অনুভবে শোৱাৰ কথা ভাবিব পাৰে। আজি পিছে তেওঁৰ কিতাপ পঢ়িবলৈও মন যোৱা নাই।

কমৰ খিৰিকীখন খুলি লৈ খিৰিকীখনৰ কাষতে চকীখন পাৰি লৈছে। চি ডি প্লেয়াৰত জ্যোতি সংগীতৰ চি ডি এখন লগাই দিছে। সৰু শব্দেৰে বাজিব লাগিছে- ‘সোণৰ পালেঙতে অ’ মনে তৰা’।

লাইটটো নুমুৱাই অনুভবে কোঠাটো আন্ধাৰ কৰি লৈছে। খিৰিকীৰে মাজে মাজে একোছাটি পাতল বতাহ সোমাই আহিছে। গাটো জুৰ পৰি গৈছে। খিৰিকীখনেৰে বাস্তাটো ধুনীয়াকৈ দেখা যায়। বাহিৰত জোনাক। অত-ত’ত গছৰ ছাঁ পৰিছে। এচেৰেঙা জোনাক কোঠাটোলৈও সোমাই আহিছে। গোটেই পৰিৱেশটো মায়াময় হৈ পৰিছে।

ৰাস্তাটো নির্জন হৈ পৰিছে। মাজে মাজে দুই-এটা কুকুৰ ঘূৰি ফুৰিছে। কেতিয়াবা মন্থৰ গতিত কেৰেক কেৰেককৈ শব্দ কৰি চাইকেল এখন পাৰ হৈ গৈছে।

ভুক ভুককৈ কুকুৰ দুটামানে কিছুদূৰ চাইকেলখনৰ পাছে পাছে খেদি গৈছে। আৰু এসময়ত সিহঁত বৈ দিছে। পৰিবেশটো আকৌ নিস্তব্ধ হৈ পৰিছে। মাজে মাজে চৰাইৰ দুই-এটা চিনাকি-অচিনাকি শব্দ ভাঁহি আহিছে।

অনুভবে মন কৰিলে আন বহুত গাঁৱৰ দৰে এইখন গাঁৱৰ পৰাও বহুত বস্তু হেৰাই যাব লাগিছে। এই মুহূর্তত তেওঁ অনুভৱ কৰিলে আজি ইমানদিন গাঁওখনত থাকিও শিয়ালব অস্তিত্বৰ চিন তেওঁ পোৱা নাই।

ইতিমধ্যে বাতি গভীৰ হ’বলৈ আৰম্ভ কৰিছে। কিন্তু শিয়ালৰ হোৱাৰ শব্দ শুনিবলৈ পোৱা নাই। তাৰ শৈশৱৰ বহু সাধুকথাৰ নায়ক, বাতি হ’লেই মনত একধৰণৰ মধুৰ ভীতিৰ সঞ্চাৰ কৰা শিয়ালবোৰলৈ তেওঁৰ দুখ লাগিল। একধৰণৰ বিষাদেৰে তেওঁৰ মন ভৰি পৰিল।

ঢলং-পলংকৈ জোনাকৰ মাজেৰে এজন মদপী পাৰ হৈ গ’ল। এতিয়া চাগৈ অসীমৰ বাপেকেও এনেকৈ ক’ৰবাত ঢলং-পলংকৈ ঘূৰি ফুৰিছে।

অসীমৰ বাপেকৰ কথা মনত পৰাৰ লগে লগে অনুভৱৰ বহুদিন আগতে জিলমিলে কোৱা কথাটো আকৌ মনত পৰিল- mass depression! গণহতাশা। কথাবোৰ এনেকুৱাও হ’ব পাৰেনে? স্বাধীনতাৰ অত বছৰৰ পিছতো আশানুরূপভাবে প্রগতিৰ মুখ নেদেখি,

অসীমৰ জীৱনত শিক্ষাৰ গুৰুত্ব

পৃথিবী কিয় দেশখনৰেই আন আন অঞ্চলৰ তুলনাতো অনগ্রসৰ হৈ থাকি থাকি মানুহবোৰ হতাশাত ডুবি গৈছে? বাতৰি কাকত আৰু টিভি চেনেলবোৰত কেতিয়াবা দেখা যায় কোনো কোনো অঞ্চলৰ মানুহে সমূহীয়া সিদ্ধান্ত লৈ নির্বাচন বর্জন কৰিছে। এয়া গণ হতাশাৰ এক রূপ?

এতিয়াও দল আৰু নেতাবোৰে চহৰলৈ যোৱা ৰাস্তাটো ভাল কৰি দিম বুলি কৈ ভোট বিচাৰিব পৰা পৰিৱেশ বাহাল আছে। যাতায়াত, খোৱাপানী- এইবোৰতো স্বাভাবিকভাবে প্রাপ্য ন্যূনতম ব্যৱস্থা হ’ব লাগিছিল। অথচ এইবোৰ এতিয়াও নেতা-পালিনেতাই নির্বাচনী সভাত টেটু ফালি চিঞৰি চিঞৰি দিব পৰা প্রতিশ্রুতি হৈয়েই ৰৈছে।

স্বাধীনতাৰ অত বছৰ পিছত আমাৰ ৰাজনীতিৰ ইচ্ছ্যু বা বিষয় কি হ’ব লাগিছিল? আৰু হৈ আছে কি? ধুৰন্ধৰ অযোগ্য নেতা-পালিনেতাৰ খঁক-মৰৰ্থকে মানুহবোৰক জীয়াতু ভোগাইছে।

সেইদিনা অসীমহঁতৰ ঘৰলৈ যাওঁতে অনুভৱে অসীমৰ বাপেকক দেখিছিল। আঁঠু দুটাৰ মাজত মূৰ গুঁজি জধলা সাজপাৰেৰে মানুহজনে কাঁথিত বহি আছিল। একধৰণৰ পৰাজিতৰ ভংগিমাৰে। তেওঁ যেন কাকো নিজৰ অস্তিত্বৰে আমনি কৰিব খোজা নাছিল।

তেওঁক অনুভৱৰ হতাশাত ভাঙি পৰা এজন বিপর্যস্ত, বিধ্বস্ত মানুহ যেন লাগিছিল। মদ খাই মাতলামি কৰি ঘূৰি ফুৰা মদপীৰ দৰে মানুহজনক অনুভৱে ঘৃণা কৰিব পৰা নাছিল। জিলমিলে কোৱা ‘গণ হতাশা’ৰ কথাটো সেই সময়তো তেওঁৰ মূৰলৈ আহিছিল।

স্ফূর্তি বা ফেশানত মদৰ গিলাচ হাতত তুলি লৈ ঘৰত অশান্তি কৰা বা ঘৰ ধ্বংস কৰা মদপীৰ লগত এই মানুহজনৰ পাৰ্থক্য আছিল। জিলমিলে অনুভৱক আৰু কৈছিল যে গাঁওখনত মদৰ প্ৰচলন বাঢ়িব লাগিছে,

মদজনিত অপৰাধো ব্যাপক হাৰত ঘটিব লাগিছে। এই গোটেই প্ৰক্ৰিয়াটোৰ লগত নিশ্চয় এই গণ হতাশাৰ সম্পর্ক এটা আছে।

অসীমৰ জীৱনত শিক্ষা আৰু সামাজিক বাস্তৱতা

কাৰণ যিয়েই নহওক ঘৰৰ মুখিয়াল মানুহ এজনে যদি আকণ্ঠ মদত ডুবি থাকে, ঘৰখনৰ সমস্যা হ’বই। অসীমৰ বাপেকে মদ খোৱাৰ যি কাৰণেই নাথাকক, বাস্তব সত্যটো হ’ল- ই একধৰণৰ স্খলন।

এই স্থলনে অসীমৰ জীৱনলৈ, ঘৰখনলৈ সর্বনাশ মাতি আনিছে। এইখিনিতেই অনুভৱৰ আন বহুতৰ লগত মতৰ অমিল হয়। অসীমৰ বাপেক মদত ডুবি থকাৰ আবিষ্কৃত কাৰণটোৰে মানুহজনৰ কামটোক ন্যায্যতা দিয়া অনুচিত।

অসীমৰ বাপেকে মদপী হৈ যোৱাৰ সামাজিক কাৰণবোৰ এদিন নোহোৱা হৈ যাব- তেওঁ মদ খাবলৈ এৰিব ঘৰখনৰ সমস্যাবোৰ নোহোৱা হৈ যাব-গতিকে তাৰ পিছত এদিন অসীমে আকৌ স্কুললৈ যাবলৈ আৰম্ভ কৰিব- এই ধৰণৰ তত্ত্বত অনুভৱ বিশ্বাসী নহয়।

অথচ এই ধৰণেৰেই কথাবোৰ কিছুমান ৰাজনৈতিক দল, আনকি কিছুমান বুদ্ধিজীবীয়েও ক’বলৈ বিচাৰে। অসীমক case study হিচাপে লৈ অসীমৰ দৰে ল’ৰাবোৰে স্কুল এবাব, অসীমহঁতৰ ঘৰৰ দুৰৱস্থাৰ বিচাৰ-বিশ্লেষণ হ’ব পাৰে হওক; তাৰো দৰকাৰ আছে।

সেই বিচাৰ-বিশ্লেষণৰ আধাৰত চৰকাৰী-বেচৰকাৰী পৰ্যায়ত আঁচনি-কাৰ্যসূচীও ৰূপায়ণ কৰা হওক খুব ভাল কথা। কিন্তু এই কাৰ্যসূচী-আঁচনিয়ে ৰাতিৰ ভিতৰতে অসীমহঁতৰ ভাগ্য সলনি কৰি দিব বুলি কৈ সিহঁতক বুর্বক সজাবলৈ চেষ্টা কৰিব নালাগে।

নিশ্চিতভাৱে এইবোৰ দীর্ঘম্যাদী ব্যৱস্থা। এইবোৰ ব্যৱস্থাই ফল দিবলৈ বহুদিন লাগিব। তেতিয়ালৈ অসীমহঁতে কৰিব কি? ভাল দিন অহালৈ হাত সাবটি ৰৈ থাকিব? কিছুমান বুদ্ধিজীৱীৰ বুদ্ধিদীপ্ত তত্ত্বৰ মাজত নিজৰ ভৱিষ্যতক সঁপি দি বহি থাকিব?

আচলতে বেছিভাগ বুদ্ধিজীবীয়েই অসীমহঁতৰ দুৰ্দশাৰ disection কৰি বুদ্ধিৰ বজাৰত নিজকে saleable কৰি ৰাখে। আৰু প্রায় সকলো নেতা বা দলেই অসীমহঁতৰ দৰে বিপৰ্যন্ত শ্ৰেণীটোৰ বাবে দূৰদৰ্শী আঁচনি সৎভাবে ৰূপায়ণ কৰিবলৈ নিবিচাৰে- এই আঁচনিবোৰত চিন্তাৰো গভীৰতা নাই, ৰূপায়ণৰ বাবেও সততা নাই।

এইবোৰ আঁচনি অসীমহঁতৰ ভোটবোৰ পাবৰ বাবে চতুৰ নেতাই দিয়া সাময়িক তুষ্টি, আৰু খঁকুৱা নেতা-বিষয়াৰ বাবে মানুহক লুণ্ঠন কৰাৰ একোটা পথহে।

আনকি সৰ্বহাৰাক লৈ ৰাজনীতি কৰিব বিচৰা দলবোৰৰ মাজতো সততাৰ অভাৱ, আৰু সততাৰ অভাৱ বাবেই সমস্যাবোৰৰ গভীৰতালৈ যোৱাৰ উদ্যমো কম। অনুভৱৰ মাজে মাজে ঘোৰ সন্দেহ হয়- আচলতে অসীমহঁতৰ বাবে অমলিন মনেৰে চিন্তা কৰা মানুহ সঁচাকৈয়ে আছেনে?

এইবোৰ কাৰণতে অনুভৱে, বহুত বুদ্ধিজীৱীয়ে আওকাণ কৰিব খোজাৰ দৰে, দুর্দশাগ্রস্তৰ নিজৰ দুৰ্দশাৰ পৰা উত্তৰণৰ ব্যক্তিগত প্রচেষ্টাক আওকাণ কৰিব নোখোজে। বানপানীৰ মাজত বিপজ্জনকভাবে আবদ্ধ পৰিয়াল এটাক বানপানী সৃষ্টিৰ

কাৰণ, তাৰ নিবাৰণৰ উপায়ৰ কথা কৈ কৈ বানপানী নিবাৰণৰ আঁচনিৰ সময়লৈ অপেক্ষা কৰিবলৈ কোৱাটো নিৰৰ্থক। আৰু দুর্দশাগ্রস্ত পৰিয়ালটোরে, সেইবোৰ কথাত আনকি সততা থকা বুলি বিশ্বাস জন্মিলেও আশাত বন্দী হৈ ৰৈ থাকিলে বানপানীত ডুবি মৰিব।

ঠিক আছে- কোনোবা নেতা-দল বা বুদ্ধিজীৱীয়ে অসীমহঁতৰ বাবে সততাৰে কাম কৰি আছে নিৰন্তৰ ভাল কথা- খুব ভাল কথা। তেওঁলোকৰ কষ্ট, চিন্তা-চর্চাই নিশ্চয় বৃহত্তৰ স্বাৰ্থৰ বাবে সহায়ক হ’ব।

এই কথা মানি লোৱাৰ পিছতো কিন্তু বিপর্যস্তসকলে উত্তৰণৰ বাবে ব্যক্তিগত প্রচেষ্টা ল’বই লাগিব। বিমূর্ত কথা কিছুমান হকে-বিহকে বিশ্বাস কৰি হাত সাবটি বহি থাকিলে বিপদ নিজৰহে হ’ব, সেই বিপদে নিজকেহে শেষ কৰিব সেই ধ্বংসলীলা আনে নিৰাপদ দূৰত্বৰ পৰা চাইহে থাকিব।

সেইবাবেই অসীমহঁতৰ অৱস্থা যদি ভাললৈ আহিব লাগে, তেন্তে অসীমে আকৌ স্কুললৈ যাবই লাগিব। আৰু বাপেকেও মদ এৰিবই লাগিব। মাকৰ দৰে বাপেকেও পৰিয়ালটোৰ উত্তৰণৰ বাবে কষ্ট কৰিবই লাগিব- আৰু অনুভবে সেইখিনিৰ বাবেই চেষ্টা কৰিব।

বাঁহৰ ওপৰেদি এছাটি বতাহ বৈ গৈছে। অকলশৰীয়া বতাহ।

অনুভৱৰ চিন্তাত বাধা পৰিল। তেওঁ দেখিলে পদূলিৰে মানুহ এজন সোমাই আহিছে। কোন আহিল বাৰু এই বাতি। আচৰিত। আচৰিত।

কোন হ’ব বাৰু? মানুহজনৰ খোজবোৰ থৰক-বৰক। কোনোবা মদপী? অসীমৰ বাপেক? কিয় আহিব অসীমৰ বাপেক? সেইদিনা মানুহজনে ঘৰলৈ যাওঁতে ভদ্রতাৰ খাতিৰতো মাত এষাৰ নিদিলে।

মানুহজন আগুৱাই আহিছে। তেওঁৰ গাত এখন আলোৱান। এই গৰমতো। অনুভবে ভালকৈ ধৰিব পৰা নাই মুখখন।

অনুভৱৰ ঘৰৰ পাছফালৰ দৰ্জাত টোকৰ পৰিল। দর্জা খুলি দিবনে?- অনুভবে ভাবিলে। আকৌ দর্জাত টোকৰ পৰিল। অনুভৱে দোবোল খোৱা জিভাৰ মাত শুনিলে-

‘দর্জাখন খোলোকচোন।’

আকৌ অস্থিৰ টোকৰ কেইটামান। এইবাৰ বেছ ডাঙৰকৈ। প্রায় দৰ্জাত ঢকিওৱাৰ দবে। অনুভবে চি ডি প্লেয়াৰটো বন্ধ কৰি দৰ্জাৰ খিলিত হাত থ’লে।

দর্জা খুলি অনুভৱ হতভম্ব হৈ গ’ল।

সঁচাকৈয়ে অসীমৰ বাপেক। ভাৰসাম্য ৰাখিব নোৱাৰি মানুহজন থৰক-বৰককৈ থিয় হৈ আছে।

অদূৰত অনুভৱৰ ভাড়াঘৰৰ মালিকৰ পুতেক কমল। হাতত এডাল লাঠী।

‘আপুনি অসীমহঁতৰ স্কুলৰ নতুন মাষ্টৰ?’

অনুভৱে একো উত্তৰ দিবলৈ নাপালে। কমলে খেদি আহি মানুহজনৰ ভৰিত লাঠীৰে কোব এটা মাৰি দিলে। যেন বাটে বাটে ঘূৰি ফুৰা এটা কুকুবহে।

মানুহজনেও বাটৰবাৰ মাৰ খোৱা কুকুৰ এটাৰ দৰেই কেংকেঙাই উঠিল। সম্ভবতঃ ভৰিত বেয়াকৈ দুখ পাইছে। মানুহজনে ভৰিখন পিহিব ধৰিছে।

‘চাল্লা মদাহী। মাতলামি কৰাৰ ঠাই আৰু নাপালি?’- কমলে গতিয়াই গতিযাই মানুহজনক ৰাস্তাৰ ফালে নিবলৈ ধৰিলে।

‘মোৰ মাষ্টৰৰ লগত কথা আছে।’- মানুহজনে ফোঁপাই ফোঁপাই ক’বলৈ চেষ্টা কৰিছে। তেওঁ ভাগৰি গৈছে।

‘এই বাতি বাৰটাত কথা পাতিবলৈ আহিছ মদাহী?’- কমলে মানুহজনৰ পিঠিত আৰু একোব মাৰিলে।

অনুভবে একো কৰিব নোৱাৰিলে। হতবাক হৈ সেই দৃশ্য তেওঁ মাথোঁ চাইহে থাকিল।

কমলে গতিয়াই গতিয়াই মানুহজনক ৰাস্তা পোৱাইছিলগৈ। জোনাকৰ পোহৰত অনুভৱে দেখিলে- খোৰাই খোৰাই ঢলং-ঢপংকৈ মানুহজন আঁতৰি গৈছে।

গাত আলোৱানখন নাই। অনুভৱে শুনিবলৈ পালে- মানুহজনে চিঞৰি চিঞৰি কৈ গৈছে

‘চাল্লা- মই মদ খাওঁ বাবে ভাল মানুহ এজনৰ লগত এষাৰ কথাও পাতিব নোৱাৰিম নেকি?’

ভাল মানুহ? মদত ডুবি থকা মানুহজনেও বিশ্বাস কৰিছে- অনুভৱ এজন ভাল মানুহ।

কি কথা পাতিবলৈ আহিছিল মানুহজনে? কি কথা?

দৰ্জাখন বন্ধ কৰিবলৈ লৈ অনুভবে দেখিলে- দৰ্জাৰ ওচৰতে পৰি আছে

মানুহজনৰ আলোৱানখন।

Share This Article
Follow:
Nipu Saikia is a writer and contributor to AXOMORKOTHA, writing on Assamese literature, culture, history, society, religion and various topics of knowledge and information. Explore articles and stories by Nipu Saikia published on AXOMORKOTHA.
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *