অসীমে স্কুল এৰা কাৰণ

Nipusaikia
11 Min Read

অনুভৱ মাষ্টৰে নির্মলক সোধিলে অসীমে স্কুল এৰা কাৰণ

স্কুল ছুটীৰ পিছত অনুভৱ মাষ্টৰৰ কথামতেই নির্মলে তেওঁক লগ ধৰিলে। তেওঁ নির্মলক দেখি কমন ৰুমৰ পৰা ওলাই আহিল। ইতিমধ্যে ল’ৰা-ছোৱালীবোৰ ঘৰলৈ গৈছিল। শিক্ষকসকলেও যাবলৈ আৰম্ভ কৰিছিল। অনুভৱ মাষ্টৰে নিৰ্মলক একাষৰীয়াকৈ লৈ গ’ল।

‘কোৱাচোন অসীমে কিয় স্কুল এৰিলে?’

‘বহুত কথা ছাৰ।’ নির্মল অলপ সময় টলকা মাৰি থাকিল। লাহে লাহে সি ক’বলৈ আৰম্ভ কৰিলে। বহুত কথা। নির্মলে জনা, নির্মলে দেখা, নির্মলে ভবা সকলো কথা।

নির্মলে কৈ গল অসীমে স্কুল এৰা কাৰণ

অসীমৰ বাপেকৰ কথা।

অসীমৰ বাপেকে মদ খোৱাৰ কথা।

অসীমৰ পঢ়া বেয়া হৈ অহাৰ কথা।

শিক্ষকসকলে তাক বেয়া পাবলৈ আৰম্ভ কৰাৰ কথা।

অসীমে স্কুললৈ আহিবলৈ বন্ধ কৰাৰ কথা।

নির্মলৰ তাক ওভতাই অনাৰ চেষ্টাৰ কথা।

অসীম পুনৰ স্কুললৈ উভতি অহাৰ কথা।

মহেন্দ্ৰ মাষ্টৰে অসীমক বেত দিয়াৰ কথা।

তাৰ পিছত আৰু অসীমে কোনোদিন স্কুললৈ নহাৰ কথা।

অসীমৰ বাপেকক গাঁৱৰ মানুহে দিয়া শাস্তিৰ কথা।

অসীমৰ শিল ভঙা কষ্টৰ কথা।

সকলো কথা।

সকলো কথা।

শেষত নির্মলে ক’লে-

‘আপুনি তাক আকৌ ওভতাই আনিব লাগিব ছাৰ। এই কামটো অকল আপুনিহে পাৰিব।’

অনুভৱ মাষ্টৰে নিৰ্মলৰ মুখখনলৈ মৰমেৰে চাই থাকি ক’লে-

‘কাইলৈ মই তোমাৰ লগত অসীমৰ ঘৰলৈ যাম।’

কথাষাৰ শুনি নিৰ্মলৰ মনটো নাচি উঠিল। তাৰ থৌকি বাথৌ লাগিল। অসীম পুনৰ স্কুললৈ অহাৰ আশা দেখি উৎসাহ-উত্তেজনাত তাৰ বুকুখন ফাটি যাওঁ ফাটি যাওঁ লাগিবলৈ ধৰিলে। অনুভৱ মাষ্টৰৰ ফালে কৃতজ্ঞতাৰ দৃষ্টিৰে চাই নির্মলে ক’লে-

‘বহুত ভাল হ’ব ছাৰ।’

অলপ বৈ সি আকৌ ক’লে-

‘তাৰ ঘৰলৈ ছয় বজাৰ পিছত গ’লেহে তাক লগ পোৱা যাব।’

‘হ’ব। ছয় বজাত মই তোমাক ঘৰৰ পৰা লৈ আহিম। এতিয়া তুমি যোৱা।’

নির্মল যাবলৈ সাজু হ’ল। ঘৰলৈ বুলি খোজ পেলাই সি ৰৈ গ’ল-

‘ছাৰ কথা এটা কওঁ। আপুনি দিয়া প্রশ্নকেইটা আমি কৰিব পাৰোনে নাই নাজানো।

কিন্তু মোৰ বিশ্বাস প্রশ্নকেইটাৰ উত্তৰ অসীমে উলিয়াব পাৰিব। গণিতত সি আচৰিত ধৰণে চোকা আছিল। সকলোৱে তাক চোকা বুলি জানিছিল। কিন্তু মই ভাবো গণিতত সি কিমান চোকা সেই কথা কোনেও গম নাপায়। আনকি সিও-‘

‘তুমিতো জানা।’- হাঁহি মাৰি অনুভবে ক’লে।

‘অলপ জানো। সি কিমান চোকা সেই কথা জনাৰ শক্তি মোৰ নাই। আপুনি জানিব। মই ভাবো আপুনি তাক লগ পালে বৰ ভাল পাব। সিও বৰ ভাল পাব।’

এই ল’ৰাজনৰ মনটো বৰ ভাল। বহুত চোকা ল’ৰাৰ দৰে সি স্বাৰ্থপৰ নহয়।

অনুভবে একে ঠাইতে ৰৈ নিৰ্মল যোৱাৰ ফালে চাই ব’ল।

নির্মলৰ মনটো খুব ভাল লাগিল। সি বহুত আশা দেখিছে। ইমানবোৰ ভাল কথা বুকুৰ ভিতৰত জমা কৰি থ’বলৈ তাৰ কষ্ট হৈছে। কথাবোৰ তাৰ অসীমক ক’বলৈ বৰ মন গৈছে। গতিকে সি স্কুলৰ পৰা ঘৰলৈ নগৈ বাহিৰে বাহিৰে পাহাৰৰ তলিৰ ফালে খোজ পোনালে।

নির্মল পালেগৈ অসীমহঁতে শিল ভাঙি ঠাই

অসীমহঁতে শিল ভাঙি আছিল। নির্মলক কিতাপ-বহীৰে সৈতে তাত দেখি সকলো আচৰিত হ’ল।অসীমহঁতে শিল ভাঙি

‘অ’ তয়ো পড়া বাদ দি শিল ভাঙিবলৈ আহিলি নেকি দুই নম্বৰ জুৱেল?’-নির্মলক আক্ৰমণ কৰি ৰমেনে ক’লে।

ৰমেনৰ কথাৰ সুৰত নির্মল নার্ভাছ হৈ গ’ল। নির্মলহঁত এইখন জগতৰ পৰা বহুত দূৰত। বমেনে অসীমক বহুত দিন বেয়াকৈ কৈছে। লাহে লাহে সি অসীমক কিছু পৰিমাণে সহ্য কৰা হ’ল। কাৰণ মহেন্দ্ৰ মাষ্টৰৰ মাৰ খাই তাৰ দৰে অসীমেও স্কুল এৰিছিল।

তথাপি সুযোগ পালেই সি অসীমক ‘জুৱেল’ বুলি ঠাট্টা কৰিবলৈ এৰা নাই। ৰমেনে অসীমক জুবেল বুলি ঠাট্টা কৰি একধৰণৰ তৃপ্তি পায়। আৰু নিজৰ অতীতটো মনত পেলাই অসীম ভিতৰি ভিতৰি যন্ত্ৰণাত ডেই-পুৰি মৰে। আজি ৰমেনে নিৰ্মলকো দুই নম্বৰ জুৱেল বুলি ঠাট্টা কৰিছে।

কাৰণ ৰমেনে পঢ়া সময়ত সিহঁতৰ শ্ৰেণীত প্রথম আছিল অসীম আৰু দ্বিতীয় আছিল নির্মল। নির্মলে একো নোকোৱা দেখি ৰমেনে আকৌ মুখ মেলিলে-

‘কি অ’ দুই নম্বৰ জুবেল? একো নক’লি যে?’

নির্মল এইবাৰো মনে মনে থাকিল। কিন্তু অসীমে গর্জি উঠিল- ‘আকৌ যদি নির্মলক কিবা কৰ, হাতুৰীৰ কোবত তোৰ মূৰ থেতেলা কৰি দিম।’

হাতুৰীটো ওপৰলৈ তুলি খণ্ডত ৰমেনৰ ফালে চাই অসীম ৰৈ থাকিল। ৰমেনে প্ৰত্যুত্তৰ দিয়াৰ সাহস কৰিব নোৱাৰিলে। অসীমক সি বহুদিন ঠাট্টা কৰিছে কিন্তু তাৰ এই রূপ সি আজি প্রথম দেখিছে। অসীম থিয় হ’ল আৰু হাতুৰীটো শিলৰ দ’মটোলৈ দলিয়াই দি নির্মলক ক’লে-

‘ব’ল ইয়াৰ পৰা।’

নিৰ্মলক সি ৰমেনৰ ওচৰৰ পৰা আঁতৰলৈ লৈ গ’ল। এছটা বহল শিলত সিহঁত

দুটা বহিল। নির্মলক অসীমৰ মুখৰ ফালে আচৰিত হৈ চাই থকা দেখি অসীমে সুধিলে-

‘কি হ’ল?’

‘তই সঁচাকেয়ে ৰমেনক হাতুৰীৰে কোবালি হয় নেকি?’- নির্মলে জানিবলৈ বিচাৰিলে।

‘নাজানো।’- অসীমে চমুৱাবলৈ ক’লে।

নির্মলে কিবা ভাবি নীৰৱে ৰ’ল। অসীমে সুধিলে- ‘মোলৈ তোৰ ভয় লাগিছে নেকি? আগলৈ আৰু মোৰ ওচৰলৈ অহা বাদ দিবি নেকি?’

‘তই বহুত সলনি হৈ গ’লি।’- নির্মলৰ মাতটো গধুৰ হৈ ওলাইছে।

‘তোক জোকোৱা বাবেহে অসীমে নির্মলক আশ্বস্ত কৰাৰ চেষ্টাৰে ক’লে।

‘তেনেকুৱা কথাত মূৰ ভাঙিলে দেখোন কাৰো ডিঙিতে নভগা মূৰ নাথাকিব।’-নির্মলে ভাবি ভাবি লাহে লাহে গহীন সুৰত কথাষাৰ ক’লে।

‘চিন্তা কৰিব নালাগে দে- তোৰ ডিঙিৰ ওপৰৰ মূৰটো ঠিকেই থাকিব।’

অসীমে নির্মলক অভয় দান কৰিলে।

‘তই ইয়াত আৰু কাৰো মূৰ ভাঙি থাকিব নালাগে।’- কথাষাৰ কৈ নির্মলে অসীমৰ চকুলৈ চালে, তাৰ পিছত আঁকৰাৰ দৰে কৈ উঠিল-

‘তই আকৌ স্কুললৈ যাব লাগিব।’

‘কি?’- কথাষাৰ শুনি অসীম জাঁপ মাৰি উঠিল। কথাষাৰ বুজিবলৈ সি কেইছেকেণ্ডমান ল’লে, তাৰ পিছত বিষয়টো পাতল কৰিবলৈ সি ক’লে-

‘এইষাৰ কথা আকৌ ক’লে তোৰ মূৰটোও মই ভাঙি গুড়ি কৰি দিম।’

‘দে।’- লাহেকৈ নির্মলে ক’লে।

অসীম মনে মনে থাকিল। নির্মলে জেদ পাতি ধৰিলে-

‘হয় তই স্কুললৈ যাবি, নহয় মোৰ মূৰ গুড়ি কৰিবি-‘

‘স্কুললৈও নাযাওঁ, তোৰো মূৰ গুড়ি নকৰো।’- অসীমে জনাই দিলে।

‘তেতিয়াহ’লে মই তোৰ মূৰ গুডি কৰি দিম।’- নির্মলে হুংকাৰ দিলে।

অসীম এইবাৰ গহীন হৈ গ’ল। সি নির্মলৰ ফালে নোচোৱাকৈ ক’লে-

‘এই কথাটোকে ক’বলৈ তই ইয়ালৈ আহিছ?’

‘অ’- নির্মলে উত্তৰ দিলে।

‘তই এই কথাটো আকৌ কিয় ক’লি নির্মল?’- অসীমে যেন যন্ত্রণাতহে কেঁকাই উঠিল।

‘সেই ঘটনাটোৰ পিছত জানো কেতিয়াবা কৈছিলো?’

অসীমে একো উত্তৰ নিদিলে।

‘আজিকালি কথাবোৰ অলপ বেলেগ হৈছে।’- নির্মলে আকৌ ক’লে।

অসীমে নিৰ্মলৰ ফালে চোৱা নাই। সি বেলেগ ফালে চাই আছে। কিন্তু কথাবোৰ সি শুনিছে।

‘আমাক মহেন্দ্ৰ মাষ্টৰে আৰু গণিত নিশিকায়।’

অসীমে স্কুল এৰা কাৰণ

তাত অসীমৰ কি আহে যায়?

‘নতুন মাষ্টৰ এজন আহিছে।’

এই কথাটোতো নির্মলে সিদিনাও কৈছিল।

‘নতুন ছাৰ বহুত ভাল। আমাক বহুত মৰম কৰে।’

এই কথাটোও সিদিনা কৈছিল। তাতে কি হ’ল?

‘তেখেতে আমাক আজিৰ পৰা গণিত পঢ়াবলৈ লৈছে।’

ভাল কথা।

‘আমাক আজি বহুত কথা ক’লে।’

বৰ ভাল কথা।

‘তিনিটা গণিতৰ প্ৰশ্ন দিছে।’

হয় নেকি?

‘বেলেগ ধৰণৰ। উত্তৰটো বিচাৰিয়েই ভাল লাগে।’

বাহ্ বৰ ভাল কথা।

‘প্রশ্নকেইটা শুনিবি নেকি?’

ক’লে ক’ব পাৰ। নুশুনিলেও কৈয়েইতো আছ।

‘এটা বৃত্ত দিয়া আছে। জ্যামিতি বাকচৰ ত্রিকোণীপাট ব্যৱহাৰ কৰি কেন্দ্ৰটো উলিয়াব লাগে।’

ত্রিকোণী-ত্রিকোণী-অ’ অ’।

‘শুনিছনে?’

বৃত্ত? কেন্দ্রটো উলিয়াব লাগে।

‘দ্বিতীয় প্রশ্নটো হ’ল-‘

ব্যাসে বৃত্তক সমানে দুভাগত ভাগ কৰে।

‘শুনিছনে?’

দুডাল ব্যাসে কেন্দ্রত কটাকটি কৰিব।

‘কিনো ভাবি আছ?’

হৰ্হৰাই অসীম শিলটোৰ পৰা নামি আহিল। নামনিৰ ৰাস্তাটোত সি ৰৈ দিলে।

ওপৰলৈ চাই সি দেখিলে আচৰিত হৈ নির্মল তেতিয়াও শিলটোতে বহি আছে।

‘নামি আহ।’- অসীমে তাক তললৈ মাতিলে।

একো বুজিব নোৱাৰি নির্মল নামি আহিল।

এটা সৰু শিলগুটি হাতত লৈ অসীমে মাটিতে এটা বৃত্ত আঁকিলে। তাৰ পিছত

নির্মলক ক’লে-

‘চা- ত্রিকোণীপাটৰ নবৈ ডিগ্রী কোণ কৰা শীর্ষ বিন্দুটো বৃত্তৰ পৰিধিত লগাই দিলে ত্রিকোণীপাটৰ বিপৰীত বাহুটোৱে বৃত্তটোৰ পৰিধিত দুটা বিন্দুত কাটিব। এই বিন্দু দুটা সংযোগ কৰি টনা ৰেখা খণ্ডডাল বৃত্তটোৰ এডাল ব্যাস হ’ব।’

‘কিয়?’

‘অর্ধ বৃত্তস্থ কোণ এক সমকোণ। নহয় জানো?’- অসীমে নির্মলক মনত পেলাই দিলে।

‘অ’ অ’ তাৰ পিছত?’

‘তেনেকৈ আৰু এডাল ব্যাস আঁকি উলিয়া-‘- অসীমে আঁকি দেখুৱালে।

‘অ’-‘

‘ব্যাস দুডালে কটাকটি কৰা বিন্দুটোৱেই হ’ল কেন্দ্র।’

হতভম্ব হৈ নির্মলে অসীমৰ চকু দুটালৈ চাই থাকিল। অসীমৰ চকু দুটা তিৰ্বিৰাই জিলিকি উঠিছে। আৰু মুখত এটা ধুনীয়া হাঁহি বিয়পি পৰিছে। ঠিক তিনি বছৰমান আগলৈ এই দৃশ্য নির্মলৰ বাবে তেনেই চিনাকি আছিল।

নির্মলে কৰিব নোৱৰা অংকবোৰ অসীমে অনায়াসে কৰি দিছিল। আৰু অংক এটা সমাধান কৰাৰ তৃপ্তি আৰু উত্তেজনা বিয়পি পৰিছিল তাৰ চকুৱে-মুখে। আজিৰ এই প্রশ্নটো নির্মলহঁতে স্কুলত যেতিয়াই সময় পাইছিল, তেতিয়াই সমাধান কৰিবলৈ চেষ্টা কৰিছিল। পৰা নাছিল। নির্মলক অবাক হৈ থকা দেখি অসীমে হাঁহি মাৰি সুধিলে-

‘কি হ’ল?’

‘বাকী প্রশ্ন দুটা?’- নির্মলে তাৰ আশ্চৰ্যৰ ভাবটো লুকুৱাই ৰাখি মিছা ধমক দি সুধিলে। ঠিক তিনি বছৰ আগৰ দৰে। অসীমো যেন তিনি বছৰ আগলৈ উভতি গ’ল।

‘তোৰ বাকী প্রশ্ন দুটা মই শুনাই নাই।’

‘আকৌ ক’

নির্মলে প্রশ্ন দুটা আকৌ ক’লে। অসীমে প্রশ্ন দুটা মনোযোগেৰে শুনিলে। শিলছটাৰ ওপৰলৈ উঠি গৈ গৈ সি ক’লে-

‘বৰ মজাৰ প্রশ্ন। ভাবিব লাগিব ব। ইমান পতক্কে নহ’ব।’

‘এতিয়া গম পালি- আমাৰ নতুন ছাৰ কেনেকুৱা?’- অসীমৰ পাছে পাছে গৈ নির্মলে ক’লে।

অসীম যেন আকৌ কাল খাই পৰি গ’ল শিলৰ দৰে কঠিন বাস্তৱত। নতুন মাষ্টৰৰ অংকটোৱে ইমান সময়ে তাক যেন তাৰ অতীতটোলৈ টানি নিছিল। নির্মলে দেখিলে অসীমৰ মুখৰ হাঁহি, চকুৰ তিৰবিৰণি হঠাৎ যেন ধল্ক নুমাই থাকিল।

‘কি ভাবিছ?’ নির্মলে অসীমক সুধিলে।

‘একো ভবা নাই।’- অসীমে কথা লুকুৱাই উত্তৰ দিলে।

‘ভাবিছ।’

‘নাই ভবা।’

‘তই আকৌ স্কুললৈ যাবি?’

তিনি মাহ পাৰ হৈ গ’ল স্কুল এবাৰ।

‘তই আকৌ স্কুললৈ যাব লাগিব।’

অসীম নাযায়।

‘তই যাবই লাগিব।’

সি যাব নোৱাৰে। কথাবোৰ এতিয়া বহুত বেলেগ হৈ গ’ল।

‘তই কথাবোৰ নুবুজ কিয়?’

কথাবোৰ নির্মলে কেতিয়াও বুজি নাপাব। গোটেই ঘৰখনৰ সমস্ত দায়িত্ব এতিযা অসীমৰ মুৰত।

‘তই একো নকৱ কিয়?’

কি ক’ব অসীমে। কিমানখিনি ক’ব নির্মলক। ক’ত আৰম্ভ কৰিব সি? কীত শেষ কৰিব?

‘নতুন মাষ্টৰে আজি তোৰ কথা সুধিছিল।’

যেন এটা প্রচণ্ড ঢেকেনি। হতভম্ব হৈ অসীমে নির্মলৰ ফালে চাই থাকিল।

‘কাইলৈ তোৰ ঘৰলৈ যাবলৈ মোক লগ ধৰিছে।’

যেন অসীমৰ মূৰত বজ্ৰহে পৰিল। আতংক আৰু আশ্চর্যত তাৰ চকুযুৰি বহলকৈ

মেল খাই বৈ গ’ল।

‘ছয় বজাত ছাৰ তোৰ ঘৰলৈ যাব।’

অসীম যেন অচেতন হৈ গৈছে।

‘শুনিছ?’

‘মোক অকণমান শান্তিত থাকিবলৈ দে অ’ নির্মল!’

বৰ কাতৰভাৱে অনুৰোধ কৰিলে অসীমে।

Share This Article
Follow:
Nipu Saikia is a writer and contributor to AXOMORKOTHA, writing on Assamese literature, culture, history, society, religion and various topics of knowledge and information. Explore articles and stories by Nipu Saikia published on AXOMORKOTHA.
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *