ভাৰতীয় লিপি আৰু ব্রাহ্মী লিপি

Mirnal Gogoi
13 Min Read

ভাৰতবৰ্ষত লেখন কলাৰ পৰম্পৰা যে অতি প্রাচীন সেই বিষয়টো বিশেষজ্ঞসকলৰ দ্বাৰা স্বীকৃত হৈছে। খ্রীষ্টপূর্ব ২৫০০ৰ পৰা ১৫০০ৰ ভিতৰত সিন্ধু উপত্যকাৰ হৰপ্পা আৰু মহেঞ্জোদাৰোত গঢ় লৈ উঠা আৰু খ্রীষ্টপূর্ব কুৰি শতিকাৰ আদি ভাগতে আৱিষ্কাৰ হোৱা ভগ্নাৱশেষৰ মাজত প্রাপ্ত লিপিসম্বলিত মোহৰবিলাককে এই বিষয়ৰ প্ৰথম স্তৰৰ নিৰ্দেশনৰ মর্যাদা দিয়াটো সবাৰো বিদিত। প্রাপ্ত মোহব আৰু অন্যান্য সম্পদ মুঠতে ৫৬৪৪টা বুলি জনা গৈছে।” বছৰৰ পাছত বছৰ ধৰি মোহৰবোৰৰ পাঠোদ্ধাৰৰ প্রচেষ্টা চলি আহিছে যদিও আজিপর্যন্ত পুৰালিপিতত্ত্ববিদসকল সেই দিশত সফলকাম হ’বলৈ বাকী। এনে প্রচেষ্টা চলিছে বিশ্বৰ ভিন ভিন ঠাইৰ বেলেগ বেলেগ গৱেষকৰ নন গৱেষণা পদ্ধতি (Research methodology)ৰ জৰিয়তে। পৃথিৱীৰ ভালেমান ঠাইৰ বিদ্বৎমণ্ডলী এনে অধ্যয়নত ব্যস্ত থাকিলেও হার্ভার্ড বিশ্ববিদ্যালয়ৰ গৱেষণা অধিক প্রাণবন্ত বুলি জানিব পৰা গৈছে। হৰপ্পা-মহেঞ্জোদাৰোৰ প্রত্নলেখসমূহ লিপিতত্ত্ববিদসকলৰ সমুখত প্রায় চাৰি কুৰি বছৰ ধৰি প্ৰবল প্রত্যাহানৰূপে থিয় দি থকাৰ মাজতে কুৰি বছৰমান পূর্বে প্রাক্-হৰপ্লা যুগৰ লিপি আৱিষ্কাৰ হোৱাৰ সংবাদে ভাৰতীয় লিপিতত্ত্ব চৰ্চাৰ ইতিহাসত এটা নতুন তথা গৌৰৱমণ্ডিত অধ্যায় সংযোগ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ প্রতিষ্ঠান ইউ এন আয়ে নতুন দিল্লীব পৰা পৰিৱেশন কৰা তেনেই চমু বাতৰিটোৰ বক্তব্য হ’ল একেখন হৰপ্পাতে লিপিসম্বলিত এটা মৃন্ময় পাত্র আবিষ্কাৰ হোৱাৰ বাৰ্তা। লিপি বিশেষজ্ঞসকলৰ মতে এয়া ভাৰতীয় লেখন কলাৰ সৰ্বপ্ৰাচীন নিদর্শন। হৰপ্লাকালীন প্রত্নসম্পদতকৈ ১০০০ (এহেজাৰ) বছৰ পূৰ্বৰ অৰ্থাৎ খ্ৰীষ্টপূর্ব ৩৫০০ চনৰ বুলি পৰিগণিত এই পুৰালেখ উদ্ধাৰ কৰাৰ বিৰল গৌৰৱ অৰ্জন কৰিছে হার্ভার্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰিচাৰ্ড মিডো (Richard Meadow)-এ। দেশৰ যশস্বী বুৰঞ্জীবিদ ড° এন এছ বাজাৰাম আৰু লিপিতত্ত্ববিদ নটবৰ ঝাৰ অধ্যয়ন অনুযায়ী ড° মিডোরে আৱিষ্কাৰ কৰা লিপি হৰয়াৰ লেখাতকৈ অধিক প্রাচীন অথচ সেই লিপিৰ সৈতে স্পষ্ট সম্পর্কযুক্ত।

সিন্ধু সভ্যতাৰ পাছৰ পৰা মৌর্য বংশৰ শাসনকাল (খ্রীষ্টপূর্ব ৩০০?) লৈ মধ্যবর্তী সময়ছোৱাত আমাৰ দেশত প্রচলিত লিপিৰ স্বৰূপ ব্যাখ্যা কৰাটো কষ্টসাধ্য। মৌর্য যুগৰ শ্রেষ্ঠ সম্রাট অশোকৰ বাজত্বকাল (খ্রীষ্টপূর্ব ২৭৩-খ্রীষ্টপূর্ব ২৩২)ৰ অন্ততঃ তিনিশ বছর পূর্বে হিন্দুসকলে লেখন কলা ব্যাপকভাবে ব্যৱহাৰ কৰাৰ বিষয়ে ভাৰততত্ত্বৰ যশস্বী গৱেষক জর্জ বুলাৰ (১৯৫৭-৯৮)-এ স্পষ্টভাবে জনাইছে। প্রাচীন লেখা কিছু পঢ়ি আৰু প্রত্ন-ভাৰতীয় বর্ণমালাব বৈশিষ্ট্য অধ্যয়ন কৰি উঠি তেওঁ দিয়া মন্তব্য হ’ল … the Hindus extensively used the art of writing at least about three centuries before the time of Asoka Piyadasi. 58

ভাৰতীয় ভাষা লেখাৰ মাধ্যম হিচাপে খৰোষ্ঠী আৰু ব্রাহ্মী নামৰ দুবিধ লিপিব নাম পোৱা যায়। দুয়োবিধৰ ভিতৰত খবোষ্ঠী লিপিব বিষয়ে প্রথমতে আলোচনা কৰিবলৈ লোৱা হৈছে। মৌর্য যুগ আৰু তাৰ পাছতো ভাৰতৰ অংশবিশেষত প্রচলিত লিপিবিধৰ নাম খবোষ্ঠী। ‘খৰোষ্ঠী’ নামটো সম্পর্কত মতভিন্নতা ভালেখিনি। স্বনামধন্য ভাষাতত্ত্ববিদ অধ্যাপক সুনীতি কুমাৰ চট্টোপাধ্যায়ে এই নামৰ সন্দৰ্ভত তিনিটা যুক্তি আগবঢ়াইছে। খৰোষ্ঠী লিপিৰ অক্ষববোৰৰ গাধব ওঁঠৰ লগত সাদৃশ্য থকালৈ লক্ষ্য কবি ‘গাধ’ বুজোৱা ‘খৰ’ আৰু ‘ওঁঠ’ বুজোৱা ‘ওষ্ঠ’ শব্দ লগ লাগি ‘খবোষ্ঠী’ শব্দৰ উৎপত্তি। দ্বিতীয়তে ‘খৰ’ শব্দৰ লগত ‘উট’ নির্দেশক ‘উষ্ট্র’ শব্দৰ সংযোগত প্রাকৃত ৰূপ ‘খবোষ্ঠ’ আৰু ‘খৰোঠঠ’ব সৃষ্টি। তাৰ পৰিৱৰ্তিত ৰূপ ‘খৰোস্তী’। ‘খৰোষ্ঠ’ আৰু ‘খবোঠঠ’ শব্দদ্বয় দুয়োবিধ জন্তুৰ প্রাচুর্য থকা পাঞ্জাব আৰু উত্তৰ-পশ্চিম সীমান্ত অঞ্চলৰ দ্যোতক বুলি ধাৰণা প্ৰকাশ কৰা হৈছে। তৃতীয়তে, চেমীয় ভাষাত থকা লেখা বুজোৱা ‘খবোশেথ’ শব্দৰ পৰা ‘খৰোষ্ঠী’ শব্দৰ উদ্ভৱ বুলিও মত দাঙি ধৰাটো উল্লেখনীয়।” উত্থাপিত অভিমতসমূহৰ কোনোটোৱে শুদ্ধ বুলি গৃহীত হ’বলৈ এতিয়াও বাকী। পাকিস্তানৰ হাজাৰা জিলাৰ মানশেহৰা আৰু পেছোৱাৰ জিলাৰ শাহবাজগঢ়ীত আৱিষ্কৃত সম্রাট অশোকৰ কিছুসংখ্যক অনুশাসন এই লিপিৰ প্রাচীনতম নিদর্শনরূপে স্বীকৃতি হোৱাটো লিপিৰ পোনপটীয়া বংশধৰ বুলি চিনাক্ত কৰা হৈছে।” পাকিস্তানৰ ৰাৱালপিণ্ডি জিলাৰ তক্ষশীলা অঞ্চলত আৰামেয ভাষা আৰু লিপি ব্যৱহৃত হৈছিল। খৰোষ্ঠী লিপি সোঁ-হাতৰ পৰা বাঁওহাতলৈ লেখাৰ যি ৰীতি সেয়া আৰামেয়ৰ সৈতে অভিন্ন। উত্তৰ-পশ্চিম ভাৰতত খৰোষ্ঠী লিপি চলিছিল যদিও খ্রীষ্টপূর্ব ৩০০ৰ পাছত ভাৰতৰ লগত এই লিপিৰ সম্পর্ক বিচ্ছিন্ন বুলি ধৰা হৈছে।

ব্রাহ্মী লিপিয়ে ভাৰতৰ সর্বপ্রাচীন লিপিৰ মৰ্যাদা পাই অহাৰ বিষয়ে নকৈ ক’বলগীয়া নাই। এই লিপিৰ নামটো, ইয়াৰ উৎপত্তি, লিপিবিধৰ প্রথম নিদর্শন, ইয়াৰ মূল আদি

বিষয় সম্পর্কে দেশী-বিদেশী পণ্ডিত-গৱেষকসকলে ব্যাপক চিন্তা-চৰ্চা কৰিছে।

‘ব্রাহ্মী’ নামটো লৈয়ে সমীক্ষকসকলে বিস্তৰভাৱে আলোচনা-পর্যালোচনাত প্রবৃত্ত হৈছে। নির্দিষ্ট লিপিবিধে এই নাম কেনেকৈ পালে ই গভীৰ চিন্তাৰ বিষয়। প্রশ্নটোৰ সন্দৰ্ভত পণ্ডিতসকলৰ মতভিন্নতাৰ অন্ত নাই। একাংশ সমীক্ষকৰ ধাৰণা: সৃষ্টিকর্তা ব্রহ্মহ্মাই ইয়াৰো স্রষ্টা। ব্রহ্মা বা ব্রহ্মা নামৰ পণ্ডিতবিশেষো ইয়াৰ জন্মদাতা বুলি বিশ্বাস প্রচলিত আছে। অধ্যাপক ৰাজৱলী পাণ্ডেই ভাৰতীয় আর্যসকলে ব্রহ্ম বা বেদৰ ৰক্ষাৰ কাৰণে এই লিপিৰ উদ্ভাৱন কৰিছিল বুলি ভাবে।”

ভাৰততত্ত্ববিদ অধ্যাপক সুনীতি কুমাৰ চট্টোপাধ্যায়ে লিপিবিধক ‘ব্রাহ্মী’ নামটো স্বেচ্ছাচাৰীভাৱে দিয়া বুলি কৈয়ো এই প্রয়োগ যথার্থ বুলিয়ে ধাৰণা প্রকাশ কৰিছে। তেওঁ এই নাম ভাৰতত প্রচলিত বৰ্ণমালাৰ এখন পুৰণি তালিকাত থকাৰ সম্ভেদ দি তালিকাখন বুদ্ধৰ অতি প্রাচীন জীৱনীগ্রন্থ ‘ললিতবিস্তৰ’ত সন্নিৱিষ্ট থকাৰ বিষয়ে জনাইছে।

অধ্যাপক চট্টোপাধ্যায়-উত্থাপিত ধাৰণাটোত আউল লগাই দিয়ে লিপি বিশাৰদ ড°

ঠাকুৰ প্ৰসাদ বাৰ্মাৰ এষাৰি উক্তিয়ে। তেওঁৰ বক্তব্য হ’ল: বৌদ্ধ আৰু জৈন গ্ৰন্থৰাজিত প্রাচীন ভাৰতত প্রচলিত লিপিগুচ্ছৰ তালিকা দিয়া আছে আৰু ইয়াৰ প্ৰায় সকলো তালিকাৰে আৰম্ভণি সূচিত হৈছে ‘ব্রাহ্মী’ নামটোবে। সি যি কি নহওক, তেওঁৰ মতে অশোকৰ দ্বাৰা সমাদৃত লিপি আৰু তাৰ পৰা উপজাত লিপিসমূহক ‘ব্রাহ্মী’ অভিধাৰে বুজোৱাটো এটা সুবিধাৰ কথা, ই তথ্যৰ ওপৰত প্রতিষ্ঠিত নহয়। অৱশ্যে ড° বার্মা বৌদ্ধ আৰু জৈন গ্রন্থত সন্নিবিষ্ট তালিকা উল্লেখ কৰাৰ পৰা বিৰত আছে।

ব্রাহ্মী নামৰ উৎপত্তিৰ সন্দৰ্ভত পণ্ডিতসকলৰ এনে পৰস্পৰবিৰোধী অৱস্থানে সমগ্ৰ বিষয়টো কৰি তুলিছে ধুৱলী-কুঁৱলী।

নামৰ পিছত আহে ব্রাহ্মীৰ উদ্ভৱকালৰ প্ৰশ্নটো। এই লিপিৰ উদ্ভৱকাল খ্রীষ্টপূর্ব ৭০০ বুলি উল্লেখ পোৱা যায়। অৱশ্যে এই লেখন কলা খ্রীষ্টপূর্ব ৭০০ৰ পৰা খ্ৰীষ্টপূর্ব ৫০০ৰ ভিতৰত গঢ় লৈ উঠাৰ বিষয়েও অভিমত প্রচলিত আছে। প্রসংগক্রমে

উত্থাপিত হয় ব্রাহ্মী লিপিৰ সৰ্বপ্ৰাচীন নিদর্শনৰ প্ৰশ্নটো। পিছে তাতো পণ্ডিতমণ্ডলীৰ ঐকমত্যৰ অভাব। মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ এৰাণ নামৰ ঠাইত প্রাপ্ত খ্রীষ্টপূর্ব চতুর্থ শতিকাৰ মুদ্রা এটিকে ব্রাহ্মীৰ প্রাচীনতম নিদর্শনরূপে এচাম পণ্ডিতে ক’ব খোজে। লিপি বিশাৰদ ড° ঠাকুৰ প্রসাদ বার্মাই আলোচ্যমান লিপিৰ প্রাচীনতম সাক্ষ্য খ্রীষ্টপূর্ব ৪০০ৰ আগত পোৱা নাযায় বুলি স্পষ্টভাবে কোৱা কথাষাৰ প্ৰসংগক্রমে স্মৰণযোগ্য। ইপিনে সম্রাট অশোককালীন ব্রাহ্মী লিপিক বিশ্বৰ সবাতোকৈ বৈজ্ঞানিক লিপি বুলি স্বীকৃতি দিয়া কথাও মনত ৰাখিব লাগিব।

ব্রাহ্মী লিপিব মূল বা উৎপত্তিস্থল সন্দর্ভত পণ্ডিতসকল দুটা শিবিৰত বিভক্ত। তেওঁলোকৰ একাংশই দেখুৱাব বিচাৰিছে যে এই লিপি সৃষ্টিৰ গুৰিতে কোনো বহির্ভাৰতীয় লেখন পদ্ধতি। সেয়েহে মধ্যপ্রাচ্যৰ কোনো লিপি, বিশেষকৈ উত্তৰ চেমীয় লিপিৰ নাম বিশেষভাবে উচ্চাৰিত হয়। উত্তৰ চেমীয় লিপিৰ আৰমেয় আৰু ফিনিচীয়-দুয়োটা শাখাৰ লগত ব্রাহ্মীৰ সাদৃশ্যৰ প্ৰসংগ এইক্ষেত্ৰত উচ্চাৰিত হৈছে। শাখাটিব অন্তর্গত ভালেকেইবিধ লিপি, যেনে- ফিনিচীয়, প্রত্ন-গ্রীক, আবামেয়, খৰোষ্ঠী আদি লিপি সোঁহাতৰ পৰা বাঁওহাতলৈ লেখা আৰু ব্রাহ্মীও প্রথম অৱস্থাত সৌৰ পৰা বাঁওদিশলৈ লেখাৰ ব্যৱস্থা থকাটো তেনে ধাৰণাৰ অন্যতম হেতু।

ব্রাহ্মীৰ উৎপত্তি বিদেশী কোনো লিপিৰ পৰা হোৱা বুলি উত্থাপিত অভিমতসমূহ দৃঢ়তাৰে খণ্ডন কবি ইয়াৰ বীজ ভাৰতভূমিতে ৰোপিত হোৱা মতৰ সপক্ষে থিয় দিয়া পণ্ডিত-গৱেষকৰ সংখ্যাও কম নহয়। বিস্তৃত আলোচনালৈ নগৈ ইয়াত কেরল অধ্যাপক ৰাজৱলী পাণ্ডে আৰু প্রবীণ ভাষা বিজ্ঞানী অধ্যাপক সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ দুটা তাৎপর্যপূর্ণ মন্তব্য উদ্ধৃত কৰিব বিচৰা হৈছে। ইতিপূর্বে দিয়া ইংগিত অনুসৰি প্রথমজনাই ভাৰতীয় লিপিতত্বৰ বিষয়ে পর্যালোচনা কৰি বিংশ শতাব্দীৰ প্ৰায় মাজভাগতে কৈ গৈছে: ‘ইয়াৰ নামটোৱেই ইংগিত দিয়ে যে ব্রাহ্মী লিপি ভাৰতীয় আৰ্যসকলে ব্রহ্ম বা বেদৰ সংৰক্ষণৰ বাবে উদ্ভাৱন কৰিছিল।’

এই ব্রাহ্মী লিপি ভাৰতৰ ৰাষ্ট্ৰীয় বর্ণমালা। খ্রীষ্টপূর্ব ৩০০ৰ পৰা আমাৰ সময়লৈ ইয়াৰ অবিৰত বিকাশ (unbroken development) আমি দেখিবলৈ পাইছোঁহঁক। ২০ অৱশ্যে ব্রাহ্মীৰ উৎপত্তি সন্দৰ্ভত ইয়াৰে প্ৰথমটো অভিমত ড° ঠাকুৰ প্ৰসাদ বার্মাই মুক্তভাবে খণ্ডন কৰিছে। ব্রাহ্মী লিপি ভাৰতবৰ্ষতে উদ্ভৱ হোৱা আৰু বিকাশ লাভ কৰা বুলি প্রদর্শিত যুক্তিৰ লগতে এচাম গবেষকে সিন্ধু উপত্যকাত আবিষ্কৃত লিপিমালাৰ কিছুসংখ্যক অক্ষৰৰ

লগত এই লিপিৰ সংশ্লিষ্ট অক্ষৰসমূহৰ তুলনামূলক অধ্যয়ন কৰা আৰু গোটাচেৰেকৰ ক্ষেত্ৰত দেখা পোৱা পাৰস্পৰিক সাদৃশ্যৰ প্রশ্নটো এইখিনিতে উল্লেখনীয়। অদূৰ ভৱিষ্যতে এনে অধ্যয়ন আৰু এখোজ আগবাঢ়ি গ’লে ব্রাহ্মীৰ জন্মস্থান ভাৰতভূমিয়েই বুলি দাবী কৰাৰ মূল ওলাব।

ভাৰতীয় লিপিমালাৰ উৎস হিচাপে ব্রাহ্মী লিপি

ভাৰত আৰু বহির্ভাৰতত এই লিপিৰ বিকাশৰ ইতিহাস এহাতে চমকপ্রদ, আনহাতে সুবিস্তৃত। বর্তমান আলোচনাৰ পৰিসীমাৰ ভিতৰত এই ইতিহাস সামৰাটো অসম্ভৱৰ

নামান্তৰ মাত্র। সেয়ে বর্তমান লেখাত বিষয়টোৰ এটা চমু পৰিচয় দিবলৈ যত্ন কৰা হ’ব।

খ্ৰীষ্টজন্মৰ পূৰ্ব কালছোৱাৰ ভিতৰতে কেইবাবিধ বিদেশী লিপিৰ প্রভাৱত ব্ৰাহ্মীৰ বিস্তৰ পৰিৱৰ্তন সাধিত হয়। এইবিধ পূর্ণ বিকশিত লিপিয়ে খবোষ্ঠী লিপি প্রচলিত সীমিত অঞ্চলৰ বাহিৰে প্রায় সমগ্ৰ ভাৰততে প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। খ্রীষ্টীয় প্রথম, দ্বিতীয় শতাব্দীত কুষাণ সম্রাট কনিষ্কৰ প্ৰায় সমগ্ৰ উত্তৰ-পশ্চিম ভাৰতত প্রতিপত্তিৰ সময়ত ব্রাহ্মীয়ে নাম সলায় কুষাণ লিপিলৈ।

ভাৰতত সোণালী যুগৰ সৃষ্টি কৰি যোৱা গুপ্ত ৰজাসকলৰ দিন (খ্রীষ্টপূর্ব ৪০০-৫০০)ৰ পৰা ব্রাহ্মী লিপিয়ে স্পষ্টভাৱে দুটা ভিন্ন ৰূপ পৰিগ্ৰহ কৰে। এই দুটা হ’ল ক্রমে উত্তৰ ভাৰতীয় ব্রাহ্মী আৰু দক্ষিণ ভাৰতীয় ব্রাহ্মী। গুপ্ত ৰাজন্যবৰ্গৰ ভিতৰত চন্দ্রগুপ্ত প্রথম (৩২০-৩৩৫), সমুদ্রগুপ্ত (৩৩৫-৩৭৫) আৰু চন্দ্রগুপ্ত দ্বিতীয় অথবা বিক্রমাদিত্যৰ সময়ত সাহিত্য-সংগীত, সুকুমাৰ কলাত দেশখনে কেনেদৰে উন্নতিৰ চৰমসীমাত আৰোহণ কৰিছিল তাক পুনৰুল্লেখ নিষ্প্রয়োজন। এই সময়তে বিকাশ লাভ কৰা উত্তৰ ভাৰতীয় ব্রাহ্মী হৈ পৰিল অধিকাংশ ভাৰতীয় লিপিৰ পিতৃস্বৰূপ। লিপিৰ এনে সমবিকাশৰ বেলিকা সংস্কৃত ভাষা শক্তিশালী ভূমিকাত অৱতীৰ্ণ হোৱা সন্দর্ভত প্রায় সকলো পণ্ডিত-গবেষক একমত। লিপিতত্ত্ববিদসকলে উত্তৰ ভাৰতীয় ব্রাহ্মীক দুটা ভাগত বিভক্ত কৰিছে- পশ্চিমা আৰু পূর্বী। লিপিবিধৰ এই স্তৰটোৰ নাম হ’ল গুপ্ত লিপি।

গুপ্ত লিপিৰ পাছত উত্তৰ ভাৰতত প্রচলিত ব্ৰাহ্মীৰ পৰৱৰ্তী স্তৰ হ’ল কুটিল লিপি। ইয়াৰ সময় খ্ৰীষ্টীয় ৬০০-৯০০ শতিকা বুলি স্বীকৃত হৈছে। ‘কুটিল’ শব্দৰ অৰ্থ বেঁকা বা বক্র। আখৰৰ ওপৰত থকা মাত্রা অথবা শীর্ষ ৰেখা বেঁকা হোৱা বাবেই লিপিবিধ কুটিলাক্ষৰ বা কুটিল লিপি নামে জনাজাত হোৱা বুলি মতবাদ প্রচলিত আছে যদিও একাংশ লিপিতত্ত্ববিদ এনে মতৰ সমৰ্থক নহয়।

মধ্যপ্ৰদেশৰ মন্দসৌৰত প্ৰাপ্ত ৫৩২ খ্ৰীষ্টাব্দৰ এখন শাসনকে ধৰি পৰৱৰ্তী কেইবাশতিকালৈকে এই লিপিৰ অভিলেখ পোৱা গৈছে। উত্তৰ প্ৰদেশৰ পূব ভাগৰ পৰা পূৰ্বাঞ্চলৰ কামৰূপ, উত্তৰে নেপালৰ পৰা দক্ষিণে উৰিষ্যালৈকে এই লিপি প্রচলিত থকাৰ তথ্য পোৱা যায়।**

উত্তৰ ভাৰতীয় ব্রাহ্মীৰ পৰা খ্ৰীষ্টীয় ৯০০-১০০০ শতিকাৰ ভিতৰত অগা-পিছাকৈ উত্তৰ ভাৰতৰ প্ৰাদেশিক লিপিৰিলাকৰ উৎপত্তি হ’বলৈ ধৰে। কুষাণ লিপিৰ পৰা উদ্ভৱ হয় কাশ্মীৰৰ ‘শাবদা’ লিপি। কাশ্মীৰৰ ব্রাহ্মণ পণ্ডিতসকলৰ মাজত বর্তমানো সমাদৃত ‘শাবদা’ এবিধ শক্তিশালী লিপি। এই লিপিৰ পৰা পৰৱৰ্তী কালত সৃষ্টি হোৱা

কিম্বা ইয়াৰ লগত সম্পর্কবিশিষ্ট আন আন লিপিকেইবিধ হৈছে টাব্বী, লাণ্ডা, ডোগ্রী, গুরুমুখী, চামেলী আদি। খ্ৰীষ্টীয় নৱম শতিকাৰ ভিতৰত উত্তৰ ভাৰতৰ নাগৰী লিপিব বিকাশ হয় আৰু গুজৰাট, বাজস্থান, উত্তৰপ্ৰদেশ আদি অঞ্চলত ই সমাদৃত হ’বলৈ ধৰে।

নাগৰীৰ পৰা বিকশিত দেৱনাগরী লিপি সংস্কৃত ভাষাৰ যোগেদি বিখ্যাত হৈ পৰাটো সবাবে জনাজাত। দেৱনাগৰীৰ পৰা সৃষ্টি হোৱা ‘কৈথী’ লিপি ঘাইকৈ বিহাব আৰু আংশিকভাৱে উত্তৰপ্ৰদেশত প্রচলিত। মহাৰাষ্ট্ৰৰ পুৰণি লিপিৰ নাম ‘মোড়ী’। এই প্ৰদেশৰ ৰাজ্যভাষা মাৰাঠীৰ বাবে দেৱনাগৰী লিপি ব্যৱহৃত হৈ আহিছে। বিকল্প লিপি হিচাপে দেৱনাগৰীৰে আন এক রূপ ‘মোড়ী’ও প্রচলিত। নেপালত ব্যৱহৃত ‘নেৱাৰী’ ব্রাহ্মীৰ আন এটা শাখা। আনহাতে পূব ভাৰতৰ অসমীয়া, বঙলা আৰু মৈথিলী লিপিয়ে যথেষ্ট প্রাচীনত্ব দাবী কৰিব পাৰে। ইবোৰতকৈ সামান্য অর্বাচীন ওডিআ লিপিও প্রায় সমান মর্যাদাৰ আসনত অধিষ্ঠিত।

ব্রাহ্মীৰ দক্ষিণ ভাৰতীয় শাখাৰ পৰা উদ্ভৱ হোৱা কেইবাবিধো লিপিয়ে দক্ষিণাঞ্চলব শক্তিশালী ভাষাসমূহৰ ভাব প্রকাশৰ মাধ্যম হিচাপে কাম কৰি আহিছে। এইকেইবিধ হ’ল তামিল, মালায়ালম আৰু গ্রন্থ লিপি। আনহাতে প্রাচীন কানাড়াৰ পৰা উদ্ভৱ হৈছে কানাড়া আৰু তেলুগু লিপি। দ্রাবিড ভাষাগোষ্ঠীৰ আন এটা উল্লেখযোগ্য শাখা ‘তুলু’ব বাবে ব্যৱহৃত হৈ আহিছে ‘তুলু’ লিপি।

ভাৰতৰ বাহিৰৰ ভালেকেইবিধ লিপিৰ মূল ব্রাহ্মী লিপি। শ্রীলংকাৰ সিংহলী লিপিৰ মূল উপৰিউক্ত গ্রন্থ লিপি। ব্রহ্মদেশ, শ্যাম, কম্বোজ আদিত প্রচলিত লিপিও ব্রাহ্মীৰে প্ৰৱৰ্তিত ৰূপ মাত্র। তিব্বতীয় মূলৰ টাই-আহোমসকলে ১২২৮ খ্রীষ্টাব্দত অসমলৈ প্ৰব্ৰজন কৰাৰ সময়ত নিজৰ লগত অনা লিপিৰ মূলো ব্রাহ্মীৰ দক্ষিণ ভাৰতীয় শৈলীয়েই। টাই-আহোমসকলে আর্যভাষী অসমীয়াৰ লগতে সম্পূর্ণরূপে মিলি পৰাৰ ফলত নিজস্ব ভাষা আৰু লিপি বহুলাংশে পাহৰি যোৱাটো সত্য। কিন্তু উজনি অসমৰ টাই-আহোম বসতিপ্রধান ভিতৰুৱা অঞ্চলৰ কিছুসংখ্যক গাঁৱত অদ্যাপি এই ভাষা আৰু লিপিৰ প্ৰচলন আছে। আনহাতে অহোমসকলৰ একে মূলোদ্ভব কিন্তু অষ্টাদশ শতিকাৰ শেষৰফালে অসমলৈ অহা বৌদ্ধধর্মী খামতিসকলৰ ভাষা আৰু লিপিৰ নাম খামতি। এই লিপিৰো মূল একে দক্ষিণ ভাৰতীয় ব্রাহ্মী।

Share This Article
Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *